মাধুৰ্য - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Sunday, January 1, 2023

মাধুৰ্য

                                          মাধুৰ্য

মাধুৰ্য  আৰু নাই 
যদিও আছে কিন্তু  মই পোৱা নাই ।
চৌদিশত চাক্ষুস পেলালেও দেখোন 
দেখা পোৱা নাই ।
মাধুৰ্য  ক'ত ।
পিছে দেখিছোঁ সেই পথাৰখনত 
এডল ডেঁকা গাভৰু 
ছাগে মাধুৰ্য তাতে আছে । 
ওচৰলৈ কাষ চপি গ'লোঁ, 
জানিলোঁ তেওঁলোকৰ লগত মাধুৰ্য আছে 
কিন্তু  মই মাধুৰ্যক নাপালোঁ ।
সকলোৱে উকি মাৰিলে , হাঁহিলে 
হাতত আছিল এটা মদৰ বটল 
সংগীতৰ তালে তালে হাতৰ মুঠিত নাচি আছিল 
একো একোটা মদৰ বটল ।
চৌদিশত  মাধুৰ্য আছিল 
কিন্তু মই নাপালোঁ  ,  উভটি আহিলোঁ ।
আকৌ আন এটা দিশত চালোঁ 
দেখিলোঁ এজাক বোৱাৰীয়ে উকি মাৰি  মাৰি 
ভেকুলীৰ ছাপ দি দি আধুনিকতাৰ উম লৈছে ।
ভাবিলোঁ তাতেই আছে মাধুৰ্য ।
গ'লোঁ  কাষ চাপি 
দেখিলোঁ ইজনীয়ে-সিজনক কৰিছে চুলীয়া চুলি ।

No comments:

Post a Comment

Post Top Ad

Your Ad Spot