শংকৰদেৱৰ নাটকৰ (অংকীয়া নাট) - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

20141015_114706_002_001

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

top-bannner2-1

Post Top Ad

Wikipedia

Search results

Sunday, November 3, 2019

শংকৰদেৱৰ নাটকৰ (অংকীয়া নাট)

Your Ad Spot
মহাপুৰুষ শংকৰদেৱ
    চিৰনমস্য মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম হৈছিল ১৪৪৯ চনত বৰদোৱাৰ আলিপুখুৰিত ।তেৰাৰ পিতৃ - মাতৃৰ নাম আছিল  কুসুম্বৰ ভূঞাঁ আৰু সত্যসন্ধা ।সৰুকালতে পিতৃ-মাতৃ ঢোকোৱাত  বুঢ়ীমাক খেৰসুতীয়ে শংকৰদেৱক তুলিতালি ডাঙৰ -দীঘল  কৰে।তেখেতে শংকৰদেৱক মহেন্দ্ৰ কন্দলিৰ টোলৰলৈ বাৰ বছৰ বয়সত শিক্ষা গ্ৰহণৰ বাবে প্ৰেৰণ কৰে।শংকৰদেৱে বৰ্ণমালা শিকিয়েই কোনো স্বৰবৰ্ণৰ মাত্ৰা  ব্যৱহাৰ নকৰাকৈ 'কৰতল কমল কমল দল নয়ন" নামেৰে এটি কবিতা ৰচনা কৰে। ।
           অসমীয়া নাত্যসাহিত্য শংকৰদেৱৰ কাপৰ পৰাই অংকুৰণ ঘটে।সেয়ে তেৰাক অসমীয়া নাত্যসাহিত্যৰ পিতৃ বুলি আখ্যা দিয়া হয়।তেৰাই  ১৪৮১ চনৰ পৰা ১২ বছৰ ধৰি প্ৰথমবাৰ তীৰ্থযাত্ৰা কৰি ঘূৰি আহি বৰদোৱাত প্ৰথমখন  সংলাপবিহীন নাট 'চিহ্নযাত্ৰা ' ৰচনা কৰে ।এই নাটখন চাৰিদিন সাত ৰাতি অভিনয় কৰাইছিল । পৰৱৰ্তী সময়ত তেৰাই ৬খন নাট ৰচনা কৰে।তেৰাই মাজুলীৰ বেলগুৰিত 'পত্নীপ্ৰসাদ',কামৰূপৰ পাটবাউসীত 'কালিয়দমন ','কেলিগোপাল','ৰুক্মিণী হৰণ',পাৰিজাত-হৰণ',আৰু  ১৯৪০শক অৰ্থাৎ ১৫৬৮ চনত কোচবেহাৰত চিলাৰাই ওৰফে শুক্লধ্বজৰ অনুৰোধক্ৰমে 'ৰামবিজয় ' নাট ৰচনা কৰে ।
     শংকৰদেৱৰ প্ৰথম নাটৰ ক্ষেত্ৰত পণ্ডিতসকলৰ দ্বিমত পোৱা  যায় যদিও তেৰাৰ 'পত্নীপ্ৰসাদ' নাটখনকে প্ৰথম আসমীয়া সাহিত্যৰ নাট বুলি কোৱা হয়। পত্নপ্ৰসাদ আৰু কালিয়দমন দুয়ো খন নাটৰে মূল ভাগৱতৰ দশম স্কন্ধৰ ।পত্নীপ্ৰসাদত শান্ত ৰস আৰু কালিয়দমনত বীৰ ,ভয়ানক আৰু কৰুণ ৰসৰ সমাৱেশ ঘটিছে ।ড.মহেশ্বৰ  নেওগে পত্নীপ্ৰসাদ নাটখনক এখন পূৰ্ণাংগ নাট নহয় বুলি মত প্ৰকাশ কৰিছে (পৃষ্ঠা:৯১,আসমীয়া সাহিত্য ৰূপৰেখা, ড.মহেশ্বৰ নেওগ)।
        'কেলিগোপাল ' নাট ভাগৱতৰ 'ৰাসপঞ্চাধ্যায়'ৰ ভেঁটিত ৰচিত।'কেলিগোপাল 'নাটত শৃংগাৰ ৰসৰ প্ৰাধান্য দেখা যায় ।

No comments:

Post a Comment

Post Top Ad