ব্যক্তিত্ব - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Thursday, November 30, 2023

ব্যক্তিত্ব

১) ব্যক্তিত্বৰ সংজ্ঞা: ‘ব্যক্তিত্ব’ৰ ইংৰাজী প্ৰতিশব্দ হ’ল personality' ,যিটো লেটিন ভাষাৰ ‘persona' শব্দৰ পৰা সৃষ্টি হৈছে । ইয়াৰ অৰ্থ হ’ল “player’s  Marsk অৰ্থাৎ ‘ ভাৱৰীয়াৰ মুখা’। ৰোমান ভাৱৰীয়াসকলে নাটকত ভাও দিওঁতে বিভিন্ন চৰিত্ৰত বিভিন্ন ধৰণৰ মুখা ব্যৱহাৰ কৰিছিল আৰু সেই মুখা অনুসৰিয়েই নায়ক আৰু কল্পনাই নায়কৰ পৰিচয় ঘটিছিল ।কালক্ৰমত নাটকৰ উপৰিও বাস্তৱ জীৱনত ব্যক্তিৰ ভাৱ-ভংগি, আচৰণ, প্ৰতিক্ৰিয়া,  গুণাগুণ আৰু বিভিন্ন বৈশিষ্ট্যৰ সামগ্ৰী প্ৰকৃতি লক্ষ্য কৰি আৰু বিচাৰ কৰি তাক প্ৰকাশৰ বাবে ‘persona'ৰপৰা উৎপত্তি হোৱা ‘personality' শব্দটো ব্যৱহাৰ কৰা হয় ।সেয়ে এই দৃষ্টিভংগীৰ পৰা ক’ব পাৰি যে এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ আগত যি ৰূপত ধৰা দিয়ে, সেই ৰূপটোৱেই হ’ল ব্যক্তিজনৰ ব্যক্তিত্ব ।সংজ্ঞা: ১) ম’ৰ্জন প্ৰিণ্সৰ মতে, “ব্যক্তিত্ব হৈছে ব্যক্তিৰ অন্তৰ্নিহিত জৈৱিক প্ৰৱণতা ,তাড়না,ক্ষুধা আৰু প্ৰবৃত্তি আদি আৰু অভিজ্ঞতাৰ দ্বাৰা আয়ত্ব কৰা প্ৰৱণতাবোৰৰ সমষ্টি ।২) এ.এ.  ৰ’বেকৰ মতে, “ব্যক্তিত্ব হৈছে এজন ব্যক্তিৰ আটাইবিলাক প্ৰজ্ঞানাত্মক,  ভাৱাত্মক,ক্ৰিয়াত্মক আৰু দৈহিক বৈশিষ্ট্যসমূহৰ এনে এক সংহতিত সংগঠন যি আনৰ আগত অতি স্পষ্ট আকৃতিত প্ৰকাশ পায়।”৩)মনোবিদ মাৰ্টিন নিউমেয়াৰ মতে, “এজন ব্যক্তিক যিবিলাক বিশেষ গুণ বা লক্ষণে বিভূষিত কৰে,সেই গুণ বা লক্ষণৰ সমষ্টিয়ে ব্যক্তিত্ব।”—ওপৰৰ সংজ্ঞাসমূহৰ ওপৰত ভিত্তি কৰি স্পষ্টভাৱে ক’ব পাৰি যে ব্যক্তিত্ব হৈছে এজন মানুহৰ দৈহিক, মানসিক বৈশিষ্ট্য, আশা-আকাংক্ষা, সহজাত প্ৰবৃত্তি, আচৰণ জীৱন দৰ্শন, হেঁপাহ, প্ৰেৰণা, অভিজ্ঞতা, ৰুচি-অভিৰুচন,অনুভূতি, প্ৰৱণতা,দোষ-গুণ, বৌদ্ধিক সামৰ্থ্য, অভ্যাস আদি সকলোৰে এক জটিল সংমিশ্ৰণ ।ইয়াৰ উপৰি ব্যক্তিৰ অৱস্থা আৰু পৰিৱেশৰ লগত সংগতি স্থাপন কৰাৰ যি অভিনৱ ক্ষমতা আৰু প্ৰচেষ্টা সেয়ে  ব্যক্তিত্ব ।
ব্যক্তিত্বৰ বৈশিষ্ট্য: ১) ব্যক্তিত্ব হৈছে মানুহৰ গুণাগুণসমূহৰ যৌগিক আৰু সুসংগঠিত সমষ্টি ।২) ব্যক্তিত্বই মানুহৰ দেহ-মানসিক গুণৰাজিৰ বিকাশৰ প্ৰতি আত্মসচেতনতা জগাই তোলে ।৩) ব্যক্তিত্বই মানুহৰ পৰিৱেশৰ লগত সমাযোজনৰ প্ৰকৃতি নিৰ্ণয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ৪) সামাজিক পৰিস্থিতিতহে ব্যক্তিত্বৰ স্বৰূপ প্ৰকাশিত হয়। সমাজ অবিহনে ব্যক্তিত্ব এক অৰ্থহীন ধাৰণাহে।৫) মানুহৰ ব্যক্তিত্বৰ জৰিয়তে তেওঁৰ সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱসমূহৰ প্ৰতিফলন ঘটে । ৬) মানুহৰ বহি:আচৰণৰ জৰিয়তেহে ব্যক্তিত্বই প্ৰকাশ লাভ কৰে ।৭) ব্যক্তিত্বই এজন মানুহৰ মাজত অন্তনিৰ্হিত সামগ্ৰীক ৰূপটোৰ প্ৰতিফলন ঘটায়। ৮) ব্যক্তিত্বৰ ধাৰণা বিমূৰ্ত আৰু ইয়াৰ পৰিধি অত্যন্ত ব্যাপক ।৯) ব্যক্তিত্বই পৰিৱেশ অনুযায়ী মানুহৰ প্ৰকৃতি সম্পৰ্কে ভৱিষ্যত বাণী প্ৰদান কৰাত সহায় কৰে । ১০) ব্যক্তিত্ব গঢ় লোৱা ক্ষেত্ৰত মানুহৰ দৈহিক আৰু মানসিক দুয়ো প্ৰকাৰ গুণাগুণসমূহে একেলগে সু-সংঘবদ্ধ একগোট হ’ব চেষ্টা কৰে । 
ব্যক্তিত্ব পৰিমাপন পদ্ধতি: ব্যক্তিত্ব পৰিমাপন বুলিলে সামগ্ৰিকভাৱেএজন ব্যক্তিৰ বিষয়ে জনাটোৱে বুজায় । ই ব্যক্তিৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু সামাজিক দিশত প্ৰদৰ্শন কৰা আচৰণসমূহ লগতে ব্যক্তিৰ সজ্ঞান আৰু অজ্ঞান মানৰো পৰিমাপ কৰে । পদ্ধতিসমূহ : ১) ব্যক্তিনিষ্ঠ পদ্ধতি ২)বস্তুনিষ্ঠ পদ্ধতি  ৩) প্ৰক্ষেপণ পদ্ধতি ।  ব্যক্তিনিষ্ঠ পদ্ধতি: ব্যক্তিত্ব পৰিমাপন যি পদ্ধতিত ব্যক্তিয়ে নিজৰ সম্পৰ্কে সমালোচনামূলক তথা বস্তুনিষ্ঠভাৱে দৃষ্টি নিক্ষেপ কৰি নিজে নিজৰ বিষয়ে বিভিন্ন তথ্যৰ যোগান ধৰে, পদ্ধতিকে ব্যক্তিনিষ্ঠ পদ্ধতি বোলে । এই পদ্ধতিৰ অন্তৰ্গত পদ্ধতিসমূহ হ’ল –১)  আত্মজীৱনী পদ্ধতি: ব্যক্তিয়ে নিজে নিজৰ জীৱন সম্বন্ধে লিখা বিভিন্ন অভিজ্ঞতাৰ সমষ্টিকে আত্মজীৱনী বুলি কোৱা হয় ।এই আত্মজীৱনী বা বিস্তাৰিত দলিলৰ সহায়েৰে ব্যক্তি এজনৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি ।ইয়াত অভীক্ষাৰ্থীয়ে নিজে নিজৰ জীৱনৰ লক্ষ্য, উদ্দেশ্য, ভাল লগা, বেয়া লগা, মনোভাৱ, গুৰুত্বপূৰ্ণ ঘটনা,অভিজ্ঞতা,  দুঃসাহসিক কাৰ্য, অতীত আৰু বৰ্তমানৰ অভিজ্ঞতা আদিৰ সম্বন্ধে নিৰ্ভৰযোগ্য বৰ্ণনা প্ৰদান কৰে আৰু অভীক্ষাৰ্থীৰ এই বৰ্ণনা ওপৰত ভিত্তি কৰিয়ে ব্যক্তিত্বৰ মূল্যায়ন কৰা হয়। ২) ঘটনা বিৱৰণী পদ্ধতি: এই পদ্ধতিত ব্যক্তিৰ ব্যক্তিত্ব বিকাশত প্ৰভাৱ পেলোৱা পাৰিপাৰ্শ্বিক অৱস্থা আৰু বংশগতিক কাৰকসমূহ অধ্যয়ন কৰাৰ লগতে পৰিবেশ আৰু বংশগতিক যুটীয়া প্ৰভাৱ সম্পৰ্কেও অধ্যয়ন কৰে ।এই পদ্ধতিত ব্যক্তিৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আৱেগিক জীৱনৰ এক ঐতিহাসিক অধ্যয়নৰ জৰিয়তে ব্যক্তিৰ পৰিয়ালৰ ইতিহাস, ৰীতি-নীতি,পৰম্পৰা, পৰিয়ালৰ আকাৰ, জৈৱিক বংশগতি, সামাজিক আৰু নৈতিক জীৱন আদি বিভিন্ন দিশৰ ওপৰত বিবেচনা কৰি ব্যক্তিৰ ব্যক্তিত্বৰ মূল্যায়ন কৰিবলৈ যত্ন কৰা হয় ।এই পদ্ধতি সাধাৰণতে মানসিক ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োগ কৰা হয় । ৩) সাক্ষাৎকাৰ পদ্ধতি  : সাক্ষাৎকাৰ পদ্ধতি হৈছে সাক্ষাৎকাৰীয়ে সাক্ষাৎপ্ৰাৰ্থীজনৰ বিষয়ে প্ৰয়োজনীয় তথ্য উলিওৱাৰ বাবে কৰা কথোপকথন ।এই কথোপকথনৰ দ্বাৰা বাহিৰ কৰি অনা তথ্য বা সূচনাৰে সামূহিকভাৱে অভীক্ষাৰ্থীজনক মূল্যায়ন কৰা হয় ।এনে ক্ষন্তেকীয়া সাক্ষাৎকাৰৰ মাজতে সাক্ষাৎপ্ৰাৰ্থীজনৰ কিছুমান দিশ পৰ্যবেক্ষণ কৰাৰ সুযোগ লাভ কৰা হয় ।এই পদ্ধতিত অভীক্ষাৰ্থীজনক এক বিস্তৃত পৰিসৰৰ বিষয়বস্তুৰ ওপৰত কথোপকথনত ভাগ লোৱাই তেওঁৰ ব্যক্তিগত অভিজ্ঞতা ,তেওঁৰ নিজস্ব অনুভূতি আৰু প্ৰৱণতা আদিৰ বিষয়ে জানিব পাৰি । ৪) প্ৰশ্নাৱলী বা প্ৰশ্নসূচী : প্ৰশ্নাৱলী বা প্ৰশ্নসূচী হৈছে বৰ্তমান সময়ত ব্যক্তিত্ব পৰিমাপনৰ ক্ষেত্ৰত ব্যৱহৃত এক অপৰিহাৰ্য ব্যক্তিনিষ্ঠ আহিলা।এই পদ্ধতিত ব্যক্তিয়ে নিজেই নিজৰ বিষয়ে কেতবোৰ প্ৰয়োজনীয় তথ্য প্ৰশ্নোত্তৰ আকাৰে প্ৰদান কৰে ।ইয়াত এখন সৰু পুস্তিকাৰ আকাৰে কেতবোৰ প্ৰয়োজনীয় সংলক্ষণৰ ওপৰত প্ৰশ্ন যুগুত কৰা হয় ।অভীক্ষাৰ্থীয়ে নিষ্ঠাসহকাৰে আৰু নিৰ্ভয়ে নিজৰ প্ৰসংগত প্ৰযোজ্য বিষয়ক ‘হয়’ বা ‘নহয়’ বুলি উত্তৰ দিব লাগে ।এই ক্ষেত্ৰত ব্যক্তিৰ গোপনীয়তা ৰক্ষা কৰাৰো আশ্বাস দিয়া হয়। এই পদ্ধতিৰ যোগেদি ব্যক্তিৰ বাহ্যিক ক্ৰিয়া-আচৰণৰ উপৰি মনৰ অপ্ৰকট আচৰণৰ সন্ধান পাব পাৰি।৫) ব্যক্তিত্ব সূচী : সাধাৰণতে কিছুমান লক্ষ্য-উদ্দেশ্য আগত ৰাখি এজন ব্যক্তিয়ে প্ৰকাশ কৰিব পৰাকৈ তেওঁৰ জীৱনৰ বিভিন্ন দিশ সামৰি প্ৰস্তুত কৰা প্ৰশ্নসূচীয়েই হৈছে ব্যক্তিত্বসূচী।ইয়াত ব্যক্তিৰ কেতবোৰ সংলক্ষণ বা গুণৰ ওপৰত ভিত্তি কৰি সু-পৰিকল্পিতভাৱে প্ৰশ্নসমূহ প্ৰস্তুত কৰা হয় । অভীক্ষাৰ্থীয়ে এই প্ৰশ্নবোৰ পঢ়ি চাই ‘হয়’ বা ‘নহয়’ ব্যৱহাৰ কৰি উত্তৰ প্ৰদান কৰিব লাগে ।এই পদ্ধতিৰ যোগেদি ব্যক্তিয়ে নিজৰ প্ৰতি মনোভাৱ,  মানসিক জটিলতা,  সমাজৰ লগত মিলিব পৰা বা নোৱাৰা আদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় তথ্য ইয়াত পাব পাৰি।ব্যক্তিৰ বিষয়ে এনেদৰে জানিব পৰা হোৱা বাবে এই পদ্ধতিক ব্যক্তিত্বৰ সম্ভেদকাৰী বুলি জনা যায় ।
২) বস্তুনিষ্ঠ পদ্ধতি: ব্যক্তিৰ বাহ্যিক আচৰণৰ অধ্যয়ন আৰু পৰ্যবেক্ষণৰ যোগেদি ব্যক্তিত্বৰ মূল্যায়ন কৰা পদ্ধতিক বস্তুনিষ্ঠ পদ্ধতি বোলে ।বস্তুনিষ্ঠ পদ্ধতি ব্যক্তিৰ বাহ্যিক আচৰণৰ ওপৰত নিৰ্ভৰ কৰে ।এই পদ্ধতিৰ অন্তৰ্গত কেইটামান গুৰুত্বপূৰ্ণ পদ্ধতি বিষয়ে তলত আলোচনা কৰা হ’ল –ক)নিৰীক্ষণ বা পৰ্যবেক্ষণ: এই পদ্ধতিৰ জৰিয়তে অভিজ্ঞ, দক্ষ আৰু বিশেষ ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত পৰ্যবেক্ষকে প্ৰাৰ্থীৰ ব্যক্তিত্ব পৰিমাপন কৰিবলগীয়া আটাইবিলাক সংলক্ষণ নিৰীক্ষণ আৰু মূল্যায়ন কৰে ।প্ৰত্যক্ষ পৰ্যবেক্ষণ পদ্ধতিৰে ব্যক্তিৰ নিৰূপণ কৰোঁতে পৰ্যবেক্ষকজনে প্ৰাৰ্থীজনৰ আচৰণ নিজে প্ৰত্যক্ষ কৰিব পাৰে ।২) খ)চিহ্নাংকন সূচী : এই পদ্ধতিত ব্যক্তিৰ সংলক্ষণসমূহ লগত ৰজিতা খুৱাই কিছুমান উক্তিৰ এখন তালিকা প্ৰস্তুত কৰি অভীক্ষাৰ্থীক তাৰ বিপৰীতে মূল্যাংকন কৰিবলৈ দিয়া হয় ।উক্তিটো সাপেক্ষে +১,বিপক্ষে মতামত দিবলৈ-১আৰু কোনো মতামত নাথাকিলে ০অংকৰ জৰিয়তে অভীক্ষাৰ্থীয়ে সম্পূৰ্ণ তালিকাখন মূল্যাংকন কৰাৰ পাছত সম্পূৰ্ণ মূল্যাংকন ৰাশিৰ পৰা অভীক্ষাৰ্থীজনৰ ব্যক্তিত্বৰ বিভিন্ন দিশসমূহ বুজিবলৈ প্ৰয়াস কৰা হয় ।গ) মান নিৰূপক কাঠি : ব্যক্তিৰ ব্যক্তিত্বত প্ৰভাৱ পেলোৱা উপাদান আৰু সংলক্ষণসমূহৰ বিষয়ে ব্যক্তিজনৰ লগত সম্বন্ধ থকা আন ব্যক্তিৰ পৰা মতামত সংগ্ৰহ কৰি ব্যক্তিজনৰ বিভিন্ন সংলক্ষণসমূহৰ মান নিৰূপনৰ জৰিয়তে সামগ্ৰিকভাৱে ব্যক্তিত্ব সম্বন্ধে জানিবলৈ কৰা ব্যৱস্থাকে মান নিৰূপক কাঠী বোলা হয় ।এই নিৰূপক কাঠীৰ সহায়ত ব্যক্তিৰ বুদ্ধি, উদাৰতা, নেতৃত্ব, সহযোগীতা,সামাজিক,সময়ানুৱৰ্ত্তিতা,পৰিশ্ৰম,  সাধুকথা,আৱেগিক নিয়ন্ত্ৰণ,পঠন অভ্যাস, ব্যক্তিগত আকৰ্ষণীয়তা আদি সংলক্ষণৰ পৰিমাপ কৰা হয় ।এই নিৰূপক কাঠী কেইবাবিধো হ’ব পাৰে। যেনে -  ১) সংখ্যাতম নিৰূপক কাঠী ২)বৰ্ণনামূলক নিৰূপক কাঠী আৰু ৩) লৈখিক নিৰূপন কাঠী। ঘ) সমাজমিতি পদ্ধতি: সমাজমিতি পদ্ধতিত এটা দলৰ বিভিন্ন ব্যক্তিৰ স্থান ,মান ,জনপ্ৰিয়তা,  গ্ৰহণযোগ্যতা আদি সম্বন্ধে বস্তুনিষ্ঠভাৱে ৰেখাচিত্ৰৰ দ্বাৰা দলৰ ভিতৰত ব্যক্তিৰ সামাজিক গুৰুত্ব কিমান তাক নিৰ্ণয় কৰা হয় ।  তদুপৰি এটা সুসংগঠিত সামাজিক দলৰ বিভিন্ন ব্যক্তিৰ মাজত সামাজিক পাৰস্পৰিকতাৰ এক সুন্দৰ সম্বন্ধ নিহিত হৈ থাকে ।ইয়াৰ জৰিয়তে একোটা শ্ৰেণীত কোনগৰাকী ছাত্ৰ-ছাত্ৰী সকলোতকৈ প্ৰিয়, কোনগৰাকী সকলোতকৈ অপ্ৰিয়, কোনজন সকলোৰে গ্ৰহণযোগ্য, কোনজন পৰিত্যক্ত আৰু অকলশৰীয়া, কোনজন সহায়কাৰী, কোনজনে নেতৃত্ব দিব পাৰে আদি কথাবোৰ জানিবৰ বাবে প্ৰয়োজনীয় প্ৰশ্নাৱলী প্ৰয়োগ কৰি মতামত সংগ্ৰহ কৰা হয়।




৩) প্ৰক্ষেপণ পদ্ধতি : ব্যক্তিৰ অৱচেতন মনৰ পৰা প্ৰতিক্ৰিয়া সমূহক বহিঃপ্ৰকাশ কৰিবলৈ বিভিন্ন কৌশল ব্যৱহাৰ কৰা পদ্ধতিকে প্ৰক্ষেপণ পদ্ধতি বোলে ।প্ৰক্ষেপণ পদ্ধতিৰ ইংৰাজী প্ৰতিশব্দ হ’ল “Projection Method “ যাৰ অৰ্থ হৈছে ব্যক্তিৰ মনত অৱদমিত হৈ থকা ইচ্ছা, আশা-আকাংক্ষা, আৱেগ-অনুভূতি, মনোভাৱ, প্ৰবৃত্তি আদিক বহিঃপ্ৰকাশ কৰাৰ এক অৱচেতন প্ৰক্ৰিয়া।সেয়ে এই পদ্ধতিত ব্যক্তিৰ অৱচেতন মনত অপূৰণ্ট আৰু অৱদমিত হৈ ৰোৱা ইচ্ছা,  আশা-আকাংখ্যা আদিক বহিঃপ্ৰকাশ কৰিবলৈ প্ৰক্ষেপণমূলক পৰিস্থিতিৰ সৃষ্টি কৰি তোলা হয়।এই অভীক্ষাৰ বাবে লোৱা উপাদানবোৰ সেয়ে বৈচিত্ৰপূৰ্ণ ব্যক্তিয়ে ছবি চাই গল্প লিখা, চিয়াঁহীৰ দাগ চাই প্ৰতিৰূপ গঠন কৰা, উদ্দীপক শব্দ শুনি প্ৰতিৰূপ গঠন কৰা, চিত্ৰ সজোৱা, ছবি অঁকা, বাক্য সম্পূৰ্ণ কৰা, চিত্ৰ নিৰ্বাচন কৰা আদি উপাদানবোৰৰ যোগেদি ব্যক্তিৰ মনত অপ্ৰকট হৈ ৰোৱা চিন্তা, মনোভাৱ, কামনা, ইচ্ছা, আগ্ৰহ, আৱেগ-অনুভূতি, আঘাত,  সংঘৰ্ষ আদিক বক্তৃতা,  ক্ৰিয়া, গল্প আৰু অন্যান্য লেখনিৰ যোগেদি প্ৰকাশ কৰে।এইবোৰ বিশ্লেষণ কৰি ব্যক্তিৰ ব্যক্তিত্ব সম্পৰ্কে জানিব পাৰি।লৰেন্স কে ফ্ৰেংক নামৰ মনোবিদজনে ১৯৩৯ চনত ব্যক্তিত্ব পৰিমাপনৰ প্ৰক্ষিপ্ত অভীক্ষাৰ প্ৰয়োগ কৰে।এই অভীক্ষাক মনোবিজ্ঞানী চিগমাণ্ড ফ্ৰয়ডে অধিক জনপ্ৰিয় কৰি তোলে ।এই অভীক্ষাই ব্যক্তিৰ ব্যক্তিত্বক সামগ্ৰিক ৰূপত পৰিমাপ কৰে ।এই অভীক্ষা অৱচেতন মনে পেলোৱা প্ৰভাৱক পৰোক্ষভাৱে নিৰীক্ষণ আৰু অধ্যয়ন কৰে প্ৰক্ষেপণ পদ্ধতিৰে ব্যক্তিত্ব পৰিমাপন কৰিবলৈ ব্যৱহাৰ কৰা ৩ টা অভীক্ষা সম্পৰ্কে তলত উল্লেখ কৰা হৈছে--- ১) ৰ’ৰছাৰ চিয়াঁহী দাগ অভীক্ষা: ১৯২১ চনত চুইচ মনোবিজ্ঞানী হাৰমেন ৰ’ৰছাকে এই অভীক্ষাটি উদ্ভাৱন কৰিছিল ।ৰ’ৰছাকেই হ’ল ব্যক্তিত্ব অধ্যয়নৰ বাবে চিয়াঁহী দাগ ব্যৱহাৰ কৰা প্ৰথম মনোবিজ্ঞানী । এই অভীক্ষাত দহখন বিভিন্ন আকৃতিৰ চিয়াঁহীৰ দাগ থকা কাৰ্ড দেখোৱা হয়।এই দহখন কাৰ্ডৰে পাঁচখন ক’লা বগা, দুখনত ক’লা বগা সদাগৰ লগতে অলপ অন্য ৰং থকা আৰু তিনিখন একেবাৰে ৰঙীণ বা বিভিন্ন ৰঙৰ হ’ব পাৰে ।এই কাৰ্ডবিলাক অভীক্ষাৰ্থীজনক নিৰ্দিষ্ট ক্ৰম অনুসৰি এখন এখনকৈ দেখুৱাই সোধা হয় যে কাৰ্ডখনৰ আকৃতিটোৱে তেওঁক কি বস্তুৰ কথা মনত পেলাইছে বা সোঁৱৰায় ।ৰ’ৰছাকৰ অভীক্ষাত সময়ৰ কোনো সীমা নাই।প্ৰতিখন কাৰ্ড অভীক্ষাৰ্থীজনে নিজৰ প্ৰয়োজন অনুসৰি চাব পাৰে।তেওঁ একেখন কাৰ্ডতে কেইবাটাও উত্তৰ দিব পাৰে ।উত্তৰ দিয়া সময়ছোৱাত অভীক্ষাৰ্থীৰ ব্যৱহাৰ,  প্ৰতিক্ৰিয়াকাল, উত্তৰ দিয়াৰ সময়ত কাৰ্ডখন কেনেদৰে হাতত তুলি চাইছিল আদি সকলো কথাৰে বিৱৰণ অভীক্ষাৰ্থীজনে টুকি ৰাখে ।দহখন কাৰ্ড দেখোৱা হৈ যোৱাৰ পাছত অভীক্ষকগৰাকীয়ে অভীক্ষাৰ্থীৰ এটা সাক্ষাৎকাৰ লয়।এই সাক্ষাৎকাৰত প্ৰতিখন কাৰ্ডৰ উত্তৰবোৰ অভীক্ষাৰ্থীগৰাকীয়ে দিয়া দৰে কিয় দিয়া হ’ল তাৰ কাৰণ বৰ্ণনা কৰিবলৈ সুযোগ দিয়া হয়।প্ৰতিখন কাৰ্ডৰ বিষয়ে কওঁতে অভীক্ষাৰ্থীজনক গোটেইখন কাৰ্ড নে কাৰ্ডখনৰ কোনোবা এটা অংশ নে কোনোবা এটা বিশেষ আকৃতিয়ে প্ৰভাৱ বিস্তাৰ কৰিছিল তাক জানিব পৰা যায় ।এইবিলাক খুঁটি-নাটি কথাৰ পৰাই ব্যক্তিত্ব সম্বন্ধে নানান কথা জানিব পৰা যায় । মূলতঃ চাৰিটা কথাৰ ওপৰত ভিত্তি কৰি অভীক্ষাৰ্থীসকলৰ উত্তৰৰ ফলাফলৰ নিৰ্ধাৰণ কৰা হয়।এই কথা চাৰিটা হ’ল –১) স্থান: চিয়াঁহী দাগৰ কোনটো অংশৰ ওপৰত ভিত্তি কৰি অভীক্ষাৰ্থীয়ে উত্তৰ দিয়ে সেই অনুযায়ী তেওঁৰ ব্যক্তিত্ব সম্বন্ধে এটা ধাৰণা কৰিব পাৰি । ২)নিৰ্ণায়ক: অভীক্ষাৰ্থীজনে চিয়াঁহী দাগৰ ৰং নে ৰঙৰ গঢ়তা নে আকৃতিৰ ওপৰত ভিত্তি কৰি উত্তৰটো দিলে সেইমতেও তেওঁৰ ব্যক্তিত্ব সম্বন্ধে এটা সিদ্ধান্তত উপনীত হ’ব পাৰি। ৩) বিষয়বস্তু: অভীক্ষাৰ্থীজনে চিয়াঁহী আকৃতিটো গছ-গছনিৰ নিচিনা নে , পশু-পক্ষীৰ নিচিনা নে অন্য কিবা বেলেগ বস্তুৰ লগত মিল দেখিলে তাৰ ওপৰত ভিত্তি কৰিও ব্যক্তিত্ব নিৰ্ধাৰণ কৰা হয়। ৪) মৌলিক নে জনপ্ৰিয়: অভীক্ষাৰ্থীজনে দিয়া উত্তৰটো সৰ্বসাধাৰণে দিয়া উত্তৰৰ নে ইয়াত মৌলিক চিন্তাৰ পৰিচয় আছে তাৰ ওপৰত ভিত্তি কৰিও ব্যক্তিত্ব নিৰ্ধাৰণ কৰিব পৰা যায় ।ৰ’ৰছাকৰ অভীক্ষা কণ কণ শিশুৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ মানুহৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পৰা যায়।২) কাহিনী সংবোধন অভীক্ষা  : এই অভীক্ষাটো ১৯৩৫ চনত “ হাৰ্বাড মনোবৈজ্ঞানিক নিদান”ত আমেৰিকান মনোৰোগ বিশেষজ্ঞ মৰগেন আৰু Henry Alexander Murry এ উদ্ভাৱন কৰিছিল ।কাহিনী সংবোধন অভীক্ষাত সু-পৰিকল্পিতভাৱে অংকিত চিত্ৰ থকা 30খন কাৰ্ড আৰু এখন খালী কাৰ্ড ব্যৱহাৰ কৰা হয় ।পুৰুষ-মহিলা অথবা বয়সৰ ওপৰত নিৰ্ভৰ কৰি এই ৩০খনৰ পৰাই ভিন ভিন ধৰণে বাচি লৈ কাৰ্ড ব্যৱহাৰ কৰা হয় ।অভীক্ষাৰ্থীক সু-পৰিকল্পিতভাৱে অংকিত চিত্ৰ এখন এখনকৈ দেখুওৱা হয় ।অংকিত চিত্ৰসমূহক এনেদৰে অংকিত কৰা হয় যাতে সি ব্যক্তিৰ মনৰ অৱদমিত আৱেগ-অনুভূতি,কামনা-বাসনা,ব্যৰ্থতা,শংকা,ঘৃণাআৰু সংঘাতমূলক উপাদানবোৰক বহিঃপ্ৰকাশ কৰিব পাৰে।প্ৰতিখন কাৰ্ডত থকা ছবি চাই অভীক্ষাৰ্থীসকলে তিনিটা বিশেষ কথাৰ ওপৰত ভিত্তি কৰি এটা কাহিনী মৌখিক বা লিখিতভাৱে বৰ্ণনা দিবলৈ উৎসাহিত কৰা হয়।সেইকেইটা হ’ল ---১) ছবিখনৰ আঁৰত কি লুকাই আছে ।অৰ্থাৎ কেনেধৰণৰ কথাই এনে এটা দৃশ্যৰ সৃষ্টি কৰিলে।২) ছবিখনত বৰ্তমান কি ঘটিছে, ইয়াত থকা চৰিত্ৰবিলাকেনো কি চিন্তা কৰিছে, তেওঁলোকৰ মনতনো কেনেধৰণৰ অনুভূতি হৈছে।৩) ছবিখনৰ শেষ পৰিণতি বা ফলাফল কি হ’ব পাৰে ইত্যাদি ।  আনহাতে,  অভীক্ষাৰ্থীক উকা কাৰ্ডখন দি তাত এটা ছবি কল্পনা কৰিবলৈ কোৱা হয় আৰু সেই কল্পনাৰ আধাৰত এটা কাহিনী ৰচনা কৰিবলৈ কোৱা হয় ।এই অভীক্ষাত উত্তৰৰ বাবে কোনো ধৰণৰ ধৰাবন্ধা সময় সীমা নাই।ইয়াত অভীক্ষা প্ৰয়োগ কৰাৰ পাছত এটা সাক্ষাৎকাৰ লোৱা হয় ।এই সাক্ষাৎকাৰত অভীক্ষাৰ্থীয়ে লিখা বা কোৱা কাহিনীৰ উৎস, তাত ব্যৱহাৰ কৰা ঠাই, মানুহৰ নাম, তাৰিখ সাধাৰণ আৰু অসাধাৰণ তথ্য আদি সম্পৰ্কে জানিবলৈ বিচৰা হয় ।এই অভীক্ষাত অভীক্ষাৰ্থীয়ে ছবিৰ আলম লৈ কাহিনী লিখোতে তাত অজ্ঞাতসাৰেই অভীক্ষাৰ্থীৰ অচেতন মনত লুকাই থকা চিন্তা, আৱেগ, অভিলাষ, সংঘাত আদি প্ৰকাশ পায় ।এনেয়ে ক’বলৈ ইচ্ছা নকৰা বা নিজেই ক’ফ নোৱাৰাকৈ থকা অচেতন মনৰ ভালেমান কথা অভীক্ষাৰ্থীৰপৰা কাহিনীত অংকিত কৰা চৰিত্ৰৰ মাজেদি প্ৰকাশ কৰে আৰু এই কাহিনীৰ পৰা অভীক্ষাৰ্থীজনৰ ব্যক্তিত্বৰ সম্বন্ধে নানান কথা জানিব পৰা যায় । ৩) শব্দ অনুষংগ: ১৮৭৯ চনত ফ্ৰান্সিছ গেল্টনে উদ্ভাৱন কৰা শব্দ আনুষংগ অভীক্ষাক মনোবিশ্লষণকাৰী কাৰ্ল য়ুঙে অধিক জনপ্ৰিয় কৰি তোলে ।এই অভীক্ষাত কিছুমান শব্দৰ এখন তালিকা প্ৰস্তুত কৰি পৰীক্ষকে তালিকাৰ শব্দবোৰ এটা এটাকৈ অভীক্ষাৰ্থীৰ আগত কৈ যায় ।প্ৰতিটো শব্দ শুনাৰ লগে লগে অভীক্ষাৰ্থীৰ যিটো শব্দ প্ৰতিক্ৰিয়া ৰূপে উদয় হয় ,তেওঁ সেই শব্দটো ক’ব লাগে,যিবোৰক প্ৰতিক্ৰিয়া বা সঁহাৰি শব্দ বোলা ।অভীক্ষাৰ্থীজনৰ প্ৰতিক্ৰিয়াত্মক শব্দ, বাহ্যিক অভিব্যক্তি,প্ৰতিক্ৰিয়া কাল আদি নিৰীক্ষণৰ জৰিয়তে অভীক্ষাৰ্থীজনৰ ব্যক্তিত্বৰ সম্পৰ্কে জানিবলৈ প্ৰচেষ্টা চলোৱা হয়।এনে অভীক্ষা মুক্ত অনুষংগ আৰু নিয়ন্ত্ৰিত অনুষংগ দুই ধৰণেৰে সম্পাদন কৰা হয় ।এনে অভীক্ষাৰ যোগেদি অভীক্ষাৰ্থীজনৰ ব্যক্তিত্বৰ ভালেমান গুণ বা বৈশিষ্ট্যৰ কথা জানিব পাৰি ।  গতিকে ক’ব পাৰি যে, বিভিন্ন প্ৰক্ষেপণ বা প্ৰক্ষিপ্ত পদ্ধতিৰ সহায়ত ব্যক্তিৰ সংলক্ষণসমূহ উদ্ঘাটন কৰি ব্যক্তিত্ব সম্বন্ধে এটা স্পষ্ট ধাৰণা কৰিব পাৰি ।



No comments:

Post a Comment

Post Top Ad

Your Ad Spot