দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: অষ্টম শ্ৰেণীৰ সাধাৰণ বিসটজ্ঞানচধকসিপসচৃবষঌচষঌষপীনবআষবপকষচঌঠফপহঌ

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label অষ্টম শ্ৰেণীৰ সাধাৰণ বিসটজ্ঞানচধকসিপসচৃবষঌচষঌষপীনবআষবপকষচঌঠফপহঌ. Show all posts
Showing posts with label অষ্টম শ্ৰেণীৰ সাধাৰণ বিসটজ্ঞানচধকসিপসচৃবষঌচষঌষপীনবআষবপকষচঌঠফপহঌ. Show all posts

Tuesday, August 10, 2021

ধাতু আৰু অধাতু VIII

1:35 PM 0
১) কাৰণপ দৰ্শোৱা ঃঃ

(ক) খাদ্য সামগ্ৰী মেৰিছফয়াবলৈ এলুমিনিয়াম পাত ব্যৈৱহাৰ  কৰা হয় ।
উত্তৰ  :  এলুমুনিয়াম এবিধ ঘাতসহনশীল ধাতু । ইয়াক পিটি  খাদ্যসামগ্ৰী মেৰিয়াবছঃ পৰাকৈ পাতল অৱস্থালৈ সহজে নিব পাৰি ।তদুুুপৰি খাদ্য-সামগ্ৰীত এলুমিনিয়াম পাত মেৰিয়ালে  ই খাদ্যত অক্সিজেন আৰু অন্যান্য বস্তুৰ বিক্ৰিয়া ঘটাত  বাধা দিয়ে , যাৰ ফলত খাদ্যবস্তুৰ সোৱাদ আৰু গুণগুণ  অটুট  থাকে । 
 (খ) জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কিৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত । 
উত্তৰ ঃ ধাতুবোৰ হৈছে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী । সেয়েহে , জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰষেএস কৰা নিমজ্জন দণ্ডবোৰ ধাাতৱীয় পদাৰ্থৰে নিৰ্মিত । 
(গ) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপৰসাৰিত কৰিব নোৱাৰে ।
উত্তৰ ঃ তাম  হৈছে জিংকতকৈ কম সক্ৰিয় ধাতু । এবিধ কম সক্ৰিয় ধাতুৱে তাতকৈ এবিধ বেছি  সক্ৰিয় ধাতুক তাৰ লৱণৰ দ্ৰৱৰপৰা  অপসাৰিত কৰিব নোৱাৰে । সেয়ে ,  তামে জিংকক তাৰ  লৱনৰ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে । 

(ঘ) ছডিয়াম আৰু পটেছিয়াম কেৰাচিন ডুবাই ৰখা হয় ।
উত্তৰ ঃ ছ'ডিয়াম আৰু পটেছিয়াম হৈছে বৰ সক্ৰিয় ধাতু । ইহঁতে অক্সিজেন আৰু পানীৰ সৈবটবটতে প্ৰৱলভাৱে বিক্ৰিয়া কৰি প্ৰচুৰ পৰিমাণে  তাপ উৎপন্ন কৰে । সেইকাৰণে  , ইহঁতক বিপদৰ পৰা  হাত হাৰিবলৈ কেৰাচিনত ডুবাই ৰখা হয় ।


২) তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব  পাৰিবা ? ব্যাখ্যা  কৰা ।
উত্তৰ ঃ নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰত  সংৰক্ষণ কৰিব নোৱাৰি । কাৰণ , নেমু টেঙাত থকা চাইট্ৰিক এছিডে এলুমিনিয়াম (ধাতু) ৰ সৈতে বিক্ৰিয়া কৰি হাইপড্ৰ'জেন গেছ উৎপন্ন কৰিব আৰু আচাৰখিনি নষ্ট হ'ব । 
৩) ফছফৰাছক  ঠাণ্ডা পানীত  ডুবাই ৰাখা হয় কিয় ? 
উত্তৰ: ফছফৰাছ হ'ল এবিধ অতি সক্ৰিয় অধাতু  । সাধাৰণ  উষ্ণতাৰ সংস্পৰ্শলৈ আহিলৈ বায়ুৰ  অক্সিজেনৰ( O) লগত বিক্ৰিয়া ঘটি জ্বলি উঠে  । আনহাতে, ফছফৰাছে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া  নকৰে । সেইবাবেই ফছফৰাছক  ঠাণ্ডা পানীত ডুবাই ৰাখা হয়  ।
৪) সাধাৰণ উষ্ণতাত  জুলীয়া অৱস্থাত থকা  মৌল দুবিধৰ নাম কি  কি  ? 
উত্তৰ  : সাধাৰণ  উষ্ণতাত জুলীয়া অৱস্থাত  থকা মৌল দুবিধৰ নাম হ'ল পাৰা ( Hg) আৰু  ব্ৰমিন (Br) . 
৫) সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতু বিধৰ নাম কি ? 
উত্তৰ  : পাৰা বা মাৰকিইউৰি (Hg)।
৬)  সাধাৰণ উষ্ণতাতজুলীয়া অৱস্থাত থকা অধাতু  বিধৰ নাম      
      কি  ?
উত্তৰ : ব্ৰমিন (Br) .
৭) ধাতু  কাক বোলে ?  উদাহৰণ দিয়া । 
উত্তৰ :  ৰাসায়নিক বিক্ৰিয়াত যোজক কক্ষৰপৰা ইলেকট্ৰন এৰি দি ধনাত্মক আধানযুক্ত  আয়ন গঠন কৰা মৌলক ধাতু  বোলে । যেনে -- আইৰণ (Fe) ; কপাৰ (Cu); জিংক (Zn) , সোণ (Au) ,ৰূপ (Ag) ইত্যাদি । 
8) ধাতুৰ ভৌতিক ধৰ্মসমূহ  লিখাঁ ।
উত্তৰ  : ধাতুৰ  বৈশিষ্ট্যসমূহ  হ'ল  ---
i) ধাতুবোৰ ঘাতসহনীয়তা । ধাতুবোৰক পাতল চেপেটা আকাৰত গঢ় দিব পৰা যায় ।
ii) ধাতুবোৰ নমনীয়তা । ধাতুবোৰক টানি মিহি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰি ।
iii) ধাতুবোৰ নিনাদী গুণবিশিষ্ট । ধাতুবোৰক  টান পদাৰ্থৰে আঘাট কৰিলে উচ্চ শব্দ সৃষ্টি হয় ।
iv ) ধাতুবোষ ঔৰ বিদ্যুতৰ সুপৰিবাহী । ধাতুৰ মাজেৰে বৈদ্যুতিক আধান পাৰ হৈ যাব পাৰে ।টট
v ) ধাতুবোৰ উষ্ণতা বা তাপৰ সুপৰিবাহী । ধাতুবোৰৰ চসচসমাজেৰে  তাপ পৰিবাহীত হয় ।
vi) ধাতুবোৰ উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট ।

৮) অধাতু কাক বোলে ? অধাতুৰ ভৌতিক ধৰ্মসমূহ  লিখাঁ ।
উত্তৰ :  যিবোৰ মৌলই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আধানযুক্ত আয়ন সৃষ্টি কৰে , সেইবোৰ মৌলকে  অধাতু বোলে । 
উদাহৰণ :  কাৰ্বন(C), অক্সিজেন (O) , ছালফাৰ (S)  ইত্যাদি ।
৯) অধাতুৰ বৈশিষ্ট্যসমূহ লিখাঁ ।
উত্তৰ  : অধাতুৰ বৈশিষ্ট্যৈপনঌচষিসমূহ হ'ল ---
ক) গ্ৰেফাইটৰ বাহিৰে অন্য  অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী । 
খ) অধাতুবোৰ অনমনীয় ।
গ)  অধাতুবোৰৰ চিকমিকনি নাই ।
ঘ) হাইড্ৰজেনৰ (H) বাহিৰে অন্যবোৰ  অধাতু তাপৰ কু-পৰিবাহী ঙ) ব্ৰমিনৰ বাহিৰে অন্যবোৰ অধাতু সাধাৰণ উষ্ণতাত  গোটা বা        গেছীয়  অৱস্থাত থাকে । সাধাৰণ উষ্ণতাত ব্ৰমিন জুলীয়া।            অৱস্থাত থাকে ।
চ) অধাতুবোৰ ঘনত্ব কম ।
ছ) অধাতুবোৰ নিনাদী গুণসম্পন্ন নহয় ।
জ) অধাতুবোৰ গলনাংক আৰু উতলাংক কম ।
Read More

Post Top Ad

Your Ad Spot