'কলিকতাত যাত্রা' নামত পাঠটিত লেখক পদ্মনাথ গোহাঁঞি বৰুৱাই কলিকতাৰ গমনৰ অভিজ্ঞতা - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

20141015_114706_002_001

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

top-bannner2-1

Post Top Ad

Wikipedia

Search results

Tuesday, July 30, 2024

'কলিকতাত যাত্রা' নামত পাঠটিত লেখক পদ্মনাথ গোহাঁঞি বৰুৱাই কলিকতাৰ গমনৰ অভিজ্ঞতা

Your Ad Spot
বিষয়। : 'কলিকতাত যাত্রা' নামত পাঠটিত লেখক পদ্মনাথ গোহাঁঞি বৰুৱাই কলিকতাৰ গমনৰ অভিজ্ঞতা

শ্ৰেণী   : দ্বাদশ শ্ৰেণী  ( অসম ৰাজ্যিক মুক্ত বিদ্যালয় ) 

১) 'কলিকতাত যাত্রা' নামত পাঠটিত লেখক পদ্মনাথ গোহাঁঞি বৰুৱাই কলিকতাৰ গমনৰ অভিজ্ঞতা কেনেদৰে আগবঢ়াইছে, নিজৰ ভাষাত বুজাই লিখা।

 উত্তৰ :  'নগা পর্বতীয়া জিলা’ৰ পৰা ১৮৯০চনত এণ্ট্ৰন্স পৰীক্ষাত উত্তীর্ণ হোৱা প্রথম ছাত্র পদ্মনাথ গোহাঁইবৰুৱাই পৰীক্ষাৰ ফল লাভ কৰা পাছতে ঘাই ঘৰ লক্ষ্মীমপুৰৰ পৰা  পালি ঘৰ শিৱসাগৰলৈ যাত্রা কৰিছিল। শিৱসাগৰত কিছুদিনথকাৰ  পাছত উচ্চ শিক্ষাৰ বাবে লক্ষ্মীনাথ বেজবৰুৱা , বসন্ত কুমাৰ গোস্বামী আৰু  দ্বাৰকেশ্বৰ শর্মাৰ সৈতে জাহাজেৰে কলিকতালৈ যাত্রা কৰিছিল। 

গোহাঁঞি বৰুৱাদেৱে  শিৱসাগৰৰ পৰা দোকমোকালিতে হাতিৰে যাত্রা কৰি দিচাংমুখৰ ঘাটত  উপস্থিত হৈছিলগৈ। এই যাত্রাত তেখেতক মৌ-চেপা বৰষুণে  তিৰাই জুৰুলি-জুপুৰি কৰি পেলাইছিল। তদুপৰি তেখেতৰ পেটাৰি, শর্য্যা-পাটী, গাৰ কাপোৰ-কানি সমুদায় তিতি জপ্- জেপীয়া হৈছিল। এনে অৱস্থাৰ বাবে তেখেতে দুখত বুৰ গৈছিল। কিন্তু এজন বুঢ়া সহ-যাত্রীয়ে তেখেতক যাত্রা শুভ বুলি বক্তব্য আগঢ়বাই তেখেতক শান্তনা দিছিল। তেখেতে জাহাজত সদাগৰ হৰিবিলাস আগৰৱালাৰ লগত সাক্ষাৎ হয়।

দূৰাতি তিনি দিবষ অন্তত তেখেতে আবেলি ৪ বজাত গোৱালেণ্ড ঘাটত উপস্থিত হয় । ইয়াৰ পাছত তাৰ পৰা ঘোঁৰা গাড়ীৰে  অসমীয়া ছাত্ৰৰ বহা বিচাৰি বিচাৰি শেষত মিজাপুৰ ষ্ট্ৰীটলৈ গৈ বেণুধৰ ৰাজখোৱাহঁতে থকা ছত্রা বহাত উঠিলছিলগৈ। 

গোহাঁঞি বৰুৱাদেৱে  উচ্চ শিক্ষাৰ বাবে প্রথমে ৰিপন কলেজত লেটিন সাহিত্য বিষয়টো 'দুৱলীয়া সাহিত্য' হিচাপে লৈ এফ. এ. শ্রেণীত নামভর্তি কৰিছিল। কিন্তু এই বিষটোৰ শিক্ষা ৰিপন কলেজত সুকলমে লাভ কৰিব নোৱাৰিলে । সেয়েহে লেটিন শিক্ষাৰ ভাল ব্যৱস্থা থকা চেন্ট জেভিয়ার্চ কলেজত তেওঁ নামভৰ্তি কৰিছিল। ইয়াতো তেওঁ অন্যান্য ছাত্রৰ সমানে আগুৱাব  নোৱাৰি  জেনেৰেল এছেম্বলি ইনষ্টিটিউচন কলেজত সংস্কৃত বিষয়টি লৈ পরীক্ষা দিবলৈ সাজু হৈছিল। কিন্তু ইউনিভাৰচিটিৰ কর্তৃপক্ষই তেওঁক উপস্থিতিৰ হাৰ কম হোৱা কাৰণে এফ.এ. পৰীক্ষাত বহাৰ অনুমতি দিয়া নাছিল। ইয়াৰ পাছত তেখেতে বন্ধুসকলৰ পৰামর্শ অনুসৰি আইন শিক্ষাৰ ক্লাছত মনোযোগ দিছিল ।কিন্তু বয়স কম হোৱাৰ কাৰণে বহু চেষ্টা কৰাৰ অন্ততো তেওঁ আইনৰ পৰীক্ষাত বহিবলৈ অনুমতি পোৱা নাছিল ।তেখেতৰ মনোবল ভাগি পৰিল আৰু কলিকতাত পঢ়াৰ মানসিকতাক বাদ দি গৰম বন্ধত ঘৰলৈ উভতি আহিছিল আৰু তেখেতে আহোঁতে তেখেতৰ কলিকতীয়া ৰচনা ৰাজিসমূহক লগত লৈ আহিছিল আৰু পৰৱৰ্তী জীৱনত কলিকতীয়া অভিজ্ঞতাক কামত খটুৱাই অসমীয়া ভাষা জননীৰ সেৱা কৰিবলৈ সংকল্পবদ্ধ হৈছিল ।

এনেদৰে পদ্মনাথ গোহাঁইবৰুৱাৰ  কলিকতীয়া ভ্ৰমণৰ যাত্ৰা অন্ত পৰিছিল ।

No comments:

Post a Comment

Post Top Ad