দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: BA 4TH SEMESTER SOCIOLOGY

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label BA 4TH SEMESTER SOCIOLOGY. Show all posts
Showing posts with label BA 4TH SEMESTER SOCIOLOGY. Show all posts

Saturday, December 2, 2023

স্বজন পদ্ধতি

3:47 PM 0
স্বজন পদ্ধতি  :  'স্বজন পদ্ধতি’ৰ স্বজন শব্দটো ‘স্ব’ আৰু ‘জন’ এই শব্দ দুটাৰ সমষ্টি ।‘স্ব’ মানে নিজ আৰু জন মানে ব্যক্তি বা মানুহ। অর্থাৎ নিজৰ আপোন মানুহ বুজাবলৈ স্বজন শব্দ ব্যবহাৰ কৰা হয়। সমাজত বিবাহ আৰু জন্ম তথা তেজ-মঙহৰ সম্পৰ্কৰে বান্ধ খোৱা মানৱ সমূহকে স্বজন পদ্ধতি বোলা হয়।  
সংজ্ঞা  : নৃতত্ত্ব বিজ্ঞানৰ মতে, “জন্ম আৰু বিবাহৰ জৰিয়তে যি এক আত্মীয় স্বজন গোষ্ঠীৰ সৃষ্টি হয় তাকে স্বজন পদ্ধতি বুলি কোৱা হয়।” Robin Fox ৰ মতে, “স্বজন পদ্ধতি হ'ল কিছুমান ব্যক্তিৰ মাজত থকা প্রকৃত সম্বন্ধ আৰু কাল্পনিক বংশৰ সম্পর্ক থকা আত্মীয় গোটৰ সমষ্টি।“Aberchrombic মতে, “যিবোৰ সামাজিক সম্বন্ধ তেজ-মঙহ আৰু বিবাহৰ দ্বাৰা গঢ় লৈ উঠে সেই সম্বন্ধৰ মাজৰ ব্যক্তিসকলকেই স্বজন বোলা হয়।“
স্বজন পদ্ধতিৰ প্ৰকাৰ : ১) পিতৃয়াত্মক স্বজন পদ্ধতি : পিতৃপক্ষৰ সম্বন্ধিত ব্যক্তিসকলক সাঙুৰি লৈ যিটো স্বজন গোষ্ঠী পোৱা যায়, সেই স্বজন পদ্ধতিকে পিতৃয়াত্মক স্বজন পদ্ধতি বোলে ।এই স্বজন পদ্ধতিত পিতৃৰ ককাই-ভাই, তেওঁলোকৰ পত্নী আৰু সন্তান সকল, নাতি-নাতিনীসকল, মূল পিতৃ-মাতৰ পিতৃ-মাতৃ, তেওঁলোকৰ  ককায়েক-ভায়েক, পত্নী সকল,আকৌ এই পত্নীসকলৰ পিতৃ-মাতৃ,ভ্ৰাতৃ-ভগ্নী, পেহী, পেহা আৰু তেওঁলোকৰ সন্তানসকলো অন্তৰ্ভুক্ত হয়।পিতৃয়াত্মক স্বজনীয় সমূহত মাতৃৰ ফালৰ পৰা দুই পুৰুষলৈকেহে স্বজন সম্বন্ধ বিচাৰ কৰা হয় ।এনে স্বজন পদ্ধতিত পিতৃ-সম্বন্ধীয় লোকসকলৰ লগত বিবাহ সম্পৰ্ক নিষিদ্ধ ।
২)মাতৃয়াত্মক স্বজন পদ্ধতি: মাতৃ পক্ষৰ আত্মীয় লোকসকলক সাঙুৰি যিটো সমূহ পোৱা যায়, তাকে মাতৃয়াত্মক স্বজন পদ্ধতি বোলা হয় ।যেনে -খাচী, গাৰো আদি মাজত প্ৰচলিত পদ্ধতি ।এই পদ্ধতি অনুসৰি এজন ব্যক্তি জন্ম সূত্ৰে মাতৃবংশৰ সদস্য হৈ পৰে ।মাতৃয়াত্মক স্বজন পদ্ধতিত মাতৃৰ পিতৃ-মাতৃ,ককাই-ভাই,তেওঁলোকৰ পত্নী, সন্তানসকল আৰু তেওঁলোকৰ নীতি-নাতিনীসকল অন্তৰ্ভুক্ত ।মাতৃয়াত্মক স্বজন পদ্ধতিত পিতৃৰ ফালৰ এক বা দুই পুৰুষলৈকেহে স্বজনীয় বিচাৰ কৰা হয় ।কিন্তু মাতৃ পক্ষৰ কেইবা পুৰুষৰ সদস্য এনে স্বজন পদ্ধতিত অন্তৰ্ভুক্ত কৰা হয় ।আকৌ সম্বন্ধৰ প্ৰকৃতি অনুযায়ী স্বজন পদ্ধতিক পুনৰ দুটা ভাগত ভাগ কৰিব পাৰি ।সেয়া হ’ল-- ক) বৈবাহিক সম্বন্ধীয় স্বজনীয় গোট : বিবাহ সূত্ৰে সৃষ্টি হোৱা স্বজনীয়সকলৰ দ্বাৰা গঠিত সমূহটোক বৈবাহিক সম্বন্ধীয় স্বজনীয় গোট বুলি কোৱা হয় ।এনে পদ্ধতিৰ অনুসৰি এজন পুৰুষে এগৰাকী মহিলাক বিবাহ কৰালে কেৱল সেই মহিলা বা পত্নীৰ লগতে সম্বন্ধ ঘটাৰ লগতে পত্নী পক্ষৰ অন্যান্য সদস্যসকলৰ লগতো সম্বন্ধ স্থাপন হয় ।পত্নী পক্ষৰ পিতৃ-মাতৃ, ভাই-ভনী, ককায়েক, দদায়েক, খুৰীয়েক আৰু তেওঁলোকৰ সন্তানসকলৰ লগতো সম্পৰ্ক স্থাপন হয়।(খ) তেজৰ সম্পৰ্কযুক্ত স্বজনীয় সমূহ বা সগোত্রীয় স্বজন: কোনো এজন ব্যক্তিৰ নিজ বংশ বা গোত্ৰৰ সদস্যসকলৰ লগতে অন্যান্য যিসকলৰ লগত তেওঁৰ সম্পৰ্ক থাকে সেই সকলো সদস্যক লৈ যি এক আত্মীয় স্বজন পদ্ধতিৰ সৃষ্টি হয়, তাকে সগোত্রীয় বা তেজৰ সম্পৰ্কযুক্ত স্বজনীয় গোট বোলা হয়। এনে সমূহৰ সদস্যসকলৰ লগত ব্যক্তিৰ তেজৰ সম্বন্ধ থাকে। যেনে - পিতৃ, মাতৃ, ককাই, ভাই, বাই, ভনী, দদাই, পেহী, মোমায়েক আৰু মোমায়েকৰ পিতৃ-মাতৃ, বাই, ভনী ইত্যাদি সদস্যক অন্তর্ভূক্ত কবি এনে স্বজনীয়সমূহ গঢ়ি উঠে।

Read More

যুটীয়া পৰিয়াল

2:08 PM 0
 
যুটীয়া পৰিয়ালৰ সংজ্ঞা: যি পৰিয়ালত পিতৃ-মাতৃ আৰু তেওঁলোকৰ অবিবাহিত বা বিবাহিত সন্তানসকল আৰু  বিবাহিত সন্তানসকলৰ সন্তনসকল ; পিতৃৰ পিতৃ-মাতৃ , পিতৃৰ অবিবাহিত বায়েক-ভনীয়েক,  পিতৃৰ ভায়েক-ককায়েক আৰু  তেওঁলোকৰ পত্নীসকল লগতে  তেওঁলোকৰ সন্তানসকল আন্তঃ সম্বন্ধেৰে বান্ধ খাই পৰিয়ালৰ সদস্যভুক্ত হৈ উমৈহতীয়া বাসস্থান, উমৈহতীয়া সা-সম্পত্তি আৰু ধৰ্মাচৰণ তথা একে ৰান্ধনীশালতে খোৱা-বোৱা কৰে ,তেনে পৰিয়ালকে যুটীয়া পৰিয়াল বোলে।যুটীয়া পৰিয়ালৰ আকাৰ স্বাভাৱিকতেই ডাঙৰ।
সংজ্ঞা  : L. Basham-ৰ মতে, "ভাৰতীয় পৰিয়াল আগেয়ে, আনকি বর্তমান সময়তো, যুটীয়া প্ৰকৃতিৰ য'ত ককাই-ভাই, মোমাই-ভাগিন, ভতিজাকে আদি কৰি সকলোৱেই মিলিজুলি একে গৃহ বা গৃহসমষ্টিত বসবাস কৰে আৰু সাধাৰণতে স্থাৱৰ সম্পত্তিৰ অংশীদাৰভুক্ত হয়"। Iravati Karve-ৰ মতে, “যুটীয়া  পৰিয়াল হৈছে কিছুমান ব্যক্তিৰ সমূহ যি সকলে সাধাৰণতে একে গৃহতে বসবাস কৰে, একে ৰান্ধনি-শালতে ৰন্ধা-বঢ়া কৰি খায়,যি সকলৰ উমৈহতীয়া সম্পত্তি থাকে,একেলগে পূজা-পাতল কৰে আৰু যি সকলৰ মাজত স্বজনতাৰ সম্বন্ধ থাকে।“  আই. পি. দেশাইৰ মতে, এনে এঘৰ মানুহক সংযুক্ত পৰিয়াল বুলিব পৰা যায় যি ঘৰত কিছুমান মানুহে এটা পুৰুষতকৈ বেছি দীর্ঘকাল একেলগে বাস কৰি থাকে আৰু যিসকলে সম্পত্তি উপার্জন বৰি পাৰস্পৰিক অধিকাৰ আৰু দায়িত্বৰ সৈতে সম্পর্কিত হৈ থাকে।কে.এম. কাপাডিয়াৰ মতে, সংযুক্ত পৰিয়াল এনে এটা সমূহ যি সমূহত এহাল পতি-পত্নী আৰু তেওঁলোকৰ ল'ৰা-ছোৱালীৰ উপৰিও পিতৃ বা মাতৃৰ ফালৰ সম্বন্ধীয়ৰ মানুহ অন্তর্ভূক্ত হৈ থাকে।
 যুটীয়া পৰিয়ালক প্রধানকৈ দুটা ভাগত ভগোৱা হৈছে ---(ক) পিতৃবংশীয় যুটীয়া পৰিয়াল(খ) মাতৃবংশীয় যুটীয়া পৰিয়াল । আনহাতে পৈতৃক সা-সম্পত্তিৰ অধিকাৰৰ ওপৰত ভিত্তি কৰি যুটীয়া পৰিয়ালক (ক) মিত্যাক্ষৰ আক (খ) দায়ভাগ এই দুটা ভাগত বিভাজন কৰা হৈছে।
(ক) পিতৃবংশীয় যুটীয়া পৰিয়ালঃ যি যুটীয়া পৰিয়ালত পৰিয়ালৰ সাংগঠনিক পৰিচালনা পদ্ধতি, কর্তৃত্ব আৰু নামভূমিকাত পিতৃয়ে প্রাধান্যতা লাভ কৰে ,তেনে পৰিয়ালকে পিতৃবংশীয় যুটীয়া পৰিয়াল বোলা হয় । পৰম্পৰাগত ভাৰতীয় সমাজত পৰিয়াল পিতৃবংশীয় আছিল আৰু ইয়াৰ মূলতেঃ কিছুমান ধর্মীয়, আর্থিক আৰু সামাজিক কাৰক জড়িত হৈ আছিল। পিতৃবংশীয় যুটীয়া পৰিয়াল  বৈশিষ্ট্য : ১) পিতৃবংশীয় যুটীয়া পৰিয়ালত পিতৃৰ কর্তৃত্বই প্রাধান্যতা লাভ কৰে আৰু সকলো সদস্যই পিতৃৰ কর্তৃত্বৰ প্রতি আনুগত্য স্বীকাৰ কৰে।২) এনে পৰিয়াল পিতৃৰ বংশ পৰিচয়ৰ দ্বাৰা পৰিচালিত আৰু সন্তানসকলে পিতৃৰ উপাধি গ্রহণ কৰে। ৩) এনে পৰিয়ালত  সা-সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে সন্তানসকলে লাভ কৰে।৪) এনে পৰিয়ালত জ্যেষ্ঠ পুত্ৰৰ মৰ্যাদা আনসকলতকৈ কিছু ওপৰত আৰু পিতৃৰ অনুপস্থিতিত জ্যেষ্ঠ পুত্ৰই মুৰব্বীৰ ভূমিকা গ্রহণ কৰে।৫) এনে পৰিয়ালৰ সদস্যসকলে পিতৃৰ বংশ-পৰিচয়ৰ দ্বাৰা পৰিচালিত হয়।সেই অনুক্রমে সন্তানসকলে পিতৃৰ নামৰ উপাধি গ্রহণ কৰে।৬)পিতৃয়াত্মক যুটীয়া পৰিয়ালৰ ভিতৰত পিতৃ, পিতৃৰ ভাই, তেওঁলোকৰ পুত্র-সন্তান আৰু সন্তানৰ ল'ৰা-ছোৱালী আৰু তেওঁলোকৰ পত্নীসকল আৰু অবিবাহিতা কন্যাক ধৰা হয়।
(খ) মাতৃ বংশীয় যুটীয়া পৰিয়ালঃ  যি যুটীয়া পৰিয়ালত মাতৃৰ কর্তৃত্ব স্বীকাৰ কৰা হয় ,তেনে যুটীয়া পৰিয়ালক মাতৃবংশীয় যুটীয়া পৰিয়াল বোলা হয়। মাতৃৰ বংশ পৰিচয়ৰ দ্বাৰা ল'ৰা-ছোৱালী পৰিচিত হয়। এনে পৰিয়ালৰ ভিতৰত মাতৃ গৰাকী তেওঁৰ ভাই-ককাই, ভনীয়েক আৰু পৰিয়ালৰ আটাইবোৰ তিৰোতাৰ ল'ৰা-ছোৱালীক ধৰা হয়।                                                                                                মাতৃ বংশীয় যুটীয়া পৰিয়ালৰ  প্রধান চৰিত্র হ'ল-(১) মাতৃ বংশীয় বা মাতৃয়াত্মক যুটীয়া পৰিয়ালত মাতৃৰ কর্তৃত্বৰ প্রতি পৰিয়ালৰ অন্যান্য সদস্য সকলে আনুগতা প্রদর্শন কৰে।  (২) এইবিধ পৰিয়ালৰ ল'ৰা-ছোৱালী মাতৃৰ বংশ-পৰিচয়ৰ দ্বাৰা পৰিচিত হয়। গোত্ৰৰ গণনাকে ধৰি অন্যানা দিশসমূহ মাতৃৰ ফালৰ পৰা বিচাৰ কৰা হয়। (৩) মাতৃ-বংশীয় যুটীয়া পৰিয়ালৰ ভিতৰত মাতৃগৰাকী আৰু তেওঁৰ ভাই-ককাই, ভনীয়েক আৰু পৰিয়ালৰ আটাইবোৰ তিৰোতাৰ ল'ৰা-ছোৱালীক ধৰা হয়। (৪) মাতৃ-বংশীয় যুটীয়া পৰিয়ালৰ সম্পত্তিৰ অধিকাৰ মাতৃস্তৰানুক্রমকভাৱে নিৰূপণ কৰা হয়। মাতৃৰ উপৰিও তেওঁৰ নিজৰ বায়েক বা ভনীয়েকৰ পুতেক আদিও সম্পত্তিৰ অধিকাৰী হ'ব পাৰে। যুটীয়া পৰিয়ালৰ কাৰ্যাৱলীঃ যুটীয়া পৰিয়াল ভাৰতীয় গ্রাম্য জীৱনৰ আধাৰস্বৰূপ। যুটীয়া পৰিয়ালে বিভিন্ন ধৰণৰ সামাজিক আৰু আর্থিক কার্য সম্পাদন কৰাৰ লগতে একোখন সমাজৰ সাংস্কৃতিক ধাৰাবাহিকতা ৰক্ষা কৰে। যুটীয়া পৰিয়ালে পৰিয়ালৰ সদস্যসকলক শাৰীৰিক আৰু মানসিক নিৰাপত্তা দিয়ে। পৰম্পৰাগত ভাৰতীয় সমাজত যুটীয়া পৰিয়াল ব্যৱস্থা দূর্বল, অনাথ, বিকলাঙ্গ, বৃদ্ধসকলৰ বাবে কল্যাণমূলক ব্যৱস্থা হিচাপে বিবেচিত হৈছিল। বিশেষকৈ পৰিয়ালৰ সদস্যসকলে কোনো দিনেই অকলশৰীয়া আৰু নিৰাপত্তাহীনতা অনুভৱ কৰিবলগীয়া নহয়। সামাজিক আচৰণ শিক্ষণৰ প্ৰধান ভেটিয়েই হৈছে যুটীয়া পৰিয়াল। পৰিয়ালৰ আকাৰ ডাঙৰ হোৱাৰ বাবে শিশুৱে পৰিয়ালৰ বিভিন্ন সদস্যৰ লগত আন্তঃসম্পৰ্কৰ জৰিয়তে সামাজিক প্রতিমান আৰু মূল্যবোধৰ বিষয়ে জ্ঞান লাভ কৰিছিল। অর্থাৎ শিশুৰ সুষ্ঠ সামাজিকৰণ সম্ভৱ হৈছিল যুটীয়া পৰিয়ালৰ সদস্যসকলৰ উদাৰতা, সহিঞ্চুতা, সহৃদয়তা, সহযোগিতা, ভ্রাতৃত্ববোধৰ জ্ঞান আদিৰ মাজেৰে। একেদৰে পৰিয়ালৰ সদস্যসকলক অর্থনৈতিক নিৰাপত্তা প্রদান কৰাতো যুটীয়া পৰিয়ালৰ প্ৰধান কাম। বিবিধ আর্থিক কার্য সম্পাদন আৰু উমৈহতীয়া পুজি গঠনৰ জৰিয়তে যুটীয়া পৰিয়ালে আর্থিক স্বচ্ছলতা বজাই ৰাখে। সহযোগিতাৰ মাজেদি কেনেদৰে জীৱন- যাপন কৰিব লাগে সেই কথা যুটীয়া পৰিয়ালৰ সদস্যসকলৰ বোধগম্য। যুটীয়া পৰিয়ালে নিঃস্বাৰ্থ আৰু ত্যাগৰ নিদৰ্শন দাঙি ধৰে। পৰিয়ালৰ দৈনন্দিন আচৰণ, কার্যকলাপসমূহৰ মাজেদি সাংস্কৃতিক মূল্যবোধৰ ধাৰাবাহিকতা বজাই ৰখাতো যুটীয়া পৰিয়ালৰ এটা প্রধান কাম।

যুটীয়া পৰিয়ালৰ প্রধান বৈশিষ্ট্যসমূহ : (ক)যুটীয়া  পৰিয়াল দুই বা তাতোধিক পৰিয়ালৰ সমষ্টি। সেয়েহে আকাৰত যুটীয়া পৰিয়াল ডাঙৰ আৰু সদস্য সংখ্যাও বেছি।(খ) উমৈহতীয়া বাসস্থান যুটীয়া পৰিয়ালৰ এটা প্রধান বৈশিষ্ট্য। সাধাৰণতে পৰিয়ালব অন্তর্ভুক্ত সদস্যসকলে একে গৃহতে বসবাস কৰে  যদিও কেতিয়াবা অবিভাজ্য পৃথক গৃহতো কোনো সদস্যই বসবাস কৰিব পাৰে।(গ)পৰিয়ালৰ আকাৰ ডাঙৰ হোৱাৰ লগতে যুটীয়া পৰিয়ালৰ সদস্যসকলে উমৈহতীয়া বান্ধনিশালত বন্ধা-বঢ়া কৰি খায়।(ঘ) যুটীয়া পৰিয়ালৰ সদস্যসকলৰ মাজত ব্যক্তিগত সম্পত্তিয়ে প্রাধান্যতা লাভ নকৰে। অবশ্যে যুটীয়া পৰিয়ালত একোজন মুখিয়াল থাকে, যিজন সম্পত্তিৰ ৰক্ষণ কৰাৰ দায়িত্বত থাকে। পৰিয়ালৰ সদস্যবর্গই উপার্জন কৰা সম্পত্তি ঘৰৰ সকলো সদস্যৰ উমৈহতীয়া সম্পত্তি হিচাপে বিবেচিত হয়।(৫)ফুটীয়া পৰিয়ালৰ পৰিয়ালৰ সদস্যসকল একেটা বংশৰ সদস্য। ৬) যুটীয়া পৰিয়ালক কৃষি নির্ভৰশীল ভাৰতীয় গ্রাম্য সমাজ সংবচনাৰ প্রধান অর্থনৈতিক সংগঠন আৰু উৎপাদনৰ গোট হিচাপে বিবেচনা কৰা হয়। পৰিয়ালৰ আর্থিক স্বচ্ছলতা বক্ষণ কৰিব পৰাটো যুটীয়া পৰিয়ালৰ অন্যতম বৈশিষ্ট্য।(৭) যুটীয়া পৰিয়ালৰ সকলো সদস্য একেধৰণৰ নীতি-নিয়মেৰে পৰিচালিত হয় আৰু সকলোৱে একে ধৰণৰ ধর্মীয় কার্য সম্পাদন কৰে।৮) যুটীয়া  পৰিয়ালৰ সদস্যসকলে সকলো ধৰণৰ সামাজিক আৰু ধর্মীয় কার্য উমৈহতীয়াভাৱে সম্পাদন কৰে।(৯) কৃষি নির্ভৰশীল গ্রাম্য সমাজত যুটীয়া পৰিয়াল সহযোগী সংগঠন হিচাপে বিবেচিত হৈ আহিছে। সহযোগিতাই হৈছে যুটীয়া পৰিয়ালব মূল আধাৰ আৰু ই যুটীয়া পৰিয়ালৰ আর্থিক স্বচ্ছলতা বজাই ৰখাত সহায় কৰে।(১০)যুটীয়া পৰিয়ালত এজন ব্যক্তিৰ হাতত কর্তৃত্ব দিয়া থাকে আৰু তেওঁৰ অনুমতি নোহোৱাকৈ পৰিয়ালৰ কোনো গুরুত্বপূর্ণ কাম সদস্যসকলে সমাধা নকৰে। যদিও পৰিয়ালৰ সদস্যসকলে মুখিয়ালৰ কর্তৃত্ব মানি লয় তথাপি গুৰুত্বপূৰ্ণ  সিদ্ধান্তসমূহ মুখিয়ালজনে পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ লগত আলোচনা মর্মে গ্রহণ কৰে ঝ)সদস্যসকলৰ পাৰস্পৰিক দায়বদ্ধতা যুটীয়া পৰিয়ালৰ এটা অন্যতম বৈশিষ্ট্য। পৰিয়ালৰ সদস্যসকলৰ এজনে আনজনৰ প্রতি দায়িত্ববোধ থকাতো প্রয়োজনীয়।(৯)সাংস্কৃতিক ধাৰাবাহিকতা ৰক্ষা কৰাটো যুটীয়া পৰিয়ালৰ এটা প্রধান বৈশিষ্ট্য।গতিকে ওপৰৰ বৈশিষ্ট্যসমূহৰ পৰ্যালোচনাৰ পৰা অনুমান কৰিব পাৰি যে যুটীয়া পৰিয়ালৰ সংৰচনা সৰ্বসাধাৰণ পৰিয়াল সংৰচনাতকৈ কিছু সুর্কীয়া। গাঁঠনি দিশৰপৰা এই আকাৰ স্বাভাৱিকতে ডাঙৰ যিহেতু পিতৃ-মাতৃ আৰু তেওঁলোকৰ বিবাহিত সতি সন্ততিৰ উপৰিও অন্যান্য ব্যক্তিও আন্তঃসম্বন্ধৰে বান্ধ খাই পৰিয়ালৰ সদস্যভুক্ত হয়।
যুটীয়া পৰিয়ালৰ বিঘটনৰ কাৰক: (ক)উদ্যোগীকৰণ আৰু নগৰীকৰণ: উদ্যোগীকৰণ আৰু নগৰীকৰণ প্রক্রিয়াৰ ফলস্বৰূপে গাঁৱৰ পৰা নগৰলৈ মানুহৰ প্রৰ্বজন ঘটি আহিছে। গ্রাম্য-কুটিৰ শিল্পৰ বিনাশ আৰু নগৰীকৰণৰ বাবে বিভিন্ন প্ৰকাৰৰ উদ্যোগ, কল কাৰখানা আদি প্রতিষ্ঠা হোৱাত নতুন নতুন বৃত্তি গ্রহণৰ বাবে মানুহ নগৰমুখী হৈছে। এনে প্রৱৰ্জনে যুটীয়া পৰিয়ালৰ বিঘাটনত অৰিহণা যোগাইছে।(খ)যাতায়ত আৰু যোগাযোগ ব্যবস্থা : সাম্প্রতিক সময়ত যাতায়ত আৰু যোগাযোগ ব্যবস্থাৰ উন্নতি সাধনৰ বাবে বিভিন্ন চহৰলৈ মানুহৰ প্রবর্জন ঘটিছে আৰু যুটীয়া পৰিয়ালৰ বিঘাটন ঘটাইছে।(গ)নাৰী সচেতনতা আৰু নাৰী অধিকাৰঃ নাৰী শিক্ষাৰ প্রসাৰে নাৰীৰ সচেতনতা বৃদ্ধি কৰিছে আৰু সংবিধানে নাৰীক প্ৰদান কৰা বিশেষ অধিকাৰে গৰম্পৰাগত সমাজত থকা নাৰী সামাজিক প্রতিমান মূল্যবোধ পৰিৱৰ্তনত অৰিহণা যোগাইছে।তদুপৰি  বর্তমান নাৰীয়ে কর্মত নিযুক্তিৰ সুবিধা লাভ কৰি স্বাবলম্বী হৈ উঠিছে। পৰম্পৰাগত যুটীয়া  পৰিয়ালত যুগ যুগ ধৰি কৰি অহা নাৰীৰ ধৰাবন্ধা কামৰ পৰিৱর্তন হোৱাত যুটীয়া পৰিয়ালৰ সাংগঠনিক দিশ দুর্বল হৈ পৰিছে।(ঘ) জনসংখ্যা বৃদ্ধি আৰু খেতি মাটিৰ অভাব:পৰিয়ালৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে দেখা দিয়া দুটা সমস্যা হৈছে বাসস্থানৰ সমস্যা আৰু খেতি মাটিৰ অভাৱ । উৎপাদন পদ্ধতিৰ পৰিৱৰ্তন লগে লগে আৰু দ্রুত জনসংখ্যা বৃদ্ধিয়ে এই সমস্যা আৰু ভয়াবহ কৰি তুলিছে। বৃত্তি গ্রহণৰ বাবে নগৰে চহৰে বসতি কৰিবলৈ লোৱা লোকসকলে ডাঙৰ পৰিয়াল গঠন কৰি বসবাস কৰাতো সম্ভব নহয়। ইয়ে যুটীয়া পৰিয়ালৰ গুৰুত্ব কমাই আনিছে।ঙ)স্বলব্ধ প্রস্থিতি: বর্তমান সময়ত মানুহৰ যোগ্যতা, মর্যদা আদি স্বলব্ধ প্রতিস্থিতিৰ ওপৰত নির্ভৰশীল। তদুপৰি বৰ্তমানৰ বস্তুবাদী সংস্কৃতিৰ প্রভাৱে মানুহ ব্যক্তিকেন্দ্রিক হোৱাৰ পৰা এটা বৃহৎ পৰিয়ালৰ সদস্যসকলৰ প্রতি ব্যক্তিৰ দায়বদ্ধতাও কমাই আনিছে। এনে মনোভাৱে যুটীয়া পৰিয়ালৰ বিঘটনত অৰিহণা যোগাইছে।


 
Read More

Post Top Ad

Your Ad Spot