দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: নবম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label নবম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান. Show all posts
Showing posts with label নবম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান. Show all posts

Tuesday, August 10, 2021

ধাতু আৰু অধাতু

2:49 PM 0
১ )  মৌল কাক বোলে ? উদাহৰণ দিয়াঁ  ।
উত্তৰ  : যিবোৰ পদাৰ্থ কেৱল  একেবিধ পৰমাণু বা অণুৰ দ্বাৰা গঠিত ;  সেইবোৰ পদাৰ্থকে মৌলিক পদাৰ্থ বা মৌল  বোলা হয় ।
উদাহৰণ  : লো (Fe), অক্সিজেন (O) ,নাট্ৰজেন(N), কপাৰ(Cu), এলুমুনিয়াম( Al)  ।
2) মৌলক কেইটা ভাগত ভগাব পাৰি কি কি  ?  সূত্ৰ লিখি উদাহৰণ  দিয়া ।
উত্তৰ : মৌলিক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি । সেইকেইটা হ'ল --
ক) ধাতু :   ৰাসায়নিক বিক্ৰিয়াত যোজক কক্ষৰপৰা ইলেকট্ৰন এৰি দি ধনাত্মক আধানযুক্ত  আয়ন গঠন কৰা মৌলক ধাতু  বোলে । যেনে -- আইৰণ (Fe) ; কপাৰ (Cu); জিংক (Zn) , সোণ (Au) ,ৰূপ (Ag) ইত্যাদি । 

খ) অধাতু  : যিবোৰ মৌলই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আধানযুক্ত আয়ন সৃষ্টি কৰে , সেইবোৰ মৌলকে  অধাতু বোলে । 
উদাহৰণ :  কাৰ্বন(C), অক্সিজেন (O) , ছালফাৰ (S)  ইত্যাদি ।
গ) ধাতুকল্প : যিবোৰ মৌলত ধাতু আৰু অধাতু দুয়োটাৰ ধৰ্ম থাকে; সেইবোৰ মৌলিকে ধাতুকল্প বোলে । ধাতুকল্প ৬ টা সেইকেইটা হ'ল -- বৰণ(Br),  ছিলিকণ (Si) , জাৰমেনিয়াম (Ge), আৰ্ছেনিক(Ar) , এণ্টিমণি (Sb) , টেলুৰিয়াম (Te)   ।

 ৩) ফছফৰাছক  ঠাণ্ডা পানীত  ডুবাই ৰাখা হয় কিয় ? 
উত্তৰ : ফছফৰাছ হ'ল এবিধ অতি সক্ৰিয় অধাতু  । সাধাৰণ  উষ্ণতাৰ সংস্পৰ্শলৈ আহিলৈ বায়ুৰ  অক্সিজেনৰ( O) লগত বিক্ৰিয়া ঘটি জ্বলি উঠে  । আনহাতে, ফছফৰাছে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া  নকৰে । সেইবাবেই ফছফৰাছক  ঠাণ্ডা পানীত ডুবাই ৰাখা হয়  ।

৪) সাধাৰণ উষ্ণতাত  জুলীয়া অৱস্থাত থকা  মৌল দুবিধৰ নাম কি  কি  ? 
উত্তৰ  : সাধাৰণ  উষ্ণতাত জুলীয়া অৱস্থাত  থকা মৌল দুবিধৰ নাম হ'ল পাৰা ( Hg) আৰু  ব্ৰমিন (Br) .
 
৫) সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতু বিধৰ নাম কি ? 
উত্তৰ  : পাৰা বা মাৰকিইউৰি (Hg)।

৬)  সাধাৰণ উষ্ণতাতজুলীয়া অৱস্থাত থকা অধাতু  বিধৰ নাম      
      কি  ?
উত্তৰ : ব্ৰমিন (Br) .

৭) ধাতু  কাক বোলে ?  উদাহৰণ দিয়া । 
উত্তৰ :  ৰাসায়নিক বিক্ৰিয়াত যোজক কক্ষৰপৰা ইলেকট্ৰন এৰি দি ধনাত্মক আধানযুক্ত  আয়ন গঠন কৰা মৌলক ধাতু  বোলে । যেনে -- আইৰণ (Fe) ; কপাৰ (Cu); জিংক (Zn) , সোণ (Au) ,ৰূপ (Ag) ইত্যাদি । 

8) ধাতুৰ বৈশিষ্ট্যসমূহ লিখাঁ ।
উত্তৰ  : ধাতুৰ  বৈশিষ্ট্যসমূহ  হ'ল  ---
i) ধাতুবোৰ ঘাতসহনীয়তা । ধাতুবোৰক পাতল চেপেটা আকাৰত গঢ় দিব পৰা যায় ।
ii) ধাতুবোৰ নমনীয়তা । ধাতুবোৰক টানি মিহি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰি ।
iii) ধাতুবোৰ নিনাদী গুণবিশিষ্ট । ধাতুবোৰক  টান পদাৰ্থৰে আঘাট কৰিলে উচ্চ শব্দ সৃষ্টি হয় ।
iv ) ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী । ধাতুৰ মাজেৰে বৈদ্যুতিক আধান পাৰ হৈ যাব পাৰে ।
v ) ধাতুবোৰ উষ্ণতা বা তাপৰ সুপৰিবাহী । ধাতুবোৰৰ মাজেৰে  তাপ পৰিবাহীত হয় ।
vi) ধাতুবোৰ উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট ।
৫) ছডিয়াম আৰু পটেছিয়ামক কিয়  কেৰাচিন তেলত ডুবাই ৰখা হয়  ? 
উত্তৰ ঃ ছ'ডিয়াম আৰু পটেছিয়াম হৈছে বৰ সক্ৰিয় ধাতু । ইহঁতে অক্সিজেন আৰু পানীৰ সৈবটবটতে প্ৰৱলভাৱে বিক্ৰিয়া কৰি প্ৰচুৰ পৰিমাণে  তাপ উৎপন্ন কৰে । সেইকাৰণে  , ইহঁতক বিপদৰ পৰা  হাত হাৰিবলৈ কেৰাচিনত ডুবাই ৰখা হয় ।

                                  অধাতু 

৮) অধাতু কাক বোলে ? অধাতুৰ বৈশিষ্ট্যসমূহ লিখাঁ ।
উত্তৰ :  যিবোৰ মৌলই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আধানযুক্ত আয়ন সৃষ্টি কৰে , সেইবোৰ মৌলকে  অধাতু বোলে । 
উদাহৰণ :  কাৰ্বন(C), অক্সিজেন (O) , ছালফাৰ (S)  ইত্যাদি ।
৯) অধাতুৰ বৈশিষ্ট্যসমূহ লিখাঁ ।
উত্তৰ  : অধাতুৰ বৈশিষ্ট্যসমূহ হ'ল ---
ক) গ্ৰেফাইটৰ বাহিৰে অন্য  অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী । 
খ) অধাতুবোৰ অনমনীয় ।
গ)  অধাতুবোৰৰ চিকমিকনি নাই ।
ঘ) হাইড্ৰজেনৰ (H) বাহিৰে অন্যবোৰ  অধাতু তাপৰ কু-পৰিবাহী ঙ) ব্ৰমিনৰ বাহিৰে অন্যবোৰ অধাতু সাধাৰণ উষ্ণতাত  গোটা বা        গেছীয়  অৱস্থাত থাকে । সাধাৰণ উষ্ণতাত ব্ৰমিন জুলীয়া।            অৱস্থাত থাকে ।
চ) অধাতুবোৰ ঘনত্ব কম ।
ছ) অধাতুবোৰ নিনাদী গুণসম্পন্ন নহয় ।
জ) অধাতুবোৰ গলনাংক আৰু উতলাংক কম ।


Read More

Post Top Ad

Your Ad Spot