আজি মোৰ ওচৰত মোৰ চুমুটো নাই ।মই আকৌ অকলশৰীয়া হ'লোঁ । চুমু --বুলি কওঁতে --"হো" ---বুলি ক'বলৈ মোৰ চুমু নাই । মই দুখ পাই কান্দিছোঁ বুলি ভাবিবলৈ মোক মৰম কৰা ছাত্ৰ মোৰ চুমু কবিৰ আজি মোৰ ওচৰত নাই । চোৱা ভগৱান আজি এই নতুন বৰ্ষত পুৱাৰ অকলে অকলে চকুলো টুকি আছোঁ । নতুন বছৰতেই পুৱাই হেৰুৱালো মোক মৰম কৰা ছাত্ৰ মোৰ চুমু কবিৰক।
ভগৱান কি পালোঁ জীৱনত কোৱা --সঁচা মৰমেৰে, পৱিত্ৰ হৃদয়ৰে কবিৰক নিজৰ ভাইটি, নিজৰ সন্তান আৰু সোপনৰ ভাইটিজন বুলি আদৰি লৈছিলোঁ । তুমি আনি দিছিলা । ৩৫ বছৰে অপেক্ষা কৰি থকা সপোনৰ ভাইটিজনক ভাবিছিলোঁ বাস্তৱত পালোঁ, তুমি দিলা কিন্তু সেয়া নহয় । সপোনৰ ভাইটিৰ বহুবোৰ গুণেই কবিৰ ওচৰত বিচাৰি পাওঁ ,কিন্তু মোৰ কপালত চাগে কবিৰ সতে হাঁহি ধেমালি কৰি জীৱনটো অতিবাহিত কৰিবলৈ নাপাওঁ । অতীতৰ লিখনিবোৰ মেলি মেলি চাওঁ, যাতে মোৰ ভুল নহয়, কিন্তু সেইবোৰত কবিৰে দিয়া মৰমবোৰৰ স্মৃতি পাওঁ ।
কবিৰক বহুত মৰম কৰিছিলোঁ, কিন্তু মোৰ মৰমবোৰে বুজাব নোৱাৰিলে । মোৰ ভুল ক'ত হ'ল গমেই নাপালোঁ, যাৰ বাবে কবিয়ে ইমানেই মোক বেয়া পাবলৈ ধৰিলে । ভগৱান তুমি মোক কিয় ইমান নিৰ্ভগীয়া কৰিছা -- চকুলো কিয় সদায় দি আছা ? কবিয়ে মোক নেগলেক্ট কৰিবলৈ ধৰা দিন ধৰি মই কেনেকৈ দিনবোৰ কটাইছোঁ ,কেৱল মই জানিছোঁ আৰু তুমি দেখিছা । সদায় বৈ অহা চকুলোবোৰ মুচি আনৰ আগত হাঁহি দেখুৱালৈ যত্ন কৰি আহিছোঁ । তুমি দেখিছাই নিশা কেতিয়াবা ভাত নোখোৱাকৈ দিন কটাইছোঁ । আগতে কবিয়ে ফোন মাৰি কয় '" ছাৰ ,খাই ল'ব ক' " -----মোৰ বেটা কবিৰো নাই মোক ক'বলৈ ।
সৰুৰ পৰা নে মা দেউতাৰপৰা মৰম পালোঁ ? নে ভাই ককাইদেউৰ পৰা মৰম পালোঁ । সকলোৱে মোক ঘৃণ কৰি চাকৰৰ দৰে আচৰণ কৰিছিল । কিন্তু আজি নিজৰ ভৰিত থিয় দি সোপনৰ ভাইটিজনকো কাষত পোৱা নাই যিয়ে সপোনত আহি সদায় কৈছিল মোক লগ পাবলৈ তুমি আৰু কষ্ট কৰিব লাগিব । কিন্তু ভগৱান চোৱা কষ্ট কৰি আছোঁ ,কিন্তু মোৰ সপোনৰ ভাইটি নাই । আৰু মোক কিমান কষ্ট দিবা । চকুলো কিমান বোৱাবা ।
কবিৰৰ মনত মোৰ প্ৰতি কোনে ঘৃণা ভাৱ ভৰাই দিলে মই আজিলৈকে সঠিকৈ ধৰিব পৰা নাই । তথাপিও মই কিছু অনুভৱ আকাশদ্বীপৰ কথাৰ পাকটোত আকাশে দিয়া ৰহনেই হয়টো বিশাল ৰূপটোৰ ল'লে দিয়া চুমাটোত। কবিৰ বেটাও মোক চুমু দিছিল, তাতে বেটাই বাৰু কি বেয়া পাবলগীয়া আছে ।মইতো বেটাক কোনো বেয়া ভাবত একোৱেই কৰা নাই ।
তথাপিও বুজি নাপাওঁ যদি চুমু কবিয়ে মোক সঁচাকৈয়ে মৰম কৰে তেন্তে এইটো কামত বেয়া পোৱাৰ অৰ্থ কি থাকিল । মৰম আৰু ভাল ভগৱান তুমিয়েই কোৱা সততে জানোঁ এৰা খাই যায় ।
ভগৱান, সকলো তোমাৰে লীলা । মইতো তোমাক আগতেই কৈছিলোঁ যে কবিৰক মোৰ পৰা পৃথক নকৰিবা বুলি । কিন্তু শিক্ষক দিবসৰ সন্মান যাচিবলৈ পঠিয়াই দেখোন মোৰপৰা একেবাৰে লৈ গ'লা । সেইদিনাখনতো কেৱল আকাশদ্বীপহে আমাৰ ঘৰলৈ থাকিবলৈ আহিবলগীয়া আছিল ।কিন্তু তুমি কবিৰক মোৰপৰা আঁতৰাই নি মোক দুখ দিবৰ বাবেই চাগে এই লীলা ৰচিলা । চোৱা আজি তুমি ভগৱান, মোৰ দুখৰ বেদনাবোৰ ক'বলৈ, মোৰ মন পাতলাবলৈ মোৰ চুমু কবিৰ বেটা আছিল, কিন্তু আজি নাই । মই অকলে অকলে পাগলটোৰ দৰে বকি আছোঁ । শুনিছা আৰু দেখিছা অকল তুমি ।
ভগৱান, বহুত বাৰ বুজালোঁ কিন্তু কবিৰ পৰা মই মৰমৰ বাহিৰে পালোঁ অপমান । মই ফুন কৰিলে সি ফোন নধৰে । ফোনটো বেয়া বুলি কয় । এনে কাৰ্য্যই তাৰ পৰিয়ালৰ আগত অপমানিত কৰে । তথাপিও মই বিশ্বাস ৰাখি থওঁ যে সি কোৱা কথাষাৰ সঁচা । তাক তুমি মিছা কৈছা বুলি নকওঁ । মোৰ সন্মুখতে পিতৃ ,মাতৃ ,দদায়েকে একে বাৰতে ফোনটো বাজিলে ৰিচিভ কৰে, কবিয়ে নিজেও লগৰ বিলাকলৈ ফোন কৰে, লগৰ বিলাকেও কল কৰিলে একেবাৰতে ধৰে । কিন্তু মোৰ কল হ'লে নধৰে । এদিনৰ কথা --" মাকে ক'লে কি বেলেগ নাম্বাৰৰপৰা মাৰিছে । " ---মই ফোনত কবিৰ বেটাৰ লগত কথা পাতি থাকোঁতে শুনিলোঁ । বুজিব পাৰিলোঁ যে ইচ্ছা অনুসাৰে মোৰ ফোনটো নধৰে । এদিন জানিব পাৰিলোঁ দাদায়কৰ পৰা । ইমানবোৰ কথা জনা পাছতো, মোক নেগলেক্ট কৰে বুলি জনা পাছতো মই আজিলৈকে আশাৰে ভাবি আছোঁ এদিন বুজিব, ভগৱান তুমি বুজাবা আৰু মোৰ কবিৰ বেটা আগৰ দৰেই মোৰ লগত থাকিব । এনে বহুবোৰ কথাতেই মোক অপমান কৰিলে, যাৰ বাবে মোক ক্ষমাও খুজা নাই ।
মোৰ কেতিয়াবা এনে যেন লাগে মই তাক বেছিকৈ মৰম কৰা বাবে আনবিলাকে সিংহা কৰে । নামবোৰ উল্লেখ নকৰোঁ ভগৱান, তুমি সৰ্বজ্ঞানী । কিন্তু মই কোনো অপৰাধ কৰা নাই । কবিয়ে নিজেই মোৰ পৰা আঁতৰি গৈছে । মোৰ অবিহনে সুখী হ'ব পাৰিছে । তাত মোৰ একোৱেই ক'বলগীয়া নাই । বেটাৰ সুখৰ কথাই মই ভাবোঁ, বেটাক মই সুখেই দিব বিচাৰোঁ ।
কিন্তু মোৰ এটা সপোন আছিল কবিৰকলৈ । ভাবিছিলোঁ মোক নেগলেক্ট কৰা সকলক দেখুৱাই দিম যে মোৰ টিউচন চেণ্টাৰটো বেয়া নহয় । ভাবিছিলোঁ মোৰ মনৰ কথা কবিয়ে বুজিব, ভালদৰে পঢ়িব ।ময়ো আগুৱাই লৈ যাব পাৰিম । কিন্তু মোৰ আশাত চেঁচা পানী পৰিল । আশা আশা হৈয়ে ৰ'ল । মোৰ জীৱনৰ পৰা কবিৰ দূৰলৈ গুচি গ'ল । আকাশদ্বীপে হাত চাপৰি বজাই হাঁহিব পৰা হ'ল । সকলোৱে মোৰ চুমু বুলি মাতা কথাত সকলোৱে হাঁহিব পৰা হ'ল ।
মোক কবিয়ে নুবুজিলে, মই তাকলৈ কি আশা কৰিছিলোঁ । ভাবিছিলোঁ মোক খুব ভাল পায় ,মোক শ্ৰদ্ধা কৰে ।কিন্তু ২০২৩ বৰ্ষৰ ১ জানুৱাৰী দিনাখনেই মোক ঠগিব, মোক অপমান কৰিব বুলি ভাবা নাছিলোঁ । ৩১ ডিচেম্বৰ ২০২২ বৰ্ষত সন্ধিয়া সিহঁতৰ ঘৰত ওলালোঁগৈ । বহুত বুজালোঁ । অন্তিমত ৰাস্তাৰ পুল এটাৰ কাষত ৰৈ দুয়ো বহু পৰ কথা পাতিলোঁ --মোৰ মনৰ কথাষাৰো কৈছিলোঁ যে মই এনে এজন ছাত্ৰ বিচৰোঁ যিয়ে মোৰ মনৰ কথা বুজে, মোৰ দুখত দুখী, সুখত সুখী হয় আৰু মোৰ বিষয়ে কোনোবাই বেয়াকৈ ক'লে জাঙুৰ খাই উঠে । ভাবিছিলোঁ মোৰ কথাবোৰ হৃদয়ত ল'ব আৰু বুজিব । মোক বেটাই কৈছিল ০৩|০১|২০২৩ তাৰিখ মঙ্গলবাৰৰপৰা আমাৰ ঘৰত এক সপ্তাহ থাকিবলৈ আহিব । কিন্তু মই ক'লো মাথোঁ তিনিদিন আহিবা । কিন্তু ১০০% যে বেটা থাকিবলৈ নাহে । সেই ক্ষণত বেটাৰ লগত কথাপাতি এনে যেন লাগিছিল মোক খুব মৰম কৰে । আহা সময়ত ছাৰ ভালকে যাব মই চাই আছোঁ বুলি কোৱা কথাষাৰত প্ৰথম অৱস্থাত মোৰলৈ থকা মৰমবোৰৰ দৰেই পৰিস্ফুত হৈছিল । কিন্তু ঘৰত গৈ মোৰলৈ এটা কল নকৰিল যে মই ঘৰত পালোহি নে নাই ।
আটাইতকৈ দুখ লাগিছে আজি সকলোৱে পৰীক্ষা দিবলৈ আহিল , কিন্তু বেটাক ফোন মাৰি কোৱা পাছতো নাহিল । মই কৈছিলোঁ---তুমি যদি সঁচাকৈয়ে এজন আদৰ্শ হয় ,তেন্তে আহা । মই যদি সঁচাকৈয়ে তোমাৰ আদৰ্শ শিক্ষক হয় আহা ।কিন্তু বেটা নাহিল । মাথোঁ কৈ থাকিল ছাৰ নাযাওঁ । কাইলৈৰ পৰা যাম । কিন্তু কথাতে ভাঁহি আহিল বেটা কাইলৈৰপৰাও নাহে। মোৰ অনুভৱ ভুল নহয় । মনত বৰ দুখ লাগিল । সকলোৰ আগতে যে মোক অপমান কৰিলে সেয়ে দুখ লাগিল । কিন্তু আকাশদ্বীপে আজিলৈকে মোৰ কথা পেলোৱা নাই । মই ভাবিছিলোঁ কবিয়ে মোক আকাশদ্বীপতকৈও বহুত ভাল পায় ।কিন্তু আজি দেখুৱাই দিলে সেই কথাবোৰ সঁচা--"আজি কালি মোৰ টিউচনলৈ যাবলৈ মন নাযায়, ছাৰক ভাল নালাগে । এহ মজা বন্ধ দিলে যদি ।" মাকৰ আগত কোৱা কথাষাৰো সঁচা " মোৰ টিউচনলৈ গ'লে মূৰটো গৰম হয় ।" এনে বহুতো কথা আছে যিবোৰ লিখি থাকিবলৈ মোৰ সিক্ত চকু যোৰে দিয়া নাই । মই ভাবিছিলোঁ এই সকলোবোৰ মিছা, মোৰ বিষয়ে বেটাই তেনেকৈ নকয় ।
কিন্তু আজি নতুন বছৰৰ নতুন দিনটোটেই মোক দুখ দিলে । যাক মই ভাল ভাল বুলি কৈ থাকোঁ সিয়েই মোক আনৰ চকুত তললৈ নিলে। সন্ধিয়া ৭:৪৫ বজাত ৮ বাৰ ফোন কৰিলোঁ কিন্তু মোৰ ফোনটো নধৰিল কিন্তু মই কল কৰিছোঁ সেইটো জানে ।ইচ্ছা কৰি ধৰা নাই ।
মোৰ মনটো প্ৰায় ১১:৪৫ মান বজাৰ পৰা ঠিক লগা নাই । এনে যেন লাগিছে বেটাৰ কিবা হৈছে । আগতেও বেটাৰ জ্বৰ হওঁতে এনে অনুভৱ হৈছিল । সেয়ে খবৰ এটা লওঁ বুলি কল কৰিছিলোঁ । কিন্তু নাপালো । উপায়হীন হৈ কল্পনা ঘৰলৈ ৫ বাৰ কল কৰিলোঁ । তাইৰ ঘৰতো ৰিচিভ নহ'ল । অৱশেষত আকাশলৈ কল কৰি ক'লোঁ কবিৰলৈ কল এটা লগাই দিয়া চুন বুলি । আকাশে লগালে ৰিচিভ কৰিলে কিন্তু হয়তো ক'বলৈ দিলে চাগে ফোনটো ৰিচিভ কৰা নাই বুলি কৈ দিয়া । আকাশে ক'লে ধৰা নাই । ফোনটো কাটি দিলোঁ । যদি বেটাৰ গা অসুখ হৈছে ,ভগৱান মোক দি বেটাক সুস্থ কৰি ৰাখা ।
ইমান মোক প্ৰতাৰণা কৰা পাছতো মই বেটাক ইমান মৰম কৰোঁ ।তাৰ ভুলবোৰ মই পাহৰি যাওঁ । লাগি নাথাকোঁ । কিন্তু মোৰ মৰমবোৰ অনুভৱেই নকৰে । ভাবিছিলোঁ---ভাল দৰে পঢ়াই ,ভাল ৰিজাল্ট কৰাই দিম । মোৰ কথা শুনিব। মোৰ সুখ, দুখবোৰ বুজিব । মোৰ পৰা একোৱেই লোকোৱাই নথব । কিন্তু আশা পূৰণ নহ'ল ।
২৯|১২|২০২৩ তাৰিখে থাকিবলৈ আহিব বুলি কোৱাত সকলো যোগাৰ কৰিলোঁ । নিজেই মেচিনত গৈ বৰা ধান বনালোঁ, চাউল চুঙাৰ বাঁহ আনিলোঁ । নিকাশৰ লগত গৈ বজাৰ কৰিলোঁ । কিন্তু নাহিল । কিছুমান ঘটনা এনেকৈ ঘটে সঁচা হৈ যায় । সেইদিনা পুৱা মই পাপু আৰু প্ৰিয়ব্ৰতক ক'লোঁ --আজি কবিৰ থাকিবলৈ আহিম কৈছে । সঁচাকৈয়ে আহিব জানোঁ । কি ভাবা তোমালোকে? সিহঁতি ক'লে --আপুনি কি ভাবিছে--- মই ভাবিছোঁ নাহে, ঘৰত গৈ ফোন মাৰিব আৰু ক'ব মায়ে আজি নালাগে কৈছে । সিহঁতি আমিও সেইটোকে ভাবিছোঁ । সঁচাকৈয়ে অলপ পাছত ফোন আহিল --" মায়ে নালাগে কৈছে । যদি ৰদ দিয়ে তেতিয়া যাবলৈ দিছে । "
জীৱনটো এনেকুৱাই দুখ আৰু দুখ । যাক ভাবোঁ বুজিব ,যাক লৈ এখোজ আগুৱাই যাবলৈ লওঁ, সিহঁতিও নোবোজে ।
ভগৱান, মই জনাত কবিৰ এজন ভাল ল'ৰা । মোক খুব মৰম কৰে ।কিন্তু কৰবাত অকণমান মোৰ হৈ ভুল বুজি আছে । সেয়ে আপোনাক অনুৰোধ কৰিছোঁ বেটাৰ মুখৰ পৰা ওলোৱা আমাৰ ঘৰত থাকিবলৈ আহিম কোৱাটো সত্য কৰি দিয়া যাতে মোৰ ওচৰত সি আৰু অসত্য হৈ নাযায় । তাৰ অন্তৰত যদি মোৰ প্ৰতি কিবা ভুল ভাৱ সোমাই আছে । শুদ্ধৰাই দিয়া ।
ভগৱান, তুমি মোক সদায় সহায় কৰা । এইবাৰ এইকণো সহায় কৰি বেটাক ভাল দৰে পঢ়াই আগবঢ়াই নিয়াত সহায় কৰা । মোৰ হৈ তাক বুজনি দিবলৈ কোনো নাই । তাৰ লগৰবোৰেও হয়তো আজিলৈকে কোৱা নাই তোক ছাৰে বহুত মৰম কৰে তই এনেকুৱা নকৰিবি, ভালদৰে পঢ় ।
ভগৱান, পৰীক্ষা তুমি মোক বহুত ল'লা আৰু নোৱাৰিম ছাগে পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ । সেয়ে যদি কবিৰ মোৰ সোপনৰ ভাইটি নে আকাশদ্বীপ নে আন কোনোবা সোনকালে পৰিচয় দিয়া । কবিৰ বেটাক মোৰ জীৱনটোলৈ ঘূৰাই আনা ।
০১-০১-২০২৩ বৰ্ষ ।
No comments:
Post a Comment