জনজাতি - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Saturday, December 9, 2023

জনজাতি


জনজাতিৰ সংজ্ঞা: নৃতত্ত্ববিদ গিলিন আৰু গিলনৰ মতে, জনজাতি হ'ল এনে এক আদিম জনসমূহৰ সমষ্টি যি উমৈহতীয়া ভাৱে জীৱন-যাপন কৰে, একে ভাষ্য বা দোৱান কয় আৰু একে সংস্কৃতি অনুসৰণ কৰে ।“
ড° ৰিচাৰ্ডৰ মতে, 'জনজাতি হৈছে সৰল প্ৰকৃতিৰ সামাজিক সমূহ যি সমূহৰ সদস্যসকলে একে ভাষা বা দোৱান কয় আৰু যুদ্ধ আদিত একেটা উশ্যে লৈ মিলিজুলি বাস কৰে।'
ডি. এন, মজুমদাৰৰ মতে, 'জনজাতি হৈছে কিছুমান পৰিয়ালৰ সমষ্টি, যাৰ এটা সাধাৰণ নাম থাকে, একে ভাষা বা দোৱান কয়, বিয়াবাৰু আৰু ব্যৱসায় ইত্যাদিৰ ক্ষেত্রত কিছুমান বাধা নিষেধ মানি চলে আক পৰম্পৰাৰ লগত আদান-প্রদান কৰাৰ বিশেষ ব্যবস্থা থাকে।'
বিভিন্ন পন্ডিতে আগবঢ়োরা সংজ্ঞাবিলাক বিশ্লেষণ কৰি আমি জনজাতিৰ সংজ্ঞা এনেদৰে নিৰূপণ কৰিব পাৰোঁ যে, জনজাতি হৈছে  এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত বসবাস কৰা এক জনসমষ্টি যি জনসমষ্টিৰ লোকসকলে নির্দিষ্ট এটা নাম লৈ মিলিজুলি বসবাস কৰে আৰু এক উমৈহতীয়া ভাষা, ধর্ম, সাজপাৰ, খাদ্যাভ্যাস, ৰীতি-নীতি, চালচলন ইতয়দিৰ যোগেদি এক সাংস্কৃতিক পৰিচয় দাঙি ধৰে আৰু সামাজিক, আর্থিক আৰু ৰাজনৈতিক ভাৱেও একতাৰ সূত্ৰত বান্ধ নখাই থাকে। 
জনজাতিৰ বৈশিষ্ট্য বা চৰিত্র: জনজাতিৰ বৈশিষ্ট্যসমূহ হ'ল --
১। নির্দিষ্ট ভৌগোলিক অঞ্চল : প্রতিটো জনজাতিৰে সাধাৰণতে একোটা নির্দিষ্ট অঞ্চল বা ভূখণ্ড থাকে।এই অঞ্চলবিলাক সাধাৰণতে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকাৰ বাবে উন্নত অঞ্চলৰ পৰা বিছিন্ন হৈ থাকে।
২।  সাধাৰণ নাম : জনজাতিসকলৰ একো একোটিৰ সাধাৰণ নাম থাকে।এই নামৰ জৰিয়তে এটা জনজাতিয়ে নিজৰ পৰিচয় দাঙি ধৰে,যেনে মিচিং,দেউৰী, নগা,হো,গাবো,খাচী,টোডা,মুন্ডা ইত্যাদি।৩।  সাধাৰণ ভাষা: প্রত্যেক জনজাতিৰে একোটা ভাষা বা দোরান থাকে। কোনো এটা জনজাতিৰ ব্যক্তিসকলে নিজৰ ভাষা বা দোৱানেৰে মনৰ ভাৱ প্রকাশ কৰে।মিচিং,দেউৰী,কাবি,চিংফৌ আদি জনজাতিৰ একোটা দোকান বা উপভাষা থাকে।
৪) অন্তঃবিবাহী গোট :  ভাৰতবর্ষৰ প্রায়বিলাক জনজাতিয়েই অন্তঃবিবাহী । এওঁলোকে নিজৰ মাজতেই বিবাহ কার্য সম্পাদন কৰে। যেনে- মিচিঙে  মিচিঙৰ লগত, কার্বিয়ে কাৰ্বিৰ লগত, নগাই নগাৰ লগত ইত্যাদি। 
৫) যুৱগৃহ :  প্রায়বোৰ জনজাতিৰ মাজতেই যুৱগৃহ বা ডেকাচাঙৰ ব্যৱস্থা দেখিবলৈ পোৱা যায়।ল'ৰা আৰু ছোৱালীৰ পৃথক যুৱগৃহ থাকে।এই যুৱগৃহবিলাকত যুবক-যুবতীসকলক সামাজিক আৰু অর্থনৈতিক আদি শিক্ষা দিয়া হয়। মিকিৰসকলৰ যুৱগৃহৰ নাম মাৰু(Maro), গাৰোসকলৰ যুৱগৃহৰ নাম নকপাটে(Nok-Pate), মিজোসকলৰ জৱলৱাক,  (Zawlbuk), নগাসকলৰ মকং(Morung) ইত্যাদি  । 
  ৬) ৰাজনৈতিক সংগঠন : জনজাতিসকলৰ নিজা নিজা সমস্যাবিলাক সমাধান কৰিবলৈ একোটা ৰাজনৈতিক সংগঠন থাকে। এই সংগঠনৰ সহায়ত জনজাতীয় অঞ্চলত উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰি সমাধানৰ ব্যৱস্থা কৰা হয়। যেনে- আদিসকলৰ 'কেবাং, আক লালুঙসকলৰ 'দৰবাৰ' ইত্যাদি।
৭। ঝুম খেতি : ঝুম খেতি হ’ল জনজাতীয় লোকসকলে পৰম্পৰাগতভাৱে কৰি অহা এক কৃষি ব্যৱস্থা ।জনজাতীয় লোকসকলে পর্ব্বত-পাহাৰ আদি অঞ্চলত হাবি চাফা কৰি ঝুম খেতি কৰে।
 ৮। টোটেম বা প্রতীকবাদ: জনজাতীয় লোকসকলে উপাস্য দেৱতাৰ ৰূপত পার্থিৱ জগতৰ যিকোনো এটা বস্তুক লৈ পূজা কৰে। টোটেম হিচাপে লোৱা এনেধৰণৰ বস্তু জীৱিত বা নির্জীৱ হ'ব পাৰে। যেনে, কোনো জনজাতিয়ে বাঘক পূজা কৰে,কোনোৱে শিলক পূজা কৰে,অন্য জনজাতিয়ে কোনো এটা জন্তুকেই আদি পূৰুষৰ প্রতীক হিচাপে পূজা কৰে।তেওঁলোকে ভাৱে যে তেওঁলোকৰ জনজাতিটো সেই প্রতীকটোৰ পৰাই উৎপত্তি হৈছে।কোনো বিশেষ টোটেমৰ প্রতি এটা সামাজিক সমূহৰ লোকে গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে । তেওঁলোকৰ এক আবেগিক আৰু আত্মিক সম্বন্ধ থকা বুলি বিশ্বাস কৰে।
 ৯) সাধাৰণ বৃত্তিঃ প্ৰায়বোৰ জনজাতিৰে একোটা পৰম্পৰাগত বৃত্তি থাকে। সাধাৰণতে জনজাতিসকলৰ বৃত্তি বুলি কওঁতে কৃষি, পশুপালন আৰু হস্তশিল্পকে ধৰা হয়।কোনো কোনো জনজাতিৰ মাজত চিকাৰ আৰু মাছধৰা বৃত্তিও দোখা পোৱা যায়। বর্তমান সময়ত আধুনিকীকৰণৰ প্রভাৱত জনজাতীয় সমাজত বৃত্তিৰ পৰিবৰ্তন ঘটিছে।
 ১০। সাধাৰণ কর্ম: একোটা জনজাতিৰ লোকসকলে একে ধৰ্ম আৰু উমৈহতীয়াভারে সেই ধর্মৰ ক্রিয়া কর্ম পালন কৰা দেখিবলৈ পোৱা যায়।জনজাতীয় সমাজত ধৰ্মৰ প্ৰভাৱ অসীম।
জনজাতীয় সমাজৰ পৰিৱৰ্তন কাৰণসমূহ  : 
ক) শিক্ষাৰ প্ৰসাৰ : আধুনিক শিক্ষা প্ৰসাৰৰ ফলত জনজাতীয় সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত সমাজৰ গোড়ামি, বৃত্তি গ্ৰহণ, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি  সকলো দিশতে চিন্তাধাৰাৰ আমূল পৰিৱৰ্তন ঘটিছে ।  
খ) উদ্যোগীকৰণ  : বিভিন্ন অঞ্চলত স্থাপন হোৱা উদ্যোগত জনজাতীয় লোকসকলে উদ্যোগিক কৰ্মচাৰী বা বনুৱা হিচাপে নিযুক্তি লাভ কৰিছে ।ফলত নতুন পৰিৱেশৰ লগত নিজকে খাপ খোৱাই ল’বলৈ যাওঁতে পৰম্পৰাগতভাৱে চলি আহা খাদ্য,  সাজপাৰ, জীৱনৰ মানদণ্ড আদিৰ দিশত জনজাতিসকলৰ মাজত পৰিৱৰ্তনে দেখা দিছে । 
গ) পাশ্চাত্যকৰণ:  পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱৰ ফলত জনজাতিসকলে কিছুমান নিজা সামাজিক আৰু সাংস্কৃতিক পদ্ধতি ত্যাগ কৰিছে । তদুপৰি পশ্চিমীয়া কাৰিকৰী কলা-কৌশল গ্ৰহণ কৰাৰ ফলত জনজাতীয় সমাজৰ কৃষি আৰু কুটিৰ শিল্প আদিতো পৰিৱৰ্তন হৈছে ।
৪)    সংস্কৃতকৰণ  :  জনজাতীয় সমূহবোৰে উচ্চ জাতিৰ ৰীতি-নীতি,  আদৰ্শ , পৰম্পৰা আদি অনুকৰণ কৰাৰ ফলত জনজাতীয় সমাজ আৰু সংস্কৃতিৰ পৰিৱৰ্তন ঘটিছে ।  উদাহৰণস্বৰূপে, খাদ্যাভাস, গৃহ নিৰ্মাণ আদি হোৱা পৰিৱৰ্তনকে উল্লেখ কৰিব পাৰি ।
৫) নগৰীকৰণ:    নগৰীকৰণ প্ৰক্ৰিয়াই জনজাতীয় সমাজ পৰিৱৰ্তনত প্ৰভাৱ পেলাইছে । নগৰাঞ্চল বসবাস কৰা জনজাতীয় লোকসকলে নগৰ অঞ্চলৰ বিভিন্ন জাতি, ধৰ্ম, ভাষা আৰু সম্প্ৰদায়ৰ লগত একে লগে বসবাস কৰিব লগা হওঁতে পূৰ্বৰপৰা চলি থকা ৰীতি-নীতিৰ পৰা আঁতৰি আহি অজনজাতীয় সংস্কৃতি গ্ৰহণ কৰাৰ ফলত তেওঁলোকৰ সমাজত পৰিৱৰ্তন হোৱা দেখা যায়।                 
 ৬। যাতায়াতৰ উন্নতি: যাতায়াতৰ উন্নতিয়ে জনজাতীয় লোকসকলৰ পূৰ্বৰ পৃথকে থকা প্ৰৱনতা বহু পৰিমাণে হ্রাস পাইছে। যাতায়াতৰ উন্নতিৰ ফলত জনজাতীয় লোকসকল এঠাইৰ পৰা আনঠাইলৈ যাব পৰা হৈছে। তেওঁলোকে সমাজৰ বিভিন্ন ব্যক্তিৰ লগত সম্পর্ক স্থাপনৰ সুবিধা লাভ কৰিছে। ফলত জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত সহ-অৱস্থান ঘাটছে। এনে হোৱাৰ ফলত জনজাতীয় সমাজ আৰু সংৰচনাত পৰিৱর্তনে দেখা দিছে।
৭। ৰাজনৈতিক দিশ: স্বাধীন ভাৰতৰ সংবিধানে জনজাতীয় লোকসকলক কিছুমান ৰাজনৈতিক অধিকাৰ আৰু সুবিধা প্রদান কৰিছে। ইয়াৰ ফলত জনজাতীয় লোকসকলে নির্বাচনত আসন সংৰক্ষণ আৰু সমঅধিকাৰ আদিৰ সুবিধা লাভ কৰিছে। ই জনজাতীয় লোকসকলৰ ৰাজনৈতিক দিশত আমূল পৰিৱর্তন আনিছে।
 ৮। ধর্মীয় দিশঃ  ধর্মীয় দিশতো জনজাতীয় লোকসকলৰ পৰিৱর্তন পৰিলক্ষিত হৈছে। আধুনিক শিক্ষাৰ প্ৰসাৰ, পাশ্চাত্যকৰণ, সংস্কৃতকৰণ, নগৰীকৰণ আদিৰ ফলত জনজাতীয় লোকসকলে তেওঁলোকৰ পৰম্পৰাগত ধর্মীয় বিশ্বাসত থকা ভুল ধাৰণা উপলব্ধি কৰি বৌদ্ধ, হিন্দু, খৃষ্টীয়ান ধৰ্ম গ্ৰহণ কৰিছে । ইয়াৰ ফলত জনজাতীয় ধৰ্মৰ পৰম্পৰাগত ৰীতি-নীতিৰ পৰিৱৰ্তন হৈছে ।

No comments:

Post a Comment

Post Top Ad

Your Ad Spot