প্ৰণোদক : আচৰণ আৰম্ভ কৰা , আচৰণ বাহাল ৰাখা বা বন্ধ কৰা আৰু আচৰণৰ দিশ নিৰ্ধাৰণ কৰাৰ হেতুবিলাককে প্ৰণোদক বোলে।
প্ৰণোদক সৃষ্টিৰ ব্যৱস্থা: ১) আনন্দ নীতিৰ ব্যৱহাৰ: শ্ৰেণীকোঠাত শিক্ষাৰ্থীক প্ৰণোদিত কৰিবৰ বাবে শিক্ষকে আনন্দদায়ক আৰু সুখময় অভিজ্ঞতা প্ৰদান কৰিব লাগে ।এনে অভিজ্ঞতাই শিক্ষাৰ্থীক অতিৰিক্ত অধ্যয়নৰ বাবে প্ৰণোদিত কৰি তোলে।২) পুৰস্কাৰ আৰু শাস্তি প্ৰয়োগ: পুৰস্কাৰ সাধাৰণতে ইতিবাচক আৰু শাস্তি হ’ল নেতিবাচক উদগনি। সেয়ে শ্ৰেণীকক্ষত শিক্ষাৰ্থীক অধিক পৰিমাণে প্ৰণোদিত কৰিবৰ বাবে শিক্ষকে আৱশ্যক অনুসৰি দুয়োবিধ কৌশলকে ব্যৱহাৰ কৰিব পাৰে।৩) প্ৰশংসা আৰু তিৰস্কাৰ প্ৰয়োগ: শ্ৰেণীকক্ষত শিক্ষাৰ্থীক প্ৰণোদিত কৰি ৰাখিবৰ বাবে শিক্ষকে অতি সতৰ্কতাৰে এই কৌশল ব্যৱহাৰ কৰিব লাগে। ৪)আকাংক্ষা স্তৰ: শ্ৰেণীকক্ষত শিক্ষাৰ্থীক অধিক পৰিমাণে প্ৰণোদিত কৰি ৰাখিবলৈ সিহঁতৰ আকাংক্ষাৰ স্তৰ সম্পৰ্কে জানি লৈ শিক্ষাদান কৰিলে অভিৰোচক হিচাপে শিক্ষকে সহজেই সাৰ্থকতা লাভ কৰিব লাগে।৫) প্ৰতিযোগিতা আৰু সহযোগিতা প্ৰয়োগ :শিক্ষাৰ্থীক শ্ৰেণীকক্ষত অধিক প্ৰণোদিত কৰি তোলাৰ ক্ষেত্ৰত প্ৰতিযোগিতা আৰু সহযোগিতা দুয়োবিধ কৌশলেই গুৰুত্বপূৰ্ণ । প্ৰতিযোগিতা যাতে সুস্থ হয় তাৰ প্ৰতি সততে শিক্ষকে মনোনিৱেশ কৰিব লাগে । ৬) প্ৰতিপুষ্টি: প্ৰতিপুষ্টি ব্যৱহাৰে শিক্ষাৰ্থীসকলক অধিক প্ৰণোদিত কৰি তোলে ।অৰ্থাৎ সঘনাই আৰু তাৎক্ষণিকভাৱে আৰ্জিত জ্ঞানৰ পৰিমাপ কৰি যাব লাগিব আৰু আৱশ্যক অনুসৰি পুনঃশিক্ষাদান কৰিব লাগে।৭) নতুনত্ব: শ্ৰেণীকক্ষত শিক্ষাৰ্থীক অধিক পৰিমাণে প্ৰণোদিত কৰি ৰাখিবলৈ শিক্ষকে সদায় নতুন কৌশল ব্যৱহাৰ কৰি, পাঠৰ লগত সংগতি ৰাখি দৃশ্য-শ্ৰব্য সঁজুলি ব্যৱহাৰ কৰি শিক্ষাদান কৰিলেও শিশু সোনকালে প্ৰণোদিত হয়। ৮) লক্ষ্য নিৰ্ধাৰণ: মানুহৰ প্ৰণোদনৰ ক্ষেত্ৰত লক্ষ্য নিৰ্ধাৰণ এক গুৰুত্বপূৰ্ণ উপকৰণ । সেয়ে শিক্ষকে শিক্ষাৰ্থীসকলৰ আগত শিক্ষণীয় বিষয়বস্তুৰ লক্ষ্য উল্লেখ কৰিলে শিক্ষাৰ্থীৰ মনত শিকিব বাবে বা কৰিবলৈ অভিপ্ৰায় জাগি উঠিব।৯) ক্ষতিকাৰক পন্থা পৰিহাৰ কৰা : শিক্ষকে শিক্ষাৰ্থীসকলক শ্ৰেণীকক্ষত প্ৰণোদিত কৰি ৰাখিবলৈ সামান্য পৰিমাণেহে উদ্বেগ, উৎকণ্ঠা আদি সৃষ্টি কৰিব লাগে । কাৰণ মাত্ৰাধিক উদ্বেগ বা উৎকণ্ঠাই শিক্ষাৰ্থীৰ সংজ্ঞাত্মক প্ৰক্ৰিয়াত ব্যাঘাত জন্মায়। ১০) বাস্তৱ জীৱন আৰু প্ৰতীকীয় আৰ্হিৰ উপস্থাপন: শিক্ষাৰ্থীক শ্ৰেণীকক্ষত অধিক অভিৰোচিত কৰি তুলিবলৈ শিক্ষকে তেওঁৰ দৃষ্টিভংগী আৰু আদৰ্শ, জীৱন-যাপন, লিখিত আৰু কথিত উপস্থাপন তথা শ্ৰৱণ দৰ্শন সঁজুলি আদি কৌশল প্ৰয়োগ কৰিব লাগে ।
শিকণৰ স্থানান্তৰণ বা সঞ্চালনৰ অৰ্থ : শিকনৰ স্থানান্তৰণ মানে হ’ল পূৰ্বৰ শিক্ষণে নতুন শিক্ষণত পেলোৱা প্ৰভাৱ ।
সংজ্ঞা : L.Crow and A Crow ৰ মতে,”শিক্ষণৰ স্থানান্তৰণ হ’ল কোনো এটা কামৰ সেই অভিজ্ঞতা বা ক্ৰিয়া ক্ষমতা যি পাছৰ ক্ৰিয়াক প্ৰভাৱিত কৰে ।“ ২)হাৰ্বাট চৰিনচনৰ মতে, “স্থানান্তৰণ কোনো এক পৰিস্থিতিত আয়ত্ব কৰা জ্ঞান, প্ৰশিক্ষণ আৰু অভ্যাস আন এটা পৰিস্থিতিলৈ লৈ যোৱাকে বুজায়।“
স্থানান্তৰণৰ প্ৰকাৰ: ১) ধনাত্মক স্থানান্তৰণ ২) ঋণাত্মক স্থানান্তৰণ ৩) শূণ্য স্থানান্তৰণ
১) ধনাত্মক স্থানান্তৰণ: আগেয়ে লাভ কৰা শিক্ষণ অভিজ্ঞতাই পাছত নতুন বিষয় আৰু পৰিস্থিতিৰ সম্মুখীন হোৱাত সহায় কৰিলে তেনে পৰিস্থিতিক ইতিবাচক স্থানান্তৰণ বোলে। যেনে –বাইক চলোৱা অভ্যাস গাড়ী চলাবলৈ শিকাত ।২) ঋণাত্মক স্থানান্তৰণ: আগেয়ে শিকা কোনো শিকন অভিজ্ঞতাই পাছত নতুন বিষয় শিকাত সহায় কৰি বাধা জন্মালে তেনে স্থানান্তৰণ ঋণাত্মক স্থানান্তৰণ বোলা হয়।যেনে – বুট জোতা পিন্ধি ফুটবল খেলা ছাত্ৰই খালি ভৰিৰে ফুটবল খেলিবলৈ টান পাব। গ) শূণ্য স্থানান্তৰণ: প্ৰথম শিকনৰ বিষয়বস্তুৱে দ্বিতীয় বিষয়বস্তুৰ শিকনত কোনো প্ৰকাৰে সহায়ো নকৰে বাবে কোনো প্ৰকাৰে বাধাও নজন্মায় তেনেধৰণৰ স্থানান্তৰণক শূণ্য স্থানান্তৰণ বোলে।যেনে- ক্ৰিকেট খেলিবলৈ শিকা ল’ৰা এজনে আয়ত্ব কৰা জ্ঞান, কৌশল, অভ্যাস আৰু মনোভাৱে কম্পিউটাৰ শিকাত কোনো ধৰণৰ ভাল বা বেয়া প্ৰভাৱ নেপেলায় ।ই হ’ল শূণ্য স্থানান্তৰণ ।
শিক্ণৰ স্থানান্তৰণ শিক্ষকৰ ভূমিকা: শিকণৰ স্থানান্তৰণ ধনাত্মক বা ঋণাত্মক হোৱাটো শিক্ষকৰ ভূমিকাৰ ওপৰত নিৰ্ভৰ কৰে শিক্ষাৰ্থীয়ে বিদ্যালয়ত আহৰণ কৰা জ্ঞান, অভিজ্ঞতা, কৌশল, মনোভাৱ, সহযোগিতা, প্ৰতিযোগিতা, সামাজিকতা, সহিষ্ণুতা ইত্যাদি গুণবোৰ বৰ্তমান আৰু ভৱিষ্যত জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ সঞ্চালিত হয়। শিক্ষকে শিক্ষাৰ্থীসকলৰ এই গুণবোৰ স্থানান্তৰণ ঢ়াবলৈকে শিক্ষাদানৰ ক্ষেত্ৰত তলত উল্লেখ কৰা দিশসমূহৰ ওপৰত গুৰুত্ব দিব পাৰে। সেয়া হ’ল –১) শিক্ষণীয় বিষয়বস্তুৰ লক্ষ্য, উদ্দেশ্য আৰু প্ৰয়োজনীয়তাৰ সম্পৰ্কে শিক্ষকসকল পৰিচিত হ’ব লাগে ।২) শিক্ষকে পাঠ্যক্ৰমৰ বিষয়বস্তুৰ নিৰ্বাচন কৰোঁতে কোনবোৰ অংশৰ শিক্ষা জীৱনৰ বাবে বেছি স্থানান্তৰ কৰা দৰকাৰ তাত বেছি গুৰুত্ব দিব লাগে ।৩) প্ৰতিটো বিষয়ৰে বিভিন্ন অংশৰ মাজত শিক্ষকে সহ-সম্বন্ধ নীতি প্ৰয়োগ কৰি শিক্ষা দিব লাগে ।৪) শিক্ষকৰ অধ্যয়নৰ প্ৰতিটো বিষয়ৰ প্ৰতি বহল, উদাৰ আৰু আগ্ৰহৰ মনোভাৱ থাকিব লাগিব ।৫) সমস্যা সমাধান পদ্ধতি, আলোচনা পদ্ধতি, প্ৰশ্নোত্তৰ পদ্ধতি আদি পদ্ধতি ব্যৱহাৰ কৰি শিক্ষকে শিক্ষাদান কৰিব লাগে ।৬) শিক্ষকে পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰোঁতে আৰ্জিত জ্ঞান প্ৰয়োগ কৰাৰ সামৰ্থ্য জুখিব পৰা প্ৰশ্ন বেছিকৈ দিব লাগে ।7)শিক্ষৰ্থীৰ ব্যক্তিগত পাৰ্থক্যৰ প্ৰতি শিক্ষকে গুৰুত্ব দিব লাগিব ।৮) শিক্ষাদানৰ বেলিকা শিক্ষকে শিক্ষাদানৰ বিধিসমূহক প্ৰয়োগ কৰিব লাগে ।
স্মৃতি : অতীত অভিজ্ঞতাক অবিকল ৰূপত সচেতন মনত পুনৰ উদ্ৰেক কৰা মানসিক প্ৰক্ৰিয়াকে স্মৃতি বোলে।
স্মৃতি সংজ্ঞা: ১)উইলিয়াম মেক ডুগেলৰ মতে,”সীমিত বা সংকীৰ্ণ অৰ্থত স্মৃতি বা স্মৰণ কাৰ্য হৈছে অতীতত পোৱা অভিজ্ঞতা অনুসৰি কোনো ঘটনাক মনত কল্পনা কৰা ।“ ২) উদৱৰ্থ আৰু ৰ্মাকুইচৰ মতে, “পূৰ্বে শিকা কথা পুনঃস্মৰণ কৰাতেই স্মৃতি নিহিত থাকে।এই কথা কোৱা ভাল যে স্মৃতি পূৰ্বে শিকা বিষয়ৰ অভিজ্ঞতা সংৰক্ষণ আৰু পুনঃস্মৰণ কৰা কাৰ্য ।“
স্মৃতিৰ উপাদান: ১) শিকন বা অভিজ্ঞতা আহৰণ: অভিজ্ঞতা আহৰণ বা আয়ত্বকৰণ হ’ল স্মৃতিৰ প্ৰধান উপাদান ।কাৰণ প্ৰত্যক্ষ ইন্দ্ৰিয় অভিজ্ঞতাৰ দ্বাৰা আহৰণ নকৰা কোনো কথা বা বিষয়ক স্মৰণ কৰাটো অসম্ভৱ ।সেয়ে স্মৃতিৰ বাবে শিকণ প্ৰয়োজন ।২) অভিজ্ঞতা আহৰণ: প্ৰাপ্ত শিক্ষণ বা অভিজ্ঞতাসমূহক অচেতন মনত সংৰক্ষণ কৰি ৰাখিব পাৰিলেহে প্ৰয়োজন সাপেক্ষে সেইবোৰক পুনৰুদ্ৰেক কৰিব পৰা যায় ।সেয়ে অভিজ্ঞতা সংৰক্ষণ স্মৃতিৰ আন এটা গুৰুত্বপূৰ্ণ উপাদান ।৩) পুনঃস্মৰণ: আৰ্জিত অভিজ্ঞতাক মনৰ মাজত সংৰক্ষিত কৰি ৰাখি প্ৰতিৰূপৰ সহায়ত চেতন মনৰ পুনৰুদ্ৰেক বা পুনৰুদ্ধাৰ কৰা প্ৰক্ৰিয়াই হ’ল পুনস্মৰণ।ই আৰ্জিত অভিজ্ঞতাক সবল কৰি ৰাখে আৰু প্ৰয়োজন সাপেক্ষে অপৰিৱৰ্ত্তিত ৰূপত চেতন মনত পুনৰাই দাঙি ধৰাত সহায় কৰে । স্মৃতিৰ বৈশিষ্ট্য : ১) স্মৃতি হ’ল অতীত অভিজ্ঞতাক অবিকল ৰূপত পুনৰুদ্ৰেক কৰা এক মানসিক প্ৰক্ৰিয়া ।২) স্মৃতি এক উচ্চ স্তৰীয় মানসিক কাৰ্য।৩) স্মৃতি সচেতন মনত উদ্ৰেক হোৱা এক পূৰ্ব অভিজ্ঞতা । ৪) স্মৃতি কাৰ্য্যত অভিজ্ঞতাৰ মানসিক নিৰ্বাচনৰ প্ৰভাৱ দেখা যায় । ৫) স্মৃতি কাৰ্য্যত ব্যক্তিৰ অচেতন মনৰ প্ৰভাৱ পৰে।
No comments:
Post a Comment