নৰকাখুৰৰ কিছু কথা - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Thursday, May 27, 2021

নৰকাখুৰৰ কিছু কথা

*** নৰকাসুৰ ৰজা ***
       ************

        নৰকাসুৰৰ পিতৃ বিষ্ণু আৰু মাতৃ ভূমি দেৱী ( পৃথিৱী) ৷ বিষ্ণুৱে বৰাহ ( গাহৰি )  অৱতাৰ লওঁতে বিষ্ণুৰ ঔৰসত ভূমি দেৱীৰ গৰ্ভত নৰকাসুৰৰ জন্ম হয় ৷ তেওঁ কামাখ্যা দেৱীৰ ভক্ত আছিল ৷ নৰকাসুৰে কামাখ্যা দেৱীক সদায় পূজা কৰিছিল ৷
          এদিন নৰকাসুৰে কামাখ্যা দেৱীক  প্ৰাৰ্থনা কৰি ক’লে --- " হে ’ দেৱী , তুমি যদি মোৰ ভক্তিত সন্তুষ্ট হৈছা ,  মোক দেখা দিয়া ৷ "
ভক্তৰ ভক্তিত সন্তুষ্ট হৈ দেৱীয়ে দেখা দিলে ৷ দেৱীৰ ৰূপ দেখি নৰকাসুৰ মোহিত হ’ল ৷ তেওঁ কামাখ্যা দেৱীক বিয়াৰ প্ৰস্তাৱ দিলে ৷ তেতিয়া দেৱীয়ে ক’লে --- "  তুমি যদি কাইলৈ ৰাতিপুৱাৰ আগতে কামাখ্যা মন্দিৰলৈ  অহা - যোৱা কৰা শিলৰ খট্ খটি (চিৰি)  বনাব পাৰা , তেতিয়া মই তোমালৈ বিয়া হ’ম ৷ "
নৰকাসুৰ মান্তি হ’ল ৷ তেওঁ অসুৰবোৰক আদেশ দিলে খট্ খটি বনাবলৈ ৷ ৰাতিৰ ভিতৰত খট্ খটিৰ কাম শেষ হওঁ হওঁ হ’ল ৷ দেৱীয়ে দেখিলে কথা বিষম ৷ তেওঁ ভবাই নাছিল  নৰকাসুৰে কামটো কৰিব পাৰিব বুলি ৷ কামাখ্যা দেৱীয়ে লগে লগে মায়া কৰি কুকুৰা এটাৰ সৃষ্টি কৰিলে ডাক্ দিবলৈ ৷ কুকুৰাই ও দিলে ডাক্ ৷ দেৱীয়ে নৰকাসুৰক দেখা দি ক’লে ---" ৰাতি পুৱাল ৷ তুমি মোৰ কথা ৰাখিব নোৱাৰিলা ৷"
নৰকাসুৰে খঙতে কুকুৰাটো খেদি খেদি কাটিলে ৷ সেই ঠাইক কুকুৰা কটা বুলি কয় ৷ নৰকাসুৰে বনোৱা খট্ খটিৰ নাম  " মেখেলা উজুৱা " ৷ ( আগতে ভক্তসকল সেই খট্ খটিয়েদি কামাখ্যা মন্দিৰলৈ অহা যোৱা কৰিছিল ৷ )

          নৰকাসুৰ বৰ অত্যাচাৰী আছিল ৷ তেওঁ স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰক খেদি নিজে ৰজা হৈছিল ৷ বিষ্ণুৱে পত্নী সত্যভমাক লগত লৈ গৰুড়ৰ পিঠিত উঠি যুদ্ধ কৰি নৰকাসুৰক বধ কৰে ৷ইয়াৰ পাছত নৰকাসুৰৰ পুতেক ভগদত্তক বিষ্ণুৱে প্ৰাগজ্যোতিষৰ ৰজা পাতে ৷ ভগদত্তৰ জীয়েক ভানুমতীক কৌৰৱৰ পুত্ৰ দুৰ্যোধনে বিয়া পাতিছিল ৷ কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই কৌৰৱৰ হস্তীবাহিনী পৰিচালনা কৰিছিল ৷

                                  ***********

No comments:

Post a Comment

Post Top Ad

Your Ad Spot