দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: অসমীয়া

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label অসমীয়া. Show all posts
Showing posts with label অসমীয়া. Show all posts

Tuesday, July 30, 2024

'কলিকতাত যাত্রা' নামত পাঠটিত লেখক পদ্মনাথ গোহাঁঞি বৰুৱাই কলিকতাৰ গমনৰ অভিজ্ঞতা

9:23 PM 0
বিষয়। : 'কলিকতাত যাত্রা' নামত পাঠটিত লেখক পদ্মনাথ গোহাঁঞি বৰুৱাই কলিকতাৰ গমনৰ অভিজ্ঞতা

শ্ৰেণী   : দ্বাদশ শ্ৰেণী  ( অসম ৰাজ্যিক মুক্ত বিদ্যালয় ) 

১) 'কলিকতাত যাত্রা' নামত পাঠটিত লেখক পদ্মনাথ গোহাঁঞি বৰুৱাই কলিকতাৰ গমনৰ অভিজ্ঞতা কেনেদৰে আগবঢ়াইছে, নিজৰ ভাষাত বুজাই লিখা।

 উত্তৰ :  'নগা পর্বতীয়া জিলা’ৰ পৰা ১৮৯০চনত এণ্ট্ৰন্স পৰীক্ষাত উত্তীর্ণ হোৱা প্রথম ছাত্র পদ্মনাথ গোহাঁইবৰুৱাই পৰীক্ষাৰ ফল লাভ কৰা পাছতে ঘাই ঘৰ লক্ষ্মীমপুৰৰ পৰা  পালি ঘৰ শিৱসাগৰলৈ যাত্রা কৰিছিল। শিৱসাগৰত কিছুদিনথকাৰ  পাছত উচ্চ শিক্ষাৰ বাবে লক্ষ্মীনাথ বেজবৰুৱা , বসন্ত কুমাৰ গোস্বামী আৰু  দ্বাৰকেশ্বৰ শর্মাৰ সৈতে জাহাজেৰে কলিকতালৈ যাত্রা কৰিছিল। 

গোহাঁঞি বৰুৱাদেৱে  শিৱসাগৰৰ পৰা দোকমোকালিতে হাতিৰে যাত্রা কৰি দিচাংমুখৰ ঘাটত  উপস্থিত হৈছিলগৈ। এই যাত্রাত তেখেতক মৌ-চেপা বৰষুণে  তিৰাই জুৰুলি-জুপুৰি কৰি পেলাইছিল। তদুপৰি তেখেতৰ পেটাৰি, শর্য্যা-পাটী, গাৰ কাপোৰ-কানি সমুদায় তিতি জপ্- জেপীয়া হৈছিল। এনে অৱস্থাৰ বাবে তেখেতে দুখত বুৰ গৈছিল। কিন্তু এজন বুঢ়া সহ-যাত্রীয়ে তেখেতক যাত্রা শুভ বুলি বক্তব্য আগঢ়বাই তেখেতক শান্তনা দিছিল। তেখেতে জাহাজত সদাগৰ হৰিবিলাস আগৰৱালাৰ লগত সাক্ষাৎ হয়।

দূৰাতি তিনি দিবষ অন্তত তেখেতে আবেলি ৪ বজাত গোৱালেণ্ড ঘাটত উপস্থিত হয় । ইয়াৰ পাছত তাৰ পৰা ঘোঁৰা গাড়ীৰে  অসমীয়া ছাত্ৰৰ বহা বিচাৰি বিচাৰি শেষত মিজাপুৰ ষ্ট্ৰীটলৈ গৈ বেণুধৰ ৰাজখোৱাহঁতে থকা ছত্রা বহাত উঠিলছিলগৈ। 

গোহাঁঞি বৰুৱাদেৱে  উচ্চ শিক্ষাৰ বাবে প্রথমে ৰিপন কলেজত লেটিন সাহিত্য বিষয়টো 'দুৱলীয়া সাহিত্য' হিচাপে লৈ এফ. এ. শ্রেণীত নামভর্তি কৰিছিল। কিন্তু এই বিষটোৰ শিক্ষা ৰিপন কলেজত সুকলমে লাভ কৰিব নোৱাৰিলে । সেয়েহে লেটিন শিক্ষাৰ ভাল ব্যৱস্থা থকা চেন্ট জেভিয়ার্চ কলেজত তেওঁ নামভৰ্তি কৰিছিল। ইয়াতো তেওঁ অন্যান্য ছাত্রৰ সমানে আগুৱাব  নোৱাৰি  জেনেৰেল এছেম্বলি ইনষ্টিটিউচন কলেজত সংস্কৃত বিষয়টি লৈ পরীক্ষা দিবলৈ সাজু হৈছিল। কিন্তু ইউনিভাৰচিটিৰ কর্তৃপক্ষই তেওঁক উপস্থিতিৰ হাৰ কম হোৱা কাৰণে এফ.এ. পৰীক্ষাত বহাৰ অনুমতি দিয়া নাছিল। ইয়াৰ পাছত তেখেতে বন্ধুসকলৰ পৰামর্শ অনুসৰি আইন শিক্ষাৰ ক্লাছত মনোযোগ দিছিল ।কিন্তু বয়স কম হোৱাৰ কাৰণে বহু চেষ্টা কৰাৰ অন্ততো তেওঁ আইনৰ পৰীক্ষাত বহিবলৈ অনুমতি পোৱা নাছিল ।তেখেতৰ মনোবল ভাগি পৰিল আৰু কলিকতাত পঢ়াৰ মানসিকতাক বাদ দি গৰম বন্ধত ঘৰলৈ উভতি আহিছিল আৰু তেখেতে আহোঁতে তেখেতৰ কলিকতীয়া ৰচনা ৰাজিসমূহক লগত লৈ আহিছিল আৰু পৰৱৰ্তী জীৱনত কলিকতীয়া অভিজ্ঞতাক কামত খটুৱাই অসমীয়া ভাষা জননীৰ সেৱা কৰিবলৈ সংকল্পবদ্ধ হৈছিল ।

এনেদৰে পদ্মনাথ গোহাঁইবৰুৱাৰ  কলিকতীয়া ভ্ৰমণৰ যাত্ৰা অন্ত পৰিছিল ।
Read More

" নাৱৰীয়া " কবিতাটিৰ মূলভাৱ লিখা ।

9:19 PM 0
বিষয়  : নাৱৰীয়া  
শ্ৰেণী       : দ্বাদশ  ( অসম ৰাজ্যিক মুক্ত বিদ্যালয়) 

(১)" নাৱৰীয়া " কবিতাটিৰ  মূলভাৱ  লিখা  ।   

উত্তৰ   : বনফুল কবি যতিন্দ্ৰনাথ দুৱাৰাৰ “আপোন সুৰ” কবিতা পুথিৰ পৰা সংগ্ৰহ কৰা “নাৱৰীয়া(ক) কবিটাটিত কবিৰ প্ৰকৃতিপ্ৰীতি সুন্দৰকৈ প্ৰকাশ পাইছে। 

পশ্চিম আকাশত বেলিটিয়ে মেলানি মেলোতে “আধা পোহৰ আধা ছায়াই” পৃথিৱীৰ গছ-গছনিক আৱৰি ধৰিছে । আকাশত তৰাবোৰৰ চিকমিকনি দেখা পোৱা গৈছে আৰু মলয়া বতাহে মিলনৰ সুৰ আকাশে আকাশে বিলাই ফুৰিছে। এনে সময়তে নদীৰ পাৰত থকা ফুলনিৰ মাজত যেন কবিৰ কল্পনাৰ মোহময়ী নাৰী মালতীক দেখা গৈছে। আনন্দ মনেৰে তাই ফুলৰ মাজত খেলিছে। হঠাতে মালতীৰ কাণত পৰিল কোনো নাৱৰীয়াৰ মধুৰ কণ্ঠস্বৰ। তেওঁ নাৱৰীয়াৰ পৰিচয় সুধিলে। নাৱৰীয়াই দেশ-বিদেশ ঘূৰি ফুৰা পথিক বুলি নিজৰ পৰিচয় দিয়াত মালতীয়ে নাৱৰীয়াক ৰাতিটো মালতীৰ ঘৰতে কটাবলৈ অনুৰোধ কৰিলে। 

মালতীৰ অনুৰোধ ৰাখিব নোৱাৰি নাৱৰীয়াৰূপী কবিয়ে প্রকাশ কৰিছে যে তেওঁ ক্ষুদ্র প্রাণী, কাৰো আদৰ-আতিথ্যৰ যোগ্য নহয়। তেতিয়া মালতীয়ে কৈছে যে আন্ধাৰ পথত অকলে অকলে নাৱৰীয়াই গতি কৰাতো অনুচিত। তাৰ উত্তৰত নাৱৰীয়া ৰূপীকবিয়ে কৈছে যে তেওঁ অকলশৰীয়া নহয়। পশু-পক্ষী, গছ-লতা- এই সকলোবোৰ তেওঁৰ লগৰীয়া। মালতীয়ে কবিৰ অন্তৰত মানুহৰ মৰমে সৃষ্টি কৰা আশাৰ ছৱি ফুটি নুঠে নেকি বুলি সোধাত কবিয়ে কৈছে যে মানুহৰ ভাল পোৱা তেওঁ আৰু বিচৰা নাই। প্ৰকৃতিৰ সকলোটি তেওঁৰ আপোন যেতিয়া ধন- সোণৰো প্রয়োজন নাই। এই জীৱন দুদিনীয়া, গতিকে তেওঁক সাংসাৰিক সুখ-শান্তিও নালাগে। ৰাতি হ'লে নাৱৰীয়া ক'ত থাকে বুলি সোধা মালতীৰ প্ৰশ্নোত্তৰত নাৱৰীয়াই  নিজৰ পঁজা ঘৰ অথবা কোনোবা নিৰ্জন গছৰ  তলত তেওঁ স্বাধীনভাৱে বাস কৰে বুলি প্ৰত্যত্তৰ দিয়ে । ফাঁকি-ফুকা আৰু কঠোৰ শাসন নথকা প্রকৃতিয়ে তেওঁৰ আপোন ঠাই বুলি মালতীক অৱগত কৰে । নাৱৰীয়াৰূপী কবিৰ কথা শুনি মালতীৰ গালে-মুখে লাজৰ আভা ফুটি উঠিল। কিবা ক'ব খুজিও ক'ব নোৱাৰিলে। আৱেগে তাইৰ হৃদয় ওপচাই পেলালে। তেনেতে নাৱৰীয়াই বিদায় মাগিলে। মালতীয়ে তেতিয়া মাথোঁ নাৱৰীয়াক সুধিলে আকৌ তেওঁলোকৰ সাক্ষাৎ হ'বনে? নাৱৰীয়াই ক'লে যে তেওঁ সিপাৰত নিৰলে থাকে, মালতী থাকে ইপাৰত। ইপাৰত থাকি আমনি লাগিলে মালতীয়ে সিপাৰত শান্তি বিচাৰি গ'লে নাৱৰীয়া ৰৰূপী কবিক লগ পাব।
Read More

'বিশ্বখনিক'ৰ কবিতাটিৰ মূলভাৱ লিখা।

9:17 PM 0
বিষয়  : বিশ্বখনিকৰ 
শ্ৰেণী   :  দ্বাদশ  ( অসম ৰাজ্যিক মুক্ত বিদ্যালয়)

(১) 'বিশ্বখনিক'ৰ কবিতাটিৰ মূলভাৱ লিখা।                           

 উত্তৰঃ:  কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্ব খনিকৰ' কবিতাটিৰ যোগেদি পৰমশক্তি  পৰমেশ্বৰৰ স্বৰূপ বর্ণনা কৰিছে।

কবিৰ মতে এই বিশ্ব ব্রহ্মাণ্ডত পৰমেশ্বৰৰ  বাহিৰে একোৰে অস্তিত্ব নাই। তেওঁক চাক্ষুস দৃষ্টিৰে কোনেও দেখা নাপায় যদিও তেওঁ সকলোতে বিৰাজমান। তেৱেঁই এই সংসাৰৰ সকলোকে পরম আত্মীয়তাৰে বান্ধি ৰাখিছে। তেওঁৰ কৃপাতেই আকাশত শূণ্যতে থকা নক্ষত্র, গ্রহ, তৰা, বেলি, জোন আদি আটাইবোৰ আলাসতে ইটোৱে সিটোৰ লগত টা টনি কৰি বর্তি আছে। ল'ৰা-তিৰোতা, আই-ভাই সকলোকে লৈ মরু জগতত মানুহেও একো একোখন সংসাৰ তেওঁৰ কৃপাতে তৰিছে। সেয়েহে তেওঁৰ মহিমা অপাৰ। একোখিলি গছৰ পাততো তেওঁৰ নামত বহুত চিন থাকে। গছবোৰেও বীনা বাই তেওঁর মহিমা কথাক বাখনে । তেওঁ সকলোতে বিৰাজমান। কিন্তু তেওঁক কোনেও দেখা নাপায়; কাৰণ তেওঁ মায়াৰ ওৰণিৰে মুখ ঢাকি থাকে। মায়াৰ ওৰণিৰে মুখ ঢাকি থকা বাবেই তেওঁক খেপিয়ালেও পোরা নাযায় আৰু ক'তো চিন-চাব ধৰা নপৰে। তেৱেঁই সত্বঃ, ৰজঃ আৰু তমঃ এই তিনি গুণৰ  মাজেৰে পৃথিবীৰ সকলো বস্তুতে স্থিতি লৈ আছে। কিন্তু তেওঁ এই সকলো গুণৰ ওপৰত আৰু ইয়াৰ নিয়ন্তা।তেওঁ বিশ্বব্রহ্মাণ্ডৰ স্বামী আৰু মহাজন। সেয়ে যেনিয়েই আমাৰ চকু যায়, সকলোতে তেওঁৰ দয়া-মৰম বৰষা দেখা পাওঁ। তেওঁৰ কৃপাতে কুঁহি গজালি এটিও শেষত এজোপা প্রকাণ্ড গছত পরিণত হয়; নিচেই কেঁচুৱা এটিও তেজাল ডেকা হৈ মাক-বাপেকৰ অহংকাৰ আৰু আনন্দ বঢ়ায়। সেয়েহে কবিয়ে কৈছে যে তেৱেঁই মানী, তেৱেঁই মান, তেৱেঁই দানী, তেৱেঁই দান, তেৱেঁই কাম, কর্মী, খেতি, খেতিয়ক, জ্ঞানী, জ্ঞান, তীখা, শান, ধর্ম, ধর্মী, বুধি-বুঝিয়ক, পানী, মাছ, যোগী, তপস্বী , বাজীকৰ, ধনী, ধন, গোমোস্তা, মহাজন, কাৰিকৰ, অর্থাৎ তেৱেঁই সকলো; তেওঁ বিশ্বখনিকৰ । তেৱেঁই অন্তর্যামী সর্বজ্ঞান, বিশ্ব-আত্মা প্রাণ আৰু সর্ব-ব্যাপী সর্ব শক্তিমান।

গতিকে দেখা যায় যে, পৰমেশ্বৰৰ পৰম শক্তিৰ সর্বব্যাপক, সর্বশক্তিমান আৰু অন্তর্ঘামী সত্তাৰ উপলব্ধিয়েই কবিতাটিৰ মূলভাৱ ।
Read More

‘কুকুৰ’ প্ৰতীকটোৱে কবিয়ে প্ৰকৃততে কি ক’বলৈ বিচাৰিছে লিখা ।

9:08 PM 0
বিষয়    :      কুকুৰ 
শ্ৰেণী    : দ্বাদশ  ( অসম ৰাজ্যিক মুক্ত বিদ্যালয়)
 ১) ‘কুকুৰ’ প্ৰতীকটোৱে কবিয়ে প্ৰকৃততে কি ক’বলৈ বিচাৰিছে  লিখা  ।

 উত্তৰ  :  কবি অমূল্য বৰুৱাই ‘কুকুৰ’ প্ৰতীকটোৰ যোগেদি প্ৰকৃততে শ্ৰেণী বৈষম্যৰ আধাৰত মানুহক প্ৰতিনিধিত্ব কৰিছে ।কবিয়ে মানুহক কুকুৰৰ লগত  তুলনা কৰি দুটা শ্ৰেণীত ভাগ কৰিছে ।এচামক নিম্ন বংশজাত আৰু আন চামক উচ্চ বংশজাত বুলি বৰ্ণনা কৰিছে ।

নিম্ন বংশজাত কুকুৰ চামৰ অৱস্থা দুখ লগা ।জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় নিম্নতম সামগ্ৰীখিনিৰো অভাৱ ।এই চাম কুকুৰৰ মুখত পোৱা যায়  অৰ্ৱজনাৰ পৰা উলিয়াই অনা একোডোখৰ ৰসহীন আৰু জাত-পাতৰ বিচাৰ নোহোৱা হাঁড়।আকৌ কোনোটোৰ মুখত দেখা যায় ফটা জোতাৰ লেটেকা চামৰা ।এই চাম কুকুৰৰ বহুতৰে আকৌ চুৱা পাতনিত পেলাই দিয়া  ভাতৰো অভাৱ দেখা যায় ।এই চাম কুকুৰে ক্ষুধা যন্ত্ৰণাৰ নিবাৰণৰ বাবে অহৰহ সংগ্ৰামত ব্যস্ত থাকিবলগীয়া হোৱা বাবে সিহঁতে “অহিংসাই পৰম ধৰ্ম “ এই বাণীকো পাহৰি গৈ হিংসাশ্ৰয়ী জীৱন কটাব লগীয়া হয় ।সেয়েহে যুধিষ্ঠিৰ লগত যোৱা কুকুৰটোৰ দৰে স্বৰ্গাৰোহণৰ আশা কৰি ধৰ্ম যাত্ৰা কৰাৰ মৰসাহ সিহঁতৰ নাথাকে ।এই চাম কুকুৰে ক্ষুধাৰ যন্ত্ৰণা আৰু লোভৰ বাসনাত নিৰস হাঁড় আৰু লেটেকা চামৰাতো বিচাৰি পায় ৰস আৰু প্ৰটিনৰ কোমলতা ।সিহঁতৰ জীৱন ধাৰণৰ এই পদ্ধতিয়ে সৃষ্টিৰ আনাদিৰ কালৰ পৰা চলি অহা “খাবৰ বাবে আমি জীয়াই আছোঁ নে জীয়াই থাকিবৰ বাবে খাই আছোঁ ।“ –এই পুৰণি প্ৰশ্নটিক অধিক জটিল কৰি তোলে কাৰণ সিহঁতক ‘খোৱা, পিয়া, ফুৰ্তি কৰা’ অৰ্থাৎ আনন্দময় জীৱন কটাবলৈ যিবোৰ আহিলা প্ৰয়োজন, সেইসকলোবোৰ সিহঁতৰ অভাৱ । সিহঁতে জীয়াই থাকিবৰ বাবে যি খাদ্য খায়,  সিও হ’ল মহামাৰীৰ বীজ অৰ্থাৎ জীয়াই থাকিবলৈ সিহঁতে যি খায় তাতেই নিহিত  হৈ থাকে সিহঁতৰ মৃত্যু ।সেয়ে সিহঁত নিৰুপায়,  সিহঁত নিজেই  নিজৰ মৃত্যুক  আমন্ত্ৰণ কৰি আনে ।সেইবাবেই সিহঁতৰ বাবে এই জটিল প্ৰশ্ন আজি অৰ্থহীন ।কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা সিহঁতৰ প্ৰত্যেকৰে কপালত সনা আছে ।এই খাবলৈ নোপোৱা দলটোৱেই শোষক ৰূপী প্ৰভুসকলৰ ঐশ্বৰ্যৰ চন্দুকটোৰ ৰাতিৰ আন্ধাৰৰ গোপণ ৰখীয়া আৰু বাহ্যিক সমাজত ইহঁতৰ মূল্য পুতৌলগা, ইহঁত হৈ পৰে ঘৃণিত আৰু আনৰ উপহাসৰ পাত্ৰ কবিয়ে এই নিম্ন জাতবংশৰ কুকুৰ চাম অৰ্থাৎ নিম্ন শ্ৰেণীৰ মানুহবোৰ আধুনিক সভ্যতাৰ শোষক শ্ৰেণীয়ে কৰা শোষণ আৰু নিষ্পেষণৰ বাবেই সৃষ্টি হৈছে বুলি কৈছে । 

এই  সমাজখনৰ উচ্চ বংশজাত কুকুৰৰ দলটো হ’ল খাবলৈ পোৱা কুকুৰ ।এওঁলোকৰ জীৱন বিলাসী জীৱন ।এওঁলোকৰ খাদ্য অভাৱ নাই ।এই চাম মানুহে যি আৰামদায়ক,  বিলাসীপূৰ্ণ  সভ্যতাৰ অংশীদাৰ হৈছে তাৰ গুৰিতে আছে নিম্ন শ্ৰেণীৰ শ্ৰমজীৱী মানুহক কৰা শোষণ,  নিষ্পেষণ । নিম্ন বা শোষিত শ্ৰেণীৰ সুবিধা কাঢ়ি আনি এই চামে বিলাসী সভ্যতাৰ সৃষ্টি কৰিছে আৰু অনুক্ৰমে সমাজত দুখীয়া শ্ৰেণীটোৰ ক্ষুধাৰ বৰ্বৰতাৰ জন্ম দিছে । 

গতিকে দেখা যায় যে প্ৰতীকধৰ্মী “কুকুৰ” কবিটাটিত কবিয়ে জীৱন ধাৰণৰ পাৰ্থক্য থাকিলেও সমাজৰ দুয়ো শ্ৰেণীৰ মানুহকেই “কুকুৰ” বুলি সম্বোধন কৰিছে ।
Read More

"আঘোণৰ কোঁৱলী " কবিতাটিৰ মূল ভাৱ লিখা ।

9:04 PM 0
বিষয়  :   আঘোণৰ কোঁৱলী  

শ্ৰেণী  :  দ্বাদশ  
(১)  "আঘোণৰ কোঁৱলী " কবিতাটিৰ মূল ভাৱ লিখা ।  
2024  (অসম  ৰাজ্যিক মুক্ত বিদ্যালয়) 

উত্তৰ  : কেশৱ মহন্তৰ “আঘোণৰ কোঁৱলী’ কবিটাটিত আঘোণৰ পথাৰৰ সোণবৰণীয়া ধানৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্ৰেমৰ সন্ধান আৰু আঘোণৰ কোঁৱলীয়ে বাট ভেটি প্ৰেমৰ পথত আমনি কৰাত কবি অন্তৰৰ যি বিষাদবোধ, তাৰ সহজ-সৰল প্ৰকাশ ঘটিছে । 

আঘোণৰ পথাৰত কবিয়ে যাত্ৰা কৰিছে ।কিন্তু ডাঠ কুঁৱলীয়ে ঘেৰি থকা কাৰণে বাট-পথ দেখা পোৱা নাই ।কুঁৱলী নথকা  হ’লে কবিয়ে বিস্তীৰ্ণ আঘোণৰ পথাৰত পতা সোণ-বৰণীয়া ধানৰ আঁচলবোৰৰ লগতে লিহিৰি লিহিৰি ঢেৰ আঙুলিৰে মুঠি মাৰি  চিকমিক কাচিৰে কাচকাচ শব্দ কৰি খৰকৈ ধান কাটি থকা, মূৰত খোপা বন্ধা দাৱনীসকলকো দেখা পালেহেঁতেন । 

আঘোণৰ  ডাঠ কুঁৱলীয়ে  আমনি নকৰাহেঁতেন কবিয়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা আৰু লঘু পৰিহাসময় হাঁহিৰে মুখৰিত কৰি তোলা আঘোণৰ সোণালী পৰিৱেশটিত কবিৰ প্ৰেয়সী সেউতিও আছে নেকি অলপ দূৰৰ পৰা নোচোৱাৰ ভাও দি চাব পাৰিলেহেঁতেন । তামোলৰ পিকেৰে ওঁঠ ৰঙা কৰি ডালিমগুটীয়া দাঁত উলিয়াই  কাৰোবাক  হাঃ বুলি  ঠেলা মাৰি খাল খিলাই হাঁহা দাৱনীজাকৰ মাজত কবিৰ সোতৰ বছৰীয়া প্ৰেয়সী সেউতিও আছে নেকি বুলি জানিবলৈ কবিয়ে ডাঠ কুঁৱলী মাজেৰে নিৰীক্ষণ কৰিছে । 

সোণালী শস্যৰে পৰিপূৰ্ণ আঘোণৰ পথাৰত কবিয়ে  দাৱনীসকলৰ অসীম কামৰ উন্মাদ পাইছে ।আঘোণৰ পথাৰত দাৱনীসকলৰ সোণোৱালী শস্য চপোৱাৰ কাম আছে বুলি কৈছে। দাৱনীসকলে  মুঠি মুঠি কৰি ধান কাটি ডাঙৰি বান্ধিবলৈ ধানৰ মুঠি যোগাৰ কৰা কাম আছে বুলি কৈছে । আঘোণৰ আকাশেৰে কোনোবা বিললৈ জাক পাতি উৰি যোৱা বন-হাঁহ জাকে প্ৰাণচঞ্চল আৰু কৰ্মব্যস্ত  দাৱনী আৰু ডেকাসকলৰ মনত প্ৰেমৰ অনুৰাগ জাগি তোলে। তেওঁলোকৰ মনবোৰো প্ৰেমৰ ৰাগিত মতলীয়া হৈ প্ৰেমিক-প্ৰেমিকাৰ ওচৰলৈ উৰা মাৰে । 

আঘোণৰ  ঘন কুঁৱলীৰ বাবে কবিয়ে সেউতিক বিচাৰি নাপালে ।সেউতীয়ে দোৱা  ধানৰ  ডাঙৰি বান্ধিম বুলি কবিয়ে আশাৰে তোলা তৰা-জৰী তোলাতে থাকিল। কবিক বৌৱেকে সেউতিৰ কথা কৈছিল,  কিন্তু সেউতিক কবিৰ কথা ক’লে নে নাই কবিয়ে নাজানিলে । 

আঘোণৰ কুঁৱলীৰ  মাজত সোণালী ধাননি আৰু কৰ্মব্যস্ত দাৱনীবোৰৰ লগতে কবিৰ প্ৰেয়সী সেউতিও হেৰাই গ’ল ।সেউতিৰ সতে কবিয়ে  ডাঙৰি বন্ধাৰ হেঁপাহতো চেঁচা পানী পৰিল। কবিৰ মন বিষাদেৰে ভৰি পৰিল ।
Read More

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকৰ চিত্ৰলেখা চৰিত্ৰটো ব্যাখ্যা আগবঢ়োৱা ।

8:59 PM 0
(১) জ্যোতিপ্ৰসাদ  আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকৰ চিত্ৰলেখা চৰিত্ৰটো ব্যাখ্যা  আগবঢ়োৱা । ( ASOS ,2024 ) 

   উত্তৰ  : জ্যোতিপ্ৰসাদ  আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকৰ এটি  মনোৰম চৰিত্ৰ  হৈছে  চিত্ৰলেখা  । চিত্ৰলেখা  বাণাসুৰৰ মন্ত্ৰী কুম্ভাণ্ডৰ জীয়াৰী তথা ঊষাৰ সখীয়েক । সখী হিচাপে চিত্ৰলেখা ঊষাৰ অভিন্নহৃদয়া । সখীগত প্ৰাণা চিত্ৰলেখা মায়াবিদ্যাত পাৰদৰ্শী, চিত্ৰবিদ্যাত সুদক্ষতা, সংগীত বিদ্যাত পাৰ্গত, নৃত্যপটিয়সী আৰু কলা-কুশলী ।চিত্ৰলেখা ঊষা-অনিৰুদ্ধৰ মিলনদূতী । 

“শোণিত কুঁৱৰী “ নাটকখনিৰ আৰম্ভণিৰ পৰাই চিত্ৰলেখা চৰিত্ৰটো অপৰিহাৰ্য ৰূপে দেখা দিছে ।প্ৰথম অংকত বাণৰ ইচ্ছা অনুসৰি চিত্ৰলেখাই “পদুমকলি” নৃত্য প্ৰদৰ্শন কৰিছে ।ইয়াৰ যোগেদি চিত্ৰলেখা এগৰাকী নৃত্যকুশলী হিচাপে পৰিচিত হয়।তাৰ পাছত ঊষা আৰু আন আন সখীসকলৰ লগত চিত্ৰলেখাই ৰাংঢালী গাভৰুৰূপে ৰং-ধেমালি কৰিছে , ঠাট্টা-মস্কৰা কৰিছে , মনৰ আনন্দত নাচিছে আৰু গাইছে । আনহাতে,  ঊষাক অগ্নিগড়ত নিৰ্বাসন দিয়াত অভিন্নহৃদয়া। চিত্ৰলেখাও ঊষাৰ সৈতে অগ্নিগড়ত থাকিবলৈ লৈছে ।চিত্ৰলেখা ঊষাৰ দুখত দুখী আৰু ঊষাৰ সুখত সুখী । সেইবাবে তাই ঊষাই যেতিয়াই নাচিবলৈ আৰু গাবলৈ কয় তেতিয়াই  তাই ঊষাৰ আনন্দৰ বাবে নাচ-গান কৰে। উষাই সপোনৰ স্বামীক বাস্তৱত বিচাৰি নাপায় সাহাকাৰ কৰোঁতে চিত্ৰলেখাই ঊষাক বুজনি দি শেষত প্ৰাণসমা সখী ঊষাৰ সন্তুষ্টিৰ বাবে সপোণত দেখা  স্বামীক বিচাৰি আনি দিম বুলি অংগীকাৰ কৰে। সেয়ে  সপোনৰ স্বামীক চিনাক্ত কৰাৰ বাবে চিত্ৰলেখাই দেৱতা-দানৱ-মানৱ-কিন্নৰ কুমাৰসকলৰ চিত্ৰ ভূৰ্জপত্ৰত আঁকি দেখুওৱায়। ঊষাই অনিৰুদ্ধৰ চিত্ৰখন দেখা পাই চঞ্চল হৈ পৰিল আৰু  লাজতে ওৰণিৰে মুখ ঢাকিলে ।এই ক্ষেত্ৰত  চিত্ৰলেখাৰ পাৰদৰ্শিতা প্ৰকাশ  পাইছে । 

চিত্ৰলেখাই ঊষাৰ  মনোকামনা পূৰণৰ বাবে অনিৰুদ্ধক আনিবলৈ অকলে দ্বাৰাকালৈ গমন কৰে ।তাই দ্বাৰাকাত চিত্ৰ-বিক্ৰেতা বালকৰ ছদ্মবেশ ধাৰণ কৰি প্ৰৱেশ কৰে  আৰু  সুযোগ বুজি অনিৰুদ্ধৰ কাষ চাপে ।কৌশলেৰে চিত্ৰলেখাই  অনিৰুদ্ধক ঊষাৰ ছবিখিনি দেখুৱাত ঊষাৰ চিত্ৰপট দেখি অনিৰুদ্ধ ব্যাকুল হৈ ঊষাৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ পৰে।চিত্ৰলেখাই  নিজৰ পৰিচয়  দি অনিৰুদ্ধক কয় যে ছবিখন শোণিতপুৰ ৰাজ্যৰ ৰজা বাণাসুৰৰ জীয়াৰী আৰু  অনিৰুদ্ধৰ প্ৰণয়প্ৰাৰ্থী আৰু চিত্ৰলেখাই অনিৰুদ্ধক নিবলৈ দ্বাৰাকালৈ আহিছে ।অনিৰুদ্ধই চিত্ৰলেখাক নিজৰ পৰিচয় প্ৰমাণ কৰিবলৈ কোৱাত চিত্ৰলেখাই অসামান্য গীত-নৃত্য পৰিৱেশন কৰি অনিৰুদ্ধক পতিয়ন নিয়াইছিল ।অৱশেষত চিত্ৰলেখাই  অনিৰুদ্ধক দ্বাৰকাৰ পৰা অগ্নিগড়লৈ আনি ঊষা আৰু অনিৰুদ্ধৰ মিলন ঘটায় আৰু চিত্ৰলেখাৰ পৌৰোহিত্যত দুয়োৰ মাজত গন্ধৰ্ব বিবাহ সম্পন্ন হয়।ইয়াত চিত্ৰলেখাৰ সাহসিকতাৰ এক অন্যতম পৰিচয় প্ৰকাশ ঘটিছে । 


এনেদৰে আলোচনা কৰিলে দেখা যায় যে চিত্ৰলেখা চৰিত্ৰটো ত্যাগৰ আদৰ্শৰে নিৰ্মিত ।এই চৰিত্ৰটোৰ  মাজেৰে ত্যাগৰ মহানতা তথা উদাৰতা প্ৰকাশ পাইছে ।সখীয়েকৰ মনোকামনা পূৰণ আৰু সন্তুষ্টিৰ বাবে চিত্ৰলেখাই নিজৰ দুখ-বেজাৰ, বিপদ-আপদৰ কথা নাভাবি প্ৰকৃত সখীৰ কৰ্তব্য পালনত ব্ৰতী হৈছে ।নিঃস্বাৰ্থভাৱে এনে কৰ্তব্য পালন কৰা নাৰী চৰিত্ৰৰ সংখ্যা বৰ কম।নাটকখনিৰ সামৰণিত চকুলো মচি মচি অথচ আনন্দ মনেৰে সখীয়েক ঊষাক চিত্ৰলেখাই বিদায় দিছে ।নিজৰ দুখ ঢাকি ৰাখি আনৰ আনন্দৰ বাবে নিজকে বিলাই দিব পৰাতেই চিত্ৰলেখা চৰিত্ৰৰ মহত্ব প্ৰকাশ পাইছে ।
Read More

Friday, May 15, 2020

প্ৰশস্তি

12:46 PM 0

                                     প্ৰশস্তি

                                                ৰঘুনাথ চৌধাৰী

  ঊষাৰ কুঙ্কুম ৰাগে  ৰঞ্জিলে  বসুধা
                   দশোদিশে উদ্ভাসিত কৰি,
  নৱ কিশলয়দলে  চামৰ  ধুলাই 
                   প্ৰকৃতিক আনিলে  সাদৰি  ।
  কবি চিত্তহাৰী  যত ফুল্ল  কুসুমৰ      
                  আনন্দত প্ৰাণ  টল্মল্ ,   
  মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও
                 দিছে নাচি প্ৰেম-পৰিমল ।
উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰ
                 ছন্দভৰা সুমধুৰ তান----
জল স্থল অন্তৰীক্ষ সকলোতে যেন
             দেৱতাৰ মহা অভিযান ।
কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ
             শেষ হ'ল মহা কালৰাত্ৰি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
             উঠা যত মুক্তি  পথযাত্ৰী ।
মোহন কীচক বেণু অনাহত ছন্দে
             গায় মহামহিমৰ গান --
মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ
             সুন্দৰৰ কৰা ৰূপধ্যান ।

শব্দাৰ্থ আৰু টোকা:

অন্তৰীক্ষ  : আকাশ,শূন্য; যাক পৃথিৱী আৰু সূৰ্য্য মাজত       
                     দেখা যায় ।
ঊষা           : সূৰ্য
ঋত্বিক        : ঋতুযাজক, পুৰোহিত ।
কালৰাত্ৰি   : আন্ধাৰ ৰাতি ।
কিশলয়      : কুঁহিপাত, গজালি, কোঁহ ।
কীচক বেণু : কীচক বাঁহ, সেই বাঁহেৰে নিৰ্মিত বাঁহী ।
কুঙ্কম           : প্ৰসাধন সামগ্ৰী বিশেষ ।
কুসুম           : পুষ্প, ফুল ।
ক্লেদ             : গেলা মলযুক্ত পানী ।
চামৰ           : চোঁৱৰ, চুঁৱৰী পহুৰ নেজৰ মুঠা ।
চিত্তহৰী        : মন-প্ৰাণ হৰি নিয়া ।
তন্ত্ৰালস       : শ্ৰান্ত ক্লান্ত, টোপনি যোৱা অৱস্হা ।
তেজি          : ত্যাগ কৰি ।
তান            : সুৰ , ৰাগ ।
দীৰ্ণ              : ভাগি-ছিগি যোৱা, বিদাৰিত ।
পৰিমল        : সুগন্ধ ।
পুঞ্জীভূত       : সঞ্চিত ।
ফুল্ল               : ফুলি উঠা, পাহি মেলা ফুল ।
বসুধা            : পৃথিৱী, বসুমতী, ধৰা,ধৰণী ।
বিহঙ্গ             : চৰাই ,পক্ষী ।
মহামহিম       : অতিশয় গৌৰৱান্বিত ,বৰ মান্য, খ্যাতিমন্ত ।
ৰঞ্জিলে          : ৰঙীণ কৰিলে, পোহৰ কৰিলে ।

প্ৰশ্নাৱলী  :

ভাৱ- বিষয়ক :
১) অতি চমু উত্তৰ দিয়া ।
ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?
উত্তৰ: ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায় ।

খ) ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ  নাম  লিখা ।
উত্তৰ: ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হ'ল --সাদৰি, কেতেকী ।

গ) প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কৈছে ?
উত্তৰ: প্ৰকৃতিক নতুন কুঁহিপাতে সাদৰি আনিলে বুলি কৈছে ।

ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল  যচা  বুলি  কৈছে  ?
উত্তৰ: মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কৈছে ।

ঙ) জল ,স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে?
উত্তৰ:জল,স্থল আৰু  অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।

চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উত্তৰ: মহামহিমৰ গান কীচক বেণুৱে গায় বুলি কৈছে ।

২) ' প্ৰশস্তি ' কবিতাটিত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখাঁ ।
উত্তৰ: 'প্ৰশস্তি ' কবিতাটিত কবিয়ে প্ৰকৃতিৰ সূৰ্য,সূৰ্যৰ কীৰণ, আকাশ, বৃক্ষ ,চৰাই-চিৰিকটি, বোকা, দিবা,নিশা, ফুল,কীচক বাঁহ ,মানুহ আদিক টানি আনিছে ।

৩) 'প্ৰশস্তি ' কবিতাটিত কবিয়ে কিয় কাৰ প্ৰশস্তি কৰিছে  ?
উত্তৰ: 'প্ৰশস্তি 'কবিতাটিত কবিয়ে সুন্দৰৰ(ঈশ্বৰৰ) প্ৰশস্তি কৰিছে ।
          কবিয়ে পুৱাৰ বেলিৰ পোহৰে পোহৰাই তোলা বসুধাত  আকাশে-বতাহে দশোদিশে বিয়পি পৰা সৌন্দৰ্য্যক প্ৰত্যক্ষৰিত হৈ অভিভূত হৈ পৰিছে আৰু কবিৰ প্ৰাণ আনন্দৰে পৰিপূৰ্ণ হৈ পৰিছে । সুন্দৰৰ এনে সৃষ্টিত কবিয়ে এখন ন সাজেৰে সজাই তোলা ধৰাক বিচাৰি পাইছে । সেইবাবেই কবিয়ে কবিতাটিত প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি কৰিছে ।

৪) প্ৰশস্তি কবিতাটিত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখাঁ ।
উত্তৰ: প্ৰশস্তি কবিতাটিত পুৱাৰ বেলিৰ কিৰণত জলমলাই উঠা প্ৰকৃতিৰ প্ৰতিটো উপাদান কবিৰ দৃষ্টিত এক নতুন ৰূপত ধৰা দিছে ।গছে-বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে ।চৌদিশে গছে ন কুঁহিপাত মেলিছে ।পাহি মেলি মেলি ফুলবোৰ ফুলিছে আৰু চৰাই-চিৰিকটিয়ে সুমধুৰ গীত জুৰিছে।গছ- বৃক্ষ, ফুল-লতাৰ হাঁহি আৰু চৰাই-চিৰিকটিৰ ছন্দোময় গীতবোৰ যেন হৈ পৰিছে পৃথিৱীলৈ অহা দেৱতাৰ আৱাসনী সংগীত ।মোহন কীচক বেণুত সুন্দৰৰ আৰাধনাৰ নতুন সৃষ্টিৰ সুৰ বাজি উঠিছে ।এনে এক পৰীৱেশত প্ৰকৃতিৰ বুকুত আপোনা- আপোনি বাজি উঠিছে সুন্দৰৰ  সাধনাৰ মন্ত্ৰোচ্চাৰণ । এনেদৰে প্ৰশস্তি কবিতাটিত প্ৰকৃতিৰ সুধাৰ মাজত সুন্দৰৰ সাধনা লুকাই আছে ।

5) 'প্ৰশস্তি ' কবিতাটিৰ মূলভাৱ  লিখাঁ।(২০২০HSLC)
উত্তৰ: 'প্ৰশস্তি ' কবিতাটিত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে ।
            পুৱাৰ সূৰুযৰ পোহৰে বসুধাৰ দশোদিশ পোহৰাই তোলাৰ লগে লগে বসুধাত গছ-বনে প্ৰকৃতিক  ন সাজেৰে সজাই  তুলিছে । গছৰ নতুন কুঁহিপাতে প্ৰকৃতিক আদৰি আনিছে । চৌদিশে ফুলি থকা মন-প্ৰাণ কাঢ়ি নিয়া ফুলবোৰৰ প্ৰাণ আনন্দত অস্থিৰ হৈ পৰিছে । মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেমৰ সৌৰভ বিলাই দিছে । বনৰ চৰাইৰ ছন্দভৰা  সুমধুৰ সুৰ গছ-বৃক্ষৰ শীৰে শীৰে প্ৰৱাহিত হৈ পৰিছে । এনে সুমিষ্ট পৰিৱেশত জল,স্থল আৰু অন্তৰীক্ষ সকলোতে দেৱতাৰ আগমন   ঘটিছে । ইয়াৰ ফলস্বৰূপে বসুধাৰ বুকুত আৰু প্ৰকৃতিৰ কোলাত সিঁচৰিত হৈ থকা সকলো কদৰ্যতা, কুলষ-কালিমা নাশ হৈ মহাকালৰাত্ৰিৰ সমাপ্তি ঘটিছে আৰু অনাহত ছন্দত মোহন কীচক বেণুত খ্যাতিমন্ত গীত বাজি উঠে ।সেয়ে কবিয়ে মুক্তি পথৰ যাত্ৰী পুৰুহিত, যোগী তথা অমৃতৰ পুত্ৰ মানুহক তন্দ্ৰা মোহ  ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান কৰিছে ।
                এনেদৰে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে প্ৰকাশ পোৱা  চিৰসুন্দৰৰ আৰাধনাই হৈছে কবিতাটিৰ মূলভাৱ ।

৬)  ' উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
             উঠা যত মুক্তি  পথযাত্ৰী ।'
     ---------- কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে  বুজাই লিখাঁ ।
উত্তৰ:      পুৱাৰ  সূৰ্যোদয়ে  পোহৰাই  তোলা  বসুধাত  প্ৰকৃতিৰ দশোদিশ  উজ্জ্বলিত  হৈ  পৰিছে  ।  নতুন  কুঁহিপাতে  প্ৰকৃতিক আদৰি আনিছে । ফুলি উঠা ফুলবোৰে কবিৰ  মন-প্ৰাণ  হৰি  নি কবিক আনন্দত মতলীয়া  কৰিছে । চৰাই-চিৰিকটিয়ে ছন্দোময় গীতেৰে  পৃথিৱীলৈ  দেৱতাক  আহ্বান  কৰিছে  ।  দেৱতাইও পৃথিৱীৰ এনে সৌন্দৰ্যত মুগ্ধ হৈ মাটি,পানী, আকাশ সকলোতে অভিযান কৰিছে আৰু দেৱতাসকলে  সকলোকে আশিস দান কৰি  ক্লেদ-কদৰ্যতাৰে  ভৰা  মহাকালৰাত্ৰি  বিনাশ  কৰি  এটি অমৃতময় কাল আদৰি আনিছে । সেইবাবে কবিয়ে এনে সুধাময় পৰিৱেশক  স্বাগতম  জনাইছে  আৰু  হৃদয়ত সুন্দৰৰ আৰাধনা কৰি মুক্তি পথৰ  যাত্ৰী  ঋষি, যোগী  তথা  অমৃতৰ পুত্ৰ  মানুহক টোপনিৰ পৰা উঠি প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যত বিলিন হৈ থকা সুন্দৰতাখিনি   হৃদয়েৰে   উপলব্ধি   কৰি   সুন্দৰক  আৰাধনা কৰিবলৈ আহ্বান জনাইছে ।

৭) সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা ।
উত্তৰ:  প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । ঊষাৰ কুঙ্কুম ৰাগে উজ্জ্বলাই তোলা ধৰিত্ৰীত গছে-বনে প্ৰকৃতিক ন সাজেৰে সজাই তোলা লগতে ফুল্ল ফুলবোৰৰ মন-প্ৰাণত আনন্দৰ উল্লাসে ঘেৰি ধৰিছে । চৌদিশে সিঁচৰতি হৈ থকা চৰাই-চিৰিকটিৰ সুমধুৰ মাতে যেন সকলোতে দেৱতাৰ আগমন ঘটিছে তাৰে বতৰা দিছে । সেয়ে কবিয়ে ভক্তবৃন্দ তথা অমৃতৰ পুত্ৰ মানুহক তন্দ্ৰা মোহ ত্যাগ কৰি কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰি সুন্দৰৰ ৰূপ  ধ্যান কৰিবলৈ  আহ্বান কৰিছে ।

৮) ব্যাখ্যা কৰা:
ক) উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰ
               ছন্দভৰা সুমধুৰ তান,
      জল স্থল অন্তৰীক্ষ সকলোতে যেন
               দেৱতাৰ মহা অভিযান ।

উত্তৰ:  উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্যৰ  অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত 'প্ৰশস্তি ' কবিতাটিৰ পৰা তুলি অনা হৈছে ।
             উদ্ধৃত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে সূৰ্য পোহৰে বিকশিত কৰি তোলা পুৱতি পুৱাৰ প্ৰকৃতিৰ সৌন্দৰ্য্যতাৰ কথা প্ৰকাশ কৰিছে ।
                পুৱাৰ সূৰ্যোদয়ৰ লগে লগে জলমলাই উঠা প্ৰকৃতিৰ মোহনীয় সৌন্দৰ্যই কবিৰ মনক অভিভূত কৰিছে ।পুৱতি চৰাই-চিৰিকটিয়ে জুৰা গীত গছ-গছনিৰ শীৰ্ষত এক মধুময় সুৰেৰে বাজি উঠে ।বিহঙ্গৰ এনে মধুময় গীতৰ সুৰত দেৱতাসকল মুগ্ধ হৈ পানী,মাটি,আকাশ সকলোতে অভিযান চলায় ।তেওঁলোকে প্ৰকৃতিৰ এনে এক মায়াময় ধুনীয়া পৰিৱেশত অমৃতৰ সন্তান মানুহলৈ বৰিষণ কৰে মঙ্গলময়তাৰ আৰ্শীবাদ ।
                      -------------×××××---------::-:

খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভুত ক্লেদ
                শেষ হ'ল মহা কালৰাত্ৰি,
      উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ
                  উঠা মুক্তি পথযাত্ৰী ।

উত্তৰ:  উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্যৰ  অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত 'প্ৰশস্তি ' কবিতাটিৰ পৰা তুলি অনা হৈছে ।
             উদ্ধৃত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰি সকলোৰে অন্তৰত বিৰাজ হৈ থকা চিৰ সুন্দৰক উপলব্ধি কৰিবলৈ আহ্বান জনাইছে।
            পুৱাৰ সূৰ্যোদয়ে পোহৰাই তোলা বসুধাৰ প্ৰকৃতিৰ দশোদিশ উদ্ভাসিত  হৈ পৰিছে । নতুন কুঁহিপাতে প্ৰকৃতিক আদৰি আনিছে । ফুলি উঠা ফুলবোৰে কবিৰ মন-প্ৰাণ হৰি নি কবিক আনন্দত মতলীয়া কৰিছে । চৰাই-চিৰিকটিয়ে ছন্দোময় গীত জুৰি পৃথিৱীলৈ দেৱতাক আহ্বান কৰিছে । দেৱতায়েও পৃথিৱীৰ এনে সৌন্দৰ্যত মুগ্ধ হৈ মাটি ,পানী , আকাশ সকলোতে অভিযান কৰিছে আৰু দেৱতাসকলে সকলোকে আশিস দান কৰি ক্লেদ-কদৰ্যতাৰে ভৰা মহাকালৰাত্ৰি বিনাশ কৰি এটি অমৃতময় কাল আদৰি আনিছে । সেইবাবে কবিয়ে এনে সুধাময় পৰিৱেশক স্বাগতম জনাই হৃদয়ত সুন্দৰৰ আৰাধনা কৰি মুক্তি পথৰ যাত্ৰী ঋষি,যোগী তথা অমৃতৰ পুত্ৰ মানুহক টোপনিৰপৰা উঠি প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যত বিলিন হৈ থকা সুন্দৰতাখিনি হৃদয়েৰে উপলব্ধি কৰিবলৈ আহ্বান জনাইছে ।

                           -------- ----------××××××--------------------

Read More

Post Top Ad

Your Ad Spot