টেট - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Thursday, May 4, 2023

টেট

শিক্ষক হিচাপে নিযুক্তি দিছিল  , চৰকাৰৰ  টকা খৰচ কৰি ইণ্টাৰনেটৰভিউ লৈছিল  , নিযুক্তিৰ পাছত  কৰ্মৰত অৱস্থাত  সময়ে সময়ে  প্ৰশিক্ষণ দি  এজন উৎকৃষ্ট  শিক্ষক  হিচাপে গঢ় দিছিল  সম্পূৰ্ণ  চৰকাৰৰ  টকাত  যদি  এইসকল  শিক্ষক অনুপযুক্ত তেন্তে  চৰকাৰখনে  এখেতসকলক নিযুক্তিৰ বাবে ইন্টাৰভিউ লোৱা চৰকাৰী কৰ্মচাৰীসকলো দুখী ধৰক ,কাৰণ তেখেত সকলে  কিয়  উপযুক্ত বুলি  বাচনি কৰি নিযুক্তি দিছিল  ।
       বছৰ বছৰ ধৰি  শিক্ষকতা কৰা  অভিজ্ঞতা থকা পাছতো কিয়  এখেতসকল অনুপযুক্ত  ? এতেখত সকলক প্ৰশিক্ষণ দি  চৰকাৰে কিয় চৰকাৰী ৰাজকোষৰ টকা খৰচ কৰিলে ? সেই সময়ত  শিক্ষামন্ত্ৰী  আছিল আজিৰ  মুখ্যমন্ত্ৰী  নিজেই । যিজনে তেতিয়া  শিক্ষকৰ যোগ্য বুলি  পৰিচয় দিলে ,সেই জনেই আজি আকৌ  শিক্ষকৰ যোগ্য  নহয় বুলি  প্ৰতাৰিত কৰিছে  । এয়া  কি ন্যায় । 
          নতুনকৈ  টেট উৰ্ত্তীৰ্ণ  আৰু  ডিপ্লমা ধাৰী সকল শিক্ষকৰ  যোগ্য  । তেখেত সকলৰ বাবে এতিয়ালৈকে  দুবাৰ বিজ্ঞাপন প্ৰকাশ কৰি  নিযুক্তি  দিয়া হ'ল । কিন্তু  , সেই সকল প্ৰাৰ্থীতকৈ সুকীয়াকৈ বছৰ বছৰ ধৰি  শিক্ষকতা কৰি অভিজ্ঞতা  থকা  , চৰকাৰে শিক্ষক বুলি  পৰিচয় দি  ৰাজকোষৰ ধনেৰে দৰমহা প্ৰদান কৰা আৰু  নব নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰাৰ্থীসকলৰ দৰে সকলো গুণ থকা  বিশেষ টেট উৰ্ত্তীৰ্ণ হোৱা  প্ৰাৰ্থীসকল এতিয়া  নিজৰ  প্ৰাপ্যৰপৰা বঞ্চিত  , এয়া কি ন্যায়  ।
        অভিজ্ঞতা  তথা চৰকাৰৰ  দিয়া  নিযুক্তি দিশৰপৰা তেখেত সকল শিক্ষকৰ যোগ্য  । নতুন  প্ৰাৰ্থীতকৈ এখেতসকলৰ প্ৰাপ্য  সৰ্বপ্ৰথম। কাৰণ,  ফিল্ডত  নামিলেহে জানিব  যে ড্ৰ'প আউট শিক্ষাৰ্থীক  পুনৰাই  শিক্ষা  প্ৰদান কৰি  শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনাটো কঠিন  ।
     ভাষণত কোৱা  শিক্ষক এডাল  মমবাটিৰ দৰে , কিন্তু  এখেত সকলৰ বেদনাৰ কথা কোনে বুজিছে । বহুতৰে  বয়স ভটিয়াবলৈ হ'ল ,কিছুৰ বয়স ভটিয়ালে। 
        কম মাননিত সেৱা আগবঢ়াই  সমাজখনক পৱিত্ৰ আৰু সংস্কাৰ কৰা এই শিক্ষকবৃন্দৰ কোনো মূল্য নাই । -- সমাজৰ মংগলৰ হকে কাম লোকৰ যে মূল্য নাই  ,তাকেই চৰকাৰখনে সকলোকে দৃষ্টান্তস্বৰূপে এখেতসকলক   দেখুৱাই দিছে।    

No comments:

Post a Comment

Post Top Ad

Your Ad Spot