পদাৰ্থ , ইয়াৰ প্ৰকাৰ আৰু ইয়াৰ বৈশিষ্ট্য - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Wednesday, August 11, 2021

পদাৰ্থ , ইয়াৰ প্ৰকাৰ আৰু ইয়াৰ বৈশিষ্ট্য

পদাৰ্থ  : যিবোৰ বস্তুৰ নিজৰ ভৰ আৰু আয়তন আছে , সেইবোৰ বস্তুকে পদাৰ্থ বোলে । উদাহৰণস্বৰূপে, লো (Fe) , কপাৰ (Cu),  এলুমুনিয়াম (Al) ,হাইড্ৰজেন(H)
          পদাৰ্থবোৰ নিজস্ব ৰাসায়নিক অস্তিত্ব অটুত ৰাখি ৰাসায়নিক বিক্ৰিয়াত অংশ গ্ৰহণ কৰিব পৰা ক্ষুদ্ৰতম স্বতন্ত্ৰ কণিকাৰ দ্বাৰা গঠিত । পদাৰ্থৰ এনে ক্ষুদ্ৰতম কণিকাবোৰকে পৰমাণু বোলে । পাৰমাণুবোৰক পদাৰ্থৰ ক্ষুদ্ৰতম গোট বুলি কোৱা হয় । এইবোৰক খালী চকুৰে দেখা পোৱা নাযায় । পদাৰ্থৰ এনে ক্ষুদ্ৰতম কণিকাবোৰত তলত দিয়া  বৈশিষ্ট্যসমূহ দেখা যায় ।
    i) পদাৰ্থৰ কণিকাবোৰৰ  মাজত খালী ঠাই থাকে । 
    ii) পদাৰ্থৰ কণিকাবোৰে ইটোৱে সিটোক আকৰ্ষণ কৰি থাকে ।
   iii) পদাৰ্থৰ কণিকাবোৰে অনবৰতে গতি কৰি থাকে ।
   iv) তাপ পালে পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি বাঢ়ে ।

               আমাৰ চাৰিওফালে দেখা পোৱা পদাৰ্থসমূহ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত । এই কথা ইতিমধ্যে জানিলোঁ । আকৌ, আমাৰ চাৰিওফালে দেখা পোৱা পদাৰ্থসমূহ কিছুমান  মিশ্ৰত পদাৰ্থ আৰু কিছুমান  বিশুদ্ধ  পদাৰ্থ  । এতিয়া আহোঁ  ,  মিশ্ৰ পদাৰ্থ কাক বোলে ? আমি দেখা কোনবোৰ পদাৰ্থনো মিশ্ৰিত পদাৰ্থ । মিশ্ৰ পদাৰ্থ সংজ্ঞা আমি এনেদৰে দিব পাৰোঁ----  "একাধিক মৌল বা যৌগৰ দ্বাৰা গঠিত  অসমসত্ব মিশ্ৰণকে মিশ্ৰিত পদাৰ্থ বোলে । যেনে - চৰবত ,মাটি ,  বায়ু , প্ৰলম্বন, কলয়ডীয় দ্ৰৱ বা কলয়ড  । "
মিশ্ৰ পদাৰ্থবোৰৰ বৈশিষ্ট্য  ----
ক) মিশ্ৰ পদাৰ্থ এক অসমসত্ব মিশ্ৰণ ।
খ) কিছুমান মিশ্ৰ পদাৰ্থক ভৌতিক প্ৰক্ৰিয়াৰে  ইয়াৰ উপাদানসমূহক পৃথক কৰিব পাৰি । আনহাতে , কিছুমান  মিশ্ৰ পদাৰ্থক ভৌতিক প্ৰক্ৰিয়াৰে পৃথক কৰিব নোৱাৰি ।
গ) 
     এতিয়া  বিশুদ্ধ পদাৰ্থ বিষয়ে আলোচনা কৰোঁ আহাঁ । যিবোৰ পদাৰ্থ ভাঙিলে একে জাতীয়  পৰমাণু বা অণু পোৱা  যায়  , তেনে পদাৰ্থকে  বিশুদ্ধ পদাৰ্থ বোলা হয় । যেনে -কাৰ্বন (C) ,মাৰকিইউৰি  বা পাৰা ( Hg), পানী , চেনি , ছডিয়াম ক্ল'ৰাইড (NaCl ) ,সোণ(Au) ,ৰূপ (Ag) ইত্যাদি  । 

            বিশুদ্ধ পদাৰ্থৰ ৰাসায়নিক উপাদানবোৰ কোনো ভৌতিক প্ৰক্ৰিয়াৰে পৃথক কৰিব নোৱাৰি । দৃষ্টান্তস্বৰূপে, ছডিয়াম ক্ল'ৰাইড এবিধ বিশুদ্ধ পদাৰ্থ । ছডিয়াম ক্ল'ৰাইডত থকা Na আৰু  Cl উপাদানক ভৌতিক প্ৰক্ৰিয়াৰে পৃথক কৰিব পৰা নাযায় । বিশুদ্ধ পদাৰ্থবোৰত থকা উপাদানবোৰ সংযুতি সকলো অংশতে সমান ।

                     বিশুদ্ধ পদাৰ্থক তলত দিয়া ধৰণে দুটা ভাগত ভাগ কৰিব পাৰি । যেনে---
ক) মৌলিক পদাৰ্থ  বা মৌল 
খ) যৌগ পদাৰ্থ ।
              এতিয়া আকৌ  মনলৈ আহিল নতুন প্ৰশ্ন--- কোনবোৰ বিশুদ্ধ পদাৰ্থ মৌল  আৰু কোনবোৰ যৌগ ।
 
        "যিবোৰ  বিশুদ্ধ পদাৰ্থক ৰাসায়নিক  বিক্ৰিয়াৰ  দ্বাৰা, শীতলীকৰণৰ দ্বাৰা, উত্তাপনৰ  দ্বাৰা  অথবা  বিদ্যুত বিশ্লেষণৰ দ্বাৰা  পুনৰ ভাঙিব  পৰা নাযায়  ,তেনেবোৰ  বিশুদ্ধ  পদাৰ্থকে মৌলিক পদাৰ্থ বা মৌল  বোলা হয় ।
উদাহৰণ  : লো (Fe), অক্সিজেন (O) ,নাট্ৰজেন(N), কপাৰ(Cu), এলুমুনিয়াম( Al)  ।
              এতিয়ালৈকে পৃথিৱী ১০৬ টা মৌলৰ সম্ভেদ পোৱা গৈছে । তাৰে ৯২ টা প্ৰকৃতিত  পোৱা যায় আৰু বাকীকেইটা সংশ্লেষণ পদ্ধতিৰে প্ৰস্তুত কৰা হয় । প্ৰকৃতিত পোৱা মৌলবোৰৰ ভিতৰত হাইড্ৰজেন পৰমাণুৰ ভৰ সকলোতকৈ  কম আৰু ই আটাইতকৈ পাতল মৌল । তদুপৰি  ই দাহ্য অধাতু  ; কিন্তু  ই দহনক সহায়  নকৰে । ইয়াৰ  পৰমাণুৰ ভৰ  ১.৬৭×১/১০০ , পাৰমাণৱিক সংখ্যা ১ , ইলেক্ট্ৰন আৰু প্ৰটনৰ  সংখ্যা 1 আৰু নিউটনৰ সংখ্যা নাই । হাইড্ৰজেনে ইলেকট্ৰন  ত্যাগ কৰি  হাইড্ৰজেন আয়ন (H*)আয়ন সৃষ্টি কৰে । ইয়াৰ যোজ্যতা 1 ।
           সাধাৰণ  উষ্ণতাত জুলীয়া অৱস্থাত  থকা মৌল দুবিধৰ নাম হ'ল পাৰা ( Hg) আৰু  ব্ৰমিন (Br) .। পাৰা বা মাৰকিইউৰি  হৈছে ধাতু আৰু  ব্ৰমিন  হৈছে অধাতু ।

                         মৌলিক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি । সেইকেইটা হ'ল --
ক) ধাতু :   ৰাসায়নিক বিক্ৰিয়াত যোজক কক্ষৰপৰা ইলেকট্ৰন এৰি দি ধনাত্মক আধানযুক্ত  আয়ন গঠন কৰা মৌলক ধাতু  বোলে । যেনে -- আইৰণ (Fe) ; কপাৰ (Cu); জিংক (Zn) , সোণ (Au) ,ৰূপ (Ag) ইত্যাদি । 
           ধাতুবোৰে ৰাসায়নিক বিক্ৰিয়াত ইলেকট্ৰন ত্যাগ কৰি ধনাত্মক আধান অৰ্থাৎ  কেটায়ন আয়ন সৃষ্টি কৰে । ধাতুবোৰৰ বহিতম কক্ষত তিনিটাতকৈ অধিক ইলেকট্ৰন নাথাকে ।
               
                                  ধাতুৰ ভৌতিক ধৰ্মসমূহ  হ'ল  ---
i) ধাতুবোৰ ঘাতসহনীয়তা । ধাতুবোৰক পাতল চেপেটা আকাৰত গঢ় দিব পৰা যায় ।
ii) ধাতুবোৰ নমনীয়তা । ধাতুবোৰক টানি মিহি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰি ।
iii) ধাতুবোৰ নিনাদী গুণবিশিষ্ট । ধাতুবোৰক  টান পদাৰ্থৰে আঘাট কৰিলে উচ্চ শব্দ সৃষ্টি হয় ।
iv ) ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী । ধাতুৰ মাজেৰে বৈদ্যুতিক আধান পাৰ হৈ যাব পাৰে ।
v ) ধাতুবোৰ উষ্ণতা বা তাপৰ সুপৰিবাহী । ধাতুবোৰৰ মাজেৰে  তাপ পৰিবাহীত হয় ।
vi) ধাতুবোৰ উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট ।

          ধাতুসমূহৰ ৰাসায়নিক ধৰ্মৰ বিষয়েও তলত কিছু  আলোচনা আগবঢ়াইছোঁ ।
ক ) ধাতুৱে  অধাতু অক্সিজেনৰ  সৈতে বিক্ৰিয়া কৰি ক্ষাৰকীয় প্ৰকৃতি ধাতৱ অক্সাইড  উৎপন্ন কৰে । দৃষ্টান্তস্বৰূপে---
খ) ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি ধাতৱ হাইড্ৰ'ক্সাইড আৰু হাইড্ৰজেনৰ গেছ উৎপন্ন কৰে ।দৃষ্টান্তস্বৰূপে---
গ) ধাতুৱে অম্লৰ সৈতে বিক্ৰিয়া কৰি সাধাৰণতে হাইড্ৰজেন গেছ উৎপন্ন কৰে । দৃষ্টান্তস্বৰূপে---
ঘ) কিছুমান ধাতুৱে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি  হাইড্ৰজেনগেছ উৎপন্ন কৰে । দৃষ্টান্তস্বৰূপে---
খ) অধাতু  : যিবোৰ  মৌলই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আধানযুক্ত আয়ন সৃষ্টি কৰে , সেইবোৰ মৌলকে  অধাতু বোলে । 
উদাহৰণ :  কাৰ্বন(C), অক্সিজেন (O) , ছালফাৰ (S)  ইত্যাদি । 
                কিছুমান অধাতু অতি সক্ৰিয় । সাধাৰণ উষ্ণতাত বায়ুমণ্ডলীয় অক্সিজেন গেছৰ লগত বিক্ৰিয়া ঘটি জ্বলি উঠে । যেনে - ফছফৰাছ । ফছফৰাছ হ'ল এবিধ অতি সক্ৰিয় অধাতু  । সাধাৰণ  উষ্ণতাৰ সংস্পৰ্শলৈ আহিলৈ বায়ুৰ  অক্সিজেনৰ( O) লগত বিক্ৰিয়া ঘটি জ্বলি উঠে  । আনহাতে, ফছফৰাছে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া  নকৰে । সেইবাবেই ফছফৰাছক  ঠাণ্ডা পানীত ডুবাই ৰাখা হয়  ।
                সাধাৰণ উষ্ণতাতজুলীয়া অৱস্থাত থকা অধাতু  বিধৰ নাম ব্ৰমিন(Br) । 

                 
        অধাতুৰ ভৌতিক ধৰ্মসমূহ  হ'ল ---
ক) গ্ৰেফাইটৰ বাহিৰে অন্য  অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী । 
খ) অধাতুবোৰ অনমনীয় ।
গ)  অধাতুবোৰৰ চিকমিকনি নাই ।
ঘ) হাইড্ৰজেনৰ (H) বাহিৰে অন্যবোৰ অধাতু তাপৰ কু-পৰিবাহী ।
ঙ) ব্ৰমিনৰ বাহিৰে অন্যবোৰ অধাতু সাধাৰণ উষ্ণতাত গোটা বা   গেছীয় অৱস্থাত থাকে । সাধাৰণ উষ্ণতাত ব্ৰমিন জুলীয়াঅৱস্থাত থাকে ।
চ) অধাতুবোৰ ঘনত্ব কম ।
ছ) অধাতুবোৰ নিনাদী গুণসম্পন্ন নহয় ।
জ) অধাতুবোৰ গলনাংক আৰু উতলাংক কম ।

গ) ধাতুকল্প : যিবোৰ মৌলত ধাতু আৰু অধাতু দুয়োটাৰ ধৰ্ম থাকে; সেইবোৰ মৌলিকে ধাতুকল্প বোলে । ধাতুকল্প ৬ টা সেইকেইটা হ'ল -- বৰণ(Br),  ছিলিকণ (Si) , জাৰমেনিয়াম (Ge), আৰ্ছেনিক(Ar) , এণ্টিমণি (Sb) , টেলুৰিয়াম (Te)   ।


১) পদাৰ্থ কাক বোলে ? উদাহৰণ দিয়াঁ ।
২)  পদাৰ্থ কিহেৰে গঠিত  ? 
৩) পদাৰ্থৰ ক্ষুদ্ৰতম  কণিকাক কি বোলে  ? 
৪) পদাৰ্থ কিহেৰে গঠিত ? 
৫) পদাৰ্থৰ কণিকাবোৰৰ মাজত  থকা তিনিটা বৈশিষ্ট্য লিখাঁ ।
৬) পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি কেতিয়া বাঢ়ে ? 
৭) পদাৰ্থৰ নিজস্ব ৰাসায়নিক অস্তিত্ব অটুত ৰাখি ৰাসায়নিক বিক্ৰিয়াত অংশ গ্ৰহণ কৰিব পৰা ক্ষুদ্ৰতম স্বতন্ত্ৰ কণিকাবোৰক কি বোলে  ? 
৮) পৰমাণু কাক বোলে  ? 
৯) মিশ্ৰ  পদাৰ্থ কাক বোলে। ? উদাহৰণ  দিয়া  ।
১০) বিশুদ্ধ পদাৰ্থ কাক বোলে  ? উদাহৰণ দিয়াঁ । 
১১ )  মৌল কাক বোলে ? উদাহৰণ দিয়াঁ  ।
১২) মৌলক কেইটা ভাগত ভগাব পাৰি কি কি  ? প্ৰত্যেকৰে   সূত্ৰ লিখি  উদাহৰণ দিয়া ।
১৩) সাধাৰণ উষ্ণতাত  জুলীয়া অৱস্থাত থকা  মৌল দুবিধৰ নাম কি  কি  ? 
১৪) বায়ুমণ্ডলত  পোৱা আটাইতকৈ পাতল মৌল বিধৰ নাম কি ?
১৫)বায়ুমণ্ডলত  পোৱা আটাইতকৈ  গধুৰ মৌল বিধৰ নাম কি ?

১৫)) ধাতু  কাক বোলে ?  উদাহৰণ দিয়া । 
১৬) ধাতুৰ ভৌতিক ধৰ্মসমূহ  লিখাঁ ।
১৭)  ধাতুৰ ৰাসায়নিক ধৰ্মসমূহ লিখাঁ ।
 ১৮) ঠাণ্ডা  পানীৰ লগত বিক্ৰিয়া ঘটি জ্বলি উঠা দুবিধ ধাতুৰ   
        নাম লিখাঁ । 
১৯) ছডিয়াম আৰু পটেছিয়াম ধাতুক  কিয় কেৰাচিন তেলত            ডুবাই ৰাখা  হয় ? 

২০) সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতু বিধৰ নাম কি? 


 
২১) অধাতু কাক বোলে ? উদাহৰণ দিয়াঁ ।
২২) অধাতুৰ ভৌতিক ধৰ্মসমূহ  লিখাঁ ।  
২৩) অধাতুৰ  ৰাসায়নিক ধৰ্মসমূহ লিখাঁ ।
২৪) সাধাৰণ উষ্ণতাতজুলীয়া অৱস্থাত থকা অধাতু  বিধৰ নাম          কি  ?         
 ২৫ ) ফছফৰাছক  ঠাণ্ডা পানীত  ডুবাই ৰাখা হয় কিয় ? 
 ২৬) দুবিধ  দাহ্য  অধাতুৰ নাম লিখাঁ ।

No comments:

Post a Comment

Post Top Ad

Your Ad Spot