স্বজন পদ্ধতি - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Saturday, December 2, 2023

স্বজন পদ্ধতি

স্বজন পদ্ধতি  :  'স্বজন পদ্ধতি’ৰ স্বজন শব্দটো ‘স্ব’ আৰু ‘জন’ এই শব্দ দুটাৰ সমষ্টি ।‘স্ব’ মানে নিজ আৰু জন মানে ব্যক্তি বা মানুহ। অর্থাৎ নিজৰ আপোন মানুহ বুজাবলৈ স্বজন শব্দ ব্যবহাৰ কৰা হয়। সমাজত বিবাহ আৰু জন্ম তথা তেজ-মঙহৰ সম্পৰ্কৰে বান্ধ খোৱা মানৱ সমূহকে স্বজন পদ্ধতি বোলা হয়।  
সংজ্ঞা  : নৃতত্ত্ব বিজ্ঞানৰ মতে, “জন্ম আৰু বিবাহৰ জৰিয়তে যি এক আত্মীয় স্বজন গোষ্ঠীৰ সৃষ্টি হয় তাকে স্বজন পদ্ধতি বুলি কোৱা হয়।” Robin Fox ৰ মতে, “স্বজন পদ্ধতি হ'ল কিছুমান ব্যক্তিৰ মাজত থকা প্রকৃত সম্বন্ধ আৰু কাল্পনিক বংশৰ সম্পর্ক থকা আত্মীয় গোটৰ সমষ্টি।“Aberchrombic মতে, “যিবোৰ সামাজিক সম্বন্ধ তেজ-মঙহ আৰু বিবাহৰ দ্বাৰা গঢ় লৈ উঠে সেই সম্বন্ধৰ মাজৰ ব্যক্তিসকলকেই স্বজন বোলা হয়।“
স্বজন পদ্ধতিৰ প্ৰকাৰ : ১) পিতৃয়াত্মক স্বজন পদ্ধতি : পিতৃপক্ষৰ সম্বন্ধিত ব্যক্তিসকলক সাঙুৰি লৈ যিটো স্বজন গোষ্ঠী পোৱা যায়, সেই স্বজন পদ্ধতিকে পিতৃয়াত্মক স্বজন পদ্ধতি বোলে ।এই স্বজন পদ্ধতিত পিতৃৰ ককাই-ভাই, তেওঁলোকৰ পত্নী আৰু সন্তান সকল, নাতি-নাতিনীসকল, মূল পিতৃ-মাতৰ পিতৃ-মাতৃ, তেওঁলোকৰ  ককায়েক-ভায়েক, পত্নী সকল,আকৌ এই পত্নীসকলৰ পিতৃ-মাতৃ,ভ্ৰাতৃ-ভগ্নী, পেহী, পেহা আৰু তেওঁলোকৰ সন্তানসকলো অন্তৰ্ভুক্ত হয়।পিতৃয়াত্মক স্বজনীয় সমূহত মাতৃৰ ফালৰ পৰা দুই পুৰুষলৈকেহে স্বজন সম্বন্ধ বিচাৰ কৰা হয় ।এনে স্বজন পদ্ধতিত পিতৃ-সম্বন্ধীয় লোকসকলৰ লগত বিবাহ সম্পৰ্ক নিষিদ্ধ ।
২)মাতৃয়াত্মক স্বজন পদ্ধতি: মাতৃ পক্ষৰ আত্মীয় লোকসকলক সাঙুৰি যিটো সমূহ পোৱা যায়, তাকে মাতৃয়াত্মক স্বজন পদ্ধতি বোলা হয় ।যেনে -খাচী, গাৰো আদি মাজত প্ৰচলিত পদ্ধতি ।এই পদ্ধতি অনুসৰি এজন ব্যক্তি জন্ম সূত্ৰে মাতৃবংশৰ সদস্য হৈ পৰে ।মাতৃয়াত্মক স্বজন পদ্ধতিত মাতৃৰ পিতৃ-মাতৃ,ককাই-ভাই,তেওঁলোকৰ পত্নী, সন্তানসকল আৰু তেওঁলোকৰ নীতি-নাতিনীসকল অন্তৰ্ভুক্ত ।মাতৃয়াত্মক স্বজন পদ্ধতিত পিতৃৰ ফালৰ এক বা দুই পুৰুষলৈকেহে স্বজনীয় বিচাৰ কৰা হয় ।কিন্তু মাতৃ পক্ষৰ কেইবা পুৰুষৰ সদস্য এনে স্বজন পদ্ধতিত অন্তৰ্ভুক্ত কৰা হয় ।আকৌ সম্বন্ধৰ প্ৰকৃতি অনুযায়ী স্বজন পদ্ধতিক পুনৰ দুটা ভাগত ভাগ কৰিব পাৰি ।সেয়া হ’ল-- ক) বৈবাহিক সম্বন্ধীয় স্বজনীয় গোট : বিবাহ সূত্ৰে সৃষ্টি হোৱা স্বজনীয়সকলৰ দ্বাৰা গঠিত সমূহটোক বৈবাহিক সম্বন্ধীয় স্বজনীয় গোট বুলি কোৱা হয় ।এনে পদ্ধতিৰ অনুসৰি এজন পুৰুষে এগৰাকী মহিলাক বিবাহ কৰালে কেৱল সেই মহিলা বা পত্নীৰ লগতে সম্বন্ধ ঘটাৰ লগতে পত্নী পক্ষৰ অন্যান্য সদস্যসকলৰ লগতো সম্বন্ধ স্থাপন হয় ।পত্নী পক্ষৰ পিতৃ-মাতৃ, ভাই-ভনী, ককায়েক, দদায়েক, খুৰীয়েক আৰু তেওঁলোকৰ সন্তানসকলৰ লগতো সম্পৰ্ক স্থাপন হয়।(খ) তেজৰ সম্পৰ্কযুক্ত স্বজনীয় সমূহ বা সগোত্রীয় স্বজন: কোনো এজন ব্যক্তিৰ নিজ বংশ বা গোত্ৰৰ সদস্যসকলৰ লগতে অন্যান্য যিসকলৰ লগত তেওঁৰ সম্পৰ্ক থাকে সেই সকলো সদস্যক লৈ যি এক আত্মীয় স্বজন পদ্ধতিৰ সৃষ্টি হয়, তাকে সগোত্রীয় বা তেজৰ সম্পৰ্কযুক্ত স্বজনীয় গোট বোলা হয়। এনে সমূহৰ সদস্যসকলৰ লগত ব্যক্তিৰ তেজৰ সম্বন্ধ থাকে। যেনে - পিতৃ, মাতৃ, ককাই, ভাই, বাই, ভনী, দদাই, পেহী, মোমায়েক আৰু মোমায়েকৰ পিতৃ-মাতৃ, বাই, ভনী ইত্যাদি সদস্যক অন্তর্ভূক্ত কবি এনে স্বজনীয়সমূহ গঢ়ি উঠে।

No comments:

Post a Comment

Post Top Ad

Your Ad Spot