ধাতু আৰু অধাতু - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Tuesday, August 10, 2021

ধাতু আৰু অধাতু

১ )  মৌল কাক বোলে ? উদাহৰণ দিয়াঁ  ।
উত্তৰ  : যিবোৰ পদাৰ্থ কেৱল  একেবিধ পৰমাণু বা অণুৰ দ্বাৰা গঠিত ;  সেইবোৰ পদাৰ্থকে মৌলিক পদাৰ্থ বা মৌল  বোলা হয় ।
উদাহৰণ  : লো (Fe), অক্সিজেন (O) ,নাট্ৰজেন(N), কপাৰ(Cu), এলুমুনিয়াম( Al)  ।
2) মৌলক কেইটা ভাগত ভগাব পাৰি কি কি  ?  সূত্ৰ লিখি উদাহৰণ  দিয়া ।
উত্তৰ : মৌলিক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি । সেইকেইটা হ'ল --
ক) ধাতু :   ৰাসায়নিক বিক্ৰিয়াত যোজক কক্ষৰপৰা ইলেকট্ৰন এৰি দি ধনাত্মক আধানযুক্ত  আয়ন গঠন কৰা মৌলক ধাতু  বোলে । যেনে -- আইৰণ (Fe) ; কপাৰ (Cu); জিংক (Zn) , সোণ (Au) ,ৰূপ (Ag) ইত্যাদি । 

খ) অধাতু  : যিবোৰ মৌলই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আধানযুক্ত আয়ন সৃষ্টি কৰে , সেইবোৰ মৌলকে  অধাতু বোলে । 
উদাহৰণ :  কাৰ্বন(C), অক্সিজেন (O) , ছালফাৰ (S)  ইত্যাদি ।
গ) ধাতুকল্প : যিবোৰ মৌলত ধাতু আৰু অধাতু দুয়োটাৰ ধৰ্ম থাকে; সেইবোৰ মৌলিকে ধাতুকল্প বোলে । ধাতুকল্প ৬ টা সেইকেইটা হ'ল -- বৰণ(Br),  ছিলিকণ (Si) , জাৰমেনিয়াম (Ge), আৰ্ছেনিক(Ar) , এণ্টিমণি (Sb) , টেলুৰিয়াম (Te)   ।

 ৩) ফছফৰাছক  ঠাণ্ডা পানীত  ডুবাই ৰাখা হয় কিয় ? 
উত্তৰ : ফছফৰাছ হ'ল এবিধ অতি সক্ৰিয় অধাতু  । সাধাৰণ  উষ্ণতাৰ সংস্পৰ্শলৈ আহিলৈ বায়ুৰ  অক্সিজেনৰ( O) লগত বিক্ৰিয়া ঘটি জ্বলি উঠে  । আনহাতে, ফছফৰাছে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া  নকৰে । সেইবাবেই ফছফৰাছক  ঠাণ্ডা পানীত ডুবাই ৰাখা হয়  ।

৪) সাধাৰণ উষ্ণতাত  জুলীয়া অৱস্থাত থকা  মৌল দুবিধৰ নাম কি  কি  ? 
উত্তৰ  : সাধাৰণ  উষ্ণতাত জুলীয়া অৱস্থাত  থকা মৌল দুবিধৰ নাম হ'ল পাৰা ( Hg) আৰু  ব্ৰমিন (Br) .
 
৫) সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতু বিধৰ নাম কি ? 
উত্তৰ  : পাৰা বা মাৰকিইউৰি (Hg)।

৬)  সাধাৰণ উষ্ণতাতজুলীয়া অৱস্থাত থকা অধাতু  বিধৰ নাম      
      কি  ?
উত্তৰ : ব্ৰমিন (Br) .

৭) ধাতু  কাক বোলে ?  উদাহৰণ দিয়া । 
উত্তৰ :  ৰাসায়নিক বিক্ৰিয়াত যোজক কক্ষৰপৰা ইলেকট্ৰন এৰি দি ধনাত্মক আধানযুক্ত  আয়ন গঠন কৰা মৌলক ধাতু  বোলে । যেনে -- আইৰণ (Fe) ; কপাৰ (Cu); জিংক (Zn) , সোণ (Au) ,ৰূপ (Ag) ইত্যাদি । 

8) ধাতুৰ বৈশিষ্ট্যসমূহ লিখাঁ ।
উত্তৰ  : ধাতুৰ  বৈশিষ্ট্যসমূহ  হ'ল  ---
i) ধাতুবোৰ ঘাতসহনীয়তা । ধাতুবোৰক পাতল চেপেটা আকাৰত গঢ় দিব পৰা যায় ।
ii) ধাতুবোৰ নমনীয়তা । ধাতুবোৰক টানি মিহি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰি ।
iii) ধাতুবোৰ নিনাদী গুণবিশিষ্ট । ধাতুবোৰক  টান পদাৰ্থৰে আঘাট কৰিলে উচ্চ শব্দ সৃষ্টি হয় ।
iv ) ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী । ধাতুৰ মাজেৰে বৈদ্যুতিক আধান পাৰ হৈ যাব পাৰে ।
v ) ধাতুবোৰ উষ্ণতা বা তাপৰ সুপৰিবাহী । ধাতুবোৰৰ মাজেৰে  তাপ পৰিবাহীত হয় ।
vi) ধাতুবোৰ উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট ।
৫) ছডিয়াম আৰু পটেছিয়ামক কিয়  কেৰাচিন তেলত ডুবাই ৰখা হয়  ? 
উত্তৰ ঃ ছ'ডিয়াম আৰু পটেছিয়াম হৈছে বৰ সক্ৰিয় ধাতু । ইহঁতে অক্সিজেন আৰু পানীৰ সৈবটবটতে প্ৰৱলভাৱে বিক্ৰিয়া কৰি প্ৰচুৰ পৰিমাণে  তাপ উৎপন্ন কৰে । সেইকাৰণে  , ইহঁতক বিপদৰ পৰা  হাত হাৰিবলৈ কেৰাচিনত ডুবাই ৰখা হয় ।

                                  অধাতু 

৮) অধাতু কাক বোলে ? অধাতুৰ বৈশিষ্ট্যসমূহ লিখাঁ ।
উত্তৰ :  যিবোৰ মৌলই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আধানযুক্ত আয়ন সৃষ্টি কৰে , সেইবোৰ মৌলকে  অধাতু বোলে । 
উদাহৰণ :  কাৰ্বন(C), অক্সিজেন (O) , ছালফাৰ (S)  ইত্যাদি ।
৯) অধাতুৰ বৈশিষ্ট্যসমূহ লিখাঁ ।
উত্তৰ  : অধাতুৰ বৈশিষ্ট্যসমূহ হ'ল ---
ক) গ্ৰেফাইটৰ বাহিৰে অন্য  অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী । 
খ) অধাতুবোৰ অনমনীয় ।
গ)  অধাতুবোৰৰ চিকমিকনি নাই ।
ঘ) হাইড্ৰজেনৰ (H) বাহিৰে অন্যবোৰ  অধাতু তাপৰ কু-পৰিবাহী ঙ) ব্ৰমিনৰ বাহিৰে অন্যবোৰ অধাতু সাধাৰণ উষ্ণতাত  গোটা বা        গেছীয়  অৱস্থাত থাকে । সাধাৰণ উষ্ণতাত ব্ৰমিন জুলীয়া।            অৱস্থাত থাকে ।
চ) অধাতুবোৰ ঘনত্ব কম ।
ছ) অধাতুবোৰ নিনাদী গুণসম্পন্ন নহয় ।
জ) অধাতুবোৰ গলনাংক আৰু উতলাংক কম ।


No comments:

Post a Comment

Post Top Ad

Your Ad Spot