গুপ্তলিপি:
গুপ্তলিপি হ'ল উত্তৰ-ব্ৰাহ্মীলিপিৰ এটি পৰিৱৰ্তিত লিপি। চতুৰ্থ আৰু পঞ্চম শতিকাৰ গুপ্ত ৰজাসকলৰ সময়ত প্ৰসাৰ লাভ কৰা লিপিকে 'গুপ্তলিপি'বুলি অভিহিত কৰা হয় ।
গুপ্তলিপিৰ পৰা কুটিল লিপিৰ বিকাশিত ঘটে। গুপ্ত আখৰৰ লগত অসমীয়া আধুনিক 'স','ম','শ্ৰী'আৰু 'য'ৰ সম্পৰ্ণ সাদৃশ্য আছে। সেইদৰে 'ব' আৰু 'হ' আখৰ দুটাৰ গঢ়ো প্ৰায় গুপ্ত আখৰৰ সৈতে সদৃশ । সেইদৰে উমাচল শিলালিপি আৰু নগাজৰী খনিকৰ গাঁৱৰ লিপিত পোৱা আখৰবোৰক গুপ্তলিপিৰ আখৰবোৰৰ সৈতে ৰিজাই চালে এই শিলালিপি দুখনৰ প্ৰায়বোৰ আখৰেই গুপ্তলিপিত পোৱা আখৰৰ সৈতে একেটা ৰূপত পোৱা যায় । শিলা লেখ দুখনৰ ই,ক,খ,গ,চ,জ,ড,ণ,ত,দ,ধ,ন,প,ব,ভ,ম,য,ৰ,ল,ৱ,শ,ষ,স,হ আৰু ৰা,জা,ণা,ধি,কী,গু,কৃ আদিৰ ৰূপ গুপ্ত আখৰেৰে সৈতে একে । ভাস্কৰ বৰ্মাৰ তাম্ৰশাসন কেইখনৰ কিছু আখৰ, যেনে -আ, ক,তু,ব,য,ৰ, ল, স আদিৰ সৈতে গুপ্তলিপিৰ সাদৃশ্য প্ৰকট হয় । গতিকে পৰিশেষত ক'ব পাৰি যে গুপ্তলিপিৰ অৱদানৰ ফলেই হ'ল আধুনিক অসমীয়া লিপি,যি ক্ৰমবিকাশৰ স্তৰ ভেদি বৰ্তমান অৱস্থা লাভ কৰিছে।
Post Top Ad
Your Ad Spot
Wikipedia
Search results
Tuesday, July 14, 2020
Tags
# প্ৰৱন্ধ
About মিণ্টু দোলাকাষৰীয়া
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
প্ৰৱন্ধ
Labels:
প্ৰৱন্ধ
Subscribe to:
Post Comments (Atom)
Post Top Ad
Your Ad Spot
No comments:
Post a Comment