দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান. Show all posts
Showing posts with label দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান. Show all posts

Saturday, August 7, 2021

বৈদেশিক নীতি

4:34 PM 0
১) বৈদেশিক নীতি কাক বোলে  ? 
উত্তৰ : যি নীত অনুসৰি এখন দেশে আন এখন দেশৰ লগত  নিজৰ দেশৰ বিকাশ সমৃদ্ধি আৰু  প্ৰগতিৰ স্বাৰ্থত সম্পৰ্ক স্থাপন কৰে,  সেই নীতিকেই বৈদেশিক নীতি বোলে । 
          বৈদেশিক নীতিৰ মাধ্যমতেই  দেশসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক সৃষ্টি হয় । এখন ৰাষ্ট্ৰৰ বিশ্বৰ ৰাজনীতিত স্থান,  মৰ্য্যাদা আৰু ক্ষমতা  নিৰ্ভৰ কৰে ৰাষ্ট্ৰখনে গ্ৰহণ কৰা  বৈদেশিক নীতিৰ ওপৰত । বিশেষকৈ এখন ৰাষ্ট্ৰৰ বৈদেশিক নীতি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আভ্যন্তৰীণ আৰু  বাহ্যিক কাৰকে  গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।এখন দেশৰ সীমিত সম্পদ আৰু  নতুন ৰাজনৈতিক ব্যৱস্থাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খোপনি পুতিবলৈ হ'লে কোনো বৃহৎ শক্তিৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক স্থাপন কৰাটো  যথেষ্ট জৰুৰী । এনে পৰিপ্ৰেক্ষিততে দেশসমূহৰ মাজত বৈদেশিক নীতি গঢ় লৈ উঠে । এই নীতিসমূহ দেশৰ জনসাধাৰণৰ ইচ্ছা  ,  আকাংশা,  স্বাধীনতা আৰু  সাৰ্বভৌমত্বৰ নিৰাপত্তা,  অৰ্থনৈতিক উন্নয়ন বিকাশ আদি দিশৰ লক্ষ্য ৰাখি নিৰ্ধাৰণ কৰা হয় । 
 
Read More

Post Top Ad

Your Ad Spot