দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: শিক্ষা EDUCATION

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label শিক্ষা EDUCATION. Show all posts
Showing posts with label শিক্ষা EDUCATION. Show all posts

Thursday, November 30, 2023

প্ৰতিভাশালী শিশু

12:47 PM 0
প্ৰতিভাশালী শিশু : যিসকল শিশুৱে কিছুমান বিশেষ বিশেষ ক্ষমতাৰ অধিকাৰী হৈ সেই জাতীয় কাম-কাজত অসাধাৰণ আৰু চমকপ্ৰদ ব্যুৎপত্তি প্ৰদৰ্শন কৰে, তেনে শিশুকে প্ৰতিভাশালী শিশু বোলে ।এনেধৰণৰ শিশুৰ বুদ্ধিমাত্ৰা উচ্চ পৰ্যায়ৰ হোৱাৰ উপৰিও তেওঁলোকে শৈক্ষিক কৃতিত্ব, সামাজিক কৌশল আয়ত্বকৰণ, নৈতিক বিকাশ, দৈহিক আৰু মানসিক স্বাস্থ্য আদি দিশবোৰত বিশেষ সফলতা প্ৰদৰ্শন কৰিব পাৰে ।
সংজ্ঞা: ১) P.A.Witty ৰ মতে, “ প্ৰতিভাশালী শিশু হ’ল সেইসকল যি কিছুমান গুৰুত্বপূৰ্ণ বা মূল্যৱান কাম-কাজত সদায়েই চমকপ্ৰদ বা তাৎপৰ্যপূৰ্ণ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে।” ২) মাৰলান্দ হাভিঘাষ্টৰ মতে, “প্ৰতিভাসম্পন্ন শিশু হ’ল সেইজন যিজনে কোনো এক প্ৰয়োজনীয় বা মূল্যৱান কৰ্মত সংগতৰূপে বা দৃঢ়তাৰে চমকপ্ৰদভাৱে পাৰদৰ্শিতা দেখুৱায়।“ ৩) মাৰলান্দ ৰিপৰ্ট মতে,”প্ৰতিভাশালী শিশু হ’ল সেইসকলহে যি বিভিন্ন ক্ষেত্ৰ যেনে সাধাৰণ বৌদ্ধিক ক্ষমতা, বিশেষ শৈক্ষিক যোগ্যতা,  সৃজনাত্মক বা উৎপাদানমূলক চিন্তন নেতৃত্ব দিয়া ক্ষমতা, কাৰ্যাত্মক কলা আৰু মনাত্মক ক্ৰিয়াসমূহত অপ্ৰতিৰোধ্য ক্ষমতা বা সম্ভাৱনীয়তা দেখুওৱায়।“
প্ৰতিভাশালী শিশুৰ বৈশিষ্ট্যসমূহ: ১) এওঁলোকৰ বুদ্ধিমাত্ৰা উচ্চ পৰ্যায়ৰ ।২) এওঁলোক সুস্বাস্থ্যৰ অধিকাৰী ।৩)এওঁলোক সামাজিক সমাযোজনত পাৰ্গত ৪)এওঁলোক দূৰদৃষ্টিসম্পন্ন, উচ্চাকাংক্ষী, আত্মবিশ্বাসী আৰু কঠোৰ পৰিশ্ৰমী।৫)এওঁলোক উন্নত শৈক্ষিক সফলতাৰ অধিকাৰী ।৬) এওঁলোক উচ্চ পৰ্যায়ৰ মানসিক ক্ষমতাসম্পন্ন ।৭)এওঁলোক আৱেগিকভাৱে পৰিপক্ক বা সু-নিয়ন্ত্ৰিত আৰু পৈণত। ৮) এনে শিশুৱে সমবয়সৰ শিশুতকৈ ওপৰৰ শিশুৰ লগত বন্ধুত্ব গঢ়াত আগ্ৰহী ।৯)প্ৰতিভাশালী শিশুৰ জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়া উন্নত মানদণ্ডৰ ।১০) এনে শিশুৰ অংগ সঞ্চালনৰ ক্ষমতা উন্নত মানদণ্ডৰ হোৱাৰ লগতে তেওঁলোকৰ সংবেদনশীলতাও উন্নত হয়।১২ এওঁলোক প্ৰৱল অনুসন্ধিৎসু হোৱাৰ লগতে বিমূৰ্ত চিন্তা কৰিব পৰাৰ অধিকাৰী হয়।
প্ৰতিভাশালী শিশুৰ বাবে ব্যৱস্থা: ১) সুকীয়া বিদ্যালয়ৰ ব্যৱস্থা  : প্ৰতিভাশালী শিশুসকলৰ বাবে সম্পূৰ্ণ সুকীয়া বিদ্যালয় স্থাপন কৰি বিদ্যালয়ত কিছুমান সা-সুবিধা আৰু অতিৰিক্ত মনোযোগ প্ৰদান কৰি প্ৰতিভাশালী শিশুসকলৰ বিকাশৰ গতি সঠিক দিশেৰে আগবঢ়াই লৈ যাব পাৰে ।২) সুকীয়া শ্ৰেণীকোঠাৰ ব্যৱস্থা: সাধাৰণ বিদ্যালয়তে প্ৰতিভাশালী শিক্ষাৰ্থীসকলৰ বাবে সুকীয়া শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰি তেওঁলোকৰ প্ৰতিভাৰ লগত সামঞ্জস্য থকা অতিৰিক্ত সা-সুবিধা বা উপাদান লাভ কৰিব পৰা ব্যৱস্থা কৰি তেওঁলোকৰ বিকাশৰ গতি সঠিক দিশেৰে আগবঢ়াই নিব পাৰি । ৩)ত্বৰান্বিতকৰণ:প্ৰতিভাশালী শিক্ষাৰ্থীসকলৰ শৈক্ষিক সময়সূচীক বিভিন্ন প্ৰকাৰে ত্বৰান্বিতকৰণ কৰি তেওঁলোকৰ বিকাশৰ গতিক আগবঢ়াই নিব পাৰি ।ইয়াৰ বাবে শিশুক কম বয়সতে আনুষ্ঠানিক শিক্ষা দিয়া, একোটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ দ্বৈত প্ৰদোন্নতি দিয়া,  শৈক্ষিক বছৰ শেষ নৌহওঁতেই হওঁতেই ওপৰত শ্ৰেণীলৈ উৰ্ত্তীৰ্ণ কৰাই সংক্ষিপ্ত শ্ৰেণী ব্যৱস্থাৰ পৰিকল্পনা কৰা আদি ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগে । ঘ)পাঠ্যক্ৰমৰ সমৃদ্ধকৰণ  :প্ৰতিভাশালী শিক্ষাৰ্থীসকলৰ পাঠ্যক্ৰমত কিছুমান অতিৰিক্ত আৰু উন্নত মানৰ উপাদান সন্নিবিষ্ট কৰি কিছুমান বিশেষ সা-সুবিধা আৰু মনোযোগ প্ৰদান কৰিব পাৰি ।ঙ) বিশেষজ্ঞ শিক্ষকৰ ব্যৱস্থা  : প্ৰতিভাশালী শিশু সকলৰবাবে বিশেষ বিশেষ বিশেষজ্ঞ শিক্ষক নিযুক্তি দি সেই বিষয়ৰ বিশিষ্ট জ্ঞান বিশ্লেষণাত্মকভাৱে অধ্যয়ন কৰিবলৈ উৎসাহিত কৰিব লাগে ।চ)বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা দিয়া: বিভিন্ন প্ৰশিক্ষণ শিবিৰ, আলোচনা চক্ৰ, তৰ্ক সভা আদি অনুষ্ঠিত কৰি সেইবোৰলৈ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিভাৱান শিশুৰ মাজত সহযোগিতা আৰু প্ৰতিযোগিতাৰ পৰিৱেশ গঢ়ি তুলিব লাগে ।ছ) সামাজিক ক্ৰিয়া আঁচনিত অংশগ্ৰহণ: প্ৰতিভাশালী শিক্ষাৰ্থীৰ মনত সামাজিক চেতনা আৰু মনোভাৱ গঢ়ি তুলিবৰ বাবে সামাজিক ক্ৰিয়া আঁচনি নতুবা উৎসৱৰ পৰ্ব আদিত সক্ৰিয় অংশ গ্ৰহণৰ সুবিধা দিব লাগে। জ)উন্নত মানদণ্ডৰ শিক্ষানুষ্ঠান ব্যৱস্থা: শিক্ষানুষ্ঠানত উন্নত পুথিভঁৰাল, পৰীক্ষাগাৰ আৰু শিক্ষা পৰিৱেশ গঢ়ি তুলি জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে বিভিন্ন পৰীক্ষণীয় বিষয়ৰ পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে ।ঝ) বিত্তীয় তথা অন্যান্য সা-সুবিধা প্ৰদান: আৰ্থিক দুৰ্দশাগ্ৰস্ত অথচ প্ৰতিভাসম্পন্ন শিশুক প্ৰতিভা বিকাশৰ বাবে লাগতিয়াল কিতাপ-পত্ৰ, অন্যান্য সা-সুবিধাৰ লগতে উপযুক্ত বিত্তীয় সাহাৰ্য্য প্ৰদান কৰি প্ৰেৰণা যোগোৱাৰ ব্যৱস্থা কৰিব লাগে ঞ) প্ৰযুক্তিবিদ্যাৰ জ্ঞান আহৰণৰ সুবিধা প্ৰদান: প্ৰতিভাশালী শিশুসকলক কম্পিউটাৰ, ইণ্টাৰনেট, পুথিভঁৰাল আদি সকলো সুবিধা দিব লাগে । 

Read More

শিকণ

12:46 PM 0
শিকণ: ব্যক্তিয়ে নতুন পৰিৱেশৰ লগত নিজকে খাপখুৱাই ল’বলৈ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত নতুনকৈ অভিজ্ঞতা আহৰণ কৰা  প্ৰক্ৰিয়াকে শিকণ বোলে । সংজ্ঞা: গেটচৰ মতে,“অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধনেই শিকণ।“ L.Crow আৰু A.Crow ৰ ভাষাত, “অভ্যাস, জ্ঞান আৰু মনোভাৱ আদিৰ আয়ত্বকৰণেই শিকণ।” SKINNERৰ মতে,”উন্নত আচৰণ গ্ৰহণ কৰা প্ৰণালীয়েই হ’ল শিকণ।” শিকাৰ প্ৰকৃতি :১)শিকনে ব্যক্তিৰ আচৰণৰ স্থায়ী তথা গুণগত ৰূপান্তৰ ঘটায়। ২)শিকণ হ’ল সমাযোজনৰ প্ৰক্ৰিয়া ।৩)শিকণ হ’ল জীৱনযোৰা প্ৰক্ৰিয়া।৪)শিকণ সাৰ্বজনীন প্ৰক্ৰিয়া ৫)শিকণ অনুশীলন আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল ।৬)শিকণ উদ্দেশ্যপ্ৰণোদিত প্ৰক্ৰিয়া ৭)শিকণ হ’ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন কৰা প্ৰক্ৰিয়া।৮)শিকণ হ’ল পূৰ্বাভিজ্ঞতাক কামত লগোৱা কাৰ্য বিশেষ ।
শিকানৰ নীতি : ক) প্ৰস্তুতি নীতি: এই নীতি অনুসৰি কোনো লোকে শাৰিৰীক আৰু মানসিকভাৱে শিকিবলৈ প্ৰস্তুত হৈ থাকিলে অনায়াসে শিক্ষা আহৰণ কৰিব পাৰে আৰু আনন্দ লাভ কৰে । খ)ফলাফল নীতি  : এই নীতি অনুসৰি শিকনৰ পৰা লাভ কৰা ফলে শিক্ষাৰ্থীক সন্তুষ্টি প্ৰদান কৰিলে শিকন শক্তি বৃদ্ধি পায় ।আনহাতে, শিকনৰ ফল যদি শিক্ষাৰ্থীৰ বাবে বিৰক্তিকৰ হয়, তেন্তে তেনে শিক্ষাৰ শিকন শক্তি হ্ৰাস পায় ।এই নীতি অনুসৰি শিকনৰ শক্তি বা হ্ৰাসৰ তাৎপৰ্য নিৰ্ভৰ কৰে অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষণীয় বিষয়বস্তু আৰু মানসিক প্ৰক্ৰিয়াৰ ওপৰত ।এই নীতিক পুৰস্কাৰ নীতি আৰু শাস্তি নীতি এই দুটা ভাগ ভাগ কৰিব পাৰি। পুৰস্কাৰ নীতি অনুসৰি কোনো শিক্ষণৰ বাবে যদি পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা কৰা হয়, তেন্তে শিক্ষণ অধিক ফলপ্ৰসূ নাইবা সোনকালে কাৰ্যকাৰী হোৱা পৰিলক্ষিত হয়।আনহাতে,  শাস্তি নীতি অনুসৰি কোনো কু-শিক্ষণৰ বাবে যদি শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হয়, তেন্তে তেনে কু-শিক্ষণৰ পৰা শিক্ষাৰ্থী সদায় আঁতৰি থকাৰ উপৰিও কোনো কু-অভ্যাস আঁতৰ কৰাত সহায়ক হয়। গ) অনুশীলন নীতি  : এই নীতি অনুসৰি কোনো বিশেষ অৱস্থাত গঢ়ি উঠা উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ বা সম্বন্ধক পুনঃপুনঃ অনুশীলন কৰিলে সেই সংযোগ আৰু অধিক দৃঢ় হয় আৰু শিক্ষণে স্থায়ী ৰূপ পায়।ইয়াক দুটা ভাগত ভাগ কৰা হয় সেয়া হ’ল –(i) ব্যৱহাৰ নীতি আৰু (ii) অব্যৱহাৰ নীতি । ব্যৱহাৰ নীতি অনুসৰি কোনো বিষয়ে শিকাৰ পাছত পুনঃপুনঃ অনুশীলন কৰি থাকিলে সেই শিকণ স্থায়ী হ্য়। অব্যৱহাৰ নীতি অনুসৰি কোনো বিষয়ে শিকাৰ পাছত অনুশীলন কৰি নাথাকিলে শিকাৰ বিষয়বোৰ মনৰপৰা মচখাই যায় আৰু পাহৰণিৰ গৰ্ভত পৰে।
সংযোগবাদ তত্ত্ব: এই তত্ত্বটো আমেৰিকাৰ মনোবিজ্ঞানী এডৱাৰ্ড লী থৰ্ণডাইকে ১৯৩৩চনত উদ্ভাৱন কৰিছিল ।এই তত্ত্বটোক R-Sঅৰ্থাৎ চুক্তিতত্বৰ সূত্ৰ বুলিও কোৱা হয় ।তেখেতে মেকুৰী, নিগনি আদি জীৱ-জন্তুক লৈ বিভিন্ন গৱেষণামূলক পৰীক্ষা-নিৰীক্ষা সম্পাদন কৰি এই তত্ত্বটো আগবঢ়াইছিল।এই তত্ত্বৰ অনুসৰি জীৱৰ জীৱনটোৱেই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সমষ্টি ।যেতিয়াই উদ্দীপকৰ আৱেদন আৰু তাৰ প্ৰতিক্ৰিয়াৰ মাজত এক নিৰ্ভুল যোগসূত্ৰ স্থাপন হয়, তেতিয়াই জীৱই এক নতুন কৌশল আয়ত্ব কৰে ।সেয়াই হ’ল শিকণ।অৰ্থাৎ শিকণ হ’ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত স্থাপন হোৱা এক নিৰ্ভুল সংযোগৰ পৰিণতি ।এই পদ্ধতি অনুসৰি জীৱই ক্ৰমান্বয়ে ব্যৰ্থ প্ৰচেষ্টাৰ মাজেদি অতিক্ৰম কৰি কৰি এটা ক্ষণত এক শুদ্ধ পৰ্যায়ত উপস্থিত হয় আৰু উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সম্বন্ধ স্থাপন হয় ।গতিকে দেখা যায় যে জীৱই পুনঃ পুনঃ প্ৰচেষ্টা আৰু ভুল সংশোধন দ্বাৰাহে কোনো কামৰ দক্ষতা আয়ত্ব কৰিবলৈ সক্ষম হয় ।সেয়ে এই পদ্ধতিক প্ৰচেষ্টা আৰু ভুল পদ্ধতি বুলিও কোৱা হয় ।এই তত্ত্বটোক “পুনৰ প্ৰতিক্ৰিয়াকৰণৰ বাবে প্ৰয়োজনীয় শক্তিৰ ইন্ধন”ৰ তত্ত্ব বুলিও অভিহিত কৰা হয় ।কাৰণ, উদ্দীপকৰ প্ৰতি জীৱই কৰা প্ৰতিক্ৰিয়াৰ পৰিণতি সুখদায়ক হৈ উঠিলে তেনে কাৰ্যৰ পুনৰাবৃত্তি কৰি সংযোগক দৃঢ়তৰ কৰি তোলা হয়।ইয়াৰ ফলত শিকণ অধিক ফলপ্ৰসূ হয়।শৈক্ষিক গুৰুত্ব : ১)এই তত্ত্ব অনুসৰি বাৰে বাৰে কৰা প্ৰচেষ্টাৰ ফলত ভুলৰ পৰিমাণ ক্ৰমান্বয়ে ব্যক্তিৰ বা শিক্ষাৰ্থীৰ আচৰণৰ পৰা নাইকীয়া হৈ উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত শুদ্ধ সংযোগ স্থাপন হয়।২) মানুহে দৈনন্দিন জীৱনত সম্মুখীন হোৱা সমস্যা তৎক্ষণাত সমাধান কৰিবলৈ এই তত্ত্বক বহুলভাৱে প্ৰয়োগ কৰা দেখা যায়।৩)এই তত্ত্ব শিশুৰ শিক্ষাৰ ক্ষেত্ৰত বেছি অপৰিহাৰ্য ।কাৰণ শিশুৰ মানসিক অপৰিপক্কতাৰ কাৰণে শিশুৱে যান্ত্ৰিকভাৱেহে সমস্যা সমাধান কৰে ।৪) এই তত্ত্ব অনুসৰি শিশুৱে মুক্ত প্ৰচেষ্টাৰ যোগেদি নিজৰ ভুল-ক্ৰুটিবোৰ সংশোধন ঘটাই প্ৰয়োজনীয় অভিজ্ঞতা আৰু দক্ষতা আয়ত্ব কৰিবলৈ সক্ষম হয় ।  
সামগ্ৰীকতাবাদ : “সামগ্ৰীকতাবাদ” শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ’ল GESTALTISM .GESTALT শব্দ জাৰ্মানী ভাষাৰ যাৰ অৰ্থ হ’ল “Whole"(সমগ্ৰ) বা Total বা Configuration Pattern (সামগ্ৰিক আকৃতিৰ) ।বিখ্যাত জাৰ্মান মনোবিজ্ঞানী উলফ্ গেঙ্গ ক’হলাৰ kurt Kofkaআৰু মেক্স ৱাৰ্থিমাৰে ১৯১২ চনত এই তত্ত্বটো উদ্ভাৱন কৰিছিল ।এই তত্ত্বৰ পিতৃ বুলি Max Wertheimerক কোৱা হয় ।এই তত্ত্বৰ মতে কোনো সমস্যা সমাধান হ’বলৈ হ’লে ব্যক্তিয়ে ইয়াৰ ভিন ভিন অংশৰ মাজত থকা পাৰস্পৰিক সম্বন্ধক সামগ্ৰিকভাৱে নিৰীক্ষণ কৰিব লাগে আৰু অংশসমূহক এক গোট কৰি চাই সামগ্ৰিক ৰূপত সমাধান কৰিব লাগে ।ফলস্বৰূপে, সমস্যাৰ দ্ৰুত সমাধান আৰু তাৰ ফলত শিকণ সম্ভৱ হৈ উঠে।
সামগ্ৰীকতাবাদৰ মূল কথা বা ধাৰণা : ক) সমগ্ৰীকতাবাদীসকলৰ মতে ব্যক্তিয়ে যিকোনো পৰিস্থিতিৰ সম্মুখীন হওঁতে তেওঁ পৰিস্থিতিক সামগ্ৰিকভাৱে প্ৰত্যক্ষ কৰে ।খ)এওঁলোকৰ মতে উদ্দীপকৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰোঁতে মনৰ এক গতিশীল সংগঠন ক্ৰিয়া নিহিত হৈ থাকে।গ) এওঁলোক মানৱ আচৰণৰ গুণগত পৰিমাপনৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছিল ।ঘ) এওঁলোকৰ মতে পৰিস্থিতিৰ সামগ্ৰিক ৰূপ উপলব্ধি কৰাৰ ফলতহে মানুহৰ ব্যৱহাৰ প্ৰদৰ্শিত হয় ।ঙ)এওঁলোকৰ মতে অন্তদৰ্শনৰ সহায়ত অংশবোৰ নিৰীক্ষণ কৰি মানসিক সংগঠন কৰি উঠিব পাৰিলেহে সমস্যা সমাধান, অভিজ্ঞতা আৰু শিক্ষা আহৰণ সম্ভৱ হয় ।চ) এওঁলোকৰ মতে কোনো এক পৰিৱেশত ব্যক্তিয়ে কৰা নিৰীক্ষণ অনুসৰিহে তেওঁৰ বাবে অৰ্থযুক্ত হৈ উঠিব পাৰে আৰু সেইমতেই তেওঁ আচৰণ প্ৰদৰ্শন কৰিব পাৰে ।
৩)অনুবন্ধনবাদ তত্ত্ব: ৰাছিয়ান মনোবিজ্ঞানী আইভান পেট্ৰ’ভিটচ পেভলভে এই তত্ত্বটো উদ্ভাৱন কৰে ।এই তত্ত্বৰ মতে স্বাভাৱিক উদ্দীপকৰ প্ৰতি প্ৰাণীয়ে যি স্বাভাৱিক  প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে তাৰ যোগেদি শিক্ষণ বা শিক্ষা আহৰণ নহয় ।কিন্তু ব্যক্তিৰ স্বাভাৱিক প্ৰতিক্ৰিয়া যদি আন কোনো এক কৃত্ৰিম উদ্দীপকৰ লগত সংযুক্ত বা অনুবন্ধিত হয় ,তেন্তে শিকন সম্ভৱ হয়। আইভান অনুবন্ধনবাদ তত্ত্বক মৌলিক বা পৰম্পৰাগত অনুবন্ধন বুলি কোৱা হয় । 

শিকণ পদ্ধতি: ১)প্ৰচেষ্টা আৰু ভুল পদ্ধতি: এই পদ্ধতি  অনুসৰি বাৰে বাৰে কৰা প্ৰচেষ্টাৰ আৰু ভুলৰ মাজেৰেহে ব্যক্তিয়ে শিক্ষা লাভ কৰে ।এই পদ্ধতি অনুসৰি বাৰে বাৰে প্ৰচেষ্টা কৰি থাকিলে বিফল হোৱা প্ৰচেষ্টাসমূহ এটা সময়ত নাইকিয়া হৈ যায় আৰু অৱশেষত শুদ্ধ পথ বিচাৰি পায় ।অৰ্থাৎ বাৰে বাৰে চলোৱা প্ৰচেষ্টাৰ ফলত ভুলৰ পৰিমাণ কমি উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত শুদ্ধ সংযোগ স্থাপন হয়।প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ বৈশিষ্ট্য: ১) এই পদ্ধতিত প্ৰথম অৱস্থাত ব্যৰ্থ চেষ্টা, সময়, আৰু ভুলৰ পৰিমাণ বেছি হয়।২)এই পদ্ধতিত প্ৰচেষ্টাৰ প্ৰক্ৰিয়া বাঢ়ি যোৱাৰ লগে লগে ভুলৰ পৰিমাণ কমি আহে ।৩)এই পদ্ধতি যান্ত্ৰিক আৰু উদ্দেশ্যহীন ।৪)ব্যক্তিৰ আচৰণৰ ক্ৰমোন্নতি এই পদ্ধতিত পৰিলক্ষিত হয় । ইয়াৰ শৈক্ষিক তাৎপৰ্য:  ১) এই পদ্ধতিত ব্যক্তিয়ে অবিৰতভাৱে কৰা প্ৰচেষ্টাই শুদ্ধ পথত উপনীত হোৱাত সহায় কৰে ।২)এই পদ্ধতিত কোনো ব্যক্তিয়ে কৰা পুনঃপুনঃ প্ৰচেষ্টা আৰু ভুল সংশোধন দ্বাৰা কোনো কামৰ দক্ষতা আয়ত্ব কৰিবলৈ সক্ষম হয় ।৩) এই পদ্ধতিৰ দ্বাৰা শিশুক অভিজ্ঞতা আৰু দক্ষতা লাভ কৰোৱা  সহজ । কাৰণ শিশুৰ মানসিক অপৰিপক্কতা।৪)এই পদ্ধতিত উচ্চ বৌদ্ধিক বা মানসিক ক্ষমতা প্ৰয়োজন নহয় । ই সাধাৰণ আৰু সৰল শিকণ পদ্ধতি ।২)অন্তদৰ্শন পদ্ধতি:  কোনো ব্যক্তিয়ে কোনো সমস্যা ভিন ভিন অংশৰ মাজত থকা পাৰস্পৰিক সম্বন্ধসমূহ নিৰীক্ষণ যোগে অংশসমূহক এক গোট কৰি চাই সামগ্ৰিক ৰূপত সমস্যা সমাধান কৰা পদ্ধতিকে অন্তদৰ্শন পদ্ধতি বোলে ।ইয়াক অন্তলোকন, অন্তদৃষ্টি পদ্ধতি আদি নামেৰেও জনা যায় ।এই পদ্ধতিক উলফ্ গেঙ্গ ক’হলাৰ উদ্ভাৱন কৰিছিল ।তেওঁ চুলতান নামৰ এটা চিম্পাঞ্জীৰ ওপৰত ১৯১৩—১৯১৭ চনলৈকে দক্ষিণ আফ্ৰিকাৰ টানাৰিফ দ্বীপত পৰীক্ষা চলাই উদ্ভাৱন কৰিছিল ।
অন্তদৰ্শন পদ্ধতিৰ বৈশিষ্ট্য  : ১) সমস্যাৰ বিভিন্ন অংশ পৰ্যবেক্ষণ কৰা হয় ।২)যান্ত্ৰিক প্ৰচেষ্টা পৰিত্যাগ কৰা ।৩)সমস্যাৰ বিভিন্ন অংশৰ ভিতৰত সংযোগ সাধন কৰা ৪) আকস্মিকভাৱে সমস্যা সমাধান কৰি উপায় উদ্ভাৱন কৰা ।৪)এই পদ্ধতিয়ে অংশতকৈ সামগ্ৰিক বা সামগ্ৰিকতাত ওপৰত বেছি গুৰুত্ব দিয়ে ।
ইয়াৰ শৈক্ষিক তাৎপৰ্য: ক)এই পদ্ধতিয়ে শিক্ষাৰ্থীৰ চিন্তা, যুক্তি আৰু নিৰীক্ষণ ক্ষমতাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে ।খ)এই পদ্ধতিৰ জৰিয়তে শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাবোৰ বিকাশ কৰিব পাৰি ।গ)এই পদ্ধতিয়ে সমস্যাৰ দ্ৰুত আৰু বিজ্ঞানসন্মত সমাধানত সহায় কৰে ।ঘ)এই পদ্ধতিয়ে শিক্ষাৰ্থীক আত্মনিৰ্ভৰশীল কৰে আৰু নিজৰ কাৰ্য পৰিচালকৰূপে গঢ়ি তোলে ।ঙ)এই পদ্ধতি সমগ্ৰৰ পৰা অংশ বা খণ্ডলৈ অগ্ৰসৰ হোৱা নীতিৰ ওপৰত প্ৰতিষ্ঠিত ।
৩) অনুকৰণ পদ্ধতি: আনৰ কাম বা আচৰণৰ ,আনৰ ধৰণ-কৰণ বা প্ৰকৃতিক আন ব্যক্তিয়ে নকল কৰিবলৈ চেষ্টা কৰা প্ৰক্ৰিয়াকে অনুকৰণ বুলি কোৱা হয় ।জীৱই জীৱন ধাৰণৰ বাবে আৱশ্যকীয় বহুতো কৌশল এই পদ্ধতিৰে শিকে ।মনোবিদ ছাৰ পাৰ্ছী নানে ব্যক্তিৰ অনুকৰণৰ প্ৰৱণতাক মিমেচিচ নামেৰে নামকৰণ কৰিছে।এই Mimesis শব্দটো গ্ৰীক ভাষাৰ শব্দ যাৰ অৰ্থ হৈছে—সজ্ঞান আৰু অজ্ঞান অনুকৰণ ।অৰ্থাৎ যাৰ দ্বাৰা ব্যক্তিয়ে সজ্ঞানে বা অজ্ঞানে আনৰ কৰ্মপন্হা, অনুভূতি, চিন্তা আদি গ্ৰহণ কৰে, তাকে মনোবিজ্ঞানৰ ভাষাত মিমেচিচ বোলা হয় ।মনোবিদ ড্ৰেভাৰে অনুকৰণক দুটা ভাগত ভাগ কৰিছে । সেয়া হ’ল --- ক) সজ্ঞান বা ইচ্ছাকৃত বা সুবিবেচিত অনুকৰণ : জীৱই কোনো এক উদ্দেশ্য লৈ যুক্তি আৰু বিচাৰ বিবেচনাৰে আনৰ আচৰণ অনুকৰণ কৰে, তাকেই সজ্ঞান অনুকৰণ বোলে ।উদাহৰণস্বৰূপে, শিক্ষকে লিখাৰ দৰেই শিক্ষাৰ্থীয়ে নিজৰ ফলিত বা বহীত লিখা ।খ) অজ্ঞান বা অবিবেচিত বা স্বতঃস্ফূৰ্ত অনুকৰণ : জীৱই বা শিশুৱে যেতিয়া অজানিতে বা অনিচ্ছাকৃতভাৱে আনৰ ক্ৰিয়া আচৰণ অনুকৰণ কৰে, তেতিয়া তাকেই অজ্ঞান বা অবিবেচিত অনুকৰণ বোলা হয় । যেনে –বিদ্যালয় চুটিৰ পাছত এটা শিশু দৌৰি গ’লে লগৰ শিশুবোৰেও কোনো উদ্দেশ্য নোহোৱাকৈ দৌৰে। ই এক অজ্ঞান অনুকৰণ ।
অনুকৰণৰ বৈশিষ্ট্য  : ১) অনুকৰণ প্ৰৱণতা জন্মৰ পৰাই আৰম্ভ হয়।২) অনুকৰণৰ জৰিয়তে শিক্ষণ কাৰ্য সম্পন্ন কৰিব পাৰি ।৩) অনুকৰণ এক সহজাত বা জন্মগত প্ৰৱণতা ।৪) অনুকৰণ সজ্ঞানে আৰু অজ্ঞানে দুয়োপ্ৰকাৰে ঘটিব পাৰে। ৫) শিশুকালত অনুকৰণে অধিক প্ৰাধান্য লাভ কৰে ।৬) অনুকৰণ এক জীৱন জোৰা প্ৰক্ৰিয়া ।

Read More

ব্যক্তিত্ব

12:45 PM 0
১) ব্যক্তিত্বৰ সংজ্ঞা: ‘ব্যক্তিত্ব’ৰ ইংৰাজী প্ৰতিশব্দ হ’ল personality' ,যিটো লেটিন ভাষাৰ ‘persona' শব্দৰ পৰা সৃষ্টি হৈছে । ইয়াৰ অৰ্থ হ’ল “player’s  Marsk অৰ্থাৎ ‘ ভাৱৰীয়াৰ মুখা’। ৰোমান ভাৱৰীয়াসকলে নাটকত ভাও দিওঁতে বিভিন্ন চৰিত্ৰত বিভিন্ন ধৰণৰ মুখা ব্যৱহাৰ কৰিছিল আৰু সেই মুখা অনুসৰিয়েই নায়ক আৰু কল্পনাই নায়কৰ পৰিচয় ঘটিছিল ।কালক্ৰমত নাটকৰ উপৰিও বাস্তৱ জীৱনত ব্যক্তিৰ ভাৱ-ভংগি, আচৰণ, প্ৰতিক্ৰিয়া,  গুণাগুণ আৰু বিভিন্ন বৈশিষ্ট্যৰ সামগ্ৰী প্ৰকৃতি লক্ষ্য কৰি আৰু বিচাৰ কৰি তাক প্ৰকাশৰ বাবে ‘persona'ৰপৰা উৎপত্তি হোৱা ‘personality' শব্দটো ব্যৱহাৰ কৰা হয় ।সেয়ে এই দৃষ্টিভংগীৰ পৰা ক’ব পাৰি যে এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ আগত যি ৰূপত ধৰা দিয়ে, সেই ৰূপটোৱেই হ’ল ব্যক্তিজনৰ ব্যক্তিত্ব ।সংজ্ঞা: ১) ম’ৰ্জন প্ৰিণ্সৰ মতে, “ব্যক্তিত্ব হৈছে ব্যক্তিৰ অন্তৰ্নিহিত জৈৱিক প্ৰৱণতা ,তাড়না,ক্ষুধা আৰু প্ৰবৃত্তি আদি আৰু অভিজ্ঞতাৰ দ্বাৰা আয়ত্ব কৰা প্ৰৱণতাবোৰৰ সমষ্টি ।২) এ.এ.  ৰ’বেকৰ মতে, “ব্যক্তিত্ব হৈছে এজন ব্যক্তিৰ আটাইবিলাক প্ৰজ্ঞানাত্মক,  ভাৱাত্মক,ক্ৰিয়াত্মক আৰু দৈহিক বৈশিষ্ট্যসমূহৰ এনে এক সংহতিত সংগঠন যি আনৰ আগত অতি স্পষ্ট আকৃতিত প্ৰকাশ পায়।”৩)মনোবিদ মাৰ্টিন নিউমেয়াৰ মতে, “এজন ব্যক্তিক যিবিলাক বিশেষ গুণ বা লক্ষণে বিভূষিত কৰে,সেই গুণ বা লক্ষণৰ সমষ্টিয়ে ব্যক্তিত্ব।”—ওপৰৰ সংজ্ঞাসমূহৰ ওপৰত ভিত্তি কৰি স্পষ্টভাৱে ক’ব পাৰি যে ব্যক্তিত্ব হৈছে এজন মানুহৰ দৈহিক, মানসিক বৈশিষ্ট্য, আশা-আকাংক্ষা, সহজাত প্ৰবৃত্তি, আচৰণ জীৱন দৰ্শন, হেঁপাহ, প্ৰেৰণা, অভিজ্ঞতা, ৰুচি-অভিৰুচন,অনুভূতি, প্ৰৱণতা,দোষ-গুণ, বৌদ্ধিক সামৰ্থ্য, অভ্যাস আদি সকলোৰে এক জটিল সংমিশ্ৰণ ।ইয়াৰ উপৰি ব্যক্তিৰ অৱস্থা আৰু পৰিৱেশৰ লগত সংগতি স্থাপন কৰাৰ যি অভিনৱ ক্ষমতা আৰু প্ৰচেষ্টা সেয়ে  ব্যক্তিত্ব ।
ব্যক্তিত্বৰ বৈশিষ্ট্য: ১) ব্যক্তিত্ব হৈছে মানুহৰ গুণাগুণসমূহৰ যৌগিক আৰু সুসংগঠিত সমষ্টি ।২) ব্যক্তিত্বই মানুহৰ দেহ-মানসিক গুণৰাজিৰ বিকাশৰ প্ৰতি আত্মসচেতনতা জগাই তোলে ।৩) ব্যক্তিত্বই মানুহৰ পৰিৱেশৰ লগত সমাযোজনৰ প্ৰকৃতি নিৰ্ণয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ৪) সামাজিক পৰিস্থিতিতহে ব্যক্তিত্বৰ স্বৰূপ প্ৰকাশিত হয়। সমাজ অবিহনে ব্যক্তিত্ব এক অৰ্থহীন ধাৰণাহে।৫) মানুহৰ ব্যক্তিত্বৰ জৰিয়তে তেওঁৰ সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱসমূহৰ প্ৰতিফলন ঘটে । ৬) মানুহৰ বহি:আচৰণৰ জৰিয়তেহে ব্যক্তিত্বই প্ৰকাশ লাভ কৰে ।৭) ব্যক্তিত্বই এজন মানুহৰ মাজত অন্তনিৰ্হিত সামগ্ৰীক ৰূপটোৰ প্ৰতিফলন ঘটায়। ৮) ব্যক্তিত্বৰ ধাৰণা বিমূৰ্ত আৰু ইয়াৰ পৰিধি অত্যন্ত ব্যাপক ।৯) ব্যক্তিত্বই পৰিৱেশ অনুযায়ী মানুহৰ প্ৰকৃতি সম্পৰ্কে ভৱিষ্যত বাণী প্ৰদান কৰাত সহায় কৰে । ১০) ব্যক্তিত্ব গঢ় লোৱা ক্ষেত্ৰত মানুহৰ দৈহিক আৰু মানসিক দুয়ো প্ৰকাৰ গুণাগুণসমূহে একেলগে সু-সংঘবদ্ধ একগোট হ’ব চেষ্টা কৰে । 
ব্যক্তিত্ব পৰিমাপন পদ্ধতি: ব্যক্তিত্ব পৰিমাপন বুলিলে সামগ্ৰিকভাৱেএজন ব্যক্তিৰ বিষয়ে জনাটোৱে বুজায় । ই ব্যক্তিৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু সামাজিক দিশত প্ৰদৰ্শন কৰা আচৰণসমূহ লগতে ব্যক্তিৰ সজ্ঞান আৰু অজ্ঞান মানৰো পৰিমাপ কৰে । পদ্ধতিসমূহ : ১) ব্যক্তিনিষ্ঠ পদ্ধতি ২)বস্তুনিষ্ঠ পদ্ধতি  ৩) প্ৰক্ষেপণ পদ্ধতি ।  ব্যক্তিনিষ্ঠ পদ্ধতি: ব্যক্তিত্ব পৰিমাপন যি পদ্ধতিত ব্যক্তিয়ে নিজৰ সম্পৰ্কে সমালোচনামূলক তথা বস্তুনিষ্ঠভাৱে দৃষ্টি নিক্ষেপ কৰি নিজে নিজৰ বিষয়ে বিভিন্ন তথ্যৰ যোগান ধৰে, পদ্ধতিকে ব্যক্তিনিষ্ঠ পদ্ধতি বোলে । এই পদ্ধতিৰ অন্তৰ্গত পদ্ধতিসমূহ হ’ল –১)  আত্মজীৱনী পদ্ধতি: ব্যক্তিয়ে নিজে নিজৰ জীৱন সম্বন্ধে লিখা বিভিন্ন অভিজ্ঞতাৰ সমষ্টিকে আত্মজীৱনী বুলি কোৱা হয় ।এই আত্মজীৱনী বা বিস্তাৰিত দলিলৰ সহায়েৰে ব্যক্তি এজনৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি ।ইয়াত অভীক্ষাৰ্থীয়ে নিজে নিজৰ জীৱনৰ লক্ষ্য, উদ্দেশ্য, ভাল লগা, বেয়া লগা, মনোভাৱ, গুৰুত্বপূৰ্ণ ঘটনা,অভিজ্ঞতা,  দুঃসাহসিক কাৰ্য, অতীত আৰু বৰ্তমানৰ অভিজ্ঞতা আদিৰ সম্বন্ধে নিৰ্ভৰযোগ্য বৰ্ণনা প্ৰদান কৰে আৰু অভীক্ষাৰ্থীৰ এই বৰ্ণনা ওপৰত ভিত্তি কৰিয়ে ব্যক্তিত্বৰ মূল্যায়ন কৰা হয়। ২) ঘটনা বিৱৰণী পদ্ধতি: এই পদ্ধতিত ব্যক্তিৰ ব্যক্তিত্ব বিকাশত প্ৰভাৱ পেলোৱা পাৰিপাৰ্শ্বিক অৱস্থা আৰু বংশগতিক কাৰকসমূহ অধ্যয়ন কৰাৰ লগতে পৰিবেশ আৰু বংশগতিক যুটীয়া প্ৰভাৱ সম্পৰ্কেও অধ্যয়ন কৰে ।এই পদ্ধতিত ব্যক্তিৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আৱেগিক জীৱনৰ এক ঐতিহাসিক অধ্যয়নৰ জৰিয়তে ব্যক্তিৰ পৰিয়ালৰ ইতিহাস, ৰীতি-নীতি,পৰম্পৰা, পৰিয়ালৰ আকাৰ, জৈৱিক বংশগতি, সামাজিক আৰু নৈতিক জীৱন আদি বিভিন্ন দিশৰ ওপৰত বিবেচনা কৰি ব্যক্তিৰ ব্যক্তিত্বৰ মূল্যায়ন কৰিবলৈ যত্ন কৰা হয় ।এই পদ্ধতি সাধাৰণতে মানসিক ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োগ কৰা হয় । ৩) সাক্ষাৎকাৰ পদ্ধতি  : সাক্ষাৎকাৰ পদ্ধতি হৈছে সাক্ষাৎকাৰীয়ে সাক্ষাৎপ্ৰাৰ্থীজনৰ বিষয়ে প্ৰয়োজনীয় তথ্য উলিওৱাৰ বাবে কৰা কথোপকথন ।এই কথোপকথনৰ দ্বাৰা বাহিৰ কৰি অনা তথ্য বা সূচনাৰে সামূহিকভাৱে অভীক্ষাৰ্থীজনক মূল্যায়ন কৰা হয় ।এনে ক্ষন্তেকীয়া সাক্ষাৎকাৰৰ মাজতে সাক্ষাৎপ্ৰাৰ্থীজনৰ কিছুমান দিশ পৰ্যবেক্ষণ কৰাৰ সুযোগ লাভ কৰা হয় ।এই পদ্ধতিত অভীক্ষাৰ্থীজনক এক বিস্তৃত পৰিসৰৰ বিষয়বস্তুৰ ওপৰত কথোপকথনত ভাগ লোৱাই তেওঁৰ ব্যক্তিগত অভিজ্ঞতা ,তেওঁৰ নিজস্ব অনুভূতি আৰু প্ৰৱণতা আদিৰ বিষয়ে জানিব পাৰি । ৪) প্ৰশ্নাৱলী বা প্ৰশ্নসূচী : প্ৰশ্নাৱলী বা প্ৰশ্নসূচী হৈছে বৰ্তমান সময়ত ব্যক্তিত্ব পৰিমাপনৰ ক্ষেত্ৰত ব্যৱহৃত এক অপৰিহাৰ্য ব্যক্তিনিষ্ঠ আহিলা।এই পদ্ধতিত ব্যক্তিয়ে নিজেই নিজৰ বিষয়ে কেতবোৰ প্ৰয়োজনীয় তথ্য প্ৰশ্নোত্তৰ আকাৰে প্ৰদান কৰে ।ইয়াত এখন সৰু পুস্তিকাৰ আকাৰে কেতবোৰ প্ৰয়োজনীয় সংলক্ষণৰ ওপৰত প্ৰশ্ন যুগুত কৰা হয় ।অভীক্ষাৰ্থীয়ে নিষ্ঠাসহকাৰে আৰু নিৰ্ভয়ে নিজৰ প্ৰসংগত প্ৰযোজ্য বিষয়ক ‘হয়’ বা ‘নহয়’ বুলি উত্তৰ দিব লাগে ।এই ক্ষেত্ৰত ব্যক্তিৰ গোপনীয়তা ৰক্ষা কৰাৰো আশ্বাস দিয়া হয়। এই পদ্ধতিৰ যোগেদি ব্যক্তিৰ বাহ্যিক ক্ৰিয়া-আচৰণৰ উপৰি মনৰ অপ্ৰকট আচৰণৰ সন্ধান পাব পাৰি।৫) ব্যক্তিত্ব সূচী : সাধাৰণতে কিছুমান লক্ষ্য-উদ্দেশ্য আগত ৰাখি এজন ব্যক্তিয়ে প্ৰকাশ কৰিব পৰাকৈ তেওঁৰ জীৱনৰ বিভিন্ন দিশ সামৰি প্ৰস্তুত কৰা প্ৰশ্নসূচীয়েই হৈছে ব্যক্তিত্বসূচী।ইয়াত ব্যক্তিৰ কেতবোৰ সংলক্ষণ বা গুণৰ ওপৰত ভিত্তি কৰি সু-পৰিকল্পিতভাৱে প্ৰশ্নসমূহ প্ৰস্তুত কৰা হয় । অভীক্ষাৰ্থীয়ে এই প্ৰশ্নবোৰ পঢ়ি চাই ‘হয়’ বা ‘নহয়’ ব্যৱহাৰ কৰি উত্তৰ প্ৰদান কৰিব লাগে ।এই পদ্ধতিৰ যোগেদি ব্যক্তিয়ে নিজৰ প্ৰতি মনোভাৱ,  মানসিক জটিলতা,  সমাজৰ লগত মিলিব পৰা বা নোৱাৰা আদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় তথ্য ইয়াত পাব পাৰি।ব্যক্তিৰ বিষয়ে এনেদৰে জানিব পৰা হোৱা বাবে এই পদ্ধতিক ব্যক্তিত্বৰ সম্ভেদকাৰী বুলি জনা যায় ।
২) বস্তুনিষ্ঠ পদ্ধতি: ব্যক্তিৰ বাহ্যিক আচৰণৰ অধ্যয়ন আৰু পৰ্যবেক্ষণৰ যোগেদি ব্যক্তিত্বৰ মূল্যায়ন কৰা পদ্ধতিক বস্তুনিষ্ঠ পদ্ধতি বোলে ।বস্তুনিষ্ঠ পদ্ধতি ব্যক্তিৰ বাহ্যিক আচৰণৰ ওপৰত নিৰ্ভৰ কৰে ।এই পদ্ধতিৰ অন্তৰ্গত কেইটামান গুৰুত্বপূৰ্ণ পদ্ধতি বিষয়ে তলত আলোচনা কৰা হ’ল –ক)নিৰীক্ষণ বা পৰ্যবেক্ষণ: এই পদ্ধতিৰ জৰিয়তে অভিজ্ঞ, দক্ষ আৰু বিশেষ ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত পৰ্যবেক্ষকে প্ৰাৰ্থীৰ ব্যক্তিত্ব পৰিমাপন কৰিবলগীয়া আটাইবিলাক সংলক্ষণ নিৰীক্ষণ আৰু মূল্যায়ন কৰে ।প্ৰত্যক্ষ পৰ্যবেক্ষণ পদ্ধতিৰে ব্যক্তিৰ নিৰূপণ কৰোঁতে পৰ্যবেক্ষকজনে প্ৰাৰ্থীজনৰ আচৰণ নিজে প্ৰত্যক্ষ কৰিব পাৰে ।২) খ)চিহ্নাংকন সূচী : এই পদ্ধতিত ব্যক্তিৰ সংলক্ষণসমূহ লগত ৰজিতা খুৱাই কিছুমান উক্তিৰ এখন তালিকা প্ৰস্তুত কৰি অভীক্ষাৰ্থীক তাৰ বিপৰীতে মূল্যাংকন কৰিবলৈ দিয়া হয় ।উক্তিটো সাপেক্ষে +১,বিপক্ষে মতামত দিবলৈ-১আৰু কোনো মতামত নাথাকিলে ০অংকৰ জৰিয়তে অভীক্ষাৰ্থীয়ে সম্পূৰ্ণ তালিকাখন মূল্যাংকন কৰাৰ পাছত সম্পূৰ্ণ মূল্যাংকন ৰাশিৰ পৰা অভীক্ষাৰ্থীজনৰ ব্যক্তিত্বৰ বিভিন্ন দিশসমূহ বুজিবলৈ প্ৰয়াস কৰা হয় ।গ) মান নিৰূপক কাঠি : ব্যক্তিৰ ব্যক্তিত্বত প্ৰভাৱ পেলোৱা উপাদান আৰু সংলক্ষণসমূহৰ বিষয়ে ব্যক্তিজনৰ লগত সম্বন্ধ থকা আন ব্যক্তিৰ পৰা মতামত সংগ্ৰহ কৰি ব্যক্তিজনৰ বিভিন্ন সংলক্ষণসমূহৰ মান নিৰূপনৰ জৰিয়তে সামগ্ৰিকভাৱে ব্যক্তিত্ব সম্বন্ধে জানিবলৈ কৰা ব্যৱস্থাকে মান নিৰূপক কাঠী বোলা হয় ।এই নিৰূপক কাঠীৰ সহায়ত ব্যক্তিৰ বুদ্ধি, উদাৰতা, নেতৃত্ব, সহযোগীতা,সামাজিক,সময়ানুৱৰ্ত্তিতা,পৰিশ্ৰম,  সাধুকথা,আৱেগিক নিয়ন্ত্ৰণ,পঠন অভ্যাস, ব্যক্তিগত আকৰ্ষণীয়তা আদি সংলক্ষণৰ পৰিমাপ কৰা হয় ।এই নিৰূপক কাঠী কেইবাবিধো হ’ব পাৰে। যেনে -  ১) সংখ্যাতম নিৰূপক কাঠী ২)বৰ্ণনামূলক নিৰূপক কাঠী আৰু ৩) লৈখিক নিৰূপন কাঠী। ঘ) সমাজমিতি পদ্ধতি: সমাজমিতি পদ্ধতিত এটা দলৰ বিভিন্ন ব্যক্তিৰ স্থান ,মান ,জনপ্ৰিয়তা,  গ্ৰহণযোগ্যতা আদি সম্বন্ধে বস্তুনিষ্ঠভাৱে ৰেখাচিত্ৰৰ দ্বাৰা দলৰ ভিতৰত ব্যক্তিৰ সামাজিক গুৰুত্ব কিমান তাক নিৰ্ণয় কৰা হয় ।  তদুপৰি এটা সুসংগঠিত সামাজিক দলৰ বিভিন্ন ব্যক্তিৰ মাজত সামাজিক পাৰস্পৰিকতাৰ এক সুন্দৰ সম্বন্ধ নিহিত হৈ থাকে ।ইয়াৰ জৰিয়তে একোটা শ্ৰেণীত কোনগৰাকী ছাত্ৰ-ছাত্ৰী সকলোতকৈ প্ৰিয়, কোনগৰাকী সকলোতকৈ অপ্ৰিয়, কোনজন সকলোৰে গ্ৰহণযোগ্য, কোনজন পৰিত্যক্ত আৰু অকলশৰীয়া, কোনজন সহায়কাৰী, কোনজনে নেতৃত্ব দিব পাৰে আদি কথাবোৰ জানিবৰ বাবে প্ৰয়োজনীয় প্ৰশ্নাৱলী প্ৰয়োগ কৰি মতামত সংগ্ৰহ কৰা হয়।




৩) প্ৰক্ষেপণ পদ্ধতি : ব্যক্তিৰ অৱচেতন মনৰ পৰা প্ৰতিক্ৰিয়া সমূহক বহিঃপ্ৰকাশ কৰিবলৈ বিভিন্ন কৌশল ব্যৱহাৰ কৰা পদ্ধতিকে প্ৰক্ষেপণ পদ্ধতি বোলে ।প্ৰক্ষেপণ পদ্ধতিৰ ইংৰাজী প্ৰতিশব্দ হ’ল “Projection Method “ যাৰ অৰ্থ হৈছে ব্যক্তিৰ মনত অৱদমিত হৈ থকা ইচ্ছা, আশা-আকাংক্ষা, আৱেগ-অনুভূতি, মনোভাৱ, প্ৰবৃত্তি আদিক বহিঃপ্ৰকাশ কৰাৰ এক অৱচেতন প্ৰক্ৰিয়া।সেয়ে এই পদ্ধতিত ব্যক্তিৰ অৱচেতন মনত অপূৰণ্ট আৰু অৱদমিত হৈ ৰোৱা ইচ্ছা,  আশা-আকাংখ্যা আদিক বহিঃপ্ৰকাশ কৰিবলৈ প্ৰক্ষেপণমূলক পৰিস্থিতিৰ সৃষ্টি কৰি তোলা হয়।এই অভীক্ষাৰ বাবে লোৱা উপাদানবোৰ সেয়ে বৈচিত্ৰপূৰ্ণ ব্যক্তিয়ে ছবি চাই গল্প লিখা, চিয়াঁহীৰ দাগ চাই প্ৰতিৰূপ গঠন কৰা, উদ্দীপক শব্দ শুনি প্ৰতিৰূপ গঠন কৰা, চিত্ৰ সজোৱা, ছবি অঁকা, বাক্য সম্পূৰ্ণ কৰা, চিত্ৰ নিৰ্বাচন কৰা আদি উপাদানবোৰৰ যোগেদি ব্যক্তিৰ মনত অপ্ৰকট হৈ ৰোৱা চিন্তা, মনোভাৱ, কামনা, ইচ্ছা, আগ্ৰহ, আৱেগ-অনুভূতি, আঘাত,  সংঘৰ্ষ আদিক বক্তৃতা,  ক্ৰিয়া, গল্প আৰু অন্যান্য লেখনিৰ যোগেদি প্ৰকাশ কৰে।এইবোৰ বিশ্লেষণ কৰি ব্যক্তিৰ ব্যক্তিত্ব সম্পৰ্কে জানিব পাৰি।লৰেন্স কে ফ্ৰেংক নামৰ মনোবিদজনে ১৯৩৯ চনত ব্যক্তিত্ব পৰিমাপনৰ প্ৰক্ষিপ্ত অভীক্ষাৰ প্ৰয়োগ কৰে।এই অভীক্ষাক মনোবিজ্ঞানী চিগমাণ্ড ফ্ৰয়ডে অধিক জনপ্ৰিয় কৰি তোলে ।এই অভীক্ষাই ব্যক্তিৰ ব্যক্তিত্বক সামগ্ৰিক ৰূপত পৰিমাপ কৰে ।এই অভীক্ষা অৱচেতন মনে পেলোৱা প্ৰভাৱক পৰোক্ষভাৱে নিৰীক্ষণ আৰু অধ্যয়ন কৰে প্ৰক্ষেপণ পদ্ধতিৰে ব্যক্তিত্ব পৰিমাপন কৰিবলৈ ব্যৱহাৰ কৰা ৩ টা অভীক্ষা সম্পৰ্কে তলত উল্লেখ কৰা হৈছে--- ১) ৰ’ৰছাৰ চিয়াঁহী দাগ অভীক্ষা: ১৯২১ চনত চুইচ মনোবিজ্ঞানী হাৰমেন ৰ’ৰছাকে এই অভীক্ষাটি উদ্ভাৱন কৰিছিল ।ৰ’ৰছাকেই হ’ল ব্যক্তিত্ব অধ্যয়নৰ বাবে চিয়াঁহী দাগ ব্যৱহাৰ কৰা প্ৰথম মনোবিজ্ঞানী । এই অভীক্ষাত দহখন বিভিন্ন আকৃতিৰ চিয়াঁহীৰ দাগ থকা কাৰ্ড দেখোৱা হয়।এই দহখন কাৰ্ডৰে পাঁচখন ক’লা বগা, দুখনত ক’লা বগা সদাগৰ লগতে অলপ অন্য ৰং থকা আৰু তিনিখন একেবাৰে ৰঙীণ বা বিভিন্ন ৰঙৰ হ’ব পাৰে ।এই কাৰ্ডবিলাক অভীক্ষাৰ্থীজনক নিৰ্দিষ্ট ক্ৰম অনুসৰি এখন এখনকৈ দেখুৱাই সোধা হয় যে কাৰ্ডখনৰ আকৃতিটোৱে তেওঁক কি বস্তুৰ কথা মনত পেলাইছে বা সোঁৱৰায় ।ৰ’ৰছাকৰ অভীক্ষাত সময়ৰ কোনো সীমা নাই।প্ৰতিখন কাৰ্ড অভীক্ষাৰ্থীজনে নিজৰ প্ৰয়োজন অনুসৰি চাব পাৰে।তেওঁ একেখন কাৰ্ডতে কেইবাটাও উত্তৰ দিব পাৰে ।উত্তৰ দিয়া সময়ছোৱাত অভীক্ষাৰ্থীৰ ব্যৱহাৰ,  প্ৰতিক্ৰিয়াকাল, উত্তৰ দিয়াৰ সময়ত কাৰ্ডখন কেনেদৰে হাতত তুলি চাইছিল আদি সকলো কথাৰে বিৱৰণ অভীক্ষাৰ্থীজনে টুকি ৰাখে ।দহখন কাৰ্ড দেখোৱা হৈ যোৱাৰ পাছত অভীক্ষকগৰাকীয়ে অভীক্ষাৰ্থীৰ এটা সাক্ষাৎকাৰ লয়।এই সাক্ষাৎকাৰত প্ৰতিখন কাৰ্ডৰ উত্তৰবোৰ অভীক্ষাৰ্থীগৰাকীয়ে দিয়া দৰে কিয় দিয়া হ’ল তাৰ কাৰণ বৰ্ণনা কৰিবলৈ সুযোগ দিয়া হয়।প্ৰতিখন কাৰ্ডৰ বিষয়ে কওঁতে অভীক্ষাৰ্থীজনক গোটেইখন কাৰ্ড নে কাৰ্ডখনৰ কোনোবা এটা অংশ নে কোনোবা এটা বিশেষ আকৃতিয়ে প্ৰভাৱ বিস্তাৰ কৰিছিল তাক জানিব পৰা যায় ।এইবিলাক খুঁটি-নাটি কথাৰ পৰাই ব্যক্তিত্ব সম্বন্ধে নানান কথা জানিব পৰা যায় । মূলতঃ চাৰিটা কথাৰ ওপৰত ভিত্তি কৰি অভীক্ষাৰ্থীসকলৰ উত্তৰৰ ফলাফলৰ নিৰ্ধাৰণ কৰা হয়।এই কথা চাৰিটা হ’ল –১) স্থান: চিয়াঁহী দাগৰ কোনটো অংশৰ ওপৰত ভিত্তি কৰি অভীক্ষাৰ্থীয়ে উত্তৰ দিয়ে সেই অনুযায়ী তেওঁৰ ব্যক্তিত্ব সম্বন্ধে এটা ধাৰণা কৰিব পাৰি । ২)নিৰ্ণায়ক: অভীক্ষাৰ্থীজনে চিয়াঁহী দাগৰ ৰং নে ৰঙৰ গঢ়তা নে আকৃতিৰ ওপৰত ভিত্তি কৰি উত্তৰটো দিলে সেইমতেও তেওঁৰ ব্যক্তিত্ব সম্বন্ধে এটা সিদ্ধান্তত উপনীত হ’ব পাৰি। ৩) বিষয়বস্তু: অভীক্ষাৰ্থীজনে চিয়াঁহী আকৃতিটো গছ-গছনিৰ নিচিনা নে , পশু-পক্ষীৰ নিচিনা নে অন্য কিবা বেলেগ বস্তুৰ লগত মিল দেখিলে তাৰ ওপৰত ভিত্তি কৰিও ব্যক্তিত্ব নিৰ্ধাৰণ কৰা হয়। ৪) মৌলিক নে জনপ্ৰিয়: অভীক্ষাৰ্থীজনে দিয়া উত্তৰটো সৰ্বসাধাৰণে দিয়া উত্তৰৰ নে ইয়াত মৌলিক চিন্তাৰ পৰিচয় আছে তাৰ ওপৰত ভিত্তি কৰিও ব্যক্তিত্ব নিৰ্ধাৰণ কৰিব পৰা যায় ।ৰ’ৰছাকৰ অভীক্ষা কণ কণ শিশুৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ মানুহৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পৰা যায়।২) কাহিনী সংবোধন অভীক্ষা  : এই অভীক্ষাটো ১৯৩৫ চনত “ হাৰ্বাড মনোবৈজ্ঞানিক নিদান”ত আমেৰিকান মনোৰোগ বিশেষজ্ঞ মৰগেন আৰু Henry Alexander Murry এ উদ্ভাৱন কৰিছিল ।কাহিনী সংবোধন অভীক্ষাত সু-পৰিকল্পিতভাৱে অংকিত চিত্ৰ থকা 30খন কাৰ্ড আৰু এখন খালী কাৰ্ড ব্যৱহাৰ কৰা হয় ।পুৰুষ-মহিলা অথবা বয়সৰ ওপৰত নিৰ্ভৰ কৰি এই ৩০খনৰ পৰাই ভিন ভিন ধৰণে বাচি লৈ কাৰ্ড ব্যৱহাৰ কৰা হয় ।অভীক্ষাৰ্থীক সু-পৰিকল্পিতভাৱে অংকিত চিত্ৰ এখন এখনকৈ দেখুওৱা হয় ।অংকিত চিত্ৰসমূহক এনেদৰে অংকিত কৰা হয় যাতে সি ব্যক্তিৰ মনৰ অৱদমিত আৱেগ-অনুভূতি,কামনা-বাসনা,ব্যৰ্থতা,শংকা,ঘৃণাআৰু সংঘাতমূলক উপাদানবোৰক বহিঃপ্ৰকাশ কৰিব পাৰে।প্ৰতিখন কাৰ্ডত থকা ছবি চাই অভীক্ষাৰ্থীসকলে তিনিটা বিশেষ কথাৰ ওপৰত ভিত্তি কৰি এটা কাহিনী মৌখিক বা লিখিতভাৱে বৰ্ণনা দিবলৈ উৎসাহিত কৰা হয়।সেইকেইটা হ’ল ---১) ছবিখনৰ আঁৰত কি লুকাই আছে ।অৰ্থাৎ কেনেধৰণৰ কথাই এনে এটা দৃশ্যৰ সৃষ্টি কৰিলে।২) ছবিখনত বৰ্তমান কি ঘটিছে, ইয়াত থকা চৰিত্ৰবিলাকেনো কি চিন্তা কৰিছে, তেওঁলোকৰ মনতনো কেনেধৰণৰ অনুভূতি হৈছে।৩) ছবিখনৰ শেষ পৰিণতি বা ফলাফল কি হ’ব পাৰে ইত্যাদি ।  আনহাতে,  অভীক্ষাৰ্থীক উকা কাৰ্ডখন দি তাত এটা ছবি কল্পনা কৰিবলৈ কোৱা হয় আৰু সেই কল্পনাৰ আধাৰত এটা কাহিনী ৰচনা কৰিবলৈ কোৱা হয় ।এই অভীক্ষাত উত্তৰৰ বাবে কোনো ধৰণৰ ধৰাবন্ধা সময় সীমা নাই।ইয়াত অভীক্ষা প্ৰয়োগ কৰাৰ পাছত এটা সাক্ষাৎকাৰ লোৱা হয় ।এই সাক্ষাৎকাৰত অভীক্ষাৰ্থীয়ে লিখা বা কোৱা কাহিনীৰ উৎস, তাত ব্যৱহাৰ কৰা ঠাই, মানুহৰ নাম, তাৰিখ সাধাৰণ আৰু অসাধাৰণ তথ্য আদি সম্পৰ্কে জানিবলৈ বিচৰা হয় ।এই অভীক্ষাত অভীক্ষাৰ্থীয়ে ছবিৰ আলম লৈ কাহিনী লিখোতে তাত অজ্ঞাতসাৰেই অভীক্ষাৰ্থীৰ অচেতন মনত লুকাই থকা চিন্তা, আৱেগ, অভিলাষ, সংঘাত আদি প্ৰকাশ পায় ।এনেয়ে ক’বলৈ ইচ্ছা নকৰা বা নিজেই ক’ফ নোৱাৰাকৈ থকা অচেতন মনৰ ভালেমান কথা অভীক্ষাৰ্থীৰপৰা কাহিনীত অংকিত কৰা চৰিত্ৰৰ মাজেদি প্ৰকাশ কৰে আৰু এই কাহিনীৰ পৰা অভীক্ষাৰ্থীজনৰ ব্যক্তিত্বৰ সম্বন্ধে নানান কথা জানিব পৰা যায় । ৩) শব্দ অনুষংগ: ১৮৭৯ চনত ফ্ৰান্সিছ গেল্টনে উদ্ভাৱন কৰা শব্দ আনুষংগ অভীক্ষাক মনোবিশ্লষণকাৰী কাৰ্ল য়ুঙে অধিক জনপ্ৰিয় কৰি তোলে ।এই অভীক্ষাত কিছুমান শব্দৰ এখন তালিকা প্ৰস্তুত কৰি পৰীক্ষকে তালিকাৰ শব্দবোৰ এটা এটাকৈ অভীক্ষাৰ্থীৰ আগত কৈ যায় ।প্ৰতিটো শব্দ শুনাৰ লগে লগে অভীক্ষাৰ্থীৰ যিটো শব্দ প্ৰতিক্ৰিয়া ৰূপে উদয় হয় ,তেওঁ সেই শব্দটো ক’ব লাগে,যিবোৰক প্ৰতিক্ৰিয়া বা সঁহাৰি শব্দ বোলা ।অভীক্ষাৰ্থীজনৰ প্ৰতিক্ৰিয়াত্মক শব্দ, বাহ্যিক অভিব্যক্তি,প্ৰতিক্ৰিয়া কাল আদি নিৰীক্ষণৰ জৰিয়তে অভীক্ষাৰ্থীজনৰ ব্যক্তিত্বৰ সম্পৰ্কে জানিবলৈ প্ৰচেষ্টা চলোৱা হয়।এনে অভীক্ষা মুক্ত অনুষংগ আৰু নিয়ন্ত্ৰিত অনুষংগ দুই ধৰণেৰে সম্পাদন কৰা হয় ।এনে অভীক্ষাৰ যোগেদি অভীক্ষাৰ্থীজনৰ ব্যক্তিত্বৰ ভালেমান গুণ বা বৈশিষ্ট্যৰ কথা জানিব পাৰি ।  গতিকে ক’ব পাৰি যে, বিভিন্ন প্ৰক্ষেপণ বা প্ৰক্ষিপ্ত পদ্ধতিৰ সহায়ত ব্যক্তিৰ সংলক্ষণসমূহ উদ্ঘাটন কৰি ব্যক্তিত্ব সম্বন্ধে এটা স্পষ্ট ধাৰণা কৰিব পাৰি ।



Read More

ব্যতিক্ৰমী শিশু

12:44 PM 0
১) ব্যতিক্ৰমী শিশু কাক বোলে? ব্যতিক্ৰমী শিশুৰ বৈশিষ্ট্যসমূহ লিখা  ।
উত্তৰ: যিসকল শিশু শাৰীৰিক, মানসিক, আৱেগিক, সমাজিক আদি দিশত বেছি সংখ্যক সাধাৰণ শিশুতকৈ লক্ষণীয়ভাৱে  পৃথক আৰু তেওঁলোকৰ বাবে বিশেষ শিক্ষা নিৰ্দেশনাৰ প্ৰয়োজন হয়,তেনে শিশুকে ব্যতিক্ৰমী শিশু বোলে । সংজ্ঞা: ১) চি .টেলফৰ্ড আৰু জে এম চাউৰীৰ মতে, “ব্যতিক্ৰমী শিশু হ’ল সেইসকল শিশু যি শাৰীৰিক, মানসিক, আৱেগিক অথবা সামাজিকভাৱে সাধাৰণ শিশুসকলতকৈ ইমানেই বেছি পৃথক যে তেওঁলোকৰ সামৰ্থৰ সৰ্বোত্তম বিকাশ সাধন কৰিবলৈ কিছুমান বিশেষ সামাজিক আৰু শৈক্ষিক সুবিধা বা সেৱা প্ৰয়োজন হয় ।“ ২) কিৰ্কৰ মতে,”এজন ব্যতিক্ৰমী শিশু হ’ল সেইজন যি এনে এটা পৰ্যায়লৈকে সাধাৰণ শিশুতকৈ মানসিক, দৈহিক আদি লক্ষণসমূহৰ ক্ষেত্ৰত অনন্য যে তেওঁলোকে তেওঁলোকৰ সামৰ্থৰ সৰ্বোত্তম বিকাশৰ বাবে বিদ্যালয় কাৰ্যক্ৰমনিকাৰ পৰিশোধন বা বিশেষ শৈক্ষিক সেৱা তথা বিকল্প নিৰ্দেশ বিচাৰে।“ ৩) ডব্লিউ এম. ক্ৰাঞ্চছাংকৰ মতে,”এজন ব্যতিক্ৰমী শিশু হ’ল সেইজন যি সাধাৰণ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত দৈহিক, বৌদ্ধিক, আৱেগিক আৰু  সামাজিকভাৱে ইমেনেই পৃথক যে নিয়মিয়া শ্ৰেণীকোঠাৰ আঁচনিসমূহৰ দ্বাৰা তেওঁ উপকৃত হ’ব নোৱাৰে আৰু বিদ্যালয়ত বিশেষ সেৱা-সুবিধা বিচাৰে।“ ব্যতিক্ৰমী শিশুৰ মূলবৈশিষ্ট্যসমূহ হ’ল ----১)ব্যতিক্ৰমী শিশুসকল একে বয়সৰ আন শিশুতকৈ পৃথক । ২) ব্যতিক্ৰমী শিশুসকলৰ ব্যতিক্ৰমধৰ্মীতা দৈহিক, মানসিক, সামাজিক, আৱেগিক আৰু  শৈক্ষিক দিশত দেখা যায় ।৩),ব্যতিক্ৰম শিশুৱে ঘৰ আৰু বিদ্যালয়ত উপযুক্তভাৱে সমাযোজন কৰাত ব্যৰ্থ হয়। ৪ এনে শিশুৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিশেষ বিদ্যালয় ,বিশেষ শ্ৰেণীকোঠা তথা বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন ।৫) ব্যতিক্ৰমী শিশুসকলক সাধাৰণ শিশুৰ মাজৰ পৰা সহজে চিনাক্তকৰণ কৰিব পাৰি।৬) ব্যতিক্ৰমী শিশুসকলৰ মনোযোগ, আগ্ৰহ, অভিপ্ৰায় জীৱনৰ লক্ষ্য আদি সাধাৰণ শিশুতকৈ পৃথক ।৭)ব্যতিক্ৰমী শিশুসকলৰ বুদ্ধ্যাংকৰ পৰিমাণ ৯০-১১০ৰ ওপৰত বা তলত।
সৃজনীশীল শিশু : সৃজনীশীলতাৰ গুণৰ অধিকাৰী শিশুকে সৃজনীশীল শিশু বুলি কোৱা হয় ।
 বৈশিষ্ট্য : ১) ভাৱপ্ৰকাশত মৌলিকতা: সৃজনীশীল শিশুসকলৰ ভাৱধাৰাত মৌলিক চিন্তাৰ আভাস পোৱা যায় ।নিজৰ মৌলিক সৃষ্টিৰাজি তেওঁলোকে স্পষ্টকৈ প্ৰকাশ কৰিব পাৰে। ২) উত্তম স্মৃতি আৰু  সাধাৰণ জ্ঞান  :সৃজনীশীল শিশুসকলৰ স্মৃতিশক্তি উত্তম ।তাৰ লগতে তেওঁলোকৰ সাধাৰণ জ্ঞানো পৰ্যাপ্ত ।৩) সচেতন ,উৎসাহী আৰু মনোযোগী: সৃজনীশীল শিশুসকলৰ সচেতনতা অতি বেছি ।তেওঁলোক কামৰ প্ৰতি উৎসাহী হোৱাৰ লগতে কামত গভীৰ মনোযোগ দিব পাৰে। ৪) দূৰদৃষ্টি সম্পন্ন : তেওঁলোকৰ দূৰদৃষ্টি গুণ যথেষ্ট বেছি ।ভৱিষ্যতৰ সম্ভাৱনীয়তাৰ প্ৰতি এওঁলোক উৎসুক।৫)প্ৰশিক্ষণৰ স্থানান্তৰণ: সৃজনীশীল শিশুসকলে এটা পৰিস্থিতিত শিকা কোনো এটা কথা অন্য এটা পৰিস্থিতিত তৎকালে ব্যৱহাৰ কৰিব পাৰে।৬) সাহস আৰু দৃঢ় বিশ্বাস: সাহস আৰু দৃঢ় বিশ্বাসৰ অধিকাৰী হোৱাৰ বাবে সৃজনীশীল শিশুসকলে নতুন আৰু নতুনত্বৰ সন্ধান দিব পাৰে।৭) কঠোৰ পৰিশ্ৰম আৰু দিৱাস্বপ্ন: কঠোৰ পৰিশ্ৰম কৰিব পৰাটো সৃজনীশীল শিশুৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষণ।কঠোৰ পৰিশ্ৰমৰ ইস্পিত ফলাফলৰ বাবে তেওঁলোকে দিবাস্বপ্ন দেখে। ৮) বিচাৰৰ স্বতন্ত্ৰতা: সৃজনীশীল ব্যক্তিসকলে ভাল-বেয়া, শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত আদি স্বতন্ত্ৰভাৱে বিচাৰ কৰিব পাৰে। ৯) উচ্চ উৎকণ্ঠাৰ অধিকাৰী:  সৃজনীশীল শিশুসকলৰ উৎকণ্ঠা উচ্চ খাপৰ হয়।সৃজনশীল ব্যক্তিয়ে তেওঁলোকৰ উৎকণ্ঠাৰ জৰিয়তে নিজৰ সৃজনশীল লিপ্সা পূৰ কৰিব পাৰে ।১০) পৰম্পৰাগত সমাধান মানি ল’বলৈ অনিচ্ছুক  : সমস্যা সমাধানৰ পৰম্পৰাগত পদ্ধতিসমূহক লৈ সৃজনীশীল শিশুসকল সুখী নহয় ।তেওঁলোকে প্ৰতিটো  সমস্যাৰে নতুন  সমাধান সূত্ৰ বিচাৰে।
সৃজনীশীল শিশুসকলৰ শিক্ষা: ক) শিক্ষাৰ গতানুগতিকতা পৰিহাৰ : পৰম্পৰাগত শিক্ষাদান পদ্ধতি,  শিক্ষকৰ দমনমূলক আৰু নিয়ন্ত্ৰণমূলক নীতি নিয়ম তথা অনুশাসন ব্যৱস্থাক পৰিহাৰ কৰি নতুনত্ব গতিশীল, নমনীয় আৰু উদ্ভাৱনমূলক নীতি গ্ৰহণ কৰিব লাগে । খ) কল্পনা প্ৰসাৰত উৎসাহ প্ৰদান: সৃজনীশীল শিশুসকলৰ সৃজনীশীলতা বিকাশৰ বাবে তেওঁলোকৰ গঠনাত্মক কল্পনা তথা প্ৰতিক্ৰিয়া স্বধীনভাৱে প্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰিব লাগে ।গ) মৌলিকতাত উৎসাহ প্ৰদান: সৃজনীশীল শিশুসকলৰ মৌলিক চিন্তাত উৎসাহ যোগাব লাগে ।শিশুসকলে কোনো বিষয়ত নিজা নতুন চিন্তাধাৰা আগবঢ়ালে তাৰ বাস্তৱ সমাধানৰ উপায় নিৰীক্ষণ কৰিবলৈ উৎসাহ প্ৰদান কৰিব লাগে । ৪) নতুন কৌশলৰ প্ৰয়োগকৰণ: শিক্ষকে সমস্যা সমাধানৰ ক্ষেত্ৰত পৰম্পৰাগত সমাধান পদ্ধতিৰ পুনৰাবৃত্তি নকৰি বিভিন্ন উপায়,  পদ্ধতি বা কৌশল প্ৰয়োগ কৰিব লাগে ৫)স্নেহশীল,নিৰাপদ আৰু অনুমোদনকাৰী পৰিৱেশ গঠন কৰা: শিশুসকলৰ সৃজনশীল ভাৱ ,ধাৰণা,কল্পনা, কাৰ্য আদিক শিক্ষকে স্নেহশীল বিবেচনাৰে অনুমোদন জনোৱা পৰিৱেশ গঢ় দি শিশুসকলক আশ্বাস আৰু প্ৰেৰণা যোগাব লাগে যাতে শিশুসকলে নিৰাপদ অনুভৱ কৰে ।৬)পাঠ্যক্ৰমৰ যোগেদি উত্তেজনাপূৰ্ণ অভিজ্ঞতা প্ৰদান কৰা: শ্ৰেণীকোঠাৰ গতানুগতিক, নিৰস, প্ৰাণহীন, পৰিৱেশৰ পৰিৱৰ্তে শিক্ষকে বিভিন্ন উৎসৰ পৰা জটিল, দুৰ্বোধ্য বিষয় উত্থাপন কৰিব লাগে যাতে তেওঁলোকে জটিল সমস্যাৰ প্ৰত্যাহ্বান হৈ উত্তেজনাপূৰ্ণ বৌদ্ধিক পৰিৱেশত এক নতুন অভিজ্ঞতা লাভ কৰিবলৈ আগ্ৰহী হয়। ৭) গতানুগতিক শিক্ষাৰ সংস্কাৰ সাধন: প্ৰচলিত শিক্ষা ব্যৱস্থাৰ ক্ৰুটিপূৰ্ণ পৰীক্ষা ব্যৱস্থা, প্ৰাপ্তাংকণ প্ৰণালী,শিক্ষকৰ যান্ত্ৰিক অনুকৰণ ব্যৱস্থা ইত্যাদি ব্যৱস্থাবোৰৰ পুনৰ সংস্কাৰ সাধন কৰি শিক্ষাৰ্থীৰ সৃষ্টি প্ৰতিভাক বিকাশ ঘটাব পাৰি। ৮)শিক্ষাৰ্থীৰ দুৰ্বোধ্য নতুন উদ্ভাৱনক যোগ্য কতৃপক্ষলৈ প্ৰেৰণ: শিক্ষাৰ্থীয়ে উদ্ভাৱন কৰা দুৰ্বোধ্য বিষয়বোৰ শিক্ষকে নাকচ নকৰি শুদ্ধ মতামত আৰু উচিত মূল্যাংকনৰ বাবে যোগ্য কতৃপক্ষলৈ প্ৰেৰণ কৰিব লাগে ।৯)গঠনাত্মক আলোচনা আগবঢ়োৱা  : শিক্ষাৰ্থীয়ে উদ্ভাৱন কৰা উৎপাদকবোৰ ক্ৰুটিপূৰ্ণ হ’লেও শিক্ষকে গঠনাত্মকভাৱে সমালোচনা কৰিব লাগে যাতে তেওঁলোকে নিজৰ ক্ৰুটি উপলব্ধি কৰি শুদ্ধ পথত নিজকে আগুৱাই নিবলৈ সক্ষম হয় ।১০) আত্ম শিক্ষাৰ সুবিধা প্ৰদান: শিক্ষাৰ্থীৰ সৃজনীশীলতাৰ চিনাক্তকৰণৰ আৰু আত্মপ্ৰকাশৰ সুবিধা প্ৰদানৰ বাবে বিভিন্ন সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ ব্যৱস্থা কৰিব লাগে ।১১) সৃষ্টিশীল প্ৰৱণতা সক্ৰিয়কৰণ: সৃজনীশীল প্ৰতিভাৰ অধিকাৰী শিক্ষাৰ্থীৰ সৃজনীশীল প্ৰৱণতাক সজীৱ আৰু  সক্ৰিয় কৰি তুলিবৰ বাবে শিক্ষকে সৃষ্টিশীল কলা,বিজ্ঞান, কাৰিকৰী আদি বিখ্যাত প্ৰতিষ্ঠানসমূহ ভ্ৰমণৰ পাঠ্যপুথি গ্ৰহণ কৰাৰ লগতে বিখ্যাত ব্যক্তিসকলৰ নতুনৰ উদ্ভাৱন সম্বন্ধে কথিকা আলোচনা চক্ৰ আদিৰ আয়োজন কৰিব লাগে ।   

Read More

মনোযোগ

12:41 PM 0
মনোযোগ: মনোযোগ হৈছে এনে এক দেহ মানসিক প্ৰক্ৰিয়া, যাৰ যোগেদি জীৱই নিজৰ চৌপাশৰ পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ মাজৰ পৰা আটাইতকৈ প্ৰয়োজনীয় উদ্দীপকটো নিৰ্বাচিত কৰি লৈ তাক মনৰ কেন্দ্ৰস্থলত স্থাপন কৰা হয় ।” সংজ্ঞা: ১) জেমচ এচ ৰচৰ মতে,”মনোযোগ হৈছে মনৰ এক প্ৰক্ৰিয়া, যাৰ যোগেদি কোনো চিন্তনীয় বস্তু মনৰ মাজত স্পষ্ট কৰি তোলা হয়।”২) ড্ৰেভাৰ মতে,”মনোযোগ  এক বিশেষ ধৰণৰ মানসিক অৱস্থা যাৰ নিৰ্বাচনী শক্তি উল্লেখযোগ্য । সকলো বস্তুতে মনোযোগ নিবন্ধ নহয়, যাক ই চিন্তাৰে পাব বিচাৰে তাক বস্তুজগতৰ পৰা বা চিন্তাক্ষেত্ৰৰ পৰা নিৰ্বাচন কৰি লয়।” ৩) উদৱৰ্থ আৰু ৰ্মাকুইচৰ মতে,”মনোযোগ হৈছে কোনো বস্তুক নিৰীক্ষণ কৰিবৰ বাবে অথবা কোনো এটা কাম কৰিবৰ বাবে সাজু হোৱা ।” মনোযোগৰ বৈশিষ্ট্য  : ১) দেহ মানসিক প্ৰক্ৰিয়া: মনোযোগ এক দেহ মানসিক প্ৰক্ৰিয়া ।মানুহৰ দৈহিক সুস্থতা আৰু মানসিক সচেতনতাৰ ওপৰত মনোযোগ নিৰ্ভৰ কৰে ।২) মনোযোগ নিৰ্বাচনৰ্ধী: পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ মাজৰ পৰা এটা নিৰ্দিষ্ট তথা গুৰুত্বপূৰ্ণ আৰু সবল উদ্দীপককহে নিৰ্বাচন কৰি মনোযোগ দিয়া হয়।সেয়ে মনোযোগ এক নিৰ্বাচনধৰ্মী প্ৰক্ৰিয়া ।৩) মনোযোগ উদ্দেশ্যধৰ্মী : কোনো এটা বস্তু বা বিষয়ক চেতনাৰ কেন্দ্ৰত স্থাপিত কৰাৰ অন্তৰালত একোটা উদ্দেশ্য নিহিত হৈ থাকে ।৪) মনোযোগ গতিশীল আৰু অস্থায়ী: ব্যক্তিৰ মনোযোগ একোটা বিষয়তে দীৰ্ঘ সময় ধৰি স্থায়ী হৈ নাথাকে।ই এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ ক্ষণে ক্ষণে গতি কৰি থাকে ।সেয়ে ই গতিশীল আৰু অস্থায়ী । ৫) মনোযোগ অনুসন্ধানধৰ্মী : কোনো বস্তুৰ ওপৰত গভীৰ মনোযোগ স্থাপন হ’লে বস্তুটোৰ সম্পৰ্কে তথ্য উৎঘাটন কৰিবলৈ মনে প্ৰচেষ্টা চলায় ।৬) মনোযোগ ইতিবাচক আৰু নেতিবাচক দিশৰ সমষ্টি: এটা দিশত মনোযোগ দিওঁতে আনবোৰ দিশৰ পৰা মনোযোগক আঁতৰাই অনা হয় । মনোযোগ দিয়া দিশটো ইতিবাচক দিশ আৰু মনোযোগ আঁৰাই অনা দিশবোৰ নেতিবাচক দিশ।৭)মনোযোগ বিশ্লেষণধৰ্মী: মনোযোগ দিয়া বিষয়বস্তুৰ সকলো দিশ চালি-জাৰি, খুটি-নাটি মাৰি চোৱা হয়।সেয়ে ই বিশ্লেষণধৰ্মী । ৮) মনোযোগৰ পৰিধি সীমিত  : একেটা সময়তে এক নিৰ্দিষ্ট দিশতহে মনোযোগ কেন্দ্ৰীভূত হৈ থাকে।সেয়ে ইয়াৰ পৰিসৰ সীমিত ।৯)মনোযোগ সংশ্লেষণাত্মক : বহু ক্ষেত্ৰত কোনো বস্তুৰ প্ৰতি সামগ্ৰিকভাৱে মনোযোগ দিয়া হয় ।সেয়ে ই সংশ্লেষণাত্মক ।১০)মনোযোগ আনন্দ আৰু বেজাৰৰ লগত জড়িত: মনোযোগৰ ক্ষেত্ৰত সুখ-দুখ, হৰ্ষ-বিষাদ, আনন্দ-বেজাৰ আদি প্ৰতিক্ৰিয়াৰ লগত জড়িত হৈ থাকে ।১১)মনোযোগ নতুনত্বৰ ওপৰত নিৰ্ভৰশীল: বস্তু বা পৰিৱেশ যিমানে নতুন হয় সিমানে মনোযোগো বৃদ্ধি হয়।
মনোযোগৰ প্ৰকাৰ: ১) ঐচ্ছিক ,অনৈচ্ছিক আৰু ইচ্ছাবিৰোধী মনোযোগ : যেতিয়া কোনো বিষয়বস্তুৰ প্ৰতি ইচ্ছা কৰি মনোযোগ স্থাপন কৰিবৰ চেষ্টা কৰা হয় তাকে ঐচ্ছিক মনোযোগ বুলিব পাৰি ।এনে মনোযোগক স্পষ্ট মনোযোগ আৰু অনুমতি মনোযোগ ভাগ কৰা হৈছে ।যেতিয়া এবাৰ ইচ্ছা প্ৰকাশ কৰিয়ে মনোযোগ স্থাপন কৰিব পাৰি তাক অনুমিত ঐচ্ছিক মনোযোগ আৰু যেতিয়া মনোযোগ স্থাপন কৰিবলৈ বাৰে বাৰে ইচ্ছা শক্তি প্ৰয়োগ কৰিব লাগে তাক স্পষ্ট ঐচ্ছিক মনোযোগ বোলা হয়।কোনো ধৰণৰ মানসিক সচেতনতা নথকা স্বত্বেও কোনো বিশেষ ঘটনা বা বিষয়ৰ প্ৰতি যেতিয়া আমাৰ মনোযোগ স্বত:স্ফুৰ্তভাৱে আকৰ্ষিত হয়, তেনে মনোযোগকে অনৈচ্ছিক মনোযোগ বোলে।ইয়াক দুটা ভাগ ভাগ কৰা হৈছে । সেয়া হ’ল ক) আৰোপিত মনোযোগ: কোনো ঘটনা বা বিষয়ৰ প্ৰতি বাধ্য বাধকতাৰ মাজত দিবলগা হোৱা মনোযোগকে আৰোপিত মনোযোগ বোলে। খ) স্বত:স্ফূৰ্ত মনোযোগ: স্বত:স্ফূৰ্তভাৱে ইন্দ্ৰিয় উদ্দীপকৰ প্ৰতি মনোযোগী হৈ পৰে তেনে মনোযোগকে স্বতঃস্ফূৰ্ত অনৈচ্ছিক মনোযোগ বোলা হয় ।আনহাতে ইচ্ছা নথকা সত্ত্বেও প্রয়োজনৰ তাগিদাত কেতিয়াবা জোৰ কৰি কোনো বিষয়ৰ প্রতি মনোযোগ দিব লগা হয়। তেনে মনোযোগক ইচ্ছাবিৰোধী মনোযোগ বুলি কোৱা হয়।(২) প্রত্যক্ষ মনোযোগ আৰু পৰোক্ষ মনোযোগ: কোনো বিষয় বা বস্তুৰ প্ৰতি পোনপটীয়াকৈ দিয়া মনোযোগকে প্ৰত্যক্ষ মনোযোগ বোলা হয় ।উদাহৰণস্বৰূপে,দেউতাকে নিজৰ সন্তানৰ প্ৰতি দিয়া মনোযোগ প্ৰত্যক্ষ মনোযোগ ।আনহাতে,কোনো বস্তুৰ বাহ্যিক গুণৰ পৰিৱৰ্তে সেই বস্তুটোৰ গাত নিহিত হৈ থকা বিশেষ গুণ নতুবা বৈশিষ্ট্যৰ বাবেহে সেই বস্তুটোক মনোযোগ দিয়া হয়,তেন্তে তেনে মনোযোগকে পৰোক্ষ মনোযোগ বোলে । ৩) সংবেদনাত্মক মনোযোগ আৰু ভাবাত্মক মনোযোগ: ব্যক্তিৰ মনত প্ৰত্যক্ষ সংবেদন অনুভূতিৰ দ্বাৰা যি মনোযোগ গঢ় লৈ উঠে ,তাকে সংবেদনাত্মক মনোযোগ বোলে। দৃষ্টান্তস্বৰূপে, ভাল লগা বস্তু দেখিলে চোৱা, স্বাদৰ প্ৰতি মনোযোগ দিয়া আদি। ব্যক্তিয়ে নিজৰ ব্যক্তিগত ভাৱ,অনুভূতি বা পূৰ্বজ্ঞানৰ ফলশ্ৰুতিত আহৰণ কৰা অভিজ্ঞতাৰ দ্বাৰা পৰিচালিত হৈ যি মনোযোগ গঢ় লৈ উঠে, তেনে মনোযোগকে ভাৱাত্মক মনোযোগ বোলে। যেনে- ৰাতিপুৱা, গধূলি ভগৱানক উপাসনা কৰিবলৈ দিয়া মনোযোগ, কবিতাৰ সাৰমৰ্ম উপলব্ধি কৰিবলৈ দিয়া মনোযোগক ইত্যাদি ।               (৪) বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক মনোযোগ: যেতিয়া কিবা এটা বিষয়ৰ প্ৰতি দিয়া মনোযোগে বিষয়টোৰ বিভিন্ন দিশসমূহ চালি জাৰি বিশ্লেষণাত্মক দৃষ্টিভংগীৰে গুৰুত্ব প্রদান কৰে তেনে মনোযোগক বিশ্লেষণাত্মক মনোযোগ বোলা হয়। আনহাতে কেতিয়াবা কোনো গুণ নথকা বিভিন্ন বস্তু লগলাগি এনে এটা বস্তু গঢ় লৈ উঠে যে তাৰ প্রতি মনোযোগ আকর্ষিত হয় আৰু মনোযোগে সামগ্রিকভাৱে সমগ্র বস্তুটোৰ মনোযোগ আৰোপ কৰে। তেনে মনোযোগকে সংশ্লেষণাত্মক মনোযোগ বোলে।(৫) দৃঢ় মনোযোগ আৰু শিথিল মনোযোগ: কোনো বিষয়ৰ প্ৰতি একান্তভাৱে দিয়া মনোযোগক দৃঢ় মনোযোগ বোলে।যেনে-শিল্পীয়ে শিল্প সাধনাত দিয়া মনোযোগ, যোগীয়ে যোগ সাধনাত দিয়া মনোযোগ। আকৌ কোনো বিষয়ৰ প্ৰতি এৰা ধৰাকৈ দিয়া মনোযোগক শিথিল মনোযোগ বোলে।যেনে- সৰু ল’ৰা-ছোৱালীয়ে দিয়া মনোযোগ। ৬) তাত্ত্বিক আৰু ব্যৱহাৰিক মনোযোগ: কোনো বিষয়ত জ্ঞান লাভৰ উদ্দেশ্যে গভীৰভাৱে দিয়া মনোযোগকে তাত্ত্বিক মনোযোগ বোলা হয়। যেনে—শিক্ষকে পাঠদানৰ সময়ত শিক্ষাৰ্থীয়ে দিয়া মনোযোগ।আনহাতে,  কোনো বিষয়বস্তুৰ কাৰ্যকাৰী ফল লাভৰ উদ্দেশ্যে যি মনোযোগ দিয়া হয়, তেনে মনোযোগক ব্যৱহাৰিক বা কাৰ্যকাৰী মনোযোগ বোলা হয় ।যেনে-ব্যৱসায়ীয়ে ব্যৱসায়ত দিয়া মনোযোগ।  ৭)অভ্যাসজনিত মনোযোগ: অভ্যাসৰ বশৱৰ্তী হৈ কোনো বস্তুৰ প্ৰতি আপুনা-আপুনি যি মনোযোগ গঢ় লৈ উঠে ,তাকে অভ্যাসজনিত মনোযোগ বোলা হয়।যেনে-মাকে সন্তানৰ মাত বা কান্দোন শুনা।

  আগ্রহ :  আগ্রহৰ ইংৰাজী প্রতিশব্দ হৈছে 'Interest'। এই 'Interest' শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে। যাৰ অৰ্থ হৈছে - 'It Concerns' অর্থাৎ  কোনো এটা বস্তু বা বিষয়ৰ লগত জড়িত থকা বা সম্বন্ধ থকা অৱস্থাই আগ্রহ।" আগ্ৰহৰ সংজ্ঞা: ১) L.Crow আৰু A.Crow য়ে কৈছে যে আগ্রহ এনে এটা উদ্দেশ্যপ্রণোদিত শক্তি যি আমাক কোনো ব্যক্তি, বস্তু বা কাৰ্যৰ প্রতি মনোনিবেশ কৰিবলৈ বাধ্য কৰি তোলে।   ২) ষ্ট্ৰঙ (Strong)ৰ মতে, অর্থাৎ আগ্রহ এনে এক আচৰণ যি কোনো কাৰ্যক কেন্দ্ৰ কৰি সংঘটিত হয়।৩)ড্ৰেভাৰ (Drever)ৰ মতে, " আগ্রহ হ'ল এক গতিশীল মনোভাৱ। মনৰ ভাৱসমূহৰ গতিশীল দিশটোৱেই হৈছে আগ্রহ। ওপৰৰ সংজ্ঞা সমূহৰ পৰা ধাৰণা কৰি ক’ব পাৰি যে আগ্ৰহ হৈছে এনে এক মানসিক প্ৰৱণতা যাৰ লগত ব্যক্তিৰ আৱেগ-অনুভূতি, প্ৰবৃত্তি, অভিপ্ৰায় , প্ৰকৃতি,  প্ৰয়োজন, কামনা আদি বিভিন্ন দিশ জড়িত বা সংযোজিত হৈ থাকে। আগ্ৰহৰ বৈশিষ্ট্য: ১) আগ্ৰহ মানুহৰ বিভিন্ন আভ্যন্তৰীণ শক্তি আৰু অৱস্থা ।২)আগ্ৰহ এক বস্তুনিষ্ঠ মানসিক অৱস্থা ৩) আগ্ৰহ এক গতিশীল মানসিক প্ৰৱণতা ।৪) আগ্ৰহে ব্যক্তিক নিষ্ক্ৰিয় অৱস্থাৰ পৰা সক্ৰিয় কৰি তোলে।(৫) আগ্রহ প্ৰকাশ কৰিবৰ বাবে উদ্দীপকৰ প্ৰয়োজন হয়।৬)আগ্ৰহ পৰিমাপ কৰিব পৰা যায় ।৭)আগ্ৰহক উদ্দেশ্য প্ৰণোদিত শক্তি হিচাপে ব্যৱহাৰ কৰিব পাৰি ।আগ্ৰহ আৰু মনোযোগ নিবিড়ভাৱে সম্পৰ্কযুক্ত । ৮)  আগ্ৰহৰ লগত ইচ্ছা, অনুভূতি আৰু কৰ্ম প্ৰবৃত্তি জড়িত হৈ থাকে । ৯) আগ্ৰহ সক্ৰিয় আৰু নিষ্ক্ৰিয় দুয়ো ধৰণৰ হ’ব পাৰে। ১০) আগ্ৰহ গভীৰ আৰু উপৰুৱা দুয়ো ধৰণৰ হ’ব পাৰে।
আগ্ৰহ প্ৰকাৰ: ক) সহজাত বা সুপ্ত আগ্ৰহ আৰু আৰ্জিত আগ্ৰহ: ব্যক্তিৰ আভ্যন্তৰীণ উৎস বা জৈৱিক প্ৰয়োজনীয়তাৰ বাবে ব্যক্তিৰ মনোজগতত যি প্ৰৱণতা জাগি উঠে তাকে সহজাত বা সুপ্ত আগ্ৰহ বোলা হয় ।যেনে—সন্তানৰ প্ৰতি থকা মাতৃৰ আগ্ৰহ। আনহাতে,ব্যক্তিয়ে দৈনন্দিন জীৱনত লাভ কৰা বিভিন্ন জ্ঞান আৰু শিক্ষা আহৰণ ফলস্বৰূপে কোনো বস্তুৰ প্ৰতি মনোজগতত যি প্ৰৱণতা সৃষ্টি হয় তাকে আৰ্জিত আগ্ৰহ বোলা হয়। যেনে---এজন খেলুৱৈৰ খেলৰ প্ৰতি হোৱা আগ্ৰহ ।২) স্থায়ী আৰু অস্থায়ী আগ্ৰহ: ব্যক্তিৰ মনত কোনো বিষয় বা বস্তুৰ প্ৰতি দীৰ্ঘকাল বাবে গঢ় লৈ উঠা আগ্ৰহকে স্থায়ী আগ্ৰহ বোলা হয় । যেনে- মাতৃৰ সন্তানৰ প্ৰতি থকা আগ্ৰহ ।আনহাতে, ব্যক্তিৰ মনত কোনো বিষয় বা বস্তুৰ প্ৰতি কম সময়ৰ বাবে গঢ় লৈ উঠা আগ্ৰহকে অস্থায়ী আগ্ৰহ বোলা হয় ।যেনে- শিশুৰ পুতলা খেলৰ প্ৰতি থকা আগ্ৰহ ।
৩) ইতিবাচক আৰু নেতিবাচক আগ্ৰহ: যি আগ্ৰহে ব্যক্তিজনৰ লগতে সমাজৰ উপকাৰ সাধন, তেনে আগ্ৰহক ইতিবাচক আগ্ৰহ বোলে। যেনে- নিজৰ দেশৰ প্ৰতি থকা আগ্ৰহ । আনহাতে,  যি আগ্ৰহে ব্যক্তিজনৰ লগতে সমাজৰ অপকাৰ সাধন কৰে,তেনে আগ্ৰহক নেতিবাচক আগ্ৰহ বোলা হয় । যেনে- ৰাগীয়াল বস্তুৰ প্ৰতি থকা আগ্ৰহ ।৪)ব্যক্তিগত আৰু সামাজিক আগ্ৰহ: ব্যক্তিয়ে নিজৰ জীৱনৰ প্ৰয়োজন সাপেক্ষে কিছুমান বিশেষ বস্তু বা বিষয়ৰ প্ৰতি আগ্ৰহী হৈ উঠে,তেনে আগ্ৰহকে ব্যক্তিগত আগ্ৰহ বোলে। যেনে-কাপোৰৰ প্ৰতি আগ্ৰহী হোৱা । আনহাতে,  ব্যক্তিৰ যিবোৰ আগ্ৰহে সামাজিক উন্নয়নত সহায় কৰি নতুন মূল্যবোধৰ সৃষ্টিত সহায় কৰে, তেনে আগ্ৰহকে সামাজিক আগ্ৰহ বোলে ।যেনে-বিজ্ঞানীৰ বৈজ্ঞানিক গৱেষণাৰ প্ৰতি থকা আগ্ৰহ ।      ৫) অনুমিত আগ্ৰহ  :: যেতিয়া কোনো ব্যক্তিব প্রতি কোনো এক বিশেষ সময়ত বিশেষ অনুৰাগৰ জন্ম হয় আৰু সেই মুহূর্ততে ব্যক্তিজনক সকলো বাধা-বিঘিনি নেওচি হ'লেও লগ পাবলৈ প্রবল ইচ্ছা হয় তাকে অনুমিত আগ্রহ বোলা হয়। এনে আগ্রহ সম্পূর্ণ আভ্যন্তৰীণ কাৰণত সৃষ্টি হয়।(৮) অভিৰুচিত আগ্রহ: কোনো কামৰ প্ৰতি আগ্ৰহী নহ'লেও কাৰোবাৰ বুজনিত সেই কাম বা বিষয়ৰ প্ৰয়োজনীয়তা কেতিয়াবা কোনো উপলব্ধি কৰি তাৰ প্ৰতি দিয়া মনোযোগক অভিৰুচিত আগ্রহ রোলা হয়। এনে অভিৰুচিত আগ্রহে শিক্ষার্থীসকলক বিভিন্ন বিষয়ৰ জ্ঞান আহৰণত সহায় কৰে।
  

Read More

অভিক্ষমতা

12:40 PM 0
(১) অভিক্ষমতা হৈছে ব্যক্তিৰ জন্মগতভারে প্রাপ্ত হোৱা সুপ্ত আৰু অন্তর্নিহিত অৱস্থাত থকা যোগ্যতা বা ক্ষমতা।
(২) অভিক্ষমতাৰ তিনিটা বৈশিষ্ট্য হৈছে- (ক) অভিক্ষমতা এক বিশিষ্ট যোগ্যতা, (খ) অভিক্ষমতা ব্যক্তিৰ জন্মলব্ধ অন্তর্নিহিত গুণ আৰু (গ) অভিক্ষমতা গতিশীল।
(৩) বুদ্ধি আৰু অভিক্ষমতাৰ মাজত পার্থক্য আছে—
 (ক) বুদ্ধি জন্মগত আৰু বংশগত। আনহাতে, অভিক্ষমতা জন্মগত হোৱাৰ লগতে পৰিৱেশেহে ইয়াক প্রকাশ কৰাত সহায় কৰে, (খ) বুদ্ধি স্থিতিশীল আৰু অভিক্ষমতা গতিশীল, (৩) ব্যক্তিৰ বুদ্ধি সুপ্ত হৈ নাথাকে, আনহাতে অভিক্ষমতা ব্যক্তিৰ সুপ্ত আৰু অন্তর্নিহিত গুণ।
বহির্মুখী ব্যক্তিত্ব আৰু অন্তমুখী ব্যক্তিত্ব  পাৰ্থক্য :
(১) এনে ব্যক্তিত্বৰ গৰাকী আদর্শ তকৈ বাস্তৱপ্রিয় হয়।কিন্তু  এনে ব্যক্তিত্বৰ গৰাকী আদর্শপ্রিয় হোৱা দেখা যায়।
(২) এওঁলোক আশাবাদী হোৱা দেখা যায়। কিন্তু এওঁলোকে নিৰাশাহে প্রকাশ কৰে।
(৩) বন্ধু বান্ধৱীৰ সংখ্যা বেছি হয়, সহজে মিলামিছা কৰিব পাৰে।কিন্তু সহজে মিলামিছা কৰিব নোৱাৰাৰ ফলত বন্ধু বান্ধৱীৰ সংখ্যা কম হোৱা দেখা যায়।
(৪) সামাজিক পৰিবেশত আনন্দ ফুর্তি, হাঁহি তামাচা ভাল পায়।কিন্তু নিৰৱতাক বেছি পছন্দ কৰে। 
(৫) বহির্জগতৰ প্রতি আগ্রহী হয়।কিন্তু বহির্জগতৰ প্ৰতি উদাসীন মনোভাৱ দেখুৱায়।
(৬) সামাজিক কাম আৰম্ভ হৈ আগবাঢ়ি যায়।কিন্তু  সামাজিক অনুষ্ঠানসমূহৰ পৰা আঁতৰি থাকি ভাল পায়।

Read More

গড়

12:39 PM 0
গড়ৰ ধর্ম : 1. গড় ৰাশিসমূহৰ যিকোনো এটা মানৰ দ্বাৰা প্ৰভাৱিত হয়। অর্থাৎ যিকোনো ৰাশিৰ পৰিবৰ্তনৰ ফলত ৰাশিসমূহৰ গড়ৰ পৰিবৰ্তন হয়।2. গড় হ'ল ৰাশিসমূহৰ প্ৰকৃত সাম্য বিন্দু। ই হৈছে এক স্থিতিশীল বা কম পৰিবৰ্তনীয় ।3. ৰাশিসমূহৰ বিতৰণ যেতিয়া সমমিত হয় বা স্বাভাবিক হয় তেতিয়া গড় ব্যবহৃত হয়। 4. পৰিসংখ্যাবিজ্ঞানৰ অন্যান্য পদ্ধতি, যেনে- মানক বিচ্যুতি (SD), সহসম্বন্ধ গুণাংক, আদি নিৰ্ণয় কৰাৰ বেলিকা গড়ৰ ব্যৱহাৰ কৰিবলগীয়া হয়।
গড়ৰ সুবিধা :1. গড় হৈছে কেন্দ্রীয় প্ৰৱণতা পৰিমাপৰ মধ্যমা আৰু বহুলকৰ তুলনাত আটাইতকৈ নির্ভুল,নিৰ্ভৰযোগ্য পদ্ধতি।2.গড় নির্ণয় কৰিবলৈ সহজ। 3. যেতিয়া কেন্দ্রীয় প্ৰৱণতাৰ জোখৰ বাবে আটাইতকৈ স্থিৰ জোখ বিচৰা হয় তেতিয়া গড়ৰ সহায় ল'বলগীয়া হয়।4.পৰিসংখ্যাবিজ্ঞানৰ বহু পদ্ধতি বা জোখ গড়ৰ ওপৰত নিৰ্ভৰশীল।মানক বিচ্যুতি, সহসম্বন্ধ গুণাংক আদি নির্ণয় কৰাৰ আগতেই গড়ৰ সহায় ল'ব লগা হয়।5.যেতিয়া ৰাশিসমূহ কেন্দ্ৰীয় মানৰ দুয়োকাষে সমানে অৱস্থিত হয় তেতিয়া গাণিতিক গড় ব্যৱহাৰ কৰা হয়।6)বিভিন্ন বিষয়ৰ তুলনাৰ ক্ষেত্ৰত গড়ক এক উপযুক্ত ভিত্তি হিচাপে ব্যৱহাৰ কৰিব পাৰি।
গড়ৰ অসুবিধা :1.গড় ৰাশিসমূহৰ চৰম মানৰ দ্বাৰা সহজে প্রভাবিত হয়।2.গড়ক লেখকাগজত উপস্থাপন কৰিব নোৱাৰি।3.অসমাপ্ত শ্রেণী অন্তৰালৰ ক্ষেত্ৰত গড় ব্যৱহাৰ কৰিব নোৱাৰি।4. ৰাশিসমূহৰ এটা ৰাশিৰ মান নাজানিলেও গড় শুদ্ধ ৰূপত নির্ণয় কৰিব নোৱাৰি।
বহুলকৰ ধৰ্ম :1. ৰাশিসমূহ ওপৰে ওপৰে লক্ষ্য কৰিয়েই বহুলক নির্ণয় কৰিব পাৰি।২). বহুলকৰ পৰা ৰাশিসমূহৰ সাধাৰণ প্ৰৱণতা সম্পর্কে এক প্রাথমিক ধাৰণা কৰিব পাৰি।4. বহুলক উলিয়াওঁতে ৰাশিমালাৰ এটা মানৰ ওপৰত গুৰুত্ব দিয়া হয়।
বহুলকৰ সুবিধা : ১).বহুলক নির্ণয় কৰিবলৈ অতি সহজ।2. কেন্দ্রীয় প্ৰৱণতাৰ জোখৰ বিষয়ে অতি শীঘ্রে বা দ্রুতভাবে জানিবৰ বাবে ইয়াৰ সহায় ল'বলগীয়া হয়।3. বহুলক ৰাশিমালাৰ সকলো মানৰ দ্বাৰা প্ৰভাৱিত নহয়।4. ৰাশিৰ কোনো অস্বাভাৱিক বিতৰণৰ ক্ষেত্ৰত সৃষ্টি হোৱা পৰিস্থিতি নিৰীক্ষণ কৰিবৰ বাবে বহুলক ব্যৱহাৰ কৰিব পাৰি।5.দৈনন্দিন জীৱনত প্রায়ে বহুলক ব্যৱহৃত হয়।6. স্তম্ভচিত্র আৰু অন্যান্য বিতৰণৰ ৰেখাৰ পৰাও বহুলক নিৰ্ণয় কৰিব পাৰি।
বহুলকৰ অসুবিধা : 1.বহুলক সকলো ৰাশিৰ মানৰ দ্বাৰা প্ৰভাৱিত নহয়।2.একেখিনি তথ্যকে বেলেগ বেলেগ শ্রেণী দৈঘ্যৰ বিতৰণ তালিকা প্রস্তুত কৰিলে বহুলকৰ মান বেলেগ বেলেগ হয়। গতিকে ই সকলো সময়তে নিৰ্ভৰযোগ্য জোখ নহয়।3.বহুলকৰ কোনো বীজগাণিতিক গুণ নাই।
গড়ৰ ব্যৱহাৰ: ক) যেতিয়া সর্বাধিক নিৰ্ভৰযোগ্য আৰু প্রকৃত জোখ বিচৰা যায় তেতিয়া গড়ৰ ব্যৱহাৰ কৰা হয়।(খ) যেতিয়া বিশ্লেষণৰ বাবে কেন্দ্ৰীয় প্ৰৱণতাৰ জোখক অন্যান্য পৰিসাংখ্যিক পদ্ধতিৰ লগত সংযোগ কৰিব লগা হয় গ)যেতিয়া বিভাজনৰ প্ৰকৃতি মধ্যমানৰ দুয়োফালে সমমিত হয়।
মধ্যমাৰ ব্যৱহাৰ : ক)যেতিয়া ৰাশিসমূহৰ কেৱল মধ্যবিন্দুটো জানিবলৈ বিচৰা হয়।খ)যেতিয়া গাণিতিক গড় নির্ণয় কৰিবৰ বাবে হাতত যথেষ্ট সময় নাথাকে।গ)যেতিয়া বিভাজন বৰ বেছি অসমমিত হয়।ঘ)যেতিয়া বিভাজনৰ আটাইবিলাক ৰাশি বা সামগ্ৰীৰ মান দিয়া নাথাকে।
বহুলকৰ ব্যৱহাৰ : ক)যেতিয়া কম সময়তে কিবা এটা কেন্দ্রীয় প্ৰৱণতা জনাৰ প্ৰয়োজন হয় খ)যেতিয়া আমি সৰ্বসাধাৰণ মান বা ধৰণ-কৰণ জানিবলৈ ইচ্ছা কৰা হয় গ)ৰাশিমালাত কোনটো সংখ্যা বেছি আছে তাক জানিবলৈ বিচৰা হয়।       মধ্যমাৰ ধৰ্ম :1.মধ্যমা ৰাশিসমূহৰ চৰম মানৰ দ্বাৰা প্ৰভাৱিত নহয়।2. অসমাপ্ত বিভাজন তালিকাৰ পৰাও  মধ্যমা নির্ণয় কৰিব পাৰি।যিটো গড় ক্ষেত্ৰত নোৱাৰি 3.মধ্যমাৰ লেখ কাগজত উপস্থাপন কৰিব পাৰি।4.মধ্যমাই ৰাশিসমূহক সমানে দুটা ভাগত বিভক্ত কৰে যাৰ ওপৰৰ ফালে 50% আৰু তলৰ ফালে 50% ৰাশি থাকে।   সুবিধা :1.ৰাশিসমূহৰ প্ৰকৃত মধ্যমান বা মধ্যস্থান জানিবৰ বাবে মধ্যমা ব্যৱহাৰ কৰা হয়।2.মধ্যমা গাণিতিক গড়ৰ দৰে ৰাশিসমূহৰ চৰম মানৰ দ্বাৰা প্ৰভাৱিত নহয়।3.মধ্যমাক লেখ কাগজৰ সহায়ত উপস্থাপন কৰিব পাৰি, যিটো গড়ৰ ক্ষেত্ৰত নোৱাৰি।4.ৰাশিসমূহৰ বিতৰণ অস্বাভাবিক বা অসমমিত হ'লেও মধ্যমা ব্যৱহাৰ কৰিব পাৰি।5.ৰাশি বিতৰণৰ কোনো ঠাইত অধিক ফাঁক হৈ থাকিলে বা বাৰংবাৰতা নাথাকিলে গড়ৰ পৰিমাপন উপযুক্ত হৈ নুঠে।তেনেক্ষেত্রত মধ্যমা উপযুক্ত হৈ উঠিব পাৰে।মধ্যমাৰ অসুবিধা:1.মধ্যমাৰ মান ৰাশিসমূহৰ সকলো ৰাশিৰ মানৰ ওপৰত নিৰ্ভৰ নকৰে।2. মধ্যমাৰ কোনো বীজগাণিতিক গুণ নাই।অর্থাৎ সুত্ৰৰ জৰিয়তে মধ্যমাক অন্য জোখৰ লগত সংযোগ কৰিব নোৱাৰি।3. মধ্যমা গড়ৰ দৰে নিৰ্ভৰযোগ্য জোখ নহয়।4.মধ্যমাক উচ্চ পাৰিসাংখিক গণনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰি।
মানক বিচ্যুতি: কোনো বিভাজনৰ বা সামগ্ৰী শ্ৰেণীৰ ৰাশিসমূহৰ গাণিতিক গড়ৰ পৰা হোৱা বিচ্যুতিৰ বৰ্গৰ গড়ৰ বৰ্গমূলক মানক বিচ্যুতি বুলি কোৱা হয়।
মানক বিচ্যুতিৰ ধৰ্ম : মানক বিচ্যুতি ৰাশিসমূহৰ প্ৰত্যেক ৰাশিৰ মানৰ ওপৰত নিৰ্ভৰ কৰে। ৰাশিসমূহৰ এটা মাত্ৰ ৰাশিৰ মানৰ পৰিবৰ্তন ঘটিলে ইয়াৰ ফলত মানক বিচ্যুতিৰো পৰিবৰ্তন ঘটিব।2.ৰাশিসমূহৰ কোনো চৰম মানে মানক বিচ্যুতিত প্রভাৱ পেলায়।3.ৰাশিসমূহৰ গড়ৰ লগতে মানক বিচ্যুতি জনা থাকিলে ৰাশিসমূহৰ আভ্যন্তৰীণ প্রকৃতি সম্পর্কে জনা যায়।
মানক বিচ্যুতিৰ গুণ বা সুবিধা : ১) মানক বিচ্যুতি হৈছে বিচ্যুতি পৰিমাপৰ আটাইতকৈ স্থিৰ আৰু নিৰ্ভৰযোগ্য পদ্ধতি।2)মানক বিচ্যুতি পৰিমাপ কৰোতে সকলোবোৰ ৰাশিৰ মান বিবেচনা কৰা হয়।3.মানক বিচ্যুতিৰ পাৰিসাংখ্যিক মূল্য অধিক হোৱাৰ লগতে ভালেমান বীজগণিতীয় গুণ আছে।4. মানক বিচ্যুতিৰ ক্ষেত্ৰত ধনাত্মক (+)আৰু ঋণাত্মক(-)উভয় শ্ৰেণীৰ ৰাশিকে বৰ্গ কৰি ধনাত্মক কৰি লোৱা হয়। সেয়ে ই গাণিতিক দোষৰ পৰা মুক্ত আৰু ইয়াক বীজগণিতৰ সূত্ৰৰ দ্বাৰা সাঙুৰিবলৈ সহজ হয়।5.মানক বিচ্যুতিৰ সংজ্ঞা স্পষ্ট আৰু কটকটীয়া।                                             মানক বিচ্যুতিৰ দোষ :1. মানক বিচ্যুতি নিৰ্ণয় কৰাটো অলপ জটিল।2.ইয়াৰ তাৎপর্যও সাধাৰণ মানুহৰ সহজে বোধগম্য নহয়।3.ৰাশিসমূহৰ চৰম মানে মানক বিচ্যুতিৰ ওপৰত প্ৰভাৱ পেলায়। 
মানক বিচ্যুতিৰ ব্যৱহাৰ: ১) যেতিয়া বিচ্যুতিৰ আটাইতকৈ সুস্থিৰ আৰু নিৰ্ভৰযোগ্য পৰিমাপৰ প্ৰয়োজন হয় তেতিয়া মানক বিচ্যুতি ব্যৱহাৰ কৰা হয়।2. সহসম্বন্ধ গুণাংক আৰু অন্যান্য পৰিসংখ্যা নির্ণয় কৰিবৰ বাবে মানক বিচ্যুতিক ব্যৱহাৰ কৰা হয়।3.যেতিয়া প্রসামান্য বক্ৰৰ সহায়ত ৰাশিৰ তাৎপর্য নির্ধাৰণ কৰাৰ প্ৰয়োজন হয়, তেতিয়া মানক বিচ্যুতি ব্যৱহাৰ হয়।
প্ৰসাৰ : কোনো ৰাশিমালাৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰাশিৰ পাৰ্থক্যক প্ৰসাৰ বুলি কোৱা হয়। ইয়াৰ সূত্র হ'ল - R = U - L বা প্ৰসাৰ = সর্বোচ্চ ৰাশি - সর্বনিম্ন ৰাশি। 
প্ৰসাৰৰ ব্যৱহাৰ : 1.যেতিয়া বিচ্যুতিৰ এক সাধাৰণ ধাৰণা লাভ কৰিবলৈ বিচৰা হয়।2. যেতিয়া অতি সোনকালে বিচ্যুতিৰ জোখজনাৰ প্ৰয়োজন হয়।3. যেতিয়া প্রদত্ত ৰাশিৰ কেৱল সর্বোচ্চ আৰু সর্বনিম্ন মানৰ ব্যৱধানহে জানিবলৈ বিচৰা হয়।4.ইয়াৰ দ্বাৰা প্ৰদত্ত ৰাশিবোৰ গড়ৰ সান্নিধ্যত আছে নে গড়ৰ পৰা অধিক আতৰি আছে তাক জানিব পাৰি।
চতুৰ্থক বিচ্যুতি :  কোনো এক বাৰংবাৰতা বিভাজন তালিকাৰ 75 তম্ শততমক (P₁, বা Q₂) আৰু 25 তম্ শততমক (P₂, বা Q₁) অন্তৱৰ্তী দূৰত্বৰ মধ্যবিন্দুকে চতুৰ্থক বিচ্যুতি বুলি কোৱা হয়। ইয়াৰ সূত্ৰ হ'ল -Q= Q3- Q1/2
চতুর্থক বিচ্যুতিৰ ধৰ্ম:1. চতুৰ্থক বিচ্যুতিৰ জৰিয়তে ৰাশিসমূহৰ মাজৰ শতকৰা 50 ভাগ ৰাশিৰ সম্পর্কে জানিব পাৰোঁ।2.বাৰংবাৰতা বিভাজন বা ৰাশিসমূহ সমমিত হ'লে মধ্যমাৰ পৰা Q1 আৰু Q3 দূৰত্ব সমান হয়। অর্থাৎ মধ্যমা Q1 আৰু Q3ৰ সোঁমাজত পৰে।3.ই হৈছে এটা নিৰপেক্ষ জোখ। ইয়াক তুলনা কৰিবৰ বাবে ব্যৱহাৰ কৰা নহয়।
চতুর্থক বিচ্যুতিৰ গুণ বা সুবিধা :1.চতুর্থক বিচ্যুতি হৈছে বিচ্যুতি পৰিমাপৰ এক উপযুক্ত পদ্ধতি আৰু ইয়াৰ অর্থও সহজে বুজিব পাৰি।2.চতুর্থক বিচ্যুতি নির্ণয় কৰিবলৈ সহজ।3.ৰাশিসমূহৰ বিতৰণ অস্বাভাবিক হ'লেও ইয়াক প্রয়োগ কৰিব পাৰি।4.বিচ্যুতিৰ জোখ হিচাপে প্ৰসাৰৰ তুলনাত ই অধিক নির্ভযোগ্য পদ্ধতি।5.যেতিয়া কেন্দ্রীয় প্রবণতা পৰিমাপৰ বাবে মধ্যমা ব্যৱহাৰ কৰা হয় তেতিয়া বিচ্যুতি পৰিমাপৰ বাবে চতুর্থক বিচ্যুতিক নিৰ্ভৰযোগ্যভাৱে ব্যবহাৰ কৰিব পাৰি।    6. অসমাপ্ত বিভাজনৰ ক্ষেত্ৰতো বা একেবাৰেনো তথ্য গাণিতিক গড়ৰপৰা প্ৰতিটো ৰাশিৰ পাৰ্থক্যৰ পৰমমানৰ গড়কে মূৰৰ কেইটামান সামগ্ৰীৰ মান নাজানিলেও ইয়াক ব্যৱহাৰ কৰিব পাৰি।
অসুবিধা:1. চতুর্থক বিচ্যুতি পৰিমাপৰ বাবে কেৱল মাজৰ 50% বাশিহে বিবেচনা কৰা হয়। একেবাৰে তলৰ 25% আৰু ওপৰৰ 25% মানক ইয়াত বিবেচনা কৰা নহয়।2. ইয়াক অন্যান্য জোখৰ লগত বীজ গাণিতিক সূত্ৰৰ দ্বাৰা সাঙুৰিব নোৱাৰি। অর্থাৎ ইয়াৰ বীজগণিতীয় গুণ নাই।3.একেখিনি সামগ্ৰীৰ পৰা বেলেগ বেলেগ প্রতিদর্শ লৈ চতুর্থক বিচ্যুতি নির্ণয় কৰিলে ইয়াৰ বেলেগ বেলেগ মান পোৱা যায়।
চতুৰ্থক বিচ্যুতিৰ ব্যৱহাৰ :1.যেতিয়া কেন্দ্রীয় প্রৱণতা পৰিমাপৰ বাবে মধ্যমা ব্যৱহাৰ কৰা হয়, তেতিয়া বিচ্যুতি পৰিমাপৰ বাবে চতুর্থক বিচ্যুতি ব্যৱহাৰ কৰা হয়।2.যেতিয়া গাণিতিক গড়ৰ পৰা হোৱা ব্যক্তিগত পৰিমাপৰ বিচ্যুতিৰ তাৰতম্য অতি বেছি হয় তেতিয়া বিভাজনটোৰ অধ্যয়নত মানক বিচ্যুতিৰ ব্যৱহাৰ বৰ ফলপ্রদ নহয়। তেতিয়া চতুৰ্থক বিচ্যুতি ব্যৱহাৰ কৰা হয়।3.ৰাশি বা সামগ্ৰীসমূহৰ বিতৰণ অস্বাভাৱিক হ'লেও ইয়াৰ ব্যৱহাৰ কৰিব পাৰি।4.সামগ্ৰীসমূহৰ একেবাৰে মূৰৰফালে কেইটামান জোখ নাজানিলেও ইয়াৰ ব্যৱহাৰ কৰিব পাৰি। 

গড় বিচ্যুতি : কোনো তথ্যৰ গাণিতিক গড়ৰ পৰা প্ৰতিটো ৰাশিৰ পাৰ্থক্যৰ পৰমমানৰ গড়কে গড় বিচ্যুতি বোলে ।
 গড় বিচ্যুতিৰ সুবিধাসমূহ :ক) গড় বিচ্যুতি নিৰ্ণয় কৰিবলৈ সহজখ) গড় বিচ্যুতি নিৰ্ণয় কৰোঁতে আটাইবিলাক ৰাশি ব্যৱহাৰ কৰা হয়।।
গড় বিচ্যুতিৰ অসুবিধাসমূহ : ক) গড় বিচ্যুতিৰ প্ৰধান অসুবিধাটো হৈছে, বিচ্যুতি নির্ণয় কৰোঁতে ঋণাত্মক চিন যুক্ত সংখ্যাবোৰৰ পৰমমানহে ব্যৱহাৰ হয় অর্থাৎ ঋণাত্মক সংখ্যাবোৰক ধনাত্মক সংখ্যালৈ পৰিৱৰ্তন কৰি লোৱা হয় বা ঋণাত্মক চিনবোৰ বিবেচনা কৰা নহয়।খ) বিচ্যুতি উলিওৱা সময়ত ঋণাত্মক চিনবোেৰ বিবেচনা কৰিব নোৱাৰাৰ কাৰণে গড় বিচ্যুতিক অন্য বীজগণিতীয় সূত্ৰত ব্যৱহাৰ কৰিব নোৱাৰি।
গড় বিচ্যুতিৰ ব্যৱহাৰ : 1.যেতিয়া গড়ৰ পৰা প্ৰত্যেক ৰাশিৰ বিচ্যুতি জনাটো প্রয়োজন হৈ পৰে।2.যেতিয়া কোনো সর্বোচ্চ বা সর্বনিম্ন ৰাশিয়ে মানক বিচ্যুতিৰ ওপৰত প্ৰভাৱ পেলায়, তেতিয়া গড় বিচ্যুতিৰ ব্যৱহাৰ কৰা হয়।
সহসম্বন্ধ: যিকোনো দুবিধ চলক বা পৰিবৰ্ত্তনশীল ৰাশিৰ মাজৰ সম্পৰ্ক বা সম্বন্ধকে সহ-সম্বন্ধ বোলা হয়।
ধনাত্মক সহসম্বন্ধ: যদি দুটা চলক ৰাশিৰ, এটা বৃদ্ধি হ'লে আনটো চলক ৰাশিও বৃদ্ধি হয় বা এটা চলক ৰাশি হ্রাস হ'লে আনটো চলক ৰাশিও হ্রাস হয়, তেন্তে চলক ৰাশি দুটাৰ মাজত ধনাত্মক সহ-সম্বন্ধ আছে বুলি কোৱা হয়।
ঋণাত্মক সহসম্বন্ধ: যদি দুটা চলক ৰাশিৰ এটাৰ মান বৃদ্ধি হ'লে আনটোৰ মান হ্রাস হয়, তেন্তে চলক ৰাশিৰ দুটা মাজত ঋণাত্মক সহসম্বন্ধ আছে বুলি কোৱা হয়।

শূন্য সহসম্বন্ধ: দুটা চলক ৰাশিৰ এটাৰ হ্ৰাস বা বৃদ্ধিৰ লগত আনটো চলক ৰাশিৰ হ্রাস বা বৃদ্ধিৰ কোনো সম্পর্ক নাথাকিলে তাকে শূণ্য সহসম্বন্ধ বোলা হয়।

সহসম্বন্ধৰ গুণাংক: যি ৰাশি বা সংখ্যাৰে দুটা চলক ৰাশিৰ মাজৰ সহ-সম্বন্ধৰ মাত্রা প্রকাশ কৰা হয়, তাকে সহ-সম্বন্ধৰ গুণাংক বোলা হয়।
4. ক) যি ৰাশি বা সংখ্যাৰে দুটা চলক ৰাশিৰ মাজৰ সহ-সম্বন্ধৰ মাত্রা প্রকাশ কৰা হয়, তাকে সহ-সম্বন্ধৰ গুণাংক  বোলা হয়।

Read More

বিনে চাইমন বুদ্ধি অভীক্ষা

12:11 PM 0
1905 চনৰ বিনে-চাইমন কাঠী :  1905 চনৰ বিনে-চাইমন কাঠীত মুঠতে ত্রিশটা প্রশ্ন অন্তর্ভুক্ত কৰা হৈছিল। এই প্রশ্নবোৰ জটিলতাৰ স্তৰ যায়ী সজোৱা হৈছিল। অর্থাৎ প্রথমে সহজ প্রশ্নবোৰ দিয়া হৈছিল আৰু পিছলৈ ক্রমে জটিল প্রশ্নবোৰ দিয়া হৈছিল। সেই কাৰণেই আচলতে ইয়াক কাঠী (Scale) বোলা হয়। মুঠৰ ওপৰত এই অভীক্ষাক এডাল স্কেল বা কাঠীৰ দৰে ব্যৱহাৰ কৰা হৈছিল। ইয়াত প্রশ্নবোৰ কোনো নির্দিষ্ট বয়স অনুযায়ী সজোৱা হোৱা নাছিল। যি অভীক্ষার্থীয়ে বেছি সংখ্যক প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিব পাৰিছিল তেওঁক বেছি বুদ্ধিয়ক আৰু যি অভীক্ষার্থীয়ে কম সংখ্যক প্ৰশ্নৰ উত্তৰ পাৰিছিল তেওঁক কম বুদ্ধিয়ক বুলি গণ্য কৰা হৈছিল। প্ৰশ্নবোৰ বয়স অনুযায়ী সজোৱা হোৱা নাছিল যদিও কিছুমান ইংগিত এই বিনে-চাইমন কাঠীৰ জৰিয়তে পোৱা গৈছিল; যেনে - এজন সাধাৰণ তিনিবছৰীয়া অভীক্ষার্থীয়ে 9 নম্বৰ প্রশ্নলৈকে সঠিকভাৱে উত্তৰ দিব পাৰে, এজন পাঁচ বছৰীয়া সাধাৰণ শিশুৱে 14 নম্বৰ প্ৰশ্নলৈকে সঠিকভাবে উত্তৰ দিব পাৰে, ইত্যাদি।1905 চনৰ বিনে-চাইমন কাঠীত অন্তর্ভুক্ত প্রশ্নপদবোৰ তলত উল্লেখ কৰা হ'ল -(১)চকুৰ সন্মুখেৰে এটা বস্তু পাৰ হৈ যাওঁতে অনুসৰণ কৰেনে সেইটো চোৱা(২) হাতেৰে কাঠৰ টুকুৰা এটা খামুচি ধৰেনে চোৱা (যদিহে হাতত লগাই দিয়া হয়)।(৩) কাঠৰ টুকুৰা এটা দেখি খামুচি ধৰে নেকি চোৱা।(৪) এটা চকলেট আৰু একে আকৃতিৰ এটুকুৰা কাঠৰ মাজৰ পৰা চকলেটতো বাছি উলিয়াব পাৰিছেনে চোৱা।(৫) কাগজেৰে মেৰিয়াই থোৱা চকলেট এটা উলিয়াই খাব পাৰিছেনে চোৱা।(৬) সাধাৰণ নির্দেশনা কাৰ্যকৰী কৰা আৰু অংগী-ভংগী অনুকৰণ কৰিছেনে চোৱা।(৭) দেহৰ অংগ-প্রত্যংগ আৰু অন্য সাধাৰণ বস্তুৰ নাম ক'ব পাৰিছেনে লক্ষ্য কৰা।(৮) ছবিত থকা বিভিন্ন বস্তু আঙুলিয়াই দেখুৱাব পাৰিছেনে নাই চোৱা।৯) ছবিত থকা সাধাৰণ বস্তুবোৰৰ নাম ক'ব পাৰিছেনে চোৱা ১০) দুডাল সৰলৰেখা তুলনা কৰি কোনডাল দীঘল ক'ব পাৰিছেনে চোৱা।(১১) অভীক্ষকে কোৱা তিনিটা অংক পুনৰাবৃত্তি কৰিব পাৰিছেনে চোৱা।(১২) দুটা বস্তুৰ ভিতৰত কোনটো বেছি গধুৰ ক'ব পাৰিছেনে চোৱা।(১৩) তিনিডাল সমান সৰলৰেখাৰ তুলনা, তিনিডাল অসমান সৰলৰেখাৰ তুলনা, ছবিত থকা বস্তুৰ নাম কৈ ছবিত দেখুৱাবলৈ চেষ্টা কৰা আদি লক্ষ্য কৰা।(১৪) বিভিন্ন বস্তুৰ সংজ্ঞা দিয়াটো লক্ষ্য কৰা।(১৫) বাক্যৰ অৰ্থ বা সংজ্ঞা দিয়াটো লক্ষ্য কৰা।(১৬) দুটা বস্তুৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰাটো চোৱা।(১৭) ছবিত 13 টা বস্তু চাবলৈ দি (30 ছেকেণ্ডৰ বাবে) সেই বস্তুবোৰ পুনঃস্মৰণ কৰিব পাৰিছেনে চোৱা। (১৮) দহ ছেকেণ্ডৰ বাবে কোনো বস্তু চাই পিছত মনত পেলাই সেই বস্তুটোৰ ছবি আঁকিব পাৰিছেনে চোৱা।(১৯) অংক শুনি পুনৰাবৃত্তি কৰিব পাৰিছেনে চোৱা।(২০) দুটা বস্তুৰ মাজৰ সাদৃশ্য বিচাৰি উলিয়াব পাৰিছেনে চোৱা।(২১) সৰল ৰেখাৰ দৈর্ঘ্য তুলনা কৰিব পাৰিছেনে নাই চোৱা।(২২) ওজনৰ তুলনা কৰিব পাৰিছেনে নাই চোৱা।(২৩) ওজন মনত পেলাব পাৰিছেনে নাই চোৱা।(২৪) কিছুমান শব্দৰ সুৰ দিব পাৰিছেনে নাই চোৱা।(২৫) অসম্পূর্ণ বাক্য সম্পূর্ণ কৰিব পাৰিছেনে নাই চোৱা।(২৬) নির্দিষ্টকৈ দিয়া শব্দবোৰক লৈ বাক্য ৰচনা কৰিব পাৰিছেনে নাই চোৱা।(২৭) সহজৰ পৰা জটিললৈ ক্ৰমানুসৰি প্ৰদান কৰা কিছুমান প্রশ্ন বুজি পাই উত্তৰ দিব পাৰিছেনে নাই চোৱা । (২৮) স্মৃতিশক্তি প্রয়োগ কৰি ঘড়ীৰ কাঁটাৰ স্থান সলনা-সলনি কৰা সময়ৰ কথা ক'ব পাৰিছেনে নাই চোৱা  ।(২৯) দুটা ভাজ কৰি থোৱা কাগজৰ পৰা এটুকুৰা তিনিকোণীয়া আকৃতিৰ কাগজ কটা আৰু ভাঁজটো খুলি দিলে কাগজটুকুৰাৰ আকৃতিটো কেনেকুৱা দেখা যাব সেইটো ক'ব পাৰিছেনে নাই চোৱা। আৰু(৩০) কিছুমান বিমূর্ত শব্দৰ সংজ্ঞা দিয়া।
 1908 চনৰ বিনে-চাইমন কাঠী :1905 চনৰ বিনে-চাইমন কাঠীত থকা আসোঁৱাহ আৰু অসুবিধা নাইকিয়া কৰিবৰ কাৰণে আলফ্রেড বিনে আৰু থিয়ডৰ চাইমনে নিজে ইয়াৰ এটা নতুন আৰু সংশোধিত সংস্কৰণ নিৰ্মাণ কৰে 1908 চনত। ইয়েই আচলতে 1908 চনৰ বিনে-চাইমন কাঠী। তেওঁলোকে অনুভৱ কৰি উঠিছিল যে প্ৰশ্নবোৰ বয়স অনুসৰি সজাব লাগে। সেইবাবে দেখা যায় যে 1908 চনৰ বিনে-চাইমন কাঠীত প্ৰশ্নবোৰ বয়স অনুসৰি সজোৱা হৈছে। ইয়াত তিনি বছৰৰ পৰা তেৰ বছৰীয়া শিশুৰ বাবে প্ৰশ্নবোৰ সন্নিবিষ্ট কৰা হৈছে। কিন্তু সকলো বয়সৰ বাবে সমসংখ্যক প্রশ্ন দিয়া হোৱা নাছিল।1908 চনৰ বিনে চাইমন কাঠীত মুঠতে 59 টা প্রশ্ন অন্তর্ভুক্ত কৰা হৈছিল।এই 59টা প্ৰশ্নৰ ভিতৰত1905 চনৰ কাঠীৰ কিছুমান প্রশ্ন ৰাখি বাকী কিছুমান নতুন প্রশ্ন সংযোগ কৰা হৈছিল। 1908 চনৰ বিনে-চাইমন কাঠীৰ এটা গুৰুত্বপূৰ্ণ দিশ হ'ল এয়ে যে বুদ্ধি পৰীক্ষণৰ ইতিহাসত মানসিক বয়সৰ ধাৰণাটো পোন প্ৰথমবাৰৰ কাৰণে ইয়াতেই অন্তৰ্ভূক্ত কৰা হৈছিল। 1908 চনৰ বিনে চাইমন কাঠিত মানসিক বয়স নির্ণয় কৰাৰ পদ্ধতিও ব্যৱহাৰ কৰা হৈছিল। সেই অনুসৰি, এজন অভীক্ষার্থীয়ে যিটো বয়সৰ স্তৰলৈকে আটাইবিলাক প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিব পাৰিছিল,সেই বয়সটোকে তেওঁৰ মানসিক বয়স বুলি ধৰা হৈছিল। যদি এজন পাঁচ বছৰীয়া অভীক্ষার্থীয়ে ছয় বছৰ বয়সীয়াসকলৰ বাবে থকা আটাইবিলাক প্ৰশ্নৰ উত্তৰ সঠিকভাবে দিব পাৰে তেন্তে তেওঁৰ মানসিক বয়স ছয় বছৰ বুলি গননা কৰা হৈছিল।তলত 1908 চনৰ বিনে-চাইমন কাঠিত থকা 59 টা প্রশ্ন বয়সৰ স্তৰ অনুযায়ী উল্লেখ কৰা হ'ল -তিনি বছৰৰ স্তৰ : ১)নিজৰ নাক, চকু আৰু মুখ আঙুলিয়াই দেখুওৱা।২)ছয়টা পদাংশযুক্ত বাক্য শুনি পুনৰাবৃত্তি কৰা।৩) দুটা সংখ্যা শুনি পুনৰাবৃত্তি কৰা ৪)নিজৰ পৰিয়ালৰ অন্যান্যসকলৰ নাম কোৱা ৫)ছবিত দেখা বস্তুবোৰৰ নাম কোৱা।  চাৰি বছৰৰ স্তৰ : ১)নিজৰ লিংগ অর্থাৎ ল'ৰানে ছোৱালী কোৱা।২)চাবি, চুৰিকটাৰী, পইচা আদিৰ নাম কোৱা।(৩) তিনিটা অংক শুনি পুনৰাবৃত্তি কৰা।৪)দুডাল সৰলৰেখা তুলনা কৰা (দৈর্ঘ্য)।পাঁচ বছৰৰ স্তৰ :১)ওজনৰ তুলনা কৰা।২)এটা বর্গক্ষেত্র নকল কৰি অকা।৩)দহটা পদাংশযুক্ত বাক্য শুনি পুনাৰাবৃত্তি কৰা।৪)চাৰিটা মুদ্রা গণনা কৰা।৫)আয়তক্ষেত্ৰৰ অর্ধাংশ সঠিকভাৱে লগ লগোৱা। ছয় বছৰৰ স্তৰ:(১) নিজৰ সোঁফাল আৰু বাওঁফাল চিনি পোৱা২)ষোল্লটা পদাংশযুক্ত বাক্য শুনি পুনৰাবৃত্তি কৰা।৩)যোৰ যোৰকৈ দেখুওৱা মুখৰ ছবিৰ প্ৰত্যেকযোৰৰ পৰা ধুনীয়া মুখখন বাচি দিয়া। ৪)সাধাৰণ ব্যাৱহাৰিক আৰু চিনাকি বস্তুৰ সংজ্ঞা দিয়া৫)তিনি প্ৰকাৰৰ কাৰ্য সম্পাদন কৰা ৬)নিজৰ বয়স কিমান জনা।৭)ৰাতিপুৱা আৰু আবেলিৰ সময়জ্ঞান থকা  ।  সাত বছৰৰ স্তৰ :১)অসম্পূর্ণ ছবিৰ অসম্পূর্ণতাখিনি আঙুলিয়াই দিয়া।২)গণনা নকৰাকৈ এখন হাত আৰু দুয়োখন হাতৰ আঙুলিৰ সংখ্যা কোৱা।৩)এশাৰী আখৰ চাই চাই পুনৰ লিখা।৪) তাচপাতৰ ৰূহিতনৰ দৰে আকৃতিটো নকল কৰা।৫)নির্দিষ্ট ছবিৰ বৰ্ণনা কৰা।৬)পাঁচটা অংক শুনি পুনৰাবৃত্তি কৰা।৭)13 টা মুদ্রা গণনা কৰা। ৮)ব্যৱহৃত চাৰিটা মুদ্রা চিনাক্ত কৰা। আঠ বছৰৰ স্তৰ : ১)কিতাপৰ এটা অংশ পঢ়ি মনত ৰখা।২)পাঁচটা মুদ্ৰাৰ মূল্য যোগ কৰা।(৩)চাৰিটা ৰঙৰ নাম কোৱা।(৪)20ৰ পৰা ০লৈ ওলোটাকৈ সংখ্যাবোৰ গোৱা।৫)চুটি বাক্য শুনি লিখিব পৰা।৬)দুটা বস্তুৰ পাৰ্থক্য দেখুওৱা (স্মৰণৰ সহায়ত)।ন বছৰৰ স্তৰ :(১)তাৰিখ, দিন, সপ্তাহ, মাহ, বছৰ আদি জনা। ২)সপ্তাহৰ দিনবোৰৰ নাম একাদিক্রমে কোৱা।৩) ভঙনীয়া পইচাৰ হিচাপ জনা।৪) কিছুমান সাধাৰণ বস্তুৰ ব্যাৱহাৰিক দিশতকৈ অলপ উচ্চ স্তৰৰ পৰা সংজ্ঞা দিয়া।৫) দেখিবলৈ একে আকৃতিৰ পাঁচটুকুৰা ভিন্ন ওজনৰ কাঠ একাদিক্রমে সজোৱা।৬)পদ্যাংশ পঢ়ি মনত ৰখা।দহ বছৰৰ স্তৰ:১)বছৰৰ মাহবোৰৰ নাম একাদিক্রমে কোৱা।২)মুদ্রা চিনি পোৱা আৰু নাম জনা।৩)তিনিটা শব্দ ব্যৱহাৰ কৰি বাক্য সজা।৪)উজু প্রশ্ন বুজি লৈ উত্তৰ দিয়া।৫)জটিল প্রশ্ন বুজি লৈ উত্তৰ দিয়া।এঘাৰ বছৰৰ স্তৰ:১)কিছুমান বাক্যৰ বিসংগতি দেখুওৱা।২) তিনিটা শব্দৰে বাক্য সজা।৩) তিনি মিনিটত যিকোনো 60 টা শব্দ কোৱা।৪) কিছুমান বিমূর্ত শব্দৰ সংজ্ঞা দিয়া।৫) খেলিমেলিকৈ থকা শব্দ সজাই অর্থপূর্ণ বাক্য বিচাৰি উলিওৱা। বাৰ বছৰৰ স্তৰ :১) সাতটা অংক শুনি পুনৰাবৃত্তি কৰা।২)শব্দৰ বেলেগ বেলেগ সুৰ দিয়া।৩)26 টা পদাংশ থকা বাক্য শুনি পুনৰাবৃত্তি কৰা।৪) সমস্যামূলক প্রশ্নৰ উত্তৰ দিয়া।৫)ছবিৰ ব্যাখ্যা কৰা।তেৰ বছৰৰ স্তৰ:১)কাগজ কটাৰ এটা অভীক্ষা সমাধান কৰা।২) ত্রিভুজৰ পুনৰ সজ্জিতকৰণ আৰু তুলনা কৰা।৩)দুটা বিমূর্ত শব্দৰ পাৰ্থক্য নির্ণয় কৰা।
 1911 চনৰ বিনে-চাইমন কাঠী:  বিনে-চাইমন কাঠীৰ দ্বিতীয়টো সংস্কৰণ প্ৰকাশ কৰা হয় 1911 চনত। ইয়াকে 1911 চনৰ বিনে-চাইমন কাঠি বোলা হয়। 1908 চনৰ বিনে-চাইমন কাঠি প্রকাশ হোৱাৰ লগে লগে এই অভীক্ষাই বিভিন্ন দেশ, যেনে - জার্মানী ইংলেণ্ড, বেলজিয়াম, ছুইজাৰলেণ্ড, ইটালি, আমেৰিকা আদি দেশৰ মনোবিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ফলত বিভিন্ন ঠাইত বুদ্ধি পৰিমাপনৰ বাবে এই অভীক্ষাৰ ব্যৱহাৰ হ'বলৈ ধৰিলে। দুই এজন মনোবিজ্ঞানীয়ে অভীক্ষাটোৰ কিছুমান আসোঁৱাহ আৰু ভুল-ত্রুটিও আঙুলিয়াই দেখুৱাবলৈ ধৰিলে। বহু মনোবিজ্ঞানীয়ে আঙুলিয়াই দেখুৱালে যে অভীক্ষাটোৰ কিছুমান প্রশ্ন অতি উজু আৰু কিছুমান প্রশ্ন অতি বেছি টান হৈছে। অন্য কিছুমান মনোবিজ্ঞানীয়ে আকৌ আঙুলিয়াই দেখুৱালে যে অভীক্ষাটোৰ প্ৰতিমানীকৰণ পদ্ধতি সন্তোষজনক হোৱা নাই। এনেধৰণৰ বিভিন্ন সমালোচনা আৰু পৰামৰ্শৰ আধাৰত বিনে আৰু চাইমনে অভীক্ষাটোৰ এটা সংশোধিত সংস্কৰণ প্ৰকাশ কৰি উলিয়ায় 1911 চনত। আলফ্রেড বিনেৰ জীৱন কালত প্রকাশ হোৱা এইটোৱেই আছিল অন্তিম সংস্কৰণ। 1911 চনৰ বিনে চাইমন কাঠিত মুঠতে 54 টা প্রশ্ন অন্তৰ্ভূক্ত কৰা হৈছিল। এই কাঠিত চাৰি বছৰ বয়সৰ  স্তৰৰ বাহিৰে বাকী আটাইকেইটা বয়সৰ স্তৰৰ কাৰণে পাঁচটাকৈ প্ৰশ্ন কৰা হৈছিল ।কেৱল চাৰি বছৰ বয়সৰ স্তৰৰ বাবে চাৰিটা প্রশ্ন ৰখা হৈছিল। ইফালে প্ৰশ্নৰ ক্ষেত্ৰত 1911 চনৰ কাঠীত তিনি, চাৰি আৰু পাঁচ বছৰ বয়সৰ স্তৰৰ বাবে থকা প্ৰশ্নবোৰ আগৰ 1908 চনৰ কাঠিৰ প্ৰশ্নবোৰকে ৰখা হৈছিল। বাকী ছয়, সাত, আঠ, ন আৰু দহ বছৰ বয়সৰ স্তৰৰ বাবে ৰখা প্ৰশ্নবোৰৰ কিছু সাল-সলনি ঘটোৱা হৈছিল। 1908 চনৰ কাঠিৰ এঘাৰ বছৰ বয়সৰ স্তৰৰ বাবে থকা চাৰিটা প্রশ্ন বাৰবছৰ বয়সৰ স্তৰলৈ (আৰু এটা যোগ দি মুঠতে পাঁচটা) লৈ যোৱা হ'ল। আনহাতে আগৰ বাৰ বছৰ বয়সৰ স্তৰৰ বাবে থকা আটাইকেইটা প্রশ্ন ইয়াত পোন্ধৰ বছৰ বয়সৰ স্তৰলৈ (আগৰ সংস্কৰণত এই পোন্ধৰ বছৰ বয়সৰ স্তৰৰ বাবে ব্যৱস্থা নাছিল) লৈ অনা হ'ল। গতিকে, এই কাঠিত মাজতে এঘাৰ, তেৰ আৰু চৈধ্য বছৰ বয়সৰ স্তৰৰ বাবে কোনো প্রশ্ন অন্তর্ভুক্ত কৰা হোৱা নাছিল। এইখিনিতে এটা প্রশ্ন উত্থাপন হয়। কিয় এইকেইটা বছৰৰ বয়সৰ স্তৰৰ বাবে এই কাঠিত কোনো প্রশ্ন ৰখা হোৱা নাই? ইয়াৰ অন্তৰালত থকা উত্তৰটো হ'ল যে ল'ৰা-ছোৱালীৰ বয়স দহৰ পৰা এঘাৰলৈ বা বাৰৰ পৰা তেৰ আৰু চৈধ্য হৈ পোন্ধৰলৈ আগবাঢ়ি যাওঁতে বুদ্ধিৰ বিকাশ বৰ বিশেষ নহয়, যাক উলাই কৰিব পৰা যায়। সেইবাবে এইকেইটা বয়সৰ স্তৰৰ বাবে কোনো প্রশ্ন ৰখা হোৱা নাই।
বিনে-চাইমন কাঠিৰ 1911 চনৰ সংস্কৰণত মানসিক বয়স সম্পর্কীয় অন্য কেইটামান পৰিবৰ্তন অনা হৈছিল। 1908 চনৰ কাঠিত এজন অভীক্ষার্থীয়ে যিটো বয়সৰ স্তৰলৈকে আটাইকেইটা প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰিছিল সেই বছৰটোকে তেওঁৰ মানসিক বয়স বুলি ধৰা হৈছিল। যদি এজন 5 বছৰীয়া অভীক্ষার্থীয়ে ১ বছৰ বয়সৰ বাবে থকা আটাইকেইটা প্ৰশ্নৰ উত্তৰ দিয়াৰ উপৰি 6 বছৰ বয়সৰ বাবে থকা অন্য দুটা প্রশ্নৰো শুদ্ধ উত্তৰ দিব পাৰে তেতিয়াও তেওঁৰ মানসিক বয়স 5 বছৰ বুলিয়ে ধৰা হৈছিল। 6 বছৰ বয়সৰ বাবে থকা দুটা প্রশ্নৰো সঠিক উত্তৰ দিব পৰাৰ কাৰণে তেওঁৰ মানসিক বয়স অলপ বঢ়াই দিয়াৰ কোনো নিয়ম নাছিল। কিন্তু 1911 চনৰ বিনে-চাইমন কাঠিত তাৰ বাবে মানসিক বয়স বঢ়াই দিয়াৰ নিয়ম কৰা হ'ল। সেই অনুসৰি, প্ৰতিটো বয়সৰ স্তৰৰ বাবে (চাৰি বছৰ বয়সৰ স্তৰৰ বাহিৰে) যিহেতু পাঁচটাকৈ প্রশ্ন আছে সেইবাবে প্ৰতিটো প্রশ্নৰ শুদ্ধ উত্তৰৰ বাবে দশমিক দুই (0.2) বছৰকৈ মানসিক বয়স ধৰা হয়। যদি এজন 5 বছৰীয়া অভীক্ষাৰ্থীয়ে 5 বছৰ বয়সৰ স্তৰলৈকে থকা আটাইকেইটা স্তৰৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ উপৰি 6 বছৰ বয়সৰ স্তৰৰ দুটা আৰু 7 বছৰ বয়সৰ স্তৰৰ এটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিবলৈও সক্ষম হয় তেতিয়া তেওঁৰ মানসিক বয়স হ'ব -5 + (2 x 0.2) + (1 x 0.2) 5.6 বছৰ। 
    1911 চনৰ বিনে-চাইমন কাঠিত সন্নিৱিষ্ট প্রশ্নবোৰ এনেধৰণৰ---
 তিনি বছৰৰ স্তৰ : ১)নিজৰ নাক, চকু আৰু মুখ আঙুলিয়াই দেখুওৱা।২)ছয়টা পদাংশযুক্ত বাক্য শুনি পুনৰাবৃত্তি কৰা।৩)দুটা সংখ্যা শুনি পুনৰাবৃত্তি কৰা ৪)নিজৰ পৰিয়ালৰ অন্যান্যসকলৰ নাম কোৱা ৫)ছবিত দেখা বস্তুবোৰৰ নাম কোৱা।
  চাৰি বছৰৰ স্তৰ : ১)নিজৰ লিংগ অর্থাৎ ল'ৰানে ছোৱালী কোৱা।২)চাবি, চুৰিকটাৰী, পইচা আদিৰ নাম কোৱা।(৩) তিনিটা অংক শুনি পুনৰাবৃত্তি কৰা।৪)দুডাল সৰলৰেখা তুলনা কৰা (দৈর্ঘ্য)।
পাঁচ বছৰ স্তৰ: ১)ওজনৰ তুলনা কৰা।২)এটা বর্গক্ষেত্র নকল কৰি অকা।৩)দহটা পদাংশযুক্ত বাক্য শুনি পুনাৰাবৃত্তি কৰা।৪)চাৰিটা মুদ্রা গণনা কৰা।৫)আয়তক্ষেত্ৰৰ অর্ধাংশ সঠিকভাৱে লগ লগোৱা। 
ছয় বছৰ স্তৰ :১) ৰাতিপুৱা আৰু আবেলিৰ পাৰ্থক্য বুজি পোৱা।২) সাধাৰণ ব্যাৱহাৰিক আৰু চিনাকি বস্তুৰ সংজ্ঞা দিয়া।৩) তাচখেলৰ ৰূহিতনৰ আকৃতিটো চাই চাই অকা।৪)তেৰটা মুদ্রা গণনা কৰা।৫)দেখুওৱা ছবিৰ মাজৰ পৰা ধুনীয়া আৰু কুৎসিৎ মুখবোৰ বাছি উলিওৱা।
সাত বছৰ স্তৰ :১) সোঁফাল আৰু বাওঁফাল চিনি পোৱা।২) ছবিৰ বৰ্ণনা দিয়া ৩) তিনিবিধ কার্য সম্পাদন কৰা (একেলগে)।৪) মুদ্ৰাৰ মূল্য নির্ধাৰণ কৰা।৫) চাৰিবিধ ৰঙৰ নাম কোৱা।
আঠ বছৰ স্তৰ :১)স্মৰণৰ সহায়ত দুটা বস্তুৰ পাৰ্থক্য কোৱা।২)20ৰ পৰা ০লৈ সংখ্যাবোৰ ওলোটাকৈ গোৱা।৩) অসম্পূর্ণ ছৱিৰ অসম্পূর্ণতাখিনি আঙুলিয়াই দিয়া।৪) তাৰিখ জনা।৫) পাঁচটা অংক শুনি পুনৰাবৃত্তি কৰা।
 ন বছৰ স্তৰ : ১) ভঙনীয়া পইচাৰ হিচাপ জনা।২) কিছুমান সাধাৰণ বস্তুৰ ব্যাৱহাৰিক দিশতকৈ অলপ উচ্চ স্তৰৰ পৰা সংজ্ঞা দিয়া।৩) সকলো মুদ্রা চিনি পোৱা।৪) বছৰৰ আটাইকেইটা মাহৰ নাম একাদিক্রমে ক'ব পৰা।৫) সহজ প্রশ্ন বুজি উঠি উত্তৰ দিয়া।
দহ বছৰ স্তৰ : ১) দেখিবলৈ একে আকৃতিৰ পাঁচটুকুৰা ভিন্ন ওজনৰ কাঠ একাদিক্রমে সজোৱা।২) স্মৃতিৰ সহায়ত জ্যামিতিক চিত্র অংকন কৰা।৩) বাক্যৰ বিসংগতি আঙুলিয়াই দেখুওৱা।৪) জটিল প্রশ্ন বুজি উঠি উত্তৰ দিয়া।৫) নির্দিষ্ট শব্দ ব্যৱহাৰ কৰি বাক্য সজা। 
এঘাৰ বছৰ স্তৰৰ বাবে প্রশ্ন নাই । 
বাৰ বছৰ স্তৰ : ১) অভিভাবন নিয়ন্ত্ৰণ কৰা।২) তিনিটা শব্দেৰে বাক্য সজা।৩) তিনি মিনিটত যিকোনো 60 টা শব্দ কোৱা ৪) কিছুমান বিমূর্ত শব্দৰ সংজ্ঞা দিয়া।৫) বিশৃংখলভাৱে দিয়া বাক্যৰ অৰ্থ উলিওৱা।
তেৰ আৰু চৈধ্য বছৰ স্তৰৰ বাবে প্রশ্ন নাই।  
 পোন্ধৰ বছৰ স্তৰ : ১) সাতটা অংক শুনি পুনৰাবৃত্তি কৰা।২) নির্দিষ্ট কিছুমান শব্দৰ ছন্দ নিৰ্মাণ কৰা। ৩) 26 টা পদাংশযুক্ত বাক্য  শুনি পুনৰাবৃত্তি কৰা। ৪) ছবিৰ বাখ্যা কৰা ।৫) নিৰ্দিষ্ট পৰিঘটনা বাখ্যা আগবঢ়োৱা ।

Read More

Post Top Ad

Your Ad Spot