কিয় ইমান আশা
তোমাকলৈ বাৰু কিয় ইমান আশা ?
কল্পনাৰ অসীম আশা দিঠকৰ মৰিচিকা ।
বাস্তৱত একেলগে ৰচা ৰঙীন আশা
চকু মেলিলেই তুমি মই এক যেন লগা
সমীৰণতে এক গতি হৈ ৰোৱা ।
মনত পৰিছে সেই স্মৃতি
তুমি আৰু মই বিচনাত পৰি পৰি সমীৰণত সজাই থোৱা
অলিক ভৰসাৰ সপোনবোৰ
মনত আৰু পৰিছে জানা ,
দুয়োৰে মনৰ কথাবোৰ কৈ কৈ কটাই দিয়া নিশাবোৰ ।
তুমি অভিমানি মনেৰে জানো কোৱা নাছিলা
কোনোৱেও মোক বুজি নাপায় । তুমি অতীতৰ অতীত ,মই অতীতৰ বাস্তৱ
কল্পনাৰো প্ৰতীক, কল্পনাৰো স্মৰকতা
আঁৰত থাকিলেও তুমিয়ে মোৰ হৃদয়ৰ শান্তনা । ভাবোঁ , ৰূপালীৰ কিৰণ হৈ তুমি এদিন আহিবা ঘূৰি আহি নিৰাশাৰ শয্যাত আশাৰ ৰেঙণী হৈ বহিবা ।

তাং : ০১/০৯/২০১৯
No comments:
Post a Comment