(১) জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকৰ চিত্ৰলেখা চৰিত্ৰটো ব্যাখ্যা আগবঢ়োৱা । ( ASOS ,2024 )
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকৰ এটি মনোৰম চৰিত্ৰ হৈছে চিত্ৰলেখা । চিত্ৰলেখা বাণাসুৰৰ মন্ত্ৰী কুম্ভাণ্ডৰ জীয়াৰী তথা ঊষাৰ সখীয়েক । সখী হিচাপে চিত্ৰলেখা ঊষাৰ অভিন্নহৃদয়া । সখীগত প্ৰাণা চিত্ৰলেখা মায়াবিদ্যাত পাৰদৰ্শী, চিত্ৰবিদ্যাত সুদক্ষতা, সংগীত বিদ্যাত পাৰ্গত, নৃত্যপটিয়সী আৰু কলা-কুশলী ।চিত্ৰলেখা ঊষা-অনিৰুদ্ধৰ মিলনদূতী ।
“শোণিত কুঁৱৰী “ নাটকখনিৰ আৰম্ভণিৰ পৰাই চিত্ৰলেখা চৰিত্ৰটো অপৰিহাৰ্য ৰূপে দেখা দিছে ।প্ৰথম অংকত বাণৰ ইচ্ছা অনুসৰি চিত্ৰলেখাই “পদুমকলি” নৃত্য প্ৰদৰ্শন কৰিছে ।ইয়াৰ যোগেদি চিত্ৰলেখা এগৰাকী নৃত্যকুশলী হিচাপে পৰিচিত হয়।তাৰ পাছত ঊষা আৰু আন আন সখীসকলৰ লগত চিত্ৰলেখাই ৰাংঢালী গাভৰুৰূপে ৰং-ধেমালি কৰিছে , ঠাট্টা-মস্কৰা কৰিছে , মনৰ আনন্দত নাচিছে আৰু গাইছে । আনহাতে, ঊষাক অগ্নিগড়ত নিৰ্বাসন দিয়াত অভিন্নহৃদয়া। চিত্ৰলেখাও ঊষাৰ সৈতে অগ্নিগড়ত থাকিবলৈ লৈছে ।চিত্ৰলেখা ঊষাৰ দুখত দুখী আৰু ঊষাৰ সুখত সুখী । সেইবাবে তাই ঊষাই যেতিয়াই নাচিবলৈ আৰু গাবলৈ কয় তেতিয়াই তাই ঊষাৰ আনন্দৰ বাবে নাচ-গান কৰে। উষাই সপোনৰ স্বামীক বাস্তৱত বিচাৰি নাপায় সাহাকাৰ কৰোঁতে চিত্ৰলেখাই ঊষাক বুজনি দি শেষত প্ৰাণসমা সখী ঊষাৰ সন্তুষ্টিৰ বাবে সপোণত দেখা স্বামীক বিচাৰি আনি দিম বুলি অংগীকাৰ কৰে। সেয়ে সপোনৰ স্বামীক চিনাক্ত কৰাৰ বাবে চিত্ৰলেখাই দেৱতা-দানৱ-মানৱ-কিন্নৰ কুমাৰসকলৰ চিত্ৰ ভূৰ্জপত্ৰত আঁকি দেখুওৱায়। ঊষাই অনিৰুদ্ধৰ চিত্ৰখন দেখা পাই চঞ্চল হৈ পৰিল আৰু লাজতে ওৰণিৰে মুখ ঢাকিলে ।এই ক্ষেত্ৰত চিত্ৰলেখাৰ পাৰদৰ্শিতা প্ৰকাশ পাইছে ।
চিত্ৰলেখাই ঊষাৰ মনোকামনা পূৰণৰ বাবে অনিৰুদ্ধক আনিবলৈ অকলে দ্বাৰাকালৈ গমন কৰে ।তাই দ্বাৰাকাত চিত্ৰ-বিক্ৰেতা বালকৰ ছদ্মবেশ ধাৰণ কৰি প্ৰৱেশ কৰে আৰু সুযোগ বুজি অনিৰুদ্ধৰ কাষ চাপে ।কৌশলেৰে চিত্ৰলেখাই অনিৰুদ্ধক ঊষাৰ ছবিখিনি দেখুৱাত ঊষাৰ চিত্ৰপট দেখি অনিৰুদ্ধ ব্যাকুল হৈ ঊষাৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ পৰে।চিত্ৰলেখাই নিজৰ পৰিচয় দি অনিৰুদ্ধক কয় যে ছবিখন শোণিতপুৰ ৰাজ্যৰ ৰজা বাণাসুৰৰ জীয়াৰী আৰু অনিৰুদ্ধৰ প্ৰণয়প্ৰাৰ্থী আৰু চিত্ৰলেখাই অনিৰুদ্ধক নিবলৈ দ্বাৰাকালৈ আহিছে ।অনিৰুদ্ধই চিত্ৰলেখাক নিজৰ পৰিচয় প্ৰমাণ কৰিবলৈ কোৱাত চিত্ৰলেখাই অসামান্য গীত-নৃত্য পৰিৱেশন কৰি অনিৰুদ্ধক পতিয়ন নিয়াইছিল ।অৱশেষত চিত্ৰলেখাই অনিৰুদ্ধক দ্বাৰকাৰ পৰা অগ্নিগড়লৈ আনি ঊষা আৰু অনিৰুদ্ধৰ মিলন ঘটায় আৰু চিত্ৰলেখাৰ পৌৰোহিত্যত দুয়োৰ মাজত গন্ধৰ্ব বিবাহ সম্পন্ন হয়।ইয়াত চিত্ৰলেখাৰ সাহসিকতাৰ এক অন্যতম পৰিচয় প্ৰকাশ ঘটিছে ।
এনেদৰে আলোচনা কৰিলে দেখা যায় যে চিত্ৰলেখা চৰিত্ৰটো ত্যাগৰ আদৰ্শৰে নিৰ্মিত ।এই চৰিত্ৰটোৰ মাজেৰে ত্যাগৰ মহানতা তথা উদাৰতা প্ৰকাশ পাইছে ।সখীয়েকৰ মনোকামনা পূৰণ আৰু সন্তুষ্টিৰ বাবে চিত্ৰলেখাই নিজৰ দুখ-বেজাৰ, বিপদ-আপদৰ কথা নাভাবি প্ৰকৃত সখীৰ কৰ্তব্য পালনত ব্ৰতী হৈছে ।নিঃস্বাৰ্থভাৱে এনে কৰ্তব্য পালন কৰা নাৰী চৰিত্ৰৰ সংখ্যা বৰ কম।নাটকখনিৰ সামৰণিত চকুলো মচি মচি অথচ আনন্দ মনেৰে সখীয়েক ঊষাক চিত্ৰলেখাই বিদায় দিছে ।নিজৰ দুখ ঢাকি ৰাখি আনৰ আনন্দৰ বাবে নিজকে বিলাই দিব পৰাতেই চিত্ৰলেখা চৰিত্ৰৰ মহত্ব প্ৰকাশ পাইছে ।
No comments:
Post a Comment