মনোযোগ - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Thursday, November 30, 2023

মনোযোগ

মনোযোগ: মনোযোগ হৈছে এনে এক দেহ মানসিক প্ৰক্ৰিয়া, যাৰ যোগেদি জীৱই নিজৰ চৌপাশৰ পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ মাজৰ পৰা আটাইতকৈ প্ৰয়োজনীয় উদ্দীপকটো নিৰ্বাচিত কৰি লৈ তাক মনৰ কেন্দ্ৰস্থলত স্থাপন কৰা হয় ।” সংজ্ঞা: ১) জেমচ এচ ৰচৰ মতে,”মনোযোগ হৈছে মনৰ এক প্ৰক্ৰিয়া, যাৰ যোগেদি কোনো চিন্তনীয় বস্তু মনৰ মাজত স্পষ্ট কৰি তোলা হয়।”২) ড্ৰেভাৰ মতে,”মনোযোগ  এক বিশেষ ধৰণৰ মানসিক অৱস্থা যাৰ নিৰ্বাচনী শক্তি উল্লেখযোগ্য । সকলো বস্তুতে মনোযোগ নিবন্ধ নহয়, যাক ই চিন্তাৰে পাব বিচাৰে তাক বস্তুজগতৰ পৰা বা চিন্তাক্ষেত্ৰৰ পৰা নিৰ্বাচন কৰি লয়।” ৩) উদৱৰ্থ আৰু ৰ্মাকুইচৰ মতে,”মনোযোগ হৈছে কোনো বস্তুক নিৰীক্ষণ কৰিবৰ বাবে অথবা কোনো এটা কাম কৰিবৰ বাবে সাজু হোৱা ।” মনোযোগৰ বৈশিষ্ট্য  : ১) দেহ মানসিক প্ৰক্ৰিয়া: মনোযোগ এক দেহ মানসিক প্ৰক্ৰিয়া ।মানুহৰ দৈহিক সুস্থতা আৰু মানসিক সচেতনতাৰ ওপৰত মনোযোগ নিৰ্ভৰ কৰে ।২) মনোযোগ নিৰ্বাচনৰ্ধী: পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ মাজৰ পৰা এটা নিৰ্দিষ্ট তথা গুৰুত্বপূৰ্ণ আৰু সবল উদ্দীপককহে নিৰ্বাচন কৰি মনোযোগ দিয়া হয়।সেয়ে মনোযোগ এক নিৰ্বাচনধৰ্মী প্ৰক্ৰিয়া ।৩) মনোযোগ উদ্দেশ্যধৰ্মী : কোনো এটা বস্তু বা বিষয়ক চেতনাৰ কেন্দ্ৰত স্থাপিত কৰাৰ অন্তৰালত একোটা উদ্দেশ্য নিহিত হৈ থাকে ।৪) মনোযোগ গতিশীল আৰু অস্থায়ী: ব্যক্তিৰ মনোযোগ একোটা বিষয়তে দীৰ্ঘ সময় ধৰি স্থায়ী হৈ নাথাকে।ই এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ ক্ষণে ক্ষণে গতি কৰি থাকে ।সেয়ে ই গতিশীল আৰু অস্থায়ী । ৫) মনোযোগ অনুসন্ধানধৰ্মী : কোনো বস্তুৰ ওপৰত গভীৰ মনোযোগ স্থাপন হ’লে বস্তুটোৰ সম্পৰ্কে তথ্য উৎঘাটন কৰিবলৈ মনে প্ৰচেষ্টা চলায় ।৬) মনোযোগ ইতিবাচক আৰু নেতিবাচক দিশৰ সমষ্টি: এটা দিশত মনোযোগ দিওঁতে আনবোৰ দিশৰ পৰা মনোযোগক আঁতৰাই অনা হয় । মনোযোগ দিয়া দিশটো ইতিবাচক দিশ আৰু মনোযোগ আঁৰাই অনা দিশবোৰ নেতিবাচক দিশ।৭)মনোযোগ বিশ্লেষণধৰ্মী: মনোযোগ দিয়া বিষয়বস্তুৰ সকলো দিশ চালি-জাৰি, খুটি-নাটি মাৰি চোৱা হয়।সেয়ে ই বিশ্লেষণধৰ্মী । ৮) মনোযোগৰ পৰিধি সীমিত  : একেটা সময়তে এক নিৰ্দিষ্ট দিশতহে মনোযোগ কেন্দ্ৰীভূত হৈ থাকে।সেয়ে ইয়াৰ পৰিসৰ সীমিত ।৯)মনোযোগ সংশ্লেষণাত্মক : বহু ক্ষেত্ৰত কোনো বস্তুৰ প্ৰতি সামগ্ৰিকভাৱে মনোযোগ দিয়া হয় ।সেয়ে ই সংশ্লেষণাত্মক ।১০)মনোযোগ আনন্দ আৰু বেজাৰৰ লগত জড়িত: মনোযোগৰ ক্ষেত্ৰত সুখ-দুখ, হৰ্ষ-বিষাদ, আনন্দ-বেজাৰ আদি প্ৰতিক্ৰিয়াৰ লগত জড়িত হৈ থাকে ।১১)মনোযোগ নতুনত্বৰ ওপৰত নিৰ্ভৰশীল: বস্তু বা পৰিৱেশ যিমানে নতুন হয় সিমানে মনোযোগো বৃদ্ধি হয়।
মনোযোগৰ প্ৰকাৰ: ১) ঐচ্ছিক ,অনৈচ্ছিক আৰু ইচ্ছাবিৰোধী মনোযোগ : যেতিয়া কোনো বিষয়বস্তুৰ প্ৰতি ইচ্ছা কৰি মনোযোগ স্থাপন কৰিবৰ চেষ্টা কৰা হয় তাকে ঐচ্ছিক মনোযোগ বুলিব পাৰি ।এনে মনোযোগক স্পষ্ট মনোযোগ আৰু অনুমতি মনোযোগ ভাগ কৰা হৈছে ।যেতিয়া এবাৰ ইচ্ছা প্ৰকাশ কৰিয়ে মনোযোগ স্থাপন কৰিব পাৰি তাক অনুমিত ঐচ্ছিক মনোযোগ আৰু যেতিয়া মনোযোগ স্থাপন কৰিবলৈ বাৰে বাৰে ইচ্ছা শক্তি প্ৰয়োগ কৰিব লাগে তাক স্পষ্ট ঐচ্ছিক মনোযোগ বোলা হয়।কোনো ধৰণৰ মানসিক সচেতনতা নথকা স্বত্বেও কোনো বিশেষ ঘটনা বা বিষয়ৰ প্ৰতি যেতিয়া আমাৰ মনোযোগ স্বত:স্ফুৰ্তভাৱে আকৰ্ষিত হয়, তেনে মনোযোগকে অনৈচ্ছিক মনোযোগ বোলে।ইয়াক দুটা ভাগ ভাগ কৰা হৈছে । সেয়া হ’ল ক) আৰোপিত মনোযোগ: কোনো ঘটনা বা বিষয়ৰ প্ৰতি বাধ্য বাধকতাৰ মাজত দিবলগা হোৱা মনোযোগকে আৰোপিত মনোযোগ বোলে। খ) স্বত:স্ফূৰ্ত মনোযোগ: স্বত:স্ফূৰ্তভাৱে ইন্দ্ৰিয় উদ্দীপকৰ প্ৰতি মনোযোগী হৈ পৰে তেনে মনোযোগকে স্বতঃস্ফূৰ্ত অনৈচ্ছিক মনোযোগ বোলা হয় ।আনহাতে ইচ্ছা নথকা সত্ত্বেও প্রয়োজনৰ তাগিদাত কেতিয়াবা জোৰ কৰি কোনো বিষয়ৰ প্রতি মনোযোগ দিব লগা হয়। তেনে মনোযোগক ইচ্ছাবিৰোধী মনোযোগ বুলি কোৱা হয়।(২) প্রত্যক্ষ মনোযোগ আৰু পৰোক্ষ মনোযোগ: কোনো বিষয় বা বস্তুৰ প্ৰতি পোনপটীয়াকৈ দিয়া মনোযোগকে প্ৰত্যক্ষ মনোযোগ বোলা হয় ।উদাহৰণস্বৰূপে,দেউতাকে নিজৰ সন্তানৰ প্ৰতি দিয়া মনোযোগ প্ৰত্যক্ষ মনোযোগ ।আনহাতে,কোনো বস্তুৰ বাহ্যিক গুণৰ পৰিৱৰ্তে সেই বস্তুটোৰ গাত নিহিত হৈ থকা বিশেষ গুণ নতুবা বৈশিষ্ট্যৰ বাবেহে সেই বস্তুটোক মনোযোগ দিয়া হয়,তেন্তে তেনে মনোযোগকে পৰোক্ষ মনোযোগ বোলে । ৩) সংবেদনাত্মক মনোযোগ আৰু ভাবাত্মক মনোযোগ: ব্যক্তিৰ মনত প্ৰত্যক্ষ সংবেদন অনুভূতিৰ দ্বাৰা যি মনোযোগ গঢ় লৈ উঠে ,তাকে সংবেদনাত্মক মনোযোগ বোলে। দৃষ্টান্তস্বৰূপে, ভাল লগা বস্তু দেখিলে চোৱা, স্বাদৰ প্ৰতি মনোযোগ দিয়া আদি। ব্যক্তিয়ে নিজৰ ব্যক্তিগত ভাৱ,অনুভূতি বা পূৰ্বজ্ঞানৰ ফলশ্ৰুতিত আহৰণ কৰা অভিজ্ঞতাৰ দ্বাৰা পৰিচালিত হৈ যি মনোযোগ গঢ় লৈ উঠে, তেনে মনোযোগকে ভাৱাত্মক মনোযোগ বোলে। যেনে- ৰাতিপুৱা, গধূলি ভগৱানক উপাসনা কৰিবলৈ দিয়া মনোযোগ, কবিতাৰ সাৰমৰ্ম উপলব্ধি কৰিবলৈ দিয়া মনোযোগক ইত্যাদি ।               (৪) বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক মনোযোগ: যেতিয়া কিবা এটা বিষয়ৰ প্ৰতি দিয়া মনোযোগে বিষয়টোৰ বিভিন্ন দিশসমূহ চালি জাৰি বিশ্লেষণাত্মক দৃষ্টিভংগীৰে গুৰুত্ব প্রদান কৰে তেনে মনোযোগক বিশ্লেষণাত্মক মনোযোগ বোলা হয়। আনহাতে কেতিয়াবা কোনো গুণ নথকা বিভিন্ন বস্তু লগলাগি এনে এটা বস্তু গঢ় লৈ উঠে যে তাৰ প্রতি মনোযোগ আকর্ষিত হয় আৰু মনোযোগে সামগ্রিকভাৱে সমগ্র বস্তুটোৰ মনোযোগ আৰোপ কৰে। তেনে মনোযোগকে সংশ্লেষণাত্মক মনোযোগ বোলে।(৫) দৃঢ় মনোযোগ আৰু শিথিল মনোযোগ: কোনো বিষয়ৰ প্ৰতি একান্তভাৱে দিয়া মনোযোগক দৃঢ় মনোযোগ বোলে।যেনে-শিল্পীয়ে শিল্প সাধনাত দিয়া মনোযোগ, যোগীয়ে যোগ সাধনাত দিয়া মনোযোগ। আকৌ কোনো বিষয়ৰ প্ৰতি এৰা ধৰাকৈ দিয়া মনোযোগক শিথিল মনোযোগ বোলে।যেনে- সৰু ল’ৰা-ছোৱালীয়ে দিয়া মনোযোগ। ৬) তাত্ত্বিক আৰু ব্যৱহাৰিক মনোযোগ: কোনো বিষয়ত জ্ঞান লাভৰ উদ্দেশ্যে গভীৰভাৱে দিয়া মনোযোগকে তাত্ত্বিক মনোযোগ বোলা হয়। যেনে—শিক্ষকে পাঠদানৰ সময়ত শিক্ষাৰ্থীয়ে দিয়া মনোযোগ।আনহাতে,  কোনো বিষয়বস্তুৰ কাৰ্যকাৰী ফল লাভৰ উদ্দেশ্যে যি মনোযোগ দিয়া হয়, তেনে মনোযোগক ব্যৱহাৰিক বা কাৰ্যকাৰী মনোযোগ বোলা হয় ।যেনে-ব্যৱসায়ীয়ে ব্যৱসায়ত দিয়া মনোযোগ।  ৭)অভ্যাসজনিত মনোযোগ: অভ্যাসৰ বশৱৰ্তী হৈ কোনো বস্তুৰ প্ৰতি আপুনা-আপুনি যি মনোযোগ গঢ় লৈ উঠে ,তাকে অভ্যাসজনিত মনোযোগ বোলা হয়।যেনে-মাকে সন্তানৰ মাত বা কান্দোন শুনা।

  আগ্রহ :  আগ্রহৰ ইংৰাজী প্রতিশব্দ হৈছে 'Interest'। এই 'Interest' শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে। যাৰ অৰ্থ হৈছে - 'It Concerns' অর্থাৎ  কোনো এটা বস্তু বা বিষয়ৰ লগত জড়িত থকা বা সম্বন্ধ থকা অৱস্থাই আগ্রহ।" আগ্ৰহৰ সংজ্ঞা: ১) L.Crow আৰু A.Crow য়ে কৈছে যে আগ্রহ এনে এটা উদ্দেশ্যপ্রণোদিত শক্তি যি আমাক কোনো ব্যক্তি, বস্তু বা কাৰ্যৰ প্রতি মনোনিবেশ কৰিবলৈ বাধ্য কৰি তোলে।   ২) ষ্ট্ৰঙ (Strong)ৰ মতে, অর্থাৎ আগ্রহ এনে এক আচৰণ যি কোনো কাৰ্যক কেন্দ্ৰ কৰি সংঘটিত হয়।৩)ড্ৰেভাৰ (Drever)ৰ মতে, " আগ্রহ হ'ল এক গতিশীল মনোভাৱ। মনৰ ভাৱসমূহৰ গতিশীল দিশটোৱেই হৈছে আগ্রহ। ওপৰৰ সংজ্ঞা সমূহৰ পৰা ধাৰণা কৰি ক’ব পাৰি যে আগ্ৰহ হৈছে এনে এক মানসিক প্ৰৱণতা যাৰ লগত ব্যক্তিৰ আৱেগ-অনুভূতি, প্ৰবৃত্তি, অভিপ্ৰায় , প্ৰকৃতি,  প্ৰয়োজন, কামনা আদি বিভিন্ন দিশ জড়িত বা সংযোজিত হৈ থাকে। আগ্ৰহৰ বৈশিষ্ট্য: ১) আগ্ৰহ মানুহৰ বিভিন্ন আভ্যন্তৰীণ শক্তি আৰু অৱস্থা ।২)আগ্ৰহ এক বস্তুনিষ্ঠ মানসিক অৱস্থা ৩) আগ্ৰহ এক গতিশীল মানসিক প্ৰৱণতা ।৪) আগ্ৰহে ব্যক্তিক নিষ্ক্ৰিয় অৱস্থাৰ পৰা সক্ৰিয় কৰি তোলে।(৫) আগ্রহ প্ৰকাশ কৰিবৰ বাবে উদ্দীপকৰ প্ৰয়োজন হয়।৬)আগ্ৰহ পৰিমাপ কৰিব পৰা যায় ।৭)আগ্ৰহক উদ্দেশ্য প্ৰণোদিত শক্তি হিচাপে ব্যৱহাৰ কৰিব পাৰি ।আগ্ৰহ আৰু মনোযোগ নিবিড়ভাৱে সম্পৰ্কযুক্ত । ৮)  আগ্ৰহৰ লগত ইচ্ছা, অনুভূতি আৰু কৰ্ম প্ৰবৃত্তি জড়িত হৈ থাকে । ৯) আগ্ৰহ সক্ৰিয় আৰু নিষ্ক্ৰিয় দুয়ো ধৰণৰ হ’ব পাৰে। ১০) আগ্ৰহ গভীৰ আৰু উপৰুৱা দুয়ো ধৰণৰ হ’ব পাৰে।
আগ্ৰহ প্ৰকাৰ: ক) সহজাত বা সুপ্ত আগ্ৰহ আৰু আৰ্জিত আগ্ৰহ: ব্যক্তিৰ আভ্যন্তৰীণ উৎস বা জৈৱিক প্ৰয়োজনীয়তাৰ বাবে ব্যক্তিৰ মনোজগতত যি প্ৰৱণতা জাগি উঠে তাকে সহজাত বা সুপ্ত আগ্ৰহ বোলা হয় ।যেনে—সন্তানৰ প্ৰতি থকা মাতৃৰ আগ্ৰহ। আনহাতে,ব্যক্তিয়ে দৈনন্দিন জীৱনত লাভ কৰা বিভিন্ন জ্ঞান আৰু শিক্ষা আহৰণ ফলস্বৰূপে কোনো বস্তুৰ প্ৰতি মনোজগতত যি প্ৰৱণতা সৃষ্টি হয় তাকে আৰ্জিত আগ্ৰহ বোলা হয়। যেনে---এজন খেলুৱৈৰ খেলৰ প্ৰতি হোৱা আগ্ৰহ ।২) স্থায়ী আৰু অস্থায়ী আগ্ৰহ: ব্যক্তিৰ মনত কোনো বিষয় বা বস্তুৰ প্ৰতি দীৰ্ঘকাল বাবে গঢ় লৈ উঠা আগ্ৰহকে স্থায়ী আগ্ৰহ বোলা হয় । যেনে- মাতৃৰ সন্তানৰ প্ৰতি থকা আগ্ৰহ ।আনহাতে, ব্যক্তিৰ মনত কোনো বিষয় বা বস্তুৰ প্ৰতি কম সময়ৰ বাবে গঢ় লৈ উঠা আগ্ৰহকে অস্থায়ী আগ্ৰহ বোলা হয় ।যেনে- শিশুৰ পুতলা খেলৰ প্ৰতি থকা আগ্ৰহ ।
৩) ইতিবাচক আৰু নেতিবাচক আগ্ৰহ: যি আগ্ৰহে ব্যক্তিজনৰ লগতে সমাজৰ উপকাৰ সাধন, তেনে আগ্ৰহক ইতিবাচক আগ্ৰহ বোলে। যেনে- নিজৰ দেশৰ প্ৰতি থকা আগ্ৰহ । আনহাতে,  যি আগ্ৰহে ব্যক্তিজনৰ লগতে সমাজৰ অপকাৰ সাধন কৰে,তেনে আগ্ৰহক নেতিবাচক আগ্ৰহ বোলা হয় । যেনে- ৰাগীয়াল বস্তুৰ প্ৰতি থকা আগ্ৰহ ।৪)ব্যক্তিগত আৰু সামাজিক আগ্ৰহ: ব্যক্তিয়ে নিজৰ জীৱনৰ প্ৰয়োজন সাপেক্ষে কিছুমান বিশেষ বস্তু বা বিষয়ৰ প্ৰতি আগ্ৰহী হৈ উঠে,তেনে আগ্ৰহকে ব্যক্তিগত আগ্ৰহ বোলে। যেনে-কাপোৰৰ প্ৰতি আগ্ৰহী হোৱা । আনহাতে,  ব্যক্তিৰ যিবোৰ আগ্ৰহে সামাজিক উন্নয়নত সহায় কৰি নতুন মূল্যবোধৰ সৃষ্টিত সহায় কৰে, তেনে আগ্ৰহকে সামাজিক আগ্ৰহ বোলে ।যেনে-বিজ্ঞানীৰ বৈজ্ঞানিক গৱেষণাৰ প্ৰতি থকা আগ্ৰহ ।      ৫) অনুমিত আগ্ৰহ  :: যেতিয়া কোনো ব্যক্তিব প্রতি কোনো এক বিশেষ সময়ত বিশেষ অনুৰাগৰ জন্ম হয় আৰু সেই মুহূর্ততে ব্যক্তিজনক সকলো বাধা-বিঘিনি নেওচি হ'লেও লগ পাবলৈ প্রবল ইচ্ছা হয় তাকে অনুমিত আগ্রহ বোলা হয়। এনে আগ্রহ সম্পূর্ণ আভ্যন্তৰীণ কাৰণত সৃষ্টি হয়।(৮) অভিৰুচিত আগ্রহ: কোনো কামৰ প্ৰতি আগ্ৰহী নহ'লেও কাৰোবাৰ বুজনিত সেই কাম বা বিষয়ৰ প্ৰয়োজনীয়তা কেতিয়াবা কোনো উপলব্ধি কৰি তাৰ প্ৰতি দিয়া মনোযোগক অভিৰুচিত আগ্রহ রোলা হয়। এনে অভিৰুচিত আগ্রহে শিক্ষার্থীসকলক বিভিন্ন বিষয়ৰ জ্ঞান আহৰণত সহায় কৰে।
  

No comments:

Post a Comment

Post Top Ad

Your Ad Spot