প্ৰতিভাশালী শিশু - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Thursday, November 30, 2023

প্ৰতিভাশালী শিশু

প্ৰতিভাশালী শিশু : যিসকল শিশুৱে কিছুমান বিশেষ বিশেষ ক্ষমতাৰ অধিকাৰী হৈ সেই জাতীয় কাম-কাজত অসাধাৰণ আৰু চমকপ্ৰদ ব্যুৎপত্তি প্ৰদৰ্শন কৰে, তেনে শিশুকে প্ৰতিভাশালী শিশু বোলে ।এনেধৰণৰ শিশুৰ বুদ্ধিমাত্ৰা উচ্চ পৰ্যায়ৰ হোৱাৰ উপৰিও তেওঁলোকে শৈক্ষিক কৃতিত্ব, সামাজিক কৌশল আয়ত্বকৰণ, নৈতিক বিকাশ, দৈহিক আৰু মানসিক স্বাস্থ্য আদি দিশবোৰত বিশেষ সফলতা প্ৰদৰ্শন কৰিব পাৰে ।
সংজ্ঞা: ১) P.A.Witty ৰ মতে, “ প্ৰতিভাশালী শিশু হ’ল সেইসকল যি কিছুমান গুৰুত্বপূৰ্ণ বা মূল্যৱান কাম-কাজত সদায়েই চমকপ্ৰদ বা তাৎপৰ্যপূৰ্ণ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে।” ২) মাৰলান্দ হাভিঘাষ্টৰ মতে, “প্ৰতিভাসম্পন্ন শিশু হ’ল সেইজন যিজনে কোনো এক প্ৰয়োজনীয় বা মূল্যৱান কৰ্মত সংগতৰূপে বা দৃঢ়তাৰে চমকপ্ৰদভাৱে পাৰদৰ্শিতা দেখুৱায়।“ ৩) মাৰলান্দ ৰিপৰ্ট মতে,”প্ৰতিভাশালী শিশু হ’ল সেইসকলহে যি বিভিন্ন ক্ষেত্ৰ যেনে সাধাৰণ বৌদ্ধিক ক্ষমতা, বিশেষ শৈক্ষিক যোগ্যতা,  সৃজনাত্মক বা উৎপাদানমূলক চিন্তন নেতৃত্ব দিয়া ক্ষমতা, কাৰ্যাত্মক কলা আৰু মনাত্মক ক্ৰিয়াসমূহত অপ্ৰতিৰোধ্য ক্ষমতা বা সম্ভাৱনীয়তা দেখুওৱায়।“
প্ৰতিভাশালী শিশুৰ বৈশিষ্ট্যসমূহ: ১) এওঁলোকৰ বুদ্ধিমাত্ৰা উচ্চ পৰ্যায়ৰ ।২) এওঁলোক সুস্বাস্থ্যৰ অধিকাৰী ।৩)এওঁলোক সামাজিক সমাযোজনত পাৰ্গত ৪)এওঁলোক দূৰদৃষ্টিসম্পন্ন, উচ্চাকাংক্ষী, আত্মবিশ্বাসী আৰু কঠোৰ পৰিশ্ৰমী।৫)এওঁলোক উন্নত শৈক্ষিক সফলতাৰ অধিকাৰী ।৬) এওঁলোক উচ্চ পৰ্যায়ৰ মানসিক ক্ষমতাসম্পন্ন ।৭)এওঁলোক আৱেগিকভাৱে পৰিপক্ক বা সু-নিয়ন্ত্ৰিত আৰু পৈণত। ৮) এনে শিশুৱে সমবয়সৰ শিশুতকৈ ওপৰৰ শিশুৰ লগত বন্ধুত্ব গঢ়াত আগ্ৰহী ।৯)প্ৰতিভাশালী শিশুৰ জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়া উন্নত মানদণ্ডৰ ।১০) এনে শিশুৰ অংগ সঞ্চালনৰ ক্ষমতা উন্নত মানদণ্ডৰ হোৱাৰ লগতে তেওঁলোকৰ সংবেদনশীলতাও উন্নত হয়।১২ এওঁলোক প্ৰৱল অনুসন্ধিৎসু হোৱাৰ লগতে বিমূৰ্ত চিন্তা কৰিব পৰাৰ অধিকাৰী হয়।
প্ৰতিভাশালী শিশুৰ বাবে ব্যৱস্থা: ১) সুকীয়া বিদ্যালয়ৰ ব্যৱস্থা  : প্ৰতিভাশালী শিশুসকলৰ বাবে সম্পূৰ্ণ সুকীয়া বিদ্যালয় স্থাপন কৰি বিদ্যালয়ত কিছুমান সা-সুবিধা আৰু অতিৰিক্ত মনোযোগ প্ৰদান কৰি প্ৰতিভাশালী শিশুসকলৰ বিকাশৰ গতি সঠিক দিশেৰে আগবঢ়াই লৈ যাব পাৰে ।২) সুকীয়া শ্ৰেণীকোঠাৰ ব্যৱস্থা: সাধাৰণ বিদ্যালয়তে প্ৰতিভাশালী শিক্ষাৰ্থীসকলৰ বাবে সুকীয়া শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰি তেওঁলোকৰ প্ৰতিভাৰ লগত সামঞ্জস্য থকা অতিৰিক্ত সা-সুবিধা বা উপাদান লাভ কৰিব পৰা ব্যৱস্থা কৰি তেওঁলোকৰ বিকাশৰ গতি সঠিক দিশেৰে আগবঢ়াই নিব পাৰি । ৩)ত্বৰান্বিতকৰণ:প্ৰতিভাশালী শিক্ষাৰ্থীসকলৰ শৈক্ষিক সময়সূচীক বিভিন্ন প্ৰকাৰে ত্বৰান্বিতকৰণ কৰি তেওঁলোকৰ বিকাশৰ গতিক আগবঢ়াই নিব পাৰি ।ইয়াৰ বাবে শিশুক কম বয়সতে আনুষ্ঠানিক শিক্ষা দিয়া, একোটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ দ্বৈত প্ৰদোন্নতি দিয়া,  শৈক্ষিক বছৰ শেষ নৌহওঁতেই হওঁতেই ওপৰত শ্ৰেণীলৈ উৰ্ত্তীৰ্ণ কৰাই সংক্ষিপ্ত শ্ৰেণী ব্যৱস্থাৰ পৰিকল্পনা কৰা আদি ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগে । ঘ)পাঠ্যক্ৰমৰ সমৃদ্ধকৰণ  :প্ৰতিভাশালী শিক্ষাৰ্থীসকলৰ পাঠ্যক্ৰমত কিছুমান অতিৰিক্ত আৰু উন্নত মানৰ উপাদান সন্নিবিষ্ট কৰি কিছুমান বিশেষ সা-সুবিধা আৰু মনোযোগ প্ৰদান কৰিব পাৰি ।ঙ) বিশেষজ্ঞ শিক্ষকৰ ব্যৱস্থা  : প্ৰতিভাশালী শিশু সকলৰবাবে বিশেষ বিশেষ বিশেষজ্ঞ শিক্ষক নিযুক্তি দি সেই বিষয়ৰ বিশিষ্ট জ্ঞান বিশ্লেষণাত্মকভাৱে অধ্যয়ন কৰিবলৈ উৎসাহিত কৰিব লাগে ।চ)বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা দিয়া: বিভিন্ন প্ৰশিক্ষণ শিবিৰ, আলোচনা চক্ৰ, তৰ্ক সভা আদি অনুষ্ঠিত কৰি সেইবোৰলৈ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিভাৱান শিশুৰ মাজত সহযোগিতা আৰু প্ৰতিযোগিতাৰ পৰিৱেশ গঢ়ি তুলিব লাগে ।ছ) সামাজিক ক্ৰিয়া আঁচনিত অংশগ্ৰহণ: প্ৰতিভাশালী শিক্ষাৰ্থীৰ মনত সামাজিক চেতনা আৰু মনোভাৱ গঢ়ি তুলিবৰ বাবে সামাজিক ক্ৰিয়া আঁচনি নতুবা উৎসৱৰ পৰ্ব আদিত সক্ৰিয় অংশ গ্ৰহণৰ সুবিধা দিব লাগে। জ)উন্নত মানদণ্ডৰ শিক্ষানুষ্ঠান ব্যৱস্থা: শিক্ষানুষ্ঠানত উন্নত পুথিভঁৰাল, পৰীক্ষাগাৰ আৰু শিক্ষা পৰিৱেশ গঢ়ি তুলি জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে বিভিন্ন পৰীক্ষণীয় বিষয়ৰ পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে ।ঝ) বিত্তীয় তথা অন্যান্য সা-সুবিধা প্ৰদান: আৰ্থিক দুৰ্দশাগ্ৰস্ত অথচ প্ৰতিভাসম্পন্ন শিশুক প্ৰতিভা বিকাশৰ বাবে লাগতিয়াল কিতাপ-পত্ৰ, অন্যান্য সা-সুবিধাৰ লগতে উপযুক্ত বিত্তীয় সাহাৰ্য্য প্ৰদান কৰি প্ৰেৰণা যোগোৱাৰ ব্যৱস্থা কৰিব লাগে ঞ) প্ৰযুক্তিবিদ্যাৰ জ্ঞান আহৰণৰ সুবিধা প্ৰদান: প্ৰতিভাশালী শিশুসকলক কম্পিউটাৰ, ইণ্টাৰনেট, পুথিভঁৰাল আদি সকলো সুবিধা দিব লাগে । 

No comments:

Post a Comment

Post Top Ad

Your Ad Spot