মা-পাপাই ভাল কথাই কয়, ছাৰে কিন্তু তাতকৈ ভালদৰে বুজাই জীৱন্ত উদাৰণ দি দিয়ে ।কিন্তু আমি অবুজন হৈ ছাৰকে বেয়া পাওঁ । আমি ছাৰে সোধিলে নিমাত হৈ ৰওঁ, ভাষাবোৰ হেৰাই যায়, যিটো বিষয়ত প্ৰশ্ন হয়, যি আমাৰ জীৱনত লাগে ।কিন্তু ৰোমান্টিকতাত আমাৰ হাজাৰ হাজাৰ বেদনা ফেচবুক ,ইনষ্টাগ্ৰাম ,হোৱাটআপত ভাষাৰে বোলাই পেলাওঁ । ভিন্ন অনুভৱেৰে ভাষাবোৰ লিখোঁ , মনৰ দুখবোৰ পাতলাও, কিন্তু আজিলৈকে কাৰো অন্তৰত দুখ লগা নাই নে ? আমি যে একেলগে আৰু হাঁহি-ধেমালি কৰিবলৈ নাপাওঁ, একেলগে খাবলৈ নাপাওঁ, একেলগে কাৰো ঘৰলৈ যাবলৈ নাপাওঁ😂😂😂😂😂😂 । সকলোৱে দুদিনমানৰ চিনাকী বুলিয়ে লৈছা নেকি হৃদয়খনত । কথাবোৰ এবাৰ সকলোৱে দ কৈ ভাবি চাওঁ আহা চোন ।ইমান সুন্দৰকৈ গঢ়ি উঠা সম্পৰ্কবোৰ বাৰু কেনেকৈ পাহৰি যাওঁ ।
কেনেকৈ পাহৰোঁ ছাৰ, আপুনি বুজি নাপালে--বেটা, বুজি পোৱা নাই হোঁ, বুলি কৈ আহি কাষত বহি মৰমত বুজাই দিয়াবোৰ । ছাৰ বুজি পোৱা নাই ক'লে খং এৰি মিচিকিয়াই হাঁহি মাৰি কাষলৈ আহি ককমাইনাটো কোৱা কথাষাৰ , কোন ছাত্ৰ ছাত্ৰীয়ে পাহৰি যাব কওঁক, মোৰ সহপাঠীসকল কোৱা --ছাৰক এৰি গৈ পাহৰিব পাৰিবা নে ? ছাৰৰ পৰা দূৰত থাকি কিবা এটা বুজি নাপালে ছাৰলৈ চেৰেংকৈ মনতপৰা স্মৃতিৰ কাঁড়ডালে আমাৰ হিয়াত নিবিন্ধিব নে💘💘💘💘?😂😂😂😂😂😂 যদি কাৰোবাৰ অন্তৰত নিবিন্ধে মই ভাবোঁ ছাৰৰ প্ৰতি তেওঁৰ অকনো শ্ৰদ্ধা ভক্তিয়ে উপজা নাছিল ।
তোমালোকৰ মনত নপৰিব নে --তোমালোকৰ মংগলৰ বাবে তোমাৰ লোকৰ জন্ম দিৱসৰ আন্তৰিক অভিনন্দন প্ৰেৰণ কৰা দিনটোলৈ ।
বেয়া কাম দেখিলে ছাৰে টপৰাই চিধা কৰিবলৈ লোৱা কাৰ্যত আমাৰ খং উঠে, কিয়নো আমি সেইটো ভাল পাওঁ । কিন্তু নিজেই ভাবা সেইটোৱে জানোঁ আমাক গোটেই জীৱনটো সুখ শান্তিৰ সমভাগী হ'ব পাৰে ।
দীপ্তী তোমাৰ মনত নপৰিব নে যেতিয়া তোমাৰ নতুন চেণ্টাৰত তোমাক দীপ্তী বুলি নতুন ছাৰ -বাইদেউৱে নাম উচ্চাৰণ নকৰিব । তোমাৰ মনত নপৰিব নে সকলোৱে সিদ্ধান্তৰ বাবে তোমাৰ মুখলৈ চাই ৰৈ থাকা ।তোমাৰ সিদ্ধান্ত অনুসৰিয়ে আমি কাম কৰিবলৈ আগবঢ়া । যদি দলৰ মুখ্যজনেই নাথাকে আমি সংগ্ৰাম কৰিম কেনেকৈ? আগবাঢ়িম কেনেকৈ? পুৱা চেণ্টাৰত ধুপ জ্বলোৱা ,। টিউচন চেণ্টাৰত ৰোপণ কৰি থৈ যোৱা ফুলগছবোৰে তোমাক মনত নেপেলাব নে ? ফুল গছকেইজোপাই আমাক তোমালৈ সোঁৱৰাই নাথাকিব নে ? সকলোকে ইমান আপোনভাৱে লৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি মৰম-স্নেহ পাইছা, সেইবোৰে তোমাক মনত নেপেলাব নে ?
আকাশ নপৰিব নে মনত তোমাৰ ----মোৰ বেটাটোক তোমালোকে অকলে নেৰিবা দেই বুলি ছাৰে আমাক কোৱা কথাষাৰলৈ ।মনত নপৰিবনে ? তোমাৰ বহীখন প্ৰথমে লৈ চোৱা ছাৰৰ দৃশ্যলৈ ? আৰু কোনবোৰ কথা তোমাৰ মনত নপৰকৈ থাকিব কোৱা--বন্ধু আকাশ ।হাজাৰ দুখ-ভাগৰৰ মাজতো তিনিবছৰে তোমাক পঢ়োঁৱাই আহা অতীতবোৰলৈ । মনত নপৰিব নে অসুখ হ'লেই চিন্তাত পৰা সেইজন ছাৰলৈ । জ্বৰ ধৰিলে , কাঁহ হ'লে চাৰে চিন্তাত পৰা কথাবোৰলৈ ।ভ্ৰমণলৈ যাওঁতে বমি কৰোঁতে ছাৰে গাপোট মাৰি ধৰি কাষত বহাই লোৱালৈ , বমি মোৰে ছাৰে নিজেই চাফা কৰা দৃশ্যলৈ । স্মৃতিত যদি থাকে খুটকণো কোনোৱে নোৱাৰে ছাৰক পাহৰিবলৈ ।
নিকিতা পাৰিবা জানো পাহৰি যাবলৈ--সুন্দৰকৈ গঢ়ি থৈ যোৱা এই চেণ্টাৰটো এৰি থৈ যাবলৈ ।নিকিটা বাই সকলোৰে মাজত জনপ্ৰিয় কৰি তোলা ছাৰক পাহৰি যাবলৈ । বাই বুলি সকলোৱে দিয়া মৰম চেনেহবোৰ কেনেকৈ পাহৰি যাবা--নিকিতা গৃহকাৰ্যবোৰ কৰিলা নাই বুলি প্ৰথম তোমাকে কোৱা কথাবোৰলৈ মনত নপৰিব নে 😂😂😂 ? যেতিয়া নতুন চেণ্টাৰত তুমি , আমি গুৰুত্বহীন হৈ পৰিম ।
দীপীকা, তোমাক ছাৰে মৰমতে পাদুকা বুলি মাতা নামটো শুনিলেই চকুপানী নিগৰি নাহিব নে ? গৃহকাৰ্যবোৰ নি নি ঘৰত চাই দিয়া ছাৰৰ কষ্টবোৰলৈ মনত নপৰিব নে ?
ভাবানী, তোমাৰ মনত নপৰিব নে ছাৰে ক্লাছটোত কাৰো পঢ়ালৈ মন নবহিলে--ছাৰে মৰমতে তোমাক কোৱা কথাষাৰলৈ--ভাবানীয়ে ভাবিয়ে আছে কম কম বুলি , কিন্তু কোৱাহে নাই ? কোৱা নহ'লে ভাবি থাকোঁতেই যাব । আমি সকলোৱে এটি সুৰত হাঁহি উঠা হাঁহিটোলৈও কাৰো মনত নপৰিব নে ? আমি ইমান নিষ্ঠুৰ হৃদয় এখন লৈ আছোঁ নে ?
মানসপ্ৰতীম,নিৰঞ্জণ, দিগন্ত তোমালোকক গালি পাৰি পুনৰ মৰম কৰি টিউচনলৈ মাতিবলৈ আৰু নাথাকিব ছাৰ যদিহে আমি আঁতৰি যাওঁ । কৰোবাত টিউচন কৰিলেও হয়তো নক'ব ছাগে মা-পাপাই তোমালোকৰ বাবে কৰা কষ্টখিনি অথলৈ নপঠিয়াবা, জীৱনটো তোমালোকৰ আনৰ নহয় ।
প্ৰবাল, আকাশ,প্ৰণৱ আৰু শান্তনু --মনত নপৰিব নে মই তোমালোকৰ লগত আছোঁ চিন্তা নকৰিবা বুলি কোৱা কথাষাৰলৈ । একো নাই লাহেকৈ পাৰিবা । তোমালোকে পাছত আহিছা যে ----শান্তনু , তুমি পঢ়িলে খুব পাৰিবা বুলি কোৱা প্ৰেৰণাবোৰলৈ । ছাৰে প্ৰকৃত উমান পায়ো আমাৰ মন নাভাঙি উৎসাহ আৰু প্ৰেৰণা যোগোৱাবোৰলৈ । ইমান কমদিনৰ ভিতৰতেই আমি ছাৰৰ ক্লৌজ হৈ পৰিলোঁ । বেলেগে জানোঁ আমাক ইমান আপোনভাৱে ল'ব।
হাচিনা , আৰিয়ান ,পৰিক্ষিত খুব কম সময়ৰ ভিতৰতে ছাৰৰ সতে হোৱা কথা বাৰ্তা আৰু পঢ়োঁৱা ধৰণ কৰণবোৰ জানোঁ পাহৰি যাবা ।
ডেইজী পাহৰিব পাৰিবা জানোঁ ছাৰৰ সেই কথাষাৰ--"তাই ভাল ছোৱালী, ভাল দৰে পঢ়ে, গৃহকাৰ্যবোৰ কৰি আনে । প্ৰথমতে তাই অংক কৰিব নাজানিছিল, এতিয়া পাৰে। চাওঁ বেটী বহীখন ।ভালদৰে পঢ়িবা।"
আৰিফা, জুহি, মৌচুমী তোমালোকেও 2/3/4 দিন আহিয়েই ছাৰৰপৰা পোৱা মৰম-স্নেহ আৰু পঢ়োঁৱা ধৰণ পাহৰিব পাৰিবা জানোঁ ।ওচৰলৈ বুজি পাইছা নে বুলি সোধা কথাষাৰ কৰোবাত টিউচন কৰোঁতেই বুজি নাপালে বা ওলালে মনত নপৰিব নে ছাৰলৈ---ছাৰে যে ওচৰত গৈ এটা এটা কৈ বুজাই দিয়া দৃশ্যবোৰ ।
ছাৰ মই কেনেকৈ আপোনাক পাহৰোঁ, ১৪ দিনতেই ইমানেই আপোনাৰ ঘনিষ্ঠ হৈ গ'লোঁ যে আপুনি মোৰ পিতৃ-মাতৃ তুল্য। মই পুৱা আপোনাকেই স্মৰণ কৰি ধুপ জ্বলাওঁ ।চোৱা, আপোনি দি যোৱাবোৰ প্ৰতিদিনেই কৰি কৰি আগবাঢ়ি গৈ আছোঁ ।অংক একোৱেই জনা নাছিলোঁ, কিন্তু এতিয়া বহুতেই জানিছোঁ । ইমানে কম সময়ৰ ভিতৰত ইমানবোৰ মনত ভৰাই দিয়াজন আৰু সামান্য হ'ব নোৱাৰে । মই আপোনাৰ কেনেকৈ পাহৰিম কওঁক চুন ----একেলগে ভাত খাবলৈ যোৱা, জ্বৰ ধৰিলে চিন্তা কৰি থকা, জ্বৰৰ ঔষধ লৈ দিয়া আৰু বহুতো আপোনাৰ গুণ কৈ শেষ নোহোৱা । ছাৰ ,কাষলৈ আহি কোন নতুন শিক্ষকে বুজাব বেটা বুজি পাইছা নাই বুলি । মোক ঘৃণেই কৰিব এজাতি বুলি ।কোনে মোক গাত ধৰি মৰম কৰি বুজাব । ছাৰ ,মই আপোনাৰ বাহিৰে কাৰো ওচৰত টিউচন নাযাওঁ খাটাং । মই লাগিলে শনিবাৰে দেওবাৰে আপোনাৰ ঘৰত থাকি ল'ম , দুদিনত যি শিকাই তাকেই শিকিম ।আপোনাৰ সংগ নেৰোঁ ছাৰ ।
জাত পাতৰ মাজত পাৰ্থক্যহীনভাৱে দিয়া জ্ঞানৰ জ্যোতি আপুনি । মই আপোনাক এৰিব নোৱাৰোঁ, ছাৰ । আপুনি পাহৰিব পাৰিব আমাক --পঢ়াই থাকোঁতে মাজে কৈ যোৱা আকাশ বেটা বুজি পাইছা নে , কবিৰ বেটা বুজি পাইছা নে ,দীপ্তী ৰেখা পাইছা নে বুজি বুলি প্ৰত্যেকৰে লৈ যোৱা নামবোৰ পাহৰিবলৈ ।
মোৰ বিনম্ৰ অনুৰোধ, আহা আমি ছাৰক এৰি নাযাওঁ, লাগিলে ছাৰে পৰীক্ষা দি লওঁক । আমি এমাহ ৰৈ দিওঁ । ঘৰতে পঢ়োঁ। ছাৰে পৰীক্ষা দি লওঁক এমাহৰ পাছত আকৌ যাম। এনে অৱস্থাত ছাৰক এৰি দিলে ছাৰে মনত বৰ কষ্ট পাব । এইকেইদিন ছাৰৰ মনটোক বুজিবলৈ প্ৰয়াস কৰিছা নে কিমান দুখত পাঠদান কৰি আছে । মই অনুভৱ কৰোঁ ছাৰেও আমাক তেওঁৰ কাষৰপৰা আঁতৰাবলৈ মনস্থ কৰা নাই ।কিন্তু উপায়হীন ছাৰ , আমাৰ কথা ভাবিয়েই এই সিদ্ধান্ত লৈছে । ছাৰে আমাৰ বাবে ত্যাগ কৰা সময়ৰ প্ৰতি সহাৰি জনাই আহা আমি একত্ৰিত হৈ থাকোঁ । ছাৰৰ দুমোজা সময়কণত ছাৰৰ কাষত থাকি সহায় কৰোঁ ।
আমি সকলোৱে জানোঁ ছাৰে প্ৰিয়-ছাত্ৰ-ছাত্ৰীক হেৰুৱাই বহুত দুখ সহ্য কৰিব লাগিব ।
মই জানোঁ ছাৰ সত্য, কৰ্তব্যপৰায়ণ, আনৰ উপকাৰ চিন্তা কৰা ব্যক্তি ।সেয়ে ভগবানেও ছাৰক লগ দিব আৰু আমাক আজি থকা দৰেই বছৰটোলৈ ৰাখিব ।
বিনম্ৰ অনুৰোধেৰে সকলোকে এবাৰ আঁতৰি যোৱাৰ আগতে গভীৰভাৱে চিন্তা কৰিবলৈ ক'লোঁ ।
কবিৰ সিং খণ্ডিত
সাধাৰণ সম্পাদক
দীচুচ শিক্ষণকেন্দ্ৰ
No comments:
Post a Comment