দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: শিক্ষা EDUCATION

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label শিক্ষা EDUCATION. Show all posts
Showing posts with label শিক্ষা EDUCATION. Show all posts

Thursday, November 30, 2023

বিকাশ

12:15 PM 0
বিকাশত প্ৰভাৱ পেলোৱা কাৰক:ক) বংশগতি : জন্মগতভাৱে বা জন্মসূত্ৰে শিশুটোৱে যি জৈৱিক গুণ, বিভূতি বা শক্তি পূৰ্বপুৰুষৰ পৰা লাভ কৰে, তাকে বংশগতি বোলে ।জৈৱিক আৰু মানসিক বংশগতিয়ে ব্যক্তিৰ সমগ্ৰ জীৱন কালছোৱাতে প্ৰভাৱ পেলাই থাকে ।শাৰীৰিক অৱয়ব তথা ব্যক্তিৰ দৈহিক গঠনৰ দিশটোত বংশগতিৰ প্ৰভাৱেই সৰ্বাধিক ।পিতৃ-মাতৃৰ মানসিক উৎকৃষ্টতা তথা উন্নয়নেও সন্তানৰ ব্যক্তিত্বৰ মানসিক, বৌদ্ধিক, আৰু নান্দনিক দিশত প্ৰভাৱ পেলায় ।একেদৰে সমাজৰ মাজত উপযুক্তভাৱে জীয়াই থাকিবলৈ ব্যক্তিৰ যি সামাজিক গুণাৱলীৰ প্ৰয়োজন সেই প্ৰয়োজন সামাজিক বংশগতিয়ে পূৰণ কৰে আৰু ব্যক্তিক সামাজিক কৰি গঢ়ি তোলে ।স্পষ্টভাৱে ক’ব পাৰি যে পূৰ্বপুৰুষৰ পৰা জন্মগতভাৱে পোৱা সংলক্ষণসমূহেই ব্যক্তিৰ ব্যক্তিত্বক মূলত সুস্থ ৰূপত গঢ়ি তোলে।শিশুৰ  শিক্ষাত বংশগতিৰ প্ৰভাৱ উল্লেখযোগ্য ।দৈহিক বা জৈৱিক বংশগতিতকৈ মানসিকতা বংশগতিয়ে শিক্ষাত বেছি প্ৰভাৱ পেলায় ।বুদ্ধি, ভাষিক সামৰ্থ্য শক্তি, গাণিতিক শক্তি আদি বিশেষ মানসিক শক্তিসমূহ যিবোৰ উত্তৰাধিকাৰ সূত্ৰে লাভ কৰে, সেইবোৰৰ প্ৰভাৱ ব্যক্তিৰ শৈক্ষিক বিকাশত পৰিলক্ষিত হয় ।২)পৰিৱেশ: ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰত পৰিৱেশে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।ব্যক্তিৰ বিকাশত বংশগতিয়ে মাথোন সমলহে যোগান ধৰে।এই বিকাশযোগ্য সমলখিনিৰ সদ ব্যৱহাৰ কৰাটো পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল ।সেয়েহে উন্নত মানবিশিষ্ট বংশগতিয়েও পৰিৱেশৰ আৱশ্যকীয় সুযোগ সুবিধা নাপালে তাৰ পূৰ্ণ বিকাশ আশা কৰিব নোৱাৰি ।ইয়াৰ বিপৰীতে নিম্ন মানবিশিষ্ট বংশগতিৰ লোকেও উন্নত পৰিৱেশৰ সুযোগ পালে বহু ওপৰলৈ যাব পাৰে।ব্যক্তিয়ে জন্মসূত্ৰে লাভ কৰা মানসিক শক্তি, বুদ্ধিৰ ওপৰতো পৰিৱেশৰ এক শক্তিশালী প্ৰভাৱ আছে।পৰিৱেশৰ লগত ব্যক্তিৰ সমাযোজনৰ সুস্থ আৰু অসুস্থ প্ৰভাৱৰ ওপৰতে ঘাইকৈ ব্যক্তিৰ বিকাশ নিৰ্ভৰশীল ।ব্যক্তিৰ বিকাশত মানসিক পৰিৱেশ, সামাজিক পৰিৱেশ,বিদ্যালয় পৰিৱেশ ইত্যাদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । মানসিক পৰিৱেশে ব্যক্তিক নিজৰ শক্তিৰে, দক্ষতাৰে নতুন পৰিস্থিতিত খাপ খাবলৈ ,সমস্যাৰ সমাধান আৰু বিশ্লেষণ কৰাত বিশেষভাৱে সহায় কৰে ।সামাজিক পৰিৱেশে ব্যক্তিৰ সামাজিক গুণাৱলীত অৰিহণা যোগায় ।সামাজিক প্ৰক্ৰিয়া, প্ৰতিযোগিতা, সহযোগিতা, সংঘৰ্ষ, আত্মীকৰণ আৰু উপযোজন আদি দিশৰ প্ৰসাৰতাত ব্যক্তিক সহায় কৰে সামাজিক পৰিৱেশে।শিশুৰ ইন্দিয়সমূহৰ যোগ্যতা আহৰণৰ পাছৰে পৰা শিশুৰ বিদ্যালয় শিক্ষাৰ পৰিৱেশ আৰম্ভ হয়।বিদ্যালয়ৰ শ্ৰেণী,  শিক্ষক, পাঠ্যক্ৰম, শিক্ষণ পদ্ধতি,পৰীক্ষা পদ্ধতি,  অনুসাশন ব্যৱস্থা, সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচী আদিয়ে ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে এক বহল পৰিৱেশৰ সৃষ্টি কৰে।এই শিক্ষা পৰিৱেশেই ব্যক্তিৰ মানসিক বিকাশ সাধন কৰি ভৱিষ্যত জীৱন বহু পৰিমাণে নিৰ্দ্ধাৰণ কৰে ।শিক্ষণ ক্ষমতা, বৌদ্ধিক ক্ষমতা, সামাজিক যোগ্যতা, অৰ্থনৈতিক যোগ্যতা আদি এই শিক্ষা পৰিৱেশৰপৰাই শিশুৱে আহৰণ কৰিব লাগে।শিক্ষা উপযুক্ততাই এজন লোকৰ নিকৃষ্ট বংশগতিৰো কিছুপৰিমাণে সলনি কৰিব পাৰে ।সেয়েহে ব্যক্তিৰ ভৱিষ্যত জীৱন গঢ় দি তোলাত এই শিক্ষা পৰিৱেশৰ ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি ।পৰিশেষত ক’ব পাৰি যে বংশগতি আৰু পৰিৱেশ এই দুটা শক্তিৰ সংমিশ্ৰণতে ব্যক্তিত্ব গঢ় লয়।ইহঁত বিকাশৰ এটা মুদ্ৰাৰ দুটা পিঠিহে মাত্ৰ ।
Read More

প্ৰণোদক বা অভিৰুচন

12:14 PM 0
প্ৰণোদক : আচৰণ আৰম্ভ কৰা , আচৰণ বাহাল ৰাখা বা বন্ধ কৰা আৰু আচৰণৰ দিশ নিৰ্ধাৰণ কৰাৰ হেতুবিলাককে প্ৰণোদক বোলে। 
প্ৰণোদক সৃষ্টিৰ ব্যৱস্থা: ১) আনন্দ নীতিৰ ব্যৱহাৰ: শ্ৰেণীকোঠাত শিক্ষাৰ্থীক প্ৰণোদিত কৰিবৰ বাবে শিক্ষকে আনন্দদায়ক আৰু সুখময় অভিজ্ঞতা প্ৰদান কৰিব লাগে ।এনে অভিজ্ঞতাই শিক্ষাৰ্থীক অতিৰিক্ত অধ্যয়নৰ বাবে প্ৰণোদিত কৰি তোলে।২) পুৰস্কাৰ আৰু শাস্তি প্ৰয়োগ: পুৰস্কাৰ সাধাৰণতে ইতিবাচক আৰু শাস্তি হ’ল নেতিবাচক উদগনি। সেয়ে  শ্ৰেণীকক্ষত শিক্ষাৰ্থীক অধিক পৰিমাণে প্ৰণোদিত কৰিবৰ বাবে শিক্ষকে আৱশ্যক অনুসৰি দুয়োবিধ কৌশলকে ব্যৱহাৰ কৰিব পাৰে।৩) প্ৰশংসা আৰু তিৰস্কাৰ প্ৰয়োগ: শ্ৰেণীকক্ষত শিক্ষাৰ্থীক প্ৰণোদিত কৰি ৰাখিবৰ বাবে শিক্ষকে অতি সতৰ্কতাৰে এই কৌশল ব্যৱহাৰ কৰিব লাগে। ৪)আকাংক্ষা স্তৰ: শ্ৰেণীকক্ষত শিক্ষাৰ্থীক অধিক পৰিমাণে প্ৰণোদিত কৰি ৰাখিবলৈ সিহঁতৰ আকাংক্ষাৰ স্তৰ সম্পৰ্কে জানি লৈ শিক্ষাদান কৰিলে অভিৰোচক হিচাপে শিক্ষকে সহজেই সাৰ্থকতা লাভ কৰিব লাগে।৫) প্ৰতিযোগিতা আৰু  সহযোগিতা প্ৰয়োগ  :শিক্ষাৰ্থীক শ্ৰেণীকক্ষত অধিক প্ৰণোদিত কৰি তোলাৰ ক্ষেত্ৰত প্ৰতিযোগিতা আৰু সহযোগিতা দুয়োবিধ কৌশলেই গুৰুত্বপূৰ্ণ । প্ৰতিযোগিতা যাতে সুস্থ হয় তাৰ প্ৰতি সততে শিক্ষকে মনোনিৱেশ কৰিব লাগে । ৬) প্ৰতিপুষ্টি: প্ৰতিপুষ্টি ব্যৱহাৰে শিক্ষাৰ্থীসকলক অধিক প্ৰণোদিত কৰি তোলে ।অৰ্থাৎ সঘনাই আৰু তাৎক্ষণিকভাৱে আৰ্জিত জ্ঞানৰ পৰিমাপ কৰি যাব লাগিব আৰু আৱশ্যক অনুসৰি পুনঃশিক্ষাদান কৰিব লাগে।৭) নতুনত্ব: শ্ৰেণীকক্ষত শিক্ষাৰ্থীক অধিক পৰিমাণে প্ৰণোদিত কৰি ৰাখিবলৈ শিক্ষকে সদায় নতুন কৌশল ব্যৱহাৰ কৰি, পাঠৰ লগত সংগতি ৰাখি দৃশ্য-শ্ৰব্য সঁজুলি ব্যৱহাৰ কৰি শিক্ষাদান কৰিলেও শিশু সোনকালে প্ৰণোদিত হয়। ৮) লক্ষ্য নিৰ্ধাৰণ: মানুহৰ প্ৰণোদনৰ ক্ষেত্ৰত লক্ষ্য নিৰ্ধাৰণ এক গুৰুত্বপূৰ্ণ উপকৰণ । সেয়ে শিক্ষকে শিক্ষাৰ্থীসকলৰ আগত শিক্ষণীয় বিষয়বস্তুৰ লক্ষ্য উল্লেখ কৰিলে শিক্ষাৰ্থীৰ মনত শিকিব বাবে বা কৰিবলৈ অভিপ্ৰায় জাগি উঠিব।৯) ক্ষতিকাৰক পন্থা পৰিহাৰ কৰা  : শিক্ষকে শিক্ষাৰ্থীসকলক শ্ৰেণীকক্ষত প্ৰণোদিত কৰি ৰাখিবলৈ সামান্য পৰিমাণেহে উদ্বেগ, উৎকণ্ঠা আদি সৃষ্টি কৰিব লাগে । কাৰণ মাত্ৰাধিক উদ্বেগ বা উৎকণ্ঠাই শিক্ষাৰ্থীৰ সংজ্ঞাত্মক প্ৰক্ৰিয়াত ব্যাঘাত জন্মায়। ১০) বাস্তৱ জীৱন আৰু প্ৰতীকীয় আৰ্হিৰ উপস্থাপন: শিক্ষাৰ্থীক শ্ৰেণীকক্ষত অধিক অভিৰোচিত কৰি তুলিবলৈ শিক্ষকে তেওঁৰ দৃষ্টিভংগী আৰু আদৰ্শ, জীৱন-যাপন, লিখিত আৰু কথিত উপস্থাপন তথা শ্ৰৱণ দৰ্শন সঁজুলি আদি কৌশল প্ৰয়োগ কৰিব লাগে ।
শিকণৰ স্থানান্তৰণ বা সঞ্চালনৰ অৰ্থ  :  শিকনৰ স্থানান্তৰণ মানে হ’ল পূৰ্বৰ শিক্ষণে নতুন শিক্ষণত পেলোৱা প্ৰভাৱ ।
সংজ্ঞা  : L.Crow and A Crow ৰ মতে,”শিক্ষণৰ স্থানান্তৰণ হ’ল কোনো এটা কামৰ সেই অভিজ্ঞতা বা ক্ৰিয়া ক্ষমতা যি পাছৰ ক্ৰিয়াক প্ৰভাৱিত কৰে ।“ ২)হাৰ্বাট চৰিনচনৰ মতে, “স্থানান্তৰণ কোনো এক পৰিস্থিতিত আয়ত্ব কৰা জ্ঞান, প্ৰশিক্ষণ আৰু অভ্যাস আন এটা পৰিস্থিতিলৈ লৈ যোৱাকে বুজায়।“ 
স্থানান্তৰণৰ প্ৰকাৰ: ১) ধনাত্মক স্থানান্তৰণ ২) ঋণাত্মক স্থানান্তৰণ ৩) শূণ্য স্থানান্তৰণ 
১) ধনাত্মক স্থানান্তৰণ: আগেয়ে লাভ কৰা শিক্ষণ অভিজ্ঞতাই পাছত নতুন বিষয় আৰু পৰিস্থিতিৰ সম্মুখীন হোৱাত সহায় কৰিলে তেনে পৰিস্থিতিক ইতিবাচক স্থানান্তৰণ বোলে। যেনে –বাইক চলোৱা অভ্যাস গাড়ী চলাবলৈ শিকাত ।২) ঋণাত্মক স্থানান্তৰণ: আগেয়ে শিকা কোনো শিকন অভিজ্ঞতাই পাছত নতুন বিষয় শিকাত সহায় কৰি বাধা জন্মালে তেনে স্থানান্তৰণ ঋণাত্মক স্থানান্তৰণ বোলা হয়।যেনে – বুট জোতা পিন্ধি ফুটবল খেলা ছাত্ৰই খালি ভৰিৰে ফুটবল খেলিবলৈ টান পাব। গ) শূণ্য স্থানান্তৰণ: প্ৰথম শিকনৰ বিষয়বস্তুৱে দ্বিতীয় বিষয়বস্তুৰ শিকনত কোনো প্ৰকাৰে সহায়ো নকৰে বাবে কোনো প্ৰকাৰে বাধাও নজন্মায় তেনেধৰণৰ স্থানান্তৰণক শূণ্য স্থানান্তৰণ বোলে।যেনে- ক্ৰিকেট খেলিবলৈ শিকা ল’ৰা এজনে আয়ত্ব কৰা জ্ঞান, কৌশল, অভ্যাস আৰু মনোভাৱে কম্পিউটাৰ শিকাত কোনো ধৰণৰ ভাল বা বেয়া প্ৰভাৱ নেপেলায় ।ই হ’ল শূণ্য স্থানান্তৰণ ।
শিক্ণৰ স্থানান্তৰণ শিক্ষকৰ ভূমিকা: শিকণৰ স্থানান্তৰণ ধনাত্মক বা ঋণাত্মক হোৱাটো শিক্ষকৰ ভূমিকাৰ ওপৰত নিৰ্ভৰ কৰে শিক্ষাৰ্থীয়ে বিদ্যালয়ত আহৰণ কৰা জ্ঞান, অভিজ্ঞতা, কৌশল, মনোভাৱ, সহযোগিতা, প্ৰতিযোগিতা, সামাজিকতা, সহিষ্ণুতা ইত্যাদি গুণবোৰ বৰ্তমান আৰু ভৱিষ্যত জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ সঞ্চালিত হয়। শিক্ষকে শিক্ষাৰ্থীসকলৰ এই গুণবোৰ স্থানান্তৰণ ঢ়াবলৈকে শিক্ষাদানৰ ক্ষেত্ৰত তলত উল্লেখ কৰা দিশসমূহৰ ওপৰত গুৰুত্ব দিব পাৰে। সেয়া হ’ল –১) শিক্ষণীয় বিষয়বস্তুৰ লক্ষ্য, উদ্দেশ্য আৰু প্ৰয়োজনীয়তাৰ সম্পৰ্কে শিক্ষকসকল পৰিচিত হ’ব লাগে ।২) শিক্ষকে পাঠ্যক্ৰমৰ বিষয়বস্তুৰ নিৰ্বাচন কৰোঁতে কোনবোৰ অংশৰ শিক্ষা জীৱনৰ বাবে বেছি স্থানান্তৰ কৰা দৰকাৰ তাত বেছি গুৰুত্ব দিব লাগে ।৩) প্ৰতিটো বিষয়ৰে বিভিন্ন অংশৰ মাজত শিক্ষকে সহ-সম্বন্ধ নীতি প্ৰয়োগ কৰি শিক্ষা দিব লাগে ।৪) শিক্ষকৰ অধ্যয়নৰ প্ৰতিটো বিষয়ৰ প্ৰতি বহল, উদাৰ আৰু আগ্ৰহৰ মনোভাৱ থাকিব লাগিব ।৫) সমস্যা সমাধান পদ্ধতি, আলোচনা পদ্ধতি, প্ৰশ্নোত্তৰ পদ্ধতি আদি পদ্ধতি ব্যৱহাৰ কৰি শিক্ষকে শিক্ষাদান কৰিব লাগে ।৬) শিক্ষকে পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰোঁতে আৰ্জিত জ্ঞান প্ৰয়োগ কৰাৰ সামৰ্থ্য জুখিব পৰা প্ৰশ্ন বেছিকৈ দিব লাগে ।7)শিক্ষৰ্থীৰ ব্যক্তিগত পাৰ্থক্যৰ প্ৰতি শিক্ষকে গুৰুত্ব দিব লাগিব ।৮) শিক্ষাদানৰ বেলিকা শিক্ষকে শিক্ষাদানৰ বিধিসমূহক প্ৰয়োগ কৰিব লাগে ।
স্মৃতি : অতীত অভিজ্ঞতাক অবিকল ৰূপত সচেতন মনত পুনৰ উদ্ৰেক কৰা মানসিক প্ৰক্ৰিয়াকে স্মৃতি বোলে। 
স্মৃতি সংজ্ঞা: ১)উইলিয়াম মেক ডুগেলৰ মতে,”সীমিত বা সংকীৰ্ণ অৰ্থত স্মৃতি বা স্মৰণ কাৰ্য হৈছে অতীতত পোৱা অভিজ্ঞতা অনুসৰি কোনো ঘটনাক মনত কল্পনা কৰা ।“ ২) উদৱৰ্থ আৰু ৰ্মাকুইচৰ মতে, “পূৰ্বে শিকা কথা পুনঃস্মৰণ কৰাতেই স্মৃতি নিহিত থাকে।এই কথা কোৱা ভাল যে স্মৃতি পূৰ্বে শিকা বিষয়ৰ অভিজ্ঞতা সংৰক্ষণ আৰু পুনঃস্মৰণ কৰা কাৰ্য ।“
স্মৃতিৰ উপাদান: ১) শিকন বা অভিজ্ঞতা আহৰণ: অভিজ্ঞতা আহৰণ বা আয়ত্বকৰণ হ’ল স্মৃতিৰ প্ৰধান উপাদান ।কাৰণ প্ৰত্যক্ষ ইন্দ্ৰিয় অভিজ্ঞতাৰ দ্বাৰা আহৰণ নকৰা কোনো কথা বা বিষয়ক স্মৰণ কৰাটো অসম্ভৱ ।সেয়ে স্মৃতিৰ বাবে শিকণ প্ৰয়োজন ।২) অভিজ্ঞতা আহৰণ:  প্ৰাপ্ত শিক্ষণ বা অভিজ্ঞতাসমূহক অচেতন মনত সংৰক্ষণ কৰি ৰাখিব পাৰিলেহে প্ৰয়োজন সাপেক্ষে সেইবোৰক পুনৰুদ্ৰেক কৰিব পৰা যায় ।সেয়ে অভিজ্ঞতা সংৰক্ষণ স্মৃতিৰ আন এটা গুৰুত্বপূৰ্ণ উপাদান ।৩) পুনঃস্মৰণ: আৰ্জিত অভিজ্ঞতাক মনৰ মাজত সংৰক্ষিত কৰি ৰাখি প্ৰতিৰূপৰ সহায়ত চেতন মনৰ পুনৰুদ্ৰেক বা পুনৰুদ্ধাৰ কৰা প্ৰক্ৰিয়াই হ’ল পুনস্মৰণ।ই আৰ্জিত অভিজ্ঞতাক সবল কৰি ৰাখে আৰু প্ৰয়োজন সাপেক্ষে অপৰিৱৰ্ত্তিত ৰূপত চেতন মনত পুনৰাই দাঙি ধৰাত সহায় কৰে । স্মৃতিৰ বৈশিষ্ট্য  :  ১) স্মৃতি হ’ল অতীত অভিজ্ঞতাক অবিকল ৰূপত পুনৰুদ্ৰেক কৰা এক মানসিক প্ৰক্ৰিয়া ।২) স্মৃতি এক উচ্চ স্তৰীয় মানসিক কাৰ্য।৩) স্মৃতি সচেতন মনত উদ্ৰেক হোৱা এক পূৰ্ব অভিজ্ঞতা । ৪) স্মৃতি কাৰ্য্যত অভিজ্ঞতাৰ মানসিক নিৰ্বাচনৰ প্ৰভাৱ দেখা যায় । ৫) স্মৃতি কাৰ্য্যত ব্যক্তিৰ অচেতন মনৰ প্ৰভাৱ পৰে।

Read More

বুদ্ধি

12:13 PM 0
১) বুদ্ধি সংজ্ঞা  : ১) আলফ্ৰেড বিনম্ৰ মতে,” বুদ্ধি হ’ল ভালকৈ বিচাৰ কৰা, ভালকৈ যুক্তি দৰ্শোৱা আৰু ভালকৈ হৃদয়াঙ্গম কৰাৰ ক্ষমতা ।‘ ২) L.M.Termanৰ মতে ,” বিমূৰ্ত চিন্তন ক্ষমতাই বুদ্ধি।“ ৩) উইলিয়াম ষ্টাৰ্ণৰ ভাষাত, “জীৱনৰ নতুন সমস্যা আৰু পৰিস্থিতিৰ লগত ব্যক্তিৰ সাধাৰণভাৱে সমাযোজন কৰিব পৰা ক্ষমতাই বুদ্ধি ।“ ৪) ষ্টাৰ্ণৰ মতে,”বুদ্ধি হৈছে নতুন পৰিস্থিতি আৰু সমস্যাৰ সৈতে খাপ খুউৱাৰ এক ক্ষমতা ।‘ ওপৰৰ সংজ্ঞা সমূহৰ পৰা ধাৰণা লৈ ক’ব পাৰি যে বুদ্ধি হ’ল এক সাধাৰণ মানসিক ক্ষমতা বা যোগ্যতা,  যি ইয়াৰ অধিকাৰীক শিকা ,বুজা আৰু যুক্তি প্ৰদৰ্শন কৰা কাৰ্যত সমৰ্থবান কৰি নতুন পৰিৱেশৰ,লগত  সমাযোজন হোৱাত সহায় কৰে ।
বুদ্ধিৰ বৈশিষ্ট্য  : ১) বুদ্ধি  হ’ল এক সাধাৰণ মানসিক ক্ষমতা ।২) বুদ্ধি হ’ল এক অমূল্য চিন্তনৰ ক্ষমতা ।৩) বুদ্ধি হ’ল শিকাৰ সামৰ্থ ।৪) বুদ্ধিৰ পৰিসৰ অতি ব্যাপক ।৫) বুদ্ধিৰ প্ৰভাৱ অপৰিৱৰ্ত্তনীয় আৰু  স্থিতিশীল ।৬)বুদ্ধি হ’ল এক জন্মগত বা সহজাত ক্ষমতা ।৭) বুদ্ধিৰ ক্ষেত্ৰত ব্যক্তি বৈষম্য লক্ষ্য কৰা যায় ।৮)বুদ্ধিক বস্তুনিষ্ঠভাৱে পৰিমাপ কৰাতো সহজ নহয় ।৯) বুদ্ধি  সৰ্বব্যাপকতা ।১০)বুদ্ধি  হৈছে নতুন পৰিস্থিতিৰ লগত সমাযোজনৰ এক কৌশল।১১) বুদ্ধি হৈছে বিগত অভিজ্ঞতাৰ পৰা শিকনীয় ক্ষমতাৰ লগতে বিমূৰ্ত চিন্তা কৰিব পৰা এক কৌশল ।
বুদ্ধিৰ প্ৰকাৰসমূহ: মনোবিদ এডৱাৰ্ড লী থৰ্ণডাইকে বুদ্ধিক বহলভাৱে তিনিটা ভাগত ভাগ কৰিছে ।সেইবোৰ হ’ল—১) মূৰ্ত বা বাস্তৱ বা বস্তুবাচক বুদ্ধি: বাস্তৱ জগতৰ মূৰ্ত বস্তু, বিষয় আৰু পৰিস্থিতি সম্বন্ধে প্ৰয়োগ কৰা বুদ্ধিকে বাস্তৱ বা বস্তুবাচক বুদ্ধি বোলে। বাস্তৱ জগতৰ ব্যৱহাৰিক কাৰ্যকলাপত এইবিধ বুদ্ধিক প্ৰয়োগ কৰা হয় বাবে ইয়াক প্ৰয়োগিক বুদ্ধি বুলিও কোৱা হয় ।এই বুদ্ধি হাতৰ কৌশল আৰু অন্যান্য শাৰীৰিক কাৰ্যকলাপত প্ৰকাশ পায় । ক্ৰিয়াসম্পাদনমূলক অভীক্ষাৰ দ্বাৰা এইবিধ বুদ্ধিৰ পৰিমাপ কৰা হয় । খ) বিমূৰ্ত বা ভাৱাত্মক বুদ্ধি:  পাৰ্থিব বস্তু অবৰ্তমানতো ব্যক্তিয়ে যি বুদ্ধি প্ৰয়োগ কৰি নানা ধাৰণা মনৰ ভিতৰতে যুকিয়াই তুলনা কৰি আৰু বিভিন্ন ধৰণেৰে সজাই নানা সিদ্ধান্তত উপনীত হ’ব পাৰে , তেনে বুদ্ধিকে ভাৱাত্মক বুদ্ধি বোলা হয় ।শব্দ, বাক্য, ধাৰণা, সূত্ৰ, গাণিতিক প্ৰতীক আদিক এনে বুদ্ধিসম্পন্ন ব্যক্তিয়ে মনৰ ভিতৰতে সজাই আৰু তুলনা কৰি প্ৰকৃত সিদ্ধান্তত উপনীত হ’ব পাৰে ।ষ্টেণ্ডফোৰ্ড বিনে বুদ্ধি অভীক্ষাই  এইবিধ বুদ্ধি পৰিমাপন কৰে। গ)সামাজিক বুদ্ধি  :  সমাজৰ মানুহৰ লগত যি বুদ্ধি প্ৰয়োগ কৰি ভাৱৰ আদান-প্ৰদান কৰাৰ লগতে আচৰণ আৰু মনোভাৱ বিশ্লেষণ কৰিব পাৰে, তাকে সামাজিক বুদ্ধি বুলি কোৱা হয় ।এই বুদ্ধিয়ে ব্যক্তিক সমাযোজন স্থাপন কৰা, সুস্থ ব্যক্তিত্বক গঢ় দিয়া আৰু সমাজক নেতৃত্ব দিয়া আদিত সহায় কৰে ।
বুদ্ধিক প্ৰভাৱিত কৰা দিশসমূহ :  ক) বংশগতি : প্ৰজনন জৰিয়তে সংলক্ষণ এক পুৰুষৰ পৰা পিছৰ পুৰুষলৈ সঞ্চাৰণ হোৱা প্ৰক্ৰিয়াকে বংশগতি বুলি কোৱা হয় ।বুদ্ধিৰ ওপৰত বংশগতিৰ প্ৰভাৱ অপৰিহাৰ্যতালৈ লক্ষ্য কৰিলে দেখা যায় যে শিশুৰ বুদ্ধিৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ বৃত্তি আৰু  সামাজিক  মৰ্য্যাদাৰ এক ঘনিষ্ঠ সম্পৰ্ক থাকে ।যিসকল পিতে-মাতৃয়ে উন্নত শ্ৰেণীৰ বৃত্তি অনুসৰণ কৰে,তেওঁলোকৰ সন্তানবোৰো উন্নত বুদ্ধি সম্পন্ন হয় ।ইয়াৰ পৰাই বুদ্ধিৰ ওপৰত যে বংশগতিৰ প্ৰভাৱ অপৰিহাৰ্য তাক উপলব্ধি কৰিব পাৰি । খ)পৰিৱেশ: বুদ্ধিৰ বিকাশত পৰিৱেশেও অৰিহণা যোগায় ।উপযুক্ত  সামাজিক,  সাংস্কৃতিক, নৈতিক, শৈক্ষিক আদি পৰিৱেশে শিশুৰ বুদ্ধিৰ বিকাশত অৰিহণা যোগায় ।দৃষ্টান্তস্বৰূপে, এখন উন্নত ঠাই বা উন্নত চুবুৰীত বসবাস কৰা,  ডাঙৰ-দীঘল হোৱা শিশুৰ মানসিক বিকাশ যিদৰে ঘটে, অনুপযুক্ত ঠাই বা চুবুৰীত বসবাস কৰা শিশুৰ মানসিক বিকাশ সেইদৰে নঘটে । গ) ঘৰ,বা পৰিয়াল: ঘৰখনেই হৈছে শিশুৰ সামাজিক জীৱনৰ প্ৰথম প্ৰদক্ষেপ আৰু এনেখন একমাত্ৰ ঠাই য’ত ল’ৰা-ছোৱালীক পুষ্টিকৰ আহাৰ, অধ্যয়নৰ বাবে সা-সৰঞ্জাম আৰু বিকাশৰ বাবে প্ৰয়োজনীয় অনুকূল পৰিবেশ প্ৰদান কৰা হয় । যিখন ঘৰে ল’ৰা-ছোৱালীৰ,বুদ্ধি বিকাশৰ বাবে তেওঁলোকৰ বুদ্ধি প্ৰয়োগ কৰি কিছুমান সমস্যা সমাধানৰ কাৰণে উৎসাহ আৰু সুবিধা দিয়ে, তেনে ঘৰৰ ল’ৰা-ছোৱালী সাধাৰণতে বুদ্ধিমান হোৱা দেখা যায় ।কাৰণ বুদ্ধি প্ৰয়োগ কৰিব পৰা কামবোৰ ল’ৰা-ছোৱালীক স্বৰ্তঃস্ফূৰ্তভাৱে আৰু মুক্তভাৱে কৰিবলৈ সুবিধা দিলে তেওঁলোকে সেইবোৰ নিজাকৈ সমাধান কৰিবলৈ যাওঁতে নিজেই নতুন নতুন বুদ্ধি প্ৰয়োগ কৰিব পাৰে।ফলত বুদ্ধি বিকাশ সম্ভৱ হৈ উঠে। ঘ) বিদ্যালয় : উপযুক্ত বিদ্যালয়ত শিক্ষাৰ্থীৰ বুদ্ধি বিকাশ উন্নত হয় ।কাৰণ বিদ্যালয়ৰ দৃঢ় নীতি-নিয়মৰ জৰিয়তে শিক্ষাৰ্থীৰ মাজত বৌদ্ধিক জীৱনৰ বাবে প্ৰয়োজনীয় নানান সু-অভ্যাস গঢ়ি উঠে।বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু শিক্ষাদান পদ্ধতি বিজ্ঞানসন্মত অথচ সহজ আৰু ৰসাল কৰি অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিলে শিক্ষাৰ্থীৰ শাৰিৰীক,  মানসিক আৰু আৱেগিক এই তিনিও দিশত সমানে বিকাশ লাভ কৰিব পাৰে । ঙ) সমাজ আৰু  সম্প্ৰদায় : ল’ৰা-ছোৱালী ডাঙৰ হৈ অহাৰ লগে লগে পৰিয়ালৰ পৰা ওলাই আহি ক্ৰমে সমাজৰ দ্বাৰা প্ৰভাৱিত হয় । সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ক্ৰিয়া-কল্পনা,ধ্যান-ধাৰণা,ধৰ্ম-বিশ্বাস, ভাষা-সংস্কৃতি, উৎসৱ-পাৰ্বন আদি ব্যৱস্থাই সমাজৰ ল’ৰা-ছোৱালীৰ মানসিক শক্তিৰ উৎকৰ্ষ সাধনত যথেষ্ট প্ৰভাৱ পেলায় ।সেয়ে এখন উন্নত সমাজৰ ল’ৰা-ছোৱালীবোৰৰ ধ্যান-ধাৰণা, চিন্তা-চৰ্চাও উন্নত মানদণ্ডৰ হয়।যিখন সমাজত সদায় সৃজনাত্মক, গঠনাত্মক বৌদ্ধিক দিশৰ চিন্তা-চৰ্চাও থাকে সেইখন সমাজৰ ল’ৰ-ছোৱালীবিলাকেও সেইবোৰ শিকিবলৈ সুবিধা পায় আৰু সেইবোৰৰ সহায় লৈ নতুন নতুন চিন্তা-চৰ্চা আৰু বুদ্ধিৰ প্ৰয়োগেৰে নতুন সৃষ্টিত অৱদান আগবঢ়াব পাৰে ।আনহাতে যিখন সমাজ বা সম্প্ৰদায়ে পৰম্পৰাগত অন্ধবিশ্বাস বশৱৰ্তী হৈ তাকে অনুকৰণ কৰি থাকে সেইখন সমাজত বাস কৰা ল’ৰা-ছোৱালীৰ বুদ্ধি বিকাশ উন্নত হোৱাৰ সম্ভাৱনা কম। গতিকে সামাজিক পৰিৱেশ,  সামাজিক মানদণ্ড আদিয়ে সেই সমাজৰ ল’ৰা-ছোৱালীৰ বৌদ্ধিক আৰু মানসিক দিশৰ সুস্থ বিকাশত যথেষ্ট প্ৰভাৱ পেলায় ।

Read More

Post Top Ad

Your Ad Spot