দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: প্ৰৱন্ধ

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label প্ৰৱন্ধ. Show all posts
Showing posts with label প্ৰৱন্ধ. Show all posts

Tuesday, July 14, 2020

কুটিল লিপি

7:31 PM 0

কুটিল লিপি :

ষষ্ঠ শতিকাৰ পৰা নৱম শতিকাৰলৈকে উত্তৰ ভাৰতত প্ৰচলিত উত্তৰ-ব্ৰাহ্মী লিপিৰপৰা বিকশিত হোৱা গুপ্তলিপিৰ পৰিৱৰ্তিত ৰূপকে কুটিল লিপি বা সিদ্ধমাতৃকা লিপি বুলি কোৱা হয় । অৰ্থাৎ গুপ্তলিপিৰ পৰা কুটিল লিপি উদ্ভৱ হয় ।পৰিৱৰ্তিত গুপ্তলিপিবিলাকৰ স্বৰমাত্ৰাবোৰৰ আকাৰ কুটিল বা বেঁকা হোৱা কাৰণে ইয়াক কুটিল লিপি বুলি অভিহিত কৰা হয় । এনে লিপিৰ আখৰবোৰ বেছি ভাগতে মূৰটো 'V'ৰ সদৃশ আৰু স্বৰৰ মাত্ৰাবোৰ বেছি অঁকা-বেঁকা আৰু দীঘল । ৰাখাল দাস বন্দোপাধ্যায়ৰ মতে সিদ্ধমাতৃকা বা কুটিল লিপিৰপৰাই পূৱ ভাৰতৰ সকলো লিপিৰ উদ্ভৱ হৈছে । সেইদৰে কুটিল লিপিৰপৰাই কামৰূপ লিপি বা পুৰণি অসমীয়া লিপিৰ উৎপত্তি হৈছে। সম্ৰাট হৰ্ষবৰ্ধনৰ দিনত কুটিল লিপিয়ে জনপ্ৰিয়তা লাভ কৰে আৰু সেই সময়তে ভাৰতৰ বাহিৰতো এই লিপিয়ে প্ৰসিদ্ধ লাভ কৰে । অসমীয়া লিপিত কুটিল লিপিৰ প্ৰভাৱ স্পষ্ট। অসমীয়া ভাষাৰ "গ,জ,ড,ঢ,ণ,থ,দ,ব,ৰ,ল, ৱ,শ, ষ, স, হ, অ, ই, উ" আদি আখৰসমূহৰ সৈতে কুটিল লিপিৰ সাদৃশ্য দেখা যায় । তদুপৰি সংযুক্ত বৰ্ণৰ বিচাৰ কৰিলেও কুটিল লিপিৰ লগত অসমীয়া লিপিৰ এটা সু-সম্পৰ্ক ধৰা পৰে। খ্ৰীষ্টাব্দ সপ্তম শতিকাৰ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাৰ ৰাজত্বকালৰ কামৰূপী লিপিত কুটিল লিপিৰ প্ৰভাৱ পৰিছিল । দৃষ্টান্তস্বৰূপে, নগাজৰী খনিকৰ গাঁৱত উদ্ধাৰ হোৱা শিলালিপি, উমাচল শিলালিপি, ডুবি তাম্ৰশাসন, নালন্দাৰ মৃণ্ময় মোহৰ আদিৰ আখৰত কুটিল লিপিৰ প্ৰভাৱ আছে ।

Read More

গুপ্তলিপি

7:24 PM 0

গুপ্তলিপি:
     গুপ্তলিপি হ'ল উত্তৰ-ব্ৰাহ্মীলিপিৰ এটি পৰিৱৰ্তিত  লিপি। চতুৰ্থ আৰু পঞ্চম শতিকাৰ গুপ্ত ৰজাসকলৰ সময়ত প্ৰসাৰ লাভ কৰা লিপিকে 'গুপ্তলিপি'বুলি অভিহিত কৰা হয় ।
      গুপ্তলিপিৰ পৰা কুটিল লিপিৰ বিকাশিত ঘটে। গুপ্ত আখৰৰ লগত অসমীয়া আধুনিক 'স','ম','শ্ৰী'আৰু 'য'ৰ সম্পৰ্ণ সাদৃশ্য আছে। সেইদৰে 'ব' আৰু 'হ' আখৰ দুটাৰ গঢ়ো প্ৰায় গুপ্ত আখৰৰ সৈতে সদৃশ । সেইদৰে উমাচল শিলালিপি আৰু নগাজৰী খনিকৰ গাঁৱৰ লিপিত পোৱা আখৰবোৰক গুপ্তলিপিৰ আখৰবোৰৰ সৈতে ৰিজাই চালে এই শিলালিপি দুখনৰ প্ৰায়বোৰ আখৰেই গুপ্তলিপিত পোৱা আখৰৰ সৈতে একেটা ৰূপত পোৱা যায় । শিলা লেখ দুখনৰ ই,ক,খ,গ,চ,জ,ড,ণ,ত,দ,ধ,ন,প,ব,ভ,ম,য,ৰ,ল,ৱ,শ,ষ,স,হ আৰু ৰা,জা,ণা,ধি,কী,গু,কৃ আদিৰ ৰূপ গুপ্ত আখৰেৰে সৈতে একে । ভাস্কৰ বৰ্মাৰ তাম্ৰশাসন কেইখনৰ কিছু আখৰ, যেনে -আ, ক,তু,ব,য,ৰ, ল, স আদিৰ সৈতে গুপ্তলিপিৰ সাদৃশ্য প্ৰকট হয় । গতিকে পৰিশেষত ক'ব পাৰি যে গুপ্তলিপিৰ অৱদানৰ ফলেই হ'ল আধুনিক অসমীয়া লিপি,যি ক্ৰমবিকাশৰ স্তৰ ভেদি বৰ্তমান অৱস্থা লাভ কৰিছে।

Read More

ধ্বনিতত্বৰ পৰিচয়

12:49 AM 0

ধ্বনিতত্ত্ব হৈছে ভাষাবিজ্ঞানৰ এটা শাখা য'ত ভাষা বিশেষত ব্যৱহাৰ হোৱা ধ্বনিসমূহ কি, কেনেদৰে, ক'ত আৰু কিহৰ সহায়ত উচ্চাৰণ কৰা হয়, এটা ধ্বনিগুণ আন এটা ধ্বনিতকৈ কিয় বেলেগ ইত্যাদি কথাবোৰ শৃঙ্খলাৱদ্ধ বিশ্লেষণ সামৰি লোৱা হয়। ধ্বনিতত্ত্বত কোনো এটা নিৰ্দিষ্ট ভাষাৰ বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিসমূহ, ধ্বনিৰ পৰিৱৰ্তন, বৰ্ণসমূহ আৰু বৰ্ণসমূহৰ বিভিন্নতাৰ বিষয়ে বিজ্ঞানসন্মতভাৱে সূক্ষ্মভাৱে বিশ্লেষণ কৰা হয়। "ভাষা অনুসৰি ধ্বনিৰ উচ্চাৰণৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। বৈশিষ্ট্যসম্পন্ন ভাষা বিশেষৰ ধ্বনি সম্পৰ্কে অধ্যয়ন কৰিবলৈ লওঁতে ধ্বনি অধ্যয়ন প্ৰণালী অৰ্থাৎ ধ্বনিতত্বৰ আৱশ্যক।" গতিকে দেখা যায় যে, ধ্বনিতত্বৰ প্ৰধান কাম হৈছে- "কোনো এটা ভাষাত উচ্চাৰিত ধ্বনিসমূহৰ উচ্চাৰণগত ভাষিক বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰি এইবোৰক চিনাক্তকৰণ কৰা। " ধ্বনিতত্ব হৈছে নিৰ্দিষ্ট বা বিশেষত্বপূৰ্ণ আৰু কাৰ্যকৰী। ধ্বনিতত্বত ভাষা বিশেষত উচ্চাৰিত বাগধ্বনিসমূহৰ উচ্চাৰণৰ প্ৰকৃতি বিচাৰ কৰি ইহঁতৰ প্ৰয়োগ বিশ্লেষণৰ জৰিয়তে বৰ্ণ নিৰ্ণয় কৰা হয়। ধ্বনিতত্বত ধ্বনিৰ নিৰ্বাচন আৰু এই ধ্বনিসমূহৰ প্ৰয়োগ বিশ্লেষণেই অধ্যয়নৰ মূল বিষয়।
         ধ্বনিতত্বই ভাষা এটাৰ ধ্বনিবিজ্ঞান আৰু বৰ্ণবিজ্ঞানৰ সামগ্ৰিক আলোচনা কৰে । ধ্বনিতত্বত ভাষাৰ ব্যৱহাৰিক ৰূপৰ বিষয়তহে গুৰুত্ব আৰোপ কৰা হয় ।  ভাষাবিজ্ঞানী চাৰ্লচ এফ. হ'কেটে (Charles F. Hockett) ধ্বনিতত্ব  (Phonology) আৰু বৰ্ণবিজ্ঞানৰ (Phonemics) মাজত পাৰ্থক্য ৰখা নাই । হ'কেটৰ মতে," বাগধ্বনিৰ উৎপাদান, এইবোৰ বিচাৰ আৰু ব্যৱহাৰ সম্পৰ্কে ভাষাবিজ্ঞানৰ অন্তৰ্গত ধ্বনিতত্ব বা বৰ্ণবিজ্ঞান শাখাত কৰা হয়। আনহাতে, ব্লুমফিল্ডে ধ্বনিতত্ব সম্পৰ্কে এনেদৰে কৈছে- "বাগধ্বনিৰ প্ৰণালীবদ্ধ আলোচনাই হৈছে ধ্বনিতত্ব বা কাৰ্যকাৰী ধ্বনিবিজ্ঞানৰ ধাৰা।"

Read More

Friday, July 10, 2020

অসমীয়া চুটিগল্পৰ জন্ম আৰু বিকাশ

10:49 AM 0

অসমীয়া চুটিগল্পৰ জন্ম আৰু বিকাশ: অধুনিক যুগত অসমীয়া চুটিগল্পৰ জন্ম হয়। ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা 'জোনাকী' আলোচনীৰ পাতত লক্ষ্মীনাথ বেজবৰুৱাৰ হাতৰ পৰশত অসমীয়া চুটিগল্পৰ জন্ম হৈছিল  । বিশেষকৈ পাশ্চাত্য সাহিত্য অধ্যয়নৰ ফলস্বৰূপে অসমীয়া সাহিত্যত চুটিগল্পৰ জন্ম হয়। তদুপৰি ঊনবিংশ শতিকাৰ ৰাজনৈতিক,অৰ্থনৈতিক,শৈক্ষিক সমস্যাসমূহে অসমীয়া জাতীয় জীৱনত আনি দিয়া পৰিৱৰ্তনে এক বৌদ্ধিক পটভূমি নিৰ্মাণ কৰি দিয়ে আৰু এই বৌদ্ধিক পটভূমিতেই ঊনবিংশ শতিকাত আধুনিক অসমীয়া সাহিত্যৰ বুনিয়াদ ৰচনা হয়। এনেদৰে অসমীয়া সাহিত্যৰ জগতলৈ অসমীয়া চুটিগল্পই ভূমুকি মাৰে ।

                    জোনাকীৰ পাতত বেজবৰুৱাৰ কাপৰপৰা নিগৰি ওলোৱা প্ৰথম চুটিগল্পৰ সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতানৈক্য দেখা যায় । ডক্তৰ মহেন্দ্ৰ বৰাই 'ভদৰি' নামৰ গল্পটো প্ৰথম বুলি ক'ব খোজে, ডক্তৰ লীলাৱতী শইকীয়া বৰাই 'অসমীয়া চুটিগল্পৰ প্ৰৱাহ " গ্ৰন্থৰ ১১পৃষ্ঠাত ১৮৯২ চনত প্ৰকাশিত 'জোনাকী'ৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশ পোৱা ' সেউতি' গল্পটিক প্ৰথম গল্প বুলি মত প্ৰকাশ কৰিছে ।একে মতকে ডক্তৰ নগেন ঠাকুৰেও গ্ৰহণ কৰিছে । কিন্তু ডক্তৰ প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মতে 'জোনাকী ' আলোচনীৰ ৪ৰ্থ বছৰ ৮ম সংখ্যাত প্ৰকাশ পোৱা  লক্ষ্মীনাথ বেজবৰুৱাৰ 'পণ্ডিত মহাশয় ' গল্পৰ যোগেদি অসমীয়া সাহিত্যত চুটিগল্পৰ শুভাৰম্ভ হয়। বৰ্তমান প্ৰথম অসমীয়া চুটিগল্পৰ হিচাপে 'পণ্ডিত মহাশয় ' গল্পটিকে গ্ৰহণ কৰা হৈছে । প্ৰথম চুটিগল্পৰ সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতানৈক্য থাকিলেও চুটিগল্পৰ পিতৃ যে লক্ষ্মীনাথ বেজবৰুৱা বিনা দ্বিধাই ক'ব পাৰি । ডক্তৰ প্ৰহ্লাদ কুমাৰ বৰুৱাদেৱে "অসমীয়া চুটি গল্পৰ অধ্যয়ন " গ্ৰন্থত চুটিগল্পৰ জন্ম আৰু বিকাশৰ সম্পৰ্কে বিশদভাৱে বৰ্ণনা কৰিছে । তেখেতে গ্ৰন্থখনিত নিম্নোক্ত ধৰণে চুটিগল্পৰ বিকাশক বৰ্ণনা আগবঢ়াইছে ।
ক) আদি যুগ বা জোনাকী যুগ (১৮৮৯চনৰপৰা ১৯২৯ চনলৈকে)
খ)আৱানহন যুগ (১৯২৯ চনৰপৰা ১৯৪০ চনলৈকে )    গ)যুদ্ধোত্তৰ যুগ বা ৰামধেণু যুগ (১৯৪০চনৰপৰা ১৯৭০চনলৈকে) ঘ) সাম্প্ৰতিক যুগ (১৯৭০চনৰপৰা সাম্প্ৰতিকলৈকে ।)

Read More

Post Top Ad

Your Ad Spot