মুক্তি মংগল ভটিমা - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

20141015_114706_002_001

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

top-bannner2-1

Post Top Ad

Wikipedia

Search results

Wednesday, August 21, 2019

মুক্তি মংগল ভটিমা

Your Ad Spot
১) চমুকৈ  উত্তৰ দিয়া ।
ক)  'দৈৱকী উদৰে উদয় যোহি দেৱা '
---------ইয়াত  'যোহি  দেৱা' বুলি  কাক কৈছে ?
উত্তৰ: ইয়াত  যোহি  দেৱা ' বুলি কৃষ্ণক কৈছে ।
খ) 'কংসক ধ্বংসল প্ৰাণ '--‐--- কংসৰ প্ৰাণ কোনে  ধ্বংস কৰিলে ?
উত্তৰ:কংসৰ প্ৰাণ কৃষ্ণই ধ্বংস কৰিলে ।
গ) শঙ্খচূড়ক কোনে  বধ  কৰিলে  ?
উত্তৰ  : শঙ্খচূড়ক কৃষ্ণই বধ কৰিলে ।
ঘ) শ্ৰীৰাম ৰাইৰ প্ৰকৃত নাম কি  ?
উত্তৰ  :  শ্ৰীৰাম ৰাইৰ প্ৰকৃত নাম  হ'ল জগতানন্দ ।
ঙ)  দেৱতাৰ  ভিতৰত কাক শ্ৰেষ্ঠ বুলি  কৈছে  ?
উত্তৰ: দেৱতাৰ  ভিতৰত  কৃষ্ণক শ্ৰেষ্ঠ বুলি কৈছে ।
চ) মুক্তি মংগল ভটিমাটি কোনখন নাটৰ পৰা  লোৱা  হৈছে ?
উত্তৰ  : মুক্তি মংগল ভটিমাটি শংকৰদেৱৰ ' কালিয় দমন ' নাটখনৰ পৰা  লোৱা  হৈছে ।
ছ) অংকীয়া  নাটত মুক্তি মংগল ভটিমা কোনে  পাঠ কৰে ?
উত্তৰ: অংকীয়া নাটত মুক্তি মংগল ভটিমা নাটৰ সূত্ৰধাৰে পাঠ কৰে ।
জ) বৰগীতৰ জন্মদাতা কোন  ?
উত্তৰ  :  বৰগীতৰ জন্মদাতা হ'ল  মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱ  ।
ঝ) শংকৰদেৱৰ প্ৰথম বৰগীতটিৰ নাম কি ?
উত্তৰ : শংকৰদেৱৰ প্ৰথম বৰগীতটিৰ নাম  হ'ল ' মন মেৰি চৰণেহি লাগু '।
ঞ) শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল  আৰু  কি কি ?
উত্তৰ:  শংকৰদেৱে  ছয়খন নাট ৰচনা কৰিছিল ।সেইকেইখন  হ'ল--
১) পত্নীপ্ৰসাদ
২) কালিয়দমণমন
৩) কেলিগোপাল
৪) ৰুক্মিণীহৰণ
৫) পাৰিজাতহৰণ
৬)  ৰামবিজয় ।
ট) শংকৰদেৱৰ  প্ৰথম নাটখনৰ নাম কি ?
উত্তৰ: শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম  হ'ল পত্নীপসাদ ।
ঠ) শংকৰদেৱৰ অন্তিম  নাটখনৰ  নাম  কি  ?
উত্তৰ  : শংকৰদেৱৰ  অন্তিম  নাটখনৰ  নাম  হ'ল ৰামবিজয় ।
ড) শংকৰদেৱে  প্ৰৱৰ্তন কৰা  ধৰ্মটোৰ  নাম  কি ?
উত্তৰ: শংকৰদেৱে  প্ৰৱৰ্তন  কৰা ধৰ্মটোৰ নাম হ'ল বৈষ্ণৱ  ধৰ্ম ।
ঢ) শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ  কি ?
উত্তৰ: শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তনঘোষা ।
2)  মুক্তি মংগল ভটিমাটিত উল্লেখ থকা অনুসৰি  কৃষ্ণই  বধ কৰা  অসুৰ কেইটাৰ নাম কি কি ?
উত্তৰ: মুক্তি মংগল ভটিমাটিত উল্লেখ থকা অনুসৰি  কৃষ্ণই  বধ কৰা  অসুৰ কেইটাৰ নাম হ'ল -   অঘ ,বক , ধেনুক, কেশী  ,অৰিষ্টক, মুষ্টিক, শংঙ্খচূড় আদি ।
৩) সোহি  জগত গুৰু    তেৰি সততে কৰু
                     মুকুতি  মংগল বিধান ।
     -------- ইয়াত  জগত  গুৰু বুলি  কাক  কৈছে  ? জগত গুৰুজনাৰ  গুণানুকীৰ্তন ভটিমাটিত কেনেদৰে কৰা  হৈছে  তোমাৰ  কথাৰে লিখা ।
উত্তৰ: ইয়াত  জগত গুৰু বুলি কৃষ্ণক কৈছে ।
      ভটিমাটিত জগত গুৰু কৃষ্ণক সকলো দেৱতাতকৈ শ্ৰেষ্ঠ বুলি প্ৰশস্তি কৰিছে ।তেওঁ  দৈৱকীৰ  গৰ্ভত  জন্মধাৰণ কৰি ভকতসকলক অসুৰসকলৰ পৰা উদ্ধাৰ কৰে ।তেওঁৰ  নাম উচ্চাৰি পাপিসকলে  পাপাৰ  মূল উভালে আৰু  তেওঁৰ  নাম  উচ্চাৰিলেই  অধম,ব্যাধ আৰু ঋষি-মুণিসকলে এক হৈ পৰে ।তেওঁৰ  পাদপল্লৱত শৰণাপন্ন হৈ এই ভৱ সংসাৰ পাৰ হ'ব পাৰি ।তেওঁ দেৱতাৰ উপৰিও দেৱতা আৰু তেওঁৰ নাম কৰ্ম-ধৰ্মতকৈও ওপৰত বুলি ভটিমাকাৰে উল্লেখ কৰিছে।
          ওপৰত উল্লেখ কৰা ধৰণে ভটিমাটিত জগত গুৰু কৃষ্ণৰ গুণানুকীৰ্তন  কৰা  হৈছে ।

No comments:

Post a Comment

Post Top Ad