শিকণ: ব্যক্তিয়ে নতুন পৰিৱেশৰ লগত নিজকে খাপখুৱাই ল’বলৈ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত নতুনকৈ অভিজ্ঞতা আহৰণ কৰা প্ৰক্ৰিয়াকে শিকণ বোলে । সংজ্ঞা: গেটচৰ মতে,“অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধনেই শিকণ।“ L.Crow আৰু A.Crow ৰ ভাষাত, “অভ্যাস, জ্ঞান আৰু মনোভাৱ আদিৰ আয়ত্বকৰণেই শিকণ।” SKINNERৰ মতে,”উন্নত আচৰণ গ্ৰহণ কৰা প্ৰণালীয়েই হ’ল শিকণ।” শিকাৰ প্ৰকৃতি :১)শিকনে ব্যক্তিৰ আচৰণৰ স্থায়ী তথা গুণগত ৰূপান্তৰ ঘটায়। ২)শিকণ হ’ল সমাযোজনৰ প্ৰক্ৰিয়া ।৩)শিকণ হ’ল জীৱনযোৰা প্ৰক্ৰিয়া।৪)শিকণ সাৰ্বজনীন প্ৰক্ৰিয়া ৫)শিকণ অনুশীলন আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল ।৬)শিকণ উদ্দেশ্যপ্ৰণোদিত প্ৰক্ৰিয়া ৭)শিকণ হ’ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন কৰা প্ৰক্ৰিয়া।৮)শিকণ হ’ল পূৰ্বাভিজ্ঞতাক কামত লগোৱা কাৰ্য বিশেষ ।
শিকানৰ নীতি : ক) প্ৰস্তুতি নীতি: এই নীতি অনুসৰি কোনো লোকে শাৰিৰীক আৰু মানসিকভাৱে শিকিবলৈ প্ৰস্তুত হৈ থাকিলে অনায়াসে শিক্ষা আহৰণ কৰিব পাৰে আৰু আনন্দ লাভ কৰে । খ)ফলাফল নীতি : এই নীতি অনুসৰি শিকনৰ পৰা লাভ কৰা ফলে শিক্ষাৰ্থীক সন্তুষ্টি প্ৰদান কৰিলে শিকন শক্তি বৃদ্ধি পায় ।আনহাতে, শিকনৰ ফল যদি শিক্ষাৰ্থীৰ বাবে বিৰক্তিকৰ হয়, তেন্তে তেনে শিক্ষাৰ শিকন শক্তি হ্ৰাস পায় ।এই নীতি অনুসৰি শিকনৰ শক্তি বা হ্ৰাসৰ তাৎপৰ্য নিৰ্ভৰ কৰে অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষণীয় বিষয়বস্তু আৰু মানসিক প্ৰক্ৰিয়াৰ ওপৰত ।এই নীতিক পুৰস্কাৰ নীতি আৰু শাস্তি নীতি এই দুটা ভাগ ভাগ কৰিব পাৰি। পুৰস্কাৰ নীতি অনুসৰি কোনো শিক্ষণৰ বাবে যদি পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা কৰা হয়, তেন্তে শিক্ষণ অধিক ফলপ্ৰসূ নাইবা সোনকালে কাৰ্যকাৰী হোৱা পৰিলক্ষিত হয়।আনহাতে, শাস্তি নীতি অনুসৰি কোনো কু-শিক্ষণৰ বাবে যদি শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হয়, তেন্তে তেনে কু-শিক্ষণৰ পৰা শিক্ষাৰ্থী সদায় আঁতৰি থকাৰ উপৰিও কোনো কু-অভ্যাস আঁতৰ কৰাত সহায়ক হয়। গ) অনুশীলন নীতি : এই নীতি অনুসৰি কোনো বিশেষ অৱস্থাত গঢ়ি উঠা উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ বা সম্বন্ধক পুনঃপুনঃ অনুশীলন কৰিলে সেই সংযোগ আৰু অধিক দৃঢ় হয় আৰু শিক্ষণে স্থায়ী ৰূপ পায়।ইয়াক দুটা ভাগত ভাগ কৰা হয় সেয়া হ’ল –(i) ব্যৱহাৰ নীতি আৰু (ii) অব্যৱহাৰ নীতি । ব্যৱহাৰ নীতি অনুসৰি কোনো বিষয়ে শিকাৰ পাছত পুনঃপুনঃ অনুশীলন কৰি থাকিলে সেই শিকণ স্থায়ী হ্য়। অব্যৱহাৰ নীতি অনুসৰি কোনো বিষয়ে শিকাৰ পাছত অনুশীলন কৰি নাথাকিলে শিকাৰ বিষয়বোৰ মনৰপৰা মচখাই যায় আৰু পাহৰণিৰ গৰ্ভত পৰে।
সংযোগবাদ তত্ত্ব: এই তত্ত্বটো আমেৰিকাৰ মনোবিজ্ঞানী এডৱাৰ্ড লী থৰ্ণডাইকে ১৯৩৩চনত উদ্ভাৱন কৰিছিল ।এই তত্ত্বটোক R-Sঅৰ্থাৎ চুক্তিতত্বৰ সূত্ৰ বুলিও কোৱা হয় ।তেখেতে মেকুৰী, নিগনি আদি জীৱ-জন্তুক লৈ বিভিন্ন গৱেষণামূলক পৰীক্ষা-নিৰীক্ষা সম্পাদন কৰি এই তত্ত্বটো আগবঢ়াইছিল।এই তত্ত্বৰ অনুসৰি জীৱৰ জীৱনটোৱেই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সমষ্টি ।যেতিয়াই উদ্দীপকৰ আৱেদন আৰু তাৰ প্ৰতিক্ৰিয়াৰ মাজত এক নিৰ্ভুল যোগসূত্ৰ স্থাপন হয়, তেতিয়াই জীৱই এক নতুন কৌশল আয়ত্ব কৰে ।সেয়াই হ’ল শিকণ।অৰ্থাৎ শিকণ হ’ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত স্থাপন হোৱা এক নিৰ্ভুল সংযোগৰ পৰিণতি ।এই পদ্ধতি অনুসৰি জীৱই ক্ৰমান্বয়ে ব্যৰ্থ প্ৰচেষ্টাৰ মাজেদি অতিক্ৰম কৰি কৰি এটা ক্ষণত এক শুদ্ধ পৰ্যায়ত উপস্থিত হয় আৰু উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সম্বন্ধ স্থাপন হয় ।গতিকে দেখা যায় যে জীৱই পুনঃ পুনঃ প্ৰচেষ্টা আৰু ভুল সংশোধন দ্বাৰাহে কোনো কামৰ দক্ষতা আয়ত্ব কৰিবলৈ সক্ষম হয় ।সেয়ে এই পদ্ধতিক প্ৰচেষ্টা আৰু ভুল পদ্ধতি বুলিও কোৱা হয় ।এই তত্ত্বটোক “পুনৰ প্ৰতিক্ৰিয়াকৰণৰ বাবে প্ৰয়োজনীয় শক্তিৰ ইন্ধন”ৰ তত্ত্ব বুলিও অভিহিত কৰা হয় ।কাৰণ, উদ্দীপকৰ প্ৰতি জীৱই কৰা প্ৰতিক্ৰিয়াৰ পৰিণতি সুখদায়ক হৈ উঠিলে তেনে কাৰ্যৰ পুনৰাবৃত্তি কৰি সংযোগক দৃঢ়তৰ কৰি তোলা হয়।ইয়াৰ ফলত শিকণ অধিক ফলপ্ৰসূ হয়।শৈক্ষিক গুৰুত্ব : ১)এই তত্ত্ব অনুসৰি বাৰে বাৰে কৰা প্ৰচেষ্টাৰ ফলত ভুলৰ পৰিমাণ ক্ৰমান্বয়ে ব্যক্তিৰ বা শিক্ষাৰ্থীৰ আচৰণৰ পৰা নাইকীয়া হৈ উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত শুদ্ধ সংযোগ স্থাপন হয়।২) মানুহে দৈনন্দিন জীৱনত সম্মুখীন হোৱা সমস্যা তৎক্ষণাত সমাধান কৰিবলৈ এই তত্ত্বক বহুলভাৱে প্ৰয়োগ কৰা দেখা যায়।৩)এই তত্ত্ব শিশুৰ শিক্ষাৰ ক্ষেত্ৰত বেছি অপৰিহাৰ্য ।কাৰণ শিশুৰ মানসিক অপৰিপক্কতাৰ কাৰণে শিশুৱে যান্ত্ৰিকভাৱেহে সমস্যা সমাধান কৰে ।৪) এই তত্ত্ব অনুসৰি শিশুৱে মুক্ত প্ৰচেষ্টাৰ যোগেদি নিজৰ ভুল-ক্ৰুটিবোৰ সংশোধন ঘটাই প্ৰয়োজনীয় অভিজ্ঞতা আৰু দক্ষতা আয়ত্ব কৰিবলৈ সক্ষম হয় ।
সামগ্ৰীকতাবাদ : “সামগ্ৰীকতাবাদ” শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ’ল GESTALTISM .GESTALT শব্দ জাৰ্মানী ভাষাৰ যাৰ অৰ্থ হ’ল “Whole"(সমগ্ৰ) বা Total বা Configuration Pattern (সামগ্ৰিক আকৃতিৰ) ।বিখ্যাত জাৰ্মান মনোবিজ্ঞানী উলফ্ গেঙ্গ ক’হলাৰ kurt Kofkaআৰু মেক্স ৱাৰ্থিমাৰে ১৯১২ চনত এই তত্ত্বটো উদ্ভাৱন কৰিছিল ।এই তত্ত্বৰ পিতৃ বুলি Max Wertheimerক কোৱা হয় ।এই তত্ত্বৰ মতে কোনো সমস্যা সমাধান হ’বলৈ হ’লে ব্যক্তিয়ে ইয়াৰ ভিন ভিন অংশৰ মাজত থকা পাৰস্পৰিক সম্বন্ধক সামগ্ৰিকভাৱে নিৰীক্ষণ কৰিব লাগে আৰু অংশসমূহক এক গোট কৰি চাই সামগ্ৰিক ৰূপত সমাধান কৰিব লাগে ।ফলস্বৰূপে, সমস্যাৰ দ্ৰুত সমাধান আৰু তাৰ ফলত শিকণ সম্ভৱ হৈ উঠে।
সামগ্ৰীকতাবাদৰ মূল কথা বা ধাৰণা : ক) সমগ্ৰীকতাবাদীসকলৰ মতে ব্যক্তিয়ে যিকোনো পৰিস্থিতিৰ সম্মুখীন হওঁতে তেওঁ পৰিস্থিতিক সামগ্ৰিকভাৱে প্ৰত্যক্ষ কৰে ।খ)এওঁলোকৰ মতে উদ্দীপকৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰোঁতে মনৰ এক গতিশীল সংগঠন ক্ৰিয়া নিহিত হৈ থাকে।গ) এওঁলোক মানৱ আচৰণৰ গুণগত পৰিমাপনৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছিল ।ঘ) এওঁলোকৰ মতে পৰিস্থিতিৰ সামগ্ৰিক ৰূপ উপলব্ধি কৰাৰ ফলতহে মানুহৰ ব্যৱহাৰ প্ৰদৰ্শিত হয় ।ঙ)এওঁলোকৰ মতে অন্তদৰ্শনৰ সহায়ত অংশবোৰ নিৰীক্ষণ কৰি মানসিক সংগঠন কৰি উঠিব পাৰিলেহে সমস্যা সমাধান, অভিজ্ঞতা আৰু শিক্ষা আহৰণ সম্ভৱ হয় ।চ) এওঁলোকৰ মতে কোনো এক পৰিৱেশত ব্যক্তিয়ে কৰা নিৰীক্ষণ অনুসৰিহে তেওঁৰ বাবে অৰ্থযুক্ত হৈ উঠিব পাৰে আৰু সেইমতেই তেওঁ আচৰণ প্ৰদৰ্শন কৰিব পাৰে ।
৩)অনুবন্ধনবাদ তত্ত্ব: ৰাছিয়ান মনোবিজ্ঞানী আইভান পেট্ৰ’ভিটচ পেভলভে এই তত্ত্বটো উদ্ভাৱন কৰে ।এই তত্ত্বৰ মতে স্বাভাৱিক উদ্দীপকৰ প্ৰতি প্ৰাণীয়ে যি স্বাভাৱিক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে তাৰ যোগেদি শিক্ষণ বা শিক্ষা আহৰণ নহয় ।কিন্তু ব্যক্তিৰ স্বাভাৱিক প্ৰতিক্ৰিয়া যদি আন কোনো এক কৃত্ৰিম উদ্দীপকৰ লগত সংযুক্ত বা অনুবন্ধিত হয় ,তেন্তে শিকন সম্ভৱ হয়। আইভান অনুবন্ধনবাদ তত্ত্বক মৌলিক বা পৰম্পৰাগত অনুবন্ধন বুলি কোৱা হয় ।
শিকণ পদ্ধতি: ১)প্ৰচেষ্টা আৰু ভুল পদ্ধতি: এই পদ্ধতি অনুসৰি বাৰে বাৰে কৰা প্ৰচেষ্টাৰ আৰু ভুলৰ মাজেৰেহে ব্যক্তিয়ে শিক্ষা লাভ কৰে ।এই পদ্ধতি অনুসৰি বাৰে বাৰে প্ৰচেষ্টা কৰি থাকিলে বিফল হোৱা প্ৰচেষ্টাসমূহ এটা সময়ত নাইকিয়া হৈ যায় আৰু অৱশেষত শুদ্ধ পথ বিচাৰি পায় ।অৰ্থাৎ বাৰে বাৰে চলোৱা প্ৰচেষ্টাৰ ফলত ভুলৰ পৰিমাণ কমি উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত শুদ্ধ সংযোগ স্থাপন হয়।প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ বৈশিষ্ট্য: ১) এই পদ্ধতিত প্ৰথম অৱস্থাত ব্যৰ্থ চেষ্টা, সময়, আৰু ভুলৰ পৰিমাণ বেছি হয়।২)এই পদ্ধতিত প্ৰচেষ্টাৰ প্ৰক্ৰিয়া বাঢ়ি যোৱাৰ লগে লগে ভুলৰ পৰিমাণ কমি আহে ।৩)এই পদ্ধতি যান্ত্ৰিক আৰু উদ্দেশ্যহীন ।৪)ব্যক্তিৰ আচৰণৰ ক্ৰমোন্নতি এই পদ্ধতিত পৰিলক্ষিত হয় । ইয়াৰ শৈক্ষিক তাৎপৰ্য: ১) এই পদ্ধতিত ব্যক্তিয়ে অবিৰতভাৱে কৰা প্ৰচেষ্টাই শুদ্ধ পথত উপনীত হোৱাত সহায় কৰে ।২)এই পদ্ধতিত কোনো ব্যক্তিয়ে কৰা পুনঃপুনঃ প্ৰচেষ্টা আৰু ভুল সংশোধন দ্বাৰা কোনো কামৰ দক্ষতা আয়ত্ব কৰিবলৈ সক্ষম হয় ।৩) এই পদ্ধতিৰ দ্বাৰা শিশুক অভিজ্ঞতা আৰু দক্ষতা লাভ কৰোৱা সহজ । কাৰণ শিশুৰ মানসিক অপৰিপক্কতা।৪)এই পদ্ধতিত উচ্চ বৌদ্ধিক বা মানসিক ক্ষমতা প্ৰয়োজন নহয় । ই সাধাৰণ আৰু সৰল শিকণ পদ্ধতি ।২)অন্তদৰ্শন পদ্ধতি: কোনো ব্যক্তিয়ে কোনো সমস্যা ভিন ভিন অংশৰ মাজত থকা পাৰস্পৰিক সম্বন্ধসমূহ নিৰীক্ষণ যোগে অংশসমূহক এক গোট কৰি চাই সামগ্ৰিক ৰূপত সমস্যা সমাধান কৰা পদ্ধতিকে অন্তদৰ্শন পদ্ধতি বোলে ।ইয়াক অন্তলোকন, অন্তদৃষ্টি পদ্ধতি আদি নামেৰেও জনা যায় ।এই পদ্ধতিক উলফ্ গেঙ্গ ক’হলাৰ উদ্ভাৱন কৰিছিল ।তেওঁ চুলতান নামৰ এটা চিম্পাঞ্জীৰ ওপৰত ১৯১৩—১৯১৭ চনলৈকে দক্ষিণ আফ্ৰিকাৰ টানাৰিফ দ্বীপত পৰীক্ষা চলাই উদ্ভাৱন কৰিছিল ।
অন্তদৰ্শন পদ্ধতিৰ বৈশিষ্ট্য : ১) সমস্যাৰ বিভিন্ন অংশ পৰ্যবেক্ষণ কৰা হয় ।২)যান্ত্ৰিক প্ৰচেষ্টা পৰিত্যাগ কৰা ।৩)সমস্যাৰ বিভিন্ন অংশৰ ভিতৰত সংযোগ সাধন কৰা ৪) আকস্মিকভাৱে সমস্যা সমাধান কৰি উপায় উদ্ভাৱন কৰা ।৪)এই পদ্ধতিয়ে অংশতকৈ সামগ্ৰিক বা সামগ্ৰিকতাত ওপৰত বেছি গুৰুত্ব দিয়ে ।
ইয়াৰ শৈক্ষিক তাৎপৰ্য: ক)এই পদ্ধতিয়ে শিক্ষাৰ্থীৰ চিন্তা, যুক্তি আৰু নিৰীক্ষণ ক্ষমতাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে ।খ)এই পদ্ধতিৰ জৰিয়তে শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাবোৰ বিকাশ কৰিব পাৰি ।গ)এই পদ্ধতিয়ে সমস্যাৰ দ্ৰুত আৰু বিজ্ঞানসন্মত সমাধানত সহায় কৰে ।ঘ)এই পদ্ধতিয়ে শিক্ষাৰ্থীক আত্মনিৰ্ভৰশীল কৰে আৰু নিজৰ কাৰ্য পৰিচালকৰূপে গঢ়ি তোলে ।ঙ)এই পদ্ধতি সমগ্ৰৰ পৰা অংশ বা খণ্ডলৈ অগ্ৰসৰ হোৱা নীতিৰ ওপৰত প্ৰতিষ্ঠিত ।
৩) অনুকৰণ পদ্ধতি: আনৰ কাম বা আচৰণৰ ,আনৰ ধৰণ-কৰণ বা প্ৰকৃতিক আন ব্যক্তিয়ে নকল কৰিবলৈ চেষ্টা কৰা প্ৰক্ৰিয়াকে অনুকৰণ বুলি কোৱা হয় ।জীৱই জীৱন ধাৰণৰ বাবে আৱশ্যকীয় বহুতো কৌশল এই পদ্ধতিৰে শিকে ।মনোবিদ ছাৰ পাৰ্ছী নানে ব্যক্তিৰ অনুকৰণৰ প্ৰৱণতাক মিমেচিচ নামেৰে নামকৰণ কৰিছে।এই Mimesis শব্দটো গ্ৰীক ভাষাৰ শব্দ যাৰ অৰ্থ হৈছে—সজ্ঞান আৰু অজ্ঞান অনুকৰণ ।অৰ্থাৎ যাৰ দ্বাৰা ব্যক্তিয়ে সজ্ঞানে বা অজ্ঞানে আনৰ কৰ্মপন্হা, অনুভূতি, চিন্তা আদি গ্ৰহণ কৰে, তাকে মনোবিজ্ঞানৰ ভাষাত মিমেচিচ বোলা হয় ।মনোবিদ ড্ৰেভাৰে অনুকৰণক দুটা ভাগত ভাগ কৰিছে । সেয়া হ’ল --- ক) সজ্ঞান বা ইচ্ছাকৃত বা সুবিবেচিত অনুকৰণ : জীৱই কোনো এক উদ্দেশ্য লৈ যুক্তি আৰু বিচাৰ বিবেচনাৰে আনৰ আচৰণ অনুকৰণ কৰে, তাকেই সজ্ঞান অনুকৰণ বোলে ।উদাহৰণস্বৰূপে, শিক্ষকে লিখাৰ দৰেই শিক্ষাৰ্থীয়ে নিজৰ ফলিত বা বহীত লিখা ।খ) অজ্ঞান বা অবিবেচিত বা স্বতঃস্ফূৰ্ত অনুকৰণ : জীৱই বা শিশুৱে যেতিয়া অজানিতে বা অনিচ্ছাকৃতভাৱে আনৰ ক্ৰিয়া আচৰণ অনুকৰণ কৰে, তেতিয়া তাকেই অজ্ঞান বা অবিবেচিত অনুকৰণ বোলা হয় । যেনে –বিদ্যালয় চুটিৰ পাছত এটা শিশু দৌৰি গ’লে লগৰ শিশুবোৰেও কোনো উদ্দেশ্য নোহোৱাকৈ দৌৰে। ই এক অজ্ঞান অনুকৰণ ।
অনুকৰণৰ বৈশিষ্ট্য : ১) অনুকৰণ প্ৰৱণতা জন্মৰ পৰাই আৰম্ভ হয়।২) অনুকৰণৰ জৰিয়তে শিক্ষণ কাৰ্য সম্পন্ন কৰিব পাৰি ।৩) অনুকৰণ এক সহজাত বা জন্মগত প্ৰৱণতা ।৪) অনুকৰণ সজ্ঞানে আৰু অজ্ঞানে দুয়োপ্ৰকাৰে ঘটিব পাৰে। ৫) শিশুকালত অনুকৰণে অধিক প্ৰাধান্য লাভ কৰে ।৬) অনুকৰণ এক জীৱন জোৰা প্ৰক্ৰিয়া ।
No comments:
Post a Comment