জিকিৰ - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

20141015_114706_002_001

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

top-bannner2-1

Post Top Ad

Wikipedia

Search results

Wednesday, August 21, 2019

জিকিৰ

Your Ad Spot
১)জিকিৰৰ ৰচক কোন ?
উত্তৰ: জিকিৰৰ ৰচক  আজান ফকিৰ ।
২) আজান  ফকিৰ প্ৰকৃত নাম কি ?
উত্তৰ: আজান ফকিৰ প্ৰকৃত নাম  হ'ল হজৰত চাহ মিলন ।
৩)জিকিৰবোৰক  কিহৰ লগত  তুলনা কৰিব পাৰি ?
উত্তৰ: জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিমূলক গীতৰ লগত তুলনা কৰিব পাৰি ।
৪) 'জিকিৰ ' শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰ: 'জিকিৰ ' শব্দটো আৰবী ভাষাৰ 'জিকৰ' শব্দৰ পৰা  ওলাইছে ।
৫)  জিকিৰ কাক বোলে ?
উত্তৰ: ইছলাম ধৰ্মৰ তত্ব, আদৰ্শ আৰু আচাৰ-নীতিৰ মৌলিক ভাৱ-চিন্তা প্ৰকাশক  তথা ভক্তিমূলক গীতসমূহকে জিকিৰ বুলি  কোৱা  হয় ।
৬) 'মুনিন'  শব্দৰ অৰ্থ কি  ?
উত্তৰ: 'মুনিন ' শব্দৰ অৰ্থ  হ'ল বিশ্বাসী  মুছলমান।
৭) 'ৰহম' শব্দৰ অৰ্থ কি  ?
উত্তৰ: 'ৰহম' শব্দৰ অৰ্থ হ'ল  'দয়া ' ।
৮) জিকিৰ মূলভাৱ লিখাঁ ।
উত্তৰ: আজান ফকিৰৰ দ্বাৰা  ৰচিত 'জিকিৰ 'গীতটিৰ মাজেৰে আল্লাৰ স্বৰূপ,মন তথা আত্মাৰ প্ৰকৃতি আৰু  আল্লাক  লাভ কৰাৰ পথ দাঙি ধৰা হৈছে ।
        গীতিকাৰে আল্লাক দয়াৰ অধিকাৰী বুলি সম্বোধন কৰি তেওঁক নিৰাপদে সংসাৰ সমুদ্ৰ  পাৰ কৰি নিবলৈ আল্লাৰ  ওচৰত  মিনতি কৰিছে । তেওঁৰ  নিজৰ অস্হিৰ মনক আল্লাৰ নাম স্মৰণ কৰিবলৈ আৰু গুৰুৰ চৰণত শৰণ ল'বলৈকো আহ্বান জনাইছে । যিদৰে পানীত তৃষ্ণাৰ গুণ আৰু জুইত জাৰ দূৰ কৰিব পৰা গুণ নিহিত  হৈ থাকে, ঠিক সেইদৰে এজন প্ৰকৃত মুছলমানৰ অন্তৰতো ভগৱানৰ দূত বিৰাজ মান হৈ থাকে বুলি গীতিকাৰে কৈছে ।কিন্তু  পানীৰ পিয়াহত আতুৰ জনে  পানীৰ অস্তিত্ব আৰু জ্বাৰত কঁপি থকা জনে জুইৰ অস্তিত্ব কথা নাজানিলে তেওঁৰ তৃষ্ণা আৰু জাৰৰ  কঁপনি দূৰ কৰিবলৈ প্ৰয়োজনীয় বস্তুক  হাবাথুৰি খালেও বিচাৰি নাপায় ।ঠিক তেনেদৰে  মায়াত আৱদ্ধ মানুহে নিজৰ  হৃদয়তে বিৰাজ মন হৈ থকা ভগবানক চিনি নাপায় মক্কা, তিৰবেনি আদি ঠাইত ভগবানক বিচাৰি হাবাথুৰি খায়।মানুহৰ  আত্মা  সঁজাত বন্দী হৈ থকা এটা মইনা চৰাইৰ সদৃশ ।সামান্য সুৰুঙা পালেই  সঁজাৰ মইনা  হাবিলৈ  উৰি গুচি  যায় ।একেদৰে আত্মায়ো কোনো এক মূহুৰ্তত মানৱ দেহ ত্যাগ কৰি গুচি  যায় ।আত্মাই দেহ পৰিত্যাগ কৰাৰ পাছত মানুহৰ দেহটোৰ বিলাই নোহোৱা  হয় ।
     ওপৰোক্ত সাবলিল বৰ্ণনাখিনিয়েই  হৈছে  জিকিৰ  গীতটিৰ মূলভাৱ ।

No comments:

Post a Comment

Post Top Ad