১) বুদ্ধি সংজ্ঞা : ১) আলফ্ৰেড বিনম্ৰ মতে,” বুদ্ধি হ’ল ভালকৈ বিচাৰ কৰা, ভালকৈ যুক্তি দৰ্শোৱা আৰু ভালকৈ হৃদয়াঙ্গম কৰাৰ ক্ষমতা ।‘ ২) L.M.Termanৰ মতে ,” বিমূৰ্ত চিন্তন ক্ষমতাই বুদ্ধি।“ ৩) উইলিয়াম ষ্টাৰ্ণৰ ভাষাত, “জীৱনৰ নতুন সমস্যা আৰু পৰিস্থিতিৰ লগত ব্যক্তিৰ সাধাৰণভাৱে সমাযোজন কৰিব পৰা ক্ষমতাই বুদ্ধি ।“ ৪) ষ্টাৰ্ণৰ মতে,”বুদ্ধি হৈছে নতুন পৰিস্থিতি আৰু সমস্যাৰ সৈতে খাপ খুউৱাৰ এক ক্ষমতা ।‘ ওপৰৰ সংজ্ঞা সমূহৰ পৰা ধাৰণা লৈ ক’ব পাৰি যে বুদ্ধি হ’ল এক সাধাৰণ মানসিক ক্ষমতা বা যোগ্যতা, যি ইয়াৰ অধিকাৰীক শিকা ,বুজা আৰু যুক্তি প্ৰদৰ্শন কৰা কাৰ্যত সমৰ্থবান কৰি নতুন পৰিৱেশৰ,লগত সমাযোজন হোৱাত সহায় কৰে ।
বুদ্ধিৰ বৈশিষ্ট্য : ১) বুদ্ধি হ’ল এক সাধাৰণ মানসিক ক্ষমতা ।২) বুদ্ধি হ’ল এক অমূল্য চিন্তনৰ ক্ষমতা ।৩) বুদ্ধি হ’ল শিকাৰ সামৰ্থ ।৪) বুদ্ধিৰ পৰিসৰ অতি ব্যাপক ।৫) বুদ্ধিৰ প্ৰভাৱ অপৰিৱৰ্ত্তনীয় আৰু স্থিতিশীল ।৬)বুদ্ধি হ’ল এক জন্মগত বা সহজাত ক্ষমতা ।৭) বুদ্ধিৰ ক্ষেত্ৰত ব্যক্তি বৈষম্য লক্ষ্য কৰা যায় ।৮)বুদ্ধিক বস্তুনিষ্ঠভাৱে পৰিমাপ কৰাতো সহজ নহয় ।৯) বুদ্ধি সৰ্বব্যাপকতা ।১০)বুদ্ধি হৈছে নতুন পৰিস্থিতিৰ লগত সমাযোজনৰ এক কৌশল।১১) বুদ্ধি হৈছে বিগত অভিজ্ঞতাৰ পৰা শিকনীয় ক্ষমতাৰ লগতে বিমূৰ্ত চিন্তা কৰিব পৰা এক কৌশল ।
বুদ্ধিৰ প্ৰকাৰসমূহ: মনোবিদ এডৱাৰ্ড লী থৰ্ণডাইকে বুদ্ধিক বহলভাৱে তিনিটা ভাগত ভাগ কৰিছে ।সেইবোৰ হ’ল—১) মূৰ্ত বা বাস্তৱ বা বস্তুবাচক বুদ্ধি: বাস্তৱ জগতৰ মূৰ্ত বস্তু, বিষয় আৰু পৰিস্থিতি সম্বন্ধে প্ৰয়োগ কৰা বুদ্ধিকে বাস্তৱ বা বস্তুবাচক বুদ্ধি বোলে। বাস্তৱ জগতৰ ব্যৱহাৰিক কাৰ্যকলাপত এইবিধ বুদ্ধিক প্ৰয়োগ কৰা হয় বাবে ইয়াক প্ৰয়োগিক বুদ্ধি বুলিও কোৱা হয় ।এই বুদ্ধি হাতৰ কৌশল আৰু অন্যান্য শাৰীৰিক কাৰ্যকলাপত প্ৰকাশ পায় । ক্ৰিয়াসম্পাদনমূলক অভীক্ষাৰ দ্বাৰা এইবিধ বুদ্ধিৰ পৰিমাপ কৰা হয় । খ) বিমূৰ্ত বা ভাৱাত্মক বুদ্ধি: পাৰ্থিব বস্তু অবৰ্তমানতো ব্যক্তিয়ে যি বুদ্ধি প্ৰয়োগ কৰি নানা ধাৰণা মনৰ ভিতৰতে যুকিয়াই তুলনা কৰি আৰু বিভিন্ন ধৰণেৰে সজাই নানা সিদ্ধান্তত উপনীত হ’ব পাৰে , তেনে বুদ্ধিকে ভাৱাত্মক বুদ্ধি বোলা হয় ।শব্দ, বাক্য, ধাৰণা, সূত্ৰ, গাণিতিক প্ৰতীক আদিক এনে বুদ্ধিসম্পন্ন ব্যক্তিয়ে মনৰ ভিতৰতে সজাই আৰু তুলনা কৰি প্ৰকৃত সিদ্ধান্তত উপনীত হ’ব পাৰে ।ষ্টেণ্ডফোৰ্ড বিনে বুদ্ধি অভীক্ষাই এইবিধ বুদ্ধি পৰিমাপন কৰে। গ)সামাজিক বুদ্ধি : সমাজৰ মানুহৰ লগত যি বুদ্ধি প্ৰয়োগ কৰি ভাৱৰ আদান-প্ৰদান কৰাৰ লগতে আচৰণ আৰু মনোভাৱ বিশ্লেষণ কৰিব পাৰে, তাকে সামাজিক বুদ্ধি বুলি কোৱা হয় ।এই বুদ্ধিয়ে ব্যক্তিক সমাযোজন স্থাপন কৰা, সুস্থ ব্যক্তিত্বক গঢ় দিয়া আৰু সমাজক নেতৃত্ব দিয়া আদিত সহায় কৰে ।
বুদ্ধিক প্ৰভাৱিত কৰা দিশসমূহ : ক) বংশগতি : প্ৰজনন জৰিয়তে সংলক্ষণ এক পুৰুষৰ পৰা পিছৰ পুৰুষলৈ সঞ্চাৰণ হোৱা প্ৰক্ৰিয়াকে বংশগতি বুলি কোৱা হয় ।বুদ্ধিৰ ওপৰত বংশগতিৰ প্ৰভাৱ অপৰিহাৰ্যতালৈ লক্ষ্য কৰিলে দেখা যায় যে শিশুৰ বুদ্ধিৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ বৃত্তি আৰু সামাজিক মৰ্য্যাদাৰ এক ঘনিষ্ঠ সম্পৰ্ক থাকে ।যিসকল পিতে-মাতৃয়ে উন্নত শ্ৰেণীৰ বৃত্তি অনুসৰণ কৰে,তেওঁলোকৰ সন্তানবোৰো উন্নত বুদ্ধি সম্পন্ন হয় ।ইয়াৰ পৰাই বুদ্ধিৰ ওপৰত যে বংশগতিৰ প্ৰভাৱ অপৰিহাৰ্য তাক উপলব্ধি কৰিব পাৰি । খ)পৰিৱেশ: বুদ্ধিৰ বিকাশত পৰিৱেশেও অৰিহণা যোগায় ।উপযুক্ত সামাজিক, সাংস্কৃতিক, নৈতিক, শৈক্ষিক আদি পৰিৱেশে শিশুৰ বুদ্ধিৰ বিকাশত অৰিহণা যোগায় ।দৃষ্টান্তস্বৰূপে, এখন উন্নত ঠাই বা উন্নত চুবুৰীত বসবাস কৰা, ডাঙৰ-দীঘল হোৱা শিশুৰ মানসিক বিকাশ যিদৰে ঘটে, অনুপযুক্ত ঠাই বা চুবুৰীত বসবাস কৰা শিশুৰ মানসিক বিকাশ সেইদৰে নঘটে । গ) ঘৰ,বা পৰিয়াল: ঘৰখনেই হৈছে শিশুৰ সামাজিক জীৱনৰ প্ৰথম প্ৰদক্ষেপ আৰু এনেখন একমাত্ৰ ঠাই য’ত ল’ৰা-ছোৱালীক পুষ্টিকৰ আহাৰ, অধ্যয়নৰ বাবে সা-সৰঞ্জাম আৰু বিকাশৰ বাবে প্ৰয়োজনীয় অনুকূল পৰিবেশ প্ৰদান কৰা হয় । যিখন ঘৰে ল’ৰা-ছোৱালীৰ,বুদ্ধি বিকাশৰ বাবে তেওঁলোকৰ বুদ্ধি প্ৰয়োগ কৰি কিছুমান সমস্যা সমাধানৰ কাৰণে উৎসাহ আৰু সুবিধা দিয়ে, তেনে ঘৰৰ ল’ৰা-ছোৱালী সাধাৰণতে বুদ্ধিমান হোৱা দেখা যায় ।কাৰণ বুদ্ধি প্ৰয়োগ কৰিব পৰা কামবোৰ ল’ৰা-ছোৱালীক স্বৰ্তঃস্ফূৰ্তভাৱে আৰু মুক্তভাৱে কৰিবলৈ সুবিধা দিলে তেওঁলোকে সেইবোৰ নিজাকৈ সমাধান কৰিবলৈ যাওঁতে নিজেই নতুন নতুন বুদ্ধি প্ৰয়োগ কৰিব পাৰে।ফলত বুদ্ধি বিকাশ সম্ভৱ হৈ উঠে। ঘ) বিদ্যালয় : উপযুক্ত বিদ্যালয়ত শিক্ষাৰ্থীৰ বুদ্ধি বিকাশ উন্নত হয় ।কাৰণ বিদ্যালয়ৰ দৃঢ় নীতি-নিয়মৰ জৰিয়তে শিক্ষাৰ্থীৰ মাজত বৌদ্ধিক জীৱনৰ বাবে প্ৰয়োজনীয় নানান সু-অভ্যাস গঢ়ি উঠে।বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু শিক্ষাদান পদ্ধতি বিজ্ঞানসন্মত অথচ সহজ আৰু ৰসাল কৰি অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিলে শিক্ষাৰ্থীৰ শাৰিৰীক, মানসিক আৰু আৱেগিক এই তিনিও দিশত সমানে বিকাশ লাভ কৰিব পাৰে । ঙ) সমাজ আৰু সম্প্ৰদায় : ল’ৰা-ছোৱালী ডাঙৰ হৈ অহাৰ লগে লগে পৰিয়ালৰ পৰা ওলাই আহি ক্ৰমে সমাজৰ দ্বাৰা প্ৰভাৱিত হয় । সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ক্ৰিয়া-কল্পনা,ধ্যান-ধাৰণা,ধৰ্ম-বিশ্বাস, ভাষা-সংস্কৃতি, উৎসৱ-পাৰ্বন আদি ব্যৱস্থাই সমাজৰ ল’ৰা-ছোৱালীৰ মানসিক শক্তিৰ উৎকৰ্ষ সাধনত যথেষ্ট প্ৰভাৱ পেলায় ।সেয়ে এখন উন্নত সমাজৰ ল’ৰা-ছোৱালীবোৰৰ ধ্যান-ধাৰণা, চিন্তা-চৰ্চাও উন্নত মানদণ্ডৰ হয়।যিখন সমাজত সদায় সৃজনাত্মক, গঠনাত্মক বৌদ্ধিক দিশৰ চিন্তা-চৰ্চাও থাকে সেইখন সমাজৰ ল’ৰ-ছোৱালীবিলাকেও সেইবোৰ শিকিবলৈ সুবিধা পায় আৰু সেইবোৰৰ সহায় লৈ নতুন নতুন চিন্তা-চৰ্চা আৰু বুদ্ধিৰ প্ৰয়োগেৰে নতুন সৃষ্টিত অৱদান আগবঢ়াব পাৰে ।আনহাতে যিখন সমাজ বা সম্প্ৰদায়ে পৰম্পৰাগত অন্ধবিশ্বাস বশৱৰ্তী হৈ তাকে অনুকৰণ কৰি থাকে সেইখন সমাজত বাস কৰা ল’ৰা-ছোৱালীৰ বুদ্ধি বিকাশ উন্নত হোৱাৰ সম্ভাৱনা কম। গতিকে সামাজিক পৰিৱেশ, সামাজিক মানদণ্ড আদিয়ে সেই সমাজৰ ল’ৰা-ছোৱালীৰ বৌদ্ধিক আৰু মানসিক দিশৰ সুস্থ বিকাশত যথেষ্ট প্ৰভাৱ পেলায় ।
No comments:
Post a Comment