দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: কমেণ্ট

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label কমেণ্ট. Show all posts
Showing posts with label কমেণ্ট. Show all posts

Saturday, December 17, 2022

অনুভৱ ববি

9:27 PM 0
 আৰম্ভণি ক'ৰপৰা কৰোঁ,  আমাৰ ছাৰৰ প্ৰসংশা কেনেকৈ কৰোঁ--প্ৰসংশানো ক'ত ক'ত কৰোঁ  --এইবোৰ আঁত-গুৰিয়েই নাপাওঁ । মাথোঁ আমাৰ ছাৰৰ কথা ওলালেই মনটোৱে কয় কিবা এটা কওঁ ।কিন্তু কি কওঁ--মনত হাজাৰ হাজাৰ প্ৰশ্ন হয় । মনলৈ মাথোঁ নিজৰাৰ পানীয়ে প্ৰৱাহিত হৈ অহা কুলু কুলু শব্দৰ দৰে ওলাই আহে ছাৰে দিয়া অতীতৰ নীতিশিক্ষাৰ কথাবোৰ । সেইবোৰে বুকুখনত এতিয়া খুচ মাৰি দিয়ে আৰু অনুতপ্ত  হৈ অনুভৱ কৰোঁ কিয় বাৰু সকলোবোৰ লৈ আগবাঢ়িব নোৰিৱলোঁ। প্ৰয়াস নকৰাও নহয় কৰিছিলোঁ কিন্তু  ছাৰে বিচৰা ধৰণে হয়টো হ'ব নোৱাৰিলোঁ । জীৱনত হয় -- এটা চৰকাৰী চাকৰি ল'ব পৰা নাই, কিন্তু আজিলৈকে ছাৰে অপমানিত হোৱা এটি তেনে জঘণ্য কমো কৰা নাই ।। ছাৰে নীতিশিক্ষাৰে পৰিচালিত  হ'লোঁ---সেয়ে আজি মাক মা হিচাপে ,দেউতাক দেউতা হিচাপে আৰু জ্যষ্ঠসকলকো মনৰ আন্তৰিকতাৰে ভালদৰেই আচৰণ কৰিবলৈ প্ৰয়াস কৰি আহিছোঁ ।
ছাৰৰ ওচৰৰপৰা টিউচন এৰা 10 বছৰেই হ'ল ।কিন্তু আজিও ছাৰ আমাৰ সকলোৰে  মনত সৰু কলতে কোৱা "আমাৰ ছাৰ " নামেৰেই বসতি কৰি আছে । যিমান বয়সে ভটিয়াই গৈ আছে  সিমানেই ছাৰে কৈ যোৱা কথাবোৰে মনত খুদিয়াই গৈ আছে । আৰু উপলব্ধি কৰিছোঁ--ছাৰৰ কথাবোৰ পালন কৰাত ক'ৰবাত ভুল হৈ গ'ল নজনাকৈয়ে ।সেয়ে আজি ভুগিব লগা হৈছে । লগ সং বোৰৰ প্ৰভাৱেই হওঁক, সমাজৰ প্ৰভাৱেই---মোৰ চকুত ধূলি মাৰি ছাৰৰ উপদেশক পালন কৰাত বাধা দিয়া নাছিল, এই কথা নুই কৰিবই নোৱাৰি ।
কিনো কওঁ ভাষাত প্ৰকাশ কৰিব মোৰ যোগ্যতাও সিমান নাই ।মাত্ৰ তোমালোকক কওঁ  --আমাৰ দৰে যাতে পাছত অনুতাপ নকৰা, সেয়ে মোৰ তৰফৰপৰা মোৰ অনুভৱবোৰ ক'লোঁ ।
যিদৰে ওলাই যোৱা কথা, ওলাই যোৱা আত্মা ঘূৰি আহি পুনৰ নোসোমায়।সেইদৰেই মূল্যৱান সময়বোৰ গুচি গ'লে , কাষৰ পৰা প্ৰকৃত মানুহবোৰ আঁতৰি গ'লে পুনৰ ঘূৰাই পোৱা নাযায় । জীৱনলৈ খুব কম ভাল সময় আৰু খুম কম মানুহে আমাক প্ৰকৃত মানৱ হিচাপে গঢ় দিবলৈ আহে । সেয়ে আমি তেওঁলোকক উপলোঙা কৰা উচিত নহয় ।উপলোঙা কৰিলেই জীৱনটোৰ সাতোৰঙী আনন্দৰ খেলখন হেৰাই যায় । 
ছাৰে কৈছিল---"জীৱনৰ প্ৰথম গুৰু মা ।মা অবিহনে সকলো মায়াৰ জাল । জীৱনত কোনোৱে মাৰ  সমান তোমালোকৰ জীৱনলৈ অৱদান আগবঢ়াই যাব নোৱাৰে । তুমি দুচকুৰে বাহ্যিক জগতখনত যি দেখিবা,  যি পাবা সেইবোৰ মাথোঁ তোমাৰ মনক তৃপ্তি আৰু দেহাটোৰ তৃষ্ণা দূৰ কৰিব ।কিন্তু জীৱনৰ প্ৰকৃত সুখ দিব নোৱাৰে ।এবাৰ মা বুলি  কৈ দীঘলকৈ মাতিবা, তেতিয়াই উপলব্ধি কৰিবা তোমাৰ প্ৰতি থকা তোমাৰ  মাৰাৰ প্ৰেমৰ গভীৰতা কিমান ।প্ৰেমৰ আটাইতকৈ পৱিত্ৰ সম্বন্ধই মা । "---এনে আৰু বহু কথাই আজিও মনত খলকণি দি আছে ।তাক এদিনতে শেষ কৰি ক'ব নোৱাৰি । ---আপুনিও ছাৰ, মোৰ মাতকৈ কম কষ্ট কৰা নাই আমাৰ বাবে, সমাজখনৰ বাবে । ঘৰে ঘৰে গৈ স্কুলৈ নোযোৱা ল'ৰা -ছোৱালীক বুজাই পৰাই স্কুললৈ প্ৰেৰণা কৰি আছে ।দুখীয়া  ল'ৰা ছোৱালীবোৰক বিনামূলীয়াকৈ পাঠদান দি এজন এজন প্ৰকৃত মানুহ বনাইছে । কোনোবাই টকাৰ অভাৱত এডমিচন ল'ব নোৱাৰা ছাত্ৰ-ছাত্ৰীক এডমিচন দিয়াই দিছে ।ফৰ্মফিলাপ কৰিব নোৱাৰা ল'ৰা-ছোৱালীক ফৰ্মফিলাপ কৰাই দি জীৱন গঢ়াত সহায় কৰিছে । কিন্তু আপোনাৰ নাম গুণ বাখনাৰ পৰিৱৰ্তে আপোনাৰ কৰ্মত কু-লোকৰ নজৰ পৰিছে । 
 আপোনাৰ পৰা সহাৰি লাভ কৰা, আপোনাৰ কৃপাতে নিজকে গঢ় দিয়া, যিলোকে নিৰৱে থাকে ।তেওঁলোকৰ দৰে স্বাৰ্থ লোক আৰু নাই । লাজ লাগিব লাগে ক'ত ? লাজ লাগিছে ক'ত ? তাকো যদি বিচাৰ কৰি ল'ব নোৱাৰে, তেন্তে লাভ কৰি ৰখা জ্ঞানবোৰ এটি জ্ঞানৰ এটি নমুনাহে ।
  
Read More

Monday, June 6, 2022

নাইনো

10:38 PM 0

জীৱনৰ সোঁতি অন্য একো নহয়, মাথোঁ সময়ৰ সতে গতি কৰা এক যাত্ৰা । ক'ত কেতিয়া সময়ে এৰি গুচি যাব, সেইটো কোনেও নাজানে ।কিন্তু সময়ে এৰি গুচি গ'লেও সময়ৰ একোৱেই অনিষ্ট নহয়, হয় মাথোঁ জীৱনটো । জীৱনটো অন্ত পৰে আৰু পৃথিৱীখনত কিছু মূহুৰ্তৰ বাবে ৰৈ থাকে আত্মাহীন শৰীৰৰটো । তাৰ প্ৰতি নাথাকে কাৰোঁ প্ৰেম,  মাথোঁ এটাই সৎকাৰ কৰিব লাগে । সময়ৰ সোঁততে গৈ লীন হৈ যায় জুইৰ সতে বা মাটিৰ সতে ।কিন্তু আত্মাহীন হৈ পৰি থকা জীৱন্ত ৰূপ হিচাপেই দেখা পায় কেৱল আমাৰ পিতৃ- মাতৃয়ে আৰু  কোনে জানা ?---তোমাক আমাক প্ৰিয় হিচাপে লোৱা গুৰুজনে । এজন শিক্ষকৰ প্ৰিয় ছাত্ৰ-ছাত্ৰী হোৱাতো পৃথিৱীৰ আটাইতকৈ কঠিন কাম । নিজৰ লক্ষ্য বিন্দুত উপনীত হ'বলৈ যিমান কঠিন , তাতকৈও কোটি কোটি গুণৰ কঠিন কাম । যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ প্ৰিয়ভাজন হ'ব পাৰে ।তেওঁলোকৰদৰে দৰে সৌভাগ্যশালী আৰু নাই । তেওঁলোকে  জীৱনত লাভ কৰে দ্বিতীয়জন পিতৃ-মাতৃ। পিতৃ মাতৃয়ে যি দৰে নিজৰ জীৱন ত্যাগ দি সন্তানৰ মংগলৰ কামনা কৰে ।সেইদৰে এজন প্ৰকৃত শিক্ষকেও নিজৰ জীৱন উৎৰ্গা কৰি অৰ্জিত সকলো জ্ঞান শিষ্যজনক দি শ্ৰেষ্ঠ কৰি তুলিবলৈ প্ৰয়াস কৰে । শ্ৰেষ্ঠ আসন কেৱল ভক্তি, সাধনা আৰু নিজৰ কৰ্তব্য সুপালন কৰি জগতৰ মংগলৰ বাবে কৰ্ম সম্পাদন কৰি লাভ কৰিব পাৰি ।কিন্তু কোৱাত যিমান সহজ হাতে-কামে কৰাত  সিমান সহজ নহয় ।

Read More

অনুভৱ ববি

9:50 PM 0
 আৰম্ভণি ক'ৰপৰা কৰোঁ,  আমাৰ ছাৰৰ প্ৰসংশা কেনেকৈ কৰোঁ--প্ৰসংশানো ক'ত ক'ত কৰোঁ  --এইবোৰ আঁত-গুৰিয়েই নাপাওঁ । মাথোঁ আমাৰ ছাৰৰ কথা ওলালেই মনটোৱে কয় কিবা এটা কওঁ ।কিন্তু কি কওঁ--মনত হাজাৰ হাজাৰ প্ৰশ্ন হয় । মনলৈ মাথোঁ নিজৰাৰ পানীয়ে প্ৰৱাহিত হৈ অহা কুলু কুলু শব্দৰ দৰে ওলাই আহে ছাৰে দিয়া অতীতৰ নীতিশিক্ষাৰ কথাবোৰ । সেইবোৰে বুকুখনত এতিয়া খুচ মাৰি দিয়ে আৰু অনুতপ্ত  হৈ অনুভৱ কৰোঁ কিয় বাৰু সকলোবোৰ লৈ আগবাঢ়িব নোৰিৱলোঁ। প্ৰয়াস নকৰাও নহয় কৰিছিলোঁ কিন্তু  ছাৰে বিচৰা ধৰণে হয়টো হ'ব নোৱাৰিলোঁ । জীৱনত হয় -- এটা চৰকাৰী চাকৰি ল'ব পৰা নাই, কিন্তু আজিলৈকে ছাৰে অপমানিত হোৱা এটি তেনে জঘণ্য কমো কৰা নাই ।। ছাৰে নীতিশিক্ষাৰে পৰিচালিত  হ'লোঁ---সেয়ে আজি মাক মা হিচাপে ,দেউতাক দেউতা হিচাপে আৰু জ্যষ্ঠসকলকো মনৰ আন্তৰিকতাৰে ভালদৰেই আচৰণ কৰিবলৈ প্ৰয়াস কৰি আহিছোঁ ।
ছাৰৰ ওচৰৰপৰা টিউচন এৰা 10 বছৰেই হ'ল ।কিন্তু আজিও ছাৰ আমাৰ সকলোৰে  মনত সৰু কলতে কোৱা "আমাৰ ছাৰ " নামেৰেই বসতি কৰি আছে । যিমান বয়সে ভটিয়াই গৈ আছে  সিমানেই ছাৰে কৈ যোৱা কথাবোৰে মনত খুন্দিয়াই গৈ আছে । আৰু উপলব্ধি কৰিছোঁ--ছাৰৰ কথাবোৰ পালন কৰাত ক'ৰবাত ভুল হৈ গ'ল নজনাকৈয়ে ।সেয়ে আজি ভুগিব লগা হৈছে । লগ সং বোৰৰ প্ৰভাৱেই হওঁক, সমাজৰ প্ৰভাৱেই---মোৰ চকুত ধূলি মাৰি ছাৰৰ উপদেশক পালন কৰাত বাধা দিয়া নাছিল, এই কথা নুই কৰিবই নোৱাৰি ।
কিনো কওঁ ভাষাত প্ৰকাশ কৰিব মোৰ যোগ্যতাও সিমান নাই ।মাত্ৰ তোমালোকক কওঁ  --আমাৰ দৰে যাতে পাছত অনুতাপ নকৰা, সেয়ে মোৰ তৰফৰপৰা মোৰ অনুভৱবোৰ ক'লোঁ ।
যিদৰে ওলাই যোৱা কথা, ওলাই যোৱা আত্মা ঘূৰি আহি পুনৰ নোসোমায়।সেইদৰেই মূল্যৱান সময়বোৰ গুচি গ'লে , কাষৰ পৰা প্ৰকৃত মানুহবোৰ আঁতৰি গ'লে পুনৰ ঘূৰাই পোৱা নাযায় । জীৱনলৈ খুব কম ভাল সময় আৰু খুম কম মানুহে আমাক প্ৰকৃত মানৱ হিচাপে গঢ় দিবলৈ আহে । সেয়ে আমি তেওঁলোকক উপলোঙা কৰা উচিত নহয় ।উপলোঙা কৰিলেই জীৱনটোৰ সাতোৰঙী আনন্দৰ খেলখন হেৰাই যায় । 
ছাৰে কৈছিল---"জীৱনৰ প্ৰথম গুৰু মা ।মা অবিহনে সকলো মায়াৰ জাল । জীৱনত কোনোৱে মাৰ  সমান তোমালোকৰ জীৱনলৈ অৱদান আগবঢ়াই যাব নোৱাৰে । তুমি দুচকুৰে বাহ্যিক জগতখনত যি দেখিবা,  যি পাবা সেইবোৰে মাথোঁ তোমাৰ মনক তৃপ্তি দিব আৰু দেহাটোৰ তৃষ্ণা দূৰ কৰিব ।কিন্তু জীৱনৰ প্ৰকৃত সুখ দিব নোৱাৰে ।এবাৰ মা বুলি  কৈ দীঘলকৈ মাতিবা, তেতিয়াই উপলব্ধি কৰিবা তোমাৰ প্ৰতি থকা তোমাৰ  মাৰাৰ প্ৰেমৰ গভীৰতা কিমান ।প্ৰেমৰ আটাইতকৈ পৱিত্ৰ সম্বন্ধই মা । "---এনে আৰু বহু কথাই আজিও মনত খলকণি দি আছে ।তাক এদিনতে শেষ কৰি ক'ব নোৱাৰি । ---আপুনিও ছাৰ, মোৰ মাতকৈ কম কষ্ট কৰা নাই আমাৰ বাবে, সমাজখনৰ বাবে । ঘৰে ঘৰে গৈ স্কুললৈ নোযোৱা ল'ৰা -ছোৱালীক বুজাই পৰাই স্কুললৈ প্ৰেৰণা কৰি আছে ।দুখীয়া  ল'ৰা ছোৱালীবোৰক বিনামূলীয়াকৈ পাঠদান দি এজন প্ৰকৃত মানুহ বনাইছে । কোনোবাই টকাৰ অভাৱত এডমিচন ল'ব নোৱাৰা ছাত্ৰ-ছাত্ৰীক এডমিচন দিয়াই দিছে ।ফৰ্মফিলাপ কৰিব নোৱাৰা ল'ৰা-ছোৱালীক ফৰ্মফিলাপ কৰাই দি জীৱন গঢ়াত সহায় কৰিছে । কিন্তু আপোনাৰ নাম গুণ বাখনাৰ পৰিৱৰ্তে আপোনাৰ কৰ্মত কু-লোকৰ নজৰ পৰিছে । 
 আপোনাৰ পৰা সহাৰি লাভ কৰা, আপোনাৰ কৃপাতে নিজকে গঢ় দিয়া, যিলোকে নিৰৱে থাকে ।তেওঁলোকৰ দৰে স্বাৰ্থ লোক আৰু নাই । লাজ লাগিব লাগে ক'ত ? লাজ লাগিছে ক'ত ? তাকো যদি বিচাৰ কৰি ল'ব নোৱাৰে, তেন্তে লাভ কৰি ৰখা জ্ঞানবোৰ এটি জ্ঞানৰ এটি নমুনাহে ।
জীৱনৰ সফলতাৰ জখলাডালত উঠা কিমান কঠিন ।সেইটো তোমালোকক ছাৰে হয়তো নোকোৱাকৈ থকা নাই । আমাক কোৱাৰ দৰেই তোমালোককো কৈছে  নিশ্চয় । কিন্তু আমাৰ  ছাৰ আৰু অন্য ছাৰৰ সৈতে এটাই পাৰ্থক্য  ছাত্ৰ ছাত্ৰীসকলে ছাৰক অপমান কৰিলেও  তেওঁলোকক এৰি দি বিপথলৈ নপঠিয়ায় ।মাথোঁ প্ৰয়াস কৰে এক সৎ পথলৈ ঘূৰাই আনিবলৈ । 
      ভাল লাগিল তোমাৰ মনৰ কথাবোৰ শুনি । জীৱনটো গঢ়িবলৈ প্ৰয়াস কৰা । ছাৰৰ পৰা পূৰ্ণ সহাৰি পাবা । তুমি দুখ কৰিছা--ছাৰৰ বাহিৰে  তোমাৰ নো আছে কোন?? আমি  দুখ কৰোঁ ছাৰৰ বাহিৰে আমাক সৎ উপদেশ দিবলৈ আৰু  সহায় কৰিবলৈ আছে নো কোন ? " তোমাক  ,কোনে বেটা বুলি  মাতিব?" -----মোৰো ভয় লাগে--" মোকো দুখৰ সময়ত বেটা বুলি মৰম কৰি কোনে শান্তনা দিব ,যদি ছাৰৰ সানিধ্য নাপাওঁ ।
 
শেষত ক'লোঁ---ছাৰক ভগবানে সদায়  সুস্বাস্থ্যকৰ কৰি ৰাখক ।
আমাৰ বাবে,  নতুন প্ৰজন্মৰ বাবে,  আৰু তোমালোকৰ বাবে সদায় আমাৰ ছাৰ "আমাৰ ছাৰ" হৈ থাকক । 
  
Read More

Friday, June 3, 2022

মোৰ অনুভৱ

7:50 AM 0
মোৰ অতীত অভজ্ঞতাৰ পৰা 


প্ৰিয় ভাইটি-ভণ্টীসকল  ,মোৰ অতীতৰ অভজ্ঞতাৰ পৰা কওঁ  Mintu is the best teacher অৰ্থাৎ মিণ্টু ছাৰ আটাইতকৈ ভাল শিক্ষক । যিয়ে ছাৰৰ ওচৰতে টিউচন মন দি কৰে ,তেওঁলোকে ফেল কৰা কথাই নাহে । ছাৰৰ শিকণৰ পদ্ধতিয়েই বেলেগ । কোনো এজন টিউচন শিক্ষকে তোমালোকৰ বাবে যিমান খিনি কষ্ট কৰিছে, আন কোনো শিক্ষকে নকৰে । আমাৰ বাবে যি কৰিছিল ,তোমালোকৰ বাবেও তাকেই কৰিছে । নিশ্চয় আমাৰ দৰে প্ৰতিটো লেচনৰ এখনকৈ বহী বনাবলৈ দিছে । দিনৰ গৃহকাৰ্যবোৰ দিনে বিচাৰে । হয়তো  জমা দিব নোৱাৰিলে খং কৰিছে ।কিন্তু ছাৰৰ সেই খং খন্তেকীয়াহে , হয় নে নহয়  কোৱা চুন । হয়তো কোনোবাই বেয়া কাম কৰিছা, ছাৰে তোমালোকক  বাৰে বাৰে বুজাইছে, কিন্তু  তোমালোকৰ ছাৰৰ ওপৰত খং উঠিছে । ছাৰৰ ওচৰত টিউচন এৰি যাবলৈ মন গৈছে ।কিন্তু  মনত ৰাখিবা এই অঞ্চলটোত ছাৰৰ দৰে এজন অদ্বিতীয়  শিশু প্ৰিয় শিক্ষক নোলাব। 
এবাৰ ছাৰে টিউচন এৰি দিয়াত মই  বহুত পাছ পৰি গৈছিলোঁ ।জয়পুৰত টিউচন গৈছিলোঁ ।লগৰ বোৰৰ লগত  ঘূৰোঁতে ঘূৰোঁতে পঢ়াৰ প্ৰতি মন নবহা হৈ গৈছিল ।ঘৰত পলমকৈ সোমালোহি । মুঠতে সম্পূৰ্ণ সলনি হৈ গৈছিলোঁ । ছাৰে কিয় টিউচন এৰি দিছিল সেইটো নকওঁ ।কিন্তু ছাৰৰ ওচৰত থাকোঁতে যিমান পঢ়াত মন বহিছিল, ছাৰৰ ওচৰৰপৰা আঁতৰি যোৱা পাছত মই আজাদি হৈ নিজৰ ইচ্ছামতে কামবোৰ কৰিছিলোঁ ।ছাৰৰ ওচৰত টিউচন কৰোঁতে দিনৰ গৃহকাৰ্যবোৰ দিনে দিব লাগিছিল ।নিশা  কমপালচৰি 11বজালৈ পঢ়িবই  লাগিব ।সঁচা কৈছোঁ নে মিছা কৈছোঁ ছাৰে খবৰ লয় ।
ছাৰ ক'লে আমাৰ মনত শ্ৰদ্ধাৰ ভয় জাগ্ৰিত হয় ।ভয় লাগে যে ছাৰে মোক বেয়া পাব নেকি? ছাৰে মনত দুখ কৰিব নেকি  ? ছাৰক মই  কোনো দিনেই দুখ দিয়া নাছিলোঁ ।ছাৰৰ বিনা অনুমতিত মই ছাৰৰ ওচৰত থাকোঁতে ক'লৈকো যোৱা নাছিলোঁ । 
 কিন্তু কি কম ,কাৰোবাৰ ভুলৰ বাবে ময়ো ছাৰৰ ওচৰৰপৰা আঁতৰি আহিব লগা হৈছিল । আৰু মূল্যৱান সময় খিনি হেৰুৱাই বহু পাছলৈ গ'লোঁ ।
ভগবানৰ আৰ্শীবাদত কিন্তু ছাৰৰ সংগ আকৌ পালোঁ । ছাৰৰ আৰ্শীবাদতে মেট্ৰিক পাছ কৰি আজি আইটি আই কৰি পঢ়ি  আছোঁ । আজি ছাৰৰ কথা কোনোবাই বেয়াকৈ ক'লেই বুকুখন চিৰিঙলৈ বিষ উঠি আহে। ছাৰ কৰ্তব্যপৰায়ণতা ,সত্যতা আৰু  নম্ৰতা,  সাধুতা আৰু নিৰৱ ধৈৰ্য্যশীলতাৰ কথা আমি ভালদৰেই জানোঁ ।
ছাৰে কাৰো অহিত চিন্তা নকৰে । ছাৰক কোনোবাই খং ৰাগেৰে ক'লেও ,ছাৰৰ জীৱনত কলংক লগালেও ছাৰে দূৰ ভৱিষ্যতৰ কথা ভাবি নিমাত হৈ থাকে । মাথোঁ ছাৰে কয় -- --সত্য বৰ নিষ্ঠুৰ বহুতো পৰীক্ষা লয় ।যেনেদৰে চাৰিটা বিকল্প উত্তৰত এটাহে শুদ্ধ উত্তৰ থাকে, তেনেদৰে অসত্যই বেছিকৈ ঠাই লয় । কিন্তু শেষতো সত্যই স্থান পায়। "

ছাৰে কোনো ছাত্ৰ ছাত্ৰীকে অসত্য পথ নেদেখুৱাই । সত্য 
পথৰ সন্ধান দিয়ে ।যিয়ে  নিস্বাৰ্থভাৱে ছাৰৰ বুজিছে, তেওঁলোকে নিশ্চয় জানিছে ।

         এটা কথা কওঁ----মোৰ যিমানেই খং উঠি নাথাকক কিয় । ছাৰে এবাৰ কাষলৈ আহি --" জীত বেটা , মনটো দুখী দুখী লাগিছে তোমাৰ " বুলি কৈ --"বেটা , এবাৰ হাঁহি দিয়া " বুলি কওঁতে সকলো তেনচন আঁতৰি যায় । মই  অংক একেবাৰে বেয়া  আছিলোঁ  ,ফেল কৰিছিলোঁ ।পঢ়াতো মন বহা নাছিল ,খুব ঘূৰি ফুৰাতহে মন আছিল, অষ্টম শ্ৰেণীত এবাৰ ফলো কৰিছিলোঁ ।কিন্তু দ্বিতীয় বছৰৰ অষ্টম শ্ৰেণীত ছাৰৰ ওচৰত টিউচন লোৱাৰপৰা মোৰ পঢ়া জীৱনলৈ ইমানেই পৰিৱৰ্তন আহিল যে মই  নিজেই ভাবিব নোৱাৰোঁ এতিয়া ।এতিয়া অতীতৰ কথাবোৰ মনত পৰিলে কি আছিলোঁ কি হ'লোঁ ক'তে লাগে ।এটা কথা থিৰাংকৈ ক'ব পাৰোঁ---ছাৰৰ সানিধ্যলৈ নাহাহেতেঁন আজি মই  আই টি আই কৰি থাকিব নাপালোঁহেতেঁন । মই অষ্টম শ্ৰেণীতে স্কুল এৰি মদ বিড়ি  আদি খাই হয়ো কৰোবাত অসভ্য আচৰণ কৰি থাকিলোঁহেতেঁন । 
ছাৰৰ গণিত পঢ়োঁৱা যাদুৱে বেলেগ । ছাৰৰ ওচৰত যিয়ে গণিত পঢ়ে ফেল কৰা প্ৰশ্নই নাহে ।মোৰ গণিতৰ প্ৰতি যি ধাউতি আহিল ,সেই ধাউতিয়ে মোক অষ্টম শ্ৰেণীত গণিতত আগবঢ়াই নিলে ।
       আজিও কিবা নাজানিলে চেৰঙকৈ ছাৰলৈ মনত পৰে ।যিমান ব্যস্ততাৰ মাজতো ফোন ৰিচিভ কয়--বেটা, কোৱা । শুনা লগে লগেই দুখ ভাগৰ আঁতৰি যায় ।
 Sir ,you are only our teacher but also a good adviser of our society.  You will always stay in our heart till we live .
Read More

উৎপল

Thursday, June 2, 2022

নিবিৰাজ

10:24 PM 0
মোৰ অতীত অভজ্ঞতাৰ পৰা 

ছাৰ আমাৰ প্ৰিয় আৰু শ্ৰদ্ধেয় । এবাৰ আনৰ ভুলৰ বাবেই ছাৰৰ ওচৰৰপৰা আঁতৰি আহিব লগা হৈছিল । সেই সময়খিনিত খুব ভাল লাগিছিল ,কাৰণ নিজৰ ইচ্ছামতে যি মন যায় কৰিব পাৰিছিলোঁ । কিন্তু যেতিয়া ৰিজাল্টত পুৰস্কাৰটো পালোঁ, তেতিয়াই অতীতৰ পাত লুটিয়াই চালোঁ--- Mintu sir is the best teacher in our society and the world.
          আৰ্চাৰ্যৰ ওচৰত থাকোঁতে মাক মা হিচাপে,  আইতাক আইতা হিচাপে শ্ৰদ্ধা কৰিবলৈ আৰু জ্যষ্ঠসকলকো যথা সন্মানেৰে সেৱা কৰিছিলোঁ ।কিন্তু যেতিয়া আৰ্চাৰ্যৰ ওচৰৰপৰা আঁতৰি গ'লো --আৰ্চাৰ্যই নিতৌ কোৱা কথাষাৰ---"জীৱনৰ আটাইতকৈ আপোন মা , মাৰপৰা একোৱেই লোকোৱাই নথবা, মায়ে মনত বেয়া পাব ,দুখ পাব ।মা বাহিৰে তোমাৰ আৰু আপোন নো কোন আছে । মা পাপাক দুখ দিলে ভগবানেও তোমাক দুখ দিব ।" --পাহৰি গ'লোঁ । দিনে দিনে মা আইতাক আগতকৈ অলপ উচ্চস্বৰত থকা ক'বলৈ শিকিলোঁ । জয়পুৰত টিউচনলৈ এঘণ্টাৰ বাবে গৈ তিনি চাৰি ঘণ্টা নগাওঁ,  ।গৃহকাৰ্যবোৰ বুলি টিউচনত নাথাকেই, কৰিলে কৰিম, নকৰিলে নাই ।"বেটা গৃহকাৰ্যবোৰ কৰিলা নে নাই "-- বাক্যশাৰীও কাণত নপৰা হৈ যোৱা লগে লগে স্কুলৰ লগতে ঘৰতো পঢ়াত মন নবহা হ'ল । খুব ফুৰ্ত্তি কৰিলোঁ । কিন্তু ৰিজাল্টৰ পুৰস্কাৰটোৱে অতীতৰ পাত লুটিয়াই দিলে---মিণ্টু আৰ্চাৰ্যৰ ওচৰত থকাহেঁতেন এয়া নহ'লহেঁতেন ।নিতৌ গৃহকাৰ্যবোৰ কৰি আগুৱাই যোৱাত প্ৰেৰণা পালোঁহেঁতেন । বহুত কান্দিলোঁ অকলে, কিন্তু  গুচি যোৱাবোৰ গ'ল । মোক যদি কোনোবাই বাধা দিলেহেঁতেন  তুমি  আৰ্চাৰ্য ওচৰতে কৰা হয়তো ৰিজাল্ট আশানুপ্ৰদ হ'লহেঁতেন ।

পিছে খবৰ পাই আচাৰ্যই মোক এৰি নিদিলে । পুনৰ এটি সুযোগ পালোঁ নিজকে ঘূৰাই আনিবলৈ ।আজি আৰ্চাৰ্যৰ আৰ্শীবাদতেই  ইঞ্জিনিয়াৰিং কৰি আছোঁ । আৰ্চাৰ্যই দিয়া পীটন বা গালি শপনিবোৰ তেতিয়া বৰ তিতা পাইছিলোঁ, কিন্তু এতিয়া তাৰ ৰসবোৰ বৰ মিঠা পাইছোঁ ।আৰু য'তেই দৰকাৰ হয় ত'তেই ল'ব বা প্ৰয়োগ কৰিব পাৰিছোঁ । ছাৰৰ ওচৰত থাকোঁতে দিনৰ গৃহকাৰ্যবোৰ দিনে দিব লাগিছিল, নিশা 11বজাৰলৈকে পঢ়াতো বাধ্যতামূলক আছিল ।নিশা আৰ্চাৰ্যই সঁচাকৈয়ে পঢ়োঁ নে মিছা কওঁ পৰীক্ষা কৰি কৰিবলৈ ফোন কৰি চাইছিল । সময়তে টিউচনত পাবগৈ লাগিছিল ।নিয়ম-নীতিবোৰ পালন কৰাত সহজ নাছিল ,কিন্তু জীৱনটো গঢ়াত সহায় কৰিছিল ।নিয়ম নীতি মানি চলিব নোৱাৰা বহুত ছাত্ৰ-ছাত্ৰীয়ে টিউচন চেণ্টাৰ পৰা ওলাই গৈছিল ,লগতে বাহিৰত আৰ্চাৰ্যৰ বিষয়ে কুনাম উলিয়াইছিল ।কিন্তু আমি আৰ্চাৰ্যৰ কাষতে থাকি আজি ইয়াত ৰৈছোঁহি । 100% ৰে কওঁ আৰ্চাৰ্যক মই  নোপোৱাহেঁতেন মই  মদ বিড়ি চিগাৰেট খাই 8/9/10তে স্কুল এৰা ল'ৰা হ'লোহেতেঁন ।

মিণ্টু ছাৰৰপৰা টিউচন এৰি যোৱা মানেই বহুত লষ্ট হোৱা ।হয় কিছুমানে পঢ়াৰ জীৱনটো হেৰুৱাই পেলাবা ।তোমলোকক এতিয়া আৰ্চাৰ্যই বেয়া দেখিলে যি দৰে বুজাই, সেই বুজনি ক'তো নাপাবা ।তোমলোকৰ ওপৰত যি নজৰ ৰাখিছে, সেয়া আঁতৰিলৈ নজনাকৈয়ে এখন বাহিৰা জগতলৈ গুচি যাবাগৈ ।

Mintu sir is my heart .He is my good adviser .I can't throw out from my heart. 
Read More

Wednesday, June 1, 2022

কমেণ্ট

10:22 PM 0
মা-পাপাই ভাল কথাই কয়,  ছাৰে কিন্তু তাতকৈ ভালদৰে বুজাই জীৱন্ত উদাৰণ দি দিয়ে ।কিন্তু আমি অবুজন হৈ ছাৰকে বেয়া পাওঁ । আমি ছাৰে সোধিলে নিমাত হৈ ৰওঁ,  ভাষাবোৰ হেৰাই যায়,  যিটো বিষয়ত প্ৰশ্ন হয়,  যি আমাৰ জীৱনত লাগে ।কিন্তু  ৰোমান্টিকতাত আমাৰ হাজাৰ হাজাৰ বেদনা ফেচবুক ,ইনষ্টাগ্ৰাম  ,হোৱাটআপত ভাষাৰে বোলাই পেলাওঁ । ভিন্ন অনুভৱেৰে ভাষাবোৰ লিখোঁ , মনৰ দুখবোৰ পাতলাও, কিন্তু  আজিলৈকে কাৰো অন্তৰত দুখ লগা নাই নে ? আমি যে একেলগে আৰু হাঁহি-ধেমালি কৰিবলৈ নাপাওঁ,  একেলগে  খাবলৈ নাপাওঁ,  একেলগে কাৰো ঘৰলৈ যাবলৈ নাপাওঁ😂😂😂😂😂😂 । সকলোৱে দুদিনমানৰ চিনাকী বুলিয়ে লৈছা নেকি হৃদয়খনত । কথাবোৰ এবাৰ সকলোৱে দ কৈ ভাবি চাওঁ আহা চোন ।ইমান  সুন্দৰকৈ গঢ়ি উঠা সম্পৰ্কবোৰ বাৰু কেনেকৈ পাহৰি যাওঁ ।

কেনেকৈ পাহৰোঁ ছাৰ,  আপুনি বুজি নাপালে--বেটা, বুজি পোৱা নাই হোঁ, বুলি কৈ আহি কাষত বহি মৰমত বুজাই দিয়াবোৰ । ছাৰ বুজি পোৱা নাই ক'লে খং এৰি মিচিকিয়াই হাঁহি মাৰি কাষলৈ আহি ককমাইনাটো কোৱা কথাষাৰ , কোন ছাত্ৰ ছাত্ৰীয়ে পাহৰি যাব কওঁক,  মোৰ সহপাঠীসকল কোৱা  --ছাৰক এৰি গৈ পাহৰিব পাৰিবা নে ? ছাৰৰ পৰা দূৰত থাকি কিবা এটা বুজি নাপালে  ছাৰলৈ চেৰেংকৈ মনতপৰা স্মৃতিৰ কাঁড়ডালে আমাৰ হিয়াত নিবিন্ধিব নে💘💘💘💘?😂😂😂😂😂😂  যদি কাৰোবাৰ অন্তৰত নিবিন্ধে মই ভাবোঁ ছাৰৰ প্ৰতি তেওঁৰ অকনো শ্ৰদ্ধা ভক্তিয়ে উপজা নাছিল ।

তোমালোকৰ মনত নপৰিব নে --তোমালোকৰ মংগলৰ বাবে তোমাৰ লোকৰ জন্ম দিৱসৰ আন্তৰিক অভিনন্দন প্ৰেৰণ কৰা দিনটোলৈ । 

বেয়া কাম দেখিলে ছাৰে টপৰাই চিধা কৰিবলৈ লোৱা কাৰ্যত আমাৰ খং উঠে, কিয়নো আমি সেইটো ভাল পাওঁ । কিন্তু নিজেই ভাবা সেইটোৱে জানোঁ আমাক গোটেই জীৱনটো সুখ শান্তিৰ সমভাগী হ'ব পাৰে ।

   দীপ্তী তোমাৰ মনত নপৰিব নে যেতিয়া তোমাৰ নতুন চেণ্টাৰত তোমাক দীপ্তী বুলি নতুন ছাৰ -বাইদেউৱে নাম উচ্চাৰণ নকৰিব । তোমাৰ মনত নপৰিব নে সকলোৱে সিদ্ধান্তৰ বাবে তোমাৰ মুখলৈ চাই ৰৈ থাকা ।তোমাৰ সিদ্ধান্ত অনুসৰিয়ে আমি কাম কৰিবলৈ আগবঢ়া । যদি দলৰ মুখ্যজনেই নাথাকে আমি সংগ্ৰাম কৰিম কেনেকৈ? আগবাঢ়িম কেনেকৈ? পুৱা চেণ্টাৰত ধুপ জ্বলোৱা ,। টিউচন চেণ্টাৰত ৰোপণ কৰি থৈ যোৱা ফুলগছবোৰে তোমাক মনত নেপেলাব নে ? ফুল গছকেইজোপাই  আমাক তোমালৈ সোঁৱৰাই নাথাকিব নে ? সকলোকে ইমান আপোনভাৱে লৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি মৰম-স্নেহ পাইছা, সেইবোৰে তোমাক মনত নেপেলাব নে ?

আকাশ নপৰিব নে মনত তোমাৰ  ----মোৰ বেটাটোক তোমালোকে অকলে নেৰিবা দেই বুলি   ছাৰে আমাক কোৱা কথাষাৰলৈ ।মনত নপৰিবনে ?  তোমাৰ বহীখন প্ৰথমে লৈ চোৱা ছাৰৰ দৃশ্যলৈ ? আৰু কোনবোৰ কথা তোমাৰ মনত নপৰকৈ থাকিব কোৱা--বন্ধু আকাশ ।হাজাৰ দুখ-ভাগৰৰ মাজতো তিনিবছৰে তোমাক পঢ়োঁৱাই আহা অতীতবোৰলৈ । মনত নপৰিব নে অসুখ হ'লেই চিন্তাত পৰা সেইজন ছাৰলৈ । জ্বৰ ধৰিলে ,  কাঁহ হ'লে চাৰে চিন্তাত পৰা কথাবোৰলৈ  ।ভ্ৰমণলৈ যাওঁতে বমি কৰোঁতে ছাৰে গাপোট মাৰি ধৰি কাষত বহাই লোৱালৈ , বমি মোৰে ছাৰে নিজেই চাফা কৰা দৃশ্যলৈ । স্মৃতিত যদি থাকে খুটকণো কোনোৱে নোৱাৰে ছাৰক পাহৰিবলৈ ।


নিকিতা পাৰিবা জানো পাহৰি যাবলৈ--সুন্দৰকৈ গঢ়ি থৈ যোৱা এই চেণ্টাৰটো এৰি থৈ যাবলৈ ।নিকিটা বাই সকলোৰে মাজত জনপ্ৰিয় কৰি তোলা ছাৰক পাহৰি যাবলৈ । বাই বুলি সকলোৱে দিয়া মৰম চেনেহবোৰ কেনেকৈ পাহৰি যাবা--নিকিতা  গৃহকাৰ্যবোৰ কৰিলা নাই  বুলি প্ৰথম তোমাকে কোৱা  কথাবোৰলৈ মনত নপৰিব নে  😂😂😂 ? যেতিয়া নতুন চেণ্টাৰত তুমি , আমি গুৰুত্বহীন হৈ পৰিম ।

দীপীকা, তোমাক ছাৰে মৰমতে পাদুকা বুলি মাতা নামটো শুনিলেই চকুপানী নিগৰি নাহিব নে ? গৃহকাৰ্যবোৰ নি নি ঘৰত চাই দিয়া ছাৰৰ কষ্টবোৰলৈ মনত নপৰিব নে ? 

ভাবানী, তোমাৰ মনত নপৰিব নে  ছাৰে ক্লাছটোত কাৰো পঢ়ালৈ মন নবহিলে--ছাৰে মৰমতে তোমাক কোৱা কথাষাৰলৈ--ভাবানীয়ে ভাবিয়ে আছে  কম কম বুলি , কিন্তু কোৱাহে নাই  ? কোৱা নহ'লে ভাবি থাকোঁতেই যাব । আমি সকলোৱে এটি সুৰত হাঁহি উঠা হাঁহিটোলৈও কাৰো মনত নপৰিব নে ? আমি ইমান নিষ্ঠুৰ হৃদয় এখন লৈ আছোঁ নে ? 

   মানসপ্ৰতীম,নিৰঞ্জণ, দিগন্ত  তোমালোকক গালি পাৰি পুনৰ মৰম কৰি টিউচনলৈ মাতিবলৈ আৰু নাথাকিব ছাৰ যদিহে আমি আঁতৰি যাওঁ  । কৰোবাত টিউচন কৰিলেও হয়তো নক'ব ছাগে মা-পাপাই তোমালোকৰ বাবে কৰা কষ্টখিনি অথলৈ নপঠিয়াবা,  জীৱনটো তোমালোকৰ আনৰ নহয় ।

প্ৰবাল, আকাশ,প্ৰণৱ আৰু শান্তনু  --মনত নপৰিব নে মই  তোমালোকৰ লগত আছোঁ চিন্তা নকৰিবা বুলি কোৱা কথাষাৰলৈ  । একো নাই লাহেকৈ পাৰিবা । তোমালোকে পাছত আহিছা যে ----শান্তনু , তুমি পঢ়িলে খুব পাৰিবা বুলি কোৱা প্ৰেৰণাবোৰলৈ । ছাৰে প্ৰকৃত উমান পায়ো আমাৰ মন নাভাঙি উৎসাহ আৰু প্ৰেৰণা যোগোৱাবোৰলৈ । ইমান কমদিনৰ ভিতৰতেই আমি ছাৰৰ ক্লৌজ হৈ পৰিলোঁ । বেলেগে জানোঁ আমাক ইমান আপোনভাৱে ল'ব।

হাচিনা , আৰিয়ান ,পৰিক্ষিত খুব কম সময়ৰ ভিতৰতে ছাৰৰ সতে হোৱা কথা বাৰ্তা আৰু পঢ়োঁৱা ধৰণ কৰণবোৰ জানোঁ পাহৰি যাবা ।

ডেইজী পাহৰিব পাৰিবা জানোঁ ছাৰৰ সেই কথাষাৰ--"তাই ভাল ছোৱালী,  ভাল দৰে পঢ়ে,  গৃহকাৰ্যবোৰ কৰি আনে । প্ৰথমতে তাই অংক কৰিব নাজানিছিল, এতিয়া পাৰে। চাওঁ বেটী বহীখন ।ভালদৰে পঢ়িবা।"

আৰিফা, জুহি, মৌচুমী তোমালোকেও 2/3/4 দিন আহিয়েই ছাৰৰপৰা পোৱা মৰম-স্নেহ আৰু পঢ়োঁৱা ধৰণ পাহৰিব পাৰিবা জানোঁ ।ওচৰলৈ বুজি পাইছা নে বুলি সোধা কথাষাৰ কৰোবাত টিউচন কৰোঁতেই বুজি নাপালে বা ওলালে মনত নপৰিব নে ছাৰলৈ---ছাৰে যে ওচৰত গৈ এটা এটা কৈ বুজাই দিয়া দৃশ্যবোৰ ।   
ছাৰ মই কেনেকৈ আপোনাক পাহৰোঁ,  ১৪ দিনতেই ইমানেই আপোনাৰ ঘনিষ্ঠ হৈ গ'লোঁ যে আপুনি মোৰ পিতৃ-মাতৃ তুল্য। মই পুৱা আপোনাকেই স্মৰণ কৰি ধুপ জ্বলাওঁ ।চোৱা,  আপোনি দি যোৱাবোৰ প্ৰতিদিনেই কৰি কৰি আগবাঢ়ি গৈ আছোঁ ।অংক একোৱেই জনা নাছিলোঁ, কিন্তু এতিয়া  বহুতেই জানিছোঁ । ইমানে কম সময়ৰ ভিতৰত ইমানবোৰ মনত ভৰাই দিয়াজন আৰু সামান্য হ'ব নোৱাৰে । মই আপোনাৰ  কেনেকৈ পাহৰিম কওঁক চুন ----একেলগে ভাত খাবলৈ যোৱা,  জ্বৰ ধৰিলে চিন্তা কৰি থকা,  জ্বৰৰ ঔষধ লৈ দিয়া আৰু বহুতো আপোনাৰ গুণ কৈ শেষ নোহোৱা । ছাৰ ,কাষলৈ আহি কোন নতুন শিক্ষকে বুজাব বেটা বুজি পাইছা নাই বুলি । মোক  ঘৃণেই কৰিব এজাতি বুলি ।কোনে মোক গাত ধৰি মৰম কৰি বুজাব । ছাৰ ,মই  আপোনাৰ বাহিৰে কাৰো ওচৰত টিউচন নাযাওঁ খাটাং । মই লাগিলে শনিবাৰে দেওবাৰে আপোনাৰ ঘৰত থাকি ল'ম , দুদিনত যি শিকাই তাকেই শিকিম ।আপোনাৰ সংগ নেৰোঁ ছাৰ । 
          জাত পাতৰ মাজত পাৰ্থক্যহীনভাৱে দিয়া জ্ঞানৰ জ্যোতি  আপুনি । মই আপোনাক এৰিব নোৱাৰোঁ, ছাৰ । আপুনি পাহৰিব পাৰিব আমাক --পঢ়াই থাকোঁতে মাজে কৈ যোৱা আকাশ বেটা বুজি পাইছা নে , কবিৰ বেটা বুজি পাইছা নে ,দীপ্তী ৰেখা পাইছা নে বুজি বুলি প্ৰত্যেকৰে লৈ যোৱা নামবোৰ পাহৰিবলৈ ।
  মোৰ বিনম্ৰ অনুৰোধ, আহা আমি ছাৰক এৰি নাযাওঁ, লাগিলে ছাৰে পৰীক্ষা দি লওঁক । আমি এমাহ ৰৈ দিওঁ । ঘৰতে পঢ়োঁ। ছাৰে পৰীক্ষা দি লওঁক  এমাহৰ পাছত আকৌ যাম। এনে অৱস্থাত ছাৰক এৰি দিলে ছাৰে মনত বৰ কষ্ট পাব । এইকেইদিন ছাৰৰ মনটোক বুজিবলৈ প্ৰয়াস কৰিছা নে কিমান দুখত পাঠদান কৰি আছে । মই অনুভৱ কৰোঁ ছাৰেও আমাক তেওঁৰ কাষৰপৰা আঁতৰাবলৈ মনস্থ কৰা নাই ।কিন্তু উপায়হীন ছাৰ , আমাৰ কথা ভাবিয়েই এই সিদ্ধান্ত লৈছে । ছাৰে আমাৰ বাবে ত্যাগ কৰা সময়ৰ প্ৰতি সহাৰি জনাই আহা আমি একত্ৰিত হৈ থাকোঁ । ছাৰৰ দুমোজা সময়কণত ছাৰৰ কাষত থাকি সহায় কৰোঁ ।

আমি সকলোৱে জানোঁ ছাৰে প্ৰিয়-ছাত্ৰ-ছাত্ৰীক হেৰুৱাই বহুত দুখ সহ্য কৰিব লাগিব ।

মই জানোঁ ছাৰ সত্য, কৰ্তব্যপৰায়ণ, আনৰ উপকাৰ চিন্তা কৰা ব্যক্তি ।সেয়ে ভগবানেও ছাৰক লগ দিব আৰু আমাক আজি থকা দৰেই বছৰটোলৈ ৰাখিব । 

         বিনম্ৰ অনুৰোধেৰে সকলোকে এবাৰ আঁতৰি যোৱাৰ আগতে গভীৰভাৱে চিন্তা কৰিবলৈ ক'লোঁ ।

কবিৰ সিং খণ্ডিত 
সাধাৰণ সম্পাদক 
দীচুচ শিক্ষণকেন্দ্ৰ
 
Read More

কমেণ্ট

1:59 PM 0
ছাৰক মই শ্ৰদ্ধা কৰোঁ,  মোৰ ফিক্স সিদ্ধান্ত ,মই ছাৰৰ ওচৰত টিউচন কৰিবলৈ নাপালে ক'তো নকৰো । আমাৰ  এটা বিষয়ত  500 টকাকৈ মুঠ 6×500= 1500 টকা দিবলৈ নাই । যিসকলৰ আছে যোৱক । আমাৰ দৰে দুখীয়াৰ বাবে ভাবা টিউচন শিক্ষক  নিকটৱৰ্ত্তী অঞ্চলটোত নাই । সময়মতে টিউচনৰ ফিজ নিদিলে টিউচন এৰি দিব লাগিব ।কিন্তু ছাৰে টকাৰ বাবে টিউচন কৰা নাই,  মাথোঁ আমাক আগবঢ়াই নিবলৈ সমাজখন আগুৱাই নিবলৈহে এই মহান কাম হাতত লৈছে ।


Read More

Post Top Ad

Your Ad Spot