সামাজিক জৰীপৰ সংজ্ঞা: পি. ভি. যুঙৰ মতে, সামাজিক জৰীপ মানে সামাজিক সংস্কাৰৰ বাবে গঠনমূলক আঁচনি প্রস্তুত, কোনো এক ভৌগোলিক অঞ্চলত সংঘটিত হোৱা বিঘটনমূলক কাৰ্যৰ পৰা সমাজক ৰক্ষা আৰু নিয়ন্ত্রণ কৰা আৰু সেই সমস্যাৰ অধ্যয়ন আৰু নিৰাময় কৰিবলৈ লোৱা কার্য ব্যৱস্থাক বুজায়। ই. ডব্লিউ, বাৰ্গেচৰ মতে, “সামাজিক জৰীপ হ'ল এনে এটা আন্তঃদর্শনমূলক পদ্ধতি যিটোৰ দ্বাৰা পৰিসংখ্যাগত জোখ-মাখ আৰু তুলনামূলক মানেৰে বিশেষ সামাজিক অৱস্থা এটাক অধ্যয়ন কৰা হয়।” এম. আব্ৰামচৰ মতে,“সামাজিক জৰীপ হ'ল এনে এটা প্রক্রিয়া যাৰদ্বাৰা এটা সম্প্ৰদায়ৰ সামাজিক সংৰচনা আৰু কাৰ্য প্ৰণালীৰ ওপৰত পৰিমাপবোধক তথ্য সংগ্ৰহ কৰিব পাৰি তেওঁৰ মতে, জৰীপৰ প্ৰাথমিক পৰ্যায়ত সমস্যাসমূহৰ সৈতে জড়িত ব্যক্তিসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি তথ্য-পাতি সংগ্ৰহ কৰা হয়।” আলোচনাৰ পৰা বুজা গ'ল যে, সমাজৰ বিশেষ এটা সমস্যাৰ বিষয়ে গবেষণা কৰিবলৈ তথ্য-পাতি সংগ্ৰহত কৰাৰ ক্ষেত্ৰত যি প্রণালীবদ্ধ কার্য গ্রহণ কৰা হয় তাকে সামাজিক জৰীপ বোলে।
সামাজিক জৰীপৰ বৈশিষ্ট্যসমূহ হ’ল-@সামাজিক জৰীপ সমাজৰ তাৎক্ষণিক সমস্যাসমূহৰ ওপৰত কৰা সীমাৱদ্ধ অধ্যয়ন।② সামাজিক জৰীপৰ ভৌগোলিক পৰিসৰ যথেষ্ট সীমাৱদ্ধ আৰু ইয়াৰ অধ্যয়ন ক্ষেত্র নির্দিষ্ট অঞ্চলত বা নির্দিষ্ট সীমাৰ মাজত বসবাস কৰা জনসমূহৰ ভিতৰতহে কৰা হয়।(৩)সামাজিক জৰীপে সামাজিক গৱেষণাৰ বাবে গঠনমূলক আঁচনি প্রস্তুত কৰি তাৎক্ষণিক দোষবোৰ আঁতৰ কৰে।(৪) সামাজিক জৰীপত সংগ্ৰহ কৰা তথ্যবোৰ কোনো বিষয়ৰ ওপৰত কৰা সামাজিক গৱেষণাৰ ভিত্তি হ'ব পাৰে বা নতুন প্রকল্প ৰচনাৰ ফলাফল বা ব্যাখ্যা কাৰকৰ প্ৰয়োজনীয়তাত ব্যৱহৃত হ'ব পাৰে।৬। সামাজিক জৰীপ হ'ল স্থায়ী আৰু প্রত্যক্ষ অধ্যয়ন।এই ধৰণৰ অধ্যয়নত গৱেষকে তথ্য যোগানকাৰীৰ সৈতে বা বিষয়বস্তু বা ঘটনাৰ সৈতে প্রতক্ষ্যভাৱে সম্বন্ধ স্থাপন কৰিব পাৰে। (৭) সামাজিক জৰীপৰ দ্বাৰা নির্দিষ্ট এটা সামাজিক অৱস্থা, ঘটনা বা সমস্যাৰ বিষয়ে বাস্তব তথ্য-পাতি সংগ্রহ কৰা হয়। যেনে এখন সমাজৰ দৰিদ্ৰতা, অপৰাধ, শিক্ষা, মাদক দ্রব্য সেবনৰ সমস্যা ইত্যাদিৰ বিষয়ে জানিবলৈ প্রথমে সামাজিক জৰীপৰ সহায় ল'ব লাগিব।(৮)সামাজিক জৰীপে সামাজিক ঘটনা বা সমস্যা এটাৰ বিষয়ে তথ্য সংগ্রহ কৰোঁতে সমাজৰ ব্যক্তিসকলৰ সামাজিক আন্তঃসম্পর্ক, আচাৰ-ব্যৱহাৰ, ধৰ্মীয় বিশ্বাস, আচৰণ প্ৰণালী ইত্যাদিৰ উদ্দেশ্যও নিহিত হৈ থাকে। সংক্ষেপে ক'বলৈ গ'ল, জৰীপে এখন সমাজৰ সকলো দিশৰ সম্পূৰ্ণ তথ্য আহৰণ কৰাত সহায় কৰে। (৯) সামাজিক জৰীপে যিকোনো গৱেষণাৰ এটা প্রকল্প গ্রহণযোগ্য হয়নে নহয়, তাক জনাত সহায় কৰে। (১০) সামাজিক জৰীপৰ লক্ষ্য বা উদ্দেশ্য শিক্ষামূলক আৰু কল্যাণকামী বুলিও ক'ব পৰা যায়। যিহেতু শিক্ষা সম্পর্কীয় বিভিন্ন জ্ঞান আহৰণ কৰিবৰ কাৰণে সামাজিক জৰীপে সহায় কৰে, লগতে সামাজিক জৰীপৰ যোগেদি লাভ কৰা তথ্যসমূহৰ ভিত্তিত সমাজৰ কিছুমান সমস্যা প্ৰতিৰোধ কৰিবৰ কাৰণে উপায় উদঘাটন কৰি জনকল্যাণমূলক আঁচনিও গ্ৰহণ কৰিব পাৰে।
•সামাজিক জৰীপৰ লক্ষ্য আৰু উদ্দেশ্যঃ(১)এটা গৱেষণা প্রকল্প গ্রহণযোগ্য হয় নে নহয় সিদ্ধান্ত দিয়া।(2)সমাজৰ সমস্যাসমূহৰ জ্ঞান আহৰণ তথা প্রতিৰোধৰ উপায় উদ্ঘাটন কৰি জনকল্যাণমূলক আঁচনি গ্রহণত সহায় কৰা। (৩) এখন সমাজৰ সকলো দিশৰ সম্পূর্ণ তথ্য আহৰণ কৰাত সহয় কৰা।(৪)নিৰ্দিষ্ট সামাজিক সমস্যা, অৱস্থা আৰু ঘটনাৰ ওপৰত বাস্তৱ তথ্য-পাতি সংগ্ৰহ কৰা। যেনে- অপৰাধ, বিবাহ বিচ্ছেদ, দৰিদ্ৰতা ইত্যাদি।(৫) সামাজিক জৰীপৰ আন এটা উদ্দেশ্য হৈছে সামাজিক সমস্যা বা ঘটনাৰ সম্পূৰ্ণ বিৱৰণ দাঙি ধৰা।(৬)সামাজিক জৰীপৰ উদ্দেশ্যৰ ক্ষেত্ৰত ব্যৱহাৰিক, প্রায়োগিক আৰু কল্যাণমূলক দিশবোৰক প্রাধান্য দিয়াত মনোনিৱেশ কৰা। সমাজিক জৰীপৰ সুবিধাসমূহ : (১) সামাজিক জৰীপৰ দ্বাৰা লাভ কৰা ফলাফলবোৰ বাস্তৱকেন্দ্রিক; কাৰণ জৰীপকর্মীয়ে প্রত্যক্ষভাৱে জনসমষ্টিটোৰ ব্যক্তিসকলৰ লগত সংযোগ স্থাপন কৰি তথ্যসমূহ আহৰণ কৰে।(2) জৰীপ পদ্ধতিকে আহৰণ কৰা ফলাফলবোৰ নিৰপেক্ষধর্মী ফলাফল আৰু পক্ষপাতিত্বহীন হোৱাৰ সম্ভাৱনা অধিক। কাৰণ এনে জৰীপত এক বুজনসংখ্যক ক্ষেত্রকর্মী জড়িত হৈ থাকে। (৩)সামাজিক জৰীপৰ যোগেদি এটা সামাজিক সমস্যাৰ ওপৰত বিস্তৃত বাস্তৱ তথ্য-পাতি সংগ্রহ কৰাটো সম্ভৱ হয়। ইয়াৰ যোগেদি যিকোনো সামাজিক সমস্যা সহজে প্রতিৰোধক নিৰাময় বা সংস্কাৰ কৰিব পাৰে।(৪)সামাজিক জৰীপত অংশগ্রহণকাৰী পর্যবেক্ষণৰ দ্বাৰা সামাজিক অৱস্থাৰ অন্তর্ভাগটো আৱেগিক প্ৰভাৱৰ বিষয়ে জনাত সহায় কৰে। (৫) সামাজিক জৰীপৰ যোগেদি আহৰণ কৰা ফলাফলবোৰ অধিক নির্ভৰযোগ্য । কিয়নো জৰীপৰ তথ্য-পাতিবোৰ পৰিমাণবোধক পদ্ধতি বা কৌশলৰ সহায়ত বিশ্লেষণ কৰা হয় ।(৬) যিকোনো সামাজিক জৰীপে সামাজিক গৱেষণাৰ ভেঁটি স্থাপন কৰাত সহায় কৰে।
সামাজিক জৰীপৰ অসুবিধাসমূহঃ ১। জৰীপ পদ্ধতিত মাত্রাধিক ব্যয়ৰ বাবে একান্ত ব্যক্তিগতভাৱে জৰীপ পদ্ধতিৰে সামাজিক গবেষণা কৰাতো সূচল নহয়।(২) জৰীপ পদ্ধতি এক দীর্ঘম্যাদী প্রক্রিয়া হোৱাৰ বাবে গৱেষকে খৰখেদাকৈ জৰীপ কাৰ্য সমাপ্ত কৰিব বিচাৰোতে ফলাফলত বিভ্রাট ঘটিব পাৰে।(৩) জৰীপ পদ্ধতিৰে সংগ্ৰহ কৰা তথ্যসমূহ প্রতিক্ষেত্ৰতে নিৰ্ভৰযোগ্য বা বাস্তবসত্য তথ্য নহয়।(৪) অতি বিশাল বা সীমিত পৰিসৰৰ মাজেৰে প্ৰতিনিধিত্বমূলক নমুনাৰ আর্হিত সংগ্ৰহ কৰা জৰীপৰ ফলাফলে সাধাৰণ অৱস্থাক প্রতিফলিত নকৰে। (৫) সামাজিক জৰীপৰদ্বাৰাই ঐতিহাসিক বা বুৰঞ্জীমূলক ঘটনা বা সমস্যাৰ সমাধান কৰাটো সম্ভব নহয়। (৬) ভ্রান্ত নমুনাৰদ্বাৰা সংগ্ৰহ কৰা জৰীপৰ ফলাফলো ভ্রান্ত হৈ পৰে। (৭) জৰুৰী সমস্যাৰ সমাধানৰ বাবে জৰীপ কৰে। সেয়েহে ইয়াৰ সমাধানৰ লগে লগে গুৰুত্ব নাইকিয়া হৈ পৰে।(৮) কেতিয়াবা জৰীপ প্ৰক্ৰিয়া চলি থকাৰ মাজতে নতুন সমস্যাৰ সৃষ্টি হ'লে পুনৰ জৰীপ আদিৰপৰা আৰম্ভ কৰিব লাগে। ফলত অযথা শ্ৰম আৰু অৰ্থৰ ব্যয় হয়।
সামাজিক গৱেষণা ৰ সংজ্ঞা : C.A Moserৰ মতে সামাজিক গৱেষণা হ'ল সামাজিক সমস্যা আৰু ঘটনাসমুহৰ বিষয়ে নতুন জ্ঞান আহৰণৰ বাবে কৰা এক পদ্ধতিগত অনুসন্ধান। P.V Young ৰ মতে সামাজিক গবেষণা হ'ল এটা বৈজ্ঞানিক ভাবে হাতত লোৱা কাম, যিটোৱে যুক্তিপূর্ণ পদ্ধতিসমুহৰ দ্বাৰা, নতুন বা পুৰণা তথ্য বা ঘটনাসমূহ উদঘাটন কৰাৰ লক্ষ্য কৰি লয় আৰু সেইবোৰৰ অৱস্থিতি, বিশ্লেষণ, আন্তঃসম্পর্ক, কাৰণাত্মক ব্যাখ্যা আৰু যিবোৰক প্ৰাকৃতিক বিধিসমুহে পৰিচালনা কৰে সেইবোৰৰ বিষয়ে কৰা এক অনুসন্ধান। ওপৰৰ আলোচনাৰ ভিত্তিত ক’ব পাৰি যে সমাজত ঘটি থকা ঘটনা, সমস্যা আদিৰ লগত জড়িত হৈ থকা কাৰণবোৰ উদঘাটন কৰিবলৈ যি গৱেষণা কার্য চলোৱা হয় তাক সামাজিক গবেষণা বোলে। সামাজিক গৱেষণাৰ মুল লক্ষ্য : ১) সামাজিক গৱেষণাৰ মূল লক্ষ্য হ'ল মানুহৰ আচৰণৰ সম্পৰ্কত বোধশক্তিৰে বুজিবলৈ যত্ন কৰি সেই আচৰণসমূহে সামাজিক সংস্থাৰ সৈতে আন্তঃক্ৰিয়াৰে কেনেকৈ পৰিচালিত হয় তাক অনুসন্ধান কৰা। (2) সমাজত প্রচলিত বা বর্তি থকা সমস্যাসমূহৰ ওপৰত নতুন জ্ঞান অর্জন কৰা।(3) মানুহৰ জটিল আচৰণ আৰু সংস্থাবোৰৰ পৰীক্ষা কৰিবলৈ বিশ্লেষণৰ আহিলা সমূহ উন্নত কৰিবলৈ যত্ন কৰা।(৪) প্ৰস্তাৱিত সমস্যাৰ ওপৰত নতুন জ্ঞানৰ অন্বেষণ বা সন্ধান কৰা। (৫) P.V. Young-ৰ মতে সামাজিক গৱেষণাৰ প্ৰাথমিক লক্ষ্য হ'ল মানৱ সমাজৰ সামাজিক জীৱন সম্পর্কে অধ্যয়ন কৰা আৰু ইয়াৰ অধ্যয়নৰ যোগেদি সামাজিক আচৰণৰ বিচাৰ কৰা আৰু নিয়ন্ত্ৰণ কৰিবৰ বাবে চেষ্টা কৰা। (৬) সামাজিক ঘটনাসমূহ বা সমস্যাসমূহৰ নিয়ন্ত্ৰণৰ বাবে নির্দিষ্ট কিছুমান সামাজিক ঘটনাৰ কাৰণ উদঘাটন কৰা।
সামাজিক গবেষণাৰ সুবিধা/গুণ/উপকাৰঃ। (১) সামাজিক ঘটনাৰ ওপৰত নিয়ন্ত্রণঃ সামাজিক গবেষণাই সমাজ আৰু সংস্থাবোৰৰ কার্যপ্রণালীৰ বিষয়ে বিস্তৃত আৰু উপযুক্ত জ্ঞান অর্জুনৰ বাবে সাজু কৰি তোলাৰ লগতে সামাজিক ঘটনাৱলীক নিয়ন্ত্রণৰ ক্ষমতা প্রদান কৰে। (2)সামাজিক পৰিকল্পনাঃ সামাজিক গৱেষণাই সামাজিক পৰিকল্পনাৰ বাবে আৱশ্যকীয় তথ্য-পাতি যোগান ধৰে। এনে তথ্য-পাতিবোৰে সমাজ জীৱনৰ অমূর্ত আৰু জটিল দিশবোৰ নিখুঁতভাৱে অনুধাৱন কৰাত সহায় কৰে আৰু সেই মতে পৰিকল্পনাৰ আঁচনিবোৰ গ্রহণ কৰিব পাৰি। (৩)সামাজিক প্রগতি: সামাজিক গবেষণাৰ যোগেদি সামাজিক প্রগতিৰ মূল অন্তৰায় অজ্ঞতা বা সমাজৰ ভুল ধাৰণা বা অন্ধবিশ্বাস আঁতৰাই সামাজিক প্রগতিত অৰিহণা যোগায়। ⑧সামাজিক কল্যাণ:সামাজিক গৱেষণাই সমাজৰ অপশক্তিসমূহৰ কাৰণ চিনাক্ত কৰি তাক উন্মোচিত কৰে। এই দৃষ্টিকোণৰ পৰা সামাজিক অপশক্তি নির্মূলৰ বাবে গৱেষণাই আৱশ্যকীয় ক্ৰিয়াৰ দ্বাৰা সহায় কৰিব পাৰে। ফলত সামাজিক কল্যাণ সম্ভৱ হৈ উঠে।(৫)আহিলা আৰু কৌশলসমূহৰ আধুনিকীকৰণ: সামাজিক গৱেষণাত প্রয়োগ কৰা আহিলা আৰু তথ্য বিশ্লেষণৰ কৌশলসমূহ গৱেষণাৰ প্ৰগতিৰ লগে লগে আধুনিকীকৰণ হৈ পৰে।ফলস্বৰূপে, এনেধৰণৰ আহিলা আৰু কৌশলসমূহে সঠিক ফলাফল প্রদান কৰিব পাৰে।(৬) সামাজিক সংহতি: সামাজিক গবেষণাই বৈচিত্র্যৰ মাজত এক্যৰ সূচনা কৰি সমাজত সামাজিক সংহতিৰ ভেঁটি শক্তিশালী কৰি তোলে। (৭) সামাজিক বোধ শক্তি আকে সদিচ্ছা : সামাজিক গবেষণাই এটা স্পষ্ট আর যুক্তিপূর্ণ মতামত আগবঢ়াই মানুহৰ বোধশক্তি আৰু সদিচ্ছাক উৎসাহিত কৰাত সহায় কৰে। (৮) সামাজিক পূর্বকথন: সামাজিক গৱেষণাৰ জৰিয়তে যুক্তিপূর্ণ পূর্বকথনৰ মূল্যৰ ওপৰত ভিত্তি কৰি সুস্থ সামাজিক নিয়ন্ত্ৰণ আৰু পৰিকল্পনাৰ প্ৰচেষ্টাৰে ভৱিষ্যতে হ'ব পৰা সামাজিক ঘটনাবোৰৰ ওপৰত পূর্বকথন সম্ভৱ হয়। সামাজিক গৱেষণাৰ বাবে চাৰিটা প্রধান অভিপ্ৰায়ৰ কথা P.V. Young য়ে আগবঢ়াইছে। সেই অভিপ্রায় (motives) সমূহ তলত বর্ণনা কৰা হ'ল-১) কিছুমান সামাজিক ঘটনা (Social Phenomena) ৰ কাৰণ-ফলাফল (Cause-effect) ৰ সম্পৰ্ক জানিবলৈ ইচ্ছা কৰা।অনুপযুক্ত জ্ঞান বা দুর্বোধ্য ঘটনাবোৰৰ বাবে অনানুষ্ঠানিক সম্পৰ্কৰ বিষয়ে তাৎক্ষণিকভাবে জানিব পৰা নাযায়, সেইবাবে সামাজিক গৱেষণাই ইয়াক আৱশ্যকীয় কৰি তোলে। ২) নতুন সিদ্ধান্ত উদঘাটনৰ দ্বাৰা সামাজিক গৱেষণা অনুপ্রাণিত হ'ব পাৰে। সামাজিক গৱেষণাৰযোগে কম সময়ৰ ভিতৰত ধাৰণা আৰু কৌশলসমূহৰ সম্পৰ্কত অতি স্পষ্টভাৱে জ্ঞান অর্জন কৰিব পাৰে। সাম্প্ৰতিক সময়ত অতি সঠিক বা নিখুঁত আৰু দ্ব্যর্থহীন ফলাফলৰ বাবে পৰিমাপগত কৌশল সামাজিক গৱেষণাত প্রয়োগ কৰিব লাগে।৩) উৎসুকতা আৰু প্রয়োজনীয়তা এই দুয়োটা সামাজিক গৱেষণাৰ বাবে গুৰুত্বপূৰ্ণ অভিপ্ৰায় হোৱাটো বাঞ্চনীয় । (৪) সামাজিক ঘটনাবোৰৰ বোধশক্তি, বিশ্লেষণ আৰু ব্যাখ্যা সামাজিক গৱেষণাৰ পাছত প্ৰাথমিক অভিপ্ৰায়মূলক কাৰক হিচাপে থাকিব লাগে ।
No comments:
Post a Comment