দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: দশম শ্ৰেণী

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label দশম শ্ৰেণী. Show all posts
Showing posts with label দশম শ্ৰেণী. Show all posts

Friday, May 15, 2020

প্ৰশস্তি

12:46 PM 0

                                     প্ৰশস্তি

                                                ৰঘুনাথ চৌধাৰী

  ঊষাৰ কুঙ্কুম ৰাগে  ৰঞ্জিলে  বসুধা
                   দশোদিশে উদ্ভাসিত কৰি,
  নৱ কিশলয়দলে  চামৰ  ধুলাই 
                   প্ৰকৃতিক আনিলে  সাদৰি  ।
  কবি চিত্তহাৰী  যত ফুল্ল  কুসুমৰ      
                  আনন্দত প্ৰাণ  টল্মল্ ,   
  মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও
                 দিছে নাচি প্ৰেম-পৰিমল ।
উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰ
                 ছন্দভৰা সুমধুৰ তান----
জল স্থল অন্তৰীক্ষ সকলোতে যেন
             দেৱতাৰ মহা অভিযান ।
কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ
             শেষ হ'ল মহা কালৰাত্ৰি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
             উঠা যত মুক্তি  পথযাত্ৰী ।
মোহন কীচক বেণু অনাহত ছন্দে
             গায় মহামহিমৰ গান --
মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ
             সুন্দৰৰ কৰা ৰূপধ্যান ।

শব্দাৰ্থ আৰু টোকা:

অন্তৰীক্ষ  : আকাশ,শূন্য; যাক পৃথিৱী আৰু সূৰ্য্য মাজত       
                     দেখা যায় ।
ঊষা           : সূৰ্য
ঋত্বিক        : ঋতুযাজক, পুৰোহিত ।
কালৰাত্ৰি   : আন্ধাৰ ৰাতি ।
কিশলয়      : কুঁহিপাত, গজালি, কোঁহ ।
কীচক বেণু : কীচক বাঁহ, সেই বাঁহেৰে নিৰ্মিত বাঁহী ।
কুঙ্কম           : প্ৰসাধন সামগ্ৰী বিশেষ ।
কুসুম           : পুষ্প, ফুল ।
ক্লেদ             : গেলা মলযুক্ত পানী ।
চামৰ           : চোঁৱৰ, চুঁৱৰী পহুৰ নেজৰ মুঠা ।
চিত্তহৰী        : মন-প্ৰাণ হৰি নিয়া ।
তন্ত্ৰালস       : শ্ৰান্ত ক্লান্ত, টোপনি যোৱা অৱস্হা ।
তেজি          : ত্যাগ কৰি ।
তান            : সুৰ , ৰাগ ।
দীৰ্ণ              : ভাগি-ছিগি যোৱা, বিদাৰিত ।
পৰিমল        : সুগন্ধ ।
পুঞ্জীভূত       : সঞ্চিত ।
ফুল্ল               : ফুলি উঠা, পাহি মেলা ফুল ।
বসুধা            : পৃথিৱী, বসুমতী, ধৰা,ধৰণী ।
বিহঙ্গ             : চৰাই ,পক্ষী ।
মহামহিম       : অতিশয় গৌৰৱান্বিত ,বৰ মান্য, খ্যাতিমন্ত ।
ৰঞ্জিলে          : ৰঙীণ কৰিলে, পোহৰ কৰিলে ।

প্ৰশ্নাৱলী  :

ভাৱ- বিষয়ক :
১) অতি চমু উত্তৰ দিয়া ।
ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?
উত্তৰ: ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায় ।

খ) ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ  নাম  লিখা ।
উত্তৰ: ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হ'ল --সাদৰি, কেতেকী ।

গ) প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কৈছে ?
উত্তৰ: প্ৰকৃতিক নতুন কুঁহিপাতে সাদৰি আনিলে বুলি কৈছে ।

ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল  যচা  বুলি  কৈছে  ?
উত্তৰ: মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কৈছে ।

ঙ) জল ,স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে?
উত্তৰ:জল,স্থল আৰু  অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।

চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উত্তৰ: মহামহিমৰ গান কীচক বেণুৱে গায় বুলি কৈছে ।

২) ' প্ৰশস্তি ' কবিতাটিত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখাঁ ।
উত্তৰ: 'প্ৰশস্তি ' কবিতাটিত কবিয়ে প্ৰকৃতিৰ সূৰ্য,সূৰ্যৰ কীৰণ, আকাশ, বৃক্ষ ,চৰাই-চিৰিকটি, বোকা, দিবা,নিশা, ফুল,কীচক বাঁহ ,মানুহ আদিক টানি আনিছে ।

৩) 'প্ৰশস্তি ' কবিতাটিত কবিয়ে কিয় কাৰ প্ৰশস্তি কৰিছে  ?
উত্তৰ: 'প্ৰশস্তি 'কবিতাটিত কবিয়ে সুন্দৰৰ(ঈশ্বৰৰ) প্ৰশস্তি কৰিছে ।
          কবিয়ে পুৱাৰ বেলিৰ পোহৰে পোহৰাই তোলা বসুধাত  আকাশে-বতাহে দশোদিশে বিয়পি পৰা সৌন্দৰ্য্যক প্ৰত্যক্ষৰিত হৈ অভিভূত হৈ পৰিছে আৰু কবিৰ প্ৰাণ আনন্দৰে পৰিপূৰ্ণ হৈ পৰিছে । সুন্দৰৰ এনে সৃষ্টিত কবিয়ে এখন ন সাজেৰে সজাই তোলা ধৰাক বিচাৰি পাইছে । সেইবাবেই কবিয়ে কবিতাটিত প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি কৰিছে ।

৪) প্ৰশস্তি কবিতাটিত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখাঁ ।
উত্তৰ: প্ৰশস্তি কবিতাটিত পুৱাৰ বেলিৰ কিৰণত জলমলাই উঠা প্ৰকৃতিৰ প্ৰতিটো উপাদান কবিৰ দৃষ্টিত এক নতুন ৰূপত ধৰা দিছে ।গছে-বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে ।চৌদিশে গছে ন কুঁহিপাত মেলিছে ।পাহি মেলি মেলি ফুলবোৰ ফুলিছে আৰু চৰাই-চিৰিকটিয়ে সুমধুৰ গীত জুৰিছে।গছ- বৃক্ষ, ফুল-লতাৰ হাঁহি আৰু চৰাই-চিৰিকটিৰ ছন্দোময় গীতবোৰ যেন হৈ পৰিছে পৃথিৱীলৈ অহা দেৱতাৰ আৱাসনী সংগীত ।মোহন কীচক বেণুত সুন্দৰৰ আৰাধনাৰ নতুন সৃষ্টিৰ সুৰ বাজি উঠিছে ।এনে এক পৰীৱেশত প্ৰকৃতিৰ বুকুত আপোনা- আপোনি বাজি উঠিছে সুন্দৰৰ  সাধনাৰ মন্ত্ৰোচ্চাৰণ । এনেদৰে প্ৰশস্তি কবিতাটিত প্ৰকৃতিৰ সুধাৰ মাজত সুন্দৰৰ সাধনা লুকাই আছে ।

5) 'প্ৰশস্তি ' কবিতাটিৰ মূলভাৱ  লিখাঁ।(২০২০HSLC)
উত্তৰ: 'প্ৰশস্তি ' কবিতাটিত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে ।
            পুৱাৰ সূৰুযৰ পোহৰে বসুধাৰ দশোদিশ পোহৰাই তোলাৰ লগে লগে বসুধাত গছ-বনে প্ৰকৃতিক  ন সাজেৰে সজাই  তুলিছে । গছৰ নতুন কুঁহিপাতে প্ৰকৃতিক আদৰি আনিছে । চৌদিশে ফুলি থকা মন-প্ৰাণ কাঢ়ি নিয়া ফুলবোৰৰ প্ৰাণ আনন্দত অস্থিৰ হৈ পৰিছে । মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেমৰ সৌৰভ বিলাই দিছে । বনৰ চৰাইৰ ছন্দভৰা  সুমধুৰ সুৰ গছ-বৃক্ষৰ শীৰে শীৰে প্ৰৱাহিত হৈ পৰিছে । এনে সুমিষ্ট পৰিৱেশত জল,স্থল আৰু অন্তৰীক্ষ সকলোতে দেৱতাৰ আগমন   ঘটিছে । ইয়াৰ ফলস্বৰূপে বসুধাৰ বুকুত আৰু প্ৰকৃতিৰ কোলাত সিঁচৰিত হৈ থকা সকলো কদৰ্যতা, কুলষ-কালিমা নাশ হৈ মহাকালৰাত্ৰিৰ সমাপ্তি ঘটিছে আৰু অনাহত ছন্দত মোহন কীচক বেণুত খ্যাতিমন্ত গীত বাজি উঠে ।সেয়ে কবিয়ে মুক্তি পথৰ যাত্ৰী পুৰুহিত, যোগী তথা অমৃতৰ পুত্ৰ মানুহক তন্দ্ৰা মোহ  ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান কৰিছে ।
                এনেদৰে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে প্ৰকাশ পোৱা  চিৰসুন্দৰৰ আৰাধনাই হৈছে কবিতাটিৰ মূলভাৱ ।

৬)  ' উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
             উঠা যত মুক্তি  পথযাত্ৰী ।'
     ---------- কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে  বুজাই লিখাঁ ।
উত্তৰ:      পুৱাৰ  সূৰ্যোদয়ে  পোহৰাই  তোলা  বসুধাত  প্ৰকৃতিৰ দশোদিশ  উজ্জ্বলিত  হৈ  পৰিছে  ।  নতুন  কুঁহিপাতে  প্ৰকৃতিক আদৰি আনিছে । ফুলি উঠা ফুলবোৰে কবিৰ  মন-প্ৰাণ  হৰি  নি কবিক আনন্দত মতলীয়া  কৰিছে । চৰাই-চিৰিকটিয়ে ছন্দোময় গীতেৰে  পৃথিৱীলৈ  দেৱতাক  আহ্বান  কৰিছে  ।  দেৱতাইও পৃথিৱীৰ এনে সৌন্দৰ্যত মুগ্ধ হৈ মাটি,পানী, আকাশ সকলোতে অভিযান কৰিছে আৰু দেৱতাসকলে  সকলোকে আশিস দান কৰি  ক্লেদ-কদৰ্যতাৰে  ভৰা  মহাকালৰাত্ৰি  বিনাশ  কৰি  এটি অমৃতময় কাল আদৰি আনিছে । সেইবাবে কবিয়ে এনে সুধাময় পৰিৱেশক  স্বাগতম  জনাইছে  আৰু  হৃদয়ত সুন্দৰৰ আৰাধনা কৰি মুক্তি পথৰ  যাত্ৰী  ঋষি, যোগী  তথা  অমৃতৰ পুত্ৰ  মানুহক টোপনিৰ পৰা উঠি প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যত বিলিন হৈ থকা সুন্দৰতাখিনি   হৃদয়েৰে   উপলব্ধি   কৰি   সুন্দৰক  আৰাধনা কৰিবলৈ আহ্বান জনাইছে ।

৭) সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা ।
উত্তৰ:  প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । ঊষাৰ কুঙ্কুম ৰাগে উজ্জ্বলাই তোলা ধৰিত্ৰীত গছে-বনে প্ৰকৃতিক ন সাজেৰে সজাই তোলা লগতে ফুল্ল ফুলবোৰৰ মন-প্ৰাণত আনন্দৰ উল্লাসে ঘেৰি ধৰিছে । চৌদিশে সিঁচৰতি হৈ থকা চৰাই-চিৰিকটিৰ সুমধুৰ মাতে যেন সকলোতে দেৱতাৰ আগমন ঘটিছে তাৰে বতৰা দিছে । সেয়ে কবিয়ে ভক্তবৃন্দ তথা অমৃতৰ পুত্ৰ মানুহক তন্দ্ৰা মোহ ত্যাগ কৰি কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰি সুন্দৰৰ ৰূপ  ধ্যান কৰিবলৈ  আহ্বান কৰিছে ।

৮) ব্যাখ্যা কৰা:
ক) উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰ
               ছন্দভৰা সুমধুৰ তান,
      জল স্থল অন্তৰীক্ষ সকলোতে যেন
               দেৱতাৰ মহা অভিযান ।

উত্তৰ:  উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্যৰ  অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত 'প্ৰশস্তি ' কবিতাটিৰ পৰা তুলি অনা হৈছে ।
             উদ্ধৃত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে সূৰ্য পোহৰে বিকশিত কৰি তোলা পুৱতি পুৱাৰ প্ৰকৃতিৰ সৌন্দৰ্য্যতাৰ কথা প্ৰকাশ কৰিছে ।
                পুৱাৰ সূৰ্যোদয়ৰ লগে লগে জলমলাই উঠা প্ৰকৃতিৰ মোহনীয় সৌন্দৰ্যই কবিৰ মনক অভিভূত কৰিছে ।পুৱতি চৰাই-চিৰিকটিয়ে জুৰা গীত গছ-গছনিৰ শীৰ্ষত এক মধুময় সুৰেৰে বাজি উঠে ।বিহঙ্গৰ এনে মধুময় গীতৰ সুৰত দেৱতাসকল মুগ্ধ হৈ পানী,মাটি,আকাশ সকলোতে অভিযান চলায় ।তেওঁলোকে প্ৰকৃতিৰ এনে এক মায়াময় ধুনীয়া পৰিৱেশত অমৃতৰ সন্তান মানুহলৈ বৰিষণ কৰে মঙ্গলময়তাৰ আৰ্শীবাদ ।
                      -------------×××××---------::-:

খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভুত ক্লেদ
                শেষ হ'ল মহা কালৰাত্ৰি,
      উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ
                  উঠা মুক্তি পথযাত্ৰী ।

উত্তৰ:  উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্যৰ  অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত 'প্ৰশস্তি ' কবিতাটিৰ পৰা তুলি অনা হৈছে ।
             উদ্ধৃত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰি সকলোৰে অন্তৰত বিৰাজ হৈ থকা চিৰ সুন্দৰক উপলব্ধি কৰিবলৈ আহ্বান জনাইছে।
            পুৱাৰ সূৰ্যোদয়ে পোহৰাই তোলা বসুধাৰ প্ৰকৃতিৰ দশোদিশ উদ্ভাসিত  হৈ পৰিছে । নতুন কুঁহিপাতে প্ৰকৃতিক আদৰি আনিছে । ফুলি উঠা ফুলবোৰে কবিৰ মন-প্ৰাণ হৰি নি কবিক আনন্দত মতলীয়া কৰিছে । চৰাই-চিৰিকটিয়ে ছন্দোময় গীত জুৰি পৃথিৱীলৈ দেৱতাক আহ্বান কৰিছে । দেৱতায়েও পৃথিৱীৰ এনে সৌন্দৰ্যত মুগ্ধ হৈ মাটি ,পানী , আকাশ সকলোতে অভিযান কৰিছে আৰু দেৱতাসকলে সকলোকে আশিস দান কৰি ক্লেদ-কদৰ্যতাৰে ভৰা মহাকালৰাত্ৰি বিনাশ কৰি এটি অমৃতময় কাল আদৰি আনিছে । সেইবাবে কবিয়ে এনে সুধাময় পৰিৱেশক স্বাগতম জনাই হৃদয়ত সুন্দৰৰ আৰাধনা কৰি মুক্তি পথৰ যাত্ৰী ঋষি,যোগী তথা অমৃতৰ পুত্ৰ মানুহক টোপনিৰপৰা উঠি প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যত বিলিন হৈ থকা সুন্দৰতাখিনি হৃদয়েৰে উপলব্ধি কৰিবলৈ আহ্বান জনাইছে ।

                           -------- ----------××××××--------------------

Read More

Friday, August 23, 2019

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

5:34 PM 0
৭) ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা ।
 উত্তৰ: পথৰুঘাটৰ ধেৱা ব্ৰিটিছৰ  বিৰুদ্ধে অসমৰ কৃষকসকলে কৰা অন্তিম বিদ্ৰোহ  আছিল ।১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে  অসমৰ দৰং জিলাৰ মংগলদৈ চহৰৰ পৰা  প্ৰায় ১৬ কি:মি: পশ্চিমত অৱস্হিত পথৰুঘাট নামে ঠাইত স্হানীয় কৃষকসকলে বৰ্ধিত হাৰত ভূমিৰ খাজনা বৃদ্ধি তথা খাজনা নিদিয়া  কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰা কাৰ্যত প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ আৰু কৃষকসকলৰ মাজত সংঘটিত হোৱা বিদ্ৰোহকে পথৰুঘাটৰ ধেৱা বুলি কোৱা হয়।
    ১৮৯৪ চনৰ ২৮ জানুৱাৰী  তাৰিখে সম্পত্তি ক্ৰোক্ কৰিবলৈ  যোৱা  পুলিচ অধীক্ষক  বেৰিংটনক 200 জন ক্ষুব্ধ কৃষকে আগুৰি ধৰিছিল ।বেৰিংটনে কোনোমতে উত্তেজিত কৃষকসকলৰ মাজৰ পৰা সাৰি আহি  জিৰণি  শিবিৰত থকা জিলাধিপতি এণ্ডাৰচনক ঘটনাৰ সবিশেষ জনোৱা কেইঘণ্টামানৰ পাছতে প্ৰায় ২০০০উত্তেজিত কৃষক আহি জিৰণি শিবিৰত  উপস্থিত হৈছিল ।
         কৃষকসকলে বিভিন্ন ধ্বনি দি ব্ৰিটিছৰ আগত প্ৰতিবাদ আৰম্ভ কৰি খাজনা কমাবলৈ দবী উত্থাপন কৰিছিল ।কিন্তু  উপয়ুক্ত  এণ্ডাৰছনে কৃষকসকলৰ দাবীক স্বীকাৰ কৰাৰ বিপৰীতে তেওঁলোকক তাৰ পৰা ঘৰাঘৰি যাবলৈ নিৰ্দেশ দিছিল ।আনহাতে কৃষকসকলে নিজৰ স্থিতি অটল ৰাখি প্ৰতিবাদ কৰি থকাত এণ্ডাৰছনে বেৰিংটনক শক্তি প্ৰয়োগ কৰি আঁতৰাই পঠিয়াবলৈ দিয়া নিৰ্দেশানুযায়ী বেৰিংটনে শক্তি প্ৰয়োগ কৰি আঁতৰাই পঠিয়াবলৈ প্ৰয়াস কৰোঁতে কৃষকসকল উত্তেজিত হৈ দলি-চপৰা, লাঠি-ফৰ্মুতি মাৰি প্ৰত্যুত্তৰ দিছিল ।দলি-চপৰাৰ খুন্দাত পুলিচ-মিলিটাৰি, প্ৰশাসনিক বিষয়া কোনেও চকু মেলিব পৰা নাছিল ।ক্ৰমশঃ পৰিস্হিতি উত্তেজনাপূৰ্ণ  হৈ পৰাত জিলাধিপতি এণ্ডাৰছনে  বেৰিংটনক  দিয়া  নিৰ্দেশানুযায়ী চৰকাৰী বাহিনীয়ে বেৰিংটনৰ আৰ্দেশমৰ্মে কৃষকসকলৰ ওপৰত গুলি চালনা কৰিছিল ।ইয়াৰ পৰিণতিস্বৰূপে বেচৰকাৰী হিচাপ অনুযায়ী থিতাতে ১৪০ জন কৃষকৰ মৃত্যু আৰু ১৫০ জন কৃষক আহত হৈছিল ।আনহাতে, চৰকাৰী হিচাপ অনুসাৰে ১৫ জনৰ মৃত্যু আৰু ৩৭জন আহত হৈছিল ।সেইবাবে পথৰুঘাটক অসমৰ জালিয়ানৱালাবাগ বুলি  আখ্যা দিয়া  হয়। পথৰুঘাটৰ সংঘটিত  হোৱা এই ঘটনাকে পথৰুঘাটৰ ধেৱা বা দলিৰণ বুলি কোৱা হয় ।
Read More

Thursday, August 22, 2019

A Letter to God

10:53 PM 0
                                A Letter to God 

1)  Where was Lencho's house situated ?
ans : Lencho's house was situated on the creast of a low hill.

2) What was  Lencho's wife doing ? 
Ans: Lencho's wife was coocking supper.

3) What was Lencho's older son doing ?
Ans : Lencho's older sons were working in the cornfield near their house.
Read More

Wednesday, August 21, 2019

জিকিৰ

8:55 PM 0
১)জিকিৰৰ ৰচক কোন ?
উত্তৰ: জিকিৰৰ ৰচক  আজান ফকিৰ ।
২) আজান  ফকিৰ প্ৰকৃত নাম কি ?
উত্তৰ: আজান ফকিৰ প্ৰকৃত নাম  হ'ল হজৰত চাহ মিলন ।
৩)জিকিৰবোৰক  কিহৰ লগত  তুলনা কৰিব পাৰি ?
উত্তৰ: জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিমূলক গীতৰ লগত তুলনা কৰিব পাৰি ।
৪) 'জিকিৰ ' শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰ: 'জিকিৰ ' শব্দটো আৰবী ভাষাৰ 'জিকৰ' শব্দৰ পৰা  ওলাইছে ।
৫)  জিকিৰ কাক বোলে ?
উত্তৰ: ইছলাম ধৰ্মৰ তত্ব, আদৰ্শ আৰু আচাৰ-নীতিৰ মৌলিক ভাৱ-চিন্তা প্ৰকাশক  তথা ভক্তিমূলক গীতসমূহকে জিকিৰ বুলি  কোৱা  হয় ।
৬) 'মুনিন'  শব্দৰ অৰ্থ কি  ?
উত্তৰ: 'মুনিন ' শব্দৰ অৰ্থ  হ'ল বিশ্বাসী  মুছলমান।
৭) 'ৰহম' শব্দৰ অৰ্থ কি  ?
উত্তৰ: 'ৰহম' শব্দৰ অৰ্থ হ'ল  'দয়া ' ।
৮) জিকিৰ মূলভাৱ লিখাঁ ।
উত্তৰ: আজান ফকিৰৰ দ্বাৰা  ৰচিত 'জিকিৰ 'গীতটিৰ মাজেৰে আল্লাৰ স্বৰূপ,মন তথা আত্মাৰ প্ৰকৃতি আৰু  আল্লাক  লাভ কৰাৰ পথ দাঙি ধৰা হৈছে ।
        গীতিকাৰে আল্লাক দয়াৰ অধিকাৰী বুলি সম্বোধন কৰি তেওঁক নিৰাপদে সংসাৰ সমুদ্ৰ  পাৰ কৰি নিবলৈ আল্লাৰ  ওচৰত  মিনতি কৰিছে । তেওঁৰ  নিজৰ অস্হিৰ মনক আল্লাৰ নাম স্মৰণ কৰিবলৈ আৰু গুৰুৰ চৰণত শৰণ ল'বলৈকো আহ্বান জনাইছে । যিদৰে পানীত তৃষ্ণাৰ গুণ আৰু জুইত জাৰ দূৰ কৰিব পৰা গুণ নিহিত  হৈ থাকে, ঠিক সেইদৰে এজন প্ৰকৃত মুছলমানৰ অন্তৰতো ভগৱানৰ দূত বিৰাজ মান হৈ থাকে বুলি গীতিকাৰে কৈছে ।কিন্তু  পানীৰ পিয়াহত আতুৰ জনে  পানীৰ অস্তিত্ব আৰু জ্বাৰত কঁপি থকা জনে জুইৰ অস্তিত্ব কথা নাজানিলে তেওঁৰ তৃষ্ণা আৰু জাৰৰ  কঁপনি দূৰ কৰিবলৈ প্ৰয়োজনীয় বস্তুক  হাবাথুৰি খালেও বিচাৰি নাপায় ।ঠিক তেনেদৰে  মায়াত আৱদ্ধ মানুহে নিজৰ  হৃদয়তে বিৰাজ মন হৈ থকা ভগবানক চিনি নাপায় মক্কা, তিৰবেনি আদি ঠাইত ভগবানক বিচাৰি হাবাথুৰি খায়।মানুহৰ  আত্মা  সঁজাত বন্দী হৈ থকা এটা মইনা চৰাইৰ সদৃশ ।সামান্য সুৰুঙা পালেই  সঁজাৰ মইনা  হাবিলৈ  উৰি গুচি  যায় ।একেদৰে আত্মায়ো কোনো এক মূহুৰ্তত মানৱ দেহ ত্যাগ কৰি গুচি  যায় ।আত্মাই দেহ পৰিত্যাগ কৰাৰ পাছত মানুহৰ দেহটোৰ বিলাই নোহোৱা  হয় ।
     ওপৰোক্ত সাবলিল বৰ্ণনাখিনিয়েই  হৈছে  জিকিৰ  গীতটিৰ মূলভাৱ ।
Read More

Post Top Ad

Your Ad Spot