দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: চুমু টোকা

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label চুমু টোকা. Show all posts
Showing posts with label চুমু টোকা. Show all posts

Thursday, May 27, 2021

নৰকাখুৰৰ কিছু কথা

1:12 PM 0
*** নৰকাসুৰ ৰজা ***
       ************

        নৰকাসুৰৰ পিতৃ বিষ্ণু আৰু মাতৃ ভূমি দেৱী ( পৃথিৱী) ৷ বিষ্ণুৱে বৰাহ ( গাহৰি )  অৱতাৰ লওঁতে বিষ্ণুৰ ঔৰসত ভূমি দেৱীৰ গৰ্ভত নৰকাসুৰৰ জন্ম হয় ৷ তেওঁ কামাখ্যা দেৱীৰ ভক্ত আছিল ৷ নৰকাসুৰে কামাখ্যা দেৱীক সদায় পূজা কৰিছিল ৷
          এদিন নৰকাসুৰে কামাখ্যা দেৱীক  প্ৰাৰ্থনা কৰি ক’লে --- " হে ’ দেৱী , তুমি যদি মোৰ ভক্তিত সন্তুষ্ট হৈছা ,  মোক দেখা দিয়া ৷ "
ভক্তৰ ভক্তিত সন্তুষ্ট হৈ দেৱীয়ে দেখা দিলে ৷ দেৱীৰ ৰূপ দেখি নৰকাসুৰ মোহিত হ’ল ৷ তেওঁ কামাখ্যা দেৱীক বিয়াৰ প্ৰস্তাৱ দিলে ৷ তেতিয়া দেৱীয়ে ক’লে --- "  তুমি যদি কাইলৈ ৰাতিপুৱাৰ আগতে কামাখ্যা মন্দিৰলৈ  অহা - যোৱা কৰা শিলৰ খট্ খটি (চিৰি)  বনাব পাৰা , তেতিয়া মই তোমালৈ বিয়া হ’ম ৷ "
নৰকাসুৰ মান্তি হ’ল ৷ তেওঁ অসুৰবোৰক আদেশ দিলে খট্ খটি বনাবলৈ ৷ ৰাতিৰ ভিতৰত খট্ খটিৰ কাম শেষ হওঁ হওঁ হ’ল ৷ দেৱীয়ে দেখিলে কথা বিষম ৷ তেওঁ ভবাই নাছিল  নৰকাসুৰে কামটো কৰিব পাৰিব বুলি ৷ কামাখ্যা দেৱীয়ে লগে লগে মায়া কৰি কুকুৰা এটাৰ সৃষ্টি কৰিলে ডাক্ দিবলৈ ৷ কুকুৰাই ও দিলে ডাক্ ৷ দেৱীয়ে নৰকাসুৰক দেখা দি ক’লে ---" ৰাতি পুৱাল ৷ তুমি মোৰ কথা ৰাখিব নোৱাৰিলা ৷"
নৰকাসুৰে খঙতে কুকুৰাটো খেদি খেদি কাটিলে ৷ সেই ঠাইক কুকুৰা কটা বুলি কয় ৷ নৰকাসুৰে বনোৱা খট্ খটিৰ নাম  " মেখেলা উজুৱা " ৷ ( আগতে ভক্তসকল সেই খট্ খটিয়েদি কামাখ্যা মন্দিৰলৈ অহা যোৱা কৰিছিল ৷ )

          নৰকাসুৰ বৰ অত্যাচাৰী আছিল ৷ তেওঁ স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰক খেদি নিজে ৰজা হৈছিল ৷ বিষ্ণুৱে পত্নী সত্যভমাক লগত লৈ গৰুড়ৰ পিঠিত উঠি যুদ্ধ কৰি নৰকাসুৰক বধ কৰে ৷ইয়াৰ পাছত নৰকাসুৰৰ পুতেক ভগদত্তক বিষ্ণুৱে প্ৰাগজ্যোতিষৰ ৰজা পাতে ৷ ভগদত্তৰ জীয়েক ভানুমতীক কৌৰৱৰ পুত্ৰ দুৰ্যোধনে বিয়া পাতিছিল ৷ কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই কৌৰৱৰ হস্তীবাহিনী পৰিচালনা কৰিছিল ৷

                                  ***********
Read More

Post Top Ad

Your Ad Spot