দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: দ্বাদশ শ্ৰেণী

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label দ্বাদশ শ্ৰেণী. Show all posts
Showing posts with label দ্বাদশ শ্ৰেণী. Show all posts

Tuesday, July 30, 2024

"আঘোণৰ কোঁৱলী " কবিতাটিৰ মূল ভাৱ লিখা ।

9:04 PM 0
বিষয়  :   আঘোণৰ কোঁৱলী  

শ্ৰেণী  :  দ্বাদশ  
(১)  "আঘোণৰ কোঁৱলী " কবিতাটিৰ মূল ভাৱ লিখা ।  
2024  (অসম  ৰাজ্যিক মুক্ত বিদ্যালয়) 

উত্তৰ  : কেশৱ মহন্তৰ “আঘোণৰ কোঁৱলী’ কবিটাটিত আঘোণৰ পথাৰৰ সোণবৰণীয়া ধানৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্ৰেমৰ সন্ধান আৰু আঘোণৰ কোঁৱলীয়ে বাট ভেটি প্ৰেমৰ পথত আমনি কৰাত কবি অন্তৰৰ যি বিষাদবোধ, তাৰ সহজ-সৰল প্ৰকাশ ঘটিছে । 

আঘোণৰ পথাৰত কবিয়ে যাত্ৰা কৰিছে ।কিন্তু ডাঠ কুঁৱলীয়ে ঘেৰি থকা কাৰণে বাট-পথ দেখা পোৱা নাই ।কুঁৱলী নথকা  হ’লে কবিয়ে বিস্তীৰ্ণ আঘোণৰ পথাৰত পতা সোণ-বৰণীয়া ধানৰ আঁচলবোৰৰ লগতে লিহিৰি লিহিৰি ঢেৰ আঙুলিৰে মুঠি মাৰি  চিকমিক কাচিৰে কাচকাচ শব্দ কৰি খৰকৈ ধান কাটি থকা, মূৰত খোপা বন্ধা দাৱনীসকলকো দেখা পালেহেঁতেন । 

আঘোণৰ  ডাঠ কুঁৱলীয়ে  আমনি নকৰাহেঁতেন কবিয়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা আৰু লঘু পৰিহাসময় হাঁহিৰে মুখৰিত কৰি তোলা আঘোণৰ সোণালী পৰিৱেশটিত কবিৰ প্ৰেয়সী সেউতিও আছে নেকি অলপ দূৰৰ পৰা নোচোৱাৰ ভাও দি চাব পাৰিলেহেঁতেন । তামোলৰ পিকেৰে ওঁঠ ৰঙা কৰি ডালিমগুটীয়া দাঁত উলিয়াই  কাৰোবাক  হাঃ বুলি  ঠেলা মাৰি খাল খিলাই হাঁহা দাৱনীজাকৰ মাজত কবিৰ সোতৰ বছৰীয়া প্ৰেয়সী সেউতিও আছে নেকি বুলি জানিবলৈ কবিয়ে ডাঠ কুঁৱলী মাজেৰে নিৰীক্ষণ কৰিছে । 

সোণালী শস্যৰে পৰিপূৰ্ণ আঘোণৰ পথাৰত কবিয়ে  দাৱনীসকলৰ অসীম কামৰ উন্মাদ পাইছে ।আঘোণৰ পথাৰত দাৱনীসকলৰ সোণোৱালী শস্য চপোৱাৰ কাম আছে বুলি কৈছে। দাৱনীসকলে  মুঠি মুঠি কৰি ধান কাটি ডাঙৰি বান্ধিবলৈ ধানৰ মুঠি যোগাৰ কৰা কাম আছে বুলি কৈছে । আঘোণৰ আকাশেৰে কোনোবা বিললৈ জাক পাতি উৰি যোৱা বন-হাঁহ জাকে প্ৰাণচঞ্চল আৰু কৰ্মব্যস্ত  দাৱনী আৰু ডেকাসকলৰ মনত প্ৰেমৰ অনুৰাগ জাগি তোলে। তেওঁলোকৰ মনবোৰো প্ৰেমৰ ৰাগিত মতলীয়া হৈ প্ৰেমিক-প্ৰেমিকাৰ ওচৰলৈ উৰা মাৰে । 

আঘোণৰ  ঘন কুঁৱলীৰ বাবে কবিয়ে সেউতিক বিচাৰি নাপালে ।সেউতীয়ে দোৱা  ধানৰ  ডাঙৰি বান্ধিম বুলি কবিয়ে আশাৰে তোলা তৰা-জৰী তোলাতে থাকিল। কবিক বৌৱেকে সেউতিৰ কথা কৈছিল,  কিন্তু সেউতিক কবিৰ কথা ক’লে নে নাই কবিয়ে নাজানিলে । 

আঘোণৰ কুঁৱলীৰ  মাজত সোণালী ধাননি আৰু কৰ্মব্যস্ত দাৱনীবোৰৰ লগতে কবিৰ প্ৰেয়সী সেউতিও হেৰাই গ’ল ।সেউতিৰ সতে কবিয়ে  ডাঙৰি বন্ধাৰ হেঁপাহতো চেঁচা পানী পৰিল। কবিৰ মন বিষাদেৰে ভৰি পৰিল ।
Read More

Friday, August 13, 2021

কবিতা: বিশ্বখনিকৰ কবিতা ( দ্বাদশ শ্ৰেণী)

11:46 AM 0
"বিশ্বখনিকৰ "  কবিতা টোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিবলৈ বিচাৰিছে ?                                                         উত্তৰ : "বিশ্বখনিকৰ "  কবিতা টোৰ মাজেৰে কবিয়ে প্ৰকৃততে পৰমেশ্বৰ কথা কৈছে আৰু পৰমেশ্বৰেই তেওঁ সৰ্বশক্তিমান , অন্তৰ্যামী  আৰু সকলোতে বিৰাজমান এই বাবেই প্ৰকাশ কৰিব বিচাৰিছে ।                                                                  কবিৰ মতে এই বিশ্বব্ৰহ্মাণ্ডত পৰমেশ্বৰ ৰচনা বাহিৰে একোৰে অস্তিত্ব নাই ।
Read More

Post Top Ad

Your Ad Spot