সতৰ্ক - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Sunday, May 23, 2021

সতৰ্ক

সতৰ্ক 

দিন দুপৰতে এজাক ধুমুহা বৰষুণত ,
গাঁওখন নিমাওমাও হ'ল ,
বৰ বৰ গছ উভালি পৰিল 
কাৰোবাৰ ঘৰ দুৱাৰোও  ভাগিল;
গাঁৱৰ মেধিজন বেমাৰত মৰিল,  
গাঁৱত ভিন্ন বেমাৰৰ সমাহাৰ 
কিনো আতংক পৰিৱেশ,  পৰিস্থিতি ।
ভূতৰ ওপৰত দানহ  
বানপানী,  খহনীয়া,  ভূঁইকঁপ
আৰু  এক ভয়ংকৰ অচিনৰোগ,  মহামাৰী 
নাম যাৰ কোৰোনা ।
নিয়তিৰ কি পৰিহাস!
ক'ত মৰোঁ  , ক'ত যাওঁ ।
যমৰ অনুচৰে কিৰীলি পাৰিছে ,
সৃষ্টি  যেন ধ্বংস কৰিব ,
কিন্তু  আমাৰ ভয় নাই,  
অন্তৰৰ অদম্য সাহসে ৰ'ই আছোঁ ,
জীয়াই থাকিম,  জীয়াই  থাকিব, 
বিশ্বৰ মানৱ জ্যোতি ।

শ্ৰী  ভৱকান্ত গগৈ 
কমাৰ গাঁও,  জয়পুৰ 
9394203174

No comments:

Post a Comment

Post Top Ad

Your Ad Spot