দশম শ্ৰেণী সমাজ বিজ্ঞান ( আৰ্হি প্ৰশ্নকাকত ) - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Sunday, February 26, 2023

দশম শ্ৰেণী সমাজ বিজ্ঞান ( আৰ্হি প্ৰশ্নকাকত )


                                                      দীচুচ শিক্ষণকেন্দ্ৰৰ  দ্বাৰা প্ৰকাশিত ।
                                                  বিষয়   :  সমাজ  বিজ্ঞান                               শ্ৰেণী  : দশম
                                                Section  --- A 
1)শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
i) কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ ধ্বনি শ্লোগানটো দিছিল?----a)আইন অমান্য আন্দোলন b)অসহযোগ আন্দোলন c)ভাৰত ত্যাগ আন্দোলন d)খিলাফৎ আন্দোলন  
ii) 1932 চনত সাম্প্ৰদায়িক বাঁটোৱাৰা ঘোষণা কৰা বৃটিছ প্ৰধানমন্ত্ৰীজন আছিল – - a)ক্লিমেণ্ট এটলি  b)   উইন্সটন চাৰ্চিল c) ৰামছে মেকড’নাল্ড   d) থেৰেচা মেই
iii) বংগবাসীয়ে ‘জাতীয় শোক দিৱস’ পালন কৰিছিল------          a)16 চেপ্টেম্বৰ,1905  b) 16অক্টোবৰ,1905 iii)26 চেপ্তেম্বৰ1905     iv) 26 অক্টোবৰ 1905 
iv) আটলাণ্টিক মহাসাগৰখনৰ আকৃতি ইংৰাজী আখৰ---- a) “S" দৰে b) T ৰ দৰে   c) V ৰ দৰে   d) O ৰ দৰে ।
v) ছানফ্ৰান্সিস্কো সন্মিলনত কিমানখন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰিছিল  ?    a) 41খন ৰাষ্ট্ৰই  b) 47খন ৰাষ্ট্ৰই  c) 51 খন ৰাষ্ট্ৰই  d) 57 খন ৰাষ্ট্ৰই   ।
vi)লৰ্ড কাৰ্জনৰ পাছত ভাৰতত ভাইচৰয়ৰ পদত কোন অধিষ্ঠিত হৈছিল----a) লৰ্ড মিণ্টো b)লৰ্ড উইলিয়াম বেণ্টিং   c) লৰ্ড ডেলহাউচি  d) লৰ্ড মাউণ্টবেটেন 
vii) তলৰ কোনটো চনত ব্ৰিটিছ চৰকাৰে অসমত দাস প্ৰথা বিলুপ্ত ঘটাইছিল----  a)1843 চনত b) 1857চনত c) 1860 চনত    d)1863চনত
viii) প্ৰাকৃতিকভাৱে এছিয়া মহাদেশক ইউৰোপ মহাদেশৰপৰা কিহে পৃথক কৰিছে  ? --- a)ইউৰাল পৰ্বতমালা  b)ককেচাচ পৰ্বত c) কাস্পিয়ান সাগৰ d) হিমালয় পৰ্বতমালা।
ix) ব্ৰিটিছে কোন চনত ‘টিকট কৰ’ প্ৰৱৰ্তন কৰিছিল? ---                    a) 1948 চনত     b)1858 চনত      c)1868 চনত  d)1878 চনত 
x) হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ প্ৰকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ লোৱা অনুষ্ঠানটো আছিল—
     a) জ্ঞান প্ৰদায়িনী সভা        b)অসমীয়া লিটাৰেৰি ছ’চাইটি         c) অসমীয়া ভাষা উন্নতি সাধিনী সভা           d) অসম এছ’ছিয়েচন 
xi) তলত উল্লেখ কৰা মুদ্ৰা প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্ৰাটো হ’ল -----a) কাগজী মুদ্ৰা  b) ধনাদেশ মুদ্ৰা  c) ধাতু মুদ্ৰা   d)  আদেশ মুদ্ৰা  ।
xii) ভাৰতৰ স্থাপত্য শিক্ষাৰ ভিতৰত মধ্যমণি স্বৰূপ স্থাপত্যটো কি  ? ---- a) সাঁচি স্তূপ   b)তাজমহল   c) অশোক স্তম্ভ     d)  অজন্তাৰ গুহাৰ মন্দিৰ 
xii) মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ কৌশল পোনপ্ৰথমে প্ৰয়োগ কৰিছিল--- 
   a)দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলনত ১৮৯৩ b)চম্পাৰণৰ কৃষক আন্দোলনc)খেড়াৰ কৃষক আন্দোলনত    d) ১৯১৯ চনৰ সত্যাগ্ৰহ আন্দোলনত 
xii)2011 চনৰ লোক পিয়ল অনুসৰি অসমৰ আটাইতকৈ ঘন বসতিপূৰ্ণ জিলাখন হৈছে--- a) বৰপেটা  b) নগাওঁ  c) কামৰূপ      d)  ধুবুৰী 
xiii)অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠিত হৈছিল? ---a)1888 চনত কলিকতাত b)1888 চনত ডিব্ৰুগড়ত c)1888 চনত কলকাতাত d)1872 চনত গুৱাহাটীত ।
xiv)কোন চনত গান্ধীয়ে ডাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল ------- a) 5 মাৰ্চ 1930 চনত    b) 12মাৰ্চ 1930. চনত  c) 15 মাৰ্চ 1931 চনত  d) 30 মাৰ্চ 1931 চনত  ।
xv) ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক ( IDBI ) স্থাপন কৰা হয়---- a) 1968 চনত b) 1967 চনত  c) 1955 চনত  d)  1947 চনত   
xvi) ব্ৰিটিছ শাসন বিৰুদ্ধাচৰণ কৰা প্ৰথম অসমীয়া ৰাজনৈতিক ব্যক্তি কোন আছিল--- a) মণিৰাম দেৱান  b) ধনঞ্জয় বৰগোহাঁই    c) গোমধৰ কোঁৱৰ  d) পিয়লি ফুকন  
xvii) আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ ভূগোলবিদ গৰাকী হ’ল--- a) জুলিয়ান হাক্সলে   b)   জৰ্জ ছিজহ’ম  c) চি এফ জন্স     d)  জি জি ডাৰ্কেনৱাল্ড 
xviii)  ব্ৰিটিছ শাসিত ভাৰতবৰ্ষত দেশজুৰি স্বাধীনতা দিৱস পালন কৰা হৈছিল----
       a)1930 চনৰ 30জানুৱাৰী      b)1930চনৰ26 নবেম্বৰ             c)1930চনৰ 26 জানুৱাৰী                   d)1947চনৰ15 আগষ্ট ।
xix) অসমৰ মুঠ মাটিকালি হ’ল -----                a) 78,486 বৰ্গ km    b) 78,348 বৰ্গ km.   c) 78,438 বৰ্গ km.   d) 78,843 বৰ্গ km   
xx)আছাম এছ’চিয়েছনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল-----  a) জগন্নাথ বৰুৱা      b) প্ৰভাত চন্দ্ৰ বৰুৱা.    c) পদ্মনাথ গোহাঁই বৰুৱা d) মানিক চন্দ্ৰ বৰুৱা  ।
xxi) ইকুৱেড’ৰ অৱস্থিত  ----                      a) উত্তৰ আমেৰিকাত   b) দক্ষিণ আমেৰিকাত    c) আফ্ৰিকাত.        d) এছিয়াত  
xxii) স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ---   a) 78.08%     b) 0.035%    c) 29%             d)   0.01% 
xxiii)  কাগজী মুদ্ৰা প্ৰচলন কৰাৰ একচেতীয়া অধিকাৰ কাক প্ৰদান কৰা হৈছে  ? --- a) বাণিজ্যিক বেঙ্ক  b) কেন্দ্ৰীয় বেংক c) ঔদ্যোগিক উন্নয়ন বেংক      d) নাবাৰ্ড 
xxiv) উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত থকা ভূ-অৱয়ব কোনটো------- a) ইউৰাইল পৰ্বত    b) লোহিত সাগৰ     c)  ভূমধ্য সাগৰ  d) পানামা খাল  ।
xxv)ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত গান্ধী-আৰউইন চুক্তি সম্পাদিত হৈছিল----- 
     a) 1931 চনৰ 5 মাৰ্চত         b) 1931 চনৰ 12 এপ্ৰিলত     c)  1933 চনৰ 1 মে’ত         d) 1930 চনৰ 6 এপ্ৰিলত ।
xxvi) তলৰ কোনটো নবীকৰণযোগ্য সম্পদ  ------   a) কয়লা     b) খনিজ তেল    c) প্ৰাকৃতিক গেছ   d) সূৰ্যৰ পোহৰ  ।

PART ---- I       প্ৰথম  খণ্ড
2)ব্ৰিটিছৰ বিৰুদ্ধে সংঘটিত হোৱা প্ৰথম কৃষক বিদ্ৰোহটো কি আছিল? এই বিদ্ৰোহটো ক’ত কেতিয়া সংঘটিত হৈছিল?
উত্তৰ:  ব্ৰিটিছৰ বিৰুদ্ধে সংঘটিত হোৱা প্ৰথম কৃষক বিদ্ৰোহটো আছিল  ফুলগুৰি ধাৱা । এই বিদ্ৰোহটো  1861  চনত  নগাঁৱৰ  ফুলগুৰিত সংঘটিত হৈছিল ।
3)অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল ? উত্তৰ  : অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন আছিল মিলন । 
4)আজাদ হিন্দ ফিজৰ জন্ম ক’ত হৈছিল? ইয়াৰ জন্মদাতা কোন ?ইয়াৰ মূল শ্লোগান কি আছিল ? 
উত্তৰ: আজাদ হিন্দ ফৌজৰ জন্ম  জাপানত হৈছিল । ইয়াৰ জন্মদাতা কেপ্তইন সোহান সিং আছিল  ইয়াৰ মূল শ্লোগান আছিল ‘জয় হিন্দ’ ।
5) ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্বৰ বিষয়ে লিখা  ।
উত্তৰ: ফুলগুৰি ধেৱা হৈছে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত অসমৰ কৃষক ৰাইজে  1861 চনৰ 18 অক্টোবৰত  কৰা প্ৰথম  বিদ্ৰোহ ।
          ফুলগুৰি ধেৱাৰ প্ৰধান কাৰণসমূহ  আছিল  --
ক)  আফুখেতি বন্ধৰ নিৰ্দেশ বাতিল কৰা      খ) তামোল-পাণৰ ওপৰত কৰ  লগাবলৈ লোৱা  সিদ্ধান্তক  প্ৰত্যাহাৰ কৰা   গ) নগাঁৱৰ উপায়ুক্ত লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্সে  ৰাইজক কৰা অপমানৰ প্ৰতিবাদ  কৰা ।
    1961 চনৰ 18 অক্টোবৰত নগাঁৱৰ ফুলগুৰিত সমবেত হোৱা প্ৰায় চাৰি হাজাৰ ৰাইজৰ ওচৰত নগাঁৱৰ সহকাৰী উপায়ুক্ত লেফটেনেণ্ট ছিংগাৰ উপস্থিত হৈ সভাৰ উদ্দেশ্য জনা পাছত ৰাইজৰ প্ৰতি সহাৰি জনোৱাৰ বিপৰিতে ৰাইজক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল ।তেওঁ লগত যোৱা পুলিচ বাহিনীক ৰাইজৰ হাতৰপৰা লাঠিবোৰ কাঢ়ি আনিবলৈ নিৰ্দেশ দিয়াত দুয়ো পক্ষৰ মাজত টনা-আজোৰাৰ পৰিৱেশ সৃষ্টি হয় । ছিংগাৰ মূৰত বাবু কৈৱৰ্ত নামৰ এজন কৃষকে লাঠিৰে আঘাত কৰি মাটিত বগৰাই দিছিল আৰু অন্য কৃষকসকলেও তেওঁক আক্ৰমণ কৰা বাবে তেওঁৰ থিতাতে মৃত্যু হোৱাত মৃত দেহটো কলং নৈত পেলাই দিছিল । এই ঘটনাটোকে ফুলগুৰি ধেৱা বা দলি-ফৰমুতিৰ ৰণ বুলি জনা যায়  ।   
6) ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক লিখা । 
উত্তৰ: ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক  হ’ল ------- 
১) সাংস্কৃতিক  বহুত্ববাদ ।               2) হিন্দু ধৰ্মৰ স্বকীয় বহুত্ববাদিতা তথা উদাৰতা  ৩) বিভিন্ন সমাজৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতা ।      
৪)  ৰামায়ণ আৰু মহাভাৰতে ভাৰতৰ বিভিন্ন প্ৰান্তক মূল কাহিনীভাগৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি ।              
7) a) লাল-বাল-পাল বুলি  কোৱা হয়  ? উত্তৰ  : লাল-বাল-পাল বুলি  লাজপত ৰয়,  বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰপালক কোৱা হয়  ।
   b) কোনছোৱা সময়ক জোনাকী যুগ বুলি কোৱা হয়  ? জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয়  ? 
    উত্তৰ  : 
8) a) অসমৰ লোক সংস্কৃতিলৈ বিহুৰ অৱদান সম্পৰ্কে এটি টোকা লিখা  ।
উত্তৰ: বিহু অসমৰ প্ৰধান লোক সংস্কৃতি । বিহুৰ জৰিয়তে অসমীয়া জাতি অথবা সমাজখনৰ স্বাভাৱিক ৰূপ-ৰং ,সুখ-দুখ ,শ্ৰম-বিনোদন আদি প্ৰতিফলিত হয় । সংক্ৰান্তিত আৰম্ভ হোৱা অসমৰ বাপতি সাহোন উৎসৱ বিহু তিনিটা ক্ৰমে  ব’হাগ বিহু,  কাতি বিহু আৰু  মাঘ বিহু । প্ৰতিটো বিহুতে অসমীয়া সমাজৰ ৰীতি-নীতি  , আচাৰ-ব্যৱহাৰ,  সুখ-আনন্দৰ প্ৰতিফলন ঘটে  । বিহুৰ বিভিন্ন ধৰণৰ পিঠা, লাড়ু, খাদ্য আদি অসমীয়া লোক সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ । ব’হাগ বিহুৰ  হুঁচৰি  , জেংবিহু  , গুৰু ঘৰৰ সেৱা  , গাঁৱৰ  নামঘৰত  গৰু বিহু দিনাখন বৃদ্ধ-বৃদ্ধা সকলে এক গোট হৈ বছৰটোৰ বাবে গাঁৱৰখনৰ পূজা-অৰ্চনাৰ বাবে লোৱা পৰিকল্পনা,  সৰুৱে ডাঙৰক সেৱা জনোৱা,  বস্ত্ৰ দান কৰা  , নতুন  বস্ত্ৰ পৰিধান কৰা ইত্যাদিয়ে অসমীয়া লোক সংস্কৃতিক জীৱন্ত কৰি ৰাখিছে । একে  দৰে  কাতি বিহুত পথাৰত,  তুলসীৰ তলত আৰু  ভঁড়ালৰ দুৱাৰ মুখত বন্তি প্ৰজ্বলন কৰা সংস্কৃতিয়ে বিহু মহত্ব বঢ়ায় । মাঘ বিহুত ভেলাঘৰ সজা  আৰু জ্বলোৱা আৰু  অগ্নি দেৱতাক সেৱা জনাই আৰ্শীবাদ লোৱা , বিহুৰ  পুৱাই আলু, কচু, দৈ আদিকে ধৰি নানা জলপান ভোজন কৰাতো অসমীয়া লোক সংস্কৃতিৰ এক অংশ । 
         এনেদৰে দেখা যায় যে বিহুৱে  অসমীয়া সংস্কৃতিৰ বৰ্ণাঢ্য ৰূপক সুন্দৰকৈ প্ৰতিফলন ঘটায় ।         
9) ওজাপালি কি ? ওজাপালিৰ ভাগ দুটা কি কি  ? 
উত্তৰ : ওজাপালি হ’ল অসমৰ এবিধ দৃশ্য-শ্ৰাব্য লোকনৃত্য । ওজাপালিৰ ভাগ দুটা  হ’ল --- ১) ব্যাসৰ ওজাপালি ২)  সুকনান্নী ওজাপালি  ।  
10) তলৰ গ্ৰন্থকেইখনৰ লেখকৰ নাম   লিখা  । --- হস্তীবিদ্যাৰ্ণৱ  ,  ভাৰত সম্ভেদ  , ৰাজতৰংগিনী   ,অৰ্থশাস্ত্ৰ   ।  
উত্তৰ  : হস্তীবিদ্যাৰ্ণৱ  ----------- সুকুমাৰ বৰকাইথ  ,                 ভাৰত সম্ভেদ  ------- জৱাহৰলাল নেহৰু           ,
                   ৰাজতৰংগিনী  -------  কলহন                                        অৰ্থশাস্ত্ৰ    -------------------কৌটীল্য 
11) a) অসমৰ প্ৰথম গৰাকী আই চি এছ বিষয়া কোন  ?  উত্তৰ  : অসমৰ প্ৰথম গৰাকী আই চি এছ বিষয়া আনন্দৰাম বৰুৱা  ।
   b) অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন  ? তেওঁ কোন চনত  নিৰ্বাচিত হৈছিল  ? 
   উত্তৰ: অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ ।
12) প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি  ? ইয়াৰ লিখক কোন ?  উত্তৰ  : অৰ্থশাস্ত্ৰ । ইয়াৰ  লিখক কৌটীল্য ।
13) মন্ত্ৰীদূতৰ সদস্যসকল কোন কোন আছিল  ?   উত্তৰ  মন্ত্ৰীদূতৰ সদস্যসকল আছিল---ছাৰ ষ্টেফোৰ্ড ক্ৰীপছ,  লৰ্ড পেথিক লৰেন্স আৰু এ ভি আলেকজেণ্ডাৰ ।                               
14) অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া  ক’ত গঠন হৈছিল  ? ইয়াৰ প্ৰথম সভাপতি আৰু  সাধাৰণ সম্পাদক কোন কোন আছিল ?
উত্তৰ: অসম প্ৰদেশ কংগ্ৰেছ কমিটি ১৯২১ চনৰ জুন মাহত গঠন হৈছিল  । ইয়াৰ প্ৰথম সভাপতি আৰু সাধাৰণ আছিল কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈ  ।
15) লোক সংস্কৃতি কি ? অসমৰ দুটা লোক সংস্কৃতিৰ নাম লিখা ।
উত্তৰ: এটা জাতি অথবা সমাজৰ এখনৰ স্বাভাৱিক ৰূপ-ৰং ,সুখ-দুখ ,শ্ৰম-বিনোদন আদি যাৰ জৰিয়তে প্ৰতিফলিত হয়,  তাকে লোক সংস্কৃতি বোলে । 
      অসমৰ দুটা  লোক সংস্কৃতি হ’ল  ------- বিহু  , আলি আই লিগাং । 
16) মহাত্মা গান্ধীৰ লগত দাণ্ডি যাত্ৰাত অসমৰ কোনে অংশগ্ৰহণ কৰিছিল ?  
উত্তৰ: মহাত্মা গান্ধীৰ লগত দাণ্ডি যাত্ৰাত অসমৰ লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল ।
17) ভাৰতৰ প্ৰাচীন যুগৰ দুজন চিকিৎসা বিষয়ক গ্ৰন্থৰ নাম লিখা ।  উত্তৰ  : চৰক সংহিতা  আৰু  সুশ্ৰুত সংহিতা 
18) কাৰ্নিংহাম চাৰ্কুলাৰ কি ? এই চাৰ্কুলাৰক কোনে কেতিয়া প্ৰৱৰ্তন কৰিছিল  ?
উত্তৰ: কাৰ্নিংহাম চাৰ্কুলাৰ হৈছে ব্ৰিটিছ বিৰুদ্ধি আন্দোলনৰ পৰা ছাত্ৰ সমাজক  আঁতৰাই ৰখা এক নিৰ্দেশনা ।   এই  চাৰ্কুলাৰক জে আৰ কানিংহামে ১৯৩০ চনত  জাৰি কৰিছিল । 
19) অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খনৰ নাম কি ? এই মহাবিদ্যালয়খন কেতিয়া ক’ত স্থাপিত হৈছিল  ?
উত্তৰ: অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ৰ নাম হ’ল অসম মেডিকেল কলেজ  । এই  মহাবিদ্যালয়খন ডিব্ৰুগড়ত ১৯০০ চনত স্থাপিত হৈছিল ।
20) জয়ন্তীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ? জয়ন্তীয়া  বিদ্ৰোহৰ  নেতৃত্ব কোনে দিছিল  ? 
উত্তৰ  : জয়ন্তীয়া বিদ্ৰোহ 1861 চনত সংঘটিত হৈছিল । জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব  উকিয়াং নবাই দিছিল ।
21) দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া ক’ত অনুষ্ঠিত হৈছিল  ? এই  মেজমেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ কোনে প্ৰতিনিধিত্ব কৰিছিল ?
উত্তৰ:  দ্বিতীয় ঘূৰণীয়া মেজমেল ১৯৩১ চনৰ  ৭ চেপ্তেম্বৰৰপৰা ১ ডিচেম্বৰলৈ লণ্ডনত অনুষ্ঠিত হৈছিল । এই মেজমেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ মহাত্মা গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছিল  ।
22) a) চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল  ? এই ঘটনাত কিমানজন পুলিচৰ মৃত্যু হৈছিল  ? 
    উত্তৰ: চৌৰীচৌৰা ঘটনা  ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত সংঘটিত হৈছিল  । এই ঘটনাত  22 জন পুলিচৰ মৃত্যু হৈছিল ।
    b)ঢাকা,  চট্টগ্ৰাম আৰু ৰাজশাহী সংমণ্ডল অসমৰ লগত লগ লগাই গঠন কৰা নতুন প্ৰদেশখনৰ নাম কি আছিল ?
     উত্তৰ  :  ঢাকা,  চট্টগ্ৰাম আৰু ৰাজশাহী সংমণ্ডল অসমৰ লগত লগ লগাই গঠন কৰা নতুন প্ৰদেশখনৰ নাম ‘পূৰ্ববংগ আৰু অসম’ আছিল ।
   c) ভাৰতবৰ্ষৰ শাসন ব্ৰিটিছ ৰাজমুকুটৰ অধীনলৈ কেতিয়া গৈছিল  ? উত্তৰ: ভাৰতবৰ্ষৰ শাসন ব্ৰিটিছ ৰাজমুকুটৰ অধীনলৈ ১৮৫৮ চনত গৈছিল  ।                                                       
                                                      Part  II  ( দ্বিতীয় খণ্ড)  
23) পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাসাগৰ দুখৰ নাম লিখা ।  উত্তৰ  : পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাসাগৰ দুখৰ নাম ক্ৰমে প্ৰশান্ত মহাসাগৰ আৰু উত্তৰ মহাসাগৰ ।               
24) পৃথিৱীৰ দীৰ্ঘতম আৰু উচ্চতম পৰ্বতমালা দুটা কি কি ? ইহঁত ক’ত ক’ত অৱস্থিত ?
উত্তৰ  : পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীটো হ’ল এণ্ডিজ  । ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত ।
      পৃথিৱীৰ উচ্চতম পৰ্বতমালাটো হ’ল হিমালয় পৰ্বতমালা  । ই এছিয়া মহাদেশত অৱস্থিত । 
25) পৃথিৱীৰ মুঠ মাটিকালি কিমান ?   উত্তৰ  :   পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ ।                            
26)পৃথিৱীৰ আটাইতকৈ ওখ মালভূমিখন কি ? ইয়াৰ উচ্চতা কিমান ? ই ক’ত অৱস্থিত ? 
উত্তৰ: পৃথিৱীৰ আটাইতকৈ ওখ মালভূমিখনৰ নাম হ’ল পামিৰ । ই এছিয়া মহাদেশত অৱস্থিত ।
27)অসমৰ জনসংখ্যা বৃদ্ধিৰ তিনিটা কাৰণ লিখা।  উত্তৰ:  ১) জন্ম হাৰ বৃদ্ধি আৰু মৃত্যু হাৰ হ্ৰাস  2) জনপ্ৰব্ৰজন    3)  শিক্ষাৰ অভাৱ 4) বহুবিবাহ তথা বাল্য বিবাহ ।                       
28)পৃথিৱীৰ আটাইতকৈ জনবহুল আৰু কম জনসংখ্যা থকা দেশ দুখনৰ নাম লিখা  । উত্তৰ  :  জনবহুল দেশ---- চীন।   , কম জনসংখ্যা থকা দেশ।  ==== 
29) এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ লিখা । 
উত্তৰ এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ হ’ল। ---,,
ক) এছিয়া মহাদেশতে পৃথিৱীৰ  প্ৰথম আৰু দ্বিতীয় উচ্চতম পৰ্বত শৃংগ মাউণ্ট  এভাৰেষ্ট আৰু  গডউইন অষ্টিন অৱস্থিত ।
খ) এছিয়া মহাদেশতে পৃথিৱীৰ প্ৰথম আৰু দ্বিতীয়  জনবহুল ৰাষ্ট্ৰ ক্ৰমে চীন আৰু  ভাৰত অৱস্থিত ।
গ) এছিয়া মহাদেশৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰে আগুৰা  ।
ঘ) এই মহাদেশতে পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ পৰ্বত হিমালয় অৱস্থিত  ।
ঙ) পৃথিৱীৰ উচ্চতম মালভূমি পামিৰ এই মহাদেশতে অৱস্থিত ।
চ) বলখাছ,  বৈকাল,  চিল্কা,  চম্বৰ,  ডাল আদি উল্লেখযোগ্য হ্ৰদসমূহো এই মহাদেশতে অৱস্থিত  ।                          
30) মাটি কালিৰ ভিত্তিত পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম মহাদেশ দুখনৰ নাম লিখা। 
উত্তৰ:  মাটি কালিৰ ভিত্তিত পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম মহাদেশ দুখনৰ নাম ---
31)পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত উত্তৰ  : ৰাছিয়া দেশখন এছিয়া আৰু ইউৰোপ মহাদেশলৈ বিস্তৃত হৈ আছে ।                     
32)গোলকীয় উষ্ণতা বৃদ্ধি কি ? গোলকীয় উষ্ণতা বৃদ্ধিয়ে সৃষ্টি কৰা চাৰিটা সমস্যা লিখা।  
উত্তৰ: পৃথিৱীৰ ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ  স্বাভাৱিক  উষ্ণতাৰ পৰিৱৰ্তন ঘটাকে গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয় ।
      গোলকীয় উষ্ণতা বৃদ্ধিয়ে সৃষ্টি কৰা চাৰিটা সমস্যা হ’ল -----
ক) বৰফস্তুপৰ গলনাংক ঘটাই সাগৰ পৃষ্ঠৰ উত্থান ঘটায় ।   খ) শস্যৰ উৎপাদন হ্ৰাস কৰে  গ) মৰুকৰণ বৃদ্ধি ঘটায় । ঘ) জলবায়ুৰ পৰিবৰ্তন ঘটায় ।
33) a) অসমৰ একমাত্ৰ অন্তৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি ? ই ক’ত অৱস্থিত  ?  
    উত্তৰ : অসমৰ একমাত্ৰ অন্তৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ  । ই গুৱাহাটীত অৱস্থিত  ।
    b) অসমৰ সীমাত থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা ।  উত্তৰ  : চীন , বাংলাদেশ ।   
    c) উত্তৰ-পূৱ ভাৰতৰ একমাত্ৰ আন্ত:ৰাষ্ট্ৰীয়  বিমান বন্দৰটোৰ নাম কি ? উত্তৰ  : লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ  ।                    
34)অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা।
 উত্তৰ : অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও মন্থৰ হৈ আছে তাৰ কাৰণসমূহ হ’ল  ---- ১) মূলধনৰ অভাৱ   ২) অনুন্নত যাতায়াত ব্যৱস্থা  ৩) আধুনিক প্ৰযুক্তি বিদ্যাৰ অভাৱ ।
 35) প্ৰতিৰোধক কি ? উদাহৰণ দিয়া ।
  উত্তৰ: যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে,  সেইবোৰক প্ৰতিৰোধক বোলে ।উদাহৰণ  : অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল ।                                 
36) প্ৰদূষণ কাক বোলে? মাটি আৰু পানী প্ৰদূষণৰ তিনিটা কাৰণ লিখা ।
উত্তৰ: অপদ্ৰব্যৰ দ্বাৰা বায়ু, পানী , মাটি আদিৰ স্বাভাৱিক গুণ নষ্ট হোৱাকে প্ৰদূষণ বোলে  ।
           মাটি আৰু পানী প্ৰদূষণৰ তিনিটা কাৰণ হ’ল ---- 1) ঘৰুৱা পেলনীয়া আৰ্বজনা   2) ঔদ্যোগিক আৰ্বজনা  3) কৃষি পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য ।        
37) পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত  ? উত্তৰ  : ৰাছিয়া দেশখন এছিয়া আৰু ইউৰোপ মহাদেশলৈ বিস্তৃত হৈ আছে ।                 
38) নবীকৰণযোগ্য সম্পদ আৰু অনবৱীকৰণযোগ্য সম্পদৰ দুটা পাৰ্থক্য লিখা ।
উত্তৰ: নবীকৰণযোগ্য সম্পদ আৰু অনবৱীকৰণযোগ্য সম্পদৰ দুটা পাৰ্থক্য হ’ল ---
ক) নবীকৰণযোগ্য সম্পদবোৰ অসীম; যেনে –বায়ু  । কিন্তু  অনবীকৰণযোগ্য সম্পদবোৰ সীমিত,  যেনে ---কয়লা । 
খ) নবীকৰণযোগ্য সম্পদবোৰ পুনৰ ব্যৱহাৰ বা সৃষ্টি কৰিব পাৰি; যেনে-পানী , উদ্ভিদ  । কিন্তু  অনবীকৰণযোগ্য সম্পদবোৰ এবাৰ ব্যৱহাৰ কৰা পাছত একেবাৰে শেষ হৈ যায়; যেনে – প্ৰাকৃতিক গেছ  , প্ৰেট্ৰলিয়াম ।
39) অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি ?
উত্তৰ: অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ হ’ল   -------- 
      ১)  কৃষি খণ্ডত অত্যাধুনিক কৃষি সঁজুলি ব্যৱহাৰ কৰি উৎপাদন ক্ষমতা বঢ়াব পাৰিলে অৰ্থনৈতিক উন্নয়ন ঘটিব ।
     ২) অনুন্নত গ্ৰাম্য অঞ্চলক উন্নত অঞ্চলৰ বজাৰসমূৰ সৈতে সংযোগ ঘটাবলৈ ৰাস্তা-ঘাট তথা যাতায়ত ব্যবস্থাৰ উন্নতি ঘটালে অৰ্থনৈতিক উন্নয়ন ঘটিব।
       ৩) অসমৰ পৰ্য্যটন উদ্যোগবোৰ বিকাশ ঘটালে অৰ্থনৈতিক উন্নয়ন ঘটিব ।
       ৪) বৃহৎ বজাৰ সৃষ্টি কৰি বেপাৰ-বাণিজ্যৰ সম্প্ৰসাৰণ ঘটাই অসমৰ অৰ্থনৈতিক উন্নয়ন ঘটাব পাৰি ।
       ৫)কৃষি খণ্ডৰ উন্নতিৰ বাবে কৃষকসকলক চৰকাৰে পুঁজিৰ যোগান ধৰি অৰ্থনৈতিক উন্নয়ন ঘটাব পাৰি ।  
40) অসমৰ কৃষি ক্ষেত্ৰৰ উন্নয়নত দেখা দিয়া  সমস্যাসমূহ উল্লেখ কৰা । 
উত্তৰ: 
41) নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে ? উদাহৰণ দিয়া।
উত্তৰ  : যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন নকৰে,  সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলে । উদাহৰণস্বৰূপে, সুপ্ত অৱস্থাত থকা কলা , প্ৰকৃতিক গেছ আদি                   
42) অসমৰ উদ্যোগবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি  ? অসমৰ কৃষিভিত্তিক উদ্যোগসমূহ কি কি  ? 
উত্তৰ : অসমৰ উদ্যোগবোৰক 5 টা ভাগত ভাগ কৰিব পাৰি । সেইকেইটা হ’ল --১) খনি উদ্যোগ ২) হস্তশিল্প উদ্যোগ ৩) কৃষিভিত্তিক উদ্যোগ ৪) শক্তি উদ্যোগ ৫) সেৱা খণ্ডৰ উদ্যোগ 
 অসমৰ কৃষিভিত্তিক উদ্যোগসমূহ হ’ল --- ১) বন পালন উদ্যোগ,২) চাহ উদ্যোগ ৩) ৰেচম উদ্যোগ ৪) ৰবৰ উদ্যোগ ৫) খাদ্য প্ৰস্তুতকৰণ উদ্যোগ ৬) কাগজ উদ্যোগ 
নাইবা,  অসমৰ কৃষিভিত্তিক কৃষি-জলবায়বীয় অঞ্চল কেইটা আৰু কি  কি ? 
উত্তৰ  : অসমৰ কৃষিভিত্তিক কৃষি-জলবায়বীয় অঞ্চল ৬ টা । সেইকেইটা হ’ল --- ১) নামনি ব্ৰক্ষ্মপুত্ৰ উপত্যকা অঞ্চল  ২) উত্তৰ পাৰৰ সমভূমি অঞ্চল  ৩) মধ্য ব্ৰক্ষ্মপুত্ৰ উপত্যকা অঞ্চল    ৪) উজনি ব্ৰক্ষ্মপুত্ৰ উপত্যকা অঞ্চল     ৫)  বৰাক উপত্যকা অঞ্চল   ৬) পাৰ্বত্য অঞ্চল ।
43)  a) সম্পদ সংৰক্ষণ বুলিলে কি বুজা  ? সম্পদৰ সংৰক্ষণ ফলপ্ৰসূ কৰিবলৈ লোৱা চাৰিটা উপায় লিখা ।
    b)   b)  ঝুম খেতি কি ?  ঝুম খেতিয়ে  সৃষ্টি কৰা তিনিটা সমস্যা লিখা  । ঝুম খেতি কৰা অসমৰ দুখন জিলাৰ নাম লিখা  ।
         উত্তৰ  : পাহাৰৰ সুচল ঢালত হাবি-জংঘল পুৰি খেতিৰ ঠাই মুকলি কৰি পৰম্পৰাগত পদ্ধতিৰে কৰা খেতিকে ঝুম খেতি বোলে  । ঝুম খেতিয়ে সৃষ্টি কৰা তিনিটা সমস্যা হ’ল--১)বনাঞ্চল ধ্বংস হয় ২)ভূমি ক্ষয় হয় ৩)মাটিৰ উৰ্বৰতা হ্ৰাস হয় । ঝুম খেতি কৰা দুখন জিলা হ’ল—কাৰ্বি আংলং পাৰ্বত্য জিলা আৰু ডিমা হাচাও পাৰ্বত্য জিলা                         
         
                                               PART  III ( তৃতীয় খণ্ড  ) 
44) উদাৰীকৰণ কি ? ভাৰত চৰকাৰে উদাৰীকৰণ নীতি কেতিয়া গ্ৰহণ কৰিছিল  ? 
উত্তৰ: দেশৰ আৰ্থিক অৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণেই হ’ল উদাৰীকৰণ । ভাৰত চৰকাৰে উদাৰীকৰণ নীতি ১৯৯১ চনত গ্ৰহণ কৰিছিল ।
45) ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ? এই বেংকটো কেতিয়া স্থাপন কৰা হৈছিল ? ইয়াৰ মুখ্য কাৰ্যালয় ক’ত ?
উত্তৰ: ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম ভাৰতীয় ৰিজাৰ্ভ বেংক । এই বেংকটো ১৯৩৬ চনত  স্থাপন কৰা হৈছিল । ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত  ।
46) অসম চৰকাৰে কেতিয়া ৰাজ্যিক ঔদ্যোগিক নীতি ঘোষণা কৰিছিল  ? উত্তৰ: অসম চৰকাৰে কেতিয়া ৰাজ্যিক ঔদ্যোগিক নীতি ২০০৮ চনত ঘোষণা কৰিছিল ।
47) FIFA ৰ মুখ্য কাৰ্যালয় ক’ত ?  ইয়াৰ সম্পূৰ্ণ  নাম কি  ?
 উত্তৰ  : FIFA ৰ মুখ্য কাৰ্যালয় জুৰিকত অৱস্থিত । FIFA ৰ সম্পূৰ্ণ নাম হ’ল International Federation of Football অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন ।
48) কাক ভাৰতীয় সংবিধান আত্মা বুলি কোৱা হয়  ? উত্তৰ  : ভাৰতীয় সংবিধান আত্মা বুলি প্ৰস্তাৱনাক কোৱা হয়  ।
49) ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল  ? উত্তৰ: ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ১৯৫১ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল ।
50) অৰ্ধযুক্তৰাষ্ট্ৰ কাক বোলে  ? ভাৰতৰ অৰ্ধযুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ  তিনিটা  বৈশিষ্ট্য লিখা  ।
উত্তৰ: যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত একাত্মক চৰকাৰ বৈশিষ্ট্য সন্নিবিষ্ট হৈ থাকে , তেনে যুক্তৰাষ্ট্ৰ ব্যৱস্থাকে অৰ্ধযুক্তৰাষ্ট্ৰ বোলে  । যেনে: ভাৰত যুক্তৰাষ্ট্ৰ ।
            ভাৰতৰ অৰ্ধযুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ  তিনিটা  বৈশিষ্ট্য -----  ১) একক নাগৰিকত্ব  2) একক সংবিধান  3) ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ অধিক শক্তিশালী ।
51) ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কেনেদৰে প্ৰভাৱ পেলাইছে চমুকৈ লিখা  ।
52) ‘ছাৰ্কাৰিয়া আয়োগ’ কেতিয়া  গঠন কৰা হৈছিল  ?উত্তৰ : ‘ছাৰ্কাৰিয়া আয়োগ’ ১৯৮৩ চনত  গঠন কৰা হৈছিল ।
53) সংবিধান সভাৰ স্থায়ি সভাপতি কোন আছিল  ? তেওঁক  স্থায়ি  সভাপতি হিচাপে কেতিয়া নিৰ্বাচন কৰা হৈছিল  ? 
উত্তৰ: সংবিধান সভাৰ স্থায়ি সভাপতি আছিল ডক্তৰ ৰাজেন্দ্ৰ প্ৰসাদ । তেওঁক  স্থায়ি  সভাপতি হিচাপে কেতিয়া নিৰ্বাচন কৰা হৈছিল 
 54)পৃথিৱীৰ সকলোতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি  ? এই বেংকটো ক’ত অৱস্থিত  ? এই বেংকটো কেতিয়া স্থাপন কৰা হৈছিল?  
 উত্তৰ:পৃথিৱীৰ সকলোতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম ৰিক্স বেংক । এই বেংকটো ছুইডেনত অৱস্থিত । এই বেংকটো ১৬৫৬ চনত স্থাপন কৰা হৈছিল ।
 55) ভাৰতীয় সংবিধান সভাৰ খচৰা কমিটিৰ  সদস্যসকলৰ নাম লিখা  । 
উত্তৰ:  ডক্তৰ বি আৰ আম্বেদকাৰ,  এন গোপালাস্বামী আয়েংগাৰ,  আলাদি কৃষ্ণস্বামী আয়াৰ,  কে এম মুন্সি,  চৈয়দ মহম্মদ চাদুল্লা , এন মাধৱ ৰাও, ডি পি খৈটান ।
56) যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ক’ত সৃষ্টি  হৈছিল  ? কোনখন ৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ গৃহ বুলি কোৱা হয়  ? 
উত্তৰ: যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আমেৰিকাত সৃষ্টি  হৈছিল । আমেৰিকা যুক্তৰাষ্ট্ৰক ৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ গৃহ বুলি কোৱা হয় ।
57) পঞ্চবাৰ্ষিক পৰিকল্পনা কি ? ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ চাৰিটা  উদ্দেশ্য লিখা ।
উত্তৰ: চৰকাৰে দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শনৰ উদ্দেশ্যেৰে পাঁচটা বছৰক নিৰ্ধাৰিত কৰি নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বলৈ প্ৰস্তুত কৰা পৰিকল্পনাকে পঞ্চবাৰ্ষিক পৰিকল্পনা বোলা হয় । 
      ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ চাৰিটা  উদ্দেশ্য হ’ল ----
ক) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতাৰ কৰা   খ) আৰ্থ-সামাজিক বৈষম্য দূৰ কৰা  দৰিদ্ৰতা নিৰ্মল কৰা  গ) নিয়োগৰ সা-সুবিধাসমূহ বৃদ্ধি কৰা ।
ঙ) আঞ্চলিক বৈষম্য আঁতৰ কৰা ।         চ) আত্মানিৰ্ভৰশীলতা অৰ্জন কৰা ।                  ছ) পৰিৱেশ দূষিতকৰণ ৰোধ কৰা  ।
58) ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা  সংস্থাৰ নাম লিখা  । উত্তৰ  : UNESCO , ILO ,UNICEF ,IMF ,FAO ,UNHRC ,WHO
59)১৯৯০ চনৰ প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদনত প্ৰকাশ পোৱা মানৱ উন্নয়নৰ তিনিটা সূচক কি কি  ?
উত্তৰ: ১৯৯০ চনৰ প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদনত প্ৰকাশ পোৱা মানৱ উন্নয়নৰ তিনিটা সূচক হ’ল --- ১) প্ৰত্যাশিত আয়ুস  ২) শিক্ষা  ৩) জীৱন যাত্ৰাৰ  মান  ।
60) মানৱ উন্নয়ন কি ? প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশ হৈছিল  ? মানৱ উন্নয়ন প্ৰতিবেদন কোন সংস্থাই প্ৰকাশ কৰে  ? 
উত্তৰ: জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱনধাৰণৰ মানদণ্ড,অৰ্থ-সামাজিক, ৰাজনৈতিক আদি উন্নয়ন হোৱাকে মানৱ উন্নয়ন বোলে । 
      প্ৰথম মানৱ উন্নয়ন প্ৰতিবেদন ১৯৯০ চনত প্ৰকাশ পাইছিল ।  ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰে ।
61) ভাৰতৰ সংবিধানৰ কিমান নং অনুচ্ছেদত ভাৰতক এখন ‘ৰাজ্যসমূহৰ সংঘ’ বুলি ঘোষণা কৰা হৈছিল  ? 
উত্তৰ : ভাৰতৰ সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰতক এখন ‘ৰাজ্যসমূহৰ সংঘ’ বুলি ঘোষণা কৰা হৈছিল     ।
62) ভাৰতবৰ্ষৰ নীতি আয়োগৰ অধ্যক্ষ কোন  ? বৰ্তমান নীতি আয়োগৰ অধ্যক্ষ জনৰ  নাম কি  ? 
উত্তৰ  : ভাৰতবৰ্ষৰ নীতি আয়োগৰ অধ্যক্ষ হ’ল প্ৰধান মন্ত্ৰী  । বৰ্তমান নীতি আয়োগৰ অধ্যক্ষ জনৰ নাম হ’ল নৰেন্দ্ৰ মোডী ।
      

No comments:

Post a Comment

Post Top Ad

Your Ad Spot