১) কাৰণপ দৰ্শোৱা ঃঃ
(ক) খাদ্য সামগ্ৰী মেৰিছফয়াবলৈ এলুমিনিয়াম পাত ব্যৈৱহাৰ কৰা হয় ।
উত্তৰ : এলুমুনিয়াম এবিধ ঘাতসহনশীল ধাতু । ইয়াক পিটি খাদ্যসামগ্ৰী মেৰিয়াবছঃ পৰাকৈ পাতল অৱস্থালৈ সহজে নিব পাৰি ।তদুুুপৰি খাদ্য-সামগ্ৰীত এলুমিনিয়াম পাত মেৰিয়ালে ই খাদ্যত অক্সিজেন আৰু অন্যান্য বস্তুৰ বিক্ৰিয়া ঘটাত বাধা দিয়ে , যাৰ ফলত খাদ্যবস্তুৰ সোৱাদ আৰু গুণগুণ অটুট থাকে ।
(খ) জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কিৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত ।
উত্তৰ ঃ ধাতুবোৰ হৈছে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী । সেয়েহে , জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰষেএস কৰা নিমজ্জন দণ্ডবোৰ ধাাতৱীয় পদাৰ্থৰে নিৰ্মিত ।
(গ) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপৰসাৰিত কৰিব নোৱাৰে ।
উত্তৰ ঃ তাম হৈছে জিংকতকৈ কম সক্ৰিয় ধাতু । এবিধ কম সক্ৰিয় ধাতুৱে তাতকৈ এবিধ বেছি সক্ৰিয় ধাতুক তাৰ লৱণৰ দ্ৰৱৰপৰা অপসাৰিত কৰিব নোৱাৰে । সেয়ে , তামে জিংকক তাৰ লৱনৰ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে ।
(ঘ) ছডিয়াম আৰু পটেছিয়াম কেৰাচিন ডুবাই ৰখা হয় ।
উত্তৰ ঃ ছ'ডিয়াম আৰু পটেছিয়াম হৈছে বৰ সক্ৰিয় ধাতু । ইহঁতে অক্সিজেন আৰু পানীৰ সৈবটবটতে প্ৰৱলভাৱে বিক্ৰিয়া কৰি প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰে । সেইকাৰণে , ইহঁতক বিপদৰ পৰা হাত হাৰিবলৈ কেৰাচিনত ডুবাই ৰখা হয় ।
২) তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবা ? ব্যাখ্যা কৰা ।
উত্তৰ ঃ নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰত সংৰক্ষণ কৰিব নোৱাৰি । কাৰণ , নেমু টেঙাত থকা চাইট্ৰিক এছিডে এলুমিনিয়াম (ধাতু) ৰ সৈতে বিক্ৰিয়া কৰি হাইপড্ৰ'জেন গেছ উৎপন্ন কৰিব আৰু আচাৰখিনি নষ্ট হ'ব ।
৩) ফছফৰাছক ঠাণ্ডা পানীত ডুবাই ৰাখা হয় কিয় ?
উত্তৰ: ফছফৰাছ হ'ল এবিধ অতি সক্ৰিয় অধাতু । সাধাৰণ উষ্ণতাৰ সংস্পৰ্শলৈ আহিলৈ বায়ুৰ অক্সিজেনৰ( O) লগত বিক্ৰিয়া ঘটি জ্বলি উঠে । আনহাতে, ফছফৰাছে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে । সেইবাবেই ফছফৰাছক ঠাণ্ডা পানীত ডুবাই ৰাখা হয় ।
৪) সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা মৌল দুবিধৰ নাম কি কি ?
উত্তৰ : সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা মৌল দুবিধৰ নাম হ'ল পাৰা ( Hg) আৰু ব্ৰমিন (Br) .
৫) সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতু বিধৰ নাম কি ?
উত্তৰ : পাৰা বা মাৰকিইউৰি (Hg)।
৬) সাধাৰণ উষ্ণতাতজুলীয়া অৱস্থাত থকা অধাতু বিধৰ নাম
কি ?
উত্তৰ : ব্ৰমিন (Br) .
৭) ধাতু কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰ : ৰাসায়নিক বিক্ৰিয়াত যোজক কক্ষৰপৰা ইলেকট্ৰন এৰি দি ধনাত্মক আধানযুক্ত আয়ন গঠন কৰা মৌলক ধাতু বোলে । যেনে -- আইৰণ (Fe) ; কপাৰ (Cu); জিংক (Zn) , সোণ (Au) ,ৰূপ (Ag) ইত্যাদি ।
8) ধাতুৰ ভৌতিক ধৰ্মসমূহ লিখাঁ ।
উত্তৰ : ধাতুৰ বৈশিষ্ট্যসমূহ হ'ল ---
i) ধাতুবোৰ ঘাতসহনীয়তা । ধাতুবোৰক পাতল চেপেটা আকাৰত গঢ় দিব পৰা যায় ।
ii) ধাতুবোৰ নমনীয়তা । ধাতুবোৰক টানি মিহি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰি ।
iii) ধাতুবোৰ নিনাদী গুণবিশিষ্ট । ধাতুবোৰক টান পদাৰ্থৰে আঘাট কৰিলে উচ্চ শব্দ সৃষ্টি হয় ।
iv ) ধাতুবোষ ঔৰ বিদ্যুতৰ সুপৰিবাহী । ধাতুৰ মাজেৰে বৈদ্যুতিক আধান পাৰ হৈ যাব পাৰে ।টট
v ) ধাতুবোৰ উষ্ণতা বা তাপৰ সুপৰিবাহী । ধাতুবোৰৰ চসচসমাজেৰে তাপ পৰিবাহীত হয় ।
vi) ধাতুবোৰ উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট ।
৮) অধাতু কাক বোলে ? অধাতুৰ ভৌতিক ধৰ্মসমূহ লিখাঁ ।
উত্তৰ : যিবোৰ মৌলই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আধানযুক্ত আয়ন সৃষ্টি কৰে , সেইবোৰ মৌলকে অধাতু বোলে ।
উদাহৰণ : কাৰ্বন(C), অক্সিজেন (O) , ছালফাৰ (S) ইত্যাদি ।
৯) অধাতুৰ বৈশিষ্ট্যসমূহ লিখাঁ ।
উত্তৰ : অধাতুৰ বৈশিষ্ট্যৈপনঌচষিসমূহ হ'ল ---
ক) গ্ৰেফাইটৰ বাহিৰে অন্য অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী ।
খ) অধাতুবোৰ অনমনীয় ।
গ) অধাতুবোৰৰ চিকমিকনি নাই ।
ঘ) হাইড্ৰজেনৰ (H) বাহিৰে অন্যবোৰ অধাতু তাপৰ কু-পৰিবাহী ঙ) ব্ৰমিনৰ বাহিৰে অন্যবোৰ অধাতু সাধাৰণ উষ্ণতাত গোটা বা গেছীয় অৱস্থাত থাকে । সাধাৰণ উষ্ণতাত ব্ৰমিন জুলীয়া। অৱস্থাত থাকে ।
চ) অধাতুবোৰ ঘনত্ব কম ।
ছ) অধাতুবোৰ নিনাদী গুণসম্পন্ন নহয় ।
জ) অধাতুবোৰ গলনাংক আৰু উতলাংক কম ।
No comments:
Post a Comment