Post Top Ad
Wikipedia
Sunday, December 18, 2022
এনেকৈ নিদিবা অন্তিম বিদায় দৃশ্য ১৩ (কবি)
এনেকৈ নিদিবা অন্তিম বিদায়
Friday, April 9, 2021
এনেকৈ নিদিবা মোক আন্তিম বিদায় (দৃশ্য --৬)
দৃশ্য -৬
দিন বাগৰি নিশা হয় । নিশাৰ অন্তত আকৌ ৰঙা সূৰুজে কিৰণ বিলাই ধৰণীক উজ্বলাই তোলে । মেদিনীৰ প্ৰতিটো জীৱই প্ৰকৃতিৰ লগত নিজকে খাপ খুৱাই ল'বলৈ কৰ্মক আঁকোৱালি লয় । ময়ো নিজৰ মনক হেৰফেৰ হ'ব নোৱাৰাকৈ লক্ষ্যৰ জৰিৰে বান্ধি আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিলোঁ । কিন্তু জীৱন নদীৰ সোঁতটোক হেজাৰে বেঠা মাৰি পোনাই নিবলৈ প্ৰয়াস কৰিলেও সহজ হৈ নুঠে । এনে হয় - কেতিয়াবা যেন বেঠাহীন ভাবেই পোন গতিত গৈ থাকে । আকৌ কেতিয়াবা মুহূৰ্ততে সৰ্পিল গতিৰে পথ লয় । সৰ্পিল গতিত বেঠা মাৰি চিধা কৰিবলৈ গৈও বিফল হৈ এচুকত গৈ পৰি ৰওঁ । এৰা-ধৰা মাজেৰে ষষ্ঠ শ্ৰেণীৰপৰা সপ্তম শ্ৰেণীলৈ স্থান দশল কৰিলোঁ তৃতীয় । মনত আনন্দ জোৱাৰ । কিন্তু, দুটামান দিশে মোক ঢেঁকিৰ থুৰাই ঠেকেচা দৰে সদায় ঠেকেচি ঠেকেচি মনটোক চেপেটা কৰিছিল ।
এটা দিশে জুৰুলা কৰিবলৈ ঠেকেচিলে মনলৈ লৈ আহে মাথোঁ --এৰা বস্তু আকৌ কিয় ? আনৰ সুখত তুমি কিয় ? নিজেতো নিদিয়া , পোৱা সুখকণত তেন্তে তুমি কিয় ? মানে মনলৈ আহে নিৰ্জুমণিয়ে প্ৰাঞ্জলক ভাল পাব লাগে কিয় ? ---তেতিয়াই মনলৈ লৈ আহোঁ এই ধাৰণাবোৰ । কি ক'ম , কোনে বুজিব বুকুখনত খোছা মাৰি ধৰা জোংবোৰৰ বিষৰ যন্ত্ৰণাবোৰ । সহ্য কৰিব নোৱাৰোঁ , যেতিয়া নিৰ্জুমণিয়ে প্ৰাঞ্জলৰ লগত কথা পাতি খিল খিলাই থাকে । এনে যেন লাগে গৈ প্ৰাঞ্জলৰ বুকুতে ধৰি লওঁ আৰু দি দিওঁ নেকি কেই ঘুচামান । কিন্তু মনক বহুত ধৰ্য্যৰে থমাই যাওঁ । মনে মনে ভাবোঁ , নিৰ্জুমণিয়ে হয়তো মনৰ দুখবোৰ পাতলাবলৈয়ে এনে কৰিছে । হয়তো দুখবোৰ লৈ তো জীৱনৰ খুজবোৰ দিব নোৱাৰে । ময়ো তাৰ আনন্দত সুখী হোৱা উচিত । মোৰ ভাল পোৱাত তাইৰ সুখ আৰু আনন্দ থাকক । দিন বাগৰি যোৱা লগে লগে সহিব পৰা ক্ষমতাও বাঢ়ি গ'ল । কেৱল সেয়াই নহয়, সময়ৰ গতিয়ে প্ৰাঞ্জলৰ প্ৰতিও মোৰ এক আন্তৰিকতা উপজাই তুলিল । ভাল সহপাঠী তথা বন্ধু হিচাপে মন জয় কৰিল । হয়তো নেদেখাজনে মোৰ মংগলৰ বাবেই প্ৰাঞ্জল -নিৰ্জুমণিৰ সম্পৰ্ক গঢ়ি তুলিল । মোৰ প্ৰেমৰ লীলাতকৈ সিহঁতৰ প্ৰেমৰ ফুলনিৰ সৌন্দৰ্য্য বহুগুণে মুগ্ধ । খং ভাৱ আঁতৰি মন পাতল হৈ পৰিল । দুয়োৱে একেলগে বহি চানা-মটন খোৱা, টিফিনৰ সময়ত ফিল্ডত দুয়ো বহি বাৰ্তালাপ কৰা, হাতত ধৰা-ধৰিকৈ আহা-যাহ কৰা ইত্যাদি ইত্যাদিবোৰে মোৰ মনত পাছলৈ একোৱেই সাঁচ পেলাব পৰা নাছিল । কিন্তু মনলৈ এটাই আহিছিল --ভাল পাওঁ বাবেই তোমাক, তোমাৰ সুখ-আনন্দ বিচাৰোঁ । তুমি সুখী, মই সুখী । দুখে বিন্ধিছে, কিন্তু সহ্য কৰিছোঁ । তুমি সুখী হোৱা ।
মোৰ কথা এৰিলোঁ । কিন্তু মোৰ গেঙৰ সদস্যবৃন্দই হ'লে সিহঁতৰ প্ৰেমৰ লীলা সহ্য কৰিব নোৱাৰে । কিয় পাৰিব নো , দৌষ্টিৰ গাৰ্ল ফ্ৰেণ্ডক কোনোবাই পতাই ল'লে খং নুঠা সকল দৌষ্টি হ'বই নোৱাৰে ।
এটি সোমবাৰৰ কথা । প্ৰাঞ্জল আৰু নিৰ্জুমণিয়ে ফিল্ডত বহি আড্ডা পিটি আছে । মই বাৰাণ্ডাৰ পৰা চাই আছিলোঁ । মোৰ লগৰ এজনো স্কুলত আহি পোৱা নাছিল । বাৰাণ্ডাৰপৰা চাই থাকোঁতে মুকুন্দ আহি উপস্থিত হ'ল । স্কুলত প্ৰৱেশ কৰোঁতে মুকুন্দৰ চকুতো সিহঁত ওপৰত পৰিল । মুকুন্দই কাষলৈ আহি কয় --" অই, আজি ৰঙা কৰি পঠিয়াম বাপেকে । তই একো কৰিব নালাগে । তই ফচিব নালাগে । স্কুলৰপৰা ওলাই যাব লগা হ'লে মই যাম । আজি ইয়াক ৰঙা কৰিয়েই যাম । ছোৱালী পগলাটো । বেলেগ ছোৱালী দেখা নাই । তই কিন্তু মাজত সোমাই নলবি দেই ।"
: " কি হ'ল ? যোৱা বেগটো থৈ লোৱাগৈ । আজি ইমান দেৰিলৈকে তোমাৰ বাহিৰে কোনো পোৱাহি নাই যে ।"-- লাহেকৈ কথাষাৰ কৈ পিঠিত হাতখন থৈ শ্ৰেণীৰ কোঠালৈ সোমাই গ'লোঁ । বেগ থৈ ওলাই আহোঁতেই বলিন পালেহি ।
বলিনে মোৰ হাতত বেগটো দি কয়--"যোৱা চুন মিণ্টু , মোৰ বেগটো বেঞ্চত থৈ আহাগৈ । অই মুকুন্দ , সৌটোক চা --- , লাইন মাৰিছে । কুকুৰাটোক জিভা কাটি দিঙগৈ বৈ । সি আমাক চিনি পোৱা নাই । তাৰ বাপেকৰ বিয়া দেখুৱাই দিম । লাইন মাৰিবলৈ ছোৱালী পোৱা নাই ।"
: " বৈ বৈ তাক ৰঙা মাটি, বগা মাটি কৰি দিম । আমাক চিনি পোৱা নাই । " মুকুন্দই জাঙোৰ খাই কয় । ---" অই , যোগেশ্বৰ আৰু পৱিত্ৰ আহিলে কৈ দিবি যাবলৈ , আমি ৰঙা কৰিবলৈ গৈ আছোঁ । "
মোৰ লগত সিহঁত দুয়ো শ্ৰেণী কোঠালৈ সোমাই আহে ।আনফালে পৱিত্ৰ আৰু যোগেশ্বৰেও আহি দৰ্জা মুখত পাইহি ।,
: " বৈ বৈ বৈয়ে আও । কাক ৰঙা কৰিব লাগে, আমি আহি গ'লোঁ বে ।" -- পৱিত্ৰই দৰ্জা মুখৰ পৰা মাত দিয়ে । মোক বেগটো দলিয়াই দি কয় --এইটো ধৰ পাটনাৰ । আ যাঔ সব ।"
" কোন বে সেইডাল ? আজি মজা পাব সি ।" --- যোগেশ্বৰে হাত দুখনত থাপৰি মাৰি কয় ।
" সৌ প্ৰেম পগলাটো " -- মুকুন্দই আঙুলিয়াই দি কয় - "বৈ ।"
" ঔ প্ৰাঞ্জল কুট্টা, আজি প্ৰাঞ্জল চাঞ্জল হৈ যাব । তাক চাই আছোঁঙ্গ বহুত দিনৰ পৰা । আজি হৈ গ'ল তাৰ বে । বৈ বৈ । আগত কাম , পাছত নাম । "--- যোগেশ্বৰে আঙুলিৰ মুঠি বজাই কয় ।
মই সিহঁতৰ কথাৰ মাজত সোমাবলৈ সুবিধাই পোৱা নাছিলোঁ । শ্ৰেণীৰ পৰা ওলাই যাবলৈ লওঁতে কওঁ--" অই ৰ' চুন কি হ'ল তোমালোকৰ ? বাদ দে , তোমালোক মোৰহে বন্ধু ।"
" আঁৰেই য়াৰ, পাছ ফালৰ পৰা কেলেই মাত দিয়' ৰে । তাৰ তেল ফাঁটিছে । দেখিছ নাই । নাই নাই আজি আৰু নৰখোং । দিমেই দিম । তই নালাগে । ছাৰে, মাৰিলে আমাক মাৰিব । তোক নফচাং । তই দূৰৰপৰা চাই থাক । তাক যদি আজি ----" বুলি মুকুন্দই কথাবোৰ কৈ শেষ কৰোঁতেই বলিনে কয় ---" যি হয় হ'ব । ডোণ্ট কেয়াৰ । মুঠতে আজি প্ৰাঞ্জল হ'বই কেয়া । গৈ ডাৰেক্ট জেগাত দিম । "
" মই চলি কুচাতে ধৰি চুছৰাই আনিম । কুকুৰে ছোৱালী পটাবলৈ ষ্টাইলত চুলি কটা মজা আজি দেখুৱাই দিম বাপেকে । --যোগেশ্বৰে দাঁত দুপাৰি কৰচি গৰজি উঠে । এনে সময়তে সুৰভি আহি শ্ৰেণীকোঠাৰ দৰ্জা মুখত উপস্থিত হয় । আমাক দেখি তাই কয় --' বাহ , কি মেল বহিছে নো ? "
" একো নাই , মিণ্টুৱে নিৰ্জুমণিৰ লগত কথা পাতিবলৈ মন কৰিছে । আমাক মাতি আনিবলৈ কৈছে, তইতো জানই তাক মাতি আনিবলৈ আমাৰ সাহস নাই । যা চোন , তই মাতি আনি সহায় কৰ , অই । আৰু অলপ দেৰি হ'লে ঘণ্টাই পৰিব , মনৰ কথা মনতে ৰৈ যাব । যা যা খৰকৈ । বেগটো দে মই থৈ দিওঁ ।" ---এই বুলি পৱিত্ৰই সুৰভিক কৈ নিৰ্জুমণিক প্ৰাঞ্জলৰ ওচৰৰপৰা আঁতৰাই আনিবলৈ সুৰভিক পঠিয়াই দিলে । আমি সকলোৱে পৱিত্ৰৰ মুখলৈ থৰ লাগি চাই ৰ'লোঁ । মই ভাবিলোঁ সি কিয় মিছাকৈ মোৰ কথা কৈ নিৰ্জুমণিক মাতি পঠিয়ালে । মইতো মাতা নাই । মই কি কম এতিয়া । আৰু হঠাতে প্লেন সলনি হৈ গ'ল যে । খঙবোৰ নোহোৱা হৈ ক'লৈ গ'ল । মুখত আকস্মিক হাঁহি ক'ৰ পৰা আৰ্বিভাৱ হ'ল । মই তাক--" অই " বুলি মাতি মুখ মেলোঁতেই যোগেশ্বৰে পৱিত্ৰক এক ঘুচা দি কয়--" ভয় পাণ্ডুৰা, ভয় খাইছ । নালাগে তই যা । আমি তিনিটাই কাফি । "
" আকাহ্ , ৰ' ৰ' । মোৰ কথাটো শুন প্ৰথমতে । চা --- , নিৰ্জুমণিয়ে যদি তাৰ ওচৰত থাকে, আমি তাক কেনেকৈ মাৰিম । নিৰ্জুমণিয়ে জানোঁ কাজিয়াখন নেৰোৱাব । তাতেই লাগিব জগৰ । নিৰ্জুমণিয়ে আমাক বেয়া পাব । তাতে ছাৰৰ ওচৰত নিৰ্জুমণি সাখী হৈ পৰিব । গতিকে, সাপো মৰক, লাঠিও ভাগক । সেইফালে আঁতৰি এইফালে আহক । আমি দূৰত ঢোল কোবাই বিহু নাচিম । ঢোলটোক প্ৰতিটো কোবত হৈ কঢ়ায় হৈ কঢ়ায় মাত উলিয়াম । পাতিব নে নেপাতে । এৰিব নে নেৰে । আৰু কৈ থম যে আমি যদি তাক বালোঁ বুলি কয়, তেন্তে তাক একেবাৰে খালাচ কৰি দিম বুলি । " --বুলি কৈ পৱিত্ৰই যোগেশ্বৰৰ পিঠিত ধকিয়াই কয়---" কি বেয়া কৰিলোঁ নেকি পঠিয়াই ?"
" ল'ৰাটো মেথা কিছু আছে ৰে । অই , চা চা--- ছোৱালী পাগলাটো লগতে আহিছে । বৈ তাক তাত ৰখাই থম । নহ'লে সকলো ওলোটা হৈ যাব।তোমাৰ দৰে গেংটোত এজন মেথা থকা মানুহ লাগে ।"--- বলিনে পৱিত্ৰৰ পিঠিত ধকিয়াই কয় ।
" অই , তই নাই মাতা বুলি নকবি । যি পাত , পাতি থাকিবি । চলৌ চিপাহিঔ , চলৌ ।"-- বুলি কৈ গোটেইকেইটা ৰোমটোৰপৰা ওলাই যায় । মই থকবক খাই কি কৰোঁ , কি নকৰোঁ লগা ওগুল-থুগুল মনটোক লৈ ৰোমতে বহি ৰ'লোঁ । খিৰিকিখনেদি চাই পঠিয়াৱাত দেখিলোঁ প্ৰঞ্জল , নিৰ্জুমণি আৰু সুৰভি তিনিও কথাৰ ঢৌত হাঁহি হাঁহি আহি আছে । গৈ লগ হ'ল গৈ ইহঁত চাৰি । দেখিলোঁ, প্ৰাঞ্জলে আগতে পৱিত্ৰক কান্ধত ধৰি মাত দিছে । তাৰ পাছত ধৰিছে বলিনক । ওচৰতে সুৰভি আৰু নিৰ্জুমণিয়েও ৰৈ আছে । তাৰপাছত দেখিলোঁ নিৰ্জুমণিয়ে পৱিত্ৰ আৰু যোগেশ্বৰৰ হাতত ধৰি লগত আহিবলৈ টানিছে । মই ভাবিলোঁ, কি হ'ব এতিয়া । নিৰ্জুমণিয়ে গমেই পালে নেকি ? মই সিহঁতক পঠিয়াইছোঁ বুলি ভাবিছে নেকি ? মই সিহঁতক চাই থাকোঁতে ৰোমত সোমালহি মাজনি । আহি কাষতে বহিল । ক'লে -- " কি চাইছ , ভাইয়া । ঔ নিৰ্জুমণিক চাই আছ ।" মাজনিয়ে টপৰাই কাষৰপৰা উঠি গৈ দৰ্জা মুখৰ পৰা চিঞৰিলে --" অই, সোনকালে আহ, গোটেই খিনি ।"
সকলোৱে আহি শ্ৰেণীকোঠাত সোমাল । মাজত নিৰ্জুমণি , নিৰ্জুমণিয়ে বাঁওহাতে ধৰি আছে পৱিত্ৰক আৰু সোঁহাতেৰে ধৰি আছে যোগেশ্বৰক। আহিল , কাষত বহিল । ক'লে --" কোৱা, কিয় মাতিছিলা ।"
মই মুখ মেলা আগতেই যোগেশ্বৰে ক'লে --" আমিহে মাতিছিলোঁ । ই মাতা নাই ।"
" মিণ্টু, তোমাৰ বাবে মই পেঞ্চিল এডাল আনিছোঁ । ৰ'বা আনিছোঁ । " -- প্ৰাঞ্জলে গৈ বেগৰপৰা এডাল কাঠ পেঞ্চিল আৰু কেইটামান টেঙা মটন লৈ আহে । প্ৰথমে মোক পেঞ্চিলডাল দিয়ে । তাৰপিছত সকলোকে এটা এটা মটন দিয়ে । সেই ক্ষণতে প্ৰাৰ্থনাৰ বাবে বেলটো টং টং টঙকৈ বিজিল । সকলোৱে প্ৰাৰ্থনাৰ বাবে ওলাই গ'লোঁ । গৈ প্ৰাৰ্থনাৰ শাৰীত থিয় হ'লোঁ । মোৰ পাছত প্ৰাঞ্জল থিয় হ'ল । মোক ককালত ধৰি তাৰ থুটলিটো মোৰ কান্ধত থৈ তাৰ মূৰটো মোৰ মূৰটোৰ লগত লাহে লাহে খুন্দিয়াই থাকে । জানোঁ কিয়, সেই মূহুৰ্তত মোৰ এনে যেন লাগিল মোৰ বন্ধুৱে মোক ধৰি আছে । মই নিমাত হৈ আছিলোঁ । আগফালৰপৰা মাত আহিল--" চাবধান " । প্ৰঞ্জলে লগে লগে মোৰ কঁকালৰ পৰা হাত দুখন আঁতৰাই থিয় হৈ ৰ'ল । ময়ো ৰ'লোঁ । প্ৰাৰ্থনা আৰম্ভ হ'ল । শেষ হ'ল । শ্ৰেণীৰ কোঠালৈ গ'লোঁ । নিজৰ নিজৰ আসনত বহিলোঁগৈ ।
" আজি বাছি গ'ল । ৰ' তাক ।" --বলিনে লাহেকৈ মুকুন্দক ক'লে । লাহেকৈ মই ক'লোঁ --" বলিন, বাদ দিয়া সেইবোৰ । তোমালোকে কাজিয়া কৰি থাকিব নালাগে । তাক একোৱেই নকৰিবা হাঁ ।"
" হ'ব দে , তই নকৰিবি কৈছ যেতিয়া একোৱেই নকৰোঁ । বাদ দিলোঁ আকোনো ।"
" হ'ব , বাৰু । আজি মই দ্বিতীয়ত বহোঁ । "
" হ'ব হ'ব ব'হ্ । কিন্তু গণিতৰ ক্লাছত হ'লে প্ৰথমত বহিব লাগিব ।"----এই বুলি যোগেশ্বৰে কৈ বেঞ্চখনৰ প্ৰথমত বহিল । গণিত আৰু বিজ্ঞানৰ কলাংশ ক'লেই আমাৰ কলিজাটো কপি থাকে । কাৰণ গণিত-বিজ্ঞানৰ শিক্ষক শ্ৰীযুত যুগল কোঁৱৰ ছাৰে আমাক সদায় ৰঙা চকুৰে চায় । শ্ৰেণীত প্ৰৱেশ কৰা লগেই লগেই আমাৰ বেঞ্চখনলৈ দৃষ্টি পেলায় । ছাৰৰ কাৰা নিৰ্দেশ--আমি তেখেতৰ ক্লাছত একেলগে কেতিয়াও বহিব নোৱাৰোঁ । যদি ছাৰৰ কথাক অমান্য কৰোঁ, তেন্তে পিঠি আৰু হাতত পোৱা কোবত চকুৰ আগত ৰঙা-নীলা দেখি যাওঁ । সেয়ে আমি পাঁচোজনে ভাগ হৈ বহোঁ এই দুটা ক্লাছত । নকওঁ ক'লেও ক'বই লাগিব যে আমাৰ বেঞ্চখন শেষৰ বেঞ্চ । সেই দিনটোত মোৰ আৰু বলিনৰ পাল আছিল শেষৰ বেঞ্চত । আনফালে যোগেশ্বৰৰ পাল আছিল আমাৰ আগৰ বেঞ্চখনত প্ৰঞ্জলহঁতৰ লগত । গণিতৰ কলাংশ আহিল । সকলোৱে নিতৌ সলনি কৰি কৰি বহা নিয়মানুসাৰে বহিলোঁ । শেষৰ বেঞ্চখনৰ প্ৰথমত মই । মোৰ আগৰ বেঞ্চখনৰ প্ৰথমত মানস । মানসৰ ওচৰত প্ৰাঞ্জল । প্ৰাঞ্জলৰ পাছত মানে মই বহা বেঞ্চখনৰ দ্বিতীয়ত বলিন বহিছিল । ক্লাছ চলি থকা সময়তে হঠাতে আহিল এক দুৰ্গন্ধ । গোন্ধ পাই সকলোৰে নাক কোচখাই গ'ল । প্ৰাঞ্জলে আমাৰ ফালে ঘূৰি ক'লে পান্দিলে কোনোবাই । প্ৰাঞ্জলৰ চকু বলিনৰ চকুত পৰিল। বলিনে ভাবিলে তাকেই কৈছে । বলিনে লাহেকৈ ক'লে --" মই পান্দিলোঙ্গ হা ---।"
বলিনৰ মাত গৈ যুগল ছাৰৰ কাণত পাৰিলগৈ । ছাৰৰ পৰা বতাহ ফালি মাত আহিল --" জধা মূৰ্খকেইটাৰ পৰা শান্তি নাই । এটা ক্লাছোও শান্তিত কৰিব নিদিয়ে । পঢ়াই থাকা সময়ত কিয় কথা পাতি থাকা । প্ৰাঞ্জল এইফালে আহা । যোৱা অফিচৰপৰা সোতৰ নম্বৰ বেটডাল লৈ আহাগৈ ।"
প্ৰাঞ্জলে যাওঁ নাযাওঁ কৈ গৈ অফিচৰপৰা বেটডাল লৈ আহিলগৈ । প্ৰাঞ্জলৰ বুকুখনো যে কঁপি আছিল , মই কিন্তু এশ শতাংশই ক'ব পাৰোঁ । এফালে ভয় খাইছিল ছাৰে পিটিব, আনফালে ভয় খাইছিল যদি বলিনক কোবাই তেতিয়া হ'লে আমাৰ গেংটোৱে তাক দিব । প্ৰাঞ্জলে ৰঙা জঙা পৰি গৈছিল । টেবুলখনত বেটডাল থৈ ভয়ে ভয়ে আহি নিজৰ আসনত বহিলহি ।
"মিণ্টু উঠা , কোনে কথা পাতি আছিল ? "---ছাৰে খঙেৰে ডাঙৰকৈ মাত দিছিল ।
" ছাৰ, তেনেকৈ কথা পাতা নাছিলোঁ । প্ৰাঞ্জলেহে আমাৰ পাছফালে চাই পান্দিলি বুলি কৈছিল ।"
"বহা , তুমি ।"
মই ভয়ে ভয়ে বহিলোঁ । মনতে ভাবিলোঁ , আজি মাৰ খালোঁ আৰু ভালকৈ । মাৰ খোৱাতকৈ নিৰ্জুমণিৰ আগত লাজ পোৱাতোহে মোৰ মনত এক লজ্জাবোধে বাহৰ পাতি লৈছিল । নিজুমণিৰ সন্মুখত নিজকে এজন সভ্য হিচাপে চিনাকী দিবলৈ সদায় প্ৰয়াস কৰোঁ । কিন্তু সময়ৰ প্ৰৱাহেৰে গাঁঠি যোৱা বেটডালে কোবাই কোবাই দেখোন কল্পনাক অজলা সজাই জোলোঙা কৰি লয় । হয়তো কেতিয়াবা সেই জোলোঙা হোৱাৰ সুযোগকণ মই নিজেই দিওঁ নতুবা কেতিয়াবা মোৰ বন্ধুবৰ্গই দিয়ে । কিন্তু চিধা হৈ হ'লে সদায় টিকি থাকিব নোৱাৰোঁ ।
ছাৰে , বেটডাল লৈ আহি আমাৰ ওচৰত পালেহি । ছাৰৰ খঙাল চকু দুটা আৰু মুখমণ্ডলৰ বৰণ দেখি বুজি পাইছিলোঁ যে তেখেতৰ খং যে গৈ মূৰৰ চূলিৰ ওপৰত ৰৈ আছেগৈ । আৰু সেই খং নমাবলৈ যে আমাৰ ওপৰত সোতৰ নম্বৰ বেটডাল ব্যৱহাৰ কৰিব সেইটো খাটাং ।
" কিয় পঢ়ুৱাৰ সময়ত কথা পাতি থাকা । মা -দেউতাই গৰম গৰম ভাত খুৱাই পঠিয়াব ল'ৰা বনক বুলি তোমালোকে ক্লাছত মষ্টি কথা পাতিবা। মিণ্টু, উঠা । কোৱা , কোনে কথাপাতিছিল ?
Friday, October 23, 2020
এনেকৈ নিদিবা মোক অন্তিম কবিদায় ( দৃশ্য ---৫)
যন্ত্ৰণা নিমৰ্জিত জীৱন (দৃশ্য --৫)
" মোক কোনোৱেও নুবুজে । তুমিও বুজিবলৈ প্ৰয়াস নকৰা নিৰ্জুমণি । মই নিজেও বুজি নাপাওঁ , মই কিয় দুৰ্ভগীয়া । সুখৰ পৰিৱৰ্তে কিয় নিতৌ যন্ত্ৰণা পাওঁ । যন্ত্ৰণাৰ সাগৰত কিয় সদায় ডুবোঁ । মোক তুমিও নুবুজিলা , পৰিয়ালৰ লোকেও নুবুজে । মই বৰ অকলশৰীয়া অ' । মই বৰ অকলশৰীয়া । তুমি কৈছিলা --মই কান্দিলে বেয়া দেখে , কিন্তু মোৰ জীৱনৰ ৰঙবোৰৰ কথা নাজানা । আজি মই ইয়াত হিয়াখনক সাৱটি কান্দিছোঁ , মই বহুত কষ্ট পাইছোঁ অ' নিৰ্জুমণি , মই বহুত কষ্ট পাইছোঁ , বহুত কষ্ট । চোৱা , মোৰ গাল দুখন । চোৱা --কেৱল লোতক আৰু লোতক । এই লোতকক মুঁচিবলৈ ইয়াত কোনো নাই । আছোঁ অকল মই আৰু মোৰ বুকুত খুন্দিয়াই থকা যন্ত্ৰণাবোৰ । মই পাগলৰ দৰেই কান্দিছোঁ ,চোৱাঁ পাগলৰ দৰেই জনশূন্যত অকলে অকলে কথা পাতিছোঁ । মোৰ কোনো আপোন নাই । মোক হিয়া ভৰাই মৰম দি কোনোৱে নামাতে । কিন্তু মাতিছিলা তুমি । চোৱাঁ মই কিমান দুৰ্ভাগ্য , পাইয়ো তোমাক হেৰুৱাইছোঁ । মোৰ চাগে জীৱনৰ ক্ষণবোৰত সুখৰ বন্তি জ্বলাই উশাহ-নিশাহ চলাই নিব পৰা সেউজ পল নাই ।
তোমাক বহুত কথাই নক'লোঁ , হয়তো কোৱাহেঁতেন তুমিও মোক ঘৃণ কৰিলাহেঁতেন । মোক তোমাৰ মৰমবোৰ নিদিলাহঁতেন । মই নক'লোঁ , তোমাক মোৰ বেদনাৰে ভৰা জীৱনটোৰ বিষয়ে । সৰুৰে পৰা মা-দেউতা , পৰিয়াল -পৰিজনৰ পৰা নোপোৱা মৰম-চেনেহবোৰ তোমাৰ পৰা পাইছিলোঁ । বেদনাবোৰ মচি গৈ সুখী মনৰ গৰাকী হৈছিলোঁ ।কিন্তু -------- চোৱাঁ না চোৱাঁ , আজি আকৌ আগৰ চকুলো নিজৰাই দুগালক গ্ৰাহ কৰি পেলাইছে ।
মই জানোঁ , তুমি তোমাৰ মা-দেউতাৰ আলসৰ লাড়ু । কিন্তু মই মোৰ দেউতাৰ কালশত্ৰু । নাজানোঁ , মোক দেউতাই কিয় ইমান ঘৃণ কৰে ; কিয় নিকৃষ্টমানৰ আচাৰ-ব্যৱহাৰ কৰে । মোৰ মা , মোতকৈও দুৰ্ভাগ্যৱৰ্তী । নিজৰ সন্তানক নিজৰ কাষত থাকিও মৰম -চেনেহ কৰিব নোৱাৰা মাতৃ গৰাকীতকৈও কোন দুৰ্ভগীয়া হ'ব পাৰে । মহাভাৰতৰ কৰ্ণৰ মাতৃ কুন্তীতকৈও বহু গুণে দুৰ্ভগীয়া । " ----- পথাৰৰ আলি এটাত দীঘল দি পৰি ওপৰলৈ মুখখন কৰি আকাশখনলৈ চাই চাই চিঞৰি চিঞৰি কান্দি কান্দি কথাবোৰ কৈ কৈ মনত শান্তনা ল'লোঁ । বহু পৰৰ পাছত নকন্দাকৈ গৈ পথাৰৰ মাজত থকা এটা নেপকুৰ কাৰেণ্টৰ খুঁটাৰ ওপৰত উঠি থাকিলোঁ । ওপৰৰ পৰা গৰুকেইটালৈ চাই পঠিয়ালোঁ । দেখিলোঁ সুন্দৰকৈ চৰি আছে । মনটোক বুজাবলৈ পুনৰ প্ৰয়াস কৰিলোঁ । বিবেকে মনটোক বুজনি দিলে যে বাদ দিয়া এইবোৰ । মনটোৱে বেদনাৰ বিচনাখনত শোলে । এবাৰ দুবাৰ মনটোৱে কয় --নহ'লে মই ইয়াৰ পৰা জাঁপ মাৰি একেবাৰে শেষ হৈ যাওঁ নেকি ? কিন্তু বিবেকে কয় লাভ নাই । বিনিময় হিচাপে তুমি সুখ নোপোৱা , বৰ্তমানৰ দুখতকৈও অধিক দুখহে পাবা । যদি পৰি দি মৃত্যু নহৈ হাত-ভৰি ভঙাকৈ আঘাত প্ৰাপ্ত হোৱা তেন্তে তোমাক কোনে শুশ্ৰূষা কৰিব । এতিয়াতকৈও অধিক যন্ত্ৰণা পাবা ।
কথাবোৰ দ কৈ ভাবি চালোঁ । অৱশেষত আত্মহত্যাৰ প্ৰতি থকা ধাৰণাটোক বাদ দিলোঁ । কাৰেণ্ট খুঁটাৰ পৰা নামি আহি চৰি থকা গৰুকেইটাক খুঁটিৰ পৰা ৰচিবোৰ খুলি খেদি আনি ঘৰত পালোঁহি ।
সন্ধিয়া পৰত ঘৰত উপস্থিত হোৱা হেতুকে সৰু বাইদেউৱে সুধিলে ," কি হ'ল ? আজি গৰুকেইটা আনোঁতে ইমান ডেৰি হ'ল যে ? ক'ত সোমাই আছিলি ? গোহালিত নিজৰ নিজৰ খুঁটিত গৰুকেইটা বান্ধি থৈ আহগৈ । "
" গৰুকেইটা ইফালে -সিফালে দৌৰিছিল। সেইবাবে পলম হ'ল । " ------মিছা কথাৰে বাইদেউৰ প্ৰশ্নৰ উত্তৰ দিলোঁ । বাইদেউৰ হাতত এটা বন বিস্কুতৰ পেকেট আছিল । পেকেটটো দেখি পটে কলকলাইছিল আৰু ভুকাতুৰ মনে খাবলৈ মনস্থ কৰিছিল । মই ভাবিছিলোঁ , বাইদেউৱে বন এটা খাবলৈ দিব । কিন্তু "ভবা কথা নহয় সিদ্ধি , বাটত থাকে কণা বিধি " -বুলি কোৱা প্ৰবচনৰ কথাই খাটিল । বন খাবলৈ পাম বুলি আশাৰে গৰুকেইটা গোহালিৰ খুঁটিত বান্ধি , হাত-ভৰি ধুই ভিতৰলৈ আহিলোঁ । দেখিলোঁ যে বাইদেউৱে ভাইটিৰ লগত বহি ইতিমধ্যে বনবোৰ খাই শেষ কৰিলে । মনত বৰ দুখ লাগিল । নিশাৰ পৰা গধূলীৰ পৰ্যন্ত পানীৰ বাহিৰে পেটত একো পৰা নাছিল । ভাবিছিলোঁ , এটুকুৰা হ'লেও বন খাবলৈ পাম । পেটটোৱে অলপ শান্তনা পাব । কিন্তু আশাত চেঁচা পানী পৰিল ।
লাহেকৈ জ্যেষ্ঠ বাইদেউৰ কাষলৈ গৈ ক'লোঁ--" বাই , ভোক লাগিছে । খাবলৈ কিবা পাম নেকি ? গাটো বৰ ভাগৰ ভাগৰ , দুৰ্বল দুৰ্বল লাগিছে । কালি গধূলিৰ পৰা এতিয়ালৈকে পেট ভৰা একো বস্তুৱেই খোৱা নাই ।"
" নাই , পুৱা তোলৈ বাঢ়ি থোৱা ভাতখিনি লেলাই খাই পেলালে । একোৱেই নাই খাবলৈ । ভাতৰ চৰুটো সোনকালে পাতিবলৈ চাউলো নাই । বাবাই বজাৰলৈ গৈছে , সি চাউল আনিলেহে ভাত বনাব পাৰিম । হ'ব দে অলপ সময় এনেদৰে থাক । ঠাণ্ডা পানী দুগিলাচ মান খাই ল' । যা , বাবা নহাৰ আগতে অলপ পঢ়ি ল' গৈ। সি আহিলে আঁতৰি থাকিবি । আগত ওলাই নাথাকিবি । যা , পঢ়িলেহে ডাঙৰ মানুহ হয় , নপঢ়িলে আজিৰ দৰেই মাটিৰ মানুহ হৈ থাকিব লাগিব ।"---- কথাবোৰ কওঁতে বাইদেউৰ চকুযুৰি নয়নাশ্ৰুৰে জলজলীয়া হৈ পৰিছিল । বাইদেউৱে অসীম ধৈৰ্যৰে কথাবোৰ কৈ গৈছিল । মোৰ মনটোৱে বাইদেউক কন্দুৱাব খুজা নাছিল । বাইদেউৰ হৃদয়ৰ বেদনাৰ ঢৌৰ কোববোৰে বাইদেউক কেনে পৰিস্থিতিত ৰাখিছিল ,তাক এক কল্পনাৰে মই অনুতাপ কৰিছিলোঁ । মই বাইদেউৰ ওচৰৰ পৰা আঁতৰি আহিলোঁ । ভিতৰৰ পৰা ওলাই গৈ চোতালত ৰ'লোঁ । ফৰকাল বতৰ । নিশা আকাশত জোনবাইয়ে ডাঁৱৰৰ স'তে লুকা-ভাকো খেলি আছে । আকাশখনলৈ প্ৰত্যক্ষ কৰিলোঁ । অলপ সময় আকাশখনলৈ চাই চাই চোতালতে ৰ'লোঁ । ভিতৰৰ পৰা মাত আহিছিল সৰু বাইদেউৱে ভাইটিক পঢ়াই থকা । মনত উদয় হ'ল - মোকো যদি কোনোবাই এনেদৰে পঢ়াই দিয়াহেঁতেন । মই বাৰু কিয় ইমান পৰিয়ালৰ মানুহবোৰৰ পৰা তিৰস্কৃত হওঁ । মোক বাৰু কিয় সকলোৱে ওচৰ চাপিব নিদিয়ে ? কিয় ঘিণ কৰে ? কিয় মোৰ ওপৰত খং কৰে ? কিয় সামান্য কথাতে গালি-শপনি পাৰে ? মাৰ-পিট কৰে ? ভাইটিক কৰা দৰে মোক বাৰু কিয় মৰম নকৰে ? মোৰ ভোক-পিয়াহৰ কথা বাৰু কিয় নাভাবে ? দেউতাই মোক দেখিলেই কিয় বাৰু মাৰিবলৈ খেদি আহে ? মোক মাৰিলে কিয় কোনোৱে এৰোৱাবলৈ আগবাঢ়ি নাহে । এনেবোৰ কথাই মোৰ মনত খলকণি সৃষ্টি কৰিছিল । মনটোক শান্তনা দিবলৈ বুলি ৰাস্তালৈ ওলাই গ'লোঁ । অকলশৰে গৈ পুলৰ ওপৰত বহিলোঁ । হাত দুখন আঁঠুত থৈ , হাত দুখনত মূৰটো লগাই কান্দিবলৈ আৰম্ভ কৰিলোঁ । বিবেকে এবাৰ মনটোক বুজায় , আৰু কয় ধৈৰ্য ধৰা । সময়ৰ গতিত সকলো ঠিক হৈ যাব । এদিন সকলোৱে তোমাৰ মত অনুসৰি চলিব । তুমি নিজকে প্ৰতিস্থাপিত কৰা ।
বিবেকে আগবঢ়াই দিয়া পৰামৰ্শই মনত উদ্ভাসিত কৰাই অদম্য সাহস আৰু শান্তনা । সাহসী মনে সততে সুখৰ কল্পনা কৰি এক কল্পিত জগতত প্ৰৱেশ কৰে । মনটোক কথা দিওঁ মই এদিন সফলতাকাৰী হমেই । মা-দেউতাৰ লগতে সকলোৱে মোক মাতিবই । মোৰ জীৱনৰ পৰা যোৱা সুখৰ পলবোৰ ঘূৰাই নাপাওঁ সেইটো সত্য , কিন্তু অনাগত দিনবোৰ বিগত দিনবোৰৰ দৰে হ'বলৈ নিদিওঁ । মই সকলোৰে মন জিনি আপোন হ'ব পাৰিবই লাগিব ।
ভিন্ন ভিন্ন আশাৰে গাঁঠি যোৱা ভাবিত কথাবোৰ মনটোৱে নিজকে কৈ কৈ সময়বোৰ পাৰ কৰি থাকোঁতে হঠাতে শুনা পালোঁ --এক ঘট্ ঘট্ ঘট্ কৈ আহি থকা এখন ঠেলাৰ শব্দ । জানিব পাৰিলোঁ সেয়া দেউতাৰ বাহিৰে অন্য কোনো নহয় । মই দেউতাই সেই ঠাইত আহি নোপোৱাৰ আগতে পুলৰ পৰা উঠি ঘৰমূৱা হৈ বেগেৰে খুজ দিলোঁ । ঘৰত উপস্থিত হৈ শোৱা কোঠাত সোমাই নিৰৱে নিৰৱে মই শোৱা চুকটোত ৰ'লোঁ । চুকটোত এখন বস্তা পাৰি ল'লোঁ । তাৰ ওপৰত ফটা কাপোৰেৰে তৈয়াৰী গাৰুটি থলোঁ । সেইখনেই মোৰ মূল্যৱান বিচনা । প্ৰয়োজন সাপেক্ষে কেতিয়াবা হাতত কঢ়িয়াই নি নিৰ্বাচিত শুবলৈ ঠিক কৰা ঠাই টুকুৰাত বিচনাখন ঠিক কৰি লওঁ । বিচনাখনত বহি চাকি এটা লৈ কিতাপখন মেলি লৈছিলোঁ । এনে সময়তে তৃতীয় গৰাকী বাইদেউৱে কোঠালৈ সোমাই আহি কয়--" এতিয়া পঢ়িব নালাগে দে । বাবা আহিছে । চাকীটো বাহিৰলৈ নিওঁ । তই মনে মনে শুই থাক । ৰাতিপুৱা পঢ়িবি । " মই একো মাত নিদিলোঁ । বাইদেউৱে চাকিটো লৈ গৈ দেউতাৰ ওচৰত পালেগৈ । মই বিচনাখনতে দীঘল দি পৰিলোঁ । মনতে ভাবিলোঁ , দেউতাই যদি বিস্কুত আনিছে মোক দিলে হয় আৰু । বৰ ভোক লাগিছে । ভাতটো এতিয়া নহয়। বহুত সময় লাগিব ৰান্ধি শেষ কৰিবলৈ । হঠাতে আকৌ মনলৈ আহিল নিৰ্জুমনিৰ কথা । মনটোৱে উদঙালে যে নিৰ্জুমনিয়ে বাৰু মনতে দুখ কৰি আছে নেকি ? ভাত পানী নোখোৱাকৈ শুই আছে নেকি বাৰু ? চাগে তাই নোখোৱাকৈ থকা নাই । নিশ্বয় খাইছে । মাক-দেউতাকে ফুচুলাই হ'লেও খুওৱাইছে । হ'ব দিয়া , মিছাতে আনৰ কথা চিন্তা কৰিব নালাগে ।
দেউতা আহি জুইশালাত বহিলহি । জুইকোৰা দপদপাই জ্বলি আছে । তাৰ ওপৰত চাহৰ কেটলীটো বহাই থোৱা আছে । দেউতাই বজাৰৰ পৰা লৈ আহা সামগ্ৰীবোৰ এটা এটাকৈ ওলিয়াই ডলাখনত আৰু চালনীখনত থৈ গৈছে । ওচৰতে ভাইটি সীমান্ত বহি আছে । ভাইটিয়ে একান্ত মনে বস্তুবোৰলৈ লক্ষ্য কৰি গৈ আছে । সি এনেদৰে জোপ লৈ আছে যে মোনাৰ পৰা বিস্কুত উলিয়াই থলেই থাপ মাৰি ধৰিব। আনফালে অলপ দূৰৰ পৰা দেউতাই বস্তুবোৰ ওলিয়াই থাকা চাই আছে । মই চুৰ মেকুৰীৰ দৰে বেৰৰ ফাঁকেৰে জুঁপি জুঁপি সেই সকলোবোৰ দৃশ্য প্ৰত্যক্ষ কৰি আছিলোঁ । দেউতাই লাহেকৈ এটা সৰু মোনাৰ পৰা দুটা মুৰিৰ লাডুৰ পেকেট ওলিয়াই এটা পেকেট ভাইটিক আৰু এটা পেকেট সৰু ভাইদেউক দিলে । এটি পলিথিনত গুৰ আনিছিল । গুৰখিনি জ্যেষ্ঠ বাইদেউৰ হাতত দিলে । জ্যেষ্ঠ বাইদেউৱে ৰশ্মি বাইদেউক কাটি ভাগ কৰিবলৈ দি বাকী সামগ্ৰীবোৰ পাকঘৰলৈ লৈ যায় । বস্তুবোৰ পাকঘৰত থৈ হাতত চাহ বাকীবলৈ গিলাছ আৰু বাটি লৈ আহে । মাটিত গিলাছ-বাতিবোৰ থৈ জুইৰ পৰা চাহৰ কেটলীটো নমাই আনি চাহ ঢালে । সকলোৱে নিজে নিজে এটুকুৰা গুৰ আৰু চাহৰ পাত্ৰ এটা এটা লৈ জুইশালৰ পৰা আঁতৰ হয় । মই চাহ নাখাওঁ । সেয়ে ৰশ্মি বাইদেউৱে মোক এটুকুৰা গুৰ দি গ'লহি ।
" মুৰিৰ লাডু নো ? " --মই লাহেকৈ সোধিলোঁ যাতে দেউতাই মোৰ মাতটো শুনা নাপায় । ভাবিছিলোঁ , মই এটা হ'লেও খাবলৈ পাম । কিন্তু ভবাৰ দৰে নহ'ল ।
" নাই , সিহঁতি নিদিলে । অকলে অকলে খালে । আমিও খোৱা নাই । গুৰ টুকুৰাকে খা । অলপ পাছত ভাতেই হ'ব । মনে মনে সোমাই থাক ভিতৰতে । বাবাৰ আগত নোলাবি । ভাগৰে -চিগৰে আহিছে । "
মোৰ মনৰ যন্ত্ৰণাই মোৰ জীৱনৰ পৰম বন্ধু , যি কোনো মুহূৰ্ততেই এৰি নিদিয়ে । শুওঁতে , বহোঁতে , খাওঁতে নতুবা ক'ৰবালৈ যাওঁতেও সকলো সময়তে লগতে যায় আৰু লগতে থাকে । সৰুৰে পৰা একেদৰেই দেউতা তথা পৰিয়ালৰ সকলোৰ পৰাই মৰম-চেনেহৰ পৰিৱৰ্তে নিতৌ এটি উপহাৰ হিচাপে পাওঁ যন্ত্ৰণা । যন্ত্ৰণাবোৰক থবলৈ হৃদয়খনত ঠাই নোহোৱা হৈ যায়। সেয়ে ঠাই ওলিয়াবলৈ কেতিয়াবা জনশূন্য এক নিৰ্জন ঠাইত ফেকুৰি ফেকুৰি কান্দোঁ । বেজাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মূৰটোত হাত দুখনে থাপৰিয়াওঁ । এবাৰ দুবাৰ কৈ উঠোঁ --ভগৱান মোক মাৰি নিনিয়া কিয় ? মোক কিয় জীয়াই ৰাখিছা ? মোৰ কি কাম আছে ? মোৰ দৰে এটা কলঙকিত ল'ৰা কিয় জীয়াই থাকিব লাগে ? মোক দেউতাই নামাতে , মায়েও মাতো নামাতোকৈ মাতে ,তাকো বহু দিনৰ মূৰত । ভাইটিক পেট ভৰাই খাবলৈ দিয়ে । ধুনীয়াকৈ পিন্ধিবলৈ সাজ-পোছাক যোগান ধৰে । কিন্তু মোক দেখোন এবছৰত এটা পেণ্ট আৰু এটা চোলাই কিনি নিদিয়ে ।ভাইটিক সকলোৱে দিয়ে । মোক ডাঙৰ বাইদেউ আৰু ৰশ্মি বাইদেউৰ বাহিৰে দেখোন কোনেও নিদিয়ে । মৰমো নকৰে । ওচৰলৈ গ'লেও মাৰে , গালি দিয়ে । ক'ৰবালৈ গ'লে মোক দেখিলে অমংগল হয় বুলি কয় । সিহঁতৰ আগত ওলাবলৈয়ে নিদিয়ে ।
চাহ খাই দেউতাই মদ খাবলৈ ওলাই গ'ল । নিতৌ মদ খাবলৈ যোৱাটো দেউতাৰ অভ্যাস । মদ খাই পগলা হৈ নিশা এঘাৰ বাৰ বজাত ঘৰলৈকে ঘূৰি আহে । হয়তো কেতিয়াবা পুৱতি নিশা এক ডেৰ বাজে । বেছি ভাগ দিনেই দেউতাক বিচাৰি যাব লগা হয় । বিচাৰি নগ'লে দেউতাই দুই -তিনি বজাত ঘৰ ওলাইহি আৰু পাছ দিনা দিনটো মদ খাই সময়বোৰ কটায় । দেউতাক কিন্তু ডাঙৰ বাইদেউ ,ৰশ্মি বাইদেউ আৰু মইহে বিচাৰি যাওঁ । পৰিয়ালৰ বাকী সদস্যসকলে ঘোৰ টপনিত মগ্ন হৈ থাকে । দেউতাই ঘৰলৈ আহি শান্তিৰে শুইও নাথাকে , মাক ভিন্ন ভিন্ন কথাৰে গালি-শপনি দি থাকে । গালি-শপনিতে ক্ষান্ত নাথাকি মাৰিবলৈও শোৱা কোঠালৈ খেদি যায় । কিন্তু দাদাহঁতে দেউতাক ধমকি দিয়াত শান্ত হয় । কেৱল মাকে নহয় মোকো , মাৰিবলৈ বিচাৰি ফুৰে । কিন্তু মোক মাৰিবলৈ ঘৰত হুলস্থুল কৰিলে দেউতাক কোনেও একো নকয় । সেয়ে কেতিয়াবা বাহিৰত বাৰান্দাত বহি থাকোঁ ,কেতিয়াবা বাইদেউহঁতৰ বিচনাখনৰ তলত সোমাই থাকোঁ । মোৰ জীৱনৰ বেছি ভাগ নিশাৰ বিচনাখন বাইদেউহঁতৰ বিচনাখনৰ তলতে হয় । কেতিয়াবা কেতিয়াবা ভঁৰালৰ ভিতৰত বিচনা ঠিক কৰি শুই থাকোঁ , যি দিনা বেছিকৈ মোক মাৰিবলৈ ভিতৰলৈ গৈ থাকে ।
দেউতা গুচি যোৱাত মই গৈ পাকঘৰত পালোঁগৈ । ভাইটিও পাকঘৰত আছিল । ভাইটিয়ে হঠাতে আহি মোক এক গোৰ মাৰি দিয়ে আৰু নিজে লুটি খাই পৰে । লগে লগে কান্দিবলৈ ধৰে । ভাইটিৰ কান্দোন শুনি দেউতা ঘূৰি আহে । ভিতৰত সোমাই সোধে কি হ'ল ইয়াৰ ? ভাইটিয়ে দেউতাক মিছা কথাৰে মোৰ ওপৰত অভিযোগ দিয়ে । দেউতাই বেগেৰে গৈ মোৰ চুলিত ধৰি চুচৰাই পাকঘৰৰ পৰা জুইশালৰ কোঠালৈ লৈ আহে । মোক চৰ , ভুকু আৰু গোৰ মাৰে । বিষত বাই বাই বুলি চিঞৰোঁ । বায়ে এৰুৱাবলৈ চেষ্টা কৰে ; কিন্তু নোৱাৰে । এবাৰ মোক এৰি এডাল লাঠি ল'বলৈ লওঁতে মই উঠি পলালোঁ । মই নিশাটো খেৰ ঘৰত কটালোঁ । গোটেই নিশা ভুকত আৰু বিষত চটফটাই চটফটাই কটালোঁ । পুৱা সোনকালে উঠি নাদৰ পৰা পানী তুলি খাওঁ । গাতো ইমানেই দুৰ্বল লাগিল যে মই যেন নাবাচিম । ধপকৈ মাটিত পৰি মৰি যাম । মনটোৱে একো বিচৰা নাছিল , মাথোঁ বিচাৰিছিল --যদি মৰি যোৱাৰ আগত মা-দেউতাক এবাৰ দেখিলোঁহেঁতেন , মোৰ সপোনৰ বন্ধু আৰু ভাইটিক এবাৰ দেখিলোঁহেঁতেন । মই পুনৰ গৈ খেৰ ঘৰত উঠি দীঘল দি শুই দিলোঁ । খেৰ ঘৰটোৰ পৰা ঘৰৰ পাছফালৰ দুৱাৰখনেদি ওলোৱা সোমোৱা সকলোকে দেখা যায় । সেয়ে মই দুৱাৰখনৰ ফালে চাই চাই শুই আছিলোঁ । ভাবিছিলোঁ , বাইদেউহঁতক দেখিলে ভাত খুজিম । মা-দেউতা ওলাই আহিলে দেখিম ।
কণত পৰিল মেঘৰ গুজৰণি । পলকতে দেখিলোঁ ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিছে । বৰষুণৰ টোপালবোৰে কাৰো মাতকে নুশুনা কৰি নিজৰ প্ৰভুত্ব প্ৰদৰ্শন কৰিছিল । মোৰ চকুযুৰিয়ে ডবাপিটা বৰষুণৰ মাজেৰে পাছফালৰ দৰ্জাখনলৈ প্ৰত্যক্ষ কৰি আছিল । কিন্তু চকুৰ দুই পটা কেতিয়া মুদ খাই নিদ্ৰাত মগ্ন হ'লো গমেই নাপালোঁ । পুৱাৰ সময় বাগৰি গৈ পাছবেলা তিনি বাজিল । সাৰ পাই দেখিলোঁ , সন্ধিয়া হ'বলৈ হ'ল । দৰ্জাখনৰ ফালে চালোঁ , হয়তো কাৰোবাক দেখা পালে মাতিম । কিন্তু কাকো দেখা নাপালোঁ । গোহালীটোৰ ফালে চালোঁ --গৰুকেইটা নাই । ভাবিলোঁ নিশ্চয় ডাঙৰ বায়ে বান্ধিলগৈ।কিছুপৰ দৰ্জাখনৰ ফালে চাই ৰ'লোঁ হয়তো কাৰোবাক দেখা পাম । আশা কৰা ধৰণে এঘণ্টাৰ পাছতো কাকো দেখা নাপালোঁ । যেনেতেনে দুৰ্বল দেহাৰে উঠি বহিলোঁ । চিঞঁৰি বাই বাই বুলি মাতিবলৈ মনস্থ কৰিছিলোঁ । কিন্তু শৰীৰত সেই মাতকণ উলিয়াবলৈও শকতি নাছিল । খেৰৰ ওপৰতে প্ৰায় ১০/১৫ মিনিট সময় বহি থাকিলোঁ । সৰু বাইদেউক দেখিলোঁ । তেখেতে গৰুকেইটা গোহালীলৈ খেদি আনিছিল । গোহালীত গৰুকেইটাক নিজৰ নিজৰ খুঁটিত বান্ধি বায়ে খেৰ ভঁৰালটোৰ ফালে আহিছিল । মই নিমাত হৈ বহি আছিলোঁ । মুখুৰে মাত মাতিবলৈ পৰা সামৰ্থ্য নাই । বায়ে খেৰৰ ভঁৰালত উঠি দেখিছিল মই বহি আছোঁ ।
নিম্ন স্বৰে মাত দিলে --" অ' , তই উঠিলি । সেই চোকটোত তোৰ ভাত আৰু পানী আছে । খাই ল' । খাই উঠি ৰাস্তাৰ ফালে এপাক ফুৰি আহিবিগৈ । "
মই মূৰটো জুকাৰী হয়ভৰ দিলোঁ । মই হয়ভৰ দিয়া মূৰ জুকাৰণী দেখি বায়ে গুচি গ'ল । মই চুকটোলৈ চাই দেখিলোঁ ভাতৰ কাঁহীখনক আন এখন কাঁহীয়ে ঢাকি ৰাখিছে । ঢাকনী কাঁহীখন দাঙি দেখিলোঁ মোৰ কাঁহীখনত ভাতৰ লগতে অলপ নিমখ , অকণমান মচন্দৰি চাটনি আছে । চুকটোৰলৈ ভাল দৰে চকু ফুৰাই নিৰীক্ষণ কৰিলোঁ কিজানিবা আঞ্জাৰ বাটিটো দেখা পাওঁ । কিন্তু দেখা নাপালোঁ । নিমখ আৰু চাটনিৰ সৈতে অন্নমুঠি গ্ৰহণ কৰিলোঁ । কাঁহীখন কাঁষতে থৈ দীঘল দি ওপৰলৈ মুখখন কৰি শুই দিলোঁ । মনলৈ আহিছিল অলিক কল্পনা । কল্পনা জগতখনত বুৰ গৈ চৌদিশে বিচাৰি পাইছিলোঁ জীয়াই থকাৰ এটি সুন্দৰ পথ । সেই পথতেই পাইছিলোঁ শান্তনাৰ এখন হৃদয় । কল্পনা জগতত মই নিজকে থিৰাং কৰি লৈছিলোঁ --মই পঢ়িম , ডাঙৰ মানুহ হম । এদিন মোক সকলোৱে ভাল পাব । মোৰ উপাৰ্জনত ঘৰৰ সকলোৱে জীৱন-যাপন কৰিব । আজি মা-দেউতাৰপৰা বঞ্ছীত হোৱা মৰম-চেনেহবোৰ তেতিয়া হিয়া ভৰাই পাম । মায়ে মোক মাতিব , দেউতাই মোক চেনেহত চাব আৰু খঙৰ সলনি মৰম দিব । ভাইটি আৰু দাদাহঁতে মোৰ লগত কাজিয়া কৰা বন্ধ কৰিব । বাহ ! বহা! জীৱনৰ প্ৰতিটো কোঁহে কোঁহে দেখোন সকলো সোণালী হৈ জিলিকিব । সেয়ে মই ডাঙৰ মানুহ হ'বই লাগিব । ডাঙৰ মানুহ হ'বলৈ পঢ়িব লাগিব । মই পঢ়িম । লুকাই লুকাই পঢ়িম । য'তে সময় পাওঁ ত'তেই পঢ়িম । পঢ়ি আগবাঢ়ি গ'লে বহুতো বন্ধু লগ পাম । হয়তো তাতেই পাম মোৰ স্বপ্নৰ বন্ধুক । হয়তো বন্ধু আৰু পৰিচিতসকলৰ ঘৰে ঘৰে ফুৰিবলৈ যাওঁতেই লগ পাম মোৰ হৃদয়ত বাহৰ পাতি থকা ভাইটিটিক ।
বহুতো কল্পনা কৰিলোঁ , মনতে পৰিকল্পনাও কৰিলোঁ । পৰিকল্পনাবোৰক মনে এখন দলিলত লিপিবদ্ধও কৰিলে । সিদ্ধান্ত গ্ৰহণ কৰি মনে কাৰ্যকাৰী কৰাৰ অৰ্থে গৃহীত কৰি বিবেকৰ হাতত অৰ্পণ কৰি দিলে ।
টাঁট্ টাঁট্ টাঁট্ টাঁট্ কৈ হাঁহকেইটাই চিঞৰি থকা মাতবোৰ আহি মোৰ কাণত পৰিলহি । কল্পনা জগতৰপৰা বাহিৰ হৈ খেৰ ভঁৰালৰপৰা নামি আহিলোঁ । জ্যেষ্ঠ্য বাইদেউৱে হাঁহকেইটাক গৰালত ভৰাবলৈ পাছে পাছে খেদি ফুৰিছে , কিন্তু হাঁহকেইটাই গৰালৰ সোমাবলৈ বিচৰা নাই । মই গৈ হাঁহকেইটাক আগচি আৰু গৰালৰ ফালে খেদি নি গৰালত ভৰোৱাত সহায় কৰি দিলোঁ । বাইদেউৱে মৰমেৰে লাহেকৈ ক'লে -" চুনু উঠিলা , আজি গোটেই দিনটো শুলা যে ? ভাত খালা নাই ? ভৰি হাত ধুই ৰাস্তাৰ ফালে অলপ ফুৰি আহাগৈ । তাৰ পাছত মোক দোকানৰ পৰা বস্তুকেইটামান আনি দিবা হা ।"
" ৰাতিপুৱা এবাৰ সাৰ পাইছিলোঁ ,আকৌ টোপনি গ'লোগৈ । গমেই নাপালোঁ , অলপ আগতে সাৰ পালোঁ । ভাত খালোঁ । " -মই নিম্ন কণ্ঠৰে কথাবোৰ প্ৰকাশ কৰিলোঁ । ইয়াৰ পাছতে মই চোতালত থকা খৰি দুমুঠা নি জুইশালৰ চাঙখনত তুলি থ'লোঁ । তাৰ পাছত পাছফালৰ চোতাললৈ আহি থিয় হৈ ঔটেঙা গছজোপাত পৰি থকা চৰাইবোৰলৈ চাই আছিলোঁ । তেনে সময়তে জ্যেষ্ঠ্য বাইদেউৱে ক'লে --" চুনু , ভৰি হাত ধুই লোৱাগৈ যোৱাঁ । ৰৈ থাকিব নালাগে । দোকানলৈ যাব লাগিব নহয় । আৰু ৰাস্তাফালে নোযোৱা নে কি ?"
মই ভৰি-হাত ধুই ৰাস্তাৰ ফালে ওলাই গ'লোঁ । গৈ গৈ ধোদৰ আলিত উঠিলোঁগৈ । ধোদৰ আলিটোৰ কাষতে বৰ ধুনীয়া ধুনীয়া পাত মেলি থকা কুমলীয়া ঢেঁকীয়া দেখা পালোঁ। আমি প্ৰায়ে তাৰ পৰা আঞ্জাৰ বাবে চিঙি আনোঁ । কুমলীয়া ঢেঁকীয়াবোৰ দেখি মোৰ মনে অলপ চিঙি ঘৰলৈ আনিবলৈ ইচ্ছা কৰিলে । মই হাততে এমুঠা ঢেঁকীয়া চিঙি লৈ ঘৰলৈ উভটি আহিলোঁ । তিমিৰে চৌদিশে ঘেৰি আহিল । ময়ো ঘৰত উপস্থিত হ'লোঁহি।
=====/======/@@@@/=====/======
Thursday, August 13, 2020
এনেকৈ নিদিবা মোক অন্তিম বিদায় (দৃশ্য -৩) ০৬ /০৯/২০২০
দৃশ্য ---৩
জীৱনৰ প্ৰথম প্ৰেম
যোগেশ্বৰহঁতৰ কথা অনুসৰি মই কমাৰ গাঁও হাইস্কুলৰ পৰিৱৰ্তে হাপজান চাৰি আলি হাই স্কুলত নামভৰ্তি কৰিলোঁ । মোৰ লগত হাপজান চাৰি আলি হাই স্কুলত নামভৰ্তি কৰিছিল মাজনীয়ে । হাইস্কুলীয়া জীৱন আৰম্ভ হ'ল পূৰ্বৰ অৱস্থাৰ দৰেই । মোৰ হাইস্কুলীয়া সময়ছোৱা কটাবলৈ মন আছিল জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । কিন্তু বিধিৰে লিখন চাগে আশা পূৰ্ণ নহ'ল । এইটো নহয় যে মই জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আসনৰ বাবে লোৱা বাচনি পৰীক্ষাত অনুত্তীৰ্ণ হ'লোঁ । এক কথাত ক'বলৈ গ'লে মই নিজেই আসনৰ বাচনি পৰীক্ষাৰপৰা আঁতৰি থাকিলোঁ । কাৰণ তিনিটা আছিল। কিন্তু মুখ্য কাৰণ আছিল মোৰ সহপাঠিকেইজনৰ লগতে মোৰ পঢ়িবলৈ মন আছিল ।তেওঁলোকে যে পৰীক্ষাত পাছ নকৰে খাটাং । সেয়ে ময়ো বাদ দিলোঁ । দ্বিতীয়তে মোৰ আৰ্থিকাৱস্থা পয়া লগা হোৱা বাবে । তৃতীয়টো হ'ল নিৰ্জুমণিৰ মনৰ আশা পূৰণৰ বাবে ।
নিৰ্জুমণি মোৰ হৃদয়ৰ কঁহুৱা বনত বাহৰ পাতি বহা প্ৰথম পখিলা। আলফুলে ৰাখিবলৈ মন গৈছিল । কিন্তু নিয়তিয়ে চাগে তাইক মোৰ বাবে নহয় আন কাৰোবাৰ বাবেহে সৃষ্টি কৰিলে ।
জীৱনৰ একাদশ বছৰত ভৰি দিলোঁ । ছাত্ৰ হ'লো পঞ্চম শ্ৰেণীৰ । স্কুলৰ স্তৰ উচ্চ প্ৰাথমিক বিদ্যালয় য'ত থাকে পঞ্চম শ্ৰেণীৰপৰা সপ্তম শ্ৰেণীৰলৈকে। আমাৰ বিদ্যালয়খনৰ নাম সৰুখেৰেমীয়া এম ভি স্কুল। সেয়ে আমি এল.পি স্কুল শেষ কৰাৰ পাছত অন্য এখন স্কুললৈ যাব লগা হোৱা নাছিল । তাতে আমাৰ বিদ্যালয়খন ওচৰৰ স্কুল কেইখনতকৈ নামজ্বলা স্কুল । সেয়ে নিজৰ গাঁৱৰ স্কুলখন এৰি আমাৰ বিদ্যালয়খনত পঢ়িবলৈ নিকটৱৰ্টী গাঁৱৰ ল'ৰা-ছোৱালীবোৰ আহে । সেইবাবে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বহুত আছিল । কিছু ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ বাবে আসন নাপাই ঘূৰি যাব লগা হৈছিল । আমাৰ শ্ৰেণীৰ দুটা শাখা আছিল । আমি আছিলো ' ক' শাখাৰ ছাত্ৰ- ছাত্ৰী। আমি মানে চতুৰ্থ শ্ৰেণীত একলগে পঢ়া সকলো ছাত্ৰ-ছাত্ৰীৰ কথাকে কৈছোঁ।
আমাৰ গ্ৰোপটোৰ লগত নতুন ছাত্ৰী নিৰ্জুমণি অন্তৰ্ভুক্ত হয় । সময়বোৰ বৰ সুন্দৰ আছিল । সকলোৱে একেলগে থাকি বহুত ভাল লাগিছিল । দিনবোৰ কেনেকৈ পাৰ হৈ গৈছিল ওমানেই পোৱা নাছিলোঁ । দিন বাগৰি যোৱাত ল'ৰালিৰ মৰম যেন যৌৱনৰ মৰমলৈহে পৰিণত হৈছিল । ক'ব নোৱাৰাকৈয়ে আকৰ্ষিত হৈ পৰিছিলোঁ নিৰ্জুমণিৰ প্ৰতি । ভাল লাগিছিল এনেকুৱাকৈ, নেদেখিলেই বুকুৰপৰা যেন কিবা হেৰাই গ'ল তেনে অনুভৱ হৈছিল । বহু ল'ৰাই নিৰ্জুমণিক ভাল পোৱা প্ৰস্তাৱ দিছিল কিন্তু সফল হোৱা নাছিল ।
ভাল পোৱা কি নাজানিছিলোঁ । মাথোঁ জানিছিলোঁ লগত নাথাকিলে , নেদেখিলে মনটো ভাল নালাগে । কথা নাপাতাকৈ থাকিলে মনত বিষাদে ঘেৰি ধৰে । আনৰ লগত বেছিকৈ কথা পাতি থাকিলে মনত অভিমান জাগি উঠি মনটো খঙাল হৈ উঠে । সেই সময়ত এইখিনিয়ে ভাল পোৱা বুলি ভাবি লৈছিলোঁ । মোৰ মনটো এনেদৰে নিৰ্জুমণিৰ প্ৰেমত নিমজ্জিত হৈছিল যে পঞ্চম শ্ৰেণীত একেবাৰে পৰীক্ষা বেয়া হৈ গ'ল । দ্বিতীয় স্থানৰ পৰা পঞ্চম স্থান পালোঁগৈ । পঢ়াৰ সময়বোৰ বেছিভাগ নিৰ্জুমণিৰ কথাকে স্মৰণ কৰি থাকোঁতেই অতিৱাহিত হৈছিল। একেলগে এঝাৰ গছৰ তলত বহি টিফিন খোৱা , ধেমালিতে বহী-কিতাপ টনা-আজোঁৰা কৰা ইত্যাদি ইত্যাদি কথাবোৰ মনলৈ আহি থাকে । বছৰটোত মোৰ সপোনৰ বন্ধুৰ কথাও পাহৰি গ'লোঁ । মাথোঁ মন দাপোণত জিলিকি আছিল নিৰ্জুমণি ।
পঞ্চম শ্ৰেণীৰপৰা ষষ্ঠ শ্ৰেণীলৈ পঞ্চম স্থানত উত্তীৰ্ণ হ'লোঁ । ছাৰ-বাইদেউহঁতৰপৰা বহুত গালি -শপনি শুনিলোঁ । মনত দুখ লাগিছিল । ভালদৰে পঢ়িম বুলি থিৰাং কৰোঁ , কিন্তু পঢ়াৰ সময়কণ নিৰ্জুমণি সম্পৰ্কে ভিন্ন ভিন্ন চিন্তা কৰোঁতে গুচি যায় । যোগেশ্বৰহঁতেও মোক কয় , তই আজি কালি নোৱাৰা হৈ গৈছ । আমি গোট পৰীক্ষাত কম কম নম্বৰ পাইছোঁ । আনে বেছি পাইছে । আচলতে আমি গোট পৰীক্ষাৰ পাঠ্যসূচীখন ভাগ কৰি লৈছিলোঁ । প্ৰত্যেকে আধা আধা এটা পাঠৰ দায়িত্ব লৈছিলোঁ । যিহেতু পৰীক্ষাত একেলগে বহিছিলোঁ । সেয়ে পঁচিছৰ ভিতৰত পঁচিছে পাইছিলোঁ । কাৰণ প্ৰত্যেকে নিজৰ অংশটো খৰচি মাৰি পঢ়িছিলোঁ আৰু প্ৰত্যেকেই প্ৰত্যেকক দেখুৱাইছিলোঁ । কিন্তু দিনে দিনে মই মোৰ দায়িত্বৰ পাঠবোৰ মই সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ । গতিকে মোৰ অৱহেলাৰ বাবে সকলোৱে কম নম্বৰ পাইছিলোঁ । ছাৰ-বাইদেউহঁতে আমাক পঞ্চপাণ্ডৱ বুলি মাতে । কাৰণ আমি - যোগেশ্বৰ , বলিন , প্ৰৱিত্ৰ , মুকুন্দ আৰু মই একেখন বেঞ্চতে বহিছিলোঁ । বিশেষকৈ শ্ৰেণীকক্ষত মই বেঞ্চৰ প্ৰথমত বহিছিলোঁ । কিন্তু গোট পৰীক্ষাত হ'লে মাজত বহোঁ । মোৰ সোঁ কাষত পৱিত্ৰ , বাওঁ কাষত বলিন বহে । প্ৰৱিত্ৰৰ কাষত যোগেশ্বৰে মোৰ আসনখন লয় । আনহাতে , বলিনৰ কাষত মুকুন্দ বহে । ইয়াৰ কাৰণটো হৈছে -- মুকুন্দ আৰু যোগেশ্বৰ অলপ চোকা । সেয়ে সিহঁতক কাষত দি বলিন আৰু পৱিত্ৰই মোৰ কাষত বহে । প্ৰশ্নবোৰ কৃষ্ণফলকত লিখি দিয়া লগে লগে আলোচনা হয় কোনে কোনটো পাৰিম । যোগেশ্বৰ আৰু মুকুন্দই জনাখিনি নিজে লিখি লয় । বলিন আৰু প্ৰৱিত্ৰই মই লিখা ধৰণে প্ৰথমে মোৰ পৰা প্ৰতিলিপি কৰি লিখে। মই জনাবোৰ লিখি শেষ হ'লে প্ৰৱিত্ৰৰ পৰা নাজানা প্ৰশ্নৰ উত্তৰবোৰ শ্ৰীঘ্ৰে চাই চাই লিখি লওঁ যিবোৰ যোগেশ্বৰ পৰা প্ৰৱিত্ৰই লিখি ৰাখে । এনেদৰে ইজনে -সিজনৰ পৰা নজনা প্ৰশ্নৰ উত্তৰবোৰ কৰা হয় । একে সমানেই নম্বৰ পাওঁ । সেয়ে বহী দিওঁতে কয় যুধিষ্ঠীৰ বহীবোৰ লৈ যোৱাহি নম্বৰ একে পঞ্চ পাণ্ডৱৰ । কেতিয়াবা এক দুই ইফাল -সিফাল হ'লে কয় -- পাণ্ডৱৰ ৰচীডাল অলপ ঢিলা হৈছে । ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাতো আমাৰ টিকটবোৰ ক্ৰমান্বয়ে ওচৰা-ওচৰিকৈ পৰিছিল । ইজনে -সিজনক দেখুৱাব পাৰিছিলোঁ । তথাপিও আমাৰ নম্বৰৰ তাৰতম্য ঘটিছিল । বন্ধুত্বৰ এনে এডাল ৰছী শৈশৱত শেষ হ'ব বুলি ভাবা নাছিলোঁ ।
জীৱনৰ আশাক সফল কৰাৰ উদ্দেশ্যেৰে মই নিৰ্জুমণিৰ প্ৰতি থকা কেঁচা মৰমৰ ভাৱনাবোৰ মচি দিবলৈ প্ৰয়াস কৰিলোঁ । কিন্তু বুকুত উঠা ঢৌৱে এনেকৈ কোবায় যে মই নিবিচাৰিলেও দুগালত অশ্ৰুৰ জুৰি সৃষ্টি হয় । বাৰম্বাৰ চেষ্টা কৰা পাছতো যেতিয়া মনক বুজাব নোৱাৰোঁ , তেতিয়া এটুকুৰা নিৰৱ ঠাইত উচুপি কান্দোঁ । মনক ধমক দি কওঁ কিয় বাৰু নুবুজা তুমি -- মই মোৰ বন্ধুক বিচাৰোঁ । জীৱনৰ আৰু কিছু খোজ যাব খুজিছোঁ । মনটোক কওঁ - কিয় বাৰু নিৰ্জুমণিক নেদেখিলেই তুমি শুকাকুল হৈ মোক আমনি কৰা । পঢ়াত বেয়া হৈছোঁ কিয় ? ছাৰ-বাইদেউৱে মোক গালি পাৰিছে কিয় ? মই আগৰদৰে নম্বৰ লাভ কৰিব পৰা নাই কিয় ? উত্তৰ নোপোৱাকৈ বহু প্ৰশ্ন উদয় হৈ মনতে স্তৰ যায় ; কিন্তু মনক শান্তনা দিব নোৱাৰোঁ ।
জীৱনৰ ষষ্ঠ শ্ৰেণীৰ সময়ছোৱা আৰম্ভ হৈ দুমাহ গ'ল । মাৰ্চ মাহৰ তৃতীয় দিন । হৃদয়খনত বৰ আঘাত হানি গ'ল যোগল ছাৰৰ কথাটোৱে --" দিনে দিনে পঢ়াত কিয় মন নবহা হৈছে । আজি তোমালোকক পিটোতে মই বুঢ়া আঙুলীটোত আঘাত পালোঁ , ইয়াৰ মূল্য কোনে দিব ? আজিৰ পৰা তোমালোকে একেলগে নবহিবা , বহা দেখিলে পিটি পিটি বাহিৰত ওলিয়াই দিম । এটা এটা কৈ প্ৰতিখন বেঞ্চৰ প্ৰথমত বহিবা । "
সেই দিনটোৰ পৰাই ছাৰৰ গণিত আৰু বিজ্ঞানৰ কলাংশ দুটাত আমি পৃথক পৃথকৈ বহোঁ । নিৰ্জুমণিৰ আগত মাৰ খোৱা বাবে বৰ লাজ পালোঁ । তাইৰ চুকুলৈ চাব নোৱাৰা হ'লোঁ । মই কেইবা বাৰো তাইৰ ফালে লক্ষ্য কৰিছিলোঁ । তাই মোৰ ফালে চকু ফুৰাই আছিল । কিন্তু অন্য দিনৰ দৰে চকুত চকু থৈ এটা হাঁহি মাৰিব পৰা নাছিলোঁ , জিভাখন উলিয়াই লৰাই দেখুৱাব পৰা নাছিলোঁ । মাথোঁ নিৰৱতাৰে তল মূৰ কৰি আছিলোঁ । ছাৰ গুচি গ'ল । যোগেশ্বৰহঁতে আকৌ নিজৰ বেঞ্চত বহিলগৈ । কিন্তু মই উঠি যাব খুজা নাছিলোঁ , মুকুন্দই মোৰ বেগটো নি বেঞ্চত থ'লেগৈ । বাধ্যত পৰি উঠি গৈ তাত বহি থাকিলোঁ । সিহঁতি কথা পাতি পেতপেতাই থাকিল । দুখ মনেৰে দুটা ক্লাছ পাৰ কৰিলোঁ । বিৰতিৰ কলাংশৰ ঘণ্টা বাজিল । সকলো সহপাঠী ওলাই গ'ল । মই বেঞ্চতে মূৰটো থৈ শুই আছিলোঁ । নোচোৱা চলেৰে নিৰ্জুমণিলৈ চাইছিলোঁ । অনুভৱ কৰিছিলোঁ , তাইয়ো মনত দুখ কৰিছে । কিন্তু মোৰ মনে তাইৰ যন্ত্ৰণা দূৰ কৰাৰ কথা ভাবা নাছিল , মাথোঁ ভাবিছিলোঁ কিয় বাৰু পঢ়োঁতেও তাইৰ কথা মনত পৰি থাকিব লাগে । ছাৰ- বাইদেউৱে পঢ়াই থাকোঁতেও বাৰু কিতাপলৈ মন নিদি কিয় তাইৰ ফালে চাই থাকিব লাগে । নিৰ্জুমণিয়ে মোৰ ফালে চাইছিল ; কিন্তু মই নেদেখা ভাও দি তল মূৰ কৰিলোঁ ।
বিৰতিৰ কলাংশত নিৰ্জুমণিয়ে বান্ধৱীসকলৰ লগত দোকানলৈ নগৈ ঘূৰি আহিল । মই নজনাকৈয়ে আহি মোৰ কাষত বহিলহি । পিঠিত হাতখন দি লাহেকৈ কয় - " চাওঁ হাতখন বেছিকৈ দুখ পালা নেকি ? মন মাৰি থাকিব নালাগে দিয়া । যোগেশ্বৰহঁতৰ লগত নগলা যে ? "
লাহীৰ হাতৰ পৰশত মূৰটো ওপৰলৈ উঠিল । ক'ব নুখুজিলেও নিজে নিজে বাগৰি আহিল ওঁঠ দুটা মেল খাই মাথোঁ এটা ধ্বনি - " নাই " । দুয়ো অলপ পৰ কোনেও মাত নিদিয়াকৈ ৰ'লোঁ । মোৰ কাষতে নিৰ্জুমণিয়ে বহি আছিল । তাইৰ চকুযুৰিলৈ প্ৰত্যক্ষ কৰিলোঁ , এনে অনুভৱ হ'ল তাই যেন কিবা ক'ব খুজিছে । কিন্তু ক'বলৈ মনত সাহস পোৱা নাই , সেয়ে মনৰ দুখে মুখমণ্ডলক কৰি তুলিছিল এক বেদনাৰ সমুদ্ৰ । ময়ে মনত শান্তনা দিবলৈ লাহেকৈ ক'লোঁ ," তুমি কিয় নগলা । "
" তুমি মন মাৰি থকা বাবে যাবলৈ মন নগ'ল । ভাবিলোঁ , তোমাৰ লগতে অলপ সময় বহোঁ । ৰেণুমনিক চানা আনিবলৈ দিছোঁ । ছাৰে কৰি আনিবলৈ দিয়া গৃহকাৰ্যবোৰ কৰি আনিবা । নানা কিয় ? জানাই চোন , কৰি নানিলে পিটে বুলি । মাৰ খোৱা কাম কিয় কৰা ? এতিয়া আৰু দুখ কৰি থাকিব নালাগে । উঠা , ব'লা বাহিৰলৈ যাওঁ । "
নিৰ্জুমণিয়ে কথাবোৰ কৈ যাওঁতে মই তাইৰ মুখমণ্ডলৈ চাই আছিলোঁ । মোৰ নয়নযুৰিয়ে হঠাতে নিৰ্জুমণিৰ মুখমণ্ডলৰ বৃহৎ পৰিৱৰ্তন লক্ষ্য কৰিছিল । তাই মৌ সনা বচনে মধুৰভাৱে স্বৰবোৰ অনলত এৰি দিছিল আৰু সেইবোৰে মোৰ কুটিৰত স্পৰ্শ কৰি মনৰ বেদনা সমুদ্ৰক উপশম ঘটাইছিল । ওঁঠ দুটি যি সুন্দৰকৈ দোলিত হৈছিল মই বৰ্ণণা দিবলৈ কোনো অলংকাৰ বিচাৰি পোৱা নাছিলোঁ । তাই সোঁ হাতখন মোৰ চুলিখিনিত ৰাখি চুলিত আঙুলি বোলাই বোলাই কথাবোৰ কৈ গৈছিল । মোৰ মনটো হঠাতে পৰিৱৰ্তন হ'ল । মনত উদয় হ'ল তাই চাগে মোক খুব ভাল পায় । ময়ো পাওঁ , কিন্তু মোৰ বন্ধুতকৈ কম । মই নিৰ্জুমণিৰ লগত কথা নাপাতাকৈ থাকিবও নোৱাৰোঁ । তাইয়ো নোৱাৰে , সেই কথাটো মই জানোঁ । কিন্তু আমি এৰা-এৰি হ'বই লাগিব । মনৰ এনেধৰণৰ ভাৱনাবোৰ একোণত থৈ লাহেকৈ মোৰ কণ্ঠৰ স্বৰত উত্তৰ ওলাল ---
" নাযাওঁ । অই , আৰু কিবা কোৱা চোন ,শুনি বৰ ভাল লাগিছে । কোৱা না আৰু কিবা । ।"
" কিনো কওঁ , ক'বলগীয়াখিনি ক'লোৱেই । কিন্তু এটা কথা আছিল ক'বলৈ , সেইটো নক'লেও তুমি জানা আৰু বুজা । "
" ৱাও ! সেইটো নো কি কথা , মই জানোঁ আৰু বুজোঁ । কি কোৱা না , তোমাৰ মাতেৰে শুনোঁ । "
" তুমি যে আৰু , এইটো কথাকে ক'ব লাগে নে তোমাক ? "
" কি কথানো , সেইটো ক'বলৈ ইমান সময় লাগিছে যে ? ময়ো তোমাক কিবা কম বুলি এতিয়া ভাবিছোঁ ।"
" ঠিক আছে , তোমাৰ কথাটো আগতে কৈ লোৱা চোন ? "
" ওহোঁ নকওঁ । তুমি প্ৰথমে ক'ব লাগিব ।"
" হ'ব দিয়া কৈছোঁ তেন্তে যিটো নক'লেও হয় । এইফালে আহা কাণত কম ।"
নিৰ্জুমণিয়ে এখন হাত মোৰ বাঁওফালৰ গালত আৰু এখন হাত মোৰ ডিঙিত ৰাখি তাইৰ গা ফালে টানি আনে আৰু সোঁপক্ষৰ গালখনত এটি চুমা দি কয় --তোমাক ভাল পাওঁ ।
মোৰ মন সাগৰত বগা তুলা উপঙিল । তুলাবোৰে যেন অদ্বিতীয় বিচনা পাৰি দিছিল তেনে অনুভৱ হৈছিল । মনে নিতৌ শুনিবলৈ বিচাৰি থকা কথাষাৰ শুনি একেবাৰে আনন্দত নিমজিত হৈ গ'লোঁ । নিৰ্জুমণিৰ চকুলৈ চালোঁ । তাইয়ো কিছু পৰ চাই ৰ'ল । তেনে সময়তে পঞ্চম শ্ৰেণীত বেঞ্চ এখন বাগৰিল । নিৰ্জুমণিয়ে মোক এৰি দিলে ।
মই ক'লোঁ , " কি কথা কম কৈছিলা কোৱা ? নাই কোৱা যে ? "
" মোৰ কথাটো ক'লোৱেই । তোমাৰটো কোৱা । "
" মই জানোঁ , তুমি মোক ভাল পোৱা । তথাপিও বুজিব নোখোজা কচুৰ মনটোৱে তোমাৰ মুখৰ পৰা এই কথাষাৰ শুনিবলৈ বিচাৰি ফুৰিছিল । আজি শুনিলোঁ , ভাল লাগিল । ময়ো তোমাক ভাল পাওঁ । কিন্তু মই তোমাক বেলেগ এটা কথাহে সোধিম বুলি ভাবি আছোঁ । "
" কি কথা ? মই আৰু কাৰোবাক ভাল পাওঁ নেকি বুলি ? "
" সেইট্ , অভিমানীজনী । সেইটো নহয় । শুনা মই সোধিম বুলি সদায় ভাবি থাকোঁ যে তুমি ক'ত নামভৰ্তি কৰিবা । তোমাৰ কোনখন স্কুলত পঢ়িবলৈ মন আছে । চাগে অষ্টম শ্ৰেণীৰপৰা বেলেগ বেলেগ স্কুলত পঢ়িলে তুমি নতুনক পাই পাহৰি যাবা ন ।"
" কিয় পাহৰিম । তুমি লগত আজিৰ দৰে থাকিবাই দেখোন । মই জয়পুৰ হাইয়াৰ চেকণ্ডৰীতে লগাম বুলি ভাবিছোঁ । আশা তাতেই আছে পঢ়াতো । পাম নে নেপাম জানোঁ । তুমিতো পাবাই । মোৰহে কি হ'ব । কিয় সোধিলা । এতিয়াও দেৰ বছৰ আছে । "
" তুমি দুখ নকৰিবা আৰু নাকান্দিবা হাঁ , কথা এটা কওঁ । নাকান্দোঁ কোৱাঁ ।"
" বাৰু নাকান্দোঁ । কিন্তু নাকান্দা কথা ক'বা হাঁ ।"
কওঁ নকওঁ কৈ ক'লোঁ ---" তোমাক কিমান ভাল পাওঁ নিজেও নাজানোঁ । সাত সাগৰৰ পানীৰ সমান নে বিশাল শূন্যৰ সমান । কিন্তু তোমাক যে ভাল পাওঁ , তোমাৰ অবিহনে যে মনটো উকা উকা লাগে তাতেই অনুভৱ কৰোঁ । স্কুল ছুটীৰ পাছত মনটোৱে কয় , স্কুল ছুটী নোহোৱাহেঁতেনেই ভাল আছিল । ঘৰত থকা সময়কণেও তোমাকে স্মৰায় থাকে । তুমি কথা ক'লে , তুমি মোৰ কাষত থাকিলে দুখ -ভাগৰে একোৱে সাৱটি নধৰে । মাথোঁ মোক ঘেৰি থাকে তোমাৰ মৰমবোৰে । কিন্তু , তোমাতকৈ বেছি মই আৰু আন কাৰোবাক খুব ভাল পাওঁ । যাৰ বাবে নিতৌ ভগৱানকো প্ৰাৰ্থনা কৰোঁ যাতে আমি সোনকালে মিলন হওঁ । কিন্তু সময়ে দেখোন এতিয়ালৈকে দিয়া নাই । "
" অ' মানে আন কোনোবা এজনী আছে । মই এনেই তোমাক আমনি কৰি আছোঁ । হ'ব দে ।"
নিৰ্জুমণিয়ে অভিমানি মনেৰে কথাষাৰ বতাহত এৰি দিলে । হঠাতে বেঞ্চখনৰপৰা উঠি যাবলৈ লওঁতে তাইক সোঁ-হাতত ধৰি বেঞ্চত টানি বহালোঁ । সেই সময়তে শ্ৰেণীকোঠালৈ যোগেশ্বৰ-ৰেণুমনিহঁত সোমাই আহে । মই নিৰ্জুমণিক হাতত ধৰি বেঞ্চত বহোৱা সিহঁতৰ দৃষ্টিগোচৰ হয়। ৰেণুমণিয়ে কয় উঠিব নালাগে , আমি তালৈয়ে গৈছোঁ । সিহঁতি আহি জুমপাতি বহিল ।মোৰ মনৰ কথাবোৰ নিৰ্জুমণিৰ আগত প্ৰকাশ কৰা নহ'ল । চানা আৰু পকৰী ভাগ কৰিল । আমি খাবলৈ আৰম্ভ কৰিলোঁ , কিন্তু তাই খোৱা নাছিল । মন মাৰি বহি আছিল ।
ৰেণুমনিয়ে নিৰ্জুমণিক ক'লে ," অই , তুমি কিয় খোৱা নাই ? "
ৰেণুমনিয়ে মোৰ ফালে চকু থৈ কয় --" তুমি কিবা ক'লা নেকি ?"
মই নিৰ্জুমণিৰ মুখলৈ চাই ক'লোঁ --" নাই , নাই কোৱা একো , কি হ'ল ? খোৱা আক তুমি । "
মই নিৰ্জুমণিৰ মুখমণ্ডললৈ প্ৰত্যক্ষ কৰি আছিলোঁ এক নোচোৱা দৃষ্টিৰে । তাইৰ মুখমণ্ডলত ঘেৰি ধৰিছিল হয়তো হৃদয়ৰপৰা উটলি আহা বিষাদবোৰে , যিবিলাকে তাইৰ মুখমণ্ডলক কৰি পেলাইছিল ৰঙচোৱা । মই ভাবিছিলোঁ তাইক সাৱটি ধৰি মনত দুখ নিদিয়াকৈ কথাবোৰ বুজাই দিওঁ । কিন্তু সেয়া সম্ভৱো নহয় । মোৰ হৃদয়টো বিষাদৰ জলে সমুদ্ৰ সৃষ্টি কৰি ঢৌ তুলি গঢ়াত কোবাইছিল । ঢৌৰ কোবনিত মই অনুভৱ কৰিছিলোঁ মই যেন হঠাতে কোনো এক মূহুৰ্ততে ধৰাত বাগৰি পৰিম । নিৰ্জুমণিয়ে বেছি পৰ মোৰ সম্মুখত ৰৈ থাকিব নোৱাৰিল । তাই শ্ৰেণীকোঠাৰ পৰা ওলাই গৈ প্ৰেসাৱগাৰৰ ওচৰত পেলেগৈ । হৃদয়ৰ বিষাদক অশ্ৰুৰে শান্তনা দিবলৈ প্ৰয়াস কৰিছিল যদিও বিফলতাই কণ্ঠেৰে বিষাদক বহি: প্ৰকাশ ঘটালে । তাই চিঞৰি চিঞৰি কান্দিল । লগৰ দুগৰাকী মানে আহি সুৰভিক ক'লেহি , নিৰ্জুমণিয়ে পাছফালে কান্দি আছে , কিবা হৈছে চাগে । কথাষাৰ শুনিয়েই আমাৰ দলটোৰ সকলোৱে দৌৰি গ'ল ।
প্ৰথমে মাজনীয়ে গৈ তাইক সাৱটি ধৰিলে আৰু চিঞৰি মাতিবলৈ ধৰিলে --" কি হ'ল অই তোৰ ? কি হৈছে ? "
সকলোৱে সোধাত লাগিল ----" কি হৈছে ? ৰ'বা চোন নাকান্দিবা । আহা , ইয়াত বহা । "
মোৰ মাত-কথা নাই । মই সেই ক্ষণত নিমাত হৈ ৰ'লোঁ । মনলৈ মাথোঁ এটাই ভয় আহিল ,যদি নিৰ্জুমণিৰ কিবা হৈ যায় কি হ'ব ? কি হ'ল আজি এইবোৰ । এতিয়া কি হ'ব ? নিদাৰুণ পৰিস্থিতিত মই নিৰ্জুমণিৰ ফালে চাই আছিলোঁ , কিন্তু একো ক'ব পৰা নাছিলোঁ ।
এনেতে ৰেণুমনিয়ে কয় , "ধৈৰ্য্য ধৰা চোন , চোৱা মিণ্টুৱে তোমাক দেখি ভয় খাইছে । "
ৰেণুমনিয়ে কথাষাৰ কোৱা সময়তে যোগেশ্বৰে কয় , " অই কি থৰ লাগি আছ ,ধৰহি ইয়াক । মই ছাৰক খবৰ দি আহোঁগৈ । "
যোগেশ্বৰৰ কথাষাৰ শুনি মোৰ আৰু ভয় লাগিল এতিয়া কি হ'ব । মই গৈ নিৰ্জুমণিক ধৰি তাৰ কান্ধত মোৰ মূৰটো থৈ ক'লোঁ --" তুমি কেনেকুৱা কৰিলে মোৰ জীৱনটো কি হ'ব ? ৰ'বা চোন নাকান্দিবাঁ , চোৱা সকলোৱে কান্দিছে ।"
নিৰ্জুমণি নিৰৱ হৈ ৰ'ল । ছাৰ-বাইদেউসকল আহি ওচৰত উপস্থিত হ'লহি । নিৰ্জুমণিক ছাৰ-বাইদেউসকলৰ জিৰণি কোঠালৈ লৈ গ'ল । নিৰ্জুমণিক ডাক্তৰ ঘৰলৈ নি বাহিৰে বাহিৰে ঘৰত থৈ আহিল । সেইদিনটোত বিৰতিৰ পাছত এটা ক্লাছ কৰিয়েই সকলোকে ছুটী দিলে ।
নিশা উজাগৰে কটালোঁ । দীঘল দি মাটিত পৰি ৰ'লেও চিন্তাই হৃদয়ত বিচনা পাৰি লোৱা হেতুকে টোপনিয়ে আখৈয়ে নাপালে । মাথোঁ এটাই চিন্তা ---নিৰ্জুমণিৰ কিবা হৈছে নেকি বাৰু ? যদি কিবা হৈ যায় কি হ'ব বাৰু ? কথাবোৰো ক'বলৈ নাপালোঁ । হয়তো কথাবোৰ ক'বলৈ সুবিধাকণ পোৱাহেঁতেন নিশ্বয় বুজিব পাৰিলেহেঁতেন । মইতো তাইক ভাল নাপাওঁ বুলি কোৱা নাছিলোঁ । তাইহে মই কাৰোবাক ভাল পাওঁ বুলি সন্দেহ কৰিছে । কিন্তু মইতো মোৰ সপোনৰ ভাইটি আৰু বন্ধুকহে ভাল পাওঁ । সিহঁত দুয়োকহে মোৰ মন দাপোনত ভৰাই ৰাখিছোঁ ।
মই তাইক মোৰ নিজৰ প্ৰাণতকৈও ভাল পাওঁ । তাই যদি এই সেউজী পৃথিৱীত নাথাকে , মই কেনেকৈ থাকিম । তাইৰ দৰে ময়ো তাইক এৰি থাকিব নোৱাৰোঁ । মোৰ মনে ভিন্ন ভিন্ন চিন্তাক আসন দিছিল । মনটোৱে বিবেকক বাৰে বাৰে কৈ আছিল এতিয়াই নিৰ্জুমণিৰ ঘৰলৈ যাওঁ , তাইৰ খবৰ লওঁ আৰু কৈ দিওঁ মই তোমাকেই হিয়া ভৰাই ভাল পাওঁ । আৰু আজীৱন তোমাকেই ভাল পাই থাকিম ।
পুৱা সূৰুযৰ কিৰণে ধৰণীত খোজ দিলে । সকলো কিৰণত জাগ্ৰিত হৈ নিজ নিজ কামত মগ্ন হ'ল । মই বিচনাৰপৰা উঠি আহি বাহিৰত মনতে ক'লোঁ --প্ৰভু দয়া কৰিবা । শক্তি আৰু সাহস দিবা । আজি নিৰ্জুমণিক মোৰ মনৰ কথাবোৰ শুনিবলৈ ধৈৰ্য্য শক্তি দিবা । আমাৰ মাজত কোনো ব্যাঘাত নজন্মাবা । মই মোৰ ভাইটিটোক আৰু বন্ধুক দিঠকত পাব বিচাৰোঁ । মোক শকতি দিয়া ।
মই পুৱা সোনকালে বিদ্যালয়লৈ গ'লোঁ । নিৰ্জুমণিয়ে আহি পোৱা আগতেই স্কুলত পালোঁগৈ । নিৰ্জুমণিক আহা দেখিলোঁ । মই আগবাঢ়ি গ'লোঁ । ওচৰত গৈ পায় ক'লোঁ ,--" ভালদৰে গা ভাল পালা জানোঁ , স্কুললৈ আহি দিলা যে ? দিয়া বেগটো মই লৈ দিওঁ । ডাক্তৰে কি কি দিলে ? "
" হ'ব নালাগে বেগটো লৈ দিবলৈ , পাৰিম । নাহাহেতেঁন, তুমি জানোঁ চিন্তা কৰি নাথাকিলাহেঁতেন । হ'ব দিয়া , চিন্তা কৰিব লগা একো নাই । মই নমৰোঁ । কিন্তু আজি হ'লে তুমি সেই ডুমিনিজনীক দেখুৱাব লাগিব । নহ'লে কিন্তু কথা বেয়া হৈ যাব আৰু কেতিয়াও নামাতো তোমাক । এতিয়া সুখীতো ।"--- নিৰ্জুমণিয়ে কথাৰ অন্তত এটা মন মোহা হাঁহি মাৰিছিল ।
হাঁহিটি দেখি ময়ো মিচিকিয়াই হাঁহি ক'লোঁ --" আকৰীজনী , তেনেকুৱা মোৰ কোনো নাই । যদি আছে তেন্তে তুমি । পিছে কথা বেয়াহৈ যাব কথাষাৰে কি কৰিবা তাকেহে নুবুজিলোঁ । জোমিম বুলি ভাবিছা নেকি ? "
" হ'ব হ'ব থোৱা । এতিয়া কথা লুটিয়াব নালাগে । কালি নিজে কৈছিলা ।"
" মই জানোঁ তোমাক গোটেই কথাবোৰ ক'বলৈ পালোঁ । আজি কম , বৈ বেগটো থৈ আহোঁ গৈ প্ৰথমে ।"
" ঠিক আছে বাৰু হ'ব দিয়া ।"
বেগটো থৈ আহি দুয়ো বিদ্যালয়খনৰ সম্মুখৰ খেলপথাৰখনত বহিলোঁগৈ । নিৰ্জুমণিয়ে শিলিখা আনিছিল । মোক এটা খাবলৈ দিছিল , কিন্তু মই শিলিখাটো নাখাই হাতত লৈ আছিলোঁ ।
নিৰ্জুমণিয়ে অভিমান কৰি কয় , " মই দিয়া বস্তু খাবলৈও তোমাৰ ঘৃণ লগা হ'ল । বাহ: বাহ: খাটৰা হ'লা আৰু ।"
" নহয় অ' , তুমি মোক ভুল বুজি আছাঁ । মই কাকো ভাল নাপাওঁ । মাত্ৰ তোমাকে ভাল লাগে সকলোতকৈ । সেয়া ভাল পোৱা নে অন্য কিবা নাজানোঁ । তুমি এদিন কাষত নাথাকিলেই সকলো শেষ হৈ যোৱা যেন লাগে । বুকুখন উকা উকা যেন লাগে । কিন্তু ---------"
" কিন্তু কি ----? "
" তোমাক কোনো দিনেই কোৱা নাই । ক'বলৈও প্ৰয়োজনবোধ কৰা নাছিলোঁ । কিন্তু পৰিস্থিতিয়ে ক'বলৈ বাধ্য কৰাইছে । তুমি মোক কিন্তু ভুল নধৰিবা । "
" নধৰোঁ কোৱা চোন ? নাকান্দোঁ কোৱা । কালি কান্দিলোঁ নহয় । মই ভাগি পৰিলে তুমিও ভাগি পৰিবা । মই ভালদৰে জানোঁ ।"
"ওম হয় । তুমি কান্দিলে মই সহ্য কৰিব নোৱাৰোঁ । নিজকে কি কৰোঁ , কি নকৰোঁ লাগে । আজি নিশা অলপো টোপনি নগ'লোঁ । তোমাৰ কথাই মনত পেলাই পেলাই চকুলো টুকিলোঁ । মোৰ জীৱনলৈ চকুলোৰ বাহিৰে আৰু একোৱেই নাহে । ভাগ্যত সুখৰ পল চাগে নাই ।"
" সেইহ্ , কিয় তেনেকৈ কৈছা । ভগৱান আছে নহয় । বাৰু মূল কথাটো কোৱা ।"
" সঁচা কথা ক'বলৈ গ'লে মোৰ মন দাপোনত মোৰ এজন ভাইটি আৰু এজন বন্ধুক পুহি ৰাখিছোঁ । আজিলৈকে সিহঁতক লগ পোৱা নাই । সিহঁতক জীৱনত লগ পোৱা আশাৰে মই ব্ৰত ৰাখোঁ । বৃস্পতিবাৰে একো নাখাওঁ । সেয়ে তুমি দিয়া শিলিখাটোও খোৱা নাই । মোৰ জীৱনত তেওঁলোকক বিচাৰোঁ ।"
" নিশ্বয় লগ পাবা । চিন্তা নকৰিবা ।"
" তাকেই আশা কৰিছোঁ । আশা কৰিছিলোঁ পঞ্চম শ্ৰেণীত বন্ধুজনক লগ পাম ; বন্ধুৰ পৰিৱৰ্তে মোৰ জীৱনলৈ তুমি আহিলা । হিয়া ভৰাই মৰম-চেনেহ দিছা । তোমাৰ মৰম-চেনেহত ব্যাকুল হৈ মই ভাইটি-বন্ধুৰ কথা পাহৰি গৈছিলোঁ । তেওঁলোকক লগ পোৱাৰ উদ্যোমেৰে যেনেদৰে পূৰ্বতে পঢ়িছিলোঁ , তেনে স্পৃহা এতিয়া নোহোৱা হৈ গৈছে । সেইবাবেই এইবাৰ পঞ্চম স্থান পালোঁ । কালি ছাৰে দিয়া গালি আৰু কোবে মোৰ ভাইটি আৰু বন্ধুলৈ মনত পেলাই দিলে । মই চাগে সঁচাকৈয়ে বেয়া ল'ৰা হৈ গৈ আছোঁ । সেয়ে ভাবিছোঁ এনেদৰে থাকিলে ফেল কৰিম আৰু মোৰ মন জগতৰ বন্ধুজনক কেতিয়াও লগ নাপাম । গতিকে সিদ্ধান্ত লৈছোঁ যে মই ভালদৰে পঢ়িম , মোৰ ভাইটি আৰু বন্ধুক লগ পাবলৈ । তোমাৰ লগত কথা পাতি থাকিলে মোৰ পঢ়াত মন নবহে। সেইবাবে ভাবিছোঁ তোমাৰ লগত আৰু কথা নাপাতোঁ । আমাৰ মাজৰ গভীৰ সম্বৰ্ন্ধ হ্ৰাস কৰি দিওঁ । তুমি ভাল ছোৱালী । তুমি বহুত ভাল ভাল বন্ধু-বান্ধৱী পাবা ; কিন্তু মই নিচেই দৰিদ্ৰ পৰিয়ালৰ সন্তান । সেয়ে হয়তো জীৱনত তোমাৰ দৰে আৰু ভাল ছোৱালী কেতিয়াও লগ নাপাম । মই তোমাক ভাল পাওঁ , তুমি সুখত থকাতো বিচাৰোঁ । "
নিৰ্জুমণিৰ মুখৰ স্বাভাৱিক ৰূপৰ দৃপ্তীক মোৰ কথাবোৰে ম্লান কৰি পেলাইছিল । মোলৈ তাই অচিনাকী কোনো ব্যক্তিক থৰ লাগি চোৱা দৰে চাই ৰ'ল । কিছুপৰ দুয়ো নিমাত হৈ ইজনে-সিজনক চাই ৰ'লোঁ । মই ভাবিছিলোঁ , তাই মোক উত্তৰ দিব । কিন্তু আশানুপ্ৰদ ফল নাপালোঁ । চমৎকিতভাৱে বা বলাৰ দৰেই তাইৰ নয়নযুৰিত মুকুটা জিলিকিল । হয়তো আশা কৰা নাছিল মোৰ মুখৰ পৰা এনে কথা শুনিব । মই তাইৰ চলচলীয়া চকুযুৰি দেখি ভয় খালোঁ যে আজি আকৌ তাই চাঞৰি নেকান্দেতো ।
গহীন মাতেৰে ক'লোঁ , " দুখ নকৰিবা । মোৰ মনৰ কথা তুমি নুবুজা নহয় । বুজিও নুবুজাৰ অভিনয় কৰিলে আমাৰ মৰম-চেনেহৰ ৰচাডাল জানোঁ সঁচা বুলি ক'ব পাৰি । তুমি সাহসী ছোৱালী । জীৱনৰ তুমিয়েই মোৰ প্ৰথম প্ৰাণৰ শান্তিদায়িনী । কিন্তু নিয়তিৰ কোলাত জানোঁ আমি ইচ্ছানুসাৰি সকলো কামৰ গৰাকী হ'ব পাৰোঁ । আমাৰ ভাগ্য দাতাই যদি তুমি মই এক বুলি স্ৰজিছে নিশ্বয় এক হ'মেই । মথোঁ তুমি মই থাকিব লাগিব নিৰ্জুমণি । "
" ধেইৎ , হ'ব দিয়া বুজিছোঁ । দুখো লাগিছে । কিন্তু দুখৰ মাজতো সুখক আদৰিবলৈ প্ৰয়াস কৰিছোঁ দিয়া । এটা কথা মন কৰিছা নে তুমি ? "
" কি ? মই বুজা নাই ।"
" সময় বাগৰাৰ লগে লগে আমি চিনাকি হৈও অচিনাকি হৈ যাবলৈ আগবাঢ়ি গৈ আছোঁ । আজি তোমাক পাহৰি যাবলৈ কৈছা । মই তোমাক পাহৰিব নোৱাৰিলেও হাজাৰ হাজাৰ বাৰ প্ৰচেষ্টা চলাই যাম হয়তো এদিন সফল হ'ম আৰু গুচি যাম তোমাৰপৰা দূৰলৈ । তুমিও এদিন তোমাৰ আপোন ভাইটি-বন্ধুক কাষত পাবা আৰু মই হৈ ৰ'ম এক অচিন ব্যক্তি । বাহ ! কি ভাল লাগিব ---ক'বলৈ মনত থাকিব বহুত কথা , কিন্তু তুমি মই মনৰ কথাবোৰ আদান-প্ৰদান কৰাটো বাদেই দিয়া চকুত চকু থৈও হৃদয়ৰ বেথাবোৰক ওমান দিবলৈ ক্ষণ নহ'ব ।"
" তুমি দুখ নকৰিবা নিৰ্জুমণি। প্ৰকৃতিৰ চিৰন্তন আৰু ৰহস্যময় প্ৰজ্ঞাৰ তুলনাত আমি নিচেই নগণ্য । জীৱনৰ অৰ্থ আৰু মহত্ব প্ৰকৃতিৰ বিধানৰ অনুসৰিয়েই নিয়ন্ত্ৰিত হয় । বিধাতাই যদি তুমি মই এক হোৱাকৈ স্ৰজিছে , তেন্তে আমাক কোনেও পৃথক কৰিব নোৱাৰে । "
" মই বুজিছোঁ । তথাপিও , জনোঁ কিয় আকস্মিকভাৱে আকৌ অবুজন হৈ পৰোঁ । "
" হয় , ময়ো দুখৰ সমুদ্ৰত নিমজ্জিত হৈ আছোঁ । তোমাক এৰা আৰু তোমাৰ পৰা দূৰত থকাতো মনে কোনো দিনে ভাবা নাই , চাগে নাভাবেও । কিন্তু আজি বিবেকৰ বিবেচনাই মোৰ আশা পূৰণৰ বাবে তোমাক আঁতৰাব খুজিছে ।"
" আৰু একো নক'বা । হ'ব দিয়া । এটা কথাই বুজি পোৱা নাই । মইনো তোমাৰ কি অপকাৰ কৰিছোঁ নিজেই নাজানোঁ । মইতো অকল তোমাৰ স'তে অলপ আনন্দত থাকিব বিচাৰোঁ । তুমি আজি যাৰ বাবে মোক এৰিব খুজিছাঁ , এদিন সিহঁতেও তোমাক পাহৰি যাব ৰ'বা । তেতিয়া কন্দি কান্দি মোৰলৈ মনত পেলাবা । ভাল পোৱাৰ অৰ্থ সেইদিনাই তুমি আটাইতকৈ বেছি বুজি পাবা ।যিটো আজি মই বুজি পাইছোঁ । তোমাৰ ভাইটি আৰু বন্ধুক ভগৱানে তোমাৰ কাষত দিয়ক । তোমাক কোনো দিনেই আমনি নকৰো দিয়া । তোমাক কথা দিলোঁ । সময় থাকিলে ৰৈ থাকিম , মোৰ জীৱনৰ কোমল হিয়াৰ গৰাকীৰ আসনখনো সময়ৰলৈকে খালি থাকিব । জীৱনৰ ৰংবোৰ বুজিব নোৱাৰা এক ব্যঞ্জনাৰ্থক । কেতিয়া সলনি হৈ কি ৰং লয় একোৱেই ক'ব নোৱাৰি । খুব দুখ অনুভৱ কৰিলে মোৰ কাষলৈ আহিবা । মোৰ বুকুৰ কোমল বিচনাখন তোমাৰ বাবে খোলা থাকিব । প্ৰয়োজন হ'লে ক'বা প্ৰাণকো আহুতি দিম । তুমি নাকান্দিবা , ভাল নালাগে । তুমি কান্দিলে মোৰো হৃদয়খন ভাগি পৰে । তুমি সুখী হোৱা । সফলতাৰে আগবাঢ়ি যোৱা ।"
মই আৰু বেদনাবোৰ বুকুত লৈ ধৈৰ্য্য ধৰি থাকিব নোৱাৰিলোঁ । আপুনা-আপুনি চকুযুৰি অশ্ৰুসিক্ত হৈ দুগালেদি লোতক প্ৰৱাহিত হৈ আহিল । মনটোৱে মথোঁ কৈ আছিল --" চাগে , নোৱাৰিম তোমাক এৰি থাকিবলৈ নিৰ্জুমণি । তুমি ভাবিছাঁ মই সুখী ; কিন্তু কিমান সুখী মইহে জানোঁ । তুমি কৈছা সুখী হৈ থাকা । কিন্তু তোমাৰ অবিহনে কেনেকৈ সুখী হৈ থাকিম কোৱা ? কিন্তু মই নিৰুপায় হৈ শোকৰ অগ্নিত দগ্ধিত হৈ পৰিছোঁ , দগ্ধিত হৈ গৈছোঁ ---------"
নিৰ্জুমণিয়ে হাত দুখনেৰে মোৰ লোতকক মুঁচি কয় ," ইমান দুৰ্বল হ'লে ভাইটি- বন্ধুক বিচাৰি যাবলৈ সাহস ক'ত পাবা । নাকান্দিবাঁ । দূৰে দূৰে থাকিলেও সময়ে ওচৰ চপালে এক হ'ম দিয়া ।"
" অ' সেইটোৱে বিচাৰোঁ । তুমিও দুখ নকৰিবাঁ। ঘৰত ভাত-পানী খাবাঁ । মন মাৰি থাকিলে মোৰো মনটো বেয়া লাগিব । মোৰ পঢ়িবলৈও মন নাযাব । কিন্তু কৈ থ'লো মই কেৱল তোমাকহে ভাল পাওঁ । আজিৰ পৰা আমি অলপ কথা পাতাটো পাতল কৰিম । দুয়ো পঢ়াত মনোযোগ দিম হা । তুমি নৱম শ্ৰেণীত যিখন বিদ্যালয়ত পঢ়িবা , তাত মই নপঢ়োঁ । তোমাক কথা দিছোঁ , তোমাৰ নতুন জীৱনৰ নতুন পলৰ সুখক বাধা নিদিওঁ । "
" হ'ব দিয়া , তোমাৰ সুখকো মই বিষাদলৈ নিব নিবিচাৰোঁ । তোমাৰ বিষাদক আঁতৰাই তোমাক সুখী কৰিব পৰাটোৱেই তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱা । কিন্তু মনত ৰাখিবা ভাইটিজনক লগ পোৱাৰ পাছত মোক চিনাকী নকৰাকৈ নাথাকিবা ।"
প্ৰাৰ্থনাৰ বেল বাজি উঠিল ---টং টং টং টঙকৈ । প্ৰৱিত্ৰই চিঞৰিল -- কথা পাতি হ'ল নে নাই ? আহ আহ , সোনকালে । দুয়ো উঠি সমানত আগবাঢ়ি গ'লোঁ । যাওঁতে কৈ গৈছিল , সুন্দৰ ভাৱনাবোৰ থাকি গ'ল । আশা আশাই হৈ ৰ'ল । তোমাৰ লগত থাকিয়েই তোমাৰ সপোনৰ ভাইটিক কাষত পোৱাৰ আশা অতীত হৈ ৰ'ল । নদীৰ সুঁতিও এতিয়াৰ পৰা দুমুখী হৈ গ'ল । মন কিন্তু তোমালৈয়ে সাঁচটি হৈ ৰ'ল । ( সুখী মনেৰে কোৱা দৰে কবিতা ভংগীৰে কথাবোৰ হাঁহি হাঁহি কৈ গৈছিল । কথাবোৰ শুনি ভাল লাগিছিল । শব্দত যি সংগীতৰ দৰে সুৰ-লয় দিছিল হয়তো খোজৰ পৰশত আঘাত পোৱা বনবিলাকেও এইবোৰ শুনি বিষবোৰ অনুভৱ কৰা নাছিল । মই মাত্ৰ শুনি গৈছিলোঁ । কথাবোৰত বিভোৰ হৈ পৰিছিলোঁ ।) শেষত ক'লে ---" ভাইটিজনেও আজি দৰে তোমাক কন্দুৱাব । মোৰলৈ তেতিয়া মনত পেলাবা হাঁ । আজি মই তোমাৰ কাষত আছোঁ অশ্ৰুক মুঁচিবলৈ , সেই ক্ষণত কিন্তু তোমাৰ ভাইটিয়ে তোমাক এৰি আনৰ লগত আনন্দত আত্মহাৰা হৈ থাকিব । তুমি ক'ত , কি অৱস্থাত থাকিবা খবৰেই নাথাকিব । তেতিয়াই মোৰলৈ মনত পেলাবা । প্ৰকৃত ভাল পোৱাৰ এক আভাস পাবা । বাই , বাই । "
=======$$$$$=======@@@============

