বিকাশ - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Thursday, November 30, 2023

বিকাশ

বিকাশত প্ৰভাৱ পেলোৱা কাৰক:ক) বংশগতি : জন্মগতভাৱে বা জন্মসূত্ৰে শিশুটোৱে যি জৈৱিক গুণ, বিভূতি বা শক্তি পূৰ্বপুৰুষৰ পৰা লাভ কৰে, তাকে বংশগতি বোলে ।জৈৱিক আৰু মানসিক বংশগতিয়ে ব্যক্তিৰ সমগ্ৰ জীৱন কালছোৱাতে প্ৰভাৱ পেলাই থাকে ।শাৰীৰিক অৱয়ব তথা ব্যক্তিৰ দৈহিক গঠনৰ দিশটোত বংশগতিৰ প্ৰভাৱেই সৰ্বাধিক ।পিতৃ-মাতৃৰ মানসিক উৎকৃষ্টতা তথা উন্নয়নেও সন্তানৰ ব্যক্তিত্বৰ মানসিক, বৌদ্ধিক, আৰু নান্দনিক দিশত প্ৰভাৱ পেলায় ।একেদৰে সমাজৰ মাজত উপযুক্তভাৱে জীয়াই থাকিবলৈ ব্যক্তিৰ যি সামাজিক গুণাৱলীৰ প্ৰয়োজন সেই প্ৰয়োজন সামাজিক বংশগতিয়ে পূৰণ কৰে আৰু ব্যক্তিক সামাজিক কৰি গঢ়ি তোলে ।স্পষ্টভাৱে ক’ব পাৰি যে পূৰ্বপুৰুষৰ পৰা জন্মগতভাৱে পোৱা সংলক্ষণসমূহেই ব্যক্তিৰ ব্যক্তিত্বক মূলত সুস্থ ৰূপত গঢ়ি তোলে।শিশুৰ  শিক্ষাত বংশগতিৰ প্ৰভাৱ উল্লেখযোগ্য ।দৈহিক বা জৈৱিক বংশগতিতকৈ মানসিকতা বংশগতিয়ে শিক্ষাত বেছি প্ৰভাৱ পেলায় ।বুদ্ধি, ভাষিক সামৰ্থ্য শক্তি, গাণিতিক শক্তি আদি বিশেষ মানসিক শক্তিসমূহ যিবোৰ উত্তৰাধিকাৰ সূত্ৰে লাভ কৰে, সেইবোৰৰ প্ৰভাৱ ব্যক্তিৰ শৈক্ষিক বিকাশত পৰিলক্ষিত হয় ।২)পৰিৱেশ: ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰত পৰিৱেশে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।ব্যক্তিৰ বিকাশত বংশগতিয়ে মাথোন সমলহে যোগান ধৰে।এই বিকাশযোগ্য সমলখিনিৰ সদ ব্যৱহাৰ কৰাটো পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল ।সেয়েহে উন্নত মানবিশিষ্ট বংশগতিয়েও পৰিৱেশৰ আৱশ্যকীয় সুযোগ সুবিধা নাপালে তাৰ পূৰ্ণ বিকাশ আশা কৰিব নোৱাৰি ।ইয়াৰ বিপৰীতে নিম্ন মানবিশিষ্ট বংশগতিৰ লোকেও উন্নত পৰিৱেশৰ সুযোগ পালে বহু ওপৰলৈ যাব পাৰে।ব্যক্তিয়ে জন্মসূত্ৰে লাভ কৰা মানসিক শক্তি, বুদ্ধিৰ ওপৰতো পৰিৱেশৰ এক শক্তিশালী প্ৰভাৱ আছে।পৰিৱেশৰ লগত ব্যক্তিৰ সমাযোজনৰ সুস্থ আৰু অসুস্থ প্ৰভাৱৰ ওপৰতে ঘাইকৈ ব্যক্তিৰ বিকাশ নিৰ্ভৰশীল ।ব্যক্তিৰ বিকাশত মানসিক পৰিৱেশ, সামাজিক পৰিৱেশ,বিদ্যালয় পৰিৱেশ ইত্যাদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । মানসিক পৰিৱেশে ব্যক্তিক নিজৰ শক্তিৰে, দক্ষতাৰে নতুন পৰিস্থিতিত খাপ খাবলৈ ,সমস্যাৰ সমাধান আৰু বিশ্লেষণ কৰাত বিশেষভাৱে সহায় কৰে ।সামাজিক পৰিৱেশে ব্যক্তিৰ সামাজিক গুণাৱলীত অৰিহণা যোগায় ।সামাজিক প্ৰক্ৰিয়া, প্ৰতিযোগিতা, সহযোগিতা, সংঘৰ্ষ, আত্মীকৰণ আৰু উপযোজন আদি দিশৰ প্ৰসাৰতাত ব্যক্তিক সহায় কৰে সামাজিক পৰিৱেশে।শিশুৰ ইন্দিয়সমূহৰ যোগ্যতা আহৰণৰ পাছৰে পৰা শিশুৰ বিদ্যালয় শিক্ষাৰ পৰিৱেশ আৰম্ভ হয়।বিদ্যালয়ৰ শ্ৰেণী,  শিক্ষক, পাঠ্যক্ৰম, শিক্ষণ পদ্ধতি,পৰীক্ষা পদ্ধতি,  অনুসাশন ব্যৱস্থা, সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচী আদিয়ে ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে এক বহল পৰিৱেশৰ সৃষ্টি কৰে।এই শিক্ষা পৰিৱেশেই ব্যক্তিৰ মানসিক বিকাশ সাধন কৰি ভৱিষ্যত জীৱন বহু পৰিমাণে নিৰ্দ্ধাৰণ কৰে ।শিক্ষণ ক্ষমতা, বৌদ্ধিক ক্ষমতা, সামাজিক যোগ্যতা, অৰ্থনৈতিক যোগ্যতা আদি এই শিক্ষা পৰিৱেশৰপৰাই শিশুৱে আহৰণ কৰিব লাগে।শিক্ষা উপযুক্ততাই এজন লোকৰ নিকৃষ্ট বংশগতিৰো কিছুপৰিমাণে সলনি কৰিব পাৰে ।সেয়েহে ব্যক্তিৰ ভৱিষ্যত জীৱন গঢ় দি তোলাত এই শিক্ষা পৰিৱেশৰ ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি ।পৰিশেষত ক’ব পাৰি যে বংশগতি আৰু পৰিৱেশ এই দুটা শক্তিৰ সংমিশ্ৰণতে ব্যক্তিত্ব গঢ় লয়।ইহঁত বিকাশৰ এটা মুদ্ৰাৰ দুটা পিঠিহে মাত্ৰ ।

No comments:

Post a Comment

Post Top Ad

Your Ad Spot