দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: সমাজতত্ব

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label সমাজতত্ব. Show all posts
Showing posts with label সমাজতত্ব. Show all posts

Wednesday, January 1, 2025

সমাজ তত্ব

8:20 PM 0
প্রণালীগত পন্থাৰ সংজ্ঞা হ'ল-১) আৰ.এল. এককোফৰ মতে "প্রণালীগত পন্থা হ'ল কোনো সংহতিৰ আন্তঃসম্পৰ্ক আৰু পৰস্পৰ নিৰ্ভৰশীল উপাদান।"       (২) ক্ৰফ'ৰ্ড ৰ'বৰ মতে- "প্রণালী হ'ল কিছুমান উপাদানৰ প্ৰণালীগত সংগঠন যিয়ে এককভাৱে কাম কৰে।"                                                                 প্রণালীগত পন্থা বা অভিগমন হ'ল এনে এক প্রক্রিয়া, যি প্রক্রিয়াত কোনো শৈক্ষিক কার্যাসূচী ফলপ্রসূভাৱে রূপায়িত কৰিবলৈ প্রণালীবদ্ধাভাবে নিদ্দের্শনায়ক। প্রযুক্তিবিদ্যা প্ৰয়োগ কৰা হয়।                                
প্রণালীগত পন্থাৰ বৈশিষ্ট্যসমূহ হ'ল-                             (১) প্রণালীগত পন্থাত অন্তর্ভুক্ত হৈ থকা উপাদানসমূহ পাৰস্পৰিক সম্পৰ্কযুক্ত, পৰস্পৰ স্বাধীন আৰু ক্রিয়াশীল।                                                               (২) প্রণালীগত পন্থাৰ প্ৰতিটো পদ্ধতিৰ কিছুমান উপ-পদ্ধতিও আছে।                                                         (৩) প্রণালীগত পন্থাৰ বিভিন্ন অংশসমূহৰ সমষ্টিতকৈ ইয়াৰ সামগ্রিক অৱস্থা অতি গুৰুত্বপূর্ণ।                        (৪) প্রণালীগত পন্থাৰ প্ৰতিটো উপ-পদ্ধতিয়েই সামগ্রিক অৱস্থাৰ লগত সম্পর্কযুক্ত।                                        (৫) প্রণালীগত পন্থাৰ বিভিন্ন অংশসমূহৰ সমষ্টিতকৈ ইয়াৰ সামগ্রিক অৱস্থা অধিক গুৰুত্বপূর্ণ।                    (৬) প্রণালীগত পন্থাসমূহ সদায় নিৰ্ধাৰিত উদ্দেশ্যৰদ্বাৰা পৰিচালিত হয়।                                                        
 (৭) প্রণালীগত পন্থাসমূহৰ যোগেদি বিভিন্ন কাৰ্যৰ সামগ্রিক মূল্যায়ন কৰা হয়। শিকন শিক্ষণ প্রক্রিয়াত প্রণালীগত পন্থাৰ ছটা পর্যায় দেখা যায়। সেয়া হ'ল-     (ক) শিক্ষার্থীৰ প্ৰাৰম্ভিক আচৰণ:- এই পর্যায়ত শিক্ষাগ্রহণৰ বাবে নামভৰ্ত্তিৰ সময়ত শিক্ষার্থীৰ পূর্ব জ্ঞান-অভিজ্ঞতা আৰু কৌশলৰ বুজ লোৱা হয়। (খ)আচৰণমূলক ৰূপত উদ্দেশ্য নিৰ্ধাৰণ: এই পর্যায়ৰ শিক্ষার্থীৰ আচৰণমূলক ৰূপত শিক্ষাৰ উদ্দেশ্য গঠন কৰা হয়।                                                                  

(গ) যথোপযুক্ত পদ্ধতিৰ বাচনি: উদ্দেশ্য নির্ধাৰণ আৰু গঠন কৰাৰ পিচত শিক্ষণ পদ্ধতিব বাচনি কৰা হয়।  

 (ঘ) পাঠ্যসূচীৰ প্রয়োগ:শিক্ষাৰ লক্ষ্যত উপনীত হ'বৰ বাবে এই পর্যায়ত শিক্ষার্থীসকলৰ বাবে নির্ধাৰিত পাঠ্যসূচীৰ প্রয়োগ কৰা হয়।                                       

(ঙ) শিক্ষার্থীৰ বাবে শিকন অভিজ্ঞতা প্রস্তুত কৰা:  শিকন অভিজ্ঞতাৰ নিৰ্বাচনে শিক্ষার্থীক বাঞ্চিত আচৰণ অনুশীলন কৰাৰ সুযোগ নিশ্চিত কৰে আৰু উপযুক্ত পৰিৱেশ সৃষ্টি কৰে। ইয়াত শিক্ষার্থীয়ে সমস্যা সমাধানৰ বাবে বিষয়বস্তুটো বুজি উঠাৰ লগতে বিশ্লেষণাত্মক চিন্তন ক্ষমতাৰো বিকাশ সাধন কৰে।                          
 (চ) মূল্যায়ন: এনে ব্যবস্থাই পাঠসূচী প্রস্তুতকাৰকক সামগ্রিক পদ্ধতিটোৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে।






প্রণালীগত পন্থাত এজন শিক্ষকে নিম্নোক্ত ভূমিকা গ্রহণ কৰা উচিত----  
(১)শিক্ষণ পদ্ধতিৰ প্ৰাৰম্ভিক আচৰণক পুংখানুপংখকৈ পৰিমাপন কৰা। 
(২) শিক্ষণীয় বিষয়বস্তু সম্পৰ্কীয় তথাসমূহ সংগ্ৰহ কৰা। (৩)শিক্ষণীয় কার্যসূচীৰ উদ্দেশ্যসমূহ বিশ্লেষণ কৰা।(৪)শিকন উদ্দেশ্যক বিশ্লেষণ কৰি সুসংজ্ঞাবদ্ধ শিকন কার্যত পৰিণত কৰিবলৈ চেষ্টা কৰা।
(৫) শিক্ষণীয় বিষবস্তু সম্পৰ্কীয় তথ্যসমূহ সংগ্ৰহ কৰাত এজন দক্ষ শিক্ষকে কৃপণালি নকৰা।
(৬)শিক্ষক, শিক্ষার্থী উভয়ৰে আকাংক্ষিত লক্ষ্যস্থানত উপনীত হ'বৰ বাবে একোজন দক্ষ শিক্ষকে শিক্ষণীয় বিকল্প মাধ্যম সম্পর্কেও চিন্তা কৰে। 
(৭) সঠিক দিশত নির্ধাৰিত শিক্ষণীয় কাৰ্যসূচীৰ উদ্দেশ্যসমূহ বিশ্লেষণ কৰে। 

(৮)বিভিন্ন কৌশল, প্রক্রিয়া আৰু উপকৌশলসমূহৰ সম্পৰ্কে আলোচনা কৰা।

(৯) বিভিন্ন কর্ম আঁচনি প্রস্তুত কৰি শিক্ষণ পদ্ধতিক অধিক সজীৱ আৰু সক্রিয় কৰি ৰাখিবলৈ যত্ন কৰে।

(১০)শিক্ষার্থীৰ উপযুক্ত সহাঁৰিৰ তথ্যসমূহ উদ্দেশ্য প্রনোদিতভাৱে প্রণালীবদ্ধাভাৱে সংগ্ৰহ কৰি ৰাখে।

(১১) সহাঁৰি নাইবা প্রতিপুষ্টিৰ ওপৰত ভিত্তি কৰিয়েই কেতিয়াবা প্রয়োজনবোধক শিক্ষণ পদ্ধতিৰ উপকৌশল আৰু প্ৰক্ৰিয়াসমূহৰ সংশোধন ঘটাবলৈ চেষ্টা কৰে।

(১২) পৰিৱৰ্তিত পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষার্থীৰে পৰিবৰ্তনীয় আচৰণক প্ৰাৰম্ভিক আচৰণৰ সৈতে তুলনা কৰি শিক্ষণ পদ্ধতিৰ ফলপ্ৰসূতা পৰিমাপন কৰিবলৈ চেষ্টা কৰে।

(১৩) শিক্ষার্থীৰ প্রয়োজনীয়তাৰ ওপৰত লক্ষ্য ৰাখি প্রণালীবদ্ধ শিক্ষণ পদ্ধতি তৈয়াৰ কৰিবলৈ যত্ন কৰে।           
              
প্রণালীগত পন্থাৰ বিভিন্ন স্তৰসমূহ হ'ল-                    (১)শিক্ষণীয় উদ্দেশ্য চিহ্নিতকৰণ: এই স্তৰত  শিক্ষণীয় বিষয়ৰ উদ্দেশ্যসমূহ সঠিকভাৱে শিক্ষাৰ্থীৰ  বয়স,  মানদণ্ড আৰু স্তৰ অনুযায়ী  নিৰ্বাচন  কৰি  শিক্ষাদান কৰা  ব্যৱস্থা  কৰা  হয়  ।

(2) শিক্ষণকার্যৰ বিশ্লেষণ:  এই স্তৰত  শিক্ষণীয়  বিষয়বস্তুক বিশ্লেষণ কৰি শিক্ষণীয় বিষয়বস্তুৰ সমস্যা  সম্পৰ্কে  সঠিক  জ্ঞান  লাভ কৰাৰ  প্ৰচেষ্টা  কৰা  হয় । 

(৩)পৰিস্থিতি বিশ্লেষণ : এই স্তৰত  শিক্ষাৰ্থীৰ উপযোগী  শিক্ষামূলক নিৰ্দেশনা তৈয়াৰ কৰিবৰ বাবে শিক্ষাৰ্থীৰ বৈশিষ্ট্য নিৰ্ণয়  কৰা হয় ।  

(৪)উপযুক্ত পৰিচালনা ব্যৱস্থা : এই স্তৰত উপযুক্ত  পৰিচালনা ব্যৱস্থাৰ দ্বাৰা এটা বিষয়ৰ পাঠ পৰিচালনাৰ দায়িত্ব  একাধিক  শিক্ষকৰ মাজত দিয়া  হয় ।

(৫) উদ্দেশ্যৰ প্রত্যক্ষণ আৰু উপলব্ধি : এই স্তৰত শিক্ষণৰ প্ৰান্তীয় আৰু সামৰ্থমূলক উদ্দেশ্য ভালদৰে  প্ৰত্যক্ষণ আৰু উপলব্ধি  কৰাত  গুৰুত্ব  দিয়া হয় ।

(৬) উদ্দেশ্যে  অৰ্জন কৰাৰ কার্যকাৰিতাৰ মূল্যায়ন:  শিক্ষাৰ্থীৰ শিকন অভিজ্ঞতা, প্ৰাসঙ্গিকতা, নিৰ্ধাৰিত জ্ঞান  অৰ্জনৰ ক্ষমতা ইত্যাদিৰ ওপৰত গুৰুত্ব ৰাখি উদ্দেশ্য অৰ্জন কৰাৰ কাৰ্যকাৰিতাৰ মূল্যায়ন কৰাটো অতি  প্ৰয়োজন ।

 (৭) প্রয়োজনীয় উৎস সম্পর্কে অনুসন্ধান: এই স্তৰত  শিক্ষাদানৰ  প্ৰয়োজনীয় উৎসসমূহ  ,যেনে- পৰিৱেশ  , মানৱ-সম্পদ, আৰ্থিক,  প্ৰযুক্তি  ইত্যাদি  স্থিৰ  কৰা হয় ।     
(৮) শিক্ষণ-পদ্ধতি নির্ধাৰণ : শিক্ষণ-শিকন প্রক্রিয়াক ফলপ্রসূ আৰু শিক্ষার্থীসকলৰ শিক্ষণ অভিজ্ঞতাক কাৰ্যকৰী কৰি তুলিবলৈ উপযুক্ত শিক্ষা পদ্ধতি নির্ধাৰণ কৰা হয়।  

(৯)খচৰা পৰিকল্পনা প্রস্তুত :এই স্তৰত শিক্ষাদানৰ উৎস আৰু পদ্ধতিসমূহ  কেনেদৰে প্ৰয়োগ কৰিব পৰা  যাব সেই বিষয়ে এটি  খচৰা পৰিকল্পনা প্ৰস্তুত কৰা হয় । 

(১০)খচৰা পৰিকল্পনা প্রয়োগ : এই স্তৰত প্ৰস্তুত খচৰাক এডল  নিৰ্বাচিত স্থানীয়  শিক্ষাৰ্থীৰ  ওপৰত প্ৰয়োগ কৰি ইয়াৰ  কাৰ্যকাৰিতা, সুবিধা  আৰু  অসুবিধাসমূহ নিৰ্ণয় কৰা হয় । 

(১১) ফলাফল বিশ্লেষণ : ফলাফল বিশ্লেষণৰ ওপৰত ভিত্তি কৰিয়েই প্রতিটো স্তৰৰ মূল্যায়ন কৰাৰ লগতে খচৰা পৰিকল্পনাৰ কোনো পৰিৱৰ্তনৰ প্রয়োজনীয়তা আছেনে নাই তাক নির্ধাৰণ কৰা হয়।

(১২) প্রয়োগ আৰু পুনঃ প্রয়োগ : এই স্তৰত নতুন নির্দেশমূলক পৰিকল্পনাৰ তৈয়াৰ কৰা হয়। এনেদৰে পুন: পুন: মূল্যায়নৰ জৰিয়তে নতুন পৰিকল্পনাক এক উৎকৃষ্ট নিদ্দের্শনামূলক পৰিকল্পনাৰূপে গৃহীত হয়। ফলত প্রয়োগ আৰু আৰু পুন:প্ৰয়োগৰ জৰিয়তে প্ৰণালীগত পন্থাত নির্দেশনা দান প্রক্রিয়াই এক নিখুঁত ৰূপ লাভ কৰিবলৈ সক্ষম হয়। 






প্রণালীগত পন্থাৰ সুবিধাসমূহ:   
 (১) শিক্ষাৰ ক্ষেত্ৰত বাঞ্চিত পৰিৱৰ্তন  সাধিবলৈ গ্রহণ কৰা পৰিকল্পনাত এক ধাৰণামূলক গাঁঠনি তৈয়াৰ কৰে।  
(২) শিক্ষাৰ লক্ষ্যত উপনীত হ'বৰ বাবে ব্যৱহহৃত সম্পদমূলক সামগ্রীসমূহৰ উপযুক্ততা নিধাৰণ কৰাত সহায় কৰে।

(৩) অবিৰত মূল্যায়নৰ সহায়ত শিক্ষার্থীয় বাঞ্চিত আচৰণ পৰিৱৰ্তন কৰাত সহায় কৰে। 

(৪) শিক্ষাৰ নির্দিষ্ট উদ্দেশ্যত উপনীত হ'বৰ বাবে ব্যৱহৃত সম্পদসমূহৰ চাহিদা, তাৰ উৎস আৰু আন সুযোগ-সুবিধাসমূহৰ পৰিমান, প্রয়োজন হোৱা সময় আৰু অন্যান্য দিশ নির্ধাৰণ কৰাত সহায় কৰে।

(৫) শিক্ষাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বৰ বাবে শিক্ষণ-শিকন প্রক্রিয়াত ব্যৱহৃত উন্নত প্রযুক্তিৰ যন্ত্রপাতি, মাধ্যম আৰু মানৱসম্পদ এই তিনিওটা দিশৰ মাজত উপযুক্ত সম্বন্ধ স্থাপন কৰাত সহায় কৰে।                    

(৬) শিক্ষার্থীৰ শিক্ষণ কার্য ফলপ্রসূ কৰি শিক্ষা প্ৰক্ৰিয়াৰ সফলতা আনিবৰ বাবে বিভিন্ন উপাদানসমূহৰ প্ৰণালীবদ্ধ আৰু সু শৃংখলিত উপস্থাপনত প্রণালীগত পন্থাই সহায় কৰে।
  
এটা প্রণালী সংগঠিত হ'বৰ কাৰণে প্রয়োজনীয় উপাদানমূহ হ'ল-
(১)শিক্ষাৰ উদ্দেশ্যসমূহ চিনাক্তকৰণ আৰু বিশ্লেষণ।

(২)বিভিন্ন শিক্ষণ সামগ্রী আৰু পদ্ধতি নির্বাচন (৩)শিক্ষার্থী 
 (৪) শিক্ষক  
(৫) শিক্ষণীয় বিষয় 
(৬)শিক্ষণ পৰিৱেশ
 (৭)শিক্ষণ কৌশল আৰু মাধ্যম 
(৮)গঠনমূলক আৰু সামগ্রিকভাবে মূল্যায়ন পৰিচালনা (৯) সঁহাৰি  
(১০) প্রয়োগ আৰু পুনঃপৰীক্ষণ।

Read More

Post Top Ad

Your Ad Spot