গগণৰ নীলবৰণীয়া দৃশ্যই কাৰ মনক আলোলড় ঘটায় সেইটো অন্য এজনে নাজানে । শূণ্যৰ মাজতো আশা বিচাৰি পোৱা জনেই জীৱন গঢ়িব পাৰে । জীৱনৰ ৰঙবোৰৰ সতে খেলিবলৈ শিকি যায় ।
বিশ্বাস কৰিলোঁ বহুতকে কিন্তু প্ৰতাৰণাই আগুৰি ধৰিলে । প্ৰণৱকো ভাল তথা প্ৰিয় ছাত্ৰ হিচাপে আদৰি লৈছিলোঁ ।কিন্তু ইমান মৰম কৰা পাছতো মোক নুবুজিল। অভিমান ক'ত থাকিল গমেই নাপালোঁ । হৃদয়ৰ আসনখন উকা কৰি গুচি গ'ল।
মোৰ কথাত বিশ্বাস নকৰিল ---"মই ক'লোঁ, যোনেই কথা নকওঁক ,মই তোমাক নাহিবা, নোকোৱালৈকে টিউচন নেৰিবা । কিন্তু মোৰ ওপৰত ছাগে বিশ্বাসেই এৰিল। "
মোৰ এতিয়াও মনত আছে---" মোৰ সম্মুখৰ আগত বহি সি কন্দা দৃশ্যবোৰ । মনত কিমান বেজাৰ পাইছিল, সেইটো ভালদৰে জানোঁ । প্ৰণৱে স্কুলৰপৰা বাহিৰে বাহিৰে আহি মোৰ ঘৰত সোমাই মোক কোৱা সেইকথাষাৰ এতিয়াও মনত আছে ---"আচাৰ্য মই তাত টিউচন নাযাওঁ, ইয়াত আহিম। তাত ভাল লগা নাই ।" আৰু এনে বহুবোৰ কথা আছে যিয়ে স্মৰণ কৰায়।
বেমাৰ ক'লেই ঘৰত আহি উপস্থিত হোৱা ।কাষত বহি পানী চকী ওলিয়াই চোতালত যোগাৰ কৰি দিয়া আদি কথাবোৰে বাৰু মোক কেনেকৈ তাক মনত নেপেলোৱাকৈ ৰাখিব ।কাৰোবাৰ প্ৰতি সৎভাৱ থাকিলেহে এনে শুশ্ৰূষা আগবঢ়াব পাৰে।
ভাবিছিলোঁ প্ৰণৱে মোৰ মনৰ আশা পূৰণ কৰিব । ভালদৰে পাছ কৰি টিউচন চেণ্টাৰলৈ সুনাম আনিব ।কিন্তু সকলো আশা নিৰাশাত পৰিণত হ'ল । উষ্ম আশাবোৰ শীতলীকৰণ হৈ গ'ল । আশা কৰিছিলোঁ প্ৰণৱে নিজেও ভালদৰে পঢ়িব লগতে লগৰবোৰকো উৎসাহ দিব ।বহুত আশাও কৰিছিলোঁ আকাশ বেটাক বুজাব --মোৰ বিষয়ে ক'ব । আমি দুয়ো একত্ৰিত হৈ বেটাক ভাল পথলৈ ঘূৰাই আনিম ।কিন্তু সময়ৰ পাখীবোৰে কোবনি দি উফৰাই পঠিয়ালে । মই জানোঁ আকাশ বেটাই সকলো কথাই প্ৰণৱক খুলি কয় । কিন্তু প্ৰণৱে ----
ভাবিছিলোঁ মোৰ মনৰ দুখবোৰ সদায় বুজি পাব ।বিপদ ,দুখত সহায় কৰিব । কিন্তু আজি দেখোন খবৰে নাপাওঁ । প্ৰথমে গুচি গ'ল প্ৰণৱ । দ্বিতীয়ত গুচি গ'ল দেইজী । তৃতীয় গুচি গ'ল । আকাশ বেটা। তিনিও টিউচনলৈ ঘূৰি আহাতো বিচাৰোঁ । কিন্তু মই যে সিহঁতক নিজৰ সন্তানৰ দৰে ভাল পাওঁ, সেইটো কোনে বুজিব । কোনোবা দিনা ইহঁতি মোৰ ওচৰলৈ ঘূৰি আহিব নে ? মোক ক্ষমা কৰি দিয়ক ছাৰ বুলি ক'ব নে ? কোনোবাই সিহঁতক ক'ব নে যে ছাৰে তোমালোকক লৈ সপোন দেখিছে সেই সপোনক নাভাঙিবা, ছাৰে মনত কষ্ট পাব । ছাৰে মনত কষ্ট পালে ছাৰৰ হৃদ ৰোগ বাঢ়ি যাব আৰু আমি ছাৰক হেৰুৱাই পেলাম । মোৰ বিষয়ে চিন্তা কৰিবলৈ চাগে সিহঁতৰ চিন্তা নাই । মই মৰিলেও চাগে এতিয়া সিহঁতৰ দুখ নালাগে, কাৰণ মই সিহঁতৰ ছাৰ নহয় । ভাবিছিলোঁ মোৰ প্ৰিয় বাবেই শ্ৰেষ্ঠ শিষ্য ৰূপ ল'ব ,কিন্তু আশা জানোঁ সকলো বাস্তৱায়িত হয় । ভাবিছিলোঁ প্ৰণৱে বেটাক ক'ব --"তই যদি সঁচাকৈয়ে মোৰ বন্ধু তেন্তে তই ভাল দৰে পঢ়িবি ,ছাৰ কথা শুনিবি । ছাৰে তোক বহুত মৰম কৰে । তোমাক ছাৰৰ সমান মৰম কৰা কোনো নাই । ছাৰে তোমাৰ বাবে নিজৰ জীৱনটোও দি দিব ।তই ছাৰৰ মনত দুখ নিদিবি, আহা আমি ভাল দৰে পঢ়োঁ । তই ছাৰক গৈ চৰি ক ' , ভাল দৰে পঢ়িম বুলি ক' । এদিন ছাৰৰ ঘৰলৈ গৈ তোমাৰ মনৰ সকলো কথাবোৰ কৈ দে ।যদি ছাৰে পাৰে নিশ্চয় সকলো সমাধান কৰি দিব। " --এনেবোৰ কথা কৈ বেটাক বুজাবলৈ আৰু মোৰ হৈ দুখ প্ৰকাশ কৰিবলৈ কোনো নাই ।মই অকলশৰীয়া ।
দীপ্তীৰেখা এগৰাকী ভাল ছাত্ৰী । তাই সদায় কয় ছাৰ মোৰ ভুল হ'লে মোক ক্ষমা কৰি দিব। ঘৰত চাহ জলপান বনাই মোলৈ লৈ আহে । তাইৰ ওপৰতো মোৰ গভীৰ বিশ্বাস । এতিয়া তাইৰ ওপৰতে সকলো ভৰষা ।তাই যি কয় সেই অনুসৰিয়েই টিউচন চেণ্টাৰৰ কাৰ্যবোৰ কৰি নিয়া হয় । তাইৰ ওপৰতে আশা যে সকলোকে বুজাই টিউচনলৈ ঘূৰাই আনিব । সঁচাকৈয়ে যদি তাইৰ প্ৰতি সদা ভাৱ আৰু সঁচা মৰম ভালপোৱাৰ ভাঁজ আছে, নিশ্চয় তিনিও আহিব ঘূৰি ।কিন্তু মইতো তাইক ক'ব নোৱাৰোঁ, সিহঁতক ঘূৰাই আনা বুলি । তাই নিজে যদি মোৰ মনৰ দুখৰ কথা অনুভৱ কৰে নিশ্চয় ক'ব । তাইৰ ওপৰত মোৰ গভীৰ বিশ্বাস ।
এইকেইদিন মোৰ বুকুখনৰ বিষ বাঢ়িবলৈ ধৰিছে । হয়টো চিন্তাৰ বাবেই এয়া হৈছে । কেতিয়াবা ভয় লাগে আগৰ দৰে যদি অসুস্থ হৈ যাওঁ মোক কোনে চাব । কিন্তু ভগৱানক কওঁ মৃত্যু দিলে শুই থাকোঁতেই দিবা ।
ডেইজীলৈ বেয়াই লাগে বেচেৰীজনী ।
No comments:
Post a Comment