(2) জাতি আৰু জাতিয়তাৰ মাজৰ সাদৃশ্যসমূহ লিখা ।
উত্তৰঃ জাতি আৰু জাতিয়তাৰ মাজৰ সাদৃশ্যসমূহ হ’ল
(১) 'জাতি' আৰু 'জাতীয়তা' দুয়োটা শব্দ মূল লেটিন শব্দ (Natio) ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে জন্ম বা বংশ। সেয়ে প্রথম অৱস্থাত দুয়োটা শব্দই একে বংশত জন্মগ্রহণ কৰা লোককে বুজাইছিল।
(২) বর্তমান জাতি আৰু জাতীয়তা দুয়োটা শব্দৰ অৰ্থৰ পৰিসৰ বৃদ্ধি পাইছে।
(৩) জাতি আৰু জাতীয়তাৰ উপাদানসমূহৰ ক্ষেত্রতো সামঞ্জস্য থকা দেখিবলৈ পোৱা যায়। বংশগত ঐক্য, ভাষাগত ঐক্য, ধর্মীয় ঐক্য, ভৌগোলিক অখণ্ডতা, অর্থনৈতিক প্রয়োজন, উমৈহতীয়া ইতিহাস আৰু ঐতিহ্য আদি জাতি আৰু জাতীয়তা উভয়ৰে উপাদান।
(৪) জাতি আৰু জাতীয়তা দুয়ো সাধাৰণ জনসমাজৰ দ্বাৰা গঠিত হয়।
(৫) জাতি গঢ়াৰ পথত জাতীয়তা হ'ল প্রধান পদক্ষেপ।
(3) জাতি আৰু জাতীয়তাৰ মাজত থকা পার্থক্যসমূহ লিখা ।
উত্তৰ : জাতি আৰু জাতীয়তাৰ মাজত থকা পার্থক্যসমূহ হ'ল- (ⅰ) জাতিয়ে ৰাজনৈতিক সংগঠনক বুজায়। কিন্তু জাতীয়তাৰ লগত ৰাজনৈতিক সংগঠন জড়িত নহয়।
(ii) জাতি হৈছে জনসাধাৰণৰ দ্বাৰা সংগঠিত এটা একতাবদ্ধ গোট। কিন্তু জাতীয়তা এটা মনস্তাত্বিক ধাৰণা।
(iii) জাতি সাংস্কৃতিক ধাৰণা নহয়। আনহাতে জাতীয়তা এটা সাংস্কৃতিক ধাৰণা।
(iv) জাতিৰ ভৌগোলিক পৰিসৰ সীমিত। কিন্তু জাতীয়তাবাদৰ ভৌগোলিক পৰিসৰ বিস্তৃত।
(v) জাতি গঠনৰ বাবে সার্বভৌমত্বৰ প্ৰয়োজন। আনহাতে জাতীয়তাৰ বাবে সার্বভৌমত্বৰ প্ৰয়োজন নহয়।
(vi) জাতি হৈছে জাতীয়তাৰ পৰৱৰ্তী স্তৰ।জাতীয়তা গঠনৰ পাচতহে জাতি গঠন হয়।
(vii) জনসমষ্টি আৰু অৰাজনৈতিক ঐক্যই জাতীয়তা গঠন কৰে। আনহাতে, জনসমষ্টি, জাতীয়তা আৰু ৰাজনৈতিক সচেতনতাই জাতি গঠন কৰে।
No comments:
Post a Comment