দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: SOCIOLOGY BA 4TH SEMESTER

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label SOCIOLOGY BA 4TH SEMESTER. Show all posts
Showing posts with label SOCIOLOGY BA 4TH SEMESTER. Show all posts

Saturday, December 9, 2023

জাতি ব্যৱস্থা

10:08 PM 0
জাতিৰ সংজ্ঞা  : ক) ৰবাৰ্ট বায়ৰষ্টেডৰ মতে, “সামাজিক শ্রেণীয়ে যেতিয়া গতিশীলতা হেৰুৱাই পেলায়, তেতিয়াই জাতিৰ ৰূপ লয়।”খ) আন এজন সমাজতত্ত্ববিদ হাৰবাৰ্ট ৰিজলি ৰ মতে "জাতি একে নামধাৰী কিছুমান পৰিয়াল বা পৰিয়াল বৰ্গৰ সমষ্টি, যিসকলে কোনো এক বাস্তৱ বা কাল্পনিক পূৰ্বজৰ বংশধৰ বুলি পৰিচয় দিয়ে, একে ধৰণৰ পৰম্পৰাগত বৃত্তি গ্ৰহণ কৰে আৰু নিজকে এটা স্বজাতীয় সংগঠন বুলি মত প্রকাশ কৰে”। সমাজতত্ত্ববিদ ডি. এ. স্মিথৰ মতে এটা জাতি হৈছে কিছুমান পৰিয়ালৰ সমষ্টি, যি প্ৰধানকৈ খোৱা-বোৱা আৰু বৈবাহিক ক্ষেত্ৰত পবিত্ৰতা ৰক্ষা কৰিবলৈ বিশেষ কেতবোৰ নীতি-নিয়মৰ দ্বাৰা আভ্যন্তৰীণভাৱে বান্ধ খাই থাকে। জাতি ব্যৱস্থাৰ গতিশীলতা : ক) বৈদিক যুগঃ বহুত মতভেদ থাকিলেও বেদৰ কাল নির্ণয় কৰোতাসকলৰ কিছুমানে খৃঃপূঃ ৬০০০ বছৰ পর্যন্ত আৰু কিছুমানে খৃঃপূঃ ১০০০ বছৰ পৰ্যন্ত সময় ছোৱাক বৈদিক যুগ বুলি ক'ব খোজে। বৈদিক যুগৰ জাতি প্ৰথাৰ কথা যজুর্বেদত উল্লেখ আছে।সেই যুগত আজিৰ দৰে জাতি প্ৰথাৰ মাজত কটকটীয়া বন্ধোন নাছিল।এই যুগত ব্ৰাক্ষ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিটা ভাগ পোৱা  গৈছিল । অৱশ্যে,ব্ৰাক্ষ্মণ, ক্ষত্রিয় আৰু বৈশ্যৰ তুলনাত শূদ্ৰ  বৰ্ণৰ উল্লেখ পৰিসীমিত ।ব্রাহ্মণ, ক্ষেত্রিয় আৰু বশ্য--এই তিনিও বৰ্ণৰ মাজত খোৱা-বোৱা , চাল-চলন আৰু বৈবাহিক ক্ষেত্রতো বিশেষ পাৰ্থক্য নাছিল।বৈদিক যুগীয় বর্ণ ব্যৱস্থা জন্মৰ বিপৰীতে  কৰ্মৰ ওপৰাত আধাৰিত আছিল ।খ)উত্তৰ বৈদিক যুগ: পি. 'ভি. কানেৰ মতে খৃঃ পূঃ ৬০০ ৰ পৰা ৩০০ খৃষ্টাব্দলৈকে উত্তৰ বৈদিক যুগ বুলি ধৰা হয়। এই যুগত মনুসংহিতা আৰু কৌটিল্যৰ অর্থশাস্ত্র ৰচনা কৰা হৈছিল।এই যুগত বৈদিক যুগীয় বর্ণ-ব্যৱস্থাত বিভাজনৰ সৃষ্টি হয়।এই উত্তৰ বৈদিক যুগতেই বর্ণাশ্রম ধর্মই জাতি ধর্মৰ ৰূপ লয়।বৃত্তিৰ পবিত্রতা আৰু অপবিত্রতা ধাৰণাই এই যুগতে যজমানি প্রথাৰ সহায়ত বৃত্তিক জাতিগত বা জন্মগত কৰাৰ বাতাবৰণ সৃষ্টি কৰাত জাতিৰ সংস্তৰণ স্পষ্ট হৈ পৰে। বৌদ্ধ ধৰ্মৰ উত্থানৰ সময়ত ক্ষত্রিয় স্থান ব্রাহ্মাণতকৈ উচ্চ আছিল। কিন্তু বৌদ্ধ ধর্ম আৰু জৈন ধর্মৰ পতনৰ লগে লগে ব্রাহ্মণৰ সামাজিক স্থান উচ্চ হ'বলৈ আৰম্ভ কৰে।এই যুগত অন্তঃজাতি বিবাহৰ ওপৰত আৰোপ কৰা কঠোৰ নিষেধে অস্পৃশ্যসকল পঞ্চম বর্ণ, পিছত পঞ্চম জাতিলৈ ৰূপান্তৰিত হয়।এই যুগত শূদ্রসকলৰ কথা স্পষ্টভায়ে পোৱা যায়।শূদ্রসকলৰ চাল-চলন, আচৰণ প্ৰণালী, প্রস্থিতি আক বৃত্তি সীমাবদ্ধ হৈ পৰে। সেই সময়ত জাতিৰ নিয়মভঙ্গকাৰীক জাতিচ্যুত কৰাৰ ব্যৱস্থাও প্রৱর্তন কৰা হৈছিল।উচ্চ-নীচ বা স্পশ্য-অস্পৃশ্যতাৰ বিচাৰ উত্তৰ বৈদিক যুগত স্পষ্ট হৈ উঠে।ধর্ম-শাস্ত্র যুগ : জি. এচ ঘুৰীৰ মতে এই যুগৰ সময় ৩০০ খৃষ্টাব্দৰ পৰা ১০০০ বা ১১০০ খৃষ্টাব্দলৈকে ধৰা হৈছে। এই যুগতে উত্তৰ বৈদিক যুগত অংকুৰিত হোৱা জাতি ব্যৱস্থাৰ কঠোৰ নিয়মবোৰ পূৰ্ণৰূপত প্রকাশ পায়। এই যুগত ৰাজন্য অনুগ্রহৰ জৰিয়তে ব্ৰাক্ষ্মণসকলে নিজৰ সামাজিক শ্রেষ্ঠত্ব লাভ কৰিবলৈ সুবিধা পায়।এই সময়ছোৱাতেই ব্রাহ্মণসকলক সম্পূর্ণ শাৰীৰিক শ্ৰমৰ পৰা অব্যাহতি দিয়া হয়। ধর্মশাস্ত্র যুগত জাতিসমূহ বিভিন্ন উপজাতিত বিভক্ত হোৱাই নহয়, আন্তঃজাতি বিবাহৰ ওপৰত ব্রাহ্মণে তৈয়াৰ কৰা ৰীতিয়ে বিভিন্ন উপজাতিক জাতিৰ ৰূপ দিয়াৰ কথাও মনুসংহিতাত পোৱা গৈছে। এই যুগত বৈশ্য আৰু শূদ্ৰৰ মাজত পাৰ্থক্য কমি গৈ দুয়োটা বর্ণ প্রায় একেই হৈ পৰে আৰু সামাজিক প্রস্থিতি নিম্ন স্থানত নিৰ্দ্ধাৰিত নিম্ন হয়গৈ। প্রতিলোম বিবাহৰ দ্বাৰা সংমিশ্র জাতিৰ সৃষ্টি হয় আৰু এইবিলাকে নিম্ন সামাজিক প্রস্থিতি লাভ কৰিবলৈ ধৰে। এওঁলোকক শুভ্র হিচাপে গণ্য কৰা হয়। (ঘ)মুছলমান যুগ বা মধ্যকালীন যুগঃ ভাৰতবর্ষলৈ মুছলমানসকলৰ আগমনৰ লগে লগে জাতি সংৰচনাৰ পৰিৱর্তন ঘটিবলৈ ধৰে ।মুছলমানসকলৰ সামাজিক-সাংস্কৃতিক সংশ্লেষণ ফলস্বৰূপে জটিল আৰু বিচিত্ৰধৰ্মী হিন্দুৰ জাতি ব্যৱস্থাৰ কিছু পৰিৱৰ্তন সাধন হ’বলৈ ধৰে।মুছলমানসকলৰ সামাজিক ভাবাদর্শত সকলো মানুহ সমান। এই আদর্শ হিন্দু জাতি ব্যৱস্থাৰ পৰিপন্থী আছিল।আকবৰে ধর্মান্তৰ অস্বীকাৰ কৰা হিন্দুৰ ওপৰত "জিজিয়া” কৰ লগাইছিল।সম্ৰাট আকবৰে জাতি ব্যবস্থাৰ কঠোৰতা আঁতৰাবলৈ প্রচেষ্টা চলাইছিল। ব্রাহ্মণসকলে ইয়াৰ বিপৰীতে নিজৰ প্ৰভাৱ অক্ষুন্ন ৰাখিবলৈ উঠি পৰি লাগিছিল ।অস্পৃশ্যতাৰ আদর্শ অধিক কঠোৰ হিচাপে পালন কৰি অস্পৃশ্য জাতিবোৰক একেবাৰে পৃথক কৰি দিয়ে। হিন্দুৰ ছোৱালী অন্য ধর্মীয় লোকৰ লগত যাতে বিয়াবাৰু হ'ব নোৱাৰে তাৰ বাবে বাল্যবিবাহ প্রচলন আৰু বিধবা বিবাহ নিষেধ কৰি দিয়ে। সতীদাহ প্রথা ব্যাপক হৈ উঠিছিল আৰু অন্তঃজাতীয় বিবাহ একেবাৰে নিষিদ্ধ কৰা হৈছিল। (৩)বর্তমান যুগ বা আধুনিক যুগঃ ভাৰতবৰ্ষত ইংৰাজ শাসনৰ প্রতিষ্ঠাৰ পৰা বর্তমান সময়লৈকে এই যুগ ধৰা হয়। ইংৰাজ শাসন কালত পাশ্চাত্য শিক্ষা প্রচাৰৰ লগে লগে নতুন অর্থনৈতিক গাঁথনি, যাতায়াত আৰু সঞ্চৰণৰ প্ৰসাৰণ, নগৰীয়া প্রভাৱ, ধর্মীয় আৰু ৰাজনৈতিক চিন্তা-চর্চা আৰু সংস্কাৰ আন্দোলনৰ লগে লগে জাতি ব্যৱস্থাৰ পৰিৱর্তন আৰম্ভ হ'বলৈ ধৰিছিল ।ইংৰাজ শাসকসকলে নিজৰ আধিপত্য স্থাপন কৰাৰ লগে লগে ভাৰতীয় সামাজিক বিষয়বোৰতো হাত দিবলৈ আৰম্ভ কৰে। কিছুমান অধিনিয়ম প্রস্তুত কৰি জাতি ব্যবস্থাৰ ৰক্ষণশীলতা দূৰ কৰিবলৈ চেষ্টা কৰিছিল। ১৮৫০ চনত জাতি নির্যোগ্যতা উন্মুলক অধিনিয়ম, 1955 চনত অস্পৃশ্যতা অপবাদ অধিনিয়ম আদি বিভিন্ন ধৰণৰ আইন প্ৰস্তুত কৰি আন্তঃজাতি বিবাহত উৎসাহ দিয়া, বিবাহ ক্ষেত্রত জাতি ব্যৱস্থাৰ পৰা উদ্ভৱ হোৱা বহুতো বাধা-নিষেধ আঁতৰোৱা আৰু হৰিজনসকলৰ সকলো নির্যোগ্যতা সমাপ্ত কৰিবলৈ চেষ্টা কৰা হয়। ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ পিছত সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা  অন্যান্য দিশৰ পৰিৱর্তন সাধন কৰাৰ দৰেই জাতি-ব্যবস্থাৰ ক্ষেত্রতো পৰিৱর্তন সাধন কৰা হৈছে। সাংবিধানিক নীতি অনুসৰি ভাৰতবর্ষ এখন গণতান্ত্রিক, ধর্মনিৰপেক্ষ আৰু সমাজবাদী ৰাষ্ট্র। ভাৰতীয় সংবিধানৰ মতে সকলো জাতিৰ লোকৰ অধিকাৰ সমান। আধুনিক যান্ত্রিক সমাজত বস্তুবাদী চিন্তা-চৰ্চাৰে জাতি ব্যৱস্থাত থকা ব্যক্তিৰ গোড়া, কঠোৰ ৰীতি-নীতিবিলাকৰ পৰিৱৰ্তন কৰাত সংবিধানে সহযোগিতা আগবঢ়াইছে।সংবিধানে জাতি, ধর্ম, বর্ণ, সম্প্রদায় নির্বিশেষে সকলো লোককে সমান সা-সুবিধা আৰু মর্য্যাদা প্রদান কৰিছে। স্বাধীন ভাৰতৰ মূল নীতি আৰু আর্দশত জাতি-বৈষম্য; জাতি-বিবোধ, স্পৃশ্য অস্পৃশ্য স্থান নাই। দুর্বল, সম্বলহীন আক নিম্ন বুলি বিবেচনা কৰা লোকসকলৰ বাবে সংবিধান ৰক্ষাকবচ স্বৰূপ।আধুনিক বস্তুবাদী দৃষ্টিভংগীয়ে মানুহৰ ৰক্ষণশীল ৰীতি-নীতিসমূহৰ পৰিৱৰ্তনত ইন্ধন যোগাই আহিছে। পশ্চিমীয়া শিক্ষা-সভ্যতাই সাম্প্রতিক জনমানসত যি প্রভাৱ পেলাইছে, তাৰ পৰিণতি স্বৰূপ ৰক্ষণশীলতা,অন্ধ-বিশ্বাস, কু-সন্ধোৰ আদি আঁতৰি গৈছে। অন্তর্বিবাহীসমূহবোৰেও সাম্প্রতিক কালত বহির্বিবাহ কৰিবলৈ লৈছে। ধর্মীয় সংস্কাৰ হিচাপে পৰিগণিত হৈ অহা হিন্দু বিবাহ সামাজিক চুক্তিলৈ ৰূপান্তৰ হৈছে। এনেবোৰ কাৰণতে জাতি-ব্যৱস্থাৰ দ্রুত পৰিৱর্তন সাধন হ'বলৈ ধৰিছে আৰু পৰম্পৰাগত ভাৰতীয় সমাজৰ বহুবোৰ ৰক্ষনশীল নীতি-নিয়ম ক্রমাগতভাৱে অবলুপ্ত হৈ আহিব ধৰিছে। 
Read More

যুৱ উচ্ছৃঙ্খলতাৰ কাৰকসমূহ

9:55 PM 0

যুৱ উচ্ছৃঙ্খলতাৰ কাৰকসমূহ:     ক) ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থা:বর্তমান আমাৰ দেশত যিবোৰ শিক্ষা ব্যৱস্থা আছে সেইবোৰ সম্পূৰ্ণভাৱে দোষমুক্ত নহয়।সকলো ছাত্র ছাত্রীয়ে সমানে সুবিধা লৈ শিক্ষা লাভ কৰিব নোৱাৰে। সৰহভাগেই অতি নিম্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানত পঢ়া-শুনা কৰিবলগীয়া হৈছে।বহুতেই থকা ঠাইৰ অসুবিধাৰ পৰা ভূগিবলগীয়া হৈছে।পুথিঘৰ, পৰীক্ষাগাৰ, পুথি ভঁৰাল, ছাত্র-ছাত্রী নিবাস , জিৰণী ঘৰ , খেলা ঠাই আদি অনেকখিনি সুবিধাৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হৈ থাকিব লাগে। এনেধৰণৰ সমস্যাই উঠি অহা ল'ৰা-ছোৱালীৰ মনত সমাজ ব্যৱস্থাৰ প্ৰতি বিদ্ৰোহৰ ভাৱ জন্ম দিয়ে। দ্বিতীয়তে,আমাৰ ইয়াৰ পৰীক্ষা ব্যৱস্থা বহু পৰিমাণে ত্রুটিযুক্ত।এই পদ্ধতিৰে ল'ৰা-ছোৱালীৰ প্ৰকৃত জ্ঞান আৰু প্ৰতিভা নিৰ্ণয় কৰিব নোৱাৰি।ল'ৰা-ছোৱালীবিলাকেও ভাবিবলৈ বাধ্য হৈছে যে পৰীক্ষাৰ ফলাফলটো ভাগ্যৰ কথা।তৃতীয়তে,শিক্ষা লাভৰ বাবে যিখিনি সা-সুবিধা লাগে সেইখিনিৰো অভাৱ। বিভিন্ন ক্ষেত্রত প্রতিভা বিকাশৰ বাবে যিখিনি সুবিধা লাগে সেইখিনিৰ পৰাও বহু ল'ৰা-ছোৱালী বঞ্চিত হ'বলগীয়া হৈছে। এনে অৱস্থাই তেওঁলোকৰ মনত হতাশ, বিদ্রোহ, ভৱিষ্যত জীৱনৰ প্ৰতি উদাসীন ভাৱ আদি ঋণাত্মক চিন্তা আনি দিয়ে।                             কর্মসংস্থানৰ অভাৱ : কর্মসংস্থানৰ অভাৱৰ বাবে বহু ল'ৰা-ছোৱালী হতাশগ্রস্ত হৈ পৰে। বিশেষকৈ যিসকলে বৃত্তিমূলক শিক্ষা লাভ কৰিব পৰা নাই তেওঁলোকে পঢ়ি থকা অৱস্থাতেই নিজৰ ভৱিষ্যত কৰ্মসংস্থানৰ বাবে চিন্তা কৰিবলগীয়া হয়। এনে চিন্তাই যুৱকসকলৰ মনত বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি কৰাটো স্বাভাৱিক হৈ পৰে।                                         সামাজিক প্ৰমূল্যৰ দূৰত্ব : সাম্প্রতিক কালত অগ্রজ পুৰুষসকলে পৰম্পৰা ৰক্ষা কৰি বৰ্তমান কালত জীয়াই থাকি সমস্যাৰ সমাধান বিচাৰে।কিন্তু অনুজসকলে বিচাৰে ব্যক্তি স্বাধীনতা।এইদৰে বিভিন্ন ক্ষেত্রত অগ্রজ আৰু উত্তৰ পুৰুষৰ মাজত সামাজিক প্ৰমূল্যৰ ক্ষেত্ৰত সংঘাতে দেখা দিছে।তদুপৰি বৰ্তমান সমাজবোৰত কোনো এটা স্পষ্ট আৰু নির্দিষ্ট সামাজিক প্রমূল্য বা ভাৱাদর্শ নাই যিটোক যুৱ সমাজে গ্রহণ কৰি তেওঁলোকৰ কাৰ্যপন্থা নির্ণয় কৰিব পাৰে।সমাজত অনেক অগ্রজ নেতাই নীতি আদৰ্শৰ কথা কয় যদিও দুর্নীতিত লিপ্ত হয়।এনে স্ববিৰোধী কথা আৰু কামে যুৱ মানসিকতাক অস্থিৰ কৰি তোলে। 
 ৰাজনৈতিক কাৰণ : সাম্প্রতিক কালত বিভিন্ন দেশত চলি থকা সকলো ৰাজনৈতিক পদ্ধতিয়ে নিজে গণতান্ত্রিক বুলি দাবী কৰে। কিন্তু সেই গণতান্ত্রিক দেশতেই অনেক ধৰণৰ শোষণ, দমন, অন্যায়-অবিচাৰ আদি সদায়ে ঘটি আছে। সকলোতে ধনেই ধর্ম হৈ আছে আৰু ধনৰ বলত শোষণ আৰু শাসন চলিছে যাৰ প্ৰতিকাৰৰ বাবে যুৱ বিদ্ৰোহৰ সৃষ্টি হয়।
 প্রশাসনত দুর্নীতি :বর্তমান কালত বহুসময়ত প্রশাসনত দুর্নীতিয়েই নীতি হৈ পৰা পৰিলক্ষিত হয়। লিপিবদ্ধ কৰি ৰখা বিধি, অনুবিধি সকলো এফালে থৈ ৰাইজৰ টকা যিকোনো প্ৰকাৰে আত্মসাৎ কৰাতহে অনেক কৰ্মচাৰীয়ে গুৰুত্ব দিয়ে আৰু এনে কাৰ্য বাধা দিবলৈ কোনো নোহোৱাৰ দৰে। দুর্নীতিমূলক কার্যকলাপ যদি দৈনন্দিন ঘটনা হয় তেন্তে যুৱকসকলে প্রশাসনৰ প্ৰতি আস্থা হেৰুৱাই বিদ্রোহী হৈ পৰা দেখা যায়। তেওঁলোকে কৰা আন্দোলনত কেতিয়াবা উশৃঙ্খলতাই দেখা দিয়ে।                                                   শিক্ষানুষ্ঠানৰ প্ৰশাসন :  বিভিন্ন কাৰণত কিছুমান শিক্ষানুষ্ঠানৰ প্রশাসনো আদৰ্শৰ পৰা বিচলিত হৈ দুর্নীতি, অনিয়ম আৰু অবিচাৰত লিপ্ত হোৱা দেখা যায়। এনে ধৰণৰ অসুস্থ পৰিৱেশে স্বাভাৱিকতে যুৱ মানসিকতাত বিরূপ প্রতিক্রিয়াৰ সৃষ্টি কৰে আৰু কেতিয়াবা ছাত্রই এনে কাৰ্য্যৰ প্ৰতিবাদ কৰোতে উশৃঙ্খলতাৰ সৃষ্টি হয়।                       নিবনুৱা সমস্যা : নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাই অহাত বহু ল'ৰা-ছোৱালী নিবনুৱাহৈ থাকবি লগা হোৱাত তেওঁলোকৰ মনত হতাশা, বিদ্রোহ, ভৱিষ্যত জীৱনৰ প্ৰতি উদাসীন ভাৱ আদি ঋণাত্মক চিন্তাই গা কৰি উঠিছে। গতিকে নিবনুৱা অৱস্থাইও যুৱ উশৃঙ্খলতাত বৰঙণি যোগাইছে।                                                                                                                                                                                         অপৰাধমূলক কাম : পৃথিৱীৰ সকলো দেশতেই যুৱকসকলৰ মাজত অপৰাধকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি হোৱা দেখা গৈছে।নগৰ-চহৰ আনকি গাওঁবোৰতো নানা ধৰণৰ অপৰাধমূলক কামত অনেক যুৱক লিপ্ত হোৱা দেখা গৈছে।সামাজিক উদ্ভণ্ডালি, চুৰি, ডকাইতি, প্রবঞ্চনা আদি অপৰাধমূলক কাম সাধাৰণ ঘটনাত পৰিণত হৈছে। নিচাযুক্ত ঔষধৰ অপব্যৱহাৰ : নিচাযুক্ত ঔষধৰ অপব্যৱহাৰ বৰ্তমান যুৱ সমাজত ব্যাপক হোৱা দেখা গৈছে। অসাধু আৰু সমাজ বিৰোধীলোকে নিচাযুক্ত দ্রব্য সমাজত বিয়পাই পেলাইছে।এনে দ্ৰব্যৰ ফলত বহু যুৱকৰ জীৱন ধ্বংস হৈছে।যুৱ উশৃঙ্খলতাৰ এটা প্ৰধান কাৰণ এনে নিচাযুক্ত দ্ৰব্যৰ ব্যাপক প্রচলন।                                               সমস্যা সমাধান : যুৱ সমস্যা এক অন্যতম সামাজিক সমস্যা। সামাজিক সমস্যা বহুমুখী আৰু জটিল। এই সামাজিক সমস্যাৰ কাৰণ বিলাক ভালদৰে বিশ্লেষণ কৰি সমাধান সূত্ৰ উলিয়াব পাৰি। ওপৰোক্ত কাৰণৰ উপৰিও অন্য বহু পৰিস্থিতিয়ে যুৱকসকলৰ মনত হতাশা, ক্ষোভ আৰু বিদ্ৰোহৰ ভাৱ ৰোপণ কৰে আৰু সেইবোৰেই সময়ত আন্দোলন ৰূপে প্রকাশ পায় ।
 যুব আন্দোলনৰ কাৰণসমূহৰ ওপৰত প্ৰতিষ্ঠিত সিদ্ধান্তসমূহ : যুৱ আন্দোলনৰ কাৰণসমূহ ওপৰত প্ৰতিষ্ঠিত সিদ্ধান্তক  দুই প্ৰকাৰে ভাগ কৰা হৈছে -- (ক) মনস্তাত্ত্বিক আৰু (খ) সমাজশাস্ত্রীয় । মনস্তাত্ত্বিক সিদ্ধান্ত আকৌ দুই প্ৰকাৰৰ -(ক) অসন্তোস সিদ্ধান্ত   : এই সিদ্ধান্তৰ মতে যুৱ আন্দোলনবিলাকৰ উৎস হৈছে যুৱকসকলৰ মাজত ক্রমাগত বৃদ্ধি পোৱা অসন্তুষ্টিৰ ভাৱ। নিযুক্তিৰ অভাৱ আৰু ভৱিষ্যত অনিশ্চয়তাৰ ভাৱে যুৱক-যুৱতীসকলৰ মনত অসন্তোষ ভাৱৰ সৃষ্টি কৰে। (খ) ব্যক্তিগত বিসঙ্গতিৰ সিদ্ধান্ত :ব্যক্তিগত বিসঙ্গতি সিদ্ধান্তৰ মতে যেতিয়া কোনো ব্যক্তিয়ে কৃতকার্যতা লাভ কৰিব নোৱাৰে তেতিয়া আন্দোলনৰ পথ লয়। হ'ফাৰৰ মতে যিসকলে জীৱনত বিৰক্তি পায়, যি সকল অযোগ্য, যিসকলে তেওঁলোকৰ জীৱনৰ প্ৰতি গুৰুত্বভাৱে অসন্তুষ্টি প্রকাশ কৰে সেই সকলেই আন্দোলনত ভাগ লয়। তেওঁলোকে আন্দোলনৰ কাৰ্যপন্থাৰ মাধ্যমেদি এওঁলোকৰ শূণ্য জীৱনত নতুন অর্থ বিচাৰি পায়। 
সমাজশাস্ত্রীয় সিদ্ধান্ত দুই প্ৰকাৰৰ :ক) আপেক্ষিক বঞ্চনা সিদ্ধান্ত:  আপেক্ষিক বঞ্চনা সিদ্ধান্তটো ১৯৪৯ চনত ষ্টাউফাৰে উদ্ভাৱন কৰিছিল। এটা সমূহৰ অসন্তোষ, বঞ্চনা আৰু আপেক্ষিক বঞ্চনাৰ যোগেদি এই সিদ্ধান্তটো যুক্তিসংগতভাৱে আলোচনা কৰিব পাৰি।(খ) সম্পদ প্রস্তুতি সিদ্ধান্ত : সম্পদ প্রস্তুতিৰ সিদ্ধান্তই যুৱ আন্দোলনৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ পৰিৱৰ্তে এই যুৱ আন্দোলনৰ কৌশলসমূহৰ ওপৰতে গুৰুত্ব দিছে। উইলচন, মেককাঠী আৰু ৱালছ আদি পণ্ডিত সকলে মতপোষণ কৰিছে যে ওজৰ-আপত্তি, অসন্তোষ আদিৰ অবিহনে খুব কম আন্দোলনহে হয়। কিন্তু সেই ওজৰ আপত্তিবিলাকক কাৰ্যকৰী আন্দোলনৰ পথলৈ আনিবৰ বাবে প্ৰস্তুতিৰ প্ৰয়োজন।

Read More

Post Top Ad

Your Ad Spot