দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

LightBlog

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Saturday, December 9, 2023

উদ্যোগীকৰণ

10:22 PM 0
১) উদ্যোগীকৰণ সংজ্ঞা : কোনো বিশেষ অঞ্চলত অথবা নগৰ বা গ্ৰাম্য অঞ্চলত বিভিন্ন ধৰণৰ সৰু-ডাঙৰ কল-কাৰখানা প্ৰতিষ্ঠা হৈ সেই অঞ্চলত ক্ৰমান্বয়ে ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগ গঢ় লৈ উঠাৰ ফলত সমাজত বিভিন্ন দিশত পৰিৱৰ্তন হ’বলৈ ধৰে আৰু উদ্যোগক কেন্দ্ৰ কৰি বিভিন্ন নীতি-নিয়ম ইত্যাদিৰো প্ৰৱৰ্তন কৰিবলগীয়া হয়, এনে সমগ্ৰ  প্ৰক্ৰিয়াকে উদ্যোগীকৰণ বোলা হয় ।
ঔদ্যোগিকৰণৰ উপাদান :(ক) উপযুক্ত পৰিমাণৰ মূলধন :এটা উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ বাবে যথেষ্ট মূলধন অর্থাৎ টকা পইচাৰ প্রয়োজন। কোনো এটা অঞ্চলত উদ্যোগ প্রতিষ্ঠা হোৱাৰ সম্ভাৱনা থাকিলেও মূলধনৰ অভাৱৰ বাবে উদ্যোগ প্রতিষ্ঠা নোহোৱাকৈ থাকি যায়। পৃথিৱীৰ অনুন্নত দেশবিলাকত এতিয়াও ঔদ্যোগিকৰণত পিছ পৰি থকাৰ মূল কাৰণতো হৈছে মূলধনৰ অভাৱ।খ) উপযুক্ত পৰিমাণৰ কেঁচামাল : এটা উদ্যোগৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় আন এটা উপাদান হ’ল কেঁচামাল।সেয়ে যিটো অঞ্চলত উপযুক্ত পৰিমাণৰ কেঁচামাল পোৱা যায় সেই অঞ্চলতে এটা নির্দিষ্ট উদ্যোগ গঢ় লৈ উঠে।উদাহৰণস্বৰূপে, যি অঞ্চলত মৰাপাটৰ উৎপাদন বেছি সেই অঞ্চলত মৰাপাটৰ পৰা প্ৰস্তুত কৰা সামগ্রী উদ্যোগ গঢ় লৈ উঠে ।
 (গ) উপযুক্ত পৰিমাণৰ শ্ৰমিক :এটা উদ্যোগৰ মূল চালিকা শক্তিটো হৈছে শ্রমিক। শ্ৰমৰ অবিহনে কেতিয়াও উৎপাদন কার্য কৰিব পৰা নেযায়। উদ্যোগ পৰিচালনা আৰু উৎপাদন কাৰ্যৰ বাবে কাৰিকৰী গুণসম্পন্ন শ্ৰমিকৰ প্ৰয়োজন।উদ্যোগৰ কেঁচামাল যোগান ধৰাৰ পৰা বস্তু উৎপাদন কৰালৈকে সকলো কাম শ্ৰমিকৰ দ্বাৰাই কৰা হয়।যি স্থানত উদ্যোগ স্থাপন হ'ব সেই স্থানত উপযুক্ত পৰিমাণৰ শ্ৰমিক পাব লাগিব।শ্ৰমিকৰ যদি অভাৱ ঘটে বা উপযুক্ত গুণসম্পন্ন যদিহে শ্রমিক পোৱা নাযায় তেন্তে উৎপাদন কার্যত ব্যাঘাত জন্মিব।গতিকে উদ্যোগৰ বাবে প্রয়োজনীয় শ্রমিক সহজলভ্য হ'ব লাগিব।
(ঘ)যাতায়াত আৰু যোগাযোগৰ সুবিধা: যাতায়াত আৰু যোগাযোগৰ সুবিধা থকা স্থানতহে উদ্যোগ প্রতিষ্ঠা হ'ব পাৰে। উদ্যোগৰ বাবে কেঁচামাল অনা, উৎপাদিত সামগ্রী অনা-নিয়া কৰা, শ্রমিক অহা-যোৱা কৰা ইত্যাদিবিলাকৰ বাবে উপযুক্ত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ প্রয়োজন। যাতায়াত আৰু যোগাযোগবিহীন ঠাইত কেতিয়াও উদ্যোগ স্থাপন কৰিব পৰা নেযায়।
ঙ) বজাৰৰ সুবিধা: উদ্যোগৰ বাবে অতি প্রয়োজনীয় দিশটো হ'ল বজাৰৰ সুবিধা। উদ্যোগত বস্তু উৎপাদন কৰিলেই নহ'ব, উৎপাদিত বস্তু বিক্ৰী কৰিবৰ বাবে উপযুক্ত বজাৰৰ সুবিধা থাকিব লাগিব। ইয়াৰ বাদেও উদ্যোগত কাম কৰিবৰ বাবে বহু মানুহ বহু ঠাইৰ পৰা আহে। তেওঁলোকৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীখিনি যোগান ধৰিবলৈ বজাৰ গঢ়ি উঠিব লাগিব। সেয়েহে বর্তমান সময়ত য'তেই উদ্যোগ প্রতিষ্ঠা হৈছে ত'তেই বজাৰ গঢ় লৈ উঠিছে।
 কৃষক আৰু ঔদ্যোগিক সমাজৰ পার্থক্যসমূহ : (ক) কৃষক সমাজৰ জীৱিকা নিৰ্বাহৰ ভৰসা হ'ল কৃষি। ঠাই বিশেষে মৎস্য পালন, পশু পালন আদি বৃত্তি থাকিলেও ইয়াৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'ব পৰা নাই। অন্যহাতে ঔদ্যোগিক সমাজৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ বাবে এনে বৃত্তিৰ সুবিধা আছে। উদ্যোগ, কলকাৰখানাই সৃষ্টি কৰা বৃত্তিৰ পৰা আৰম্ভ কৰি ব্যৱসায় বাণিজ্যলৈকে অনেক বৃত্তি গ্ৰহণৰ সুবিধা আছে।(খ) কৃষক সমাজৰ লোকসকলে পৰম্পৰা নিৰ্ভৰশীলতাৰে জীৱন নিৰ্বাহ কৰে। তেওঁলোকৰ মাজত জীৱন নির্বাহ প্রণালী, হাঁহি-কান্দোন, আবেগ-অনুভূতি আদিত সৰলতা আৰু একতা প্রকাশ পায়। অন্যহাতে ঔদ্যোগিক সমাজলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ বৃত্তি অৱলম্বনৰ বাবে আহে। গতিকে তেওঁলোকৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা দেখা নেযায়। সৰলতাৰ পৰিৱৰ্তে জটিলতা আৰু বৈসাদৃশ্যহে দেখা যায়।
 (গ) কৃষক সমাজৰ এটা প্রধান বৈশিষ্ট্য যুটীয়া পৰিয়াল ব্যৱস্থা। কৃষক সমাজৰ যুটীয়া পৰিয়ালে কৃষি কাৰ্যৰ উপৰিও ধর্মীয় কাৰ্য, সামাজিক কার্য সম্পাদন কৰি পৰিয়ালৰ সকলো সদস্যৰ বাবে নিৰাপত্তা প্রদান কৰে আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাৰে কাৰ্য সম্পাদন কৰে। সাংস্কৃতিক ধাৰাবাহিকতাও এই পৰিয়ালে ৰক্ষা কৰে। কিন্তু ঔদ্যোগিক সমাজত একক পৰিয়ালহে দেখা যায়। ব্যক্তিৰ কর্মব্যস্ততা, বৃত্তিৰ ভিন্নতা, বাসগৃহৰ নাটনি, বস্তুৰ চৰাদাম আদিৰ বাবে যৌথ পৰিয়াল পাতি বসবাস কৰাটো সম্ভৱ নহয়।(ঘ) কৃষক সমাজৰ অৰ্থনীতি এতিয়াও ভৰণ-পোষণৰ অৰ্থনীতি হিচাপে আখ্যা দিব পাৰি। কিয়নো কৃষক সমাজে নিজৰ প্ৰয়োজনীয় বস্তুখিনি নিজে কৃষি কৰ্মৰ জৰিয়তে উৎপাদন কৰি লোৱাতহে গুৰুত্ব দিয়ে। ব্যৱসায় ভিত্তিত কৃষি উৎপাদনৰ গুৰুত্ব কম। অন্যহাতে যান্ত্রিক অর্থনৈতিক বিকাশে ঔদ্যোগিক সমাজৰ অর্থনীতি ক্রয়-বিক্রয়ৰ অৰ্থনীতি হিচাপে গঢ় দিছে। এই সমাজৰ মানুহে যিকোনো প্ৰকাৰে অৰ্থনীতি টনকীয়াল কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই থাকে।
(ঙ) কৃষক সমাজত সৰল প্ৰকৃতিৰ শ্রমবিভাজন দেখা যায়। এই সমাজত কৃষি উৎপাদন কার্যত জড়িত লোকসকলৰ মাজত যি শ্রমবিভাজন হয় সেয়া অতি সৰল আৰু পোনপটীয়া। এই সমাজৰ শ্রমবিভাজন স্পষ্ট আৰু নিৰ্দ্ধাৰিত নহয়। পুরুষ, তিৰোতা, বয়স, নিম্ন বয়স্ক সকলো মানুহেই কৃষি কাৰ্যৰ লগত জড়িত হোৱা দেখা যায়। কিন্তু ঔদ্যোগিক সমাজত জটিল প্ৰকৃতিৰ শ্রমবিভাজন দেখা যায়। যিহেতু ঔদ্যোগিক সমাজত নানাধৰণৰ উদ্যোগ, কলকাৰখানা, ব্যৱসায়- বাণিজ্য গঢ় লৈ উঠাৰ বাবে উৎপাদন কার্যত শ্রমবিভাজন অত্যন্ত প্রয়োজনীয় হৈ পৰে। বৃহৎ উদ্যোগত কাম কৰা শ্ৰমিকসকলে উৎপাদন কাৰ্যৰ বিশেষ এটা অংশহে সম্পাদন কৰে সেয়েহে যিকোনো এটা উৎপাদিত বস্তুৰ উৎপাদন কৌশলত জটিলতা বিৰাজমান। শ্রমিকসকলে যিটো কাম কৰে সেই কামৰ বাবে বিশেষ অৰ্হতাৰ প্ৰয়োজন। অর্হতাসম্পন্ন ব্যক্তি নির্দিষ্ট কামটোতেই ব্যস্ত থাকে। ঔদ্যোগিক সমাজত শ্রমবিভাজনৰ নিৰ্দ্ধাৰিত নীতি অনুসৰি উদ্যোগ প্ৰতিষ্ঠানৰ কামকাজ কৰা হয় ববে বিশেষীকৰণ প্ৰক্ৰিয়াৰো উদ্ভৱ হয়।
(চ) কৃষক সমাজে পৌৰাণিকতাৰ পৰিচয় দাঙি ধৰে। এই সমাজৰ মানুহৰ মাজত এতিয়াও পৌৰাণিক ধ্যান-ধাৰণা, বিশ্বাস আদি বিৰাজমান। অন্ধবিশ্বাস, কু-প্রথা, ভাগ্যবাদিতা, জাতিপ্রথা আদি এই সমাজৰ মাজত এতিয়াও দেখা যায়। কিন্তু ঔদ্যোগিক সমাজে আধুনিকতাৰ পৰিচয় বহন কৰে। এই সমাজ যান্ত্রিক সভ্যতাৰ লগত সম্পর্কিত। নতুন নতুন উদ্ভাৱন কৌশলৰ জৰিয়তে আধুনিক আৰ্হিৰ যিকোনো সামগ্রী উৎপাদন কৰি লাভাংশৰ পৰিমাণ বৃদ্ধি কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই থকা দেখা যায়। লাভাংশ বৃদ্ধিৰ চিন্তা-চৰ্চাই নতুন নতুন উদ্যোগ, কলকাৰখানা সৃষ্টি অৰিহণা যোগাইছে।
(ছ) কৃষক সমাজ সলৰ প্ৰকৃতিৰ দৈনন্দিন জীৱন-নির্বাহ প্রণালী, খাদ্যাভ্যাস, সাজ-পোছাক, চিন্তা-চর্চা, উৎসৱ-পাৰ্বন আদি সকলোতে সমৰূপতা প্রকাশ পায়। ইয়ে সহজ সৰলতাৰ পৰিচয় বহন কৰে। কিন্তু ঔদ্যোগিক সমাজ ব্যস্ততাপূর্ণ, ব্যক্তিকেন্দ্রিক আৰু জটিল। এই সমাজত ব্যক্তি অহৰহ নিজৰ কৰ্মক লৈ ব্যস্ত। অৱসৰ বিনোদনৰ বাবে সময়ৰ অভাৱ। অধিক কর্মব্যস্ততাই সমাজ জীৱন নিৰ্বাহ প্রণালীক জটিল কৰি তোলে।
(জ)কৃষক সমাজে অবস্তুবাদী বা অভৌতিক সংস্কৃতিৰ পৰিচয় বহন কৰে। কৃষক সমাজৰ ৰীতি-নীতি, চাল-চলন, ধর্মীয় বিশ্বাস, সামাজিক প্রথা, উৎসৱ পাৰ্বন আদিৰ মাজেদি অবস্তুবাদী সংস্কৃতিৰ পৰিচয় প্রকাশ পায়। অন্যহাতে যান্ত্রিকতাই ঔদ্যোগিক সমাজৰ পৰিচয় বহন কৰে। এই সমাজৰ দৈনন্দিন জীৱনৰ প্ৰতিটো দিশতে যান্ত্রিকতাৰ প্ৰভাৱেই বেছি। সেয়েহে এই সমাজে বস্তুবাদী সংস্কৃতি পৰিচয় বহন কৰে।

উদ্যোগিক সমাজ : ঔদ্যোগিক অঞ্চলত শতকৰা ৭৫% ভাগতকৈ অধিক সংখ্যক লোকে ঔদ্যোগিক উৎপাদন আৰু বিতৰণৰ কামত আত্মনিয়োগ কৰি জীৱন নিৰ্বাহ কৰি থাকে।এনে লোকৰ দ্বাৰা যি সমাজ গঠিত হয়, সেই সমাজকে ঔদ্যোগিক সমাজ বুলি কোৱা হয় । এই সমাজ উদ্যোগ, কল-কাৰখানাক কেন্দ্ৰ কৰি বৰ্তি থাকে ।উদ্যোগীকৰণ ফলস্বৰূপে এই সমাজ সৃষ্টি হয়।আধুনিক বিশ্বৰ প্ৰায় মানৱ সমাজেই ঔদ্যোগিক সমাজলৈ ৰূপান্তৰিত হৈছে।একালৰ গ্ৰাম্য আৰু কৃষিভিত্তিক সমাজেও সম্প্ৰতি ঔদ্যোগিক সমাজৰ ৰূপ গ্ৰহণ কৰিছে ।
 উদ্যোগিক সমাজৰ বৈশিষ্ট্য
ক) যান্ত্ৰিক নিৰ্ভৰশীলতা: ঔদ্যোগিক সমাজৰ প্ৰধান বৈশিষ্ট্য হৈছে যান্ত্রিক নির্ভৰশীলতা। মানুহৰ জীৱন নিৰ্বাহ প্ৰণালীৰ প্ৰতিটো ক্ষেত্ৰতে যন্ত্ৰৰ প্ৰভাৱ দেখা যায়। ক্ষুদ্ৰৰ পৰা বৃহৎ উদ্যোগ, কলকাৰখানা গঢ়ি তোলা হয় আৰু ইয়াৰ জৰিয়তে উৎপাদন কার্য সম্পাদন হয়। উৎপাদন কার্যত সকলো মানুহেই জড়িত হ'ব লগা হয়। দিনে ৰাতিয়ে উদ্যোগৰ উৎপাদন কার্য চলি থাকে। উৎপাদন কার্য চলি থাকিলেহে শ্রমিকে মজুৰি পাব। গতিকে ঔদ্যোগিক সমাজ সম্পূৰ্ণ যান্ত্রিকতাৰ ওপৰত নিৰ্ভৰশীল।                                       
  (খ)  জীৱিকাৰ পথঃ ঔদ্যোগিক সমাজৰ জীৱিকাৰ পথ হৈছে উদ্যোগত কাম কৰি জীৱন নির্বাহ কৰা, পুঁজি বিনিয়োগ কৰা, উৎপাদনৰ কাম পৰিকল্পনা আৰু পৰিচালনা কৰা, যন্ত্রপাতি চলোৱা, উৎপাদিত সামগ্ৰী বজাৰত বিতৰণ কৰা আৰু সেইবোৰৰ পৰা ব্যৱসায়-বাণিজ্য কৰা আদি। এনেধৰণৰ কামৰ জৰিয়তে ঔদ্যোগিক সমাজৰ মানুহে টকা-পইচা উপাৰ্জন কৰি জীৱিকা নিৰ্বাহ কৰে।
 গ)উৎপাদন প্রক্রিয়া:  ঔদ্যোগিক সমাজত উৎপাদন প্রক্রিয়া যন্ত্ৰৰ সহায়ত কৰা হয়। শাৰীৰিক শ্ৰম আৰু জন্তুৰ ব্যৱহাৰ লাঘৱ হৈ পৰে। উৎপাদন প্ৰক্ৰিয়াৰ সকলো কাম সাধাৰণতে যন্ত্ৰৰ সহায়তহে কৰা হয়। যন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই এই সমাজ চলি থাকে।                                                                                                                                                                                            ঘ) শিক্ষাৰ প্ৰয়োজনীয়তা : ঔদ্যোগিক সমাজৰ শ্ৰমিকসকলৰ কাৰিকৰী জ্ঞান আৰু দক্ষতাৰ বিশেষ প্রয়োজন।উদ্যোগ পৰিচালনা আৰু উৎপাদন কার্যত বিশেষ কাৰিকৰী জ্ঞান থকা মানুহৰ দৰকাৰ।ব্যৱসায় বাণিজ্য বা অন্যান্য ঔদ্যোগিক কামকাজৰ বাবে শিক্ষাৰ প্রয়োজন।সেইবাবে এই সমাজৰ সকলো মানুহেই বিশেষ বিশেষ শিক্ষাৰে শিক্ষিত।                                    ঙ)বৃত্তিৰ ভিন্নতা: ঔদ্যোগিক সমাজৰ বিভিন্ন বৃত্তিধাৰী লোক থকা দেখা যায়। উদ্যোগ,কল-কাৰখানাৰ উৎপাদন কাৰ্যত বিভিন্ন কামৰ বাবে বিভিন্ন কাৰিকৰী জ্ঞান আৰু দক্ষতা থকা লোকক নিযুক্তি দিয়াত ভিন্ন বৃত্তি সৃষ্টি হয়। তদুপৰি, এনে সমাজত ব্যৱসায়-বাণিজ্যৰ লগত আৰু যাতায়ত ব্যবস্থাৰ লগত জড়িত ভিন্ন বৃত্তি লোকক থাকে।     
 (চ) ব্যাপক শ্রমবিভাজন: উদ্যোগ প্রতিস্থানত বিভিন্ন কামৰ বাবে বিভিন্ন অর্হতা থকা মানুহ নিয়োগ কৰিব লগা হয়। ফলত শ্রমবিভাজন ব্যাপক আৰু বিস্তৃত কৰিবলগীয়া হয়।এই সমাজত শ্রমবিভাজন জাতি, ধর্ম, লিঙ্গ আদিৰ ওপৰত নিৰ্ভৰ নকৰি শিক্ষা,অৰ্হতা, দক্ষতা আদিৰ ওপৰতহে নিৰ্ভৰ কৰে।                       (ছ) ঘন জনবসতিঃ ঔদ্যোগিক অঞ্চলত জনবসতিৰ ঘনত্ব অতি বেছি। যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ সুবিধা, বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান, বৃত্তি আৰু অৰ্থনৈতিক উন্নয়নৰ আশা-আকাংক্ষাই মানুহক উদ্যোগমুখী কৰি তোলাত অৰিহণা যোগায়। এটা উদ্যোগৰ উৎপাদন কাৰ্যৰ লগত বহু মানুহ জৰিত হৈ থকাৰ বাবে একে একে ঠাইতে বহু মানুহ বসবাস কৰিব লগা হয়। ইয়াৰ বাদেও ব্যৱসায়-বাণিজ্য আৰু অন্যান্য বৃত্তি অৱলম্বনৰ বাবেও বহু মানুহ ঔদ্যোগিক অঞ্চলত বসবাস কৰাৰ বাবে ঘন জনবসতি হোৱা দেখা যায় ।                                                                        ( জ )  একক পৰিয়াল:ঔদ্যোগিক সমাজৰ পৰিয়াল স্বাভাৱিকতেই একক প্ৰকৃতিৰ। ঔদ্যোগিক কামবোৰত এজন এজন ব্যক্তি ব্যক্তিগতভাৱে নিয়োজিত হ'বলগীয়া হয়। একেটা পৰিয়ালৰ ব্যক্তিসকলে বেলেগ বেলেগ কামত বা ব্যৱসায় বাণিজ্যত বা অন্য ঠাইত বেলেগ উদ্যোগত কাম কৰিবলগা হয়। ফলত স্বাভাৱিকতেই একক পৰিয়াল পাতি বসবাস কৰিবলগা হয়।                                                             
  (ঝ)সামাজিক সমূহ আৰু সংগঠন: ঔদ্যোগিক সমাজত বিভিন্নসমূহ আৰু সংগঠন গঢ় লোৱা দেখা যায়।এই সমাজত দ্বিতীয়ক সমূহৰে প্রাধান্য বেছি।এনে সমাজত বিভিন্ন মানুহে বিভিন্ন সংগঠনৰ লগত নিজকে জড়িত কৰি ৰাখে। প্রত্যেকটো বৃত্তিৰ মানুহে নিজৰ নিজৰ সংগঠনত জড়িত হৈ থাকে। যেনে শ্রমিক সন্থা, ব্যৱসায়িক সন্থা,মালিক সন্থা, আমোলা সন্থা আদি। প্রত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ স্বাৰ্থ পৰিপূৰণ কৰিবৰ বাবে বিভিন্ন সংগঠনত জড়িত হয় আৰু সংগঠনৰ জৰিয়তে দ্বিতীয়ক সমূহৰ সৃষ্টি হয়।ইয়াত প্ৰাথমিক সম্বন্ধৰ লাহে লাহে কমি যায়। 
(ঞ) শ্রেণীবিভাজন:ঔদ্যোগিক সমাজত শ্রমবিভাজন অধিক। একেটা উদ্যোগতে বিভিন্ন বৃত্তিধাৰী লোকক প্ৰয়োজন হোৱাত প্ৰত্যেকৰে মাজত শ্ৰম বিভাজিত হয়।           
 (ট) ভিন্ন সংস্কৃতি:ঔদ্যোগিক সমাজত বিভিন্ন ভাষা-ভাষী,ধৰ্মাৱলম্বী, অনেক ঠাইৰ বিভিন্ন জনগোষ্ঠীৰ মানুহে একেলগে বাস কৰে। তেওঁলোকৰ প্ৰত্যেকৰে নিজা নিজা সংস্কৃতি আছে। গতিকে এই সমাজত বিভিন্ন ৰূপৰ সংস্কৃতি দেখিবলৈ পোৱা যায়। 
ঠ) সামাজিক গতিশীলতা:  ঔদ্যোগিক সমাজত সামাজিক গতিশীলতাৰ যথেষ্ট পৰিসৰ থাকে। যিহেতু এই সমাজত মানুহৰ প্ৰস্থিতি গুণগত। মানুহে নিজৰ চেষ্টা বা অৰ্হতাৰ জৰিয়তে উচ্চপদস্থ বৃত্তিত আত্মনিয়োগ কৰি নিজৰ প্ৰস্থিতি প্ৰধানকৈ উন্নত কৰি ল'ব পাৰে।
সামাজিক জীৱনত উদ্যোগীকৰণৰ ফলাফল: উদ্যোগীকৰণে সমাজ জীৱনত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। ইয়াৰ ফলাফল কিছুমান তলত উল্লেখ কৰা হ'ল।ক) জনসংখ্যা বৃদ্ধিঃ উদ্যোগত কাম কৰিবলৈ বহুসংখ্যক কৰ্মচাৰী তথা শ্ৰমিকৰ আগমন হয়।ফলত উদ্যোগিক অঞ্চলত জনসংখ্যা বৃদ্ধি হয়।খ)সামাজিক সমস্যাঃ কোনো এক অঞ্চলত জনসংখ্যা বৃদ্ধিৰ লগে লগে বাসস্থান,পানী,জনস্বাস্থ্য আদি দিশত বহুতো সমস্যাৰ সৃষ্টি হয়। এই সমস্যাৰ প্ৰভাৱ মানুহৰ শাৰীৰিক তথা মানসিক দিশতো পৰিব পাৰে।                                        
গ) নতুন সংস্কৃতি: উদ্যোগীকৰণৰ ফলত বিভিন্ন অঞ্চলৰ বিভিন্ন ভাষাভাষী,বিভিন্ন ধর্ম সংস্কৃতিৰ লোক একেলগে বসবাস কৰিব লগা হয়।গতিকে উদ্যোগ অঞ্চলত এক নতুন সমাজ-সংস্কৃতি(মিশ্র সংস্কৃতি)গঢ় লৈ উঠে।                                
   ঘ)নতুন বৃত্তিৰ সৃষ্টি:উদ্যোগীকৰণৰ ফলত নতুন নতুন বৃত্তিৰ সৃষ্টি হয়। এই বৃত্তিবোৰৰ বাবে বিশেষ অৰ্হতাৰ প্ৰয়োজন। উদ্যোগৰ বিভিন্ন দিশ পৰিচালনাৰ বাবে অৰ্হতাৰ ওপৰত নিৰ্ভৰ কৰা নতুন নতুন বৃত্তিৰো আৱশ্যক হয়, গতিকে নতুন বৃত্তিৰ সৃষ্টি হয়।                     
 ঙ) নতুন সামাজিক শ্রেণী: উদ্যোগিক সমাত একেধৰণৰ বৃত্তিধাৰী লোকসকলৰ মাজত একোটা গোটৰ সৃষ্টি হয় আৰু এই গোটবোৰেই একোটা শ্রেণী হৈ পৰে।এই শ্রেণীসমূহৰ স্থায়ীকৰণৰ জৰিয়তে সমাজত সামাজিক বিভাজনৰো সৃষ্টি হয়।
 চ)নাৰীৰ সামাজিক মর্যদাঃ ঔদ্যোগিক সমাজত নাৰীয়েও বিভিন্ন বৃত্তিত আত্মনিয়োগ কৰিব পাৰে।এনে সমাজত নাৰীয়ে পাৰিবাৰিক, সামাজিক আদি বিভিন্ন কামত পুৰুষৰ সমানেই অংশ গ্ৰহণ কৰাৰ সুযোগ পায়।ফলস্বৰূপে নাৰীৰ সামাজিক প্ৰস্থিতি উন্নত হয়।
ছ)নতুন জীৱন পদ্ধতি:উদ্যোগীকৰণৰ ফলত নতুন নতুন নগৰৰ সৃষ্টি হয়। নগৰত বাসকৰা লোকসকলৰ এক নতুন জীৱন পদ্ধতি গঢ় লয়।ওপৰত উল্লেখ কৰা দিশসমূহৰ উপৰিও উদ্যোগীকৰণে আৰু বহুতো আনুষঙ্গিক দিশত প্ৰভাৱ পেলায়। উদ্যোগীকৰণৰ প্ৰভাৱ কেৱল উদ্যোগিক সমাজতে আৱদ্ধ নাথাকি অন্যান্য সমাজলৈও বিয়পি পৰে। ফলত সমগ্র সমাজ ব্যৱস্থাতেই পৰিবৰ্তনৰ সূচনা হয়।

Read More

দুষ্ক্রিয়তা বা বিপথগামিতা

10:17 PM 0

দুষ্ক্রিয়তা বা বিপথগামিতা : কিশোৰসকলে আইন ভংগ কৰা কাৰ্যক দুষ্ক্রিয়তা বা বিপথগামিতা হিচাপে আখ্যা দিয়া হয়।  দুষ্ক্রিয়তা বা বিপথগামিতাদ সংজ্ঞা: Dr. Sethnas মতে, স্থান অনুসৰি প্রচলিত আইনৰ দ্বাৰা নিৰ্দ্ধাৰিত বয়সৰ তলৰ কিশোৰ বা যুৱকে সমাজত কৰা দোষী কার্যৰ লগতে কিশোৰ দুষ্কিয়তা জড়িত।  Cyril Burt নামৰ সমাজতত্ত্ববিদ গৰাকীৰ মতে, কোনো এগৰাকী শিশুৰ অসামাজিক কাৰ্য কৰাৰ প্ৰৱণতাই যেতিয়া সমাজত দোষী হিচাপে গণ্য হৈ চৰকাৰী ব্যৱস্থা গ্ৰহণৰ বিষয় হয়, তেনে শিশুকেই সমাজত দুষ্ক্ৰিতিকাৰী হিচাপে গণ্য কৰা হয়।                 দুষ্ক্ৰিতিকাৰীসকলৰ কাৰ্যসমূহৰ ভিতৰত তলত উল্লেখ কৰা কাৰ্যসমূহক অন্তর্ভূক্ত কৰিব  পৰা যায়।    (ক)পিতৃ-মাতৃৰ অনুমতি অবিহনে ঘৰৰ বাহিৰত ঘূৰিফুৰা । (খ)অশ্লীল আৰু অভদ্ৰসূচক শব্দ বা বাক্য ব্যৱহাৰ।(গ)ৰেল ষ্টেছন, ৰাস্তা বা পথ, বজাৰ আদিত ঘূৰি ফুৰা।(ঘ)জুৱা খেলা গৃহলৈ অহা যোৱা কৰা।(ঙ)যৌন অপৰাধ। (চ)দোকান-বজাৰত লুট কৰা।(ছ)আনৰ বস্তু চুৰি কৰা।(জ)আনক প্রবঞ্চনা কৰা। (ঝ)আনৰ আৰু ৰাজহুৱা সম্পত্তি নষ্ট কৰা।
 দুষ্ক্রিয়তাৰ শ্ৰেণী :দুষ্ক্রিয়তাক বা বিপথগামিতাক বেলেগ বেলেগ সমাজতত্ত্ববিদসকলে বিভিন্ন উপাদানৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন শ্ৰেণীত শ্রেণীকৰণ কৰিছে। Nathanieal Hirsh নামৰ সমাজতত্ত্ববিদজনে দুষ্ক্রিয়তাক ছটা ভাগত শ্ৰেণীকৰণ কৰিছে -ক)আবাধ্যতা(খ)বিনা অনুমতিত পলায়ন কৰা(গ)চৌর্য কার্য।(ঘ)ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তি ধ্বংস ঙ)মৰনাস্ত্ৰ ব্যৱহাৰৰ দ্বাৰা সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসা, সংঘর্ষ (চ)যৌন অপৰাধ 
সাধাৰণতে দুষ্ক্ৰিয়াত্মক কাৰ্যক আচৰণৰ স্বৰূপৰ ওপৰত ভিত্তি কৰি ভাগ ভাগ কৰিব পৰা যায়। Howard Becker এ ইয়াৰ ওপৰত ভিত্তি কৰি চাৰি প্ৰকাৰৰ দুষ্ক্ৰিয়াত্মক কাৰ্যৰ কথা উল্লেখ কৰিছে ক)ব্যক্তিগত দুষ্ক্রিয়াত্মক কার্য।খ)সমূহীয়াভাৱে সমর্থিত দুষ্ক্রিয়াত্মক কার্য।গ)সংগঠিত দুষ্ক্রিয়াত্মক কার্য। ঘ)পৰিস্থিতিমূলক দুষ্ক্রিয়াত্মক কার্য। 
দুষ্ক্রিয়কাৰী বা বিপথগামিতা সৃষ্টিৰ প্ৰধান কাৰণসমূহ: বয়সৰ ওপৰত ভিত্তি কৰি দুষ্ক্রিয়তাক বিবেচনা কৰিলেও ই এটা অসামাজিক কার্য, যি সমাজৰ স্থিৰ ভাৰসমতা আৰু অনুৰূপতা ধ্বংস কৰে। দুষ্ক্রিয়তাকাৰীকে ধৰি সমাজ পাতি বসবাস কৰা প্ৰতিজন ব্যক্তিৰ চৰিত্ৰ সাধাৰণতে নিৰ্ভৰ কৰে দুটা প্ৰধান কাৰকৰ ওপৰত। এই কাৰক দুটা হৈছে -ক) কোনো এজন ব্যক্তিয়ে জন্ম প্রদত্তভাৱে উত্তৰ-পুৰুষৰ পৰা লাভ কৰা বিশেষত্বসমূহ।খ)এজন ব্যক্তি সমাজৰ নিৰ্ধাৰিত প্ৰতিমান আৰু সমাজ ব্যৱস্থাৰ সম্পর্কে পৰিপক্ক হৈ উঠাৰ লগে লগে ব্যক্তিজনৰ ওপৰত পৰা বাহ্যিক প্ৰভাৱসমূহ।এই কাৰক দুটাক পুনৰ তলত দিয়া ধৰণে শ্রেণীকৰণ কৰিব পাৰি -ক)ব্যক্তিৰ দৈহিক আৰু মানসিক বিশেষত্বসমূহ খ)ভৌতিক পৰিৱেশ গ)ব্যক্তিৰ বংশগত বিশেষত্বসমূহ ঘ)অর্থনৈতিক কাৰণসমূহ ঙ)সামাজিক কাৰণসমূহ চ)মনস্তাত্ত্বিক কাৰণ।        দুষ্ক্ৰিতিকাৰীক নিয়ন্ত্ৰণ কৰাৰ পদ্ধতি: দুষ্ক্ৰিতিকাৰীকনিয়ন্ত্ৰণ কৰাৰ বাবে ভাৰতবৰ্ষত তলত উল্লেখ কৰা পদ্ধতি কেইটা অৱলম্বন কৰা হয় -ক)ন্যায়ালয় খ)পুলিচ গ)কিশোৰ সংশোধিত গৃহ ঘ)কাৰাগাৰ ঙ)পৰিৰীক্ষা।                                                                                    ক) ন্যায়ালয়: ন্যায়ালয়ৰ বিচাৰ ব্যৱস্থাৰ দ্বাৰা চৰকাৰে দেশৰ পৰা দুষ্ক্রিয়তা নিয়ন্ত্রণ কৰিবলৈ প্ৰয়াস কৰে। 
খ) পুলিচ :শান্তি আৰু আইন-শৃংখলা বজাই ৰখাৰ কাৰণে পুলিচ আৰু আইন বলবৎকাৰী বিষয়াবিলাক নিযুক্তি দিয়া হয়। হত্যাকাৰী,চোৰ, ডকাইত, ধৰ্ষণকাৰীসকলক পুলিচে গ্রেপ্তাৰ কৰিবৰ বাবে শাৰীৰিক শক্তি প্রদান কৰিবলৈ বাধ্য হয়। সেয়ে দুষ্ক্রিয়তা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পুলিচ প্রশাসনে বিশেষ ভূমিকা পালন কৰে।       গ) কিশোৰ সংশোধন গৃহ:  সাধাৰণ কাৰাগাৰত প্রাপ্তবয়স্ক অপৰাধীবিলাকৰ লগত দুষ্ক্ৰিতিকাৰীসকলক নাৰাখিবৰ কাৰণে কিশোৰ সংশোধনী গৃহ আছে।এই গৃহসমূহত কিশোৰসকলক ভৱিষ্যতে অর্থনৈতিক ভাৱে স্বাৱলম্বী হ'ব পৰাকৈ কাৰিকৰী শিক্ষাও প্ৰদান কৰা হয়।
ঘ)কাৰাগাৰ:কাৰাগাৰসমূহক সাধাৰণতে দুটা বিশেষ দৃষ্টিকোণৰ পৰা বিবেচনা কৰা হয়। প্ৰথমতে, কাৰাগাৰক অপৰাধী সংশোধনৰ এক অনুষ্ঠান হিচাপে গণ্য কৰা হয়। দ্বিতীয়তে,অপৰাধীক শাস্তি দিবৰ বাবে এক ব্যৱস্থা হিচাপে গণ্য কৰা হয়।
ঙ)পৰিবীক্ষণ: দুষ্ক্ৰিতিকাৰীসকলক সমাজৰ মূল পথলৈ অনাৰ ক্ষেত্ৰত পৰিবীক্ষণ এক গুৰুত্বপূৰ্ণ কৌশল। এই ব্যৱস্থাত অপৰাধী ব্যক্তিগৰাকীক তদাৰকী বিষয়াজনৰ তত্ত্বাৱধানত ৰাখিবলৈ দিয়া হয় যাতে অপৰাধী বক্তি গৰাকীয়ে নিজকে সংশোধন কৰিবলৈ সুবিধা পায়।
সামাজিক সমস্যাৱলী : যিবিলাক সমস্যা বা পৰিস্থিতিয়ে বুজন সংখ্যক লোকক প্ৰভাৱিত কৰে,তেনে সমস্যাক সামাজিক সমস্যাৱলী বুলি কোৱা হয় ।উদাহৰণস্বৰূপে, নিৱনুৱা সমস্যা, ডকাইটি, অপৰাধ ইত্যাদি । এনে সমস্যাবোৰে সমাজৰ সামাজিক মূল্যবোধত আঘাত কৰে আৰু সকলোৰে ওপৰত প্ৰতিকূল প্ৰভাৱ পেলায় এনে সমস্যা সমাধান বিচাৰি সৰ্বসাধাৰণ ৰাইজে প্ৰতিবাদ আৰু বিদ্ৰোহ আৰম্ভ কৰে।                                  সামাজিক সমস্যাৰ সংজ্ঞা: ১) বেইনহাটয়ৰ মতে,"সামাজিক সমস্যা মানে হ'ল কোনো এখন সমাজৰ এটা দল বা শ্রেণীয়ে সম্মুখীন হোৱা এক পৰিস্থিতি যিটোৱে তেওঁলোকৰ ওপৰত হানিকাৰক প্ৰভাৱ পেলায় আৰু ইয়াক সমূহীয়াভাৱেহে সমাধান কৰিব পৰা যায় ।" ২) ফুলাৰ আৰু মেয়য়ৰ মতে,“সমাজিক সমস্যা হৈছে এটা অৱস্থা যিটো সমাজৰ সৰহ সংখ্যক ব্যক্তি সমাজৰ প্রতিস্থিত নীতি-নিয়মৰ পৰা আঁতৰি আহে।” ৩)হর্টন আৰু লেজলিৰ মতে,“সামাজিক সমস্যা হৈছে সমাজৰ দ্বাৰা স্বীকৃত তথা বিবাদমূলক অৱস্থা।”                                                 সামাজিক সমস্যাৰ প্ৰধান কাৰক : ক) সামাজিক সমস্যাসমূহৰ মাজত পাৰস্পৰিক সম্বন্ধ আৰু নিৰ্ভৰশীলতা থকাৰ বাবে এটা সামাজিক সমস্যাই অন্য এটা সামাজিক সমস্যা সৃষ্টি হোৱাত বিশেষ অৰিহণা যোগাই আৰু প্ৰভাৱ পেলায় খ) বিভিন্ন ব্যক্তি, সংগঠন, অনুষ্ঠান আৰু সামাজিক ব্যৱস্থাসমূহৰ মাজত সংঘাত সৃষ্টি হ’লে এনে সংঘাতে নতুন সামাজিক সমস্যা সৃষ্টিত অৰিহণা যোগায় গ) সভ্যতাৰ দ্ৰুত বিকাশ সামাজিক সমস্যা সৃষ্টিত অৰিহণা যোগায় । বিজ্ঞানৰ বিভিন্ন কলা-কৌশলে অৰ্থাৎ নতুন নতুন আৱিষ্কাৰে উদ্যোগসমূহত শ্ৰমিকৰ সংখ্যা হ্ৰাস কৰি নিৱনুৱা সমস্যাৰ দৰে সামাজিক সমস্যা সৃষ্টি  কৰিছে। ঘ) বৈজ্ঞানিক তথা প্ৰযুক্তিবিদ্যাৰ ৰেঙনিয়েও সামাজিক সমস্যা সৃষ্টিত অৰিহণা যোগাইছে । আধুনিক প্ৰযুক্তিবিদ্যাৰ বৰঙণি মোবাইল ফোন ,ফেচবুক, ইষ্টাগ্ৰাম, ইণ্টাৰনেট ইত্যাদিয়ে নৱ প্ৰজন্মক অপৰাধ কাৰ্যত লিপ্ত কৰাই হত্যা, সামাজিক ব্যাধি কাম-কাজত লিপ্ত হৈ পৰিছে । শেষত ক’ব পাৰি যে সামাজিক সমস্যাসমূহে সমাজৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু ধৰ্মীয় পৰিৱেশৰ উপৰত হানিকাৰক প্ৰভাৱ বিস্তাৰ কৰে ।

Read More

সংস্কৃতকৰণ

10:15 PM 0

সংস্কৃতকৰণ : সংস্কৃতকৰণ শব্দৰ মূল উৎস হৈছে ‘সংস্কৃত’।সংস্কৃতকৰণ হৈছে ভাৰতীয় সমাজৰ এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে নিম্ন জাতিয়ে উচ্চ জাতিৰ ধৰ্মীয় ৰীতি-নীতি,জীৱন-ধাৰণ প্ৰণালী আৰু আচাৰ-ব্যৱহাৰ লগতে অন্যান্য সাংস্কৃতিক কাৰ্যাৱলী গ্ৰহণ কৰি নিজৰ সামাজিক প্ৰস্থিতি উচ্চতৰ কৰিবলৈ চেষ্টা কৰে।
সংস্কৃতকৰণৰ বৈশিষ্ট্য: (ক)সংস্কৃতকৰণ ভাৰতীয় জাতি ব্যবস্থাৰ ভিতৰত সংঘটিত হয়।(খ)সংস্কৃতকৰণত নিম্ন জাতিয়ে উচ্চ জাতিক অনুসৰণ কৰে যদিও কোনো কোনো ক্ষেত্রত উচ্চ জাতিয়েও নিম্ন জাতিৰ পৰা কিছুমান ভাৱধাৰা বা জীৱন প্ৰণালী গ্ৰহণ কৰে।গ) সংস্কৃতকৰণৰ লগত অর্থনৈতিক আৰু ৰাজনৈতিক প্রভার আয়ত্ব কৰাৰ প্রবনতাও দেখা যায়। এই ক্ষেত্ৰত ভাৰতৰ ক্ষেত্র বিশেষে কিছুমান জাতিক প্রভাবশালী জাতি হিচাপে পৰিগণিত হোৱা দেখা যায়।ঘ)সংস্কৃতকৰণ প্ৰক্ৰিয়াই আর্থিক স্বাচ্ছন্দ্য ,ৰাজনৈতিক ক্ষমতা, শিক্ষা, নেতৃত্ব আদি আহৰণ কৰা কাৰকসমূহক অনুপ্রাণিত কৰে।ঙ)সংস্কৃতকৰণ ব্যক্তিগত পৰ্যায়ৰ পৰিৱৰ্তে এক সামুহিক সামাজিক গতিশীলতাৰ পৰিচায়ক।চ) বৃটিছ যুগত সংস্কৃতকৰণে ব্যাপকতা লাভ কৰে।(ছ)সংস্কৃতকৰণে এটা বা দুটা পুৰুষত  সংঘটিত হয়।(জ)অধ্যাপক শ্রীনিবাসে কৈছিল যে জাতি ব্যৱস্থাৰ মাজত কোনো সংৰচনাত্মক পৰিৱৰ্তন নঘটোৱাকৈ সংস্কৃতকৰণে স্থানগত পৰিৱৰ্তনত জড়িত হৈ থাকে।                                                                     পাশ্চাত্যকৰণ: পশ্চিমীয়া উন্নত দেশৰ ভাৱধাৰা তথা জীৱন প্ৰণালীৰ লগতে উন্নত বিজ্ঞান, প্ৰযুক্তিবিদ্যা, আদৰ্শ মূল্যবোধ আদি অনুকৰণ কৰি সমাজখনক এক নতুনত্ব ৰূপ দিয়া সামাজিক প্ৰক্ৰিয়াকে পাশ্চাত্যকৰণ বুলি কোৱা হয় । পাশ্চাত্যকৰণে এখন দেশৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি সকলো দিশতে প্ৰভাৱ পেলায় ।ইয়াৰ পৰিণতিত দেশখনৰ আমূল পৰিৱৰ্তন ঘটে।পাশ্চাত্যকৰণে সমাজত শিপাই থকা অন্ধবিশ্বাস কু-সংস্কাৰ আদি সামাজিক দিশবোৰত বৈজ্ঞানিক দৃষ্টিভঙ্গী নিক্ষেপ কৰি এক বাস্তৱসন্মত দৃষ্টিত গ্ৰহণ কৰাত অৰিহণা যোগায় আৰু এখন প্ৰগতিশীল সমাজ গঢ়াত সহায় কৰে ।
সংজ্ঞা :অধ্যাপক শ্ৰীনিবাসৰ মতে,”বৃটিছ ৰাজত্বৰ ডেৰশৰো ওপৰত বছৰৰ সময়ছোৱাত প্ৰযুক্তিবিদ্যা,আদৰ্শ,মূল্যবোধ আদিৰ ক্ষেত্ৰত পশ্চিমীয়া কাৰকসমূহক আহৰণ কৰাৰ প্ৰক্ৰিয়াই হৈছে পাশ্চাত্যকৰণ।”২)অধ্যাপক যোগেন্দ্ৰ সিঙৰ মতে,”পাশ্চাত্যকৰণ অৰ্থ হৈছে মানৱতাবাদ আৰু যুক্তিবাদৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ এক প্ৰক্ৰিয়া।”
 পাশ্চাত্যকৰণ বৈশিষ্ট্য:ক)পাশ্চাত্যকৰণ হৈছে ভাৰতীয় সমাজে পশ্চিমীয়া উন্নত দেশসমূহৰ আদর্শ, মূল্যবোধ আদি অনুসৰণ কৰাৰ এক প্রক্রিয়া খ)বৃটিছ যুগত প্রধানকৈ ভাৰতত সামাজিকভাৱে আগবঢ়া উচ্চজাতিসকল পাশ্চাত্যকৰণ প্ৰক্ৰিয়াত জড়িত হৈছিল  গ)পাশ্চাত্যকৰণে যুক্তিবাদ আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।ঘ)এই প্রক্রিয়াই জাতিব্যৱস্থাৰ সীমাবদ্ধতা ভাঙি গতি বৃদ্ধি কৰিব বিচাৰে।ঙ)পাশ্চাত্যকৰণে জাতি সংস্তৰণৰ বহিঃদিশত সামাজিক গতিশীলতাৰ পথ উন্মুক্ত কৰে।চ) পাশ্চাত্যকৰণ মানেই জাতি-কঠিনতা নাশ হোৱা নহয় ছ) পাশ্চাত্যকৰণ এক সামাজিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়া ছ)পাশ্চাত্যকৰণ হ’ল পুৰণি মূল্যবোধক ভাঙি বা নতুনকৈ গঢ়ি সমাজৰ উপযোগী কৰা জ)পাশ্চাত্যকৰণ ভাৰতীয় ৰাজনীতিত গণতান্ত্ৰিক মূল্যবোধৰ অন্যতম বাহক।
সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণৰ মাজৰ সাদৃশ্যঃ ক)সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ এই দুয়োটা হৈছে ভাৰতীয় সমাজৰ সামাজিক পৰিৱৰ্তনৰ প্রক্রিয়া।খ)সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ দুয়োৰে বৈশিষ্ট্য হৈছে পুৰণি মূল্যবোধক ভাতি বা নতুনকৈ গঢ়ি সমাজৰ উপযোগী কৰা।গ)সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ এই দুয়োটা প্রক্রিয়াই জাতি ব্যৱস্থাৰ মাজত কোনো সংৰচনাত্মক পৰিৱৰ্তন ঘটোৱাৰ পৰিৱর্তে স্থানগত পৰিৱৰ্তন সংঘটিত কৰে। ঘ)সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ দুয়ো ভাৰতীয় সাংস্কৃতিক মূল্যবোধৰ সম্পৰ্ক আছে।এই দুয়োটা প্ৰক্ৰিয়াৰ মাজত যোগসূত্ৰ স্থাপন কৰিব পাৰি। 
সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণৰ মাজৰ বৈশাদৃশ্যঃ ক)সংস্কৃতকৰণ জাতি সংস্তৰণৰ আন্তঃদিশত আৰু পাশ্চাত্যকৰণ বহিঃদিশত সংঘটিত হয়। অৰ্থাৎ সংস্কৃতকৰণে জাতি সংস্তৰণত নিম্ন প্ৰস্থিতি প্রাপ্তসকল উচ্চ প্রস্থিতি প্রাপ্তলৈ পর্যবসিত হোৱাৰ পৰিৱৰ্তে পাশ্চাত্যকৰণে পাশ্চাত্যৰ অনুসৰণত উচ্চ বা নিম্ন জাতিসকলক প্ৰাপ্তিৰ বিষয়ে কয়। (খ)তুলনামূলকভাৱে  সংস্কৃতকৰণ হৈছে পাশ্চাত্যকৰণতকৈ জটিল।কাৰণ যুগ যুগ ধৰি চলি অহা জাতি সংস্তৰণৰ ভিতৰত সংস্কৃতকৰণ চলি থাকে।অন্যহাতে পাশ্চাত্যকৰণ এক স্বাভাৱিক গতিত চলি থকা প্রক্রিয়া।ৰাজনৈতিক পৰিক্ৰমা,সাংস্কৃতিক বিচ্ছুৰণ, বৃটিছৰ আগমন,পশ্চিমীয়া মূল্যবোধৰ প্ৰভাৱ,আধুনিক শিক্ষাৰ পাতনি,বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ আদি কাৰকে অৱধাৰিতভাৱে এই গতিক তৰান্বিত কৰি তুলিছে । গ)সংস্কৃতকৰণ কেৱল ভাৰতীয় জাতি সংস্তৰণৰ কাঠামোৰ ভিতৰতহে উত্থাপন কৰিব পাৰি।কিন্তু পাশ্চাত্যকৰণ এনে এক অৱধাৰণা যিটোক আমি ভাৰতৰ পৰিসীমা নেওচি সমগ্র প্রাচ্যৰ সমাজে পশ্চিমীয়া সমাজক অনুসৰণ কৰাৰ প্ৰক্ৰিয়া হিচাপে দাঙি ধৰিব পাৰো। ঘ)সংস্কৃতকৰণ পাশ্চাত্যকৰণতকৈ জটিল যদিও ই পাশ্চাত্যকৰণৰ দৰে বহুমুখী আৰু ব্যাপক নহয়।ঙ)সংস্কৃতকৰণ এক নৈতিক তত্ত্বৰ ওপৰত প্রতিষ্ঠিত প্রক্রিয়া । ধর্মীয় আখ্যানৰ পাপ-পূণ্য বিচাৰ ইয়াৰ এক আধাৰ।ইয়াৰ বিপৰীতে পাশ্চাত্যকৰণত বিষয়-সম্পদ আদি আধাৰকহে মুখ্য উৎস হিচাপে দেখা যায়।(চ)সংস্কৃতকৰণ এক চেতন প্রক্রিয়া। কিন্তু পাশ্চাত্যকৰণত চেতন আৰু অৱচেতন এই দুয়োটা অৱস্থাই ক্ৰিয়া কৰি থাকে।

Read More

পৰিয়াল

10:14 PM 0
পৰিয়ালৰ সংজ্ঞা  :  পৰিয়ালৰ ইংৰাজী প্ৰতিশব্দ Family শব্দটো ৰোমান ‘Famulus' শব্দৰ পৰা আহিছে।
মেক আইভাৰ আৰু পেজৰ মতে,'পৰিয়াল এনে এক নির্দিষ্ট আৰু স্থায়ী যৌন সম্বন্ধৰ দ্বাৰা নির্ধাৰিত সামাজিক গোট যি গোটে সন্তান জন্ম দিয়া আৰু সিহঁতক লালন পালন কৰা কার্য সমাপন কৰিব পাৰে।' অগবার্ণ আৰু নিম্নকফৰ মতে, 'পৰিয়াল বিবাহিত পতি-পত্নী আৰু তেওঁলোকৰ নিজৰ ফালৰ পৰা জন্ম হোৱা বা আনৰ পৰা তুলি লোবা সন্তানক লৈ গঠিত ব্যক্তিৰ সমষ্টি বা সমাজিক গেট'।কিছেলি ডেভিচৰ মতে,'পৰিয়াল এনে কিছুমান ব্যক্তিৰ সমষ্টি বা গোট যি গোটৰ পাৰস্পৰিক সম্বন্ধ তেজ মহেব সম্বন্ধৰ ওপৰত ভিত্তি কৰা হয় আৰু সেই কারণেই এই গোটৰ প্রত্যেকেই প্রত্যেকৰ সম্বন্ধীয় হৈ পৰে'।ওপৰৰ সংজ্ঞাসমূহৰ পৰা ধাৰণা কৰি ক’ব পাৰি যে যিসকল লোকে জন্মস্বত্বে আৰু সামাজিক ৰীতি-নীতি অনুসৰি পিতৃ-মাতৃ,পতি-পত্নী,সন্তান-সন্তুতিৰ ভূমিকা গ্ৰহণ কৰি একেলগে উমৈহতীয়া বাসগৃহত থাকি জীৱন নিৰ্বাহৰ কাৰণে কেতবোৰ অন্ত্যন্ত প্ৰয়োজনীয় দায়িত্ব আৰু কৰ্তব্য পালন কৰে, সেইসকল লোকৰ সমষ্টিগত সহাৱস্থানকে পৰিয়াল বুলি ক’ব পাৰি ।
পৰিয়ালৰ প্রধান বৈশিষ্টসমূহ হৈছে-
১) পৰিয়ালক কেন্দ্র কৰিয়েই মানৱ সমাজ পদ্ধতিৰ সৃষ্টি হয়। পৰিয়াল অবিহনে সংগঠিত মানৱ সমাজ এখনৰ কথা কল্পনাই কৰিব পৰা নাযায়।২)পৰিয়াল হৈছে আৱেগ-অনুভূতিৰ আধাৰ স্বৰূপ ।পৰিয়ালৰ সদস্যসকলে এক নিবিড় আবেগ-অনুভূতিৰ বান্ধোনত বান্ধ খাই থাকে যিয়ে সামাজিক সংহতি ৰক্ষাত অৰিহণা যোগায়।৩)সমাজৰ সামাজিক সম্বন্ধসমূহ পৰিয়ালক কেন্দ্র কৰিয়েই বর্তি থাকে। এই সম্বন্ধসমূহ বিবাহ আৰু জন্মৰ জৰিয়তে নিয়ন্ত্রিত হয়।৪)পৰিয়ালক ব্যক্তিৰ ব্যক্তিত্ব গঠনব মূল আধাৰ হিচাপে বিবেচনা কৰা হয়। সামাজিকৰণ প্রক্রিয়াৰ জৰিয়তে ব্যক্তিৰ ব্যক্তিত্ব গঠনত পৰিয়ালেই প্রথম আৰু প্রধান ভূমিকা পালন কৰে। ৫)পৰিয়ালবোৰ সাধাৰণতে কম সংখ্যক সদস্যৰ দ্বাৰা গঠিত হয়। জন্মৰ দ্বাৰাপৰিয়ালৰ সদস্য সংখ্যা বৃদ্ধি হ'লেও সদস্যসকলৰ মৃত্যুৰ দ্বাৰা পৰিয়ালৰ আকাৰ নিয়ন্ত্রিত হয়।৬)পৰিয়ালক প্ৰাথমিক সমূহ হিচাপে বিবেচনা কৰা হয় আৰু যিহেতু প্রাথমিক সমূহৰ আটাইবোৰ বৈশিষ্ট্যই পৰিয়ালত পৰিলক্ষিত হয়। ৭)পৰিয়ালৰ সামগ্রিক উন্নতি কৰিবলগীয়া কামৰ বাবে পৰিয়ালৰ সকলো সদস্যই দায়বদ্ধ হৈ পৰে। সেয়েহে পৰিয়ালক সামাজিক সংহতিৰ আধাৰ হিচাপে বিবেচনা কৰা হয়।৮) পৰিয়াল এটা সাৰ্বজনীন সংস্থা বিশ্বৰ সকলো ঠাইৰ সকলো প্ৰকাৰৰ মানৱ সমাজতেই পৰিয়াল পদ্ধতিৰ প্ৰচলন আছে।  ৯) পৰিয়ালে সামাজিকৰণৰ ক্ষেত্ৰত প্ৰথম আৰু প্ৰধান ভূমিকা গ্ৰহণ কৰে ।ব্যক্তিয়ে জন্মৰ পৰা মৃত্যুলৈকে পৰিয়ালৰ মাজতেই থাকি সমাজৰ ৰীতি-নীতি,চাল-চলন,আচাৰ-ব্যৱহাৰ, আদৰ্শ-দৃষ্টিভংগীৰ মাজত অভ্যস্ত হৈ পৰে।
পৰিয়ালৰ কাম : (ক)সন্তান প্রজনন: পৰিয়ালে সন্তান প্রজনন আৰু সিহঁতৰ লালন-পালনৰ দায়িত্ব গ্রহণ কৰে।পৰিয়ালৰ এই কার্য সম্পাদনৰ বাবেই একোখন মানৱ সমাজৰ ধাৰাবাহিকতা ৰক্ষা কৰে।(খ) যৌন সম্বন্ধ নিয়ন্ত্রণ: পৰিয়ালে কিছুমান নীতি-নিয়ম পালনৰ জৰিয়তে সমাজত যৌন সম্বন্ধ নিয়ন্ত্রণ কৰে আৰু ই সামগ্রিকভাৱে সামাজিক নিয়ন্ত্রণত সহায় কৰে।সেয়েহে পৰিয়ালক এটা সামাজিক সংস্থা হিচাপে বিবেচনা কৰা হয়।(গ) সামাজিকৰণ : সমাজত প্রচলিত প্রতিমান আৰু মূল্যবোধৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ ক্ষেত্ৰত পৰিয়ালে গুৰুত্বপূর্ণ ভূমিকা লয়। সামাজিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে পৰিয়ালে এই গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে।(ঘ)ভৰণ-পোষণ: পৰিয়াল হৈছে এটা উৎপাদনৰ গোট। পৰিয়ালে ইয়াৰ সদস্যসকলৰ ভৰণ-পোষণ আৰু সিহঁতৰ লালন-পালনৰ দায়িত্ব বহন কৰে।(ঙ)সামাজিক নিয়ন্ত্রণ: সামাজিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে সমাজৰ প্রচলিত প্রতিমান আৰু মূল্যবোধ হৃহৃদয়ঙ্গম কৰে। এই ক্ষেত্ৰত পৰিয়ালে সদস্যসকলক সহায় কৰে আৰু ই প্রত্যক্ষভাৱে সামাজিক নিয়ন্ত্রণত অৰিহণা যোগায়। ব্যক্তিৰ সমাজিক আচৰণৰ শিক্ষণ পৰিয়ালৰ পৰাই আৰম্ভ হয়। (চ) প্রস্থিতি প্রদান: পৰিয়ালে ব্যক্তিৰ সামাজিক প্রস্থিতি নিৰ্ণয় কৰে। যদিও ব্যক্তিয়ে নিজৰ কৰ্মৰ জৰিয়তে প্ৰস্থিতিৰ পৰিবৰ্তন ঘটাব পাৰে। তথাপি এজন ব্যক্তিয়ে সমাজিক প্ৰস্থিতিৰ আৰম্ভণি পৰিয়ালে প্ৰদান কৰে।

আধুনিক সমাজত পৰিয়ালৰ পৰিৱৰ্তন :  সাম্প্ৰতিক কালত ভাৰতীয় পৰিয়াল ব্যৱস্থাত হোৱা পৰিৱৰ্তনৰ প্ৰধান কাৰকসমূহ হ’ল বৰ্দ্ধিত জনসংখ্যা, ব্যক্তিবাদী চিন্তাৰ  প্রাধান্যতা, প্ৰজন্মৰ  ব্যৱধান আৰু  প্ৰজন্মৰ সংঘাত, সামাজিক আইন, পশ্চিমীয়া সংস্কৃতি, বিবাহ বিচ্ছেদ, ইত্যাদি।
আধুনিক পৰিয়ালৰ আকৃতি আৰু গঠন পদ্ধতিৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ কাৰ্যাৱলীৰো পৰিৱৰ্তন ঘটিছে । পৰিয়ালৰ প্ৰধান কাম আছিল স্থায়ী আৰু নিয়মীয়া যৌনকাৰ্য চাৰিতাৰ্থৰ সুবিধা দিয়া, সন্তান জন্ম দিয়া,সন্তানৰ লালন পালন কৰা আৰু আশ্ৰয়ৰ বাবে বাসস্থানৰ ব্যৱস্থা কৰা। কিন্তু আধুনিক সমাজত যোন ক্ষুধা চাৰিতাৰ্থৰ সুবিধা পৰিয়ালৰ বাহিৰতো লাভ কৰে।সেইদৰে আধুনিক উদ্যোগ প্ৰধান সমাজবোৰত পৰিয়ালৰ বাহিৰতো অবৈধভাৱে সন্তানৰ জন্ম দিয়া আজি কালি দেখা যায় ।তদুপৰি, আধুনিক কালত সন্তানৰ লালন-পালন কৰাৰ দায়িত্বও পিতৃ-মাতৃতকৈ বহুক্ষেত্ৰত অন্যলোকে যেনে -ধাই, বন কৰা ছোৱালী তথা শিশু আশ্ৰম আদিৰ ওপৰতহে ন্যস্ত হোৱা দেখা যায় ।সেইদৰে পৰিয়ালৰ সদস্যসকলবসবাস কৰাৰ বাবে এটি স্থায়ী বাসগৃহ ৱ্যৱস্থা কৰাৰ পৰিৱৰ্তে ভাড়া ঘৰ বা হোটেলত বহু দিন থকা দেখা যায় ।এনেধৰণৰ কাৰ্য্য তথা ব্যৱস্থাসমূহে পৰম্পৰাগত পৰিয়াল ব্যৱস্থাত থকা নীতি-নিয়মৰ পৰিৱৰ্তন ঘটাইছে।
 পৰিয়ালৰ গৌণ কামৰ ভিতৰত সামাজীকৰণ,মানসিক আৰু শাৰীৰিক অৱসৰ বিনোদন,সামাজিক ক্রিয়া নিয়ন্ত্রণ, অর্থনৈতিক নিৰাপত্তা ইত্যাদিৰ কথা উল্লেখ কৰিব পাৰি। এনেধৰণৰ কাৰ্য সমাধানৰ ক্ষেত্ৰত আধুনিক পৰিয়াল বোৰৰ ভিতৰত বহুখিনি পৰিৱৰ্তন ঘটিছে। অতীতত পৰিয়ালতেই সন্তানসকলৰ সকলো ধৰণৰ শিক্ষা-দীক্ষা দিয়াৰ ভূমিকা গ্রহণ কৰিছিল।কিন্তু বর্তমান আধুনিক সমাজত এই কার্য অন্যান্য অনুষ্ঠানে পালন কৰিবলৈ লৈছে।উদাহৰণস্বৰূপে শিক্ষানুষ্ঠানবোৰে শিক্ষাদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে। শিক্ষানুষ্ঠানবিলাকত ব্যক্তি তথা সমাজৰ বাবে লাগতিয়াল সকলোবোৰ শিক্ষা প্রদান কৰা হয়।শিক্ষানুষ্ঠানৰ যোগেদিয়েই শিশুক সামাজিকৰণ কৰিবলৈ চেষ্টা কৰা হয়।শিশুৰ আচাৰ-ব্যৱহাৰ,চলন-ফুৰণ, সাজ-পোছাক, পিন্ধন উৰণ,ভাষা-সংস্কৃতিৰ বিকাশ ইত্যাদি দিশবোৰ পঢ়াশালিৰ যোগেদি শিশুক প্রদান কৰা হয়।ব্যক্তিৰ মানসিক আৰু শাৰীৰিক অৱসৰ বিনোদনৰ ক্ষেত্ৰতো আধুনিক যুগত পৰিয়ালতকৈও অন্যান্য অনুষ্ঠান-প্রতিষ্ঠানেহে বিশেষভাৱে গুৰুত্ব লাভ কৰিছে। আধুনিক সমাজবোৰত মানুহে ঘৰ তথা পৰিয়ালৰ বাহিৰতহে আজৰি সময়বোৰ কটাবলৈ চেষ্টা কৰা পতিয়মান হয়।সেয়ে সাম্প্রতিক আধুনিক যুগত অৱসৰ বিনোদনৰ বাবে মানুহে কেৱল পৰিয়ালৰ মাজতেই আৱদ্ধ হৈ থাকিব নোখোজে।তদুপৰি সামাজিক নিয়ন্ত্রণ, আর্থিক নিৰাপত্তা ৰক্ষা আদিৰ ক্ষেত্ৰতো পৰিয়ালৰ গুৰুত্ব আগতকৈ কমিব লাগিছে। সাম্প্রতিক সমাজত ৰাষ্ট্র বা সমাজৰ বহুতো সমূহীয়া অনুষ্ঠানে এনে দায়িত্ব পালন কৰিবলৈ লৈছে।ব্যক্তিৰ স্বাস্থ্য ৰক্ষা তথা শাৰীৰিক নিৰাপত্তাৰ দিশতো বৰ্তমান পৰিয়ালতকৈ আধুনিক চিকিৎসা কেন্দ্ৰৰহে সহায় লোৱা হৈছে।সুস্বাস্থ্য কেনেকৈ গঠন কৰিব পাৰি, স্বাস্থ্য ৰক্ষাৰ প্ৰধান উপায়সমূহ কি এই বিষয়ে পৰিয়ালৰ উপৰি বহুতো সংগঠন বা অনুষ্ঠান-প্রতিষ্ঠানৰ জৰিয়তে মানুহে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে। তদুপৰি আধুনিক পৰিয়ালৰ ব্যক্তিসকলৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে ব্যয়াম, যোগাভ্যাস, আধুনিক চিকিৎসালয় আদিৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছে। ব্যক্তিৰ সামাজিক প্রস্থিতি প্ৰদান কৰাটো পৰিয়ালৰ অন্যতম কাম আছিল। কিন্তু এইক্ষেত্রত আধুনিক পৰিয়ালবোৰৰ ভূমিকা দিনে দিনে কমি আহিছে । বিশেষকৈ সাম্প্রতিক উদ্যোগ প্রধান সমাজত ব্যক্তিৰ স্ব-উপার্জিত গুণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্থিতি প্রদান কৰা হৈছে। ব্যক্তিৰ শিক্ষা,অর্হতা, আর্থিক সম্পদ, ৰাজনৈতিক ক্ষমতা অনুযায়ীহে প্রস্থিতি নির্ণয় কৰা হয়। জাতি, সম্প্রদায়, ধর্ম, বর্ণ আদিৰ জৰিয়তে প্রস্থিতি নিৰ্দ্ধাৰণ পদ্ধতি আজিৰ সমাজত হ্রাস হৈছে বুলি ক'ব পাৰি।ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে সাম্প্ৰতিক পৰিয়ালবোৰৰ কামৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। ব্যক্তিৰ বাবে কৰা পৰিয়ালৰ প্ৰধান তথা মুখ্য কাম বোৰতকৈ গৌণ কামবোৰৰ পৰিৱৰ্তন অতি ক্ষিপ্ৰ হোৱা দেখা গৈছে।

Read More

নিৱনুৱা সমস্যা

10:12 PM 0
নিৱনুৱা : কোনো এটা কাম কৰাৰ ক্ষমতা আৰু চলিত মজুৰিত কাম কৰাৰ ইচ্ছা থকা স্বত্বেও যিজন ব্যক্তিয়ে কোনো কৰ্ম সংস্থাপন নাপায়, সইজন ব্যক্তিকে নিৱনুৱা বোলে । নিৱনুৱাৰ প্ৰকাৰ  : নিৱনুৱা সমস্যাৰ কাৰণসমূহৰ ওপৰত  ভিত্তি কৰি নিৱনুৱাক তলত উল্লেখ কৰা ধৰণে ভাগ কৰা হৈছে । (ক) ঋতুকালীন নিৱনুৱা  : বছৰটোৰ এটা সময়ত কৰ্মত নিয়োজিত বাকী সময়ছোৱাত নিষ্কৰ্মা হৈ থাকিবলগীয়া হোৱা লোককে ঋতুকালীন নিৱনুৱা বোলা হয় উদাহৰণস্বৰূপে, কৃষিকাৰ্যত জড়িত লোকসকল ঋতুৰাজ নিৱনুৱা । খ) চক্ৰীয় নিৱনুৱা: ঔদ্যোগিক মন্দা অৱস্থাত যিসকল শ্ৰমিকক কামৰ পৰা বিতাৰিত কৰা ফলত নিৱনুৱা হৈ থাকে, তেনে নিৱনুৱাকে চক্ৰীয় নিৱনুৱা বোলা হয় গ) উদ্যোগিক নিৱনুৱা: চহৰৰ ঔদ্যোগিক খণ্ডত যিসকল লোকে কৰ্ম সংস্থাপনৰ সুবিধা লাভ নকৰে, তেওঁলোকক ঔদ্যোগিক নিৱনুৱা বুলি কোৱা হয় । উদ্যোগিক নিৱনুৱা সমস্যা সৃষ্টিকাৰকসমূহ হ’ল –গাঁৱৰ পৰা নগৰলৈ মানুহৰ অত্যধিক প্ৰব্ৰজন, মন্থৰ গতিৰ উদ্যোগীকৰণ, অপৰিকল্পিত উদ্যোগ, অপৰিকল্পিত নগৰীকৰণ ইত্যাদি । ঘ) প্ৰযুক্তিগত নিৱনুৱা  : প্ৰযুক্তিগত যান্ত্ৰিক ব্যৱহাৰ অগ্ৰগতিৰ ফলস্বৰূপে উদ্যোগত যিসকল শ্ৰমিকে কৰ্ম সংস্থাপন হেৰুৱাই নিৱনুৱা হৈ পৰে, তেনে নিৱনুৱাকে প্ৰযুক্তিগত নিৱনুৱা বোলা হয় । ঙ ) ক্ষণস্থায়ী নিৱনুৱা: ঔপচাৰিক শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত কৰ্ম সংস্থাপন নোপোৱাকৈ থকা লোকক ক্ষণস্থায়ী নিৱনুৱা বুলি কোৱা হয় । চ) অনিচ্ছাকৃত বা নিম্ন নিৱনুৱা: এজন ব্যক্তিয়ে তেওঁৰ শিক্ষাগত অৰ্হতা অনুসৰি কোনো এটা নিৰ্দিষ্ট কামৰ বিনিময়ত পাব লগা বেতনতকৈ কম বেতন পোৱা পৰিস্থিতিটোক অনিচ্ছাকৃত নিৱনুৱা বুলি কোৱা হয় । ছ) মূলধন, সঁজুলি অভাৱ আৰু আনুসঙ্গিক কাৰণৰ বাবে হোৱা নিৱনুৱা  : এনে নিৱনুৱা পুৰণীকলীয়া উৎপাদন কৌশল অৱলম্বন কৰি থকাৰ বাবে সৃষ্টি হয় ।
নিৱনুৱা সৃষ্টিৰ কাৰণসমূহ  : (ক)অর্থনৈতিক কাৰক : মূলধন আৰু বিনিয়োগৰ অভাৱৰ ফলত এখন দেশত নিয়োগভাৱৰ বা নিৱনুৱা সৃষ্টি কৰে।ব্যৱসায়-বাণিজ্য,উদ্যোগ আদিত মন্দা বজাৰ চলি থাকিলে শ্রমিক কৰ্মচাৰীৰ নিযুক্তি হ্রাস পায়। উৎপাদনত নতুন কৌশল বা যন্ত্ৰৰ প্ৰয়োগ কৰিলেও শ্ৰমিকৰ কাম নোহোৱা হয়।অতিমাত্রা উৎপাদন হ'লেও নিবনুৱা বৃদ্ধি হ'ব পাৰে।কিয়নো অতিমাত্রা উৎপাদনে বজাৰত বস্তুৰ দাম হ্রাস কৰে।যিটোৱে প্ৰমিকৰ সংখ্যা তথা মজুৰী স্বাভাৱিকতে হ্রাস কৰোৱায় আৰু নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰে। (খ) সামাজিক কাৰকসমূহঃ যদি কোনো ব্যক্তিয়ে তেওঁৰ পৰিয়ালৰ প্ৰস্থিতিৰ তুলনাত কোনো চাকৰি নিম্নমানৰ বুলি গ্ৰহণ কৰে তেতিয়াও তেওঁ নিবনুৱা হয়।একেদৰে ,কোনো ব্যক্তিয়ে যদি নিজৰ আৰ্হতাৰ পৰ্যায়ৰ  চাকৰি আশাত নতুবা নিজৰ মন পচন্দৰ চাকৰি নোপোৱাত অন্য কোনো কৰ্মত নিয়োজিত নহয়, তেন্তে  তেনে এচাম যুৱকৰ এনে মনোবৃত্তিয়েও সমাজত নিয়োগভাৱ বা নিবনুৱা সৃষ্টি কৰে। বর্তমান সময়ত বর্ধিত জনসংখ্যাইও নিবনুৱা সৃষ্টিত অৰিহণা যোগাইছে।ভৌগোলিক গতিশীলতাৰ অভাৱ আৰু আঞ্চলিকতাবাদৰ কাৰণেও নিবনুৱা সৃষ্টি হয়। (গ) ব্যক্তিগত কাৰক : সুস্থ ব্যক্তি এজন শাৰীৰিক আৰু মানসিক দিশত আক্রান্ত হ’লে তেওঁ গোটেই  জীৱনটো নিৱনুৱা হৈ থাকিবলগীয়া হয়।ব্যক্তিগত বা পাৰিবাৰিক বিঘটন তথা সামাজিক অচলাৱস্থায়ো সমাজত নিবনুৱা সৃষ্টিত অৰিহণা যোগায়।
নিবনুৱা অৱস্থাৰ পৰিণাম:ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থাই ভাৰতবৰ্ষত শিক্ষিত যুৱ চামৰ মাজত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এটা সময়ত নিবনুৱা সমস্যাৰ পৰিণাম ইমান ভয়াৱহ হৈ পৰিছে যে ব্যক্তিয়েও আত্মহত্যাৰ পথ বাচি ল'বলৈ বাধ্য হৈছে। খাদ্যৰ নাটনি আৰু অনুপযুক্ত খাদ্যৰ ফলত তেওঁলোকে সঘনাই বেমাৰত ভূগিব লগা হয়। তদুপৰি অৰ্থনৈতিক অৱস্থাৰ বাবে জীৱন-ধাৰণৰ বাবে প্ৰয়োজনীয় ঔষধ পাতিও সংগ্ৰহ কৰাত অসমৰ্থ হয়। এজন নিবনুৱা লোকে ব্যক্তিগতভাৱে সামাজিক নিৰাপত্তাহীনতাত ভোগে। এই অৱস্থাই তেওঁৰ মানসিক অৱস্থাৰ লগতে শাৰীৰিক অৱস্থাতো বিৰূপ প্রভাৱ পেলায়। তদুপৰি নিয়োগভাৱে তেওঁৰ জীৱনৰ লক্ষ্যত দুর্বলতা আৰু সকলো প্ৰচেষ্টাত জঠৰতা আনি দিয়ে।এই অৱস্থাত তেওঁৰ আত্মসন্মান লাঘৱ হয়। নিজা ভাৱমূর্ত্তি ধ্বংসপ্রাপ্ত হয়। চাৰিওফালে নিৰাশাই আৱৰি ধৰে। নিজৰ পৰিয়ালৰ উচিত যত্ন আৰু পোহপাল দিব নোৱাৰাৰ অপৰাগতাই তেওঁৰ মনত দোষী ভাৱ জগাই তোলে।সামাজিক মর্যাদা হেৰুৱাই আনলোকৰ সৈতে সংযোগ স্থাপনৰ পৰা বিৰত থাকিব বিচাৰে। তেওঁৰ মানসিক সম্বন্বয়হীনতা আৰু সম্পদৰ অভাৱে তেওঁৰ পৰিয়ালৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰে। পৰিয়ালটোও দৰিদ্ৰতাত ভোগে। ল'ৰা-ছোৱালী শিশু শ্রমিক হিচাপেও কেতিয়াবা কাম কৰিবলগীয়া হয়। ল'ৰা-ছোৱালীয়ে শিক্ষা আধাতে সাং কৰি স্কুল ত্যাগ কৰে।এইবোৰ এটা সময়ত সমূহীয়া সমস্যাৰূপে গঢ় লৈ উঠে।

Read More

আধুনীকৰণ

10:11 PM 0

আধুনিকীকৰণ সংজ্ঞা  :১) সমাজ দাৰ্শনিক আলাটাছ মতে, “ আধুনিকা হৈছে এটা প্রক্রিয়া, যান অবিয়তে আধুনিক বৈজ্ঞানিক আনক পূর্বতকৈ উন্নত আক সন্তোষজনক জীবন পদ্ধতি লাজব নারে চূড়ান্ত উদ্দেশ্যৰ সৈতে সমাজের চিনাকি করাইছে, যি ইরান লগত জড়িত সমাজৰ দ্বাৰা গ্রহণযোগ্য।” ২) ডেনিয়েল লাবনাবৰ ভাষাত "আধুনিকীকৰণ হ'ল সমাজ পৰিৱৰ্তনৰ এক প্রক্রিয়া, যাৰ দ্বাৰা কম উন্নত সমাজসমূহে বেছি উন্নত সমাজৰ লক্ষণসমূহ অৰ্জন কৰে।” ৩) উইলবার্ট ই. মূৰে পৰম্পৰাগত সমাজ এখন প্রযুক্তিবিদ্যা আৰু অর্থনৈতিক দিশত যথেষ্ট উন্নতি লাভ কৰিব পৰা সমাজলৈ ৰূপান্তৰিত হোৱা প্রক্রিয়াকে আধুনিকীকৰণ বুলি অভিহিত কৰিছে ।ওপৰৰ সংজ্ঞাসমূহৰ পৰা ধাৰণা কৰি ক’ব পাৰি যে যি প্ৰক্ৰিয়াৰ দ্বাৰা সংস্কৃতিৰ ভাল দিশসমূহ ৰক্ষা কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত সমাজক সলনি কৰা হয় ,তাকে আধুনিকীকৰণ বোলা হয়। আধুনিকীকৰণৰ বৈশিষ্ট্যসমূহ :ক) যুক্তিবাদী দৰ্শনৰ ওপৰত গুৰুত্ব প্রদান।খ) বিজ্ঞান আৰু প্রযুক্তিবিদ্যাক অধিক গুৰুত্ব গ) ধর্মীয় নিৰপেক্ষতাকৰণ ঘ) দেশৰ মানৱ সম্পদৰ পূৰ্ণ প্ৰয়োগৰ ব্যৱস্থা ঙ) নতুন সংস্থানৰ সৃষ্টি চ) সকলো দিশতে মানসিক দৃষ্টিভংগী, প্রতিমান আৰু প্রমূল্যক উচ্চস্থান প্রদান।
আধুনিকীকৰণ ব্যৱস্থাই সমাজলৈ অনা পৰিৱৰ্তন :          ক) শিক্ষাৰ দিশত : আধুনিকীকৰণে জাতি,ধৰ্ম, বৰ্ণ, ভাষা, পুৰুষ, নাৰী ইত্যাদি নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহক শিক্ষামুখী আৰু কৰ্মমুখী কৰি সমাজৰ পৰিৱৰ্তন সাধন কৰে।তদুপৰি আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কৌশল প্ৰয়োগৰ দ্বাৰা শিক্ষাদান আৰু শিক্ষা গ্ৰহণ ব্যৱস্থাক সৰল পৰ্য্যায়লৈ নি শিক্ষা ব্যৱস্থাক আমূল পৰিৱৰ্তন ঘটায় ।খ) অৰ্থনৈতিক বিকাশ দিশত : বৃটিছসকলে ভাৰতত উপনিৱেশ স্থাপন কৰাৰ লগে লগে আধুনিক অৰ্থনৈতিক পদ্ধতি আৰম্ভ হয়।ফলস্বৰূপে ভাৰতত আধুনিকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হয়।তেওঁলোকে নিৰ্মাণ কৰা বাট-পথ,যাতায়ত ব্যৱস্থা উদ্যোগ আদিয়ে ভাৰতৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগায় ।গ) ৰাজনৈতিক দিশত:  আধুনিকীকৰণে ভাৰতীয় জনসাধাৰণৰ মাজত ৰাজনৈতিক সচেতনতা জগাই তোলাৰ লগতে জাতিভেদ, অপ্ৰাদেশিকতা, ধৰ্মীয় গোড়ামি আদি সংস্কাৰবোৰ নতুন দৃষ্টিভংগীৰে চোৱাত অৰিহণা যোগাই সামাজিক ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিছে। ঘ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত: আধুনিকীকৰণৰ প্ৰভাৱত ভাৰতবৰ্ষই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত অগ্ৰগণি বিকাশ সাধন কৰিছে।ইয়াৰ পৰিণতি স্বৰূপে বিশ্বত নিজকে এখন শক্তিশালী দেশ হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে । ঙ) গণ মাধ্যমৰ ক্ষেত্ৰত :আধুনিকীকৰণৰ ফলত ভাৰতৰ প্ৰযুক্তিবিদ্যাৰ উন্নত হোৱাৰ লগে লগে ভাৰতৰ গণমাধ্যমৰ ক্ষেত্ৰতো আমূল পৰিৱৰ্তন ঘটিছে । 4G, 5G নেটৱৰ্ক ব্যৱস্থাৰে বা-বাতৰি তথা ঘটনাবোৰ ক্ষিপ্ৰ গতিৰে গণমাধ্যমসমূহলৈ প্ৰেৰণ কৰিব পৰা হোৱাত লাইভ টেলিকাছ কৰি দৰ্শকবৃন্দক সমসাময়িকভাৱে ঘটি থকা ঘটনসমূহক প্ৰদৰ্শিত কৰিব পৰা হৈছে । চ) সমাজ সংস্কাৰৰ ক্ষেত্ৰত: আধুনিকীকৰণৰ বাবে সমাজৰ পৰা বহু কু-সংস্কাৰ আঁতৰি এক নৱ সমাজ গঢ় লৈ উঠিছে ।চৰকাৰে লোৱা নানা ধৰণৰ প্ৰদক্ষেপ, যেনে-বাল্য বিবাহ নিষিদ্ধ আইন,শিশু শ্ৰমিক নিষিদ্ধ আইন,বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা, দৰিদ্ৰতা দূৰিকৰণ আঁচনি ইত্যাদিয়ে এখন নতুন সমাজ গঢ়াত অৰিহণা যোগাছে।

Read More

গোষ্ঠীসংঘৰ্ষ

10:09 PM 0

জনগোষ্ঠীয় সংঘৰ্ষ  : এটা জনগোষ্ঠীৰ নিজৰ প্ৰাপ্যৰ ওপৰত নতুবা নিজ জনগোষ্ঠীৰ ভাষা-সংস্কৃতি আৰু আৰ্থ-সামাজিক অৱস্থাৰ উন্নতিৰ ওপৰত অন্য এটা জনগোষ্ঠীয়ে বাধা আৰোপ কৰিলে দুয়োটা জনগোষ্ঠীৰ মাজত যি মতবিৰোধ সৃষ্টি হয়,তেনে সংঘাতকে জনগোষ্ঠীগত সংঘৰ্ষ বুলি কোৱা হয় । জনগোষ্ঠীয় সংঘাতে অত্যধিক বিতৰ্ক সৃষ্টি কৰিলে এনে সংঘাত হিংসাত্মক হৈ পৰে।প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ ভাষা-সংস্কৃতি,আৰ্থ-সামাজিক তথা ৰাজনৈতিক আদি দিশত উন্নতি হোৱাটো কামনা কৰে ।প্ৰতিটো জনগোষ্ঠীয়ে ইয়াৰ যোগেদিয়ে নিজৰ আত্ম পৰিচয় বিশ্বত দাঙি ধৰে । যদি এনে ক্ষেত্ৰত এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীক অৱমাননা কৰে নতুবা জনগোষ্ঠীটোৰ অনুভূতিত আঘাত কৰা কাম কৰে, তেতিয়া দুয়োটা জনগোষ্ঠীৰ মাজত সংঘাতৰ সৃষ্টি হয় । এনে সংঘাতত অত্যধিক বিতৰ্কত সাঙুৰ খাই পৰিলেই হিংসাত্মক সংঘৰ্ষ সৃষ্টি হয়। 
গোষ্ঠীগত সংঘাতৰ কাৰণ : ক) ভাষা-লিপিগত কাৰণ : এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীৰ ভাষা আৰু তাচ্ছিল্য কৰিলে দুয়ো জনগোষ্ঠীৰ মাজত গোষ্ঠীগত সংঘাত সূচনা হয়। যিবিলাক ভাষা অনুন্নত কথিত অৱস্থাত আছিল সেইবোৰ ভাষা লিখিত হ’বলৈ, উন্নত কৰিবলৈ, লিপি গ্ৰহণ কৰিবলৈ আৰু বিদ্যালয়ত পাঠদানৰ বাবে প্ৰচলন কৰিবলৈ যত্ন কৰাক লৈ সংঘাত সৃষ্টি হয় । দৃষ্টান্তস্বৰূপে, অসমত সংঘটিত হোৱা অসমীয়া আৰু বঙালী ভাষাৰ সংঘাত;বড়ো আৰু অসম সাহিত্য সভাৰ মাজত বড়ো ভাষাৰ লিপি সম্পৰ্কত হোৱা মত বিৰোধ ।                                                       খ) স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ কাৰণ : জনগোষ্ঠীসকলৰ মাজত স্বনিয়ন্ত্ৰণ বা স্বায়ত্ত শাসিত পৰিষদ লৈ সংঘাত সৃষ্টি হয় ।তেওঁলোকে নিজে নিজৰ পৰম্পৰাগত স্বনিয়ন্ত্ৰণ অৰ্থাৎ স্বায়ত্ব শাসন পদ্ধতি অটুট কৰি ৰাখিবৰ বাবে দাবী উত্থাপন কৰি আহিছে ।এই দাবীবোৰ লৈও সংঘাতৰ সৃষ্টি হয় ।দৃষ্টান্তস্বৰূপে, মণিপুৰত কুকি আৰু অসমত বড়োসকলৰ মাজত স্বনিয়ন্ত্ৰণ বা স্বায়ত্ত পৰিষদক লৈ সংগ্ৰাম চলি আছে ।                                        গ) অন্য জনজাতিক সংস্থাপন দিয়া কাৰণ : কোনো এক জনগোষ্ঠীৰ অঞ্চলত অন্য এক জনগোষ্ঠীৰ লোকক সংস্থাপন দিয়া ফলত গোষ্ঠীগত সংঘাত সূচনা হয় ।উদাহৰণস্বৰূপে মিজোৰামত চাকমা জনজাতি আৰু আন আন অমিজু (বাৰু জনজাতি) লোকক সংস্থাপন দিয়াক লৈ সংঘাত চলি আছে ।                               ঘ) ৰাজনৈতিক কাৰণ: ভাৰতৰ সংবিধান অনুসৰি অনুসূচিত জনজাতিসকলক সংবিধানৰ ষষ্ঠ সূচী মতে স্বায়ত্ত পৰিষদ গঠন কৰা, কিছুমান জনগোষ্ঠীক অনুসূচিত জনজাতি কৰা,জনজাতিৰ আৱেষ্টনীত মাটি বন্দবস্তি দিয়া আদি নানা প্ৰশ্ন লৈ জনজাতি আৰু অজনজাতিৰ মাজত সংঘাত চলি আছে।                                ঙ) অৰ্থনৈতিক কাৰণ: জনজাতি লোক দুৰ্গম পাহাৰিয়া অঞ্চলত বস-বাস কৰা হেতুকে অৰ্থনৈতিক দিশত তেওঁলোক পিছপৰা আৰু অঞ্চলবোৰে যাতায়তৰ ক্ষেত্ৰত অন্নুনত ।সেয়ে তেওঁলোকে চৰকাৰৰ বিপক্ষে অৰ্থনৈতিক উন্নতিৰ বাবে আন্দোলন কৰিবলগীয়া হয় ।এনে ক্ষেত্ৰত আন আন জনগোষ্ঠীৰ লোকে বিৰোধ মত প্ৰকাশ কৰিলে দুয়ো গোষ্ঠীৰ মাজত সংঘাতৰ সৃষ্টি হয় । ওপৰত উল্লেখ কৰা কাৰণসমূহৰ বাদেও আৰু বহুতো কাৰণ পোৱা যায় ।কিন্তু কাৰণ যিয়েই নহওঁক প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ আত্ম পৰিচয় অটুট ৰাখিবলৈ নিজৰ ভাষা লিপি, সংস্কৃতি আৰু প্ৰস্থিতি জীয়াই ৰাখিবৰ বাবেই আন জনগোষ্ঠীৰ লগত সংঘাতত লিপ্ত হ’ব লগা হয়। 

Read More

জাতি ব্যৱস্থা

10:08 PM 0
জাতিৰ সংজ্ঞা  : ক) ৰবাৰ্ট বায়ৰষ্টেডৰ মতে, “সামাজিক শ্রেণীয়ে যেতিয়া গতিশীলতা হেৰুৱাই পেলায়, তেতিয়াই জাতিৰ ৰূপ লয়।”খ) আন এজন সমাজতত্ত্ববিদ হাৰবাৰ্ট ৰিজলি ৰ মতে "জাতি একে নামধাৰী কিছুমান পৰিয়াল বা পৰিয়াল বৰ্গৰ সমষ্টি, যিসকলে কোনো এক বাস্তৱ বা কাল্পনিক পূৰ্বজৰ বংশধৰ বুলি পৰিচয় দিয়ে, একে ধৰণৰ পৰম্পৰাগত বৃত্তি গ্ৰহণ কৰে আৰু নিজকে এটা স্বজাতীয় সংগঠন বুলি মত প্রকাশ কৰে”। সমাজতত্ত্ববিদ ডি. এ. স্মিথৰ মতে এটা জাতি হৈছে কিছুমান পৰিয়ালৰ সমষ্টি, যি প্ৰধানকৈ খোৱা-বোৱা আৰু বৈবাহিক ক্ষেত্ৰত পবিত্ৰতা ৰক্ষা কৰিবলৈ বিশেষ কেতবোৰ নীতি-নিয়মৰ দ্বাৰা আভ্যন্তৰীণভাৱে বান্ধ খাই থাকে। জাতি ব্যৱস্থাৰ গতিশীলতা : ক) বৈদিক যুগঃ বহুত মতভেদ থাকিলেও বেদৰ কাল নির্ণয় কৰোতাসকলৰ কিছুমানে খৃঃপূঃ ৬০০০ বছৰ পর্যন্ত আৰু কিছুমানে খৃঃপূঃ ১০০০ বছৰ পৰ্যন্ত সময় ছোৱাক বৈদিক যুগ বুলি ক'ব খোজে। বৈদিক যুগৰ জাতি প্ৰথাৰ কথা যজুর্বেদত উল্লেখ আছে।সেই যুগত আজিৰ দৰে জাতি প্ৰথাৰ মাজত কটকটীয়া বন্ধোন নাছিল।এই যুগত ব্ৰাক্ষ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিটা ভাগ পোৱা  গৈছিল । অৱশ্যে,ব্ৰাক্ষ্মণ, ক্ষত্রিয় আৰু বৈশ্যৰ তুলনাত শূদ্ৰ  বৰ্ণৰ উল্লেখ পৰিসীমিত ।ব্রাহ্মণ, ক্ষেত্রিয় আৰু বশ্য--এই তিনিও বৰ্ণৰ মাজত খোৱা-বোৱা , চাল-চলন আৰু বৈবাহিক ক্ষেত্রতো বিশেষ পাৰ্থক্য নাছিল।বৈদিক যুগীয় বর্ণ ব্যৱস্থা জন্মৰ বিপৰীতে  কৰ্মৰ ওপৰাত আধাৰিত আছিল ।খ)উত্তৰ বৈদিক যুগ: পি. 'ভি. কানেৰ মতে খৃঃ পূঃ ৬০০ ৰ পৰা ৩০০ খৃষ্টাব্দলৈকে উত্তৰ বৈদিক যুগ বুলি ধৰা হয়। এই যুগত মনুসংহিতা আৰু কৌটিল্যৰ অর্থশাস্ত্র ৰচনা কৰা হৈছিল।এই যুগত বৈদিক যুগীয় বর্ণ-ব্যৱস্থাত বিভাজনৰ সৃষ্টি হয়।এই উত্তৰ বৈদিক যুগতেই বর্ণাশ্রম ধর্মই জাতি ধর্মৰ ৰূপ লয়।বৃত্তিৰ পবিত্রতা আৰু অপবিত্রতা ধাৰণাই এই যুগতে যজমানি প্রথাৰ সহায়ত বৃত্তিক জাতিগত বা জন্মগত কৰাৰ বাতাবৰণ সৃষ্টি কৰাত জাতিৰ সংস্তৰণ স্পষ্ট হৈ পৰে। বৌদ্ধ ধৰ্মৰ উত্থানৰ সময়ত ক্ষত্রিয় স্থান ব্রাহ্মাণতকৈ উচ্চ আছিল। কিন্তু বৌদ্ধ ধর্ম আৰু জৈন ধর্মৰ পতনৰ লগে লগে ব্রাহ্মণৰ সামাজিক স্থান উচ্চ হ'বলৈ আৰম্ভ কৰে।এই যুগত অন্তঃজাতি বিবাহৰ ওপৰত আৰোপ কৰা কঠোৰ নিষেধে অস্পৃশ্যসকল পঞ্চম বর্ণ, পিছত পঞ্চম জাতিলৈ ৰূপান্তৰিত হয়।এই যুগত শূদ্রসকলৰ কথা স্পষ্টভায়ে পোৱা যায়।শূদ্রসকলৰ চাল-চলন, আচৰণ প্ৰণালী, প্রস্থিতি আক বৃত্তি সীমাবদ্ধ হৈ পৰে। সেই সময়ত জাতিৰ নিয়মভঙ্গকাৰীক জাতিচ্যুত কৰাৰ ব্যৱস্থাও প্রৱর্তন কৰা হৈছিল।উচ্চ-নীচ বা স্পশ্য-অস্পৃশ্যতাৰ বিচাৰ উত্তৰ বৈদিক যুগত স্পষ্ট হৈ উঠে।ধর্ম-শাস্ত্র যুগ : জি. এচ ঘুৰীৰ মতে এই যুগৰ সময় ৩০০ খৃষ্টাব্দৰ পৰা ১০০০ বা ১১০০ খৃষ্টাব্দলৈকে ধৰা হৈছে। এই যুগতে উত্তৰ বৈদিক যুগত অংকুৰিত হোৱা জাতি ব্যৱস্থাৰ কঠোৰ নিয়মবোৰ পূৰ্ণৰূপত প্রকাশ পায়। এই যুগত ৰাজন্য অনুগ্রহৰ জৰিয়তে ব্ৰাক্ষ্মণসকলে নিজৰ সামাজিক শ্রেষ্ঠত্ব লাভ কৰিবলৈ সুবিধা পায়।এই সময়ছোৱাতেই ব্রাহ্মণসকলক সম্পূর্ণ শাৰীৰিক শ্ৰমৰ পৰা অব্যাহতি দিয়া হয়। ধর্মশাস্ত্র যুগত জাতিসমূহ বিভিন্ন উপজাতিত বিভক্ত হোৱাই নহয়, আন্তঃজাতি বিবাহৰ ওপৰত ব্রাহ্মণে তৈয়াৰ কৰা ৰীতিয়ে বিভিন্ন উপজাতিক জাতিৰ ৰূপ দিয়াৰ কথাও মনুসংহিতাত পোৱা গৈছে। এই যুগত বৈশ্য আৰু শূদ্ৰৰ মাজত পাৰ্থক্য কমি গৈ দুয়োটা বর্ণ প্রায় একেই হৈ পৰে আৰু সামাজিক প্রস্থিতি নিম্ন স্থানত নিৰ্দ্ধাৰিত নিম্ন হয়গৈ। প্রতিলোম বিবাহৰ দ্বাৰা সংমিশ্র জাতিৰ সৃষ্টি হয় আৰু এইবিলাকে নিম্ন সামাজিক প্রস্থিতি লাভ কৰিবলৈ ধৰে। এওঁলোকক শুভ্র হিচাপে গণ্য কৰা হয়। (ঘ)মুছলমান যুগ বা মধ্যকালীন যুগঃ ভাৰতবর্ষলৈ মুছলমানসকলৰ আগমনৰ লগে লগে জাতি সংৰচনাৰ পৰিৱর্তন ঘটিবলৈ ধৰে ।মুছলমানসকলৰ সামাজিক-সাংস্কৃতিক সংশ্লেষণ ফলস্বৰূপে জটিল আৰু বিচিত্ৰধৰ্মী হিন্দুৰ জাতি ব্যৱস্থাৰ কিছু পৰিৱৰ্তন সাধন হ’বলৈ ধৰে।মুছলমানসকলৰ সামাজিক ভাবাদর্শত সকলো মানুহ সমান। এই আদর্শ হিন্দু জাতি ব্যৱস্থাৰ পৰিপন্থী আছিল।আকবৰে ধর্মান্তৰ অস্বীকাৰ কৰা হিন্দুৰ ওপৰত "জিজিয়া” কৰ লগাইছিল।সম্ৰাট আকবৰে জাতি ব্যবস্থাৰ কঠোৰতা আঁতৰাবলৈ প্রচেষ্টা চলাইছিল। ব্রাহ্মণসকলে ইয়াৰ বিপৰীতে নিজৰ প্ৰভাৱ অক্ষুন্ন ৰাখিবলৈ উঠি পৰি লাগিছিল ।অস্পৃশ্যতাৰ আদর্শ অধিক কঠোৰ হিচাপে পালন কৰি অস্পৃশ্য জাতিবোৰক একেবাৰে পৃথক কৰি দিয়ে। হিন্দুৰ ছোৱালী অন্য ধর্মীয় লোকৰ লগত যাতে বিয়াবাৰু হ'ব নোৱাৰে তাৰ বাবে বাল্যবিবাহ প্রচলন আৰু বিধবা বিবাহ নিষেধ কৰি দিয়ে। সতীদাহ প্রথা ব্যাপক হৈ উঠিছিল আৰু অন্তঃজাতীয় বিবাহ একেবাৰে নিষিদ্ধ কৰা হৈছিল। (৩)বর্তমান যুগ বা আধুনিক যুগঃ ভাৰতবৰ্ষত ইংৰাজ শাসনৰ প্রতিষ্ঠাৰ পৰা বর্তমান সময়লৈকে এই যুগ ধৰা হয়। ইংৰাজ শাসন কালত পাশ্চাত্য শিক্ষা প্রচাৰৰ লগে লগে নতুন অর্থনৈতিক গাঁথনি, যাতায়াত আৰু সঞ্চৰণৰ প্ৰসাৰণ, নগৰীয়া প্রভাৱ, ধর্মীয় আৰু ৰাজনৈতিক চিন্তা-চর্চা আৰু সংস্কাৰ আন্দোলনৰ লগে লগে জাতি ব্যৱস্থাৰ পৰিৱর্তন আৰম্ভ হ'বলৈ ধৰিছিল ।ইংৰাজ শাসকসকলে নিজৰ আধিপত্য স্থাপন কৰাৰ লগে লগে ভাৰতীয় সামাজিক বিষয়বোৰতো হাত দিবলৈ আৰম্ভ কৰে। কিছুমান অধিনিয়ম প্রস্তুত কৰি জাতি ব্যবস্থাৰ ৰক্ষণশীলতা দূৰ কৰিবলৈ চেষ্টা কৰিছিল। ১৮৫০ চনত জাতি নির্যোগ্যতা উন্মুলক অধিনিয়ম, 1955 চনত অস্পৃশ্যতা অপবাদ অধিনিয়ম আদি বিভিন্ন ধৰণৰ আইন প্ৰস্তুত কৰি আন্তঃজাতি বিবাহত উৎসাহ দিয়া, বিবাহ ক্ষেত্রত জাতি ব্যৱস্থাৰ পৰা উদ্ভৱ হোৱা বহুতো বাধা-নিষেধ আঁতৰোৱা আৰু হৰিজনসকলৰ সকলো নির্যোগ্যতা সমাপ্ত কৰিবলৈ চেষ্টা কৰা হয়। ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ পিছত সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা  অন্যান্য দিশৰ পৰিৱর্তন সাধন কৰাৰ দৰেই জাতি-ব্যবস্থাৰ ক্ষেত্রতো পৰিৱর্তন সাধন কৰা হৈছে। সাংবিধানিক নীতি অনুসৰি ভাৰতবর্ষ এখন গণতান্ত্রিক, ধর্মনিৰপেক্ষ আৰু সমাজবাদী ৰাষ্ট্র। ভাৰতীয় সংবিধানৰ মতে সকলো জাতিৰ লোকৰ অধিকাৰ সমান। আধুনিক যান্ত্রিক সমাজত বস্তুবাদী চিন্তা-চৰ্চাৰে জাতি ব্যৱস্থাত থকা ব্যক্তিৰ গোড়া, কঠোৰ ৰীতি-নীতিবিলাকৰ পৰিৱৰ্তন কৰাত সংবিধানে সহযোগিতা আগবঢ়াইছে।সংবিধানে জাতি, ধর্ম, বর্ণ, সম্প্রদায় নির্বিশেষে সকলো লোককে সমান সা-সুবিধা আৰু মর্য্যাদা প্রদান কৰিছে। স্বাধীন ভাৰতৰ মূল নীতি আৰু আর্দশত জাতি-বৈষম্য; জাতি-বিবোধ, স্পৃশ্য অস্পৃশ্য স্থান নাই। দুর্বল, সম্বলহীন আক নিম্ন বুলি বিবেচনা কৰা লোকসকলৰ বাবে সংবিধান ৰক্ষাকবচ স্বৰূপ।আধুনিক বস্তুবাদী দৃষ্টিভংগীয়ে মানুহৰ ৰক্ষণশীল ৰীতি-নীতিসমূহৰ পৰিৱৰ্তনত ইন্ধন যোগাই আহিছে। পশ্চিমীয়া শিক্ষা-সভ্যতাই সাম্প্রতিক জনমানসত যি প্রভাৱ পেলাইছে, তাৰ পৰিণতি স্বৰূপ ৰক্ষণশীলতা,অন্ধ-বিশ্বাস, কু-সন্ধোৰ আদি আঁতৰি গৈছে। অন্তর্বিবাহীসমূহবোৰেও সাম্প্রতিক কালত বহির্বিবাহ কৰিবলৈ লৈছে। ধর্মীয় সংস্কাৰ হিচাপে পৰিগণিত হৈ অহা হিন্দু বিবাহ সামাজিক চুক্তিলৈ ৰূপান্তৰ হৈছে। এনেবোৰ কাৰণতে জাতি-ব্যৱস্থাৰ দ্রুত পৰিৱর্তন সাধন হ'বলৈ ধৰিছে আৰু পৰম্পৰাগত ভাৰতীয় সমাজৰ বহুবোৰ ৰক্ষনশীল নীতি-নিয়ম ক্রমাগতভাৱে অবলুপ্ত হৈ আহিব ধৰিছে। 
Read More

সামাজিক সমস্যাৱলী

10:05 PM 0
সামাজিক সমস্যাৱলী : যিবিলাক সমস্যা বা পৰিস্থিতিয়ে বুজন সংখ্যক লোকক প্ৰভাৱিত কৰে,তেনে সমস্যাক সামাজিক সমস্যাৱলী বুলি কোৱা হয় । উদাহৰণস্বৰূপে, নিৱনুৱা সমস্যা, ডকাইটি, অপৰাধ ইত্যাদি । এনে সমস্যাবোৰে সমাজৰ সামাজিক মূল্যবোধত আঘাত কৰে আৰু সকলোৰে ওপৰত প্ৰতিকূল প্ৰভাৱ পেলায় এনে সমস্যা সমাধান বিচাৰি সৰ্বসাধাৰণ ৰাইজে প্ৰতিবাদ আৰু বিদ্ৰোহ আৰম্ভ কৰে ।
সামাজিক সমস্যাৰ সংজ্ঞা: ১) বেইনহাটয়ৰ মতে,"সামাজিক সমস্যা মানে হ'ল কোনো এখন সমাজৰ এটা দল বা শ্রেণীয়ে সম্মুখীন হোৱা এক পৰিস্থিতি যিটোৱে তেওঁলোকৰ ওপৰত হানিকাৰক প্ৰভাৱ পেলায় আৰু ইয়াক সমূহীয়াভাৱেহে সমাধান কৰিব পৰা যায় ।" ২) ফুলাৰ আৰু মেয়য়ৰ মতে,“সমাজিক সমস্যা হৈছে এটা অৱস্থা যিটো সমাজৰ সৰহ সংখ্যক ব্যক্তি সমাজৰ প্রতিস্থিত নীতি-নিয়মৰ পৰা আঁতৰি আহে।”৩)হর্টন আৰু লেজলিৰ মতে,“সামাজিক সমস্যা হৈছে সমাজৰ দ্বাৰা স্বীকৃত তথা বিবাদমূলক অৱস্থা।”
 সামাজিক সমস্যাৰ প্ৰধান কাৰক : ক) সামাজিক সমস্যাসমূহৰ মাজত পাৰস্পৰিক সম্বন্ধ আৰু নিৰ্ভৰশীলতা থকাৰ বাবে এটা সামাজিক সমস্যাই অন্য এটা সামাজিক সমস্যা সৃষ্টি হোৱাত বিশেষ অৰিহণা যোগাই আৰু প্ৰভাৱ পেলায় খ) বিভিন্ন ব্যক্তি, সংগঠন, অনুষ্ঠান আৰু সামাজিক ব্যৱস্থাসমূহৰ মাজত সংঘাত সৃষ্টি হ’লে এনে সংঘাতে নতুন সামাজিক সমস্যা সৃষ্টিত অৰিহণা যোগায় গ) সভ্যতাৰ দ্ৰুত বিকাশ সামাজিক সমস্যা সৃষ্টিত অৰিহণা যোগায় । বিজ্ঞানৰ বিভিন্ন কলা-কৌশলে অৰ্থাৎ নতুন নতুন আৱিষ্কাৰে উদ্যোগসমূহত শ্ৰমিকৰ সংখ্যা হ্ৰাস কৰি নিৱনুৱা সমস্যাৰ দৰে সামাজিক সমস্যা সৃষ্টি  কৰিছে। ঘ) বৈজ্ঞানিক তথা প্ৰযুক্তিবিদ্যাৰ ৰেঙনিয়েও সামাজিক সমস্যা সৃষ্টিত অৰিহণা যোগাইছে । আধুনিক প্ৰযুক্তিবিদ্যাৰ বৰঙণি মোবাইল ফোন ,ফেচবুক, ইষ্টাগ্ৰাম, ইণ্টাৰনেট ইত্যাদিয়ে নৱ প্ৰজন্মক অপৰাধ কাৰ্যত লিপ্ত কৰাই হত্যা, সামাজিক ব্যাধি কাম-কাজত লিপ্ত হৈ পৰিছে । শেষত ক’ব পাৰি যে সামাজিক সমস্যাসমূহে সমাজৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু ধৰ্মীয় পৰিৱেশৰ উপৰত হানিকাৰক প্ৰভাৱ বিস্তাৰ কৰে ।

Read More

যুৱ উচ্ছৃঙ্খলতাৰ কাৰকসমূহ

9:55 PM 0

যুৱ উচ্ছৃঙ্খলতাৰ কাৰকসমূহ:     ক) ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থা:বর্তমান আমাৰ দেশত যিবোৰ শিক্ষা ব্যৱস্থা আছে সেইবোৰ সম্পূৰ্ণভাৱে দোষমুক্ত নহয়।সকলো ছাত্র ছাত্রীয়ে সমানে সুবিধা লৈ শিক্ষা লাভ কৰিব নোৱাৰে। সৰহভাগেই অতি নিম্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানত পঢ়া-শুনা কৰিবলগীয়া হৈছে।বহুতেই থকা ঠাইৰ অসুবিধাৰ পৰা ভূগিবলগীয়া হৈছে।পুথিঘৰ, পৰীক্ষাগাৰ, পুথি ভঁৰাল, ছাত্র-ছাত্রী নিবাস , জিৰণী ঘৰ , খেলা ঠাই আদি অনেকখিনি সুবিধাৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হৈ থাকিব লাগে। এনেধৰণৰ সমস্যাই উঠি অহা ল'ৰা-ছোৱালীৰ মনত সমাজ ব্যৱস্থাৰ প্ৰতি বিদ্ৰোহৰ ভাৱ জন্ম দিয়ে। দ্বিতীয়তে,আমাৰ ইয়াৰ পৰীক্ষা ব্যৱস্থা বহু পৰিমাণে ত্রুটিযুক্ত।এই পদ্ধতিৰে ল'ৰা-ছোৱালীৰ প্ৰকৃত জ্ঞান আৰু প্ৰতিভা নিৰ্ণয় কৰিব নোৱাৰি।ল'ৰা-ছোৱালীবিলাকেও ভাবিবলৈ বাধ্য হৈছে যে পৰীক্ষাৰ ফলাফলটো ভাগ্যৰ কথা।তৃতীয়তে,শিক্ষা লাভৰ বাবে যিখিনি সা-সুবিধা লাগে সেইখিনিৰো অভাৱ। বিভিন্ন ক্ষেত্রত প্রতিভা বিকাশৰ বাবে যিখিনি সুবিধা লাগে সেইখিনিৰ পৰাও বহু ল'ৰা-ছোৱালী বঞ্চিত হ'বলগীয়া হৈছে। এনে অৱস্থাই তেওঁলোকৰ মনত হতাশ, বিদ্রোহ, ভৱিষ্যত জীৱনৰ প্ৰতি উদাসীন ভাৱ আদি ঋণাত্মক চিন্তা আনি দিয়ে।                             কর্মসংস্থানৰ অভাৱ : কর্মসংস্থানৰ অভাৱৰ বাবে বহু ল'ৰা-ছোৱালী হতাশগ্রস্ত হৈ পৰে। বিশেষকৈ যিসকলে বৃত্তিমূলক শিক্ষা লাভ কৰিব পৰা নাই তেওঁলোকে পঢ়ি থকা অৱস্থাতেই নিজৰ ভৱিষ্যত কৰ্মসংস্থানৰ বাবে চিন্তা কৰিবলগীয়া হয়। এনে চিন্তাই যুৱকসকলৰ মনত বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি কৰাটো স্বাভাৱিক হৈ পৰে।                                         সামাজিক প্ৰমূল্যৰ দূৰত্ব : সাম্প্রতিক কালত অগ্রজ পুৰুষসকলে পৰম্পৰা ৰক্ষা কৰি বৰ্তমান কালত জীয়াই থাকি সমস্যাৰ সমাধান বিচাৰে।কিন্তু অনুজসকলে বিচাৰে ব্যক্তি স্বাধীনতা।এইদৰে বিভিন্ন ক্ষেত্রত অগ্রজ আৰু উত্তৰ পুৰুষৰ মাজত সামাজিক প্ৰমূল্যৰ ক্ষেত্ৰত সংঘাতে দেখা দিছে।তদুপৰি বৰ্তমান সমাজবোৰত কোনো এটা স্পষ্ট আৰু নির্দিষ্ট সামাজিক প্রমূল্য বা ভাৱাদর্শ নাই যিটোক যুৱ সমাজে গ্রহণ কৰি তেওঁলোকৰ কাৰ্যপন্থা নির্ণয় কৰিব পাৰে।সমাজত অনেক অগ্রজ নেতাই নীতি আদৰ্শৰ কথা কয় যদিও দুর্নীতিত লিপ্ত হয়।এনে স্ববিৰোধী কথা আৰু কামে যুৱ মানসিকতাক অস্থিৰ কৰি তোলে। 
 ৰাজনৈতিক কাৰণ : সাম্প্রতিক কালত বিভিন্ন দেশত চলি থকা সকলো ৰাজনৈতিক পদ্ধতিয়ে নিজে গণতান্ত্রিক বুলি দাবী কৰে। কিন্তু সেই গণতান্ত্রিক দেশতেই অনেক ধৰণৰ শোষণ, দমন, অন্যায়-অবিচাৰ আদি সদায়ে ঘটি আছে। সকলোতে ধনেই ধর্ম হৈ আছে আৰু ধনৰ বলত শোষণ আৰু শাসন চলিছে যাৰ প্ৰতিকাৰৰ বাবে যুৱ বিদ্ৰোহৰ সৃষ্টি হয়।
 প্রশাসনত দুর্নীতি :বর্তমান কালত বহুসময়ত প্রশাসনত দুর্নীতিয়েই নীতি হৈ পৰা পৰিলক্ষিত হয়। লিপিবদ্ধ কৰি ৰখা বিধি, অনুবিধি সকলো এফালে থৈ ৰাইজৰ টকা যিকোনো প্ৰকাৰে আত্মসাৎ কৰাতহে অনেক কৰ্মচাৰীয়ে গুৰুত্ব দিয়ে আৰু এনে কাৰ্য বাধা দিবলৈ কোনো নোহোৱাৰ দৰে। দুর্নীতিমূলক কার্যকলাপ যদি দৈনন্দিন ঘটনা হয় তেন্তে যুৱকসকলে প্রশাসনৰ প্ৰতি আস্থা হেৰুৱাই বিদ্রোহী হৈ পৰা দেখা যায়। তেওঁলোকে কৰা আন্দোলনত কেতিয়াবা উশৃঙ্খলতাই দেখা দিয়ে।                                                   শিক্ষানুষ্ঠানৰ প্ৰশাসন :  বিভিন্ন কাৰণত কিছুমান শিক্ষানুষ্ঠানৰ প্রশাসনো আদৰ্শৰ পৰা বিচলিত হৈ দুর্নীতি, অনিয়ম আৰু অবিচাৰত লিপ্ত হোৱা দেখা যায়। এনে ধৰণৰ অসুস্থ পৰিৱেশে স্বাভাৱিকতে যুৱ মানসিকতাত বিরূপ প্রতিক্রিয়াৰ সৃষ্টি কৰে আৰু কেতিয়াবা ছাত্রই এনে কাৰ্য্যৰ প্ৰতিবাদ কৰোতে উশৃঙ্খলতাৰ সৃষ্টি হয়।                       নিবনুৱা সমস্যা : নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাই অহাত বহু ল'ৰা-ছোৱালী নিবনুৱাহৈ থাকবি লগা হোৱাত তেওঁলোকৰ মনত হতাশা, বিদ্রোহ, ভৱিষ্যত জীৱনৰ প্ৰতি উদাসীন ভাৱ আদি ঋণাত্মক চিন্তাই গা কৰি উঠিছে। গতিকে নিবনুৱা অৱস্থাইও যুৱ উশৃঙ্খলতাত বৰঙণি যোগাইছে।                                                                                                                                                                                         অপৰাধমূলক কাম : পৃথিৱীৰ সকলো দেশতেই যুৱকসকলৰ মাজত অপৰাধকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি হোৱা দেখা গৈছে।নগৰ-চহৰ আনকি গাওঁবোৰতো নানা ধৰণৰ অপৰাধমূলক কামত অনেক যুৱক লিপ্ত হোৱা দেখা গৈছে।সামাজিক উদ্ভণ্ডালি, চুৰি, ডকাইতি, প্রবঞ্চনা আদি অপৰাধমূলক কাম সাধাৰণ ঘটনাত পৰিণত হৈছে। নিচাযুক্ত ঔষধৰ অপব্যৱহাৰ : নিচাযুক্ত ঔষধৰ অপব্যৱহাৰ বৰ্তমান যুৱ সমাজত ব্যাপক হোৱা দেখা গৈছে। অসাধু আৰু সমাজ বিৰোধীলোকে নিচাযুক্ত দ্রব্য সমাজত বিয়পাই পেলাইছে।এনে দ্ৰব্যৰ ফলত বহু যুৱকৰ জীৱন ধ্বংস হৈছে।যুৱ উশৃঙ্খলতাৰ এটা প্ৰধান কাৰণ এনে নিচাযুক্ত দ্ৰব্যৰ ব্যাপক প্রচলন।                                               সমস্যা সমাধান : যুৱ সমস্যা এক অন্যতম সামাজিক সমস্যা। সামাজিক সমস্যা বহুমুখী আৰু জটিল। এই সামাজিক সমস্যাৰ কাৰণ বিলাক ভালদৰে বিশ্লেষণ কৰি সমাধান সূত্ৰ উলিয়াব পাৰি। ওপৰোক্ত কাৰণৰ উপৰিও অন্য বহু পৰিস্থিতিয়ে যুৱকসকলৰ মনত হতাশা, ক্ষোভ আৰু বিদ্ৰোহৰ ভাৱ ৰোপণ কৰে আৰু সেইবোৰেই সময়ত আন্দোলন ৰূপে প্রকাশ পায় ।
 যুব আন্দোলনৰ কাৰণসমূহৰ ওপৰত প্ৰতিষ্ঠিত সিদ্ধান্তসমূহ : যুৱ আন্দোলনৰ কাৰণসমূহ ওপৰত প্ৰতিষ্ঠিত সিদ্ধান্তক  দুই প্ৰকাৰে ভাগ কৰা হৈছে -- (ক) মনস্তাত্ত্বিক আৰু (খ) সমাজশাস্ত্রীয় । মনস্তাত্ত্বিক সিদ্ধান্ত আকৌ দুই প্ৰকাৰৰ -(ক) অসন্তোস সিদ্ধান্ত   : এই সিদ্ধান্তৰ মতে যুৱ আন্দোলনবিলাকৰ উৎস হৈছে যুৱকসকলৰ মাজত ক্রমাগত বৃদ্ধি পোৱা অসন্তুষ্টিৰ ভাৱ। নিযুক্তিৰ অভাৱ আৰু ভৱিষ্যত অনিশ্চয়তাৰ ভাৱে যুৱক-যুৱতীসকলৰ মনত অসন্তোষ ভাৱৰ সৃষ্টি কৰে। (খ) ব্যক্তিগত বিসঙ্গতিৰ সিদ্ধান্ত :ব্যক্তিগত বিসঙ্গতি সিদ্ধান্তৰ মতে যেতিয়া কোনো ব্যক্তিয়ে কৃতকার্যতা লাভ কৰিব নোৱাৰে তেতিয়া আন্দোলনৰ পথ লয়। হ'ফাৰৰ মতে যিসকলে জীৱনত বিৰক্তি পায়, যি সকল অযোগ্য, যিসকলে তেওঁলোকৰ জীৱনৰ প্ৰতি গুৰুত্বভাৱে অসন্তুষ্টি প্রকাশ কৰে সেই সকলেই আন্দোলনত ভাগ লয়। তেওঁলোকে আন্দোলনৰ কাৰ্যপন্থাৰ মাধ্যমেদি এওঁলোকৰ শূণ্য জীৱনত নতুন অর্থ বিচাৰি পায়। 
সমাজশাস্ত্রীয় সিদ্ধান্ত দুই প্ৰকাৰৰ :ক) আপেক্ষিক বঞ্চনা সিদ্ধান্ত:  আপেক্ষিক বঞ্চনা সিদ্ধান্তটো ১৯৪৯ চনত ষ্টাউফাৰে উদ্ভাৱন কৰিছিল। এটা সমূহৰ অসন্তোষ, বঞ্চনা আৰু আপেক্ষিক বঞ্চনাৰ যোগেদি এই সিদ্ধান্তটো যুক্তিসংগতভাৱে আলোচনা কৰিব পাৰি।(খ) সম্পদ প্রস্তুতি সিদ্ধান্ত : সম্পদ প্রস্তুতিৰ সিদ্ধান্তই যুৱ আন্দোলনৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ পৰিৱৰ্তে এই যুৱ আন্দোলনৰ কৌশলসমূহৰ ওপৰতে গুৰুত্ব দিছে। উইলচন, মেককাঠী আৰু ৱালছ আদি পণ্ডিত সকলে মতপোষণ কৰিছে যে ওজৰ-আপত্তি, অসন্তোষ আদিৰ অবিহনে খুব কম আন্দোলনহে হয়। কিন্তু সেই ওজৰ আপত্তিবিলাকক কাৰ্যকৰী আন্দোলনৰ পথলৈ আনিবৰ বাবে প্ৰস্তুতিৰ প্ৰয়োজন।

Read More

Post Top Ad

Your Ad Spot