১ ) বিশুদ্ধ পদাৰ্থ কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰ : যিবোৰ পদাৰ্থ কেৱল একেবিধ অণুৰ দ্বাৰা গঠিত ; সেইবোৰ পদাৰ্থকে বিশুদ্ধ পদাৰ্থ বা মৌল বোলা হয় ।
উদাহৰণ : লো (Fe), অক্সিজেন (O) ,নাট্ৰজেন(N), কপাৰ(Cu), এলুমুনিয়াম( Al) ।
2) মৌলক কেইটা ভাগত ভগাব পাৰি কি কি ? সূত্ৰ লিখি উদাহৰণ দিয়া ।
উত্তৰ : মৌলিক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি । সেইকেইটা হ'ল --
ক) ধাতু : ৰাসায়নিক বিক্ৰিয়াত যোজক কক্ষৰপৰা ইলেকট্ৰন এৰি দি ধনাত্মক আধানযুক্ত আয়ন গঠন কৰা মৌলক ধাতু বোলে । যেনে -- আইৰণ (Fe) ; কপাৰ (Cu); জিংক (Zn) , সোণ (Au) ,ৰূপ (Ag) ইত্যাদি ।
খ) অধাতু : যিবোৰ মৌলই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আধানযুক্ত আয়ন সৃষ্টি কৰে ,ঢঢঢভফগ সেইবোৰ মৌলকে অধাতু বোলে । খয
উদাহৰণ : কাৰ্বন(C), অক্সিজেন (O) , ছালফাৰ (S) ইত্যাদি ।
গ) ধাতুকল্প : যিবোৰ মৌলত ধাতু আৰু অধাতু দুয়োসছফ টাৰ ধৰ্ম থাকে; সেইবোৰ মৌলিকে ধাতুকল্প বোলে । ধাতুকল্প ৬ টা সেইকেইটা হ'ল -- বৰণ(Br), ছিলিকণ (Si) , জাৰমেনিয়াম (Ge), আৰ্ছেনিক(Ar) , এণ্টিমণি (Sb) , টেলুৰিয়াম (Te) ।
৩) ফছফৰাছক ঠাণ্ডা পানীত ডুবাই ৰাখা হয় কিয়সসুনজজজজঢ জ ?
উত্তৰ : ফছফৰাছ হ'ল এবিধ অতি সক্ৰিয় অধাতু । সাধাৰণ উষ্ণতাৰ সংস্পৰ্শলৈ আহিলৈ বায়ুৰ অক্সিজেনৰ( O) লগত বিক্ৰিয়া ঘটি জ্বলি উঠে । আনহাতে, ফছফৰাছে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে । সেইবাবেই ফছফৰাছক ঠাণ্ডা পানীত ডুবাই ৰাখা হয় ।
৪) সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা মৌল দুবিধৰ নাম কি কি ?
উত্তৰ : সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা মৌল দুবিধৰ নাম হ'ল পাৰা ( Hg) আৰু ব্ৰমিন (Br) .
৫) সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতু বিধৰ নাম কি ?
উত্তৰ : পাৰা বা মাৰকিইউৰি (Hg)।
৬) সাধাৰণ উষ্ণতাতজুলীয়া অৱস্থাত থকা অধাতু বিধৰ নাম
কি ?
উত্তৰ : ব্ৰমিন (Br) .
৭) ধাতু কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰ : ৰাসায়নিক বিক্ৰিয়াত যোজক কক্ষৰপৰা ইলেকট্ৰন এৰি দি ধনাত্মক আধানযুক্ত আয়ন গঠন কৰা মৌলক ধাতু বোলে । যেনে -- আইৰণ (Fe) ; কপাৰ (Cu); জিংক (Zn) , সোণ (Au) ,ৰূপ (Ag) ইত্যাদি ।
8) ধাতুৰ বৈশিষ্ট্যসমূহ লিখাঁ ।
উত্তৰ : ধাতুৰ বৈশিষ্ট্যসমূহ হ'ল ---
i) ধাতুবোৰ ঘাতসহনীয়তা । ধাতুবোৰক পাতল চেপেটা আকাৰত গঢ় দিব পৰা যায় ।
ii) ধাতুবোৰ নমনীয়তা । ধাতুবোৰক টানি মিহি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰি ।
iii) ধাতুবোৰ নিনাদী গুণবিশিষ্ট । ধাতুবোৰক টান পদাৰ্থৰে আঘাট কৰিলে উচ্চ শব্দ সৃষ্টি হয় ।
iv ) ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী । ধাতুৰ মাজেৰে বৈদ্যুতিক আধান পাৰ হৈ যাব পাৰে ।
v ) ধাতুবোৰ উষ্ণতা বা তাপৰ সুপৰিবাহী । ধাতুবোৰৰ মাজেৰে তাপ পৰিবাহীত হয় ।
vi) ধাতুবোৰ উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট ।
৮) অধাতু কাক বোলে ? অধাতুৰ বৈশিষ্ট্যসমূহ লিখাঁ ।
উত্তৰ : যিবোৰ মৌলই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আধানযুক্ত আয়ন সৃষ্টি কৰে , সেইবোৰ মৌলকে অধাতু বোলে ।
উদাহৰণ : কাৰ্বন(C), অক্সিজেন (O) , ছালফাৰ (S) ইত্যাদি ।
৯) অধাতুৰ বৈশিষ্ট্যসমূহ লিখাঁ ।
উত্তৰ : অধাতুৰ বৈশিষ্ট্যসমূহ হ'ল ---
ক) গ্ৰেফাইটৰ বাহিৰে অন্য অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী ।
খ) অধাতুবোৰ অনমনীয় ।
গ) অধাতুবোৰৰ চিকমিকনি নাই ।
ঘ) হাইড্ৰজেনৰ (H) বাহিৰে অন্যবোৰ অধাতু তাপৰ কু-পৰিবাহী ঙ) ব্ৰমিনৰ বাহিৰে অন্যবোৰ অধাতু সাধাৰণ উষ্ণতাত গোটা বা গেছীয় অৱস্থাত থাকে । সাধাৰণ উষ্ণতাত ব্ৰমিন জুলীয়া। অৱস্থাত থাকে ।
চ) অধাতুবোৰ ঘনত্ব কম ।
ছ) অধাতুবোৰ নিনাদী গুণসম্পন্ন নহয় ।
জ) অধাতুবোৰ গলনাংক আৰু উতলাংক কম ।
১ ) মৌল কাক বোলে ? উদাহৰণ দিয়াঁ
No comments:
Post a Comment