শিক্ষা মনোবিজ্ঞান - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Thursday, November 30, 2023

শিক্ষা মনোবিজ্ঞান

১) মনোবিজ্ঞান বুলিলে কি বুজা  ? মনোবিজ্ঞানৰ ধাৰণা ক্ৰমবিৱৰ্তন সম্বন্ধে এটি চমু বিৱৰণ দিয়া ।
উত্তৰ: 
২) শিক্ষা মনোবিজ্ঞান  কাক বোলে ? শিক্ষা মনোবিজ্ঞান আৰু মনোবিজ্ঞানৰ মাজৰ পাৰ্থক্যসমূহ লিখা ।
উত্তৰ: শিক্ষা মনোবিজ্ঞান দুটা শব্দৰ দ্বাৰা গঠিত ।সেয়া হ’ল এটা শিক্ষা আৰু আনটো হ’ল “মনোবিজ্ঞান”।ইয়াত মনোবিজ্ঞান মানে হ’ল মানুহৰ আচৰণৰ অধ্যয়ন কৰা আৰু শিক্ষা মানে হ’ল সেই আচৰণসমূহ সংশোধন কৰা ।আনহাতে,   শিক্ষা মনোবিজ্ঞানৰ সম্পৰ্কে বিভিন্ন জন মনোবিদে বিভিন্ন ধৰণে সংজ্ঞা সংজ্ঞা আগবঢ়াইছে।  :  Skinnier ৰ মতে, “শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ সেইটো শাখা, যি শিক্ষাদান আৰু শিক্ষা গ্ৰহণ সম্বন্ধে অধ্যয়ন কৰে।” কোলেচনিকৰ মতে, “ শিক্ষা মনোবিজ্ঞান হৈছে এক প্ৰয়োগিক বিজ্ঞান যি মনোবিজ্ঞানৰ তত্ব আৰু নীতিসমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰে। ষ্টিফেনৰ মতে ,”শিক্ষা মনোবিজ্ঞান হৈছে শিশুৰ শিক্ষা সম্বন্ধীয় বৃদ্ধি আৰু বিকাশৰ সম্বন্ধে কৰা এক প্ৰণালীবদ্ধ অধ্যয়ন ।“ ওপৰত উল্লেখ কৰা সংজ্ঞাসমূহৰ পৰা ধাৰণা কৰিব পাৰি যে শিক্ষা মনোবিজ্ঞান হ’ল সাধাৰণ মনোবিজ্ঞানৰ এক বস্তুনিষ্ঠ প্ৰয়োগিক শাখা যিয়ে মানুহৰ আচৰণত প্ৰভাৱ পেলাব পৰা মানুহৰ মানসিক শক্তি আৰু ক্ষমতাসমূহৰ উপৰিও মানুহৰ আচৰণ সম্পৰ্কীয় নীতি, তত্ত্ব বা সূত্ৰ আদিৰ অধ্যয়ন কৰে আৰু সেইবোৰক সংশোধন কৰাৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ তত্ব আৰু নীতি সমূহ প্ৰয়োগ কৰে ।
মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ পাৰ্থক্য :১)মনোবিজ্ঞানক মানৱ ইতিহাসৰ জ্ঞান-বিজ্ঞানৰ জগতত এক অতি পুৰণি অধ্যয়নৰ বিষয় বুলিব পাৰি,  যাৰ অস্তিত্ব প্লেটো আৰু এৰিষ্ট’ফল আদি দাৰ্শনিকসকলেই অনুভৱ কৰি উঠিছিল । আনহাতে শিক্ষা মনোবিজ্ঞান হৈছে আপেক্ষিকভাৱে নতুন অধ্যায়ৰ বিষয়, যি ১৯ শতিকাৰ প্ৰথমাৰ্ধত হেনৰীক পেষ্টালজীয়ে গঢ় দি তোলে। ২)মনোবিজ্ঞানে মানৱ মনৰ আচৰণ অধ্যয়নৰ বহুল দিশক সামৰি লয় ।ইয়াৰ বাবে অন্যান্য জীৱ-জন্তুৰ প্ৰতিক্ৰিয়া আৰু আচৰণো বিবেচনা কৰা হয় ।আনহাতে, শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ্থী বা শিক্ষাগ্ৰহণকাৰীসকলৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাৰহে অধ্যয়ন কৰে ।৩) সাধাৰণ মনোবিজ্ঞানৰ পৰিসৰ শিক্ষামনোবিজ্ঞানৰ তুলনাত যথেষ্ট বহল।কিয়নো শিক্ষা মনোবিজ্ঞান কেৱল শিক্ষাক্ষেত্ৰতহে ব্যৱহাৰ হয় আৰু মনোবিজ্ঞান বিভিন্ন প্ৰায়োগিক দিশত ব্যৱহৃত হয়। ৪) মনোবিজ্ঞানৰ বিষয়ে মন আৰু আচৰণ সম্বন্ধে নীতি,  সূত্ৰ আৰু এই সম্বন্ধীয় অধ্যয়নৰ পদ্ধতিক নিৰ্ধাৰণ কৰে। প্ৰায়োগিক বিজ্ঞানস্বৰূপে শিক্ষা আৰু মনোবিজ্ঞানে মনোবিজ্ঞানৰ এনেবোৰ নীতি আৰু পদ্ধতিক শিক্ষাত কাৰ্যকাৰীভাৱে প্ৰয়োগ কৰি শিক্ষা-সমস্যাক সমাধান কৰে। ৫) মনোবিজ্ঞান বিষয়ৰ উৎপত্তি হৈছিল মন বা আত্মা সম্বন্ধে কৰা আধ্যাত্মিক চিন্তা-চৰ্চাৰ পৰা । শিক্ষা-মনোবিজ্ঞানৰ উৎপত্তি হৈছিল শিক্ষাগ্ৰহণ প্ৰসংগত শিশু মনৰ প্ৰকৃতি আৰু প্ৰয়োজন অধ্যয়নৰ গুৰুত্বৰ পৰা । দাৰ্শনিক ৰুচোৱেই এই প্ৰয়োজন তেওঁৰ ‘Emile' নামৰ গ্ৰন্থৰ যোগেদি দৃঢ়তাৰে প্ৰতিপন্ন কৰে । 

No comments:

Post a Comment

Post Top Ad

Your Ad Spot