2.4.4.3 ব্লেকবোর্ড লিখনৰ কৌশল: সকলো ধৰণৰ শিক্ষণ কার্যত ব্যৱহাৰ কৰা এবিধ অতি প্রয়োজনীয় দৃশ্যমান আহিলা হ'ল ব্লেকবোর্ড। ই পাঠটোৰ এটা সামগ্রিক প্রতিচ্ছবি দাঙি ধৰিবৰ বাবে অতি প্রয়োজনীয়। তাৰ উপৰিও শিক্ষনৰ সময়ত মূল শিকাবলগীয়া কথাবোৰ লিখি চিত্র অংকন কৰা, গণনা কৰা আদি কাৰ্য কৰিবৰ বাবে ব্লেকবোর্ড অতি অপৰিহাৰ্য্য। এই কৌশলৰ উপকৰণসমূহ হ'ল: (ক) লিখন স্পষ্টতা (খ) আখৰৰ আকাৰ আৰু যথাস্থিতি (গ) মূলকথাত আলোকপাত (ঘ) বোৰ্ডৰ ঠাইৰ সদ্ ব্যৱহাৰ (৫) ব্লেকবোর্ড সাৰাংশ (চ) শুদ্ধতা (ছ) শিক্ষকৰ ৱবস্থান (জ) ছাত্র-ছাত্রীৰ লগত যোগাযেগ।
ব্লেকবৰ্ড কৌশলৰ মূল উপকরণকেইটা তলত আলোচনা কৰা হ'ল-
(ক) লিখন স্পষ্টতা: শিক্ষকে বোর্ডত লিখা কথাবিলাক স্পষ্ট হ'ব লাগে। বোর্ডত লিখা আখব স্পষ্ট হ'লে ছাত্র-ছাত্রীসকলে লিখা কথাখিনি ভালদৰে বুজি শাব পাৰে আৰু নিজৰ বহীত টুকি লওঁতে ভুল কৰাৰ সম্ভাৱনা নাথাকে। তাৰ উপৰিও বোর্ডত লিখা কথাবোৰ স্পষ্ট আৰু সুন্দৰ আখৰেৰে লিখিলে ভের্গলোকক আকর্ষণ কৰে আৰু হাতৰ আখৰ ভাল কৰিবলৈ উৎসাহ যোগায়।(খ) 'আখৰৰ আকাৰ আৰু যথাস্থিতি: শিক্ষকে বোর্ডত লিখা আখৰবোৰৰ আকাৰ শ্রেণীত থকা ছাত্র-ছাত্রী সংখ্যা বা কোঠাৰ আকৃতি অনুসৰি সৰু-ডাঙৰ হ'ব লাগে। আখৰবোৰৰ আকাৰ এনে হ'ব লাগে যাতে শ্রেণীকোঠাৰ শেষব শানীব আসনত বহি থকা ছাত্র-ছাত্রীসকলেও আগৰবোৰ স্পষ্টভাবে পঢ়িব পাবে। অবশ্যে, আখৰ প্রযোজনতকৈ ডাঙৰকৈ লিখি বোর্ডব ঠাই অপচয় কৰিব নালাগে। তাৰ উপৰিও মূল শাৰীবোৰৰ আখৰৰৰ আকাৰ বাকীবোৰ শাৰীতকৈ ডাঙৰ হ'ব লাগে। বোর্ডত লিখা বাক্যবোধৰ শাবীন মাজত উপযুক্ত ব্যবধান থাকিব লাগে। শারীবিলাকৰ শব্দবোৰ একে বেখাতে থাকিব লাগে আৰু শাৰীবোৰ পোন হ'ব লাগে।
(গ) মূলকথাত আলোকপাত: শিক্ষকে বোর্ডত লিখা কথাবোৰৰ ভিতৰত কিছুমান কথা নাইবা শব্দ বিশেষভাবে গুরুত্বপূর্ণ হ'ব পাৰে। এনে গুরুত্বপূর্ণ কথা নাইবা শব্দৰ প্রতি ছাত্র-ছাত্রীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সেইবোৰৰ তলত আঁচ টানি দিব লাগে।
(ঘ) বোর্ডৰ ঠাইৰ সদ ব্যবহাৰ: ব্রেকবোর্ডখনত লিখা ঠাই অতি সীমিত। গতিকে বোর্ডৰ ঠাইৰ সন্দ ব্যৱহাৰৰ বাবে যিখিনি কথা লিখাটো আবশ্যকীয় সেইখিনিহে ইয়াত লিখিব লাগে। বোর্ডত অপ্রয়োজনীয় কথা লিখিলে ঠাইৰ লগতে কার্য আক সময়ৰো অপব্যৱহাৰ কৰা হয়। গতিকে শিক্ষকে পাঠ পৰিকল্পনা কৰাৰ সময়তে কোনখিনি কথা বোর্ডত লিখিব তাক নির্দ্ধাৰণ কৰি ল'ব লাগে।(ঙ)ব্রেকবোর্ড সাৰাংশ: শিক্ষকে পাঠদান সম্পাদনৰ সময়ত পাঠৰ গুরুত্বপূর্ণ কথাবোৰ সামৰি এটি পাঠ সাবাংশ আগবঢ়াব লগা হয়। শিক্ষকে পাঠদানৰ সময়ত বোর্ডত লিখিবলৈ আৰম্ভ কৰাৰেপৰা পৰিকল্পিতভারে আক ধারাবাহিকতা বক্ষা কৰি মূল কথাখিনি বোর্ডত ৰাখি থলে বোর্ডতে পাঠটোৰ সাৰাংশ এটাই গঢ় লৈ উঠে। ইয়াকে ব্রেকবোর্ড সাৰাংশ বুলি কোৱা হয়। এনে ব্রেকবোর্ড সাবাংশ প্রস্তুত কৰিলে পাঠদানৰ শেষত ছাত্র-ছাত্রীব শিকন সুদৃঢ়ীকৰণত সহায়ক হয়।
(চ) শুদ্ধতা : শিক্ষকে বোর্ডত লিখোতে অতি সাবধানতা অবলম্বন কৰিব লাগে। বোর্ডত লিখোঁতে কোনো কথা ভুলকৈ লিখিব নালাগে। বোর্ডত ভুলকৈ লিখিলে ছাত্র-ছাত্রীয়ে তেনেদৰে ভুলকৈয়ে শিকিব পাবে। গতিকে শিক্ষাকে শব্দৰ ব্যৱহাৰ, বানান আৰু বাক্যৰ গাঁথনিত যথেষ্ট সাবধান হ'ব লাগে।
(ছ) শিক্ষকৰ অৱস্থানঃ শিক্ষকে বোর্ডত লিখাৰ সম্যাত ছাত্র-ছাত্রীৰ ফালে পিঠি দি লিখিব নালাগে। এনে কৰিলে শিক্ষকজনে বোর্ডখন আঁৰ কৰি ধৰিব আৰু ছাত্র-ছাত্রীসকলৰ কথাবোৰ লিখি লোৱাত অসুবিধা হ'ব। তাৰ উপৰিও ছাত্র-ছাত্রীসকলৰ ফালে পিঠি দি বোর্ডত লিখি থাকিলে শ্রেণীত দুষ্ট ছাত্র-ছাত্রী থাকিলে তেওঁলোকে ইজনে-সিজনক খুচিয়া-খুচি কৰি শ্রেণীকক্ষৰ শৃংখলা বিনষ্ট কৰিব পাৰে। সেয়ে শিক্ষকজনে বোর্ডখনৰ বাওঁফালে কোণীয়াকৈ অবস্থান কৰি যিমান পাৰি হাতখন দূৰলৈ নি লিখিব লাগে।
(জ) ছাত্র-ছাত্রীৰ লগত যোগাযোগ: শিক্ষকে বোর্ডত লিখি থকাৰ সময়ত ছাত্র-ছাত্রীৰ লগত যোগাযোগ ৰাখি থাকিব লাগে। শ্রেণীকক্ষত ছাত্র-ছাত্রীসকললৈ মন নকৰাকৈ একান্ত মনে বোর্ডত লিখি থাকিলে শ্রেণীকক্ষৰ শৃংখলা ভংগ হোৱাৰ উপৰিও ছাত্র-ছাত্রীন মনোযোগ বিঘ্নিত হ'ব পাৰে। সেয়ে বোর্ডত লিখা কাম কৰাৰ সময়ত শিক্ষকে সঘনাই ছাত্র-ছাত্রীব ফালে চকু ফুৰাই থাকিব লাগে। বোর্ডত লিখি যোৱাৰ লগে লগে শিক্ষকজনে মুখেৰেও গাই গ'লে ছাত্র-ছাত্রীয়ে আখববোন দেখাৰ লগতে শুনিবও পাৰে আৰু মনত ৰখাত অধিক ফলপ্রসু হয়। বোর্ডত লিখা কথাবোৰ প্রত্যেক ছাত্র-ছাত্রীয়ে সঠিকভাবে টুকি ল'ব পাৰিছেনে নাই, নিশ্চিত হোৱাৰ পাছতহে মোহাৰি পেলাব লাগে। সকলো ছাত্র-ছাত্রীয়ে টুকি নোহোৱাকৈ মোহাৰি পেলালে টুকি নোহোৱাসকলৰ লগত শিক্ষকৰ সংযোগ হেৰাই যাব পাবে।
শিক্ষকে বোর্ডত লিখাৰ সময়ত উপৰি উক্ত উপকৰণসমূহ মানি চলাৰ উপৰিও তলত উল্লেখ কৰা কথাকেইটা মন কৰিব লাগে:
(1) বোর্ডখন প্রত্যেকজন ছাত্র-ছাত্রীয়ে কোনো অসুবিধা নোপোৱাকৈ স্পষ্টভারে দেখা পোৱাকৈ স্থাপন কৰিব লাগে।(2) শিক্ষকজন বহা ঠাইৰ বাওঁফালে ছাত্র-ছাত্রী বহা আসনবোৰৰ লগত ৪৫° কোণ কৰি বোৰ্ডখন স্থাপন কৰিব লাগে।(3)বোৰ্ডখনৰ পাছফালে কোনো উজ্জ্বল পোহৰৰ উৎস থাকিব নালাগে।(4)বোৰ্ডত লিখা কথাবোৰ সংক্ষিপ্ত অথচ সম্পূর্ণ অর্থপূর্ণ বাক্য/বাক্যাংশ হ'ব লাগে।(5) বোৰ্ডৰ লিখনিখিনি মোহাৰি পেলাওঁতে ডাষ্টাৰটো ওপৰৰপৰা লাহে লাহে তললৈ টানি আনিব লাগে।(6) শ্রেণীকক্ষ ত্যাগ কৰোঁতে বোর্ডখন সদায় ভালদৰে মোহাৰি থৈ আহিব লাগে।
2.4.4.6 ব্যাখ্যাকৰণৰ কৌশল : ব্যাখ্যাকৰণ শিক্ষণ-শিশুকনৰ এটা অতি আবশ্যকীয় কৌশল। কোনো বিষয়। বস্তুৰ অন্তর্নিহিত ভাব, ধাৰণা, ঘটনা, নীতি ইত্যাদিব লগত জড়িত কি। কি। কেনেকৈ। আমি প্রশ্নর উত্তৰ যুক্তিপূর্ণভাবে বর্ণনা কৰাই হ'ল ব্যাখ্যাকৰণ। উদাহরণ স্বকাপে, বৰষুণ কেনেকৈ হয়? এই প্রশ্নটোৰ উত্তৰ হ'ল এটা ব্যাখ্যা। অর্থাৎ কোনো বিষয়-বস্তু, যাবনা, ঘটনা, নীতি ইত্যাদিৰ সম্পর্কে ছাত্র-ছাত্রীব বোধ জন্মাবৰ বাবে শিক্ষকে সম্পাদন করা আন্তঃসম্পর্কিত কার্যৰ সমষ্টিয়েই হ'ল ব্যাখ্যাকৰণ। এই কৌশলৰ উপকৰণসমূহ হ'ল: (ক) প্রারম্ভিক উক্তি; (খ) বর্ণনা, উদাহরণ আক বিশ্লেষণৰ ব্যৱহাৰ (গ) সংক্ষিপ্ততা (ঘ) ছাত্র-ছাত্রীৰ সবাক-নির্বকি সংকেতোদ্ধাৰ, (ড) অবিচ্ছিন্নতা আৰু সাৱলীলতা (5) ব্যাখ্যাকৰণ বন্ধনীৰ ব্যবহাৰ আৰু সিদ্ধান্তকাৰী উক্তি
(ক) প্রাৰত্মিক উক্তি : কোনো এটা উক্তি ব্যাখ্যা কৰাৰ আৰম্ভণিতে ছাত্র- ছাত্রীসকলক মানসিকভাবে প্রস্তুত কৰি লোৱাটো অতি প্রয়োজনীয়। ইয়াৰ বাবে ব্যাখ্যা কৰিবলগীয়া উক্তিটো ছাত্র-ছাত্রীসকলৰ আগত দাঙি ধৰিব লাগে। ইয়াৰ। উপৰিও উক্তিটোৰ লগত জড়িত নতুন বিষয়-বস্তু, ধাৰণা, শব্দ আদি সবল ভাষাৰে দাঙি ধৰিব লাগে।
(খ) বর্ণনা, উদাহৰণ আৰু বিশ্লেষণৰ ব্যৱহাৰ : শিক্ষকে একোটা ধাৰণা নাইবা সংজ্ঞা ব্যাখ্যা কৰোঁতে তাৰ লগত খাপখোরা বিধৰ উদাহৰণ দি বহলাই বর্ণনা কৰিব লাগে। উদাহৰণে ধাৰণা নাইবা সংজ্ঞাটো বোধগম্য কবি তোলাত সহায় কবে। কোনো এটা ধাৰণা নাইবা সংজ্ঞা ব্যাখ্যা কৰোঁতে ইয়াৰ প্রত্যেকটো উপাদানেই ভাঙি ভাঙি অর্থাৎ বিশ্লেষণ কৰি উপস্থাপন কৰিব লাগে। কোনো উক্তিৰ ক্ষেত্ৰত কি পৰিস্থিতিত নাইবা কি প্রসংগত সেই উক্তি কৰা হৈছে তাক বিশ্লেষণ কৰি ফঁহিয়াই দিব লাগে।(গ) সংক্ষিপ্ততা : কোনো একোটা ধাৰণা নাইবা সংজ্ঞা ব্যাখ্যা কৰোঁতে পুংখানুপুংখভাবে কথাবোৰ বর্ণনা কৰাত গুৰুত্ব দিব লাগে যদিও কথাবোৰ সংক্ষিপ্ত, স্পষ্ট আৰু পাঠৰ বিষয়-বস্তুৰ লগত সম্পর্কিত হ'ব লাগে। যিমান কম কথাৰ মাজেৰে সকলো ছাত্র-ছাত্রীয়ে বুজি পায় সিমানখিনি কথাহে কোরা উচিত। অপ্রাসংগিক কোনো কথা কোরা নাইবা ছাত্র-ছাত্রীসকলে কথাটো বুজি পোৱাৰ পাছতো তাক পেথেনিয়াই থকা অনুচিত। এনে কৰিলে ছাত্র-ছাত্রীসকলে বিরক্তিবোধ কৰে।
(ঘ) ছাত্র-ছাত্রীন সবাক-নির্বাক সংকেতোদ্ধাৰ : শিক্ষকে কোনো কথা ব্যাখ্যা কৰাৰ সময়ত ছাত্র-ছাত্রীয়ে কথাবোৰ বুজি পাইছেনে নাই নাইবা বুজি পাব পৰাকৈ স্পষ্ট হৈছেনে নাই তাৰ উমান লৈ থকা উচিত। ইয়াৰ বাবে শিক্ষকে ছাত্র-ছাত্রীদ মৌখিক কথাৰ উপৰিও তেওঁলোকৰ মুখৰ ভাব, চারনি, তৎপৰতা আদি নির্বাক সংকেতৰ প্ৰতি লক্ষ্য কৰা উচিত। এই সংকেতবোৰৰ অর্থ শিক্ষকে উদ্ধার করা উচিত আৰু নুবুজাৰ সংকেত পালে শিক্ষকে কথাখিনি পুনৰ অইন ধৰণে ব্যাখ্যা কৰা উচিত।
(ঙ) অবিচ্ছিন্নতা আৰু সাবলীলতা: কোনো কথা ব্যাখ্যা কৰোঁতে মূল কথাটোৰ পৰা বিচ্ছিন্ন হৈ যাব নালাগে। ব্যাখ্যাকবণত অবিচ্ছিন্নতা রক্ষা করিবব বাবে কথাবোৰ ক্রম ৰক্ষা কৰি উপস্থাপন কৰা উচিত। ব্যাখ্যাকৰণত অংশগ্রহণ কৰোঁতে ছাত্র- ছাত্রীসকলে কেতিয়াবা মূল প্ৰসংগৰ পৰা শিক্ষকক আঁতৰাই নিব খুজিলেও শিক্ষকজনে সাবধানতাবে মূল কথালৈ উভতি অহা উচিত। মূল কথাৰ পৰা আঁতৰি গ'লে ব্যাখ্যাকৰণৰ প্ৰাৰম্ভিক উক্তি আৰু সামৰণি উক্তিৰ মাজত কোনো সম্পর্ক নাথাকে। ব্যাখ্যাকৰণৰ সাৱলীলতা ৰক্ষা কৰিবলৈ হ'লে শিক্ষকজনৰ বিষয়-বন্ধু সম্পর্কে গভীৰ জ্ঞান আৰু ভাববোৰ সুসংগতভাবে আদান-প্রদান কৰাৰ সামর্থ্য থতা প্রয়োজন।
(চ) ব্যাখ্যাকৰণ বন্ধনীৰ ব্যৱহাৰ: শিক্ষকে কেইবাটাও বাক্যৰদ্বাৰা কোনো কথা ব্যাখ্যা কৰেীতে কথাৰ মাজত কিছুমান শব্দ নাইবা খণ্ডবাক্য ব্যৱহাৰ কৰাটো অপৰিহাৰ্যা হৈ পৰে। তেনে কিছুমান শব্দ নাইবা খণ্ডবাক্য হ'ল: সেইদৰে , সেইকাৰণে, এতেকে, এনেকৈ, কাৰণ, কিয়নো, যাতে, গতিকে, যিহেতু, নিমিত্তে, কিন্তু, পাছত, আগত, জৰিয়তে, ফলস্বরূপে, সেইবাবে ইত্যাদি। এনেবোৰ শব্দ আৰু খণ্ডবাক্যকে ব্যাখ্যাকৰণ বন্ধনী বুলি কোৱা হয়। ব্যাখ্যাকৰণত উপযুক্ত স্থানত এই ব্যাখ্যাকৰণ বন্ধনীবোৰ ব্যৱহাৰ কৰিব লাগে। উপযুক্ত স্থানত এনে বন্ধনীৰ ব্যৱহাৰে ভাবৰ ধাৰাবাহিকতা ৰক্ষা কৰাত সহায় কৰে ।
(ছ) সিদ্ধান্তকাৰী উক্তি: সিদ্ধান্তকাৰী উক্তিত ব্যাখ্যাকৰণত যিবোৰ মূলকথা ব্যাখ্যা কৰা হৈছে সেইবোৰ সংশ্লেষিত কৰি এটা সামগ্রিক ধাৰণা ছাত্ৰ-ছাত্ৰীৰ আগত দাঙি ধৰা হয়। ব্যাখ্যাকৰণৰ দ্বাৰা একোটা প্ৰাৰম্ভিক উক্তিক পুংখানুপুংখভাবে ব্যাখ্যা কৰাৰ পাছত পুনৰ সংগঠিত কৰি সিদ্ধান্তকাৰী উক্তিৰে কথাটোৰ সামৰণি মাৰিব লাগে।
No comments:
Post a Comment