বিনে চাইমন বুদ্ধি অভীক্ষা - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Thursday, November 30, 2023

বিনে চাইমন বুদ্ধি অভীক্ষা

1905 চনৰ বিনে-চাইমন কাঠী :  1905 চনৰ বিনে-চাইমন কাঠীত মুঠতে ত্রিশটা প্রশ্ন অন্তর্ভুক্ত কৰা হৈছিল। এই প্রশ্নবোৰ জটিলতাৰ স্তৰ যায়ী সজোৱা হৈছিল। অর্থাৎ প্রথমে সহজ প্রশ্নবোৰ দিয়া হৈছিল আৰু পিছলৈ ক্রমে জটিল প্রশ্নবোৰ দিয়া হৈছিল। সেই কাৰণেই আচলতে ইয়াক কাঠী (Scale) বোলা হয়। মুঠৰ ওপৰত এই অভীক্ষাক এডাল স্কেল বা কাঠীৰ দৰে ব্যৱহাৰ কৰা হৈছিল। ইয়াত প্রশ্নবোৰ কোনো নির্দিষ্ট বয়স অনুযায়ী সজোৱা হোৱা নাছিল। যি অভীক্ষার্থীয়ে বেছি সংখ্যক প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিব পাৰিছিল তেওঁক বেছি বুদ্ধিয়ক আৰু যি অভীক্ষার্থীয়ে কম সংখ্যক প্ৰশ্নৰ উত্তৰ পাৰিছিল তেওঁক কম বুদ্ধিয়ক বুলি গণ্য কৰা হৈছিল। প্ৰশ্নবোৰ বয়স অনুযায়ী সজোৱা হোৱা নাছিল যদিও কিছুমান ইংগিত এই বিনে-চাইমন কাঠীৰ জৰিয়তে পোৱা গৈছিল; যেনে - এজন সাধাৰণ তিনিবছৰীয়া অভীক্ষার্থীয়ে 9 নম্বৰ প্রশ্নলৈকে সঠিকভাৱে উত্তৰ দিব পাৰে, এজন পাঁচ বছৰীয়া সাধাৰণ শিশুৱে 14 নম্বৰ প্ৰশ্নলৈকে সঠিকভাবে উত্তৰ দিব পাৰে, ইত্যাদি।1905 চনৰ বিনে-চাইমন কাঠীত অন্তর্ভুক্ত প্রশ্নপদবোৰ তলত উল্লেখ কৰা হ'ল -(১)চকুৰ সন্মুখেৰে এটা বস্তু পাৰ হৈ যাওঁতে অনুসৰণ কৰেনে সেইটো চোৱা(২) হাতেৰে কাঠৰ টুকুৰা এটা খামুচি ধৰেনে চোৱা (যদিহে হাতত লগাই দিয়া হয়)।(৩) কাঠৰ টুকুৰা এটা দেখি খামুচি ধৰে নেকি চোৱা।(৪) এটা চকলেট আৰু একে আকৃতিৰ এটুকুৰা কাঠৰ মাজৰ পৰা চকলেটতো বাছি উলিয়াব পাৰিছেনে চোৱা।(৫) কাগজেৰে মেৰিয়াই থোৱা চকলেট এটা উলিয়াই খাব পাৰিছেনে চোৱা।(৬) সাধাৰণ নির্দেশনা কাৰ্যকৰী কৰা আৰু অংগী-ভংগী অনুকৰণ কৰিছেনে চোৱা।(৭) দেহৰ অংগ-প্রত্যংগ আৰু অন্য সাধাৰণ বস্তুৰ নাম ক'ব পাৰিছেনে লক্ষ্য কৰা।(৮) ছবিত থকা বিভিন্ন বস্তু আঙুলিয়াই দেখুৱাব পাৰিছেনে নাই চোৱা।৯) ছবিত থকা সাধাৰণ বস্তুবোৰৰ নাম ক'ব পাৰিছেনে চোৱা ১০) দুডাল সৰলৰেখা তুলনা কৰি কোনডাল দীঘল ক'ব পাৰিছেনে চোৱা।(১১) অভীক্ষকে কোৱা তিনিটা অংক পুনৰাবৃত্তি কৰিব পাৰিছেনে চোৱা।(১২) দুটা বস্তুৰ ভিতৰত কোনটো বেছি গধুৰ ক'ব পাৰিছেনে চোৱা।(১৩) তিনিডাল সমান সৰলৰেখাৰ তুলনা, তিনিডাল অসমান সৰলৰেখাৰ তুলনা, ছবিত থকা বস্তুৰ নাম কৈ ছবিত দেখুৱাবলৈ চেষ্টা কৰা আদি লক্ষ্য কৰা।(১৪) বিভিন্ন বস্তুৰ সংজ্ঞা দিয়াটো লক্ষ্য কৰা।(১৫) বাক্যৰ অৰ্থ বা সংজ্ঞা দিয়াটো লক্ষ্য কৰা।(১৬) দুটা বস্তুৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰাটো চোৱা।(১৭) ছবিত 13 টা বস্তু চাবলৈ দি (30 ছেকেণ্ডৰ বাবে) সেই বস্তুবোৰ পুনঃস্মৰণ কৰিব পাৰিছেনে চোৱা। (১৮) দহ ছেকেণ্ডৰ বাবে কোনো বস্তু চাই পিছত মনত পেলাই সেই বস্তুটোৰ ছবি আঁকিব পাৰিছেনে চোৱা।(১৯) অংক শুনি পুনৰাবৃত্তি কৰিব পাৰিছেনে চোৱা।(২০) দুটা বস্তুৰ মাজৰ সাদৃশ্য বিচাৰি উলিয়াব পাৰিছেনে চোৱা।(২১) সৰল ৰেখাৰ দৈর্ঘ্য তুলনা কৰিব পাৰিছেনে নাই চোৱা।(২২) ওজনৰ তুলনা কৰিব পাৰিছেনে নাই চোৱা।(২৩) ওজন মনত পেলাব পাৰিছেনে নাই চোৱা।(২৪) কিছুমান শব্দৰ সুৰ দিব পাৰিছেনে নাই চোৱা।(২৫) অসম্পূর্ণ বাক্য সম্পূর্ণ কৰিব পাৰিছেনে নাই চোৱা।(২৬) নির্দিষ্টকৈ দিয়া শব্দবোৰক লৈ বাক্য ৰচনা কৰিব পাৰিছেনে নাই চোৱা।(২৭) সহজৰ পৰা জটিললৈ ক্ৰমানুসৰি প্ৰদান কৰা কিছুমান প্রশ্ন বুজি পাই উত্তৰ দিব পাৰিছেনে নাই চোৱা । (২৮) স্মৃতিশক্তি প্রয়োগ কৰি ঘড়ীৰ কাঁটাৰ স্থান সলনা-সলনি কৰা সময়ৰ কথা ক'ব পাৰিছেনে নাই চোৱা  ।(২৯) দুটা ভাজ কৰি থোৱা কাগজৰ পৰা এটুকুৰা তিনিকোণীয়া আকৃতিৰ কাগজ কটা আৰু ভাঁজটো খুলি দিলে কাগজটুকুৰাৰ আকৃতিটো কেনেকুৱা দেখা যাব সেইটো ক'ব পাৰিছেনে নাই চোৱা। আৰু(৩০) কিছুমান বিমূর্ত শব্দৰ সংজ্ঞা দিয়া।
 1908 চনৰ বিনে-চাইমন কাঠী :1905 চনৰ বিনে-চাইমন কাঠীত থকা আসোঁৱাহ আৰু অসুবিধা নাইকিয়া কৰিবৰ কাৰণে আলফ্রেড বিনে আৰু থিয়ডৰ চাইমনে নিজে ইয়াৰ এটা নতুন আৰু সংশোধিত সংস্কৰণ নিৰ্মাণ কৰে 1908 চনত। ইয়েই আচলতে 1908 চনৰ বিনে-চাইমন কাঠী। তেওঁলোকে অনুভৱ কৰি উঠিছিল যে প্ৰশ্নবোৰ বয়স অনুসৰি সজাব লাগে। সেইবাবে দেখা যায় যে 1908 চনৰ বিনে-চাইমন কাঠীত প্ৰশ্নবোৰ বয়স অনুসৰি সজোৱা হৈছে। ইয়াত তিনি বছৰৰ পৰা তেৰ বছৰীয়া শিশুৰ বাবে প্ৰশ্নবোৰ সন্নিবিষ্ট কৰা হৈছে। কিন্তু সকলো বয়সৰ বাবে সমসংখ্যক প্রশ্ন দিয়া হোৱা নাছিল।1908 চনৰ বিনে চাইমন কাঠীত মুঠতে 59 টা প্রশ্ন অন্তর্ভুক্ত কৰা হৈছিল।এই 59টা প্ৰশ্নৰ ভিতৰত1905 চনৰ কাঠীৰ কিছুমান প্রশ্ন ৰাখি বাকী কিছুমান নতুন প্রশ্ন সংযোগ কৰা হৈছিল। 1908 চনৰ বিনে-চাইমন কাঠীৰ এটা গুৰুত্বপূৰ্ণ দিশ হ'ল এয়ে যে বুদ্ধি পৰীক্ষণৰ ইতিহাসত মানসিক বয়সৰ ধাৰণাটো পোন প্ৰথমবাৰৰ কাৰণে ইয়াতেই অন্তৰ্ভূক্ত কৰা হৈছিল। 1908 চনৰ বিনে চাইমন কাঠিত মানসিক বয়স নির্ণয় কৰাৰ পদ্ধতিও ব্যৱহাৰ কৰা হৈছিল। সেই অনুসৰি, এজন অভীক্ষার্থীয়ে যিটো বয়সৰ স্তৰলৈকে আটাইবিলাক প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিব পাৰিছিল,সেই বয়সটোকে তেওঁৰ মানসিক বয়স বুলি ধৰা হৈছিল। যদি এজন পাঁচ বছৰীয়া অভীক্ষার্থীয়ে ছয় বছৰ বয়সীয়াসকলৰ বাবে থকা আটাইবিলাক প্ৰশ্নৰ উত্তৰ সঠিকভাবে দিব পাৰে তেন্তে তেওঁৰ মানসিক বয়স ছয় বছৰ বুলি গননা কৰা হৈছিল।তলত 1908 চনৰ বিনে-চাইমন কাঠিত থকা 59 টা প্রশ্ন বয়সৰ স্তৰ অনুযায়ী উল্লেখ কৰা হ'ল -তিনি বছৰৰ স্তৰ : ১)নিজৰ নাক, চকু আৰু মুখ আঙুলিয়াই দেখুওৱা।২)ছয়টা পদাংশযুক্ত বাক্য শুনি পুনৰাবৃত্তি কৰা।৩) দুটা সংখ্যা শুনি পুনৰাবৃত্তি কৰা ৪)নিজৰ পৰিয়ালৰ অন্যান্যসকলৰ নাম কোৱা ৫)ছবিত দেখা বস্তুবোৰৰ নাম কোৱা।  চাৰি বছৰৰ স্তৰ : ১)নিজৰ লিংগ অর্থাৎ ল'ৰানে ছোৱালী কোৱা।২)চাবি, চুৰিকটাৰী, পইচা আদিৰ নাম কোৱা।(৩) তিনিটা অংক শুনি পুনৰাবৃত্তি কৰা।৪)দুডাল সৰলৰেখা তুলনা কৰা (দৈর্ঘ্য)।পাঁচ বছৰৰ স্তৰ :১)ওজনৰ তুলনা কৰা।২)এটা বর্গক্ষেত্র নকল কৰি অকা।৩)দহটা পদাংশযুক্ত বাক্য শুনি পুনাৰাবৃত্তি কৰা।৪)চাৰিটা মুদ্রা গণনা কৰা।৫)আয়তক্ষেত্ৰৰ অর্ধাংশ সঠিকভাৱে লগ লগোৱা। ছয় বছৰৰ স্তৰ:(১) নিজৰ সোঁফাল আৰু বাওঁফাল চিনি পোৱা২)ষোল্লটা পদাংশযুক্ত বাক্য শুনি পুনৰাবৃত্তি কৰা।৩)যোৰ যোৰকৈ দেখুওৱা মুখৰ ছবিৰ প্ৰত্যেকযোৰৰ পৰা ধুনীয়া মুখখন বাচি দিয়া। ৪)সাধাৰণ ব্যাৱহাৰিক আৰু চিনাকি বস্তুৰ সংজ্ঞা দিয়া৫)তিনি প্ৰকাৰৰ কাৰ্য সম্পাদন কৰা ৬)নিজৰ বয়স কিমান জনা।৭)ৰাতিপুৱা আৰু আবেলিৰ সময়জ্ঞান থকা  ।  সাত বছৰৰ স্তৰ :১)অসম্পূর্ণ ছবিৰ অসম্পূর্ণতাখিনি আঙুলিয়াই দিয়া।২)গণনা নকৰাকৈ এখন হাত আৰু দুয়োখন হাতৰ আঙুলিৰ সংখ্যা কোৱা।৩)এশাৰী আখৰ চাই চাই পুনৰ লিখা।৪) তাচপাতৰ ৰূহিতনৰ দৰে আকৃতিটো নকল কৰা।৫)নির্দিষ্ট ছবিৰ বৰ্ণনা কৰা।৬)পাঁচটা অংক শুনি পুনৰাবৃত্তি কৰা।৭)13 টা মুদ্রা গণনা কৰা। ৮)ব্যৱহৃত চাৰিটা মুদ্রা চিনাক্ত কৰা। আঠ বছৰৰ স্তৰ : ১)কিতাপৰ এটা অংশ পঢ়ি মনত ৰখা।২)পাঁচটা মুদ্ৰাৰ মূল্য যোগ কৰা।(৩)চাৰিটা ৰঙৰ নাম কোৱা।(৪)20ৰ পৰা ০লৈ ওলোটাকৈ সংখ্যাবোৰ গোৱা।৫)চুটি বাক্য শুনি লিখিব পৰা।৬)দুটা বস্তুৰ পাৰ্থক্য দেখুওৱা (স্মৰণৰ সহায়ত)।ন বছৰৰ স্তৰ :(১)তাৰিখ, দিন, সপ্তাহ, মাহ, বছৰ আদি জনা। ২)সপ্তাহৰ দিনবোৰৰ নাম একাদিক্রমে কোৱা।৩) ভঙনীয়া পইচাৰ হিচাপ জনা।৪) কিছুমান সাধাৰণ বস্তুৰ ব্যাৱহাৰিক দিশতকৈ অলপ উচ্চ স্তৰৰ পৰা সংজ্ঞা দিয়া।৫) দেখিবলৈ একে আকৃতিৰ পাঁচটুকুৰা ভিন্ন ওজনৰ কাঠ একাদিক্রমে সজোৱা।৬)পদ্যাংশ পঢ়ি মনত ৰখা।দহ বছৰৰ স্তৰ:১)বছৰৰ মাহবোৰৰ নাম একাদিক্রমে কোৱা।২)মুদ্রা চিনি পোৱা আৰু নাম জনা।৩)তিনিটা শব্দ ব্যৱহাৰ কৰি বাক্য সজা।৪)উজু প্রশ্ন বুজি লৈ উত্তৰ দিয়া।৫)জটিল প্রশ্ন বুজি লৈ উত্তৰ দিয়া।এঘাৰ বছৰৰ স্তৰ:১)কিছুমান বাক্যৰ বিসংগতি দেখুওৱা।২) তিনিটা শব্দৰে বাক্য সজা।৩) তিনি মিনিটত যিকোনো 60 টা শব্দ কোৱা।৪) কিছুমান বিমূর্ত শব্দৰ সংজ্ঞা দিয়া।৫) খেলিমেলিকৈ থকা শব্দ সজাই অর্থপূর্ণ বাক্য বিচাৰি উলিওৱা। বাৰ বছৰৰ স্তৰ :১) সাতটা অংক শুনি পুনৰাবৃত্তি কৰা।২)শব্দৰ বেলেগ বেলেগ সুৰ দিয়া।৩)26 টা পদাংশ থকা বাক্য শুনি পুনৰাবৃত্তি কৰা।৪) সমস্যামূলক প্রশ্নৰ উত্তৰ দিয়া।৫)ছবিৰ ব্যাখ্যা কৰা।তেৰ বছৰৰ স্তৰ:১)কাগজ কটাৰ এটা অভীক্ষা সমাধান কৰা।২) ত্রিভুজৰ পুনৰ সজ্জিতকৰণ আৰু তুলনা কৰা।৩)দুটা বিমূর্ত শব্দৰ পাৰ্থক্য নির্ণয় কৰা।
 1911 চনৰ বিনে-চাইমন কাঠী:  বিনে-চাইমন কাঠীৰ দ্বিতীয়টো সংস্কৰণ প্ৰকাশ কৰা হয় 1911 চনত। ইয়াকে 1911 চনৰ বিনে-চাইমন কাঠি বোলা হয়। 1908 চনৰ বিনে-চাইমন কাঠি প্রকাশ হোৱাৰ লগে লগে এই অভীক্ষাই বিভিন্ন দেশ, যেনে - জার্মানী ইংলেণ্ড, বেলজিয়াম, ছুইজাৰলেণ্ড, ইটালি, আমেৰিকা আদি দেশৰ মনোবিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ফলত বিভিন্ন ঠাইত বুদ্ধি পৰিমাপনৰ বাবে এই অভীক্ষাৰ ব্যৱহাৰ হ'বলৈ ধৰিলে। দুই এজন মনোবিজ্ঞানীয়ে অভীক্ষাটোৰ কিছুমান আসোঁৱাহ আৰু ভুল-ত্রুটিও আঙুলিয়াই দেখুৱাবলৈ ধৰিলে। বহু মনোবিজ্ঞানীয়ে আঙুলিয়াই দেখুৱালে যে অভীক্ষাটোৰ কিছুমান প্রশ্ন অতি উজু আৰু কিছুমান প্রশ্ন অতি বেছি টান হৈছে। অন্য কিছুমান মনোবিজ্ঞানীয়ে আকৌ আঙুলিয়াই দেখুৱালে যে অভীক্ষাটোৰ প্ৰতিমানীকৰণ পদ্ধতি সন্তোষজনক হোৱা নাই। এনেধৰণৰ বিভিন্ন সমালোচনা আৰু পৰামৰ্শৰ আধাৰত বিনে আৰু চাইমনে অভীক্ষাটোৰ এটা সংশোধিত সংস্কৰণ প্ৰকাশ কৰি উলিয়ায় 1911 চনত। আলফ্রেড বিনেৰ জীৱন কালত প্রকাশ হোৱা এইটোৱেই আছিল অন্তিম সংস্কৰণ। 1911 চনৰ বিনে চাইমন কাঠিত মুঠতে 54 টা প্রশ্ন অন্তৰ্ভূক্ত কৰা হৈছিল। এই কাঠিত চাৰি বছৰ বয়সৰ  স্তৰৰ বাহিৰে বাকী আটাইকেইটা বয়সৰ স্তৰৰ কাৰণে পাঁচটাকৈ প্ৰশ্ন কৰা হৈছিল ।কেৱল চাৰি বছৰ বয়সৰ স্তৰৰ বাবে চাৰিটা প্রশ্ন ৰখা হৈছিল। ইফালে প্ৰশ্নৰ ক্ষেত্ৰত 1911 চনৰ কাঠীত তিনি, চাৰি আৰু পাঁচ বছৰ বয়সৰ স্তৰৰ বাবে থকা প্ৰশ্নবোৰ আগৰ 1908 চনৰ কাঠিৰ প্ৰশ্নবোৰকে ৰখা হৈছিল। বাকী ছয়, সাত, আঠ, ন আৰু দহ বছৰ বয়সৰ স্তৰৰ বাবে ৰখা প্ৰশ্নবোৰৰ কিছু সাল-সলনি ঘটোৱা হৈছিল। 1908 চনৰ কাঠিৰ এঘাৰ বছৰ বয়সৰ স্তৰৰ বাবে থকা চাৰিটা প্রশ্ন বাৰবছৰ বয়সৰ স্তৰলৈ (আৰু এটা যোগ দি মুঠতে পাঁচটা) লৈ যোৱা হ'ল। আনহাতে আগৰ বাৰ বছৰ বয়সৰ স্তৰৰ বাবে থকা আটাইকেইটা প্রশ্ন ইয়াত পোন্ধৰ বছৰ বয়সৰ স্তৰলৈ (আগৰ সংস্কৰণত এই পোন্ধৰ বছৰ বয়সৰ স্তৰৰ বাবে ব্যৱস্থা নাছিল) লৈ অনা হ'ল। গতিকে, এই কাঠিত মাজতে এঘাৰ, তেৰ আৰু চৈধ্য বছৰ বয়সৰ স্তৰৰ বাবে কোনো প্রশ্ন অন্তর্ভুক্ত কৰা হোৱা নাছিল। এইখিনিতে এটা প্রশ্ন উত্থাপন হয়। কিয় এইকেইটা বছৰৰ বয়সৰ স্তৰৰ বাবে এই কাঠিত কোনো প্রশ্ন ৰখা হোৱা নাই? ইয়াৰ অন্তৰালত থকা উত্তৰটো হ'ল যে ল'ৰা-ছোৱালীৰ বয়স দহৰ পৰা এঘাৰলৈ বা বাৰৰ পৰা তেৰ আৰু চৈধ্য হৈ পোন্ধৰলৈ আগবাঢ়ি যাওঁতে বুদ্ধিৰ বিকাশ বৰ বিশেষ নহয়, যাক উলাই কৰিব পৰা যায়। সেইবাবে এইকেইটা বয়সৰ স্তৰৰ বাবে কোনো প্রশ্ন ৰখা হোৱা নাই।
বিনে-চাইমন কাঠিৰ 1911 চনৰ সংস্কৰণত মানসিক বয়স সম্পর্কীয় অন্য কেইটামান পৰিবৰ্তন অনা হৈছিল। 1908 চনৰ কাঠিত এজন অভীক্ষার্থীয়ে যিটো বয়সৰ স্তৰলৈকে আটাইকেইটা প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰিছিল সেই বছৰটোকে তেওঁৰ মানসিক বয়স বুলি ধৰা হৈছিল। যদি এজন 5 বছৰীয়া অভীক্ষার্থীয়ে ১ বছৰ বয়সৰ বাবে থকা আটাইকেইটা প্ৰশ্নৰ উত্তৰ দিয়াৰ উপৰি 6 বছৰ বয়সৰ বাবে থকা অন্য দুটা প্রশ্নৰো শুদ্ধ উত্তৰ দিব পাৰে তেতিয়াও তেওঁৰ মানসিক বয়স 5 বছৰ বুলিয়ে ধৰা হৈছিল। 6 বছৰ বয়সৰ বাবে থকা দুটা প্রশ্নৰো সঠিক উত্তৰ দিব পৰাৰ কাৰণে তেওঁৰ মানসিক বয়স অলপ বঢ়াই দিয়াৰ কোনো নিয়ম নাছিল। কিন্তু 1911 চনৰ বিনে-চাইমন কাঠিত তাৰ বাবে মানসিক বয়স বঢ়াই দিয়াৰ নিয়ম কৰা হ'ল। সেই অনুসৰি, প্ৰতিটো বয়সৰ স্তৰৰ বাবে (চাৰি বছৰ বয়সৰ স্তৰৰ বাহিৰে) যিহেতু পাঁচটাকৈ প্রশ্ন আছে সেইবাবে প্ৰতিটো প্রশ্নৰ শুদ্ধ উত্তৰৰ বাবে দশমিক দুই (0.2) বছৰকৈ মানসিক বয়স ধৰা হয়। যদি এজন 5 বছৰীয়া অভীক্ষাৰ্থীয়ে 5 বছৰ বয়সৰ স্তৰলৈকে থকা আটাইকেইটা স্তৰৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ উপৰি 6 বছৰ বয়সৰ স্তৰৰ দুটা আৰু 7 বছৰ বয়সৰ স্তৰৰ এটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিবলৈও সক্ষম হয় তেতিয়া তেওঁৰ মানসিক বয়স হ'ব -5 + (2 x 0.2) + (1 x 0.2) 5.6 বছৰ। 
    1911 চনৰ বিনে-চাইমন কাঠিত সন্নিৱিষ্ট প্রশ্নবোৰ এনেধৰণৰ---
 তিনি বছৰৰ স্তৰ : ১)নিজৰ নাক, চকু আৰু মুখ আঙুলিয়াই দেখুওৱা।২)ছয়টা পদাংশযুক্ত বাক্য শুনি পুনৰাবৃত্তি কৰা।৩)দুটা সংখ্যা শুনি পুনৰাবৃত্তি কৰা ৪)নিজৰ পৰিয়ালৰ অন্যান্যসকলৰ নাম কোৱা ৫)ছবিত দেখা বস্তুবোৰৰ নাম কোৱা।
  চাৰি বছৰৰ স্তৰ : ১)নিজৰ লিংগ অর্থাৎ ল'ৰানে ছোৱালী কোৱা।২)চাবি, চুৰিকটাৰী, পইচা আদিৰ নাম কোৱা।(৩) তিনিটা অংক শুনি পুনৰাবৃত্তি কৰা।৪)দুডাল সৰলৰেখা তুলনা কৰা (দৈর্ঘ্য)।
পাঁচ বছৰ স্তৰ: ১)ওজনৰ তুলনা কৰা।২)এটা বর্গক্ষেত্র নকল কৰি অকা।৩)দহটা পদাংশযুক্ত বাক্য শুনি পুনাৰাবৃত্তি কৰা।৪)চাৰিটা মুদ্রা গণনা কৰা।৫)আয়তক্ষেত্ৰৰ অর্ধাংশ সঠিকভাৱে লগ লগোৱা। 
ছয় বছৰ স্তৰ :১) ৰাতিপুৱা আৰু আবেলিৰ পাৰ্থক্য বুজি পোৱা।২) সাধাৰণ ব্যাৱহাৰিক আৰু চিনাকি বস্তুৰ সংজ্ঞা দিয়া।৩) তাচখেলৰ ৰূহিতনৰ আকৃতিটো চাই চাই অকা।৪)তেৰটা মুদ্রা গণনা কৰা।৫)দেখুওৱা ছবিৰ মাজৰ পৰা ধুনীয়া আৰু কুৎসিৎ মুখবোৰ বাছি উলিওৱা।
সাত বছৰ স্তৰ :১) সোঁফাল আৰু বাওঁফাল চিনি পোৱা।২) ছবিৰ বৰ্ণনা দিয়া ৩) তিনিবিধ কার্য সম্পাদন কৰা (একেলগে)।৪) মুদ্ৰাৰ মূল্য নির্ধাৰণ কৰা।৫) চাৰিবিধ ৰঙৰ নাম কোৱা।
আঠ বছৰ স্তৰ :১)স্মৰণৰ সহায়ত দুটা বস্তুৰ পাৰ্থক্য কোৱা।২)20ৰ পৰা ০লৈ সংখ্যাবোৰ ওলোটাকৈ গোৱা।৩) অসম্পূর্ণ ছৱিৰ অসম্পূর্ণতাখিনি আঙুলিয়াই দিয়া।৪) তাৰিখ জনা।৫) পাঁচটা অংক শুনি পুনৰাবৃত্তি কৰা।
 ন বছৰ স্তৰ : ১) ভঙনীয়া পইচাৰ হিচাপ জনা।২) কিছুমান সাধাৰণ বস্তুৰ ব্যাৱহাৰিক দিশতকৈ অলপ উচ্চ স্তৰৰ পৰা সংজ্ঞা দিয়া।৩) সকলো মুদ্রা চিনি পোৱা।৪) বছৰৰ আটাইকেইটা মাহৰ নাম একাদিক্রমে ক'ব পৰা।৫) সহজ প্রশ্ন বুজি উঠি উত্তৰ দিয়া।
দহ বছৰ স্তৰ : ১) দেখিবলৈ একে আকৃতিৰ পাঁচটুকুৰা ভিন্ন ওজনৰ কাঠ একাদিক্রমে সজোৱা।২) স্মৃতিৰ সহায়ত জ্যামিতিক চিত্র অংকন কৰা।৩) বাক্যৰ বিসংগতি আঙুলিয়াই দেখুওৱা।৪) জটিল প্রশ্ন বুজি উঠি উত্তৰ দিয়া।৫) নির্দিষ্ট শব্দ ব্যৱহাৰ কৰি বাক্য সজা। 
এঘাৰ বছৰ স্তৰৰ বাবে প্রশ্ন নাই । 
বাৰ বছৰ স্তৰ : ১) অভিভাবন নিয়ন্ত্ৰণ কৰা।২) তিনিটা শব্দেৰে বাক্য সজা।৩) তিনি মিনিটত যিকোনো 60 টা শব্দ কোৱা ৪) কিছুমান বিমূর্ত শব্দৰ সংজ্ঞা দিয়া।৫) বিশৃংখলভাৱে দিয়া বাক্যৰ অৰ্থ উলিওৱা।
তেৰ আৰু চৈধ্য বছৰ স্তৰৰ বাবে প্রশ্ন নাই।  
 পোন্ধৰ বছৰ স্তৰ : ১) সাতটা অংক শুনি পুনৰাবৃত্তি কৰা।২) নির্দিষ্ট কিছুমান শব্দৰ ছন্দ নিৰ্মাণ কৰা। ৩) 26 টা পদাংশযুক্ত বাক্য  শুনি পুনৰাবৃত্তি কৰা। ৪) ছবিৰ বাখ্যা কৰা ।৫) নিৰ্দিষ্ট পৰিঘটনা বাখ্যা আগবঢ়োৱা ।

No comments:

Post a Comment

Post Top Ad

Your Ad Spot