চুটিগল্পৰ সংজ্ঞা - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Thursday, July 2, 2020

চুটিগল্পৰ সংজ্ঞা

চুটি গল্প

প্ৰবন্ধ আলোচনা

                                          চুটিগল্পৰ সংজ্ঞা

              চুটিগল্প সাহিত্যকলাৰ এটি অভিনৱ শাখা যি বাস্তৱ জীৱন আধাৰিত সংক্ষিপ্ত পৰিসৰৰ কাহিনী । চুুুটিগল্পৰ এটা স্বয়ংসম্পূ্ৰ্ণ বা সৰ্বজনসন্মত সংজ্ঞা নাই । থুুুৰতে ক'ব পাৰি যে বাস্তৱ জীৱনৰ বিশেষ একোটা ঘটনাৰ মাজেদি জীৱন ধাৰণা ফুটাই তোলা সংক্ষিপ্ত পৰিসৰৰ সু-সংগঠিত,সংগত আৰু সংহত কথাশিল্পই হ'ল চুটিগল্প । চুটিগল্পত জীৱনৰ উজ্জ্বলতৰ দিশ প্ৰতিফলিত হয়।চুটিগল্পত আভ্যন্তৰ জীৱনৰ সত্য আৰু সৌন্দৰ্য্য কলাসুলভভাৱে চিত্ৰিত কৰা হয় ।চুটিগল্পত পৰিপূৰ্ণ কাহিনীৰ পৰিৱৰ্তে ঘটনাইহে বিষয়বস্তুৰ ৰূপ লয় । লক্ষ্যৰ ঐক্য, উদ্দেশ্যৰ ঐক্যৰ প্ৰতি সতৰ্ক দৃষ্টিৰে চুটিগল্পৰ ঘটনাক একমুখী কৰি তোলা হয়।


               বিভিন্ন পণ্ডিত ,সমালোচক আৰু লেখকে চুটিগল্পৰ সম্পৰ্কে বিভিন্ন সংজ্ঞা আগবঢ়াইছে । চুটিগল্পৰ সম্পৰ্কে আভাস ল'বলৈ তলত কিছুলোকৰ সংজ্ঞা উপস্থাপন কৰা হ'ল ।
Cudden-ৰ মতে---" চুটিগল্পৰ সৈতে কোনো বিশেষ পৰিস্থিতি কোনো ঘটনাংশ , বিশেষ অভিজ্ঞতা , চৰিত্ৰ আৰু কল্পনা আদিয়ে সম্পৰ্ক ৰাখে ।"
            হিইগ বালপ'ৰ মতে ---" চুটিগল্প এক প্ৰকাৰৰ গল্পই। সংঘটিত হোৱা সকলো ধৰণৰ ঘটনা, দুৰ্ঘটনা, ক্ষিপ্ৰ গতিৰে অভাৱনীয়ভাৱে বিকাশ লাভ কৰি উৎকণ্ঠাৰ মাজেদি শীৰ্ষ দ্বন্দ্বত উপনীত হৈ পৰিসমাপ্তি ঘটিব লাগে ।"
           চমাৰচেট মমৰ মতে, " একেটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা কাহিনীয়েই চুুুটিগল্প।"
হাডচনৰ মতে ," কাহিনীৰ একময়তা ফলশ্ৰুতিৰ এককতাই হ'ল চুটিগল্প ।"
        এইচ.জি ৱেলছৰ মতে, " চুটিগল্প হ'ল এক সহজ সৃষ্টি, যাৰ পৰিণতি সদায় একক। "
       হেৰি চ'( Harry Shaw)ৰ মতে, " চুটিগল্প আপেক্ষিকভাৱে চমু বৰ্ণনা; য'ত এটা মাথোন কৰ্ম , এক চৰিত্ৰ আৰু এটা মাথোন পৰিস্থিতি চিত্ৰণ কৰা হয় ।"
            এডগাৰ এলেন পোৰ মতে, " আধাঘণ্টাৰ পৰা এঘণ্টা বা দুঘণ্টাৰ ভিতৰত পঢ়ি শেষ কৰিব পৰা বৰ্ণনাত্মক কাহিনীয়েই চুটিগল্প।"
          ত্ৰৈলোক্যনাথ গোস্বামীৰ মতে , " চুটিগল্প এক সু- সংগঠিত আৰ্ট ।ইয়াৰ যোগেদি কোনো এক কেন্দ্ৰীয় ভাৱ প্ৰকাশ কৰা হয় ।বিক্ষিপ্ত ভাৱধাৰাৰ সমাৱেশৰ ঠাই চুটিগল্পত নাই ।"
         মহেন্দ্ৰ বৰাই আলঙ্কাৰিক ভাষাৰে শিল্প মাধুৰ্য সানি চুটিগল্পৰ সম্পৰ্কে কৈছে এনেদৰে---" চুটিগল্প সাহিত্যৰ বিশেষ শিল্পকৃতি য'ত পোৱা যায় ক্ষণিকৰ বুকুত চিৰন্তনৰ ব্যঞ্জনা আৰু বিন্দুৰ বুকুত সিন্ধুৰ চেতনা ।"
            পণ্ডিত তথা সমালোচকসকলৰ সংজ্ঞাসমূহৰ পৰা ধাৰণা কৰিব পাৰি যে বস্তুগত বা আধ্যাত্মিক বিষয়ৰ পাঠকক অভিভূত, প্ৰণোদিত আৰু মুগ্ধ কৰিব পৰা সজীৱ একক ঘটনাবিশিষ্ট কল্পনাপ্ৰধান সাহিত্যই চুটিগল্প । যুগৰ পৰিৱৰ্তনৰ লগে লগে বিষয়বস্তু, ভাৱবস্তু আৰু ৰূপবস্তুৰ পৰিৱৰ্তন ঘটি থাকে । সেয়ে আলোচিত সংজ্ঞাকেইটাই চুটিগল্পৰ সম্যক ধাৰণা এটাৰ আমাৰ আগত দাঙি ধৰে আৰু সেইবাবেই সৰ্বকালৰ গ্ৰহণযোগ্য সংজ্ঞা নিৰূপণ কৰাাটো সহজসাধ্য নহয় ।

No comments:

Post a Comment

Post Top Ad

Your Ad Spot